যিকোনো এটা বিষয় আলোচনা কৰিবলৈ যেতিয়াই হাতত কলম তুলি লওঁ, তেতিয়াই মনলৈ নিজৰ সমাজ বা দেশৰ লগত সেই ক্ষেত্ৰত অন্য কিছুমান সমাজ বা দেশৰ তুলনাত্মক দিশ কিছুমান মনলৈ আহে। অৱশ্যে এনেবোৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে আমি ইউৰোপীয় দেশসমূহ আলোচনাৰ মজিয়ালৈ অনাতকৈ আমাৰ চুবুৰীয়া দেশ জাপানক উদাহৰণ হিচাপে তুলি ধৰিবলৈ পালে ভালপাওঁ। কাৰণ বিভিন্ন দিশত জাপান আমাৰ বাবেই নহয়, সমগ্ৰ পৃথিৱীৰ বাবেও আদৰ্শ। সেইবাবেই যান-বাহন প্ৰদূষণ, চৰকাৰৰ নীতি-নিয়ম, সিদ্ধান্ত আদিবোৰ আলোচনা কৰিবলৈ যাওঁতে মনলৈ আহিল যে জাপানৰ ৰাজপথত সৰহভাগ নতুন গাড়ীয়েই চলা দেখা যায়। ইয়াৰ কাৰণনো কি? ইয়াৰ কাৰণ এয়ে যে গাড়ী বা অন্যান্য যান-বাহনবোৰ যিমানেই পুৰণা হয় সিমানেই বায়ু প্ৰদূষণৰ মাত্ৰা বঢ়ায়। সেয়েহে জাপানত এখন বাহন তিনি বছৰ পুৰণা হোৱাৰ লগেলগেই বাহনখন এটা খৰচী পৰীক্ষাৰ সন্মুখীন হ’ব লগা হয় আৰু ইয়াৰ পিছতো বছৰি এবাৰকৈ বাহনখন পৰীক্ষা-নিৰীক্ষাৰ ব্যৱস্থালৈ আহে। তাত আকৌ “অটোমোবাইল ইন্সপেকচন চিষ্টেম” ইমান খৰচী যে পৰীক্ষা-নিৰীক্ষা কৰি থকাতকৈ মানুহে নতুন এখন গাড়ী লোৱাটোকে পছন্দ কৰে। আচলতে চৰকাৰী ব্যৱস্থাপনাই মানুহক নতুন গাড়ী ল’বলৈ মূলতঃ বাধ্য কৰায়। ফলস্বৰূপে প্ৰদূষণৰ মাত্ৰা কমে। কাৰণ বৰ্তমান পৃথিৱীত মাত্ৰাধিক চৰ্চিত বিষয় হৈ পৰিছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন আৰু ইয়াৰ মূল কাৰণ হ’ল প্ৰদূষণ। পৃথিৱীৰ মুঠ প্ৰদূষণৰ ২৭% আহে যান-বাহনৰ পৰা। কাৰণ জীৱাশ্ম ইন্ধন পোৰাৰ লগে লগে নাইট্ৰজেন-ডাই-অক্সাইড সৃষ্টি হয় আৰু সেইবোৰ আমাৰ উশাহত শৰীৰৰ ভিতৰলৈ গৈ নানানটা বেমাৰৰ সৃষ্টি কৰে। বায়ুমণ্ডলৰ ৯৫% কাৰ্বন-মনক্সাইড যান-বাহনৰ পৰাই সৃষ্ট। গতিকে বৰ্তমান সময়ত যান-বাহনৰ ওপৰত কিছু নিয়ন্ত্ৰণ অনাটো জৰুৰী হৈ পৰিছে আৰু পৃথিৱীৰ প্ৰায় সকলো দেশেই এই বিষয়ে চিন্তা-চর্চা কৰিছে আৰু কাৰ্যক্ষেত্ৰত প্ৰয়োগো কৰিছে।
চৰকাৰৰ যান-বাহন বাতিলকৰণ নীতিঃ
ভাৰতবৰ্ষত ২০১৫ চনৰ পৰা বিভিন্ন আঁচনিৰ পৰিকল্পনা কৰি কৰি অৱশেষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২১ চনৰ কেন্দ্ৰীয় বাজেটত ” Car Scrappage Policy” অন্তৰ্ভুক্ত কৰে। এই পলিচীৰ অধীনত ১৫ বছৰ পুৰণি চৰকাৰী আৰু বাণিজ্যিক চাৰিচকীয়া বাহন আৰু ২০ বছৰ পুৰণি ব্যক্তিগত চাৰিচকীয়া বাহন সমূহ খাৰিজ বা বাতিল অৰ্থাৎ scrap কৰা হ’ব বুলি ঘোষণা কৰা হৈছে। ২০ বছৰৰ অধিক পুৰণি ব্যক্তিগত বাহন যদি ” ফিটনেছ টেষ্ট” পাছ কৰাত ব্যৰ্থ হয় অথবা পুনৰনৱীকৰণ নকৰায়, তেনেহ’লে ২০২৪ চনৰ ১ জুনত পঞ্জীকৰণৰ ম্যাদ আপোনা আপুনি শেষ হৈ যাব আৰু বাহনখন খাৰিজ কৰা হ’ব। বহলাই ক’বলৈ হ’লে ফিটনেছ টেষ্টত ফেইল হোৱাৰ লগেলগে বাহনখন “EOLV” অৰ্থাৎ End of Life Vehicle-অৰ শাৰীত পৰিব। তেতিয়া গাড়ীৰ মালিকক গাড়ীখন scrap কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়া হ’ব RVSF-অত। অৰ্থাৎ Registered Vehicle Scrapping Facility-ৰ অধীনত। এখন বাহনক তিনিবাৰকৈ ফিটনেছ টেষ্টৰ বাবে উপযুক্ত বুলি ধৰা হয়।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰ পুৰণা বাহনসমূহ প্ৰথমতে এই “বাতিলকৰণ নীতি”ৰ অধীনলৈ অনা হ’ব। ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০২৩ চনটো বাণিজ্যিক বাহনৰ কাৰণে লক্ষ্য হিচাপে লোৱা হৈছে, যদি নিয়মানুসাৰে বাহনসমূহে “ফিটনেছ” প্ৰমাণপত্ৰ দিব নোৱাৰে।
চৰকাৰৰ ফালৰ পৰা গাড়ী বিক্ৰী প্ৰতিষ্ঠান সমূহক কোৱা হৈছে যে, “scrapping certificate” দেখুওৱা গ্ৰাহকক যাতে পাঁচটা বিভিন্ন ধৰণৰ অতিৰিক্ত সুবিধা দিয়া হয়। চৰকাৰেও ঘোষণা কৰিছে যে যদি এজন গ্ৰাহকে পুৰণা গাড়ী scrap কৰি নতুন গাড়ী লয় তেতিয়াহ’লে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত তিনি বছৰলৈ ২৫% পথ কৰ ৰেহাই দিয়া হ’ব। বাণিজ্যিক বাহনৰ ক্ষেত্ৰত এই কৰ হ’ব ১৫% । খাৰিজকৰণৰ প্ৰমাণপত্ৰ দেখুৱালে নতুন গাড়ী কিনোতে ৫% ৰেহাই দিয়া হ’ব। আকৌ গাড়ী scrap কৰোঁতে মুঠ মূল্যৰ ৪%–৬ % গাড়ীৰ মালিকক দিয়া হ’ব আৰু পঞ্জীয়ন মূল্যও ৰেহাই দিয়া হ’ব।
পুৰণা যান-বাহনসমূহ খাৰিজ বা বাতিল কৰাটোৰ একমাত্ৰ উদ্দেশ্য কেৱল বায়ু প্ৰদূষণ ৰোধ কৰাই নহয়, গাড়ীসমূহৰ পুনৰনৱীকৰণে ইয়াৰ ষ্টীল, ক’পাৰ,প্লাষ্টিক আদি প্ৰয়োজনীয় সামগ্ৰীসমূহ পুনৰব্যৱহাৰযোগ্য কৰি তোলে ফলত গাড়ীৰ নিৰ্মান ব্যয় কম হয়। এই পলিচীৰ অন্যতম উদ্দেশ্য হ’ল মানুহক সুলভ মূল্যত নতুন গাড়ী ক্ৰয় কৰাৰ বাবে উৎসাহিত কৰা।
এই পলিচীৰ অধীনলৈ ২০ বছৰৰো অধিক পুৰণি প্ৰায় ৫১ লাখ লঘু মটৰ বাহন আৰু ১৫ বছৰ অধিক পুৰণি ৩৪ লাখ অন্য বাহন আৰু ১৫ লাখ মধ্যমীয়া আৰু গধুৰ বাহন আহিব যিবোৰৰ “ফিটনেছ চাৰ্টিফিকেট” নাই।
এতিয়া প্ৰশ্ন হয় এই পলিচীৰ পৰা চৰকাৰৰ কি লাভ হ’ব? পুৰণি গাড়ী বাতিল বা খাৰিজ কৰি নতুন গাড়ী কিনিলে চৰকাৰৰ ঘৰলৈ বছৰি প্ৰায় চল্লিছ হাজাৰ কোটি জি. এছ. টি. আহিব। ইয়াৰ ফলত ৰেভিনিউ ও বাঢ়িব।
উল্লেখযোগ্য যে এই যান-বাহন নীতিৰ ক্ষেত্ৰত Vintage Car ধৰা হোৱা নাই।
ইলেক্ট্রিক ভেহিকল পলিচী অব আছামঃ
যোৱা ২০ আগষ্টত কেবিনেটে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ জৰিয়তে গুৱাহাটীৰ ৰাজপথত ২০০ খন বিদ্যুৎচালিত চিটিবাছ আৰু ১০০ খন কম্প্ৰেছড নেচাৰেল গেছ (চি এন জি) চালিত বাছ চলোৱাৰ বাবে আঁচনি গ্ৰহণ কৰে। এই সিদ্ধান্ত অনুসৰি পর্যায়ক্ৰমে গুৱাহাটী মহানগৰীত ডিজেল আৰু পেট্ৰ’লচালিত চিটীবাছসমূহ বন্ধ কৰা হ’ব। প্ৰথম পৰ্যায়ত চৰকাৰে এই ক্ষেত্ৰত ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ লক্ষ কৰি লৈছে। উল্লেখযোগ্য যে বিদ্যুৎচালিত যান-বাহন সমূহ সম্পূৰ্ণ প্ৰদূষণ মুক্ত। আমি জনা উচিত যে দেশৰ ভিতৰত একমাত্ৰ দিল্লীত সকলো ৰাজহুৱা পৰিবহনৰ বাছ চি. এন. জি চালিত আৰু দিল্লী চৰকাৰে ২০২৪ চনৰ ভিতৰত দিল্লীৰ ২৫% যান-বাহন বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছে। গুৱাহাটীত যি হাৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে তালৈ লক্ষ্য ৰাখি চৰকাৰে অতি সোনকালে ৰাজ্যিক পৰিবহণ নিগমৰ বাছসমূহ বিদ্যুৎচালিত কৰাৰ লক্ষ্য স্থিৰ কৰা উচিত। অৱশ্যে ২০৩০ চনৰ ভিতৰত সকলো চৰকাৰী বাহন ইভিলৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত চৰকাৰে ঘোষণা কৰিছে যদিও ইয়াৰ ফলাফল সময়তহে জানিব পৰা যাব। “ইলেক্ট্রিক ভেহিকল পলিচী অব আছাম”ৰ জৰিয়তে পথ কৰ ,পাৰ্কিং মাচুল,পঞ্জীয়ন মাচুল ১০০% ৰেহাই ইত্যাদি আৰু ৰাজসাহায্য ঘোষণাৰ জৰিয়তে এই বাহন ক্ৰয় কৰাৰ বাবে জনসাধাৰণক উৎসাহিত কৰাৰ পদক্ষেপো অসম চৰকাৰে লোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰদুষণমুক্ত পৰিবেশ গঢ়ি তুলিবলৈ পৃথিৱীৰ প্ৰতিখন দেশেই বিদ্যুৎচালিত বাহন প্ৰচলনৰ ক্ষেত্ৰত তৎপতাৰে আগ-ভাগ লোৱা দেখা গৈছে।
তৰুণ প্ৰজন্মৰ শংকা আৰু প্ৰদূষণমুক্ত পৃথিৱীৰ আশাঃ
আগতেই উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ৰ অতিকে চৰ্চিত বিষয় এটা হৈছে পৰিৱেশ প্ৰদূষণ আৰু গোলকীয় উষ্ণতা বৃদ্ধি, যাৰ কাৰণে চিকিৎসা বিজ্ঞানৰ চমৎকাৰ উন্নতিৰ পিছতো মানৱ সমাজে নিত্য নতুন আৰু ভয়াবহ বেমাৰ তথা স্বাস্থ্যজনিত নানানটা সমস্যাত ভুগিবলগীয়া হৈছে। প্ৰদূষিত বায়ুৰ বাবে এটা বছৰতে বিশ্বজুৰি ৭০ লাখ লোকে প্ৰাণ হেৰুৱাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ। দক্ষিণ এছিয়াৰ ১০০% লোক প্ৰদূষিত অঞ্চলত বাস কৰে। অতি পৰিতাপৰ কথা যে আজিৰ তৰুণ প্ৰজন্মই এই ভয়াবহ প্ৰদূষণৰ শাৰীৰিক আৰু মানসিক দুয়োটা ফলেই ভোগ কৰিবলগীয়া হৈছে। তেওঁলোকৰ মনত বাঢ়ি অহা শংকাৰ ফলত তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ইচ্ছা নোহোৱা হৈ আহিছে। কাৰণ তেওঁলোকে নিবিচাৰে যে তেওঁলোকৰ পিছৰ প্ৰজন্ম এনে এক ভয়াবহ পৰিৱেশৰ মাজত জন্ম লাভ কৰক আৰু এক বিষাক্ত পৃথিৱীৰ বাসিন্দা হওক। বিভিন্ন দেশৰ তৰুণ প্ৰজন্মৰ মাজত চলোৱা সমীক্ষাত এই তথ্য প্ৰকাশ। গতিকে পৃথিৱীৰ প্ৰতিখন দেশেই প্ৰদূষণৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি সেইমতে নিজ নিজ দেশত প্ৰদূষণ ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত আৰু যান-বাহনে যিহেতু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লয়, গতিকে এই ক্ষেত্ৰত চৰকাৰসমূহে অতি দায়বদ্ধতাৰে ৰাজনীতিৰ উৰ্দ্ধত থাকি ১০০% যান-বাহন বিদ্যুৎচালিত বা প্ৰয়োজনত সৌৰ-শক্তি চালিত কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী নীতি গ্ৰহণ কৰাটো আমাৰ কাম্য। আমাৰ কাম্য ভাৰত চৰকাৰে ২০৩০ চনৰ ভিতৰত ‘এশ শতাংশ বৈদ্যুতিক বাহন চলা ৰাষ্ট্ৰ’ নিৰ্মাণৰ যি লক্ষ্য আগত ৰাখিছে সেই লক্ষ্য পূৰণ কৰিবলৈ চৰকাৰখনে অহোপুৰুষাৰ্থ কৰক আৰু সফল হওক।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীখন বহুত আগবাঢ়ি গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহৰ জীৱনত বহুতো পৰিৱৰ্তন সাধন কৰিবলৈ বিজ্ঞানী সকলে সক্ষম হৈছে। পৃথিৱীত যি কাম মানুহৰ দ্বাৰা কৰাটো সম্ভৱ নহয় তেনেকুৱা কাম বিজ্ঞানী সকলে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এনে ক্ষেত্ৰত যদি আমি এক পৰ্যালোচনা কৰিবলৈ যাওঁ তেনেহলে দেখিবলৈ পাম যে পৃথিৱীৰ প্ৰতিটো প্ৰান্ততে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত দ্ৰুত বিকাশ আৰু উন্নত আন্তঃগাঁথনি সৃষ্টি সম্ভৱ হৈ উঠিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ যি প্ৰত্যাহ্বান সেয়া ৰোধ কৰিবলৈ সক্ষম হৈছে নে? এইটো আমাৰ সন্মুখত উত্থাপিত হোৱা এক বৃহৎ প্ৰশ্ন। আচলতে বৰ্তমান সমগ্ৰ দেশৰ কিছু প্ৰান্তৰ লগতে আমাৰ ৰাজ্যখনৰো প্ৰায় প্ৰতিটো স্থানতে সাগৰীয় ঘূৰ্ণি বতাহ ৰেমালৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। ৰেমাল নামেৰে নামাকৰণ কৰা এই ঘূৰ্ণি বতাহ জাকৰ বাবে সমগ্ৰ অসমতে বিস্তৰ ক্ষতিসাধন হোৱাৰ বাতৰি আহিছে।
ঘূৰ্ণি বতাহ জাকৰ ফলত বিস্তৰ ক্ষতি হোৱা অঞ্চল সমূহত ঘণ্টাৰ পিছত ঘন্টা ধৰি বিদ্যুতৰ যোগান ব্যাহত হৈছে। কোনো ঠাইত ৰাস্তাৰ ওপৰত গছ-গছনি উভালি পৰিছে, কোনো ঠাইত আকৌ গছৰ ডাল ছিঙি চলন্ত গাড়ীৰ ওপৰত পৰিছে। ঘূৰ্ণি বতাহ জাকৰ সংহাৰী ৰূপৰ ফলত বহু ঠাইত বহু লোকৰ প্ৰাণ হানি হোৱাৰ উপৰিও বহু লোক আহত হৈছে। শ শ লোক গৃহহীন হব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। এই প্ৰতিকূল বতৰৰ ফলত আমি সচাকৈ আকৌ এবাৰ এক নিষ্টলজিয়াৰ মাজলৈ উভতি যাবলৈ বাধ্য হৈ পৰিছো। আমি এদিনৰ বাবে হলেও অতীতৰ সেই দিনবোৰৰ মাজলৈ উভতি যাবলৈ বাধ্য হৈ পৰিলো। যি দিনত বিদ্যুতৰ পোহৰৰ পৰিবৰ্তে কেৰাচিন তেলৰ চাকি আৰু লেম্পৰ উপৰিও মম বাতিৰ পোহৰে উজলাই ৰাখিছিল প্ৰতিটো ঘৰৰ ভিতৰচ’ৰা। তেতিয়া হয়তো কোনেও অনুভৱ কৰা নাছিল বিদ্যুতৰ অবিহনে যে এদিন জীৱন অতিবাহিত কৰিবলৈ মানুহ অসহায় হৈ পৰিব। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহায়ত মানুহে এই ঘূৰ্ণি বতাহ যাক কেতিয়া কত প্ৰৱেশ কৰিব, কিমান গতিবেগত এই বতাহজাকে প্ৰৱেশ কৰিব এই সকলোবোৰৰ সম্ভাব্য তথ্য আগতিয়ালৈ লাভ কৰিবলৈ সক্ষম হৈছিল। কোন স্থানত এই ঘূৰ্ণি বতাহজাকে বেছি ক্ষতি সাধন কৰিব, কোন স্থানত এই ঘূৰ্ণি বতাহজাকৰ বাবে অত্যাধিক বৃষ্টিপাত হব এই সকলোবোৰ সম্ভাব্য তথ্য বতৰবিজ্ঞান কেন্দ্ৰই আগতীয়াকৈ জনহিতাৰ্থে প্ৰকাশ কৰিছিল। এই সকলোবোৰ সাম্ভাব্য তথ্য লাভ কৰাৰ পিছতো কিন্তু এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা যি ক্ষয়-ক্ষতি হল তাক ৰোধ কৰাত যেন বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা একপ্ৰকাৰে বিফল হ’ল। এইয়া যদিও বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰাজয় বুলি এককথাত কোৱাটো উচিত নহব তথাপিও কিন্তু এটা কথা স্পষ্ট যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ যি সংহাৰী ৰূপ তাক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কেৱল আগতীয়াকৈ সাম্ভাব্য সতৰ্কবাণী প্ৰদান কৰাৰ ক্ষেত্ৰতহে সফলতা লাভ কৰিছে। এইয়া যে কেৱল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণনৰ বাবেহে সম্ভৱ হৈছে তাক কোনেও নুই কৰিব নোৱাৰে। ৰিমেল নামৰ ঘূৰ্ণি বতাহাজক এক উদাহৰণহে মাথোঁ। এনে ধৰণৰ বহু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে হৈ আছে। কিছু সংখ্যক প্ৰাকৃতিক দুৰ্যোগ মানৱ সৃষ্ট নহয় যদিও কিন্তু অধিকাংশ প্ৰাকৃতিক দুৰ্যোগৰ আঁৰত মানৱ সমাজৰ দ্বাৰা কৰা কৰ্মৰ যথেষ্ট প্ৰভাৱ থাকে। সেয়া কিছু ক্ষেত্ৰত পৰোক্ষ আৰু কিছু ক্ষেত্ৰত প্ৰত্যক্ষ কাৰণ জড়িত হৈ থাকে। এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ যি পৰিস্থিতি সেই পৰিস্থিতি সমূহৰ পৰা আমি যথেষ্ট জ্ঞান আহৰণ কৰাৰ থল আছে।
প্ৰকৃতিক যদি আমি সুস্থ কৰি ৰাখিব নোৱাৰো তেনেহলে আমিও যে সুস্থ জীৱন ধাৰণৰ পৰিবেশ লাভ কৰিবলৈ অসুবিধা হব সেই কথা প্ৰতিগৰাকী লোকে অনুধাৱন কৰাটো জৰুৰী। প্ৰকৃতিৰ বাবেহে পৃথিৱীত মানুহ জীয়াই থকাটো সম্ভৱ হৈ উঠিছে গতিকে প্ৰকৃতিক জীয়াই ৰখাটো পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিৰে নৈতিক দায়িত্ব আৰু কৰ্তব্য। অন্যথা আমি যিমানেই বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যাৰ দিশত উত্তৰণ নকৰোঁ লাগিলে তথাপিও কিন্তু প্ৰতিটো পলতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই প্ৰকৃতিৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিব লাগিব।প্ৰকৃতিক জীয়াই ৰাখি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই লাভ কৰা সফলতাহে চিৰস্থায়ী হব। প্ৰকৃতি বিনষ্ট কৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই যিমান সফলতা লাভ কৰিলেও সেয়া কিন্তু মানৱ সমাজৰ বাবে আশীৰ্বাদৰ পৰিবৰ্তে অভিশাপ হিচাপেহে চিহ্নিত হোৱাটো নিশ্চিত।প্ৰকৃতিয়ে মানুহক জীয়াই থাকিবলৈ সুবিধা দিছে কিন্তু মানুহে প্ৰকৃতিক ধ্বংস কৰাতহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। মানুহে প্ৰকৃতিক জীয়াই থাকিবলৈ দিব লাগিব তেতিয়াহে প্ৰকৃতিয়ে মানুহকো জীয়াই থাকিবলৈ দিব।
প্ৰত্যেক জন সন্তানে তেওঁলোকৰ পিতৃক আজি বিভিন্ন ভাৱে সন্মান প্ৰদৰ্শন কৰা উচিত ; গানেৰে, কবিতাৰে, অভিনয়, চিত্ৰ-কলা অঙ্কণ, প্ৰৱন্ধ ৰচনা কৰি পিতৃ দেৱতাক সমাজত শ্ৰেষ্ঠ আসনত উপবিষ্ট কৰা প্ৰকৃত দায়িত্ব। আমাৰ ভাৰতীয় সংস্কৃতি মতে, পিতৃৰ স্থান সকলো দেৱতাৰো উৰ্ধত, যেনে সংস্কৃত শ্লোক মতে ”পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰমাত্ম, পিতৰি সন্নপে, পিতাহি সৰ্ব দেৱতা ”আমাৰ সমাজ হ’ল, পিতৃ প্ৰধান, পৰিয়ালৰ মূল মানুহ জনেই হ’ল পুৰুষ ৰূপী পিতৃজন। সন্তানক পোহপাল দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকক সমাজক প্ৰতিষ্ঠিত কৰাৰ বাবে এজন পিতৃয়ে শৰীৰৰ এক বিন্দু তেজ থকা লৈকে মৃত্যুৰ আগ মুহূৰ্ত লৈকে সংগ্ৰাম কৰি যায়, তেওঁলোকৰ এই আত্মত্যাগৰ বিনিময়ত পিতৃয়ে সন্তানৰ পৰা একো নিবিচাৰে, তেওঁলোকে কেৱল সন্তানৰ মাজেদি নিজক চাব বিচাৰে ; সন্তান বিলাক যেন মাক-বাপেকৰ দাপোন, নিজৰ আত্মপৰিচয় দাঙি ধৰিব বিচাৰে, সন্তানৰ মাজেদি মৃত্যুৰ পিছতো জীয়াই থাকিব বিচাৰে, অপূৰ্ণ স্বপ্ন পূৰণ কৰিব বিচাৰে আৰু তেওঁলোকে স্থাপন কৰা এচপৰা ইটাৰ ওপৰত সন্তানে এক বৃহৎ গৃহ গঢ়ি তোলাটো কামনা কৰে। লগতে সন্তানৰ পৰা বিচাৰে এক সঁচা নিভাজ মৰম চেনেহ । সেয়ে, সন্তানে পিতৃ দিৱসৰ দিনা নিজ হাতে বনোৱা সুন্দৰ সুন্দৰ উপহাৰ দি পিতৃক সন্তোষ্ট কৰা দৰকাৰ। পিতৃক লৈ বিভিন্ন পৰ্যটন থলী বা আকৰ্ষণীয় ঠাইত ভ্ৰমণ কৰাবলৈ লোৱা উচিত। পিতৃক কেন্দ্ৰ কৰি পৰিয়ালৰ ফটো তুলি স্মৃতি সজীৱ ৰখা উচিত বা পিতৃৰ সৈতে নানা ইনডোৰ গেম খেলি এই দিনটো ব্যস্ত হৈ পৰা উচিত। পিতৃয়ে ভাল পোৱা সুস্বাদু খাদ্য সন্তানে নিজে ৰান্ধি খুৱাই দিব লাগে আৰু একেলগে লগে ভাগে এসাজ খোৱা উচিত। খুবেই দুৰ্বিসহ যন্ত্ৰণাৰ বোজা কঢ়িয়াইয়ো দেউতাকে সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ হাঁহি উঠা কাহিনী (Laughing joke) উপস্থাপন কৰি আনন্দময় পৰিৱেশ সৃষ্টি কৰে। পিতৃ দিৱসৰ দিনা সন্তানে অতীতৰ সেই মধুৰ আনন্দময় পৰিৱেশৰ কথা পিতৃক সোঁৱৰাই দিয়া উচিত। পিতৃ দিৱসৰ দিনা উপযুক্ত সময় পিতৃক শ্ৰদ্ধা নিবেদন কৰা যিজনে জীৱনৰ সৰ্ব্বস্য উজাৰি দি সন্তানক গোটেই জীৱন কালত সমৰ্থন কৰে, মন-প্ৰাণ দি ভাল পায় আৰু শুদ্ধ ভাবে পৰিচালনা কৰে। সন্তানক মানুহ হিচাপে গঢ় দিবলৈ গৈ পিতৃয়ে জীৱনৰ সোণালী ক্ষণবোৰ হাঁহি মুখে ত্যাগ কৰে। সেয়ে, কেৱল এটা বিশেষ দিনত পিতৃৰ প্ৰতি দায়িত্ব পালন কৰিলেই নহ’ব, পিতৃক গোটেই জীৱনজুৰি অতি নিষ্ঠাৰে সেৱা-শ্ৰশ্ৰূষা কৰিলেহে পিতৃ ঋণ পৰিশোধ কৰিব পাৰি বুলি মনে ধৰে। সেই কাৰণে, বহুত চিন্তাশীল ব্যক্তি তথা লেখকে পিতৃৰ অৱদানৰ বিষয়ে তলত দিয়া ধৰণে মন্তব্য কৰিছে, ” Father just have a way of putting everything together.” Erika Cosby
” Behind every great daughter is a truely amazing father.” Unknown ” To her the name of father was another name for love.” Fanny Fern ” No music is so pleasant to my ears as that word —Father”. Lydia Maria child. পিতৃ বা Father সম্পূৰ্ণ অৰ্থ হ’ল, Fantastic , adviser, teacher ,hero, exceptional and remarkable.কিন্তু কম সংখ্যক পিতৃ তথা মাতৃৰ বাহিৰে বেছি ভাগ পিতৃয়ে সন্তানৰ পৰা পায় অনাদৰ, অৱহেলা । অতি আধুনিকতাৰ ধামখুমিয়াত লৰা-ছোৱালীয়ে ইলেকট্ৰনিক মাধ্যমত ইমানেই ব্যস্ত হৈ পৰে যে মা-দেউতাৰ আশা -আকাঙ্ক্ষাক ভৰিৰে মোহাৰি কল্পনাৰ জগতত উটি ভাঁহি ফুৰে, নিজক প্ৰতিষ্ঠা কৰাৰ নামত বৃদ্ধ পিতৃক অসহায় অৱস্থাত পেলাই দূৰ লৈ আঁতৰি যায় ; পিতৃক দেৱতাৰ আসনত বহুওৱাতো দূৰৰ কথা, সামান্য মানুহৰ শাৰীতো স্থান নিদিয়ে । গতিকে, সমাজৰ এই অধঃপতন তথা অৱক্ষয়ক ৰোধ কৰি মানৱতাবোধ থকা উচ্চ আদৰ্শ এখন সমাজ গঢ়িব পাৰিলেহে , য’ত পিতৃয়ে নিজৰ সন্তানৰ পৰা কমেও অকণ মান সঁহাৰি পায়, পায় সন্মান, পায় উচ্চ মৰ্যাদা, তেতিয়াহে পিতৃ-দিৱস উদ্ যাপন কৰা অৰ্থপূৰ্ণ হ’ব।
আন্তৰ্জাতিক পিতৃ দিৱস উপলক্ষে বিশ্ব বিশ্ৰুত আমেৰিকাৰ কনফেছনাল কবি শ্বীলভিয়া প্লেথে (Sylvia Plath) ১৯৬২ চনৰ ১২ অক্টোবৰত ৰচনা কৰা ” Daddy” নামৰ কবিতাটি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কালজয়ী কবিতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কবিতাটিৰ প্ৰথম শাৰী কেইটা তলত দিয়া হ’ল
Daddy written by Sylvia Plath
” You do not do You do not do any more , black shoe I which I have lived like a foot for thirty years,poor and white Barely daring to breathe or Achoof.”
পিতৃ দিৱস উপলক্ষে ৰচিত কেইবাটাও quotation ৰ ভিতৰত তলত উল্লেখ কৰা দুটি বিশ্ব বিখ্যাত quotation.
A good father is one of the most unsung, unpraised, unnoticed, and yet one of the most valuable assets in our Society. Written by Billy Graham
A father’s tears and fears are unseen , his love in unexpressed, but his care and protection remains as pillars of strength throughout of lives. Written by Amath Vanniarachchy
সাম্প্ৰতিক কালতো অসম তথা ভাৰতৰ সমাজ ব্যৱস্থাত শাসক তথা শোষক শ্ৰেণীৰ শোষিতৰ ওপৰত নিপীড়ন আৰু তীব্ৰতৰ ভাবে বাঢ়ি গৈ আছে। সেয়ে বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ বৈপ্লৱিক চিন্তাধাৰাৰ এতিয়াও প্ৰাসংগিকতা আছে।
সেয়ে, প্ৰগতিশীল বামপন্থী চিন্তাধাৰাৰ কবি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই সাম্যবাদী ভাৱধাৰাৰ বিপ্লৱী কবি বিষ্ণু প্ৰসাদ ৰাভাক উদ্দেশ্য কৰি লিখিছে যে —