Home Blog Page 3470

তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

Lockdown 3.0 : Golaghat district is under 'Green Zone' but lock down have not been relaxed in Golaghat

গোলাঘাট  
দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ সকলো দোকান খোলাৰ অনুমতি দিয়া নাই প্ৰশাসনে। কেৱল প্ৰশাসনৰ অনুমোদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে খুলিব পাৰিব বিক্ৰেতাই। বিশ্বত্ৰাস ক’ৰ’ণা ভাইৰাছ প্ৰাদুৰ্ভাৱৰ কাৰক সুনিশ্চিত কৰাৰ পিছতহে সকলো দোকান-পোহাৰ খোলাৰ অনুমতি দিব। সেইসম্পৰ্কত গোলাঘাটৰ চেম্বাৰ্চ অৱ কৰ্মাচৰ বিষয়াববীয়াৰ সৈতে আলোচনা কৰি সকলো কৰ্ম-কৌশল যুগুত কৰাৰ পিছতহে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা দোকানবোৰলৈ নিৰ্দেশ জাৰি কৰিব।

নাগালেণ্ডৰ পৰা পদব্ৰজে ফৰকাটিং, বৰপথাৰলৈ উভতিল ৪৫ জন শ্ৰমিক

নাজিৰা 
অসমৰ সীমান্তৰ নাগালেণ্ডৰ কয়লাখনিত দুমাহ ধৰি মহা সংকটত দিন-ৰাতি অনাহাৰ-অনিদ্ৰাৰে অতিবাহিত কৰা ৪৫ জন শ্ৰমিক যোৱা নিশা পদব্ৰজে নাগালেণ্ডৰ চেতাপবস্তি আৰু কংনঙৰ পৰা নাজিৰা সীমান্তৰ মাজেৰে গোলাঘাট জিলাৰ সৰুপথাৰ- বৰপথাৰ আৰু ফৰকাটিঙলৈ পথাৰ, হাবিতলীয়া আৰু পাহাৰীয়া লুঙলুঙীয়া পথেৰে যাত্ৰা আৰম্ভ কৰিছে। নাগালেণ্ডৰ কয়লাখনিত ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে নিয়োজিত হৈ থকা এইসকল শ্ৰমিকে লকডাউনৰ পৰিস্থিতিৰ বাবে দুমাহ নাগালেণ্ডৰ কয়লাখনিৰ অস্থায়ী শিবিৰত আবদ্ধ হৈ আছিল৷ শ্ৰমিকসকলক ঠিকাদাৰসকলেও খাদ্য সামগ্ৰী যোগান ধৰাৰ পৰিৱৰ্তে খা-খবৰো লোৱা নাই৷ শ্ৰমিকসকলে লকডাউন খোলাৰ পাছত ঘৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল৷ কিন্তু পুনৰ লকডাউন ১৭ মে’ লৈ বৃদ্ধি পোৱাত শ্ৰমিকসকলৰ মূৰত স্বৰগ ভাগি পৰাত কিংকৰ্তব্যবিমূঢ় হৈ অৱশেষত পদব্ৰজেই নাগালেণ্ডৰ পৰা যোৱা ৰাতি গোলাঘাট, সৰুপথাৰ, বৰপথাৰ, ফৰকাটিঙৰ গৃহলৈ বুলি যাত্ৰা কৰিছে৷ গোলাঘাটৰ বাবু সিং, নৰেন্দ্ৰ কুমাৰ, লখৌ কুমাৰ সেন, জোন মূড়া, ৰমেন পাইক, সৰুপথাৰৰ লিখন ভূঞা, পানিকা তাতী, সূৰয তাতী, লগন ভূঞা, ৰামেশ্বৰ মূড়া, প্ৰৱীণ গগৈ, কমল গগৈ, সুৰেশ ওৰাং, হনুমান ভূঞা, জয়নাথ চিক, গুঞ্জন চিক, চণ্ডিকা মল্ল, বাপুটী সেন। ফৰকাটিঙৰ গোপাল মিশ্ৰ, বাহাদুৰ থাপা, মদন শৰ্মা, খগেন মিশ্ৰ, ভীম দাস, পোনা কৈৱৰ্ত, দুলেশ্বৰ হাজৰিকা, ৰুদ্ৰ দাসকে ধৰি ৪৫ জন শ্ৰমিকে যোৱা ৰাতি নাগালেণ্ডৰ পুৰণা নামচাং চেতাপ বস্তিৰ পৰা নাজিৰাৰ সীমান্তৰে লাদৈগড় হৈ হাবিতলীয়া বক্ৰ পথেৰে গৃহ অভিমুখে যাত্ৰা কৰিছে।

সাপেখাতীত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা পৰিয়ালৰ গৃহত যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ

Three members of a family died after consuming poisonous mushroom in Charaideo.

 সাপেখাতী
চৰাইদেউ জিলাৰ সোনাৰি বিধান সভা সমষ্টিৰ অৰ্ন্তগত সাপেখাতীৰ ভোগবাৰী গাঁৱত কাঠফুলা ভক্ষণ কৰি মৃত্যু হোৱা দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত দেওবাৰে উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ৷ সাংসদ গগৈয়ে চৰাইদেউ জিলাৰ ভোগবাৰী গাঁৱৰ দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত উপস্থিত হৈ ধৰ্মীয় কাম-কাজৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা লগতে পিতৃ-মাতৃ আৰু এগৰাকী কন্যাক ইহ সংসাৰৰ এৰি থৈ যোৱাত বৰ্তমান জীৱিত থকা তিনিটি শিশুৰ শিক্ষা, বিভিন্ন আৰ্থিক সমস্যাৰ দায়িত্ব গ্ৰহণ কৰে৷ এই বিপদৰ সময়ত সাংসদ গগৈয়ে দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে আগবঢ়োৱা এই মহানুভৱতা প্ৰশংসনীয় বুলি ৰাইজে মত প্ৰকাশ কৰিছে৷ আনহাতে উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ গৃহত সাংসদ গগৈৰ সৈতে সাপেখাতী মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পবি গগৈ, উপ-সভাপতি শংকৰ বড়া উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰে৷

টিংখাঙত এ টি এম সেৱা সঘনাই অচল : সোমবাৰৰ পৰা জমা প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ পেকেজৰ দ্বিতীয় কিস্তিৰ ধন

টিংখাং 
ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় অঞ্চলৰ জনসাধাৰণে সঘনে এটিএম সেৱাৰ পৰা বঞ্চিত হ’ব লগা হোৱাত গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈ আহিছে। জিলাখনৰ ভিতৰুৱা ঠাই হিচাপে পৰিচিত টিংখাঙৰ ৰাজগড়ত থকা ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া, চেণ্ট্ৰেল বেংক , ইউ ক’ বেংকৰ এটিএম কেইটা সঘনে অচল থাকে। বেংকসমূহৰ এটিএম কেইটা অচল হৈ থকাত বৃহৎ অঞ্চলটোৰ জনসাধাৰণে এটিএম সেৱাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে বিগত কিছুদিনধৰি ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লগতে আন বেংকবোৰৰ কাৰিকৰী বিসংগতিয়ে দেখা দিয়া বুলি জানিব পৰা গৈছে। যাৰ বাবে বেংকত লেনদেনত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। বেংকৰ কাৰিকৰী বিজুতিৰ বাবে অতি লেহেমীয়া হৈ পৰিছে বেংক সেৱা। দিনটোৰ অধিক সময়ে বেংকৰ কাম কাজ পৰিচালনাত তথা লেনদেনত অচলাৱস্থাৰ সৃষ্টি হৈ আহিছে।  ইয়াৰ ফলতো বেংকৰ গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ বেংকৰ কাৰিকাৰী বিজুতি প্ৰভাৱ গ্ৰামাঞ্চল আৰু নগৰে চহৰে থকা গ্ৰাহক সেৱা কেন্দ্ৰসমূহতো পৰাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে। উল্লেখ্য যে লকডাউনৰ পৰিপ্ৰক্ষিতত কেতবোৰ অঞ্চলত থকা বেংকৰ শাখা এটিএমৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত সন্মুখত পুৱাৰে পৰা ধন উলিয়াবলৈ আহি শাৰী পতা দেখা গৈছে। বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়ছোৱাত দৰিদ্ৰলোকৰ বাবে প্ৰদান কৰা আৰ্থিক অনুদান আগবঢ়োৱা পাছৰে পৰা বেংকসমূহত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে। আনহাতে প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ দ্বিতীয় কিস্তিৰ ধন সোমবাৰৰ পৰা চৰকাৰে হিতাধিকাৰীৰ একাউণ্টত জমা কৰাৰ কাম আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ পহিলা মাৰ্চৰ পৰা ২৫ মে’লৈকে জনধন আঁচনিৰ অধীনত বেংকত একাউণ্ট খোলা মহিলাসকলকো প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিখনে সামৰি লোৱাৰ কথা ঘোষণা কৰিছে। সেই অনুসৰি দেশৰ দৰিদ্ৰ মহিলাসকলে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন একেলগে লাভ কৰিব। দেশত লকডাউনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে আৰম্ভণিতে প্ৰধানমন্ত্ৰী জনধন আঁচনিখনৰ অধীনত বিগত এক আগষ্ট ২০১৪ বৰ্ষৰ পৰা চলিত  বৰ্ষৰ ফেব্ৰুৱাৰীলৈ খোলা বেংক একাউণ্টৰ  হিতাধিকাৰীক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ আঁচনিৰ ধন প্ৰদান কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত গৰু-ম’হৰ প্ৰতিষেধক

Cow-Buffalo vaccination at kaziranga national park

বোকাখাত
দেশত চলি আছে লকডাউন। লকডাউনৰ মাজতো প্ৰতিকূল বতৰক নেওচি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ দল আৰু পশু চিকিৎসকৰ দলে ব্ৰহ্মপুত্ৰৰ ভক্তে আৰু বামুন চাপৰিত সম্পন্ন কৰিছে গৰু আৰু ম’হৰ প্ৰতিষেধক প্ৰদানৰ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বোকাখাত মহকুমা পশু চিকিৎসা বিভাগৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকতৱৰ্তী গাঁও আৰু চাপৰিত ১ মে’ৰ পৰা আৰম্ভ হৈছে ট্ৰায়’-ভেক প্ৰতিষেধক প্ৰদানৰ অভিযান। এই উদ্দেশ্যে পহিলা মে’ৰ পৰা দেওবাৰলৈকে যোৱা তিনিদিন ভক্তে আৰু বামুন চাপৰিত গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা হয়৷ আনকি ২ মে’ত নিকৰিঘাটৰ পৰা ধনশিৰি নদী পাৰ হৈ নিশাৰ ভাগতো চাপৰিত থকা খুঁটিলৈ গৈ গৰু আৰু ম’হক প্ৰতিষেধক প্ৰদান কৰে দলটোৱে৷ ইতিমধ্যে বিভিন্ন অঞ্চলৰ পাঁচ শতাধিক গৰু ম’হক প্ৰতিষেধক প্ৰদান কৰা এই দলটোৱে দুয়োটা চাপৰিতে প্ৰায় আঢ়ৈশ গৰু-ম’হক প্ৰতিষেধক প্ৰদান কৰে। দেওবাৰে পুৱতি নিশাৰ পৰা ভক্তে চাপৰিৰ সমীপৰ বামুন চাপৰিতো প্ৰতিষেধক প্ৰদান কৰা হয়৷ গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ তত্বাৱধানত যোৱা দলটোত বোকাখাতৰ মহকুমা চিকিৎসা বিভাগৰহৈ ডাঃ জানমনি শ্যাম, ডাঃ দেৱব্ৰত ফুকন আৰু ডাঃ দীপজ্যোতি হাঞ্চেৰ উপৰি ক্ষেত্ৰ সহায়ক আৰু গোপাল মিত্ৰই সেৱা দান কৰে৷ দেওবাৰে পুৱা পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ভক্তে চাপৰিলৈ গৈ প্ৰতিষেধক প্ৰদান কৰা কাৰ্যৰ বুজ লোৱাৰ লগতে ভক্তে বন শিবিৰতে পশু চিকিৎসকৰ সৈতে স্বোৱাইন ফিভাৰ সংক্ৰমন প্ৰতিৰোধ সম্পৰ্কে আলোচনাও কৰে৷ উল্লেখ্য যে পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰৰ গাভৰু চাপৰি, লালুং আৰু বিলতীয়া আদি চাপৰিত প্ৰতিষেধ প্ৰদানৰ কাম অব্যাহত থাকিব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ৷ কাজিৰঙাৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত গৰু ম’হৰ এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত প্ৰকৃতি সংগঠন বিশ্ব প্ৰকৃতি নিধি, আৰণ্যক, কৰবেট ফাইণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই উদ্যান কৰ্তৃপক্ষক সহায় কৰিছে ৷

সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপৰ উদ্যোগত অনলাইন অসম ভিত্তিত কুইজ প্ৰতিযোগিতা সামৰণি

জামুগুৰিহাট

সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপত অসমৰ সাহিত্যৰ প্ৰতি আগ্ৰহী ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল জড়িত৷ লকডাউনৰ সময়ছোৱাত যোৱা ২৩ এপ্ৰিল আৰু ৩ মে’ত অনলাইন যোগে আয়োজিত কুইজ প্ৰতিযোগিতাখন অন্ত পৰে৷ প্ৰশাসকদ্বয় মৃন্ময় শইকীয়া, সুৰজিৎ গোস্বামী, সমুজ্বল শইকীয়া, অভিনাস দাসৰ তত্ত্বাৱধানত অনলাইন যোগে অসমৰ প্ৰত্যেকখন জিলাৰ বহু ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী এই সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপটোৰ লগত জড়িত ৷ প্ৰায় ডেৰ বছৰ ধৰি এই গ্ৰুপটো নিয়মিতভাৱে চলি আছে৷ বিগত সময়ত সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, অসম ভিত্তিত কুইজ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠান কৰি আহিছে৷ অসম ভিত্তিত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাখন দেওবাৰে অন্ত পৰাৰ লগে লগে ফলাফল ঘোষণা কৰা হয়। এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে লক্ষীমপুৰৰ লিপিকা ভূঞাই৷ দ্বিতীয় স্থান তেজপুৰৰ ধয়ীত্ৰী শ্ৰাৱন, তৃতীয় স্থান তেজপুৰৰ কাকু গোস্বামীয়ে অধিকাৰ কৰাৰ লগতে চতুৰ্থ স্থান লাভ কৰিছে গোলাঘাটৰ চম্পক শইকীয়াই।

লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ

নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক – যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা নাই। বিবাহক লৈ ৰচা সপোন যেন সপোন হৈয়ে ৰ’ব। বিবাহক লৈ ৰচা ৰঙীন সপোনক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাই ম্লান কৰিলেও অনাড়ম্বৰ পৰিবেশত আজি নগাঁৱত এক বিবাহ কার্য সম্পন্ন হয় । কৰোনা ভাইৰাছ কোভিড -১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশ জুৰি চলি থকা লকডাউনৰ মাজতেই নগাঁও চহৰৰ পাৰ্শ্ববৰ্তী বিষ্ণু নগৰত আজি অনুষ্ঠিত হয় এখন ব্যতিক্ৰমী বিবাহ অনুষ্ঠান। মিন্টু বৰা আৰু মণি কংকণা শইকীয়া নামৰ এই দুই যুৱক যুৱতীয়ে বিবাহক লৈ বুকুত সাঁচি ৰখা আশাক জলাঞ্জলি দি লকডাউনৰ মাজতে মুখত মাস্ক পিন্ধি হোমৰ গুৰিত বহিল। দৰা আৰু কইনা উভয়ৰে পিতৃ- মাতৃয়ে চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰিয়েই মাত্ৰ ৫-৬ জন পৰিয়ালৰ সদস্যৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পাতিলে নিজ সন্তানৰ বিবাহ। বিবাহৰ মাংগলিক কাৰ্য এনেদৰে সম্পন্ন কৰি দৰা- কইনাৰ যুগ্মজীৱনৰ সফলতা কামনা কৰিলেও হেঁপাহৰ বিবাহখনৰ আনন্দ বুটলিব নোৱৰাৰ ক্ষোভ থাকি গ’ল দৰা আৰু কইনা উভয় পক্ষৰ ।আনহাতে অসম চৰকাৰৰ লগতে নগাঁও জিলা প্ৰশাসনে বিবাহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰাৰ বাবে দুই পৰিয়ালে ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰ আৰু প্ৰশাসনক।

পশ্চিম কাৰ্বি আংলঙত ১৫০ বিছনাযুক্ত ক’ভিড কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতি জিলা প্ৰশাসনৰ

পশ্চিম কাৰ্বি আংলংপাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ সন্দৰ্ভত এক আলোচনা আৰু প্ৰস্তুতি সভাৰ আয়োজন কৰা হয় ৷ জিলাখনত অৰ্দ্ধসমাপ্ত বা সমাপ্ত হৈ ব্যৱহাৰ নোহোৱাকৈ পৰি থকা চৰকাৰী গৃহত এই ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ পোষকতা কৰে জিলা প্ৰশাসনে৷ ৰাজ্যিক স্বাস্থ্য বিভাগৰ নিৰ্দেশনাত ১৫০ খন বিচনাযুক্ত এই ক’ভিড কেয়াৰ চেণ্টাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰলোকক ৰখা হ’ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত জিলা উপায়ুক্ত তথা জিলাখনৰ ক’ভিড-১৯ৰ ভাৰপ্ৰাপ্ত বিষয়া মানস দাসে৷ বিশেষকৈ সাধাৰণ জ্বৰ-কাঁহত ভূগি থকা ৰোগীসকলক এই ব্যৱস্থাৰ ভিতৰত সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে পাৰ্বত্য জিলাখনৰ গড়কাপ্টানী বিভাগৰ গৃহোনিৰ্মাণ শাখাই গৃহ নিৰ্মাণৰ কাম আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি হাতত লৈছে৷

টীয়কত আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদ কৰ্মী মাজত মাক্স, ছেনিটাইজাৰ বিতৰণ কৃষি বিপনণ পৰিষদৰ অধ্যক্ষৰ

টীয়ক

ক’ৰ’ণা ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ অব্যাহত৷ এই জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে আৰক্ষী, স্বাস্থ্যকৰ্মী তথা সংবাদকৰ্মীসকলে৷ এই লোকসকলক কিছু সাৱধানতাৰে নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ প্ৰদান কৰাৰ লগতে সেইসকলক অনাগত দিনত দুগুণ উৎসাহেৰে কামত আত্ম নিয়োগ কৰোৱাৰ উদ্দেশ্যে বৃহত্তৰ টীয়কৰ জৰুৰীকালীন সেৱাত ব্ৰত ব্যক্তিসকলৰ মাজত কৃষি বিপনণ পৰিষদৰ অধ্যক্ষ পালিত কুমাৰ বৰাই মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে। টীয়কৰ মাজমজিয়াত অসম ৰাজ্যিক পৰিবহণৰ নিগমৰ চৌহদত সংবাদকৰ্মীসকলক আৰু টীয়কৰ এফ আৰ ইউত চিকিৎসক-কৰ্মচাৰীৰ সৈতে বাৰ্তালাপ কৰি সামগ্ৰীসমূহ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ হাতত মাস্ক আৰু ছেটিটাইজাৰ বিতৰণ কৰে আৰু সকলোৰে কৃতজ্ঞতা স্বীকাৰ কৰে।

আৰম্ভ হ’ব এমৰেগাৰ কাম

ccsc

গুৱাহাটী

গ্ৰাম্য এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক দৈনিক মজুৰিৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমৰেগাৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এমৰেগাৰ কাম বন্ধ হৈ আছিল৷ প্ৰতিটো ইচ্ছুক পৰিয়ালক এমৰেগাৰ অধীনত জব কাৰ্ড দিয়া হ’ব৷ উপযুক্ত ব্যক্তিক হাজিৰা ভিত্তিত মজুৰি প্ৰদান কৰা হ’ব৷ মন কৰিব লগা যে এমৰেগাত ৩৪,৩০৭টা পৰিয়ালৰ ৪৪,২৫১ জন লোকে এতিয়া কাম কৰি আছে৷ সম্প্ৰতি দৈনিক মজুৰি ২১৩ টকালৈ বৃদ্ধি কৰা হৈছে৷ ইপিনে, লকডাউনৰ সময়ত আঁচনিৰ কাম সম্পন্ন কৰাৰ সময়ত চৰকাৰৰ নিয়ম অনুসৰি সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান কৰা, চাবোনেৰে ঘনাই হাত ধোৱা কৰিব লাগিব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেয়ে এই সন্দৰ্ভত আহ্বান জনাই কয়, অসমৰ বাহিৰৰ পৰা যিসকল লোক আহিছে আৰু কোনো কাম নোহোৱাকৈ আছে তেওঁলোকে জব কাৰ্ডৰ বাবে সংশ্লিষ্ট গাঁও পঞ্চায়তৰ যোগেদি তৎকালে আবেদন কৰিব পাৰিব৷  ইতিমধ্যে বিভাগে নীতি নিৰ্দেশনা জাৰি কৰিছে৷ আনহাতে যিবোৰ পৰিয়ালে কামৰ বাবে ইচ্ছা কৰে তেওঁলোকে জব কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ লগতে মন্ত্ৰীজনে কয়, পিএমএৱাইজি হিতাধিকাৰীয়ে ৯৫ দিনৰ ভিতৰত নিজৰ ঘৰ সম্পূৰ্ণ কৰিব লাগিব৷ এমৰেগাৰ কাম আৰম্ভ হ’লে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ লোকসকলৰ লগতে ঘৰলৈ ঘুৰি অহা আৰু কৰ্ম সংস্থাপনহীনসকলক সাহায্যৰ দৰে ব্যৱস্থা দিয়া হ’ব৷ উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকক সহায় কৰিব৷ জল সংৰক্ষণ, জলসিঞ্চন, পথ মেৰামতি আৰু ব্যক্তিগত হিতাধিকাৰীৰ আঁচনিত এমৰেগাৰ কাম কৰা হ’ব৷ ইয়াৰ দ্বাৰা নিশ্চিতভাৱে দৰিদ্ৰসকলে জীৱন ধাৰণৰ সুবিধা পাব৷ ভালেসংখ্যক আঁচনিত কাম কৰা হ’ব৷ এই সংকতৰ সময়ত প্ৰত্যেক মজুৰিপ্ৰাপ্তই নিজকে নিযুক্ত কৰিব পাৰিব৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ অধ্যক্ষ সচিব জে বি এক্কা, আয়ুক্ত হেমেন দাসে বিভাগৰ ক্ষেত্ৰ ভিত্তিক বিষয়াসকলক দৰিদ্ৰ লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে আঁচনিবোৰ নিস্তাসহকাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়৷                                                                                                     (  2.News)       টিংখাঙত কণীযুক্ত মাছ ধৰি বিক্ৰীটিংখাং 
মীন আইন ভংগ কৰি ৰাজ্যখনত একাংশ লোকে ব্যাপকভাৱে কণীযুক্ত মাছ ধৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰাপ্তৰ লগতে ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কেতবোৰ ঠাইত অসাধু লোকে কণীযুক্ত মাছ ধৰি বিক্ৰী কৰি অহা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে টিংখাঙৰ সমীপৱৰ্তী পানীবুৰা , কদমনি , গেলাদিচাং আদি গাঁৱত অসাধু লোকে দীৰ্ঘদিনধৰি কণীযুক্ত মাছ ধৰি আহিছে। এই অসাধুলোকসকলে মাছ ধৰি স্থানীয়ভাৱে বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছে। অসাধুলোকসকলে গৰৈ, মাগুৰ, শিঙি, পুঠি, শিঙৰা, মিছা আদিৰ লগতে দুই এটা বৰালি মাছ ধৰিবলৈ সক্ষম হয়৷ এই বিলাকৰ অধিক সংখ্যক মাছেই কণীযুক্ত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে সমগ্ৰ জিলাখনত বৰ্তমান মাছ ধৰা কাৰ্যত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত স্থানীয় মাছৰ বিক্ৰী বন্ধ হৈ আছে। কিন্তু প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুওৱাই গোপনে অঞ্চলটোত অসাধুলোকে মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। বৰ্তমান লকডাউনৰ সুযোগ লৈ মাছ ব্যৱসায়ীয়ে যথেষ্ট দামত বিক্ৰী কৰি বৃহৎ মুনাফা আদায় কৰিবলৈ সক্ষম হৈছে। আনহাত দিচাং নৈৰ বুকুত দুস্কৃতিকাৰীয়ে কিছুদিনৰ পূৰ্বে বিষাক্ত দ্ৰব্য দি এক বৃহৎ পৰিমাণৰ মাছ ধৰা বুলি জানিব পৰা গৈছে। জিলাৰ সীমান্তৱৰ্তী নৈৰ বুকুত দৃস্কৃতিকাৰী এটা চক্ৰই সঘনে বিষাক্ত দ্ৰব্য দি মাছ ধৰি আহিছে। নৈখনত প্ৰায় প্ৰতি বছৰে খৰালিৰ সময়ছোৱাত দুস্কৃতিকাৰী চক্ৰটোৱে দৌৰাত্ম্য চলোৱাৰ বাবে মাছৰ শেহতীয়াভাৱে অতি উদ্বেকজনকভাৱে সংখ্যা হ্ৰাস পাই আহিছে। উল্লেখ্য যে নৈখনৰ উজনি অংশত অত্যাধিক পৰিমাণে বিষাক্ত দ্ৰব্য প্ৰয়োগ কৰি দুস্কৃতিকাৰী দলে ব্যাপকভাৱে মাছৰ নিধন কাৰ্য অব্যাহত ৰাখিছে। জানিব পৰা মতে নৈখনৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাত অংশত যোৱা দুদিনত এক বৃহৎ পৰিমাণৰ কণীযুক্ত মাছ ধৰি বিক্ৰী কৰিছে৷