Home Blog Page 738

নদুৱাৰৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ! তিনিমাহে সন্ধান নাই বোৱাৰীগৰাকীৰ

নদুৱাৰ অঞ্চলৰ জয়সিদ্ধি মধুপুৰ গাঁৱৰ বুবু নাথ নামৰ যুৱক গৰাকীৰ পত্নী নিতু দেৱী বৰুৱা (২৭) নামৰ বোৱাৰী গৰাকী আজি তিনিমাহ ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই স্বামী আৰু পৰিয়ালবৰ্গক চিন্তিত কৰি তোলাৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷পৰিয়ালৰ সূত্ৰে জানিৱ পৰা মতে তিনিমাহৰ পূৰ্ব্বৰ এটি নিশা স্বামী আৰু সন্তানক শোৱনী কোঠাতে এৰি বাহিৰলৈ যোৱা পত্নী পুৱা পৰ্যন্ত ঘুৰি নহাত চিন্তিত হৈ স্বামীয়ে চাৰিওফালে বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ নেপালে৷ ৰোগীয়া স্বামী বুবু নাথৰ লগতে ন(৯) বছৰীয়া আৰু তিনি(৩) বছৰীয়া দুটিকৈ কনমানি পুত্ৰ সন্তান ক ঘৰত এৰি থৈ নিশাৰ ভাগত ওলাই যোৱা মাতৃ নিতু দেৱীৰ সন্ধান বিছাৰি বহুদিন ধৰি  আত্মীয়ৰ ঘৰত খৱৰ কৰিও কোনো সম্ভেদ উলিয়াব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটিয়ে৷

স্বামীৰ অভিযোগ অনুসৰি অচিনাক্ত এজন যুৱকে  তেওৰ পত্নীক ভূৱা প্ৰেমৰ চালনাৰে পলুৱাই  নিছে৷যিহেতু পূৰ্ব্বতে নিতু দেৱী নামৰ সুন্দৰী পত্নীৰ সৈতে ফোনত কথা পতা আৰু মেচেজ সমুহ তেঁও দেখা পাইছিল৷ অৱশেষত উপায়হীন হৈ স্বামী বুবুল নাথে ইটাখোলা আৰক্ষী চকীত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কত এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়৷আৰক্ষীয়ে বোৱাৰী গৰাকীৰ নিৰুদ্দেশ সম্পৰ্কীয় এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও কোনো শুং সূত্ৰ বিচাৰি পোৱা নাই৷সদাশয় লোক সকলে দুটি পুত্ৰ সন্তানৰ মাতৃ বোৱাৰী গৰকীৰ সন্ধান পালে ৯১০১৪১৫০৯৫ (9101415095 )নম্বৰ ফোনৰ জৰিয়তে খৱৰ দিবলৈ স্বামী বুবুল নাথে অনুৰোধ জনাইছে৷লগতে দুটাকৈ কনমানি পুত্ৰ সন্তানৰ ভৱিষ্যত জীৱনৰ কথা ভাবি হলেও ঘৰলৈ ওভতি আহিবলৈ বোৱাৰী নিতু দেৱী ক আহৱান জনাইছে স্বামী আৰু পৰিয়ালবৰ্গৰ লগতে স্হানীয় ৰাইজে৷

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা আৰু সাহিত্য অকাদেমী যুৱ বঁটা ঘোষণা…

২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী শিশু সাহিত্য বঁটা প্ৰথিতযশা সাহিত্যিক ৰঞ্জু হাজৰিকা (অসমীয়া ভাষাত) আৰু ভাৰ্জিন জেক’ভা মুছাহাৰীয়ে (বড়ো ভাষাত) লাভ কৰে।

লগতে ২০২৪ বৰ্ষৰ সাহিত্য অকাদেমী যুৱ বঁটা নয়নজ্যোতি শৰ্মা (অসমীয়া ভাষাত)ই লাভ কৰে।

ছেল্ফ মেড ৰাণী বড়োই (বড়ো ভাষাত) লাভ কৰে।

চিত্তৰঞ্জনৰ দত্তৰ ঘাতকক চিনাক্ত কৰাত ব্যৰ্থ প্ৰশাসন! ডেৰ বছৰৰ পিছত আহিল ডি এন এৰ ৰিপ’ৰ্ট…

হত্যা হিংসাৰ ভূ-স্বৰ্গ অসমত অপৰাধমূলক কাৰ্য সংঘটিত হোৱাটো যিদৰে অস্বাভাৱিক নহয় একেদৰে অপৰাধীৰ পক্ষ লৈ ন্যায় ব্যৱস্থাত আউল লগোৱা অৰ্থলোভী একাংশ আৰক্ষী বিষয়ায়েও ভূক্তভোগীক ন্যায় লাভৰ পৰা বঞ্চিত কৰি অহাটো নতুন কথা নহয়। এই কথা পুনৰবাৰ প্ৰমাণ কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ মেধাৱী ছাত্ৰ চিত্তৰঞ্জন দত্তৰ গুপ্ত হত্যাৰ প্ৰসংগই। ২০২২ বৰ্ষৰ ৮ জুলাইৰ নিশাৰে পৰা লখিমপুৰ জিলাৰ নাৰায়ণপুৰ থানাৰ অন্তৰ্গত চৌদ্ধপুনীয়াৰ মেধাৱী ছাত্ৰ চিত্তৰঞ্জন দত্ত নিৰুদ্দেশ হৈছিল।

চৌদ্ধপুনীয়া নিবাসী প্রফুল্ল দত্ত আৰু মৌচুমী দত্তৰ কনিষ্ঠ পুত্র তথা মাধৱদের বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ ষষ্ঠ ষান্মাসিকৰ মেধাবী ছাত্র চিত্তৰঞ্জন দত্তই ২০২২ বৰ্ষৰ ৮ – জুলাইৰ নিশা এখন বিয়াৰ বৰযাত্ৰী হিচাপে বিহপুৰীয়াৰ ভোগদৈগুৰিৰ কইনাৰ ঘৰলৈ গৈছিল। কইনাৰ ঘৰত নিশা অহাৰ গ্ৰহণ কৰাৰ পিচৰে পৰা চিত্তৰঞ্জন পুৱালৈকে ঘৰলৈ ঘূৰি নহাত চিন্তিত হৈ পৰিছিল তেওঁৰ পৰিয়ালবর্গ। বিশেষকৈ চিত্তৰঞ্জনৰ ম’বাইল ফোনটোও বন্ধ হৈ থকাত অধিক চিন্তিত হৈ পৰিছিল পৰিয়াল তথা আত্মীয়-স্বজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত নিৰুদ্দেশ ছাত্ৰজনৰৰ বিচাৰ- খোঁচাৰ কৰিও কোনো শুংসূত্র উলিয়াবলৈ সক্ষম নহ’ল। সমান্তৰালকৈ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত বিহপুৰীয়া আৰক্ষীৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে কইনা ঘৰৰ কাষৰ পুখুৰীত জলাশয় আদিত ছাত্রজনৰ সন্ধানত অভিযান চলায় যদিও সন্ধান লাভ কৰিব নোৱাৰিলে। শেহতীয়াকৈ যোৱা ১৯ জানুৱাৰীত বিয়াঘৰৰ কাষৰ এটা পুখুৰীত মেটেকাৰ তলত মাছমৰীয়াই মাছ ধৰোতেই মানুহৰ এটা লাওখোলা উদ্ধাৰ কৰে। পিচদিনা পুখুৰীটোৰ পানী সিঁচাৰ পিচত দেহৰ ছিন্ন-ভিন্ন হাড়, ম’বাইল আৰু জোতা উদ্ধাৰ কৰাৰ পিচত পৰিয়ালবৰ্গই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ইয়াৰ উচিত তদন্তৰ দাবী কৰিছিল। মৃত যুৱকজনৰ নৰকংকাল ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ হোৱাত পৰিয়ালে তেওঁক টুকুৰা টুকুৰ কৰি কাটি পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰে। তাৎপর্যপূর্ণ কথাটো হ’ল যে চিত্তৰঞ্জনৰ নৰকংকাল উদ্ধাৰ হোৱা পুখুৰীটোত প্রথম অৱস্থাত অভিযান চলাবলৈ এছ ডি আৰ-এফক বাধা প্রদান কৰিছিল আৰক্ষীয়ে।

অভিযোগ অনুসৰি পৰিয়ালে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো সেই পুখুৰীটোত আৰক্ষীয়ে অভিযান চলাবলৈ বাধা প্রদান কৰা বিষয়টো ৰহস্যৰ আৱৰ্তত। আজি এবছৰ সম্পূৰ্ণ হোৱাৰ পিচতো প্রশাসনে চিত্তৰঞ্জনৰ হত্যাকাৰী চিনাক্ত কৰিব নোৱৰাটো ৰহস্যজনক আখ্যা দিছে পৰিয়াল তথা আত্মীয়-স্বজনে। উল্লেখযোগ্য যে প্রশাসনে হত্যাকাৰী চিনাক্ত কৰিব পাৰিলে চিত্তৰঞ্জনৰ পৰিয়ালবর্গই এক লাখ টকা পুৰস্কাৰো ঘোষণা কৰিছিল। কিন্তু হত্যাকাৰী চিনাক্ত নহ’ল। দুর্ভাগ্যজনকভাৱে কনিষ্ঠ ভাতৃ চিত্তৰঞ্জনৰ বিচাৰ- খোঁচাৰ কৰিবলৈ গৈ জ্যেষ্ঠ ভাতৃ হৃদয়ৰঞ্জনেও একে বৰ্ষৰে ২৭ ছেপ্টেম্বৰত সংঘটিত এটা ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয়। তিনিটা মাহৰ ব্যৱধানত দুই পুত্রক অকালতে হেৰুৱাই নিঠৰুৱা হ’ল পৰিয়ালটো। সমগ্র ঘটনা সন্দৰ্ভত চিত্তৰঞ্জনৰ পৰিয়ালবৰ্গই ২০২২ বৰ্ষৰ ২৭ আগষ্টত মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালকপ্রধান, চলিত বৰ্ষৰ ৫ জানুৱাৰীত অনুন্ধানকাৰী সংস্থা আৰু ১০ মে’ত পুনৰ মুখ্যমন্ত্ৰীক লিখিত অভিযোগ দিয়াৰ পিচতো এইসকলৰ নীৰৱ ভূমিকাই সন্দিহান কৰি তুলিছে পৰিয়ালবৰ্গক। আনহাতে সেই সময়ৰ লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া উৎপল বৰাৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি মৃত যুৱকজনৰ পিতৃ-মাতৃয়ে ৰাজ্যৰ মুখ্যমন্ত্রী তথা গৃহ মন্ত্ৰীক তদন্তৰ ভিত্তিত দুয়োজন আৰক্ষী বিষয়াৰ শাস্তিৰ দাবী উত্থাপন কৰি লিখিত অভিযোগ দাখিল কৰিছিল যদিও একো ফল নধৰিল। আনহাতে ডিএনএ পৰীক্ষাৰ ক্ষেত্ৰটো বিফল হ’ল অসমৰ চিকিৎসক। শেহতীয়াকৈ চি আই ডিৰ তত্বাৱধানত পুনৰবাৰ তেজ দিয়াত ডিএনএ পৰীক্ষা হাইদৰাবাদত সম্পন্ন কৰাতহে অস্থিৰ অৱশিষ্ট খিনি চিত্ৰৰঞ্জনৰ বুলি প্ৰমাণ হয়।

চিত্ৰৰঞ্জনৰ অস্থিৰ অৱশিষ্ট ১২ জুনত বিহপুৰীয়া আৰক্ষীৰ সহযোগত চি আই ডিৰ দলে চিত্তৰঞ্জনৰ পিতৃ মাতৃক প্ৰদান কৰে আৰু লগে লগে সামাজিকভাৱে অন্তষ্টিক্ৰিয়া সমাপন কৰা হয়। সম্প্রতি ন্যায়ৰ অপেক্ষাত থকা পুত্ৰহাৰা পিতৃ-মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী, আৰক্ষীৰ সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰি সংশ্লিষ্টসকলক হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি বিহিবলৈ প্ৰাৰ্থনা জনাইছে।

শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱন উদ্বোধন…                 

শিৱসাগৰ ন্যায়িক আদালতৰ নতুন ভৱনটি আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কৃষ্ণই, সুমন শ্যাম ন্যায়াধীশ গুৱাহাটী উচ্চ ন্যায়ালয়,  দেৱাশীষ বৰুৱা ন্যায়ধীশ গুৱাহাটী উচ্চ ন্যায়ালয়, অৰুণ দেৱ চৌধুৰী তত্বাৱধায়ক ন্যায়াধীশ, শিৱসাগৰ জিলা ন্যায়পালিকাৰ সৌষ্ঠৱ উপস্থিতিত শিৱসাগৰ ন্যায়িক আদালতৰ নতন ভৱনটি উদ্বোধন কৰা হয়।

খড়গপুৰ IIT ছাত্ৰ ফাইজানক হত্যা কৰা হৈছিল! দ্বিতীয় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য…

অৱশেষত পিতৃ-মাতৃৰ সন্দেহেই সত্য প্ৰমাণিত হৈছে।তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল খড়গপুৰৰ আই আই টিৰ হোষ্টেলৰ কোঠাত। ঘটনাটো সংঘটিত হৈছিল-২০২২ চনৰ ১৪ অক্টোবৰত। মৃতদেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰি ফাইজানৰ পিতৃ-মাতৃয়ে ফাইজানৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল যদিও খড়গপুৰ আই আই টিয়ে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি ফাইজানৰ পিতৃ-মাতৃয়ে অভিযোগ উত্থাপিত কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

ডিব্ৰুগড়ত কবৰস্থ কৰা ফাইজানৰ মৃতদেহ খান্দি ফৰেণচিকলৈ প্ৰেৰণ কৰা হৈছিল।দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে বিস্ফোৰক তথ্য।ফৰেণচিক প্ৰতিবেদন অনুসৰি ফাইজান আহমেদক নিচেই কাষৰ পৰা গুলীওৱাৰ উপৰিও ছুৰিৰে আঘাত কৰা হৈছিল। উচ্চ ন্যায়ালয়ে এই কথা প্ৰমাণ কৰাৰ পাছত ফাইজানৰ মাতৃয়ে এনেদৰে কয়। মেধাৱী ছাত্র ফাইজানৰ পিতৃয়ে ন্যায় লাভৰ আশা কৰিছে।

ৰঞ্জু হাজৰিকালৈ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা…

ৰঞ্জু হাজৰিকালৈ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা৷

‘বিপন্ন বিস্ময় খেল’ শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য অকাডেমীৰ শিশু বঁটা ২০২৪ ৰঞ্জু হাজৰিকালৈ৷

অসমীয়া ৰহস্য সাহিত্যৰ সম্ৰাটলৈ অৱশেষত সাহিত্য অকাডেমীৰ স্বীকৃতি৷

পিতৃ দিৱসঃ পিতৃ দিৱসত আপোনাৰ দেউতাৰ বাবে কৰক এই পাঁচটা কাম…

প্ৰতিগৰাকী পিতৃলৈ তেওঁৰ মৰম, ত্যাগৰ বাবে ধন্যবাদ জনাইছো। প্ৰতি বছৰে জুন মাহৰ তৃতীয় দেওবাৰটো পিতৃসকলৰ বাবে উৎসৰ্গা কৰা হয়, সেই দিনটো পিতৃ দিৱস হিচাপে উদযাপন কৰা হয়। আমাৰ দেউতাৰ মৰম, ত্যাগৰ বাবে আমি ধন্যবাদ জনোৱা এটা বিশেষ দিন।পিতৃ দিৱস দিনটোত আপোনাৰ পিতৃৰ বাবে স্মৰণীয় কৰি তুলিব পাৰে…

কাইলৈ যিহেতু পিতৃ দিৱস, কাইলৈ দিনটোত দেউতাৰ পছন্দৰ বিশেষ খাদ্য প্ৰস্তুত কৰিব পাৰে। দেইতাৰ শৈশৱৰ প্ৰিয় খাদ্যই হওক বা তেওঁলোকে ৰেষ্টুৰেণ্ট ষ্টাইলৰ খাদ্যই হওক, মুঠৰ ওপৰত কাইলৈ দিনটোত তেওঁলোকৰ পছন্দৰ খাদ্য ৰান্ধি পিতৃক সুখী কৰিব পাৰে।

দেউতাৰ লগত কটোৱা পুৰণি মুহূৰ্তবোৰ বৰ বিশেষ। পিতৃ দিৱসৰ দিনা তেওঁৰ পুৰণি ফটো সংগ্ৰহ কৰি কোলাজ বনাব পাৰিব। নাইবা তেওঁৰ শৈশৱৰ বন্ধু বা আত্মীয়কো ফোন কৰিব পাৰে, যাতে তেওঁলোকে পুৰণি দিনবোৰ মনত পেলাই সুখী হৈ পৰে।

দেউতাকৰ চখৰ বিষয়ে জানি লওক। পিতৃ দিৱস উপলক্ষে তেওঁৰ চখৰ লগত জড়িত উপহাৰ দিব পাৰে।

পিতৃ দিৱসৰ দিনা দেউতালৈ চিঠি লিখিব পাৰে।


পৰিয়ালৰ সদস্য নাইূা ঘনিষ্ঠ বন্ধুৰ সৈতে দেউতাৰ বাবে এটা ছাৰপ্ৰাইজ পাৰ্টিৰ পৰিকল্পনা কৰিব পাৰে।

পেঙেৰীত বীৰ লাচিত সেনা, বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে জব্দ কৰিলে গৰু ভৰ্তি বাহন…

ৰাজ্যত অব্যাহত আছে গৰু অবৈধ সৰহবৰাহ। বিশেষকৈ গৰু সৰবৰাহৰ মূল কেন্দ্ৰ বিন্দু হৈ তিনিচুকীয়া জিলা অসম-অৰুণাচল সীমান্ত অঞ্চল। বৰডুমচা, ডিৰাক সীমান্তয়েদি অৰুণাচল প্ৰদেশৰ পৰা প্ৰতিদিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আহিছে অবৈধভাৱে গো ধন। বিশেষকৈ বৰডুমচা সাপ্তাহিক বজাৰ পৰা গো মাফিয়াই প্ৰতি বৃহস্পতিবাৰে ১ হাজাৰতকৈ অধিক গৰু কোনো কেটেল পাৰ্মিট নথকাকৈ ফিল’বাৰী, পেঙেৰী থানাৰ সন্মুখেদিয়েই সৰবৰাহ কৰি আহিছে বুলি অভিযোগ উঠিছে।

শুক্ৰবাৰে AS 02 DC 2678 নম্বৰৰ টাটা য়োদ্ধা বাহনে নটাকৈ (৯) গৰু অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা ডিব্ৰুগড়লৈ কোনো নথি-পত্ৰ অবিহনে সৰবৰাহ কৰিবলৈ বিচৰা সময়তে ডিগবৈ বৰডুমচা সংযোগী পথৰ পেঙেৰীত জব্দ কৰে বীৰ লাচিত সেনা, বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে। জব্দকৃত বাহনখন পিছত পেঙেৰী আৰক্ষীক গতাই দিয়ে।গৰু সৰবৰাহ কৰা বাহনৰ চালকৰ পৰা জানিব পৰা মতে গৰু সমুহ ডিব্ৰুগড়, মৰাণৰ গৰু ব্যৱসায়ী অসীম টিখৰীয়াল ওৰফে মাইনাই অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা কোনো কেটেল পাৰ্মিট নথকাকৈয়ে লৈ আহিছিল। বীৰ লাচিত সেনা বৰডুমচা-পেঙেৰী আঞ্চলিক সমিতিয়ে কেটেল পাৰ্মিট নথকাকৈ গো ধন সৰবৰাহ কৰা গো মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

য়েদিয়ুৰাপ্পাৰ গ্ৰেপ্তাৰত স্থগিতাদেশ কৰ্ণাটক উচ্চতম ন্যায়ালয়ৰ…

শুকুৰবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদিয়ুৰাপ্পাৰ গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰে। নাবালিকাই দিয়া গোচৰৰ পৰৱৰ্তী শুনানী নোহোৱা লৈকে কোনেও য়েদিয়ুৰাপ্পাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। আদালতে কালি POCSO গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা বি এছ য়েদিয়ুৰাপ্পা (৮১)ক গ্ৰেপ্তাৰ কাঢ়া নিৰ্দেশ দিয়ে। বিচাৰপীয়ে কয়, “তেওঁ কোনো টম, ডিক বা হেৰী নহয়। তেওঁ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী… গ্ৰেপ্তাৰ পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে স্থগিত ৰখা হৈছে।’- কৰ্ণাটক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এছ কৃষ্ণ দীক্ষিতে অন্তৱৰ্তীকালীন আদেশত এনেদৰে কয়। ন্যায়াধীশ দীক্ষিতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে জীৱনৰ বিয়লি বেলা অসুস্থতাত ভুগিছে ​​বুলি উল্লেখ কৰি POCSO গোচৰ বাতিল কৰাৰ লগতে অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি এসপ্তাহ স্থগিত ৰাখে। ১২ জুনত তদন্তৰ বাবে হাজিৰ নোহোৱাৰ বাবে চিআইডিয়ে বৃহস্পতিবাৰে বিশেষ আদালতে য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে জামিনহীন গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল।

আদালতে ১২ জুনত য়েদিয়ুৰাপ্পাই চিআইডিলৈ প্ৰেৰণ কৰা পত্ৰৰ উল্লেখ কৰি কয় যে ‘তেওঁ নতুন দিল্লীত আছে আৰু ১৭ জুনত তদন্তকাৰী বিষয়াৰ সন্মুখত হাজিৰ হ’ব’। চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত নাবালিকাগৰাকীৰ মাতৃয়ে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। ২০২৪ চনৰ ১৪ মাৰ্চত বাংগালুৰুত য়েদিয়ুৰাপ্পাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছিল আৰু ১৫ মাৰ্চত গোচৰটো তদন্তৰ বাবে চিআইডিলৈ হস্তান্তৰ কৰা হৈছিল। য়েদিয়ুৰাপ্পাই তেওঁৰ বিৰুদ্ধে গোচৰটো বাতিল কৰাৰ বাবে দাখিল কৰা আবেদনখনত উল্লেখ কৰা হৈছে যে, “ৰাজনৈতিত কাৰণতচত এনে কথা কোৱা হৈছে আৰি আবেদনকাৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ কোনো প্ৰমাণ তেওঁলোকে দিব পৰা নাই।” এই গোচৰটো ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে গোচৰ দাখিল কৰাত এমাহৰো অধিক পলম হৈছিল।

উল্লেখ্য ১২ এপ্ৰিলত চিআইডিৰ সন্মুখত হাজিৰ হৈছিল য়েদিয়ুৰাপ্পাই। তদন্তৰ বাবে কণ্ঠৰ নমুনাও দিছিল। এই অভিযোগৰ দিনাই নাবালিকাগৰাকীৰ ৫৪ বছৰীয়া মাতৃগৰাকীয়ে মোবাইল ফোনত ৰেকৰ্ড কৰা কণ্ঠৰ সৈতে মিলাই চাবলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কণ্ঠৰ নমুনা দিছিল।

স্বৰ্গীয় পিতৃ প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত পুত্ৰ পৱন আগৰৱালাই নিৰ্মাণ কৰিলে লীলানন্দ বিদ্যা নিকেতন হাইস্কুলৰ মূল প্ৰৱেশদ্বাৰ…

দৰং ওদালগুৰি জিলাৰ সীমান্ত অঞ্চল বৰঝাৰ লীলানন্দ বিদ্যা নিকেতন হাইস্কুলৰ মূল প্ৰবেশ দ্বাৰ মুকলি।ৰঙা ফিটা কাটি দ্বাৰ মুকলি কৰে গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়িক অনিল জৈনে। লগে লগে বীৰেন্দ্ৰ নগৰ আশ্ৰম, পাগল বাবাৰ জয় ধ্বনিৰে মুখৰিত হৈ পৰে লীলানন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰাঙ্গন।পৱন আগৰৱালাই নিজৰ স্বৰ্গীয় পিতৃ প্ৰভু দয়াল আগৰৱালাৰ স্মৃতিত নিজৰ গাঁঠিৰ ধনে ব্যায় কৰি নিৰ্মাণ কৰিলে বৰঝাৰ লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ মূল প্ৰৱেশদ্বাৰ।বহু দিনৰ অভাৱ পূৰন হল বিদ্যালয়খনৰ। ইয়াকে লৈ আনন্দিত হয় বিদ্যালয় কতৃপক্ষ, ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ।১৯৭৩ চন বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ প্ৰচেষ্টাত স্থাপিত হৈছিল লীলানন্দ বিদ্যা নিকেতন হাইস্কুল।

বহু দিন পাৰ হোৱাৰ পিছত ১৯৯৯ চনত প্ৰাদেশিকৰণ হৈছিল যদিও প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত আছে বহু সমস্যা। এই সমস্যাৰ কিছু পৰিমাণে সকাঁহ দিবলৈ আগবাঢ়ি আহিছে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান গুৱাহাটীৰ বিশিষ্ট ব্যৱসায়িক পৱন আগৰৱালা আৰু ভাতৃ দিলীপ আগৰৱালা। বিদ্যালয় খনৰ মূল প্ৰবেশ দ্বাৰ মুকলি কৰি বিদ্যালয়ৰ বিভিন্ন সমস্যাৰ বুজ লয় আৰু ছাত্ৰ ছাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিদ্যালয় কতৃপক্ষক দহখন ফেন দান কৰে লগতে তেওঁ কয় যে অতি সোনকালেই বিদ্যালয়খনত এটি পুথিভড়াল নিৰ্মাণ কৰি দিব। বিদ্যালয় কতৃপক্ষই গুৱাহাটীৰ পৰা অহা পৱন আগৰৱালা, অনিল জৈন, ৰীনা জৈন, শশী আগৰৱালা,দিলিপ আগৰৱালা, ভবিতা আগৰৱালা, শ্যাম জালান (কলিকতা)ক ফুলাম গামোচাৰে সম্বৰ্ধনাৰ লগতে ধন্যবাদ জনায়। লীলানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষক প্ৰবীৰ দে ই আগৰৱালা পৰিয়ালক আন্তৰিক ধন্যবাদ জনায় আৰু কয় যে স্থানীয় ৰাইজৰ সহায় অবিহনে বিদ্যালয় এখন পৰিচালিত কৰা বহু টান। এনেকোৱা সহায় সহযোগিতা পালে বহু ভাল লাগে। উক্ত প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বীৰেন্দ্ৰ নগৰ আশ্ৰম কতৃপক্ষৰ মনিন্দ্ৰ বসুমতাৰী, শশধৰ বিশ্বাস, অমিত দাস, লীলা নন্দ বিদ্যা নিকেতন হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীৰ দে, সহকাৰী শিক্ষক গৌতম ভৌমিক, বকলি দাস, নন্দদুলাল চৰকাৰ, দিপক সাহা, বিদ্যুত সাহা, স্বপন বিশ্বাস, গৌৰি ঘোষ, নৱজীত ঘোষ, স্থানীয় মান্য গন্য ৰাইজ আৰু প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী।