মানুহৰ পৰা প্ৰকৃতিলৈ,গাব নোৱাৰোনে নিৰৱধি নদীৰ গান
দিনবোৰ সলনি হ’ব
মানুহবোৰ মানুহ হ’ব
“কাইলৈৰ পৰা আঁতৰি যাব আমাৰ হৃদয়ৰ গভীৰ বেদনাবোৰ
কাইলৈৰ পৰা আঁতৰি যাব আমাৰ দুখৰ অবিশ্ৰান্ত বৰষুণজাক
কাইলৈৰ পৰা আমাৰ জীৱনৰ মেঘাচ্ছন্ন আকাশ স্বচ্ছ হ’ব
কাইলৈৰ পৰা ভয়ানক আতংকৰে ভৰা ৰাতিবোৰৰ মৃত্যু হ’ব ….”
( সনন্ত তাতী-কাইলৈ দিনটো আমাৰ হ’ব)
দিনবোৰ সলনি হ’ব।প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব। মানুহবোৰ মানুহ হ’ব।
প্ৰতিবছৰে ৰাৱন বধৰ ভাওনা পাতো।কংসবধৰ ৰাস পাতো। প্ৰতিবছৰে পূজা পাতি মহিশাসুৰ বধ কৰো। এইযে ভগৱানপ্ৰীতিৰ কচৰৎ ই নিৰন্তৰ প্ৰয়াসেৰে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৈ থাকে। সদাচাৰ,সদ্ভাৱৰ নমুনাৰে সমাজখন চলি থাকে ।তাৰ পিছতো বাতৰি ওলায় হত্যাকাণ্ড, লুণ্ঠন,ধৰ্ষণ, দুৰ্নীতি অনীতিৰ । আচলতে হৈছে কি? এফালে যদি পুৰণিক সুৱৰি সমাজখন নিকা কৰাৰ প্ৰয়াসেৰে এচামে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে এচামে আকৌ জংঘলৰাজৰ আমন্ত্ৰণ কৰি হত্যা হিংসা,দ্বেষৰ আমন্ত্ৰণ জনাইছে।আচলতে আমিবোৰ স্ববিৰোধী নহয়নে?

শুনিছো মাজুলীত মিছনেৰী আগ্ৰাসন হোৱা বুলি হৈ ছৈ লাগি আছে। ব্যক্তিৰ ব্যক্তি স্বাধীনতাই সাংবিধানিকভাৱে নিজৰ ধৰ্ম সলনি কৰাত বাধা আৰোপ কৰা নাই। মই কি পিন্ধিম বা খাম বা কি ধৰ্মত দীক্ষিত হম সেয়া মোৰ বা একোজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ নিজৰ চিন্তাৰ বিষয়। তাত হকা বাধা কৰাৰ অধিকাৰ সংবিধানে দিয়া নাই। কিন্তু যি কাৰণত একোজন ব্যক্তিয়ে নিজৰ ধৰ্ম ত্যাগ কৰি আন এটা ধৰ্ম গ্ৰহণ কৰে তাক আমি বিশ্লেষণ কৰি চোৱাৰো প্ৰয়োজন আছে। বৰ অসমৰ বৰভেটি নিৰ্মাতা স্বৰ্গদেউ চাওলং ছ্যুকাফা, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অজস্ৰজন স্বনামধন্য অসমীয়াই দেখুৱাই যোৱা আদৰ্শৰে আমি আগুৱাই যাব লাগিব। হিংসা,দ্বেষ ,কলুষ কালিমা পাহৰি সকলো অসমীয়া একেশাৰীতে একেখন চোতালত বহি, একেটা চৰুতে ৰান্ধি একেলগে এসাজ খোৱাৰ পৰিৱেশ ৰচনা কৰিব লাগিব।
যুদ্ধৰ অৱসান বিচাৰি জাতিসংঘ পিছলৈ ৰাষ্ট্ৰসংঘ গঠন কৰা হ’ল। তাৰ পিছতো যুদ্ধ চলিয়েই থাকিল। সকলোৱে জানে যুদ্ধই সমস্যাৰ সমাধান নকৰে। যুদ্ধই কেৱল দুখন দেশৰ নিৰ্দিষ্ট কেইজনমান সেনা অথবা যুদ্ধবিধ্বস্ত এলেকাৰ জনতাৰে প্ৰাণ কাঢ়ি নিনিয়ে, যুদ্ধই দুখন দেশৰ লগতে সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনীতি তচনচ কৰি পেলাব পাৰে। তথাপিও আমি যুদ্ধৰ নামত নৰহত্যাৰ মেলা পাতো,মানৱতা ভূলুণ্ঠিত কৰি নমাই আনো অকাল অমানিশা।
ভোগবাদী,অতি আধুনিকতাবাদী লালসাত মত্ত হৈ আমি কেতিয়াবা নিজৰ অস্তিত্ব পাহৰি পেলাইছো নেকি? এফালৰপৰা বনাঞ্চল ধ্বংস কৰি চেপি খুন্দি পৰিসৰ কমাই পেলুৱাৰ পৰিণতি চকুৰ আগত দেখিছোঁ।খাদ্যৰ অভাৱত বনাঞ্চল এৰি জাকে জাকে হাতী জনাঞ্চলত ভূমুকি মৰা, ক্ৰংকিট চহৰত বাঘৰ আবিৰ্ভাৱ হোৱা , বিশ্ববিখ্যাত এশিঙীয়া গঁড় মানুহৰ হাতত নিধন হোৱা, অবাধ বনধ্বংস আৰু ব্যাপক প্ৰদুৰ্ষণৰ পৰিণতিত গোলকীয় উষ্ণতা বৃদ্ধি হোৱা,সেউজশালী পাহাৰ লঠঙা কৰি জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিৰোপ প্ৰভাৱ পেলোৱা এইবোৰ জীৱশ্ৰেষ্ঠ মানুহৰে কৰ্মৰ উদাহৰণ।তেন্তে মানুহ মাৰিলৈ বাঘৰ দোষ ক’ত, ঘৰ ভাঙিলে ,খেতি তহিলং কৰিলে হাতীৰ অপৰাধ ক’ত? যদি এনেদৰেই চলে পৃথিৱী তেন্তে বৰ বৰ অট্ৰালিকাৰ চাদত সঁজাই থোৱা ফুলদানী অথবা চাদৰ ওপৰত কৰা বনানীকৰণৰ দৰে অৱস্থা হ’ব প্ৰকৃতিৰ।বন্যপ্ৰাণী বুলি থাকিব ঘৰৰ কুকুৰ অথবা মেকুৰিকেইটাহে।ভাৱিবৰ হ’ল বাচিব আৰু বচাবৰ হ’ল।
সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰৰ উন্নতি হৈছে। নতুন প্ৰজ্বন্মৰ অলেখে সাধনা আৰু চৰ্চাৰে সাহিত্য সংস্কৃতিৰ মূল ধাৰাৰ গাতে ভেজা দি নতুনত্ব সানি আগবাঢ়ি গৈছে।এচামে সস্তীয়া জনপ্ৰিয়তা বিচাৰি সাহিত্য সংস্কৃতিৰ বিকৃত ৰূপত উপস্থাপন কৰি বদনামী হৈছে। সামাজিক মাধ্যমৰ সৃষ্টিশীলতা, সামাজিক, পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু প্ৰযুক্তিৰ জৰিয়তে যোৱা দুটা দশকত দ্ৰুততাৰে সমাজখনক সলনি হোৱাত সফলতা দেখা গৈছে। কিশোৰ-কিশোৰীৰ জীৱনত সামাজিক মাধ্যমৰ প্ৰাধান্যৰ বাবেই ইন্টাৰেক্টিভৰ সুযোগ তথা যোগাযোগৰ ক্ষেত্ৰত ডিজিটেল গণমাধ্যম এক নিৰ্ভৰযোগ্য মঞ্চ হৈ পৰিছে। পণ্ডিতসকলে যুক্তি দিছে যে সামাজিক মাধ্যমৰ তথ্য আৰু মানুহৰ সমৰ্থনকাৰী নেটৱৰ্কৰ জৰিয়তে শিক্ষণৰ সম্ভাৱনা আছে। তথাপিও বহুক্ষেত্ৰত সামাজিক মাধ্যমে আমাক অতিষ্ঠ কৰিছে।কাৰণ এটাই – চিন্তাৰ পৰিৱৰ্তন,সহজে বিখ্যাত হৈ অথবা সহজ উপাৰ্জনৰ লালসাত বন্দী হৈ সত্য শুদ্ধৰ বিপৰীতে নীতি অনিতীৰ বিচাৰ নকৰি আমি জিকাৰ দৌৰত, জিনাৰ দৌৰত আগবাঢ়িছো। লিখন শিল্পক এক কথাত সাহিত্য বোলে। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য। সাহিত্যৰ মূল্যবোধ শব্দটোৱে কবিতা, কাহিনী, উপন্যাস আদিৰ সেই গুণবোৰক বুজায় যিবোৰ গুণে পাঠকক পঢ়িবলৈ যোগ্য কৰি তোলে। সাহিত্যৰ সাধনা, সাহিত্যৰ চৰ্চা লাহে লাহে কমিব ধৰিছে।বাতৰি কাগজ,দুৰদৰ্শন,ৰেডিঅ আদি গণমাধ্যমবোৰৰ বিপৰীতে অধ্যয়নৰ পৰিসৰ সীমাৱদ্ধ হৈ পৰিছে একো একোটা ম’বাইল ফোনত। কিতাপ পঢ়াৰ মাদকতা হেৰাই গৈছে। মানুহবোৰে বিচাৰি পাইছে জ্ঞানৰ উৎস। তথাপিও সমাজৰ ব্যাধি কমা নাই বাঢ়িছে।
নৱ্য তথ্য-প্ৰযুক্তিৰ মেতমৰা সম্ভাৰেৰে আমি গৌৰৱী হ’লেও,দেশে মঙ্গলগ্ৰহ অথবা চন্দ্ৰত বিশ্বাভিলেখ গডঢ়িলেও আমি কিন্তু মাটিৰ মানুহ। আমাৰ আজন্ম প্ৰেম ভালপোৱা মাটিৰ সতে।মাটি আৰু মানুহৰ সম্পৰ্ক চেদ কৰাৰ শকতি হয়তো বিজ্ঞান প্ৰযুক্তিৰ নাই। সেয়েহে আমি মানুহ আৰু মাটিৰ প্ৰেমত মত্ত হও বাৰে বাৰে ।বাৰে বাৰে বিচাৰো মাটি আৰু মানুহৰ সান্নিধ্য।মেদিনী কৰ্ষণ কৰি বীজ চটিয়াও, অংকুৰিত কৰো ,উৎপাদন কৰো,আধুনিকতাৰ আঁতৰি চিৰন্তণ প্ৰথাৰে আহাৰ লও,বিশ্ৰাম কৰো। প্ৰকৃতিৰ বুকুত হাতুৰী মাৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাত আমিবোৰ পাকৈত। আমি ভালপাও নৈৰ গতিপথ সলনি কৰি,হাবি ভাঙি,পাহাৰ কাটি আদিম উল্লসত নিজক হেৰুৱাও আৰু সদায় পৃথিৱীৰ মঙ্গল কামনাৰে প্ৰাৰ্থনা কৰো পুৱা গধূলি।চাওকচোন আমাৰ প্ৰকৃতি অথবা স্বৰূপ। ভাগপোৱাবোৰ বুকুৱে বুকুৱে সীমাৱদ্ধ কৰি নেৰাখি আমি প্ৰসাৰিত কৰিব নোৱাৰোনে- মানুহৰ পৰা প্ৰকৃতিলৈ,গাব নোৱাৰোনে নিৰৱধি নদীৰ গান।বিলাব নোৱাৰোনে প্ৰদূষণমুক্ত এজাক নিৰ্মল বতাহ।উৰি যোৱা পক্ষীৰ দিগন্ত বিলাসত এৰি দিব নোৱাৰোনে মুকলি বতাহৰ ঢৌ। আহক তেনে এক বাতানুকূল পৰিৱেশেৰে সজাই পেলাও পৃথিৱীখন।এখোজ আপোনাৰ এখোজ মোৰ হ’লে দিনবোৰ সলনি হ’ব। প্ৰজন্মৰ উৰ্বৰ মগজুত বিশ্বজয়ৰ চেতনা জাগ্ৰত হ’ব। মানুহবোৰ মানুহ হ’ব।
লেখকঃ ৰূপম বৰা

















