Home Blog Page 834

হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা

বিটিআৰত জংঘলৰাজ আছিল, হাগ্ৰামা মহিলাৰীয়ে ইয়াত কুশাসন চলাইছিল, হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়লাভ কৰিব বুলি মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বিটিআৰত হাগ্ৰামাই জংঘলৰাজ চলাইছিল। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত কুশাসন চলাইছিল। হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।

এইবিলাক এতিয়া নাইকিয়া হৈ গ’ল। এতিয়া সকলোৱে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব। তেওঁ আৰু কয় যে ইয়াত এতিয়া সকলোৱে শান্তিত আছে। ইয়াত উন্নয়ন নিশ্চিতভাৱে হৈছে, ৰাস্তা-পথৰ অৱস্থা বহুত ভাল হ’ল। মই বহু আগৰে পৰা বিটিচিলৈকে অহা-যোৱা কৰিয়ে আছো। তেওঁ কয় যে আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছো। দুখনকৈ মেডিকেল কলেজ এই ৭-৮ বছৰত বিটিআৰত হ’ল। দলঙো বহুত হ’ল। ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে, জংঘলৰাজ নিবিচাৰে। সেইকাৰণে সকলোৱে বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব বুলি তেওঁ দৃঢ়তাৰে কয়।


বিপিএফে কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ খুব বেয়া অৱস্থা হ’ব। তেওঁলোকৰ প্ৰাৰ্থীয়ে ২ ৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত যে হাৰিব এয়া খাটাং বুলি কয়। সাংবাদিকে বিৰোধীৰ প্ৰসংগ উত্থাপন কৰাত তেওঁ কয় যে অসমত বিৰোধী নাই। আমি যদি প্ৰত্যেকটো সমষ্টিত ২-২.৫০ লাখ ভোটৰ ব্যৱধানত জিকো, তেন্তে বিৰোধী ক’ত আছে বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে। তেওঁ কয় যে আমি উন্নয়ন কৰিছো, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাৰো অন্যায় কৰা নাই, আমি অসমৰ উন্নয়ন কৰিছো। তেওঁ পুনৰ কয় যে কংগ্ৰেছে যেতিয়া ৬০ বছৰ অসম চলাইছিল, তেতিয়া অসমত ৬ খন মেডিকেল কলেজ আছিল, এতিয়া অসমত ১৮ খন মেডিকেল কলেজ হ’ল। কংগ্ৰেছে যেতিয়া ৬০ বছৰ ভাৰতবৰ্ষ চলাইছিল, তেতিয়া ভাৰতবৰ্ষত এয়াৰপৰ্ট আছিল মাত্ৰ ৭৬ টা। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰতে এয়াৰপৰ্ট বনালে ৭৫ টা।

অসমত বিশ্ববিদ্যালয় আছিল কংগ্ৰেছৰ ৬০ বছৰত ৭ খন আৰু আমি ৮ বছৰত বনালো ১৫ খন। আগতে ৰাস্তা যিমান আছিল, তাৰ ডাবল-ট্ৰিপুল হ’ল বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কংগ্ৰেছৰ দিনত ৭৫ হাজাৰ টকাৰ অনুদানৰ ঘৰ আছিল, তাকো বিডিঅ’, জে ই ই, ঠিকাদাৰ, বিধায়ক, পঞ্চায়ত সভাপতিয়ে খাইছিল। এতিয়া সেই ঘৰ ডেৰ লাখ টকীয়া হ’ল। এতিয়া পইচা কোনেও খাব নোৱাৰে, গৃহস্তই নিজে ঘৰটো বনোৱা হ’ল। এয়া বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছে ৰাইজক চাউল বিক্ৰী কৰিছিল, আমি বিনামূলীয়া চাউল দিওঁ।

তেওঁ আৰু কয় যে অৰুণোদয়ৰ কথা বাৰু নক’ৱেই আমি ১ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলো, কোনোৱে ক’ব নোৱাৰে ক’ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে বুলি। সেইকাৰণে অসমৰ ৰাইজে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি তেওঁ মন্তব্য কৰে। বৰপেটা লোকসভাত সমষ্টিত বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ধুবুৰীত আমি ‘টাফ ফাইট’ত আছো বুলি কয়। আনহাতে, অসমত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিশ্চিতভাৱে ১২ খন আসনত জয়ী হ’ব বুলি উল্লেখ কৰি ১৩ খন আসনো লাভ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।


উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাত আজি কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…

Vansh Goswami, a spirited youth from Assam, has got into the National Defence Academy, a milestone that echoes his patriotism and commitment to serving his nation. Inspired by the valor and dedication showcased on Aaj Tak’s flagship show “Vande Mataram,” Goswami has decided to join the Indian Army, a decision fuelled by his deep-seated admiration for the Armed Forces and his desire to make his mother proud. Aaj Tak’s ‘Vande Mataram’ is a pioneering show that showcases various aspects of the Indian Defence Forces.

Hosted by Aaj Tak’s Managing Editor Sweta Singh, this particular episode provided a gripping insight into the arduous journey of Gentlemen Cadets from the Indian Military Academy as they transform into proud defenders of the nation.

Reflecting on his decision, Vansh Goswami expressed heartfelt gratitude towards Aaj Tak and Sweta Singh for igniting his passion and guiding his path towards service to the nation. He remarked, “First of all, I would like to thank Aaj Tak a lot for showing me how to become a Gentleman Cadet. Aaj Tak’s anchor Sweta Singh hosts the show called Vande Mataram and showed how a Gentleman Cadet is trained, and that was the first hint for me that I have to do something like this for the country. Because when the programme showed the passing out ceremony of the cadets, their parents were proud that their son has done something for the country. So, I would like to thank Sweta Singh Ji for it; she has contributed a lot through that show. If that show hadn’t come, I wouldn’t have been so motivated, and I wouldn’t have joined the forces.”

Goswami’s decision to join the armed forces is also deeply rooted in his desire to honor his mother, a single parent, by making her proud. His journey exemplifies the spirit of dedication and sacrifice that resonates deeply with the ethos of the Indian Army. As Goswami embarks on this noble journey, he stands as a beacon of inspiration for the youth of the nation, exemplifying the values of courage, integrity, and selflessness.

লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে বাছি লৈছে ভাৰতীয় ৰেল। প্ৰতিদিনেই ৰেলৰ যোগেদিয়েই নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছ সৰবৰাহ হৈ আ্ছে।ৰাজ্য চৰকাৰৰ প্ৰতিবন্ধকতা থকাৰ পিছতও বন্ধ হোৱানাই ড্ৰাগছৰ কলা বেহা।পূৰ্বেও ৰেল আৰক্ষী আৰু আৰ পি এফৰ ছি আই বি দলে কেবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল আৰু বাতৰিৰ শিৰোনামও দখল কৰিছিল।তাৰপিছতেও বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ।সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ৰেল যোগেদি চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।একপ্ৰকাৰ কব লাগিব ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।যোৱা কালি তথা শুক্ৰবাৰে নিশাৰ ভাগত নামনিমুৱা 15909 নং অবধ আসাম এক্সপ্রেসত ৭৫ লাখ টকাৰ মূল্যৰ বুজন পৰিমাণৰ ড্ৰাগচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।

লামডিং আৰ পি এফৰ ছি আই বি দলে নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ট্ৰেইনখনৰ S3 ডবাত তালাচী চলাই জব্দ কৰে বৃহত পৰিমাণৰ ড্ৰাগছ।অভিযানত ৩২টা হেৰ’ইন ভৰ্তি সাবানৰ বাকচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।জব্দ কৰা হেৰ’ইন খিনিৰ ওজন ৩৭২ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৭৫ লাখ টকা বুলি জানিব দিয়ে।লামডিং আৰু হোজাই ষ্টেচনৰ মাজত ছি আই বি দলৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত দলটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।ৰেল সুৰক্ষা বাহিনীয়ে কোটি টকাৰ হেৰ’ইনখিনি জব্দ কৰি লামডিঙ ৰেল আৰক্ষীক সমজাই দিয়ে।

আনফালে লামডিঙ আৰক্ষীয়ে সন্ধিয়াৰ ভাগত লামডিঙ বাবুপট্টীত ৰেল কোৱাটাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৰেল কৰ্মচাৰী সহ এজন যুৱকক আটক কৰে।আটকাধিন ৰেল কৰ্মচাৰী নাম দিপক দাস উৰফে(ভূষণ) আন জনৰ নাম দ্বীপ হাজাৰি ঘৰ লামডিঙ নিউ কলনীত।তেওঁলোকৰ পৰা দুটা সাবানৰ বাকচ উদ্ধাৰ কৰে।দুটা সাবানৰ বাকচত প্ৰায় ২৮ গ্ৰাম ড্ৰাগছ।পূৰ্বেও ৰেল কৰ্মচাৰী দিপক দাসক লামডিঙ আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰি জেল হাজুলৈ প্ৰেৰণ কৰিছিল তাৰপিছতেও বন্ধ কৰা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা।লামডিঙত একাংশ যুৱপ্ৰজন্মৰ ভবিষ্যত ধ্বংসৰ পথত।বৰ্তমান একাংশ যুৱপ্ৰজন্ম মাৰাত্মক ড্ৰাগছৰ কবলত।লামডিঙৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ঘাটিত পৰিণত হৈ্ছে যদিও লামডিঙ আৰক্ষী অভিযান অব্যাহত ৰাখিছে।লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান।

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২৪ – ২৫ বৰ্ষৰ পাঠদান কাৰ্যসূচী এপ্রিল মাহৰ পৰা আৰম্ভ হৈছে। লাহে অঞ্চলৰ ভিতৰত সৰ্বোচ্চ উন্নত মানৰ ফলাফল কৰাৰ পিছত এতিয়া স্হানীয় ৰাইজ তথা অভিভাবক সকলৰ মনত সাফল্যৰ আস্হা বাড়ি গৈছে।

সম্প্রতি ছাত্র ছাত্রী সকলৰ ভৰ্তিৰ দিশতো এ খোঁজ আগবাঢ়ি আছে। স্কুল খনত উন্নত মানৰ পাঠদানৰ লগতে ছাত্র ছাত্রী সকলৰ প্ৰেৰণা আৰু উৎসাহ যুগুৱাৰ বাবে প্ৰতি শনিবাৰে অনুষ্ঠিত হয় চেটাৰডে ক্লাৱ, য’ত প্ৰতিভা সম্পন্ন ছাত্র ছাত্রী সকলে পৰিবেশন কৰে আমোদজনক গীত আৰু নৃত্যৰ লগতে কবিতা আবৃত্তি।

তাৰে লগত সংগতি ৰাখি আজিও শনিবৰীয়া ক্লাৱ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে অধক্ষ চুলমান আলীয়ে। গীত আৰু নৃত্য অনুষ্ঠানটি পৰিচালনা কৰে জেষ্ঠ শিক্ষক খাইৰুল ইছলামে।

নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…

কংগ্ৰেছ নেতা তথা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীৰ বিজেপিত যোগদান।কিছুদিন পূৰ্বে সভাপতিৰ পদ এৰিছিল নেতাগৰাকীয়ে। দলৰ প্ৰাৰ্থী তালিকাক লৈ মতবিৰোধৰ পাছতে কৰিছিল পদত্যাগ।

কেৱল অৰবিন্দৰ সিং লাভলীয়েই নহয়, তেওঁৰ সৈতে আজি আনুষ্ঠানিকভাৱে বিজেপিত চামিল হয় পূৰ্বৰ মন্ত্ৰী ৰাজ কুমাৰ চৌহান, পূৰ্বৰ মন্ত্ৰী নছিব সিং, নীৰজ বাসৌয়া আৰু অমিত সিং।

অৰবিন্দৰ সিং লাভলীয়ে দুবাৰকৈ দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেওঁ মুঠ চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও শীলা দীক্ষিতৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন।

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।

ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা আন এখন বাহনতো খুন্দিয়াইছিল স্ক’ৰপিঅ’খনে।

বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…

বৰ্তমান সময়ত চলি থকা বিভিন্ন প্ৰতিযোগিতা বোৰত বিশেষকৈ বিহুৱতী , হুঁচৰি , মুকলি বিহু , সৃষ্টিশীল নৃত্য ,ভাওনা , দিহানাম, নাটক আদিত প্ৰায়েই বিচাৰকক লৈ বিতৰ্ক সৃষ্টি হয়। বিভিন্ন সময়ত সামাজিক মাধ্যমত এই বোৰ বিতৰ্ক চলি থাকে। আছলতে বিচাৰতৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিছে , কাক আছলতে প্ৰকৃত বিচাৰক বুলি কোৱা হয়। এইবোৰ কথাই বিভিন্নসময়ত বিভিন্নজনৰ মাজত প্ৰশ্ন হয়। মাজে মাজে বিচাৰকৰ অসহায় স্বীকাৰেক্তি শুনা যায়। বহু অনুষ্ঠানত সমিতিয়ে বিচৰাৰদৰে বিচাৰ কৰিবলগীয়া হয় বুলিও একাংশ বিচাৰকে কব বিচাৰে। বহু সময়ত দেখা যায় একাংশ ব্যক্তিয়ে দুটামান বিহুনাম গাবজানিলেই বিহুৰ বিচাৰক হয় । তেঁওৰ নাথাকে কোনো ঢোল বা আন বাদ্য যন্ত্ৰৰ সাময়িক জ্ঞান। সেইধৰণে ভাওনাৰ বেলিকাদেখা যায় কোনো দিন ভাওনা কৰি নোপোৱা মাত্ৰ দুটামান শ্লোক জানিলেই, দুটামান ধৰ্মীয় প্ৰবন্ধ লিখিলেই ভাওনাৰ বিচাৰক হয়। নাটকৰ বেলিকা দেখা যায় দুখনমান নাটকত অভিনয় কৰিলেই বিচাৰক হৈ পৰে। আছলতে প্ৰতিযোগিতা সমুহক বিচাৰককোন হব পাৰে কোনেও আজিলৈকে নিৰ্ধাৰণ কৰিব পৰা নাই বা কোনো সংবিধান, নীতি নিয়ম নাই। কিছু দিনৰ আগতে অসমসাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফলৰ পাছত অসমৰ এজন স্বনামধন্য শিল্পীৰ অসহায় স্বীকাৰোক্তি সামাজিক মাধ্যমত বহুল চৰ্চিতহৈছিল । তেঁওক কোনোবা এটা দিলে পুৰস্কাৰ কিয় নাপালে বুলি প্ৰশ্ন কৰাত তেঁও পুৰস্কাৰ পোৱা দল কেইটা তেঁওলোকে নিৰ্ধাৰণকৰা নাই বুলি মন্তব্য কৰিছিল । পিছত অৱশ্যে তেঁও ইয়াৰ কাৰণসমুহ সামাজিক মাধ্যমত জানিবলৈ দিছিল। কিন্তু ইয়াৰ সন্দেহসকলোৰে থাকি গল। বিহুৰ প্ৰতিযোগিতা বোৰত প্ৰায়ে শুনা কথাটো হল একাংশ বিচাৰকক মেনেজ নকৰিলে পুৰস্কাৰ নাপায় ।কথাটো যে সত্য সেই কথা আমিও প্ৰমাণ পাইছিলো । এটা সময়ত আমাৰ এটা বিহুদল আছিল। ২০০৫ চন মানৰ কথা।তেতিয়া অসমৰ বিভিন্ন বিহু মঞ্চত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । আমি বিভিন্ন মঞ্চত যোগদান কৰিছিলো কিন্তু প্ৰথমপৰ্যায়ত কতো পুৰষ্কাৰ পোৱা নাছিলো অথচ আমাতকৈ বেয়া প্ৰদৰ্শণ কৰা বহু কেইটা দলে সেই সময়ত পুৰষ্কাৰ পাইছিল।এটাসময়ত আমাৰ মন ভাগি গৈছিল । সেই সময়তে আমাৰ লগত সেই সময়ৰ সদৌ অসম বিহু সন্মিলনী নামৰ এটা সংস্থাইযোগাযোগ কৰিলে আৰু আমাক কলে তোমালোকে এইদৰে বিহু মাৰি থাকিলে পুৰষ্কাৰ নাপাবা । তোমালোক আমাৰ সদস্য হবলাগিব। সেইমতে আমি এজন সদস্যৰ ১০০ টকাকৈ আৰু দলৰ বাবদ ১০০০ টকা দি পঞ্জীয়ন কৰিলো । কথামতেই কাম তাৰপাছত সন্মিলনীৰ মানুহ বিচাৰক হিচাপে থাকিলেই আমি কিবা এটা পুৰষ্কাৰ পাবলৈ ললো। পৰৱৰ্তী সময়ত মোক দলপতিহিচাপে এজনে কলে ‘ তুমি আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবা , ১০০০ টকা দিব লাগিব , তোমাক বিচাৰকৰ কাৰ্ডএখন দিম , তুমি বিচাৰক কৰিব পাৰিবা ‘। মই পোনছাটেই সেই কথা নাকচ কৰিলো। আৰু ভাবিবলৈ বাধ্য হলো বিচাৰক কিদৰে হয় । কিছুদিনৰ পাছত এইবোৰ দেখি শুনি আমাৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিলো। বৰ্তমান সময়তো এনেবহু কথা আমি শুনিবলৈ পাও। শুনামতে বহু বিহুৱতীয়ে বিহু প্ৰৰ্দশণ কৰিবলৈ আগবঢ়াৰ আগতে বিচাৰক সকলৰ ঘৰে ঘৰেআহি ধনৰ টোপোলা দি আৰ্শীবাদ লয় ।সেই বিহুৱতী সকলে বিচাৰক সকলক শুধিহে প্ৰতিযোগিতাবোৰত যোগদান কৰে ।সেইবাবেই বহু সময়ত দেখা যায় বহুত ভাল প্ৰদৰ্শণ কৰাৰ পাছতো বহু বিহুৱতীয়ে পুৰষ্কাৰ লাভ নকৰে। যাৰ বাবে বহু প্ৰতিভবানবিহুৱতীয়ে আধাতে বিহু এৰিব লগীয়া হয়। বৰ্তমান সময়ত সেইবাবে গাঁঠিৰ ধন ভাঙিব নোৱাৰা বহুতে প্ৰতিযোগিতা বোৰতঅংশ লব নোৱাৰে । এটা বিহু দল গঠন কৰোতে বহু টকা খৰচ হয় কাৰণ এটা দলত থকা সকলো শিল্পীকে এক নিদিৰ্ষ্ট মাননীতচুক্তিবদ্ধ হয় । সেইমতে যদি দুই এটা পুৰষ্কাৰ নাপায় তেন্তে বিহুৱতী বা বিহুদলে প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰে । বিহুসুৰক্ষা সমিতি বুলি এক সংস্থা আছে বুলি শুনিছো কিন্তু সেই সংস্থাটোতো সকলো বিচাৰক নাই। তেঁওলোকে কিছুমান নিয়মবনাইছিল কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত নহল ।আটাইতকৈ পৰিতাপৰ কথা যে বৰ্তমান সময়ত এজন ঢুলীয়া বা দিহানামৰ শিল্পীয়েবিহুৰ বিচাৰ কৰিবলৈ যোৱাৰ লগতে বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত বিচাৰ কৰিবলৈআগবাঢ়ি যায়। কোনোদিন নৃত্যৰ লগত জড়িত নোহোৱা বহু ব্যক্তিয়েই এনে ধৰণৰ প্ৰতিযোগিতা বোৰত বিচাৰ কৰে। সৃষ্টিশীলনৃত্য প্ৰতিযোগিতা আছলতে কোনো কাৰণতে বিহুৰ মঞ্চত খাপ নাখায় কিন্তু বৰ্তমান সময়ত অসমৰ প্ৰায়বোৰ মঞ্চতে এইপ্ৰতিযোগিতা নহলে বিহু নহয়। ইয়াৰ মুখ্য কাৰণ হল আজিকালি প্ৰায়বোৰ অভিভাৱকে মবাইল চাই হলেও নিজৰ সন্তানক এইপ্ৰতিযোগিতালৈ আগবঢ়াই দিয়ে ।ইয়াত প্ৰতিযোগীৰ সংখ্যা ইমানেই বেছি হয় যে বহু মঞ্চত ৰাতিপুৱা ৬ বজালৈকে প্ৰতিযোগিতাচলে। ইয়াৰ লাভ লোকচান কি কোনেও চিন্তা কৰি চোৱা নাই।একাংশ এনেকুৱা মানুহেও আজিকালি বিচাৰ কৰিবলৈ আগবাঢ়িআহি যি সকলে সমিতিক টকা দি বিচাৰকৰ বাবে মাতিবলৈ কাকুতি মিনতি কৰে। বহু বিচাৰকে সমিতিৰ লগত নিজে যোগোযোগকৰে বিচাৰক হিচাপে মাতিবলৈ। সমিতি বিলাকেও সকলোৱে কোন ভাল কোন বেয়া নাজানি যিকোনো মানুহক নিমন্ত্ৰণ কৰেযাৰ বাবে কেতিয়াবা দৃষ্টিকতুভাবে একাংশ একেবাৰে অযোগ্য প্ৰতিযোগীক নিৰ্বাচিত কৰে। শেষত গৈ সমিতি ৰাইজৰ ৰোষতপৰিবলগীয়া পৰিস্থিতিৰো সৃস্টি হয়। আছলতে এই বিলাকৰ বাবে নৃত্যৰ বিশাৰদ ডিগ্ৰী থকা মানুহক হে বিচাৰ কৰিবলৈ দিব লাগে।

বৰ্তমান সময়ত বিশেষকৈ উজনি অসমত আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাটো হল – ভাওনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসাধাৰণতে সদৌ অসম ভিত্তিতেই সকলোৱে অনুষ্ঠিত কৰে কিন্তু নামনি অসমৰ দল প্ৰায়েই নাথাকেই গতিকে সকলোৱে এইপ্ৰতিযোগিতাৰ নামটো উজনি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা কৰা ভাল। ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাওনাপ্ৰতিযোগিতা আদৰণীয় পদক্ষেপ যদিও বৰ্তমান সময়ত এই প্ৰতিযোগিতা ইমানেই বেছি হবলৈ ধৰিলে যে ই ভাওনাৰ প্ৰকৃতসংজ্ঞাৰ পৰা আঁতৰি অহা যেন অনুভৱ হয়। এটা সময়ত আমিও এই প্ৰতিযোগিতাত এটা দল জন্ম দি অংশগ্ৰহণ কৰিছিলো ।কিন্তু বৰ্তমান ইয়াৰ পৰা আঁতৰি আহিছো। মুল কাৰণ হল বিভিন্ন বিচাৰকৰ বিভিন্ন মত। আজিকালি প্ৰায়েই সামাজিক মাধ্যমতএকাংশ বিচাৰকৰ বিভিন্ন মন্তব্য শুনিবলৈ পাও সকলোৰে নিয়ম নীতি বেলেগ। আজিলৈকে বিহুৰ দৰে ভাওনাৰো কোনো নীতিনিয়ম প্ৰস্তুত নহল। একাংশই এই চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও সফল হোৱ্ নাই। ইয়াত অৱশ্যে ভাওনাৰ শিল্পীসকলৰো দোষ নথকা নহয়। বহুতে ভাবে যে এবাৰ যেতিয়া তেঁও পুৰষ্কাৰ পালে সকলোতে পাব লাগে।

যেতিয়াই কোনো ঠাইতপুৰষ্কাৰ নাপায় তেতিয়াই তেঁওলোকে বিচাৰকৰ ওপৰত ক্ষোভা উজাৰিবলৈ আৰম্ভ কৰে। এবাৰ এক ভাওনা প্ৰতিযোগিতাতএনেকুৱা পৰ্যায় পালেগৈ যে বিচাৰকে ফলাফল ঘোষণা কৰাৰ পাছত বিভিন্ন দলে তেঁওলোকক জবাবদিহি কৰিবলৈ আৰম্ভ কৰিলে। কাৰোবাক লাগে শ্ৰেষ্ঠ দল , কাৰোবাক লাগে শ্ৰেষ্ঠ অভিনেতা। মুঠৰ ওপৰত ফলাফল ঘোষণা কৰ সময়ত উপস্থিত সকলোকেপুৰষ্কাৰ লাগে। শেষত বিচাৰক পলাবলৈ বাধ্য হ’ল। শেষত সমিতিয়ে সিদ্ধান্ত কৰি উপস্থিত থকা সকলো দলকে পুৰষ্কাৰ সমুহভগাই দিবলৈ বাধ্য হল। সেই ধৰণেই যদি প্ৰতিযোগিতা হয় তেন্তে ভাওনা প্ৰতিযোগিতা পতাৰ কি সাৰ্থক হৈছে। এইসকলোবোৰৰ মুলতে হল ভাওনাৰ সকলো জ্ঞান থকা ব্যক্তিৰ অভাৱ। কোনোবাই যদি খোল বাদ্যত পাৰ্গত অভিনয়ত পাৰ্গতনহয়। কোনোবা যদি অভিনয়ত পাৰ্গত তেন্তে গীতমাতত পাৰ্গত নহয়। গতিকে ফলাফলত বিসংগতি হোৱাটো স্বাভাৱিক।আজিকালি এনেকুৱা এচাম বিচাৰক হৈছে যিসকলে এটা দল পৰিচালনা কৰে আৰু নিজে সমিতিয়ে নজনাকৈ বিচাৰকৰআসনত বহে ফলত নিজৰ দলটোক পুৰষ্কাৰ দিবলৈ যাঁওতে আন দল বিলাকে ক্ষোভিত হয়। বহু নামি দামী ভাওনাৰ দলেআজিকালি কেৱল ঘৰুৱা ভাওনা পোৱাৰ স্বাৰ্থত যিকোনো প্ৰকাৰে বিচাৰক আৰু সমিতিক মেনেজ কৰি পুৰষ্কাৰ লব বিচাৰে। আনকি তেঁওলোকে সমিতিৰ লগত নগদ ধনৰ পুৰষ্কাৰ নলও বুলিও চুক্তি কৰে । মাত্ৰ তেঁওলোকক নামটো লাগে তেতিয়াহেআকৌ তেঁওলোকে দুখনমান ‘ডেম’ অৰ্থাৎ প্ৰদৰ্শণী ভাওনা বেছিকৈ পাব। সেই ধৰণেই প্ৰতিযোগিতা বোৰ চলি আছে । আমাৰলক্ষ্য গুৰুজনাৰ কৃষ্টি , সংস্কৃতি জীয়াই ৰখা কিন্তু বৰ্তমান সময়ত খোলটো অলপ বজাব জানিলেই নিজকে বায়েন বুলি কৈ টকাডিমাণ্ড কৰা , নিজৰ গাঁৱৰ ভাওনাখনতো অংশগ্ৰহণ কৰিলে পইছা লোৱা ভাওনা শিল্পী বহুত দেখিছো। যাৰ প্ৰভাৱ আজিকালিকম বয়সৰ লৰাবোৰৰ মাজতো হৈছে। যিটো এক অশুভ লক্ষণ। মুঠৰ ওপৰত ভাওনা , বিহু এইবিলাক দিশত সম্পুৰ্ণ পাৰ্গত শিল্পী সকলে প্ৰতিযোগিতাৰ এক নিৰ্দিষ্ট নীতি নিয়ম ঠিক নকৰালৈকেপ্ৰতিযোগিতাত সদায় বিতৰ্ক থাকিবই।

লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…

আগন্তুক লোকসভা নিৰ্বাচন, ২০২৪ চনৰ বাবে সকলো ৰাজনৈতিক দলে ৯৬৯ মিলিয়ন ভোটাৰৰ মন জয় কৰি ৫৪৩ খন আসনত জয়লাভ কৰিবলৈ বিভিন্ন ৰাজনৈতিক কাৰ্যসূচী হাতত লৈছে। তাৰ ভিতৰত ৰাজনৈতিক দলসমূহে প্ৰকাশ কৰা ইস্তাহাৰসমূহ (Manifestos )দলৰ আদৰ্শ, ভোটাৰক দিয়া প্ৰতিশ্ৰুতিসমূহ (Promises) আৰু প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী কৰাৰ কলা-কৌশল আদি তথ্য গধুৰ এখন পুথিৰ দৰে। ২৬ টা বিৰোধী দলসমূহৰ সন্মিলিত “ইণ্ডিয়া”ক (Indian National Development inclusive Alliance, INDIA) নেতৃত্ব প্ৰদান কৰা ভাৰতীয় কংগ্ৰেছ দলে ২০ দফীয়া প্ৰতিশ্ৰুতিৰে দলীয় ইস্তাহাৰত কেন্দ্ৰত নেতৃত্বধীন ভাৰতীয় জনতা দলৰ প্ৰশাসনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰ, উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িকতাবাদ আৰু ধৰ্মৰ ভিত্তিত অৰ্থনৈতিক বৈষম্যৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। লগতে গ্ৰাম্য জীৱনৰ দুৰ্দশা, নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক বৈষম্য দূৰ কৰাৰ বাবে ভোটাৰ ৰাইজক ২৫ টা গেৰান্টি প্ৰদান কৰিছে।

সেইবোৰ হ’ল ক্ৰমে, দেশৰ যুৱ, তিৰোতা,কৃষক আদিক অৰ্থনৈতিক সম অধিকাৰ , অনুসূচিত জাতি, অনুসূচিত জনজাতি অন্যান্য পিছপৰা জাতি, অতিৰিক্ত পিছপৰা জাতিৰ বাবে ৫০% সংৰক্ষণৰ ক্যাপ বৃদ্ধিৰ ব্যৱস্থা কৰি সকলো জনগোষ্ঠীৰ বাবে জনগোষ্ঠীয় ভিত্তিত লোক পিয়লৰ ব্যৱস্থা, সংখ্যালঘুৰ ব্যক্তিগত আইন, মৌলিক অধিকাৰসমূহ খাদ্য, পোছাক আৰু বিয়াৰ ক্ষেত্ৰতো হস্তক্ষেপ কৰা আইনসমূহ সংশোধন কৰা, সামাজিক মাধ্যম আৰু ইন্টাৰনেটৰ জৰিয়তে মত প্ৰকাশ কৰাৰ অধিকাৰ সংৰক্ষণ কৰা, মহালক্ষ্মী স্কীমৰ অধীনত প্ৰতি বছৰে দুখীয়া পৰিয়ালক চৰ্তহীন ভাবে এক লাখ টকাকৈ প্ৰদান কৰা, সাৰ্বজনীন স্বাস্থ্য স্কীমৰ অধীনত ২৫ লাখ টকা লৈকে স্বাস্থ্য বীমা প্ৰচলন কৰা, অৰ্থনৈতিক ভাবে দুৰ্বল শ্ৰেণীৰ (EWS) বাবে চাকৰি , শিক্ষানুষ্ঠানত কোনো বৈষম্য নোহোৱাকৈ সকলো জাতিৰ বাবে দহ শতাংশ কোটা প্ৰদান কৰা, ত্ৰাণৰ এককালীন পৰিমাপ হিচাপে ছাত্ৰ শিক্ষাগত ঋণৰ ক্ষেত্ৰত ১৫ মাৰ্চ ,২০২৪ চন পৰ্যন্ত অবৈতনিক সুদ সহ বকেয়া পৰিমাণ বাতিল কৰা হ’ব আৰু চৰকাৰে বেংকসমূহক ক্ষতি পূৰণ দান কৰা, জাতীয় ন্যূনতম মজুৰি প্ৰতিদিনে ৪০০ টকা নিৰ্ধাৰিত কৰাৰ নিশ্চয়তা প্ৰদান, অগ্নিপথ কৰ্মসূচী বাতিল কৰি সম্পূৰ্ণ অনুমোদিত শক্তি অৰ্জনৰ বাবে সশস্ত্ৰ বাহিনীক স্বাভাৱিক পদ্ধতিৰে নিয়োগ ব্যৱস্থা কৰাৰ বাবে অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত অনুমোদিত ৩০ লাখ খালি পদ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দান, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ পদসমূহৰ ৫০ শতাংশ মহিলাসকলৰ বাবে সংৰক্ষণ, চাকৰিৰ বাবে নিবেদন কৰাৰ বাবে প্ৰপত্ৰ পূৰণৰ বাবে কোনো ফিহ আদি নোলোৱাকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা দিয়া, সম্পত্তিৰ সম বিতৰণ, জি এছ টি আইনক সংশোধন কৰি জি এছ টি ২.০ দি প্ৰতিষ্ঠাপন, জম্মু আৰু কাশ্মীৰক পুনৰাই ৰাজ্য হিচাপে স্বীকৃতি দি বিশেষ ৰাজ্যৰ অধিকাৰ প্ৰদান, চহৰৰ পৰিকাঠামোৰ পুনৰনিৰ্বাৰণ আৰু চহৰৰ দুখীয়া মানুহৰ কৰ্ম সংস্থানৰ ব্যৱস্থা, চৰকাৰী, পি এছ ইউত নিয়মিত চাকৰিৰ চুক্তি বাতিল কৰি চাকৰি নিয়মিত কৰাৰ আশ্বাস দান,এঞ্জেল টেক্স আৰু শোষণমূলক টেক্সসমূহ বাতিল কৰাৰ প্ৰতিশ্ৰুতি, প্ৰত্যেক ডিপ্লোমাধাৰী বা ২৫ বছৰৰ তলৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰ-ছাত্ৰীৰ বাবে এক বছৰৰ শিক্ষানবিচ প্ৰদানৰ বাবে শিক্ষানবিচ আইনৰ নতুন অধিকাৰৰ নিশ্চয়তা প্ৰদান, কৰ্ম-সংস্থান কৰ্মসংস্কৃতি চালু, মাথোঁ এটি প্ৰত্যক্ষ কৰ কোড প্ৰণয়নৰ প্ৰতিশ্ৰুতি , সংবিধানৰ ৩৫৬ অনুচ্ছেদৰ সংশোধন ঘটোৱা, কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা নাগৰিকত্ব সংশোধনী আইনখন ৰ’দ কৰা, ইউ চি চি (Uniform Civil code) স্থগিত ৰখা। এক দেশ এক নিৰ্বাচন পদ্ধতিত নিৰ্বাচন অনুষ্ঠিত নকৰা। এক দেশ নামৰ অজুহাতত ইণ্ডিয়া নাম উঠাই দি দেশৰ নাম কেৱল ভাৰত ৰখা প্ৰযোজ্য নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ইত্যাদি বিভিন্ন গেৰেন্টি জাতীয় কংগ্ৰেছ দলৰ ইস্তাহাৰ ; বা ন্যায় পত্ৰত ( Demand for Justice ) সন্নিৱিষ্ট হৈছে।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বাধীন বিৰোধী সন্মিলিত দলসমূহৰ প্ৰধানকৈ মাৰ্ক্সবাদী কমিউনিষ্ট দল, ডি এম কে, সমাজবাদী পাৰ্টী, আৰ জে ডি, বি এছ পি,আপ, ৰাষ্ট্ৰীয় কংগ্ৰেছ দল , তৃণমূল কংগ্ৰেছ দল আদি ইস্তাহাৰত বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে প্ৰচলন কৰা স্বৈৰাচাৰী শাসন ব্যৱস্থা,বৈষম্যমূলক আইন, ব্যক্তিগত স্বাধীনতা খৰ্ব কৰা, সংবিধান-প্ৰদত্ত মৌলিক অধিকাৰসমূহৰ ওপৰত হস্তক্ষেপ, শোষণমূলক টেক্সসমূহৰ দ্বাৰা দেশৰ অভ্যন্তৰত অস্থিৰতা সৃষ্টি কৰা, অৰ্থনৈতিক সংকট নমাই অনা আৰু উগ্ৰ হিন্দুত্ববাদী সাম্প্ৰদায়িক আদৰ্শৰ ভিত্তিত সংখ্যালঘুৰ ওপৰত প্ৰয়োগ কৰা দমনমূলক আইনসমূহ ৰ’দ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ সৈতে একেধৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ উপৰিও অঞ্চল ভেদে সৃষ্টি হোৱা কিছুমান সমস্যা সমাধান কৰিবলৈ প্ৰতিশ্ৰুতি দান কৰা পৰিলক্ষিত হৈছে। সেইবোৰ ইয়াত আলোচনা কৰা নিষ্প্ৰয়োজন। দেশৰ শাসন কাৰ্য চলাই যোৱা জাতীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ (National Democratic alliance,NDA) মিত্ৰজোঁটৰ নেতৃত্ব প্ৰদান কৰা ভাৰতীয় জনতা পাৰ্টীয়ে দলীয় ইস্তাহাৰত প্ৰকাশ কৰিছে যে, এক দেশ এক নিৰ্বাচন অনুষ্ঠিত কৰা , অভিন্ন দেওৱানী বিধি ( UCC) ,দেশৰ সকলো নাগৰিকক লৈ নাগৰিকত্ব সংশোধনী আইনখন প্ৰযোজ্য কৰা (Citizenship amendment act ,CAA), এক দেশ এক ” ভাৰত ” নাম, ভাৰত চীন,ভাৰত পাকিস্তান,ভাৰত ম্যানমাৰ সীমান্তৱৰ্তী ৰাষ্ট্ৰ সমূহৰ সীমা নিৰ্ধাৰিত কৰি অত্যাধুনিক ডিজিটেল পদ্ধতিৰে সীমা সুৰক্ষাৰ ব্যৱস্থা কৰা। অযোধ্যা মন্দিৰ স্থাপনক থিম হিচাপে লৈ দেশত ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ লক্ষ্য স্থিৰ কৰা,নাৰীয়ে সম অধিকাৰ লাভ কৰা, আই আই টি, এইমছ, আই আই এম আদি উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহক গুৰুত্ব আৰোপ প্ৰদান কৰা, উত্তৰ-পূৰ্বাঞ্চলত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে পৰ্যায় ক্ৰমে AFSPA ৰ’দ কৰা হ’ব আৰু ৰাজ্যসমূহৰ সীমা-বিবাদ মীমাংসা কৰা হ’ব।

ভাৰতবৰ্ষখন অতি শীঘ্ৰে বিশ্বৰ ভিতৰতে তৃতীয় অৰ্থনৈতিক শক্তিশালী দেশ হিচাপে পৰিগণিত কৰা , পি এম গৰীৱ কল্যাণ অন্ন‌ যোজনাৰ অধীনত দেশৰ ৮০ কোটি নাগৰিকক পাঁচ বছৰৰ ভিতৰত বিনামূলীয়া ৰেচন কাৰ্ড যোগান ধৰা, পি এম সূৰ্য ঘৰ মুফ্ট বিজুলী যোজনাৰ অধীনত (PM Surya Ghar muft Bijli Yojna) দুখীয়া পৰিয়ালক বিনামূলীয়া বিজুলী যোগানৰ ব্যৱস্থা, তিনি কোটি গ্ৰাম্য তিৰোতাক লাখপতি বনোৱা, শিক্ষানুষ্ঠান আৰু শিল্প উদ্যোগ আৰু বাণিজ্য অনুষ্ঠান সমূহত তিৰোতাৰ বাবে হোষ্টেল নিৰ্মাণ, তিৰোতা মানুহৰ এনিমিয়া বা ৰক্তশূন্যতা (Anemia ), ব্ৰেষ্ট কেন্সাৰ( Breast Cancer,কাৰ্ভিকেল কেন্সাৰ ( Karvical Cancer)আদি দুৰাৰোগ্য বেমাৰ উপশম কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰে হাতত লোৱা, নাৰী শক্তি বন্ধন অধিনিয়মৰ জৰিয়তে দেশৰ পাৰ্লিয়ামেন্ট আৰু বিধানসভাত নাৰীৰ কাৰণে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা, পি এম কিশান সন্মান নিধি যোজনাৰ অধীনত দেশৰ কৃষক সকলক বাৰ্ষিক ৬০০০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, কৃষি আন্তঃগাথনি তৈয়াৰ কৰি কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ এম এছ পি বৃদ্ধি কৰি উচিত মূল্যত বিক্ৰীৰ ব্যৱস্থা, সঞ্চয় কৰা , জলসিঞ্চনৰ ব্যৱস্থা কৰা, কৃষিজাত সামগ্ৰী ৰপ্তানি আৰু আমদানি কৰাৰ লগতে বিভিন্ন ধৰণৰ সা-সুবিধা প্ৰদান কৰা, কৃত্ৰিম সাৰ, কীটনাশক ঔষধ সুলভ মূল্যত যোগান ধৰা, শীতলীকৰণ প্ৰক্ৰিয়াৰ মাজেৰে শাক-পাচলি সংৰক্ষণ ইত্যাদিৰ জৰিয়তে কৃষকৰ মানদণ্ড উন্নত কৰা, অটো, টেক্সী,ট্ৰাক আদিৰ ড্ৰাইভাৰ সকলক সামাজিক সুৰক্ষা দান কৰা, বিৰোধী দলসমূহৰ ইস্তাহাৰত ঘোষনা কৰা সম্পত্তি সম বিতৰণ আৰু ইনহেৰিটেন্স টেক্সৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকাশ কৰিছে এইবোৰ আইনৰ জৰিয়তে বিৰোধী দলসমূহে সংখ্যালঘু মুছলমানক তোষামোদ কৰি মুছলমানৰ জৰিয়তে ভোট বেংক তৈয়াৰ কৰিব বিচাৰে। বি জেপি য়ে ধৰ্মৰ ভিত্তিত মুছলমানক ৪ শতাংশ সংৰক্ষণ ব্যৱস্থা উঠাই দি অনুসূচিত জাতি অনুসূচিত জনজাতি,অ বি চি, এম অ বি চি ক সংৰক্ষণ নীতি বজাই ৰাখিবলৈ স্থিৰ সিদ্ধান্ত গ্ৰহণ কৰে। বি জে পি ৰ মতে সম্পত্তি সম বিতৰণৰ নামত কংগ্ৰেছ আৰু বিৰোধী দলসমূহে সম্পত্তি ভাগ কৰি হিন্দুৰ সম্পত্তি ভোটৰ স্বাৰ্থত সংখ্যালঘু মুছলমানক ভগাই দিব বিচাৰে,যাক কেতিয়াও মানি লব নোৱাৰি ।‌ইনহেৰিটেন্স টেক্স আইনৰ জৰিয়তেও সংখ্যালঘু মুছলমানক অ বি চি কেটেগৰীৰ সংৰক্ষণ নীতিৰ অধীনত আনিব বিচৰা হৈছে। ইয়াক বি জে পি য়ে নস্যাৎ কৰি ইয়াক ৰ’দ কৰে।

যি কি নহওঁক, নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ সময়ত ৰাজনৈতিক দলসমূহৰ দলীয় ইস্তাহাৰ তল পৰা পৰিলক্ষিত হৈছে। আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ পৰা অনুষ্ঠিত নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে প্ৰকাশ কৰা তেওঁলোকৰ দলীয় ইস্তাহাৰসমূহত উল্লেখ কৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰা দেখা নাযায় ; দেশৰ জনসাধাৰণো এই ক্ষেত্ৰত বৰ বেছি সচেতন বুলি মনে নধৰে। বৰঞ্চ নিৰ্বাচনী কুচ-কাৱাজ চলি থকাৰ সময়ত ৰাজনৈতিক দলসমূহৰ ৰথী-মহাৰথী সকলে নিৰ্বাচনী সভাত গৰম গৰম বক্তৃতা প্ৰদান কৰা দেখা যায়। দলসমূহে নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে লাখ লাখ সমৰ্থক,দলৰ মন্ত্ৰী, নেতা পালিনেতা আৰু দলীয় প্ৰাৰ্থীক লৈ বিশাল গণ-মিছিল বা ৰোড শ্ব ৰ জৰিয়তে এক মেলামুখী উৎসৱলৈ পৰিণত কৰে ;বাটে-ঘাটে পোষ্টাৰ, বেনাৰ আৰু “আকৌ এবাৰ মোদী চৰকাৰ” নৃত্য-গীতেৰে নিৰ্বাচনী প্ৰচাৰ ৰঙ্গমঞ্চলৈ পৰিণত হয়। ইয়াৰ উপৰিও সামাজিক মাধ্যম যেনে হোৱাইটচ এপপ, ফেচবুক, ইনষ্টেগ্ৰাম, ইন্টাৰনেট , টুইটাৰ, টিভি , ৰেডিঅ’, বাতৰি কাকত আদিৰ জৰিয়তে ৰাজনৈতিক দলসমূহে নানা ৰংচঙীয়া বিজ্ঞপ্তি প্ৰচাৰ কৰি ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা কৰে। যোৱা ২০১৯ চনত এই ডিজিটেল পদ্ধতিৰে ৰাজনৈতিক দলসমূহে বিজ্ঞপ্তি প্ৰচাৰ কৰাৰ বাবে ২৫ লাখ কোটি টকা খৰচ কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এই মাধ্যমৰ জৰিয়তে প্ৰায় দ্বিগুণ অৰ্থাৎ ৫০ লাখ কোটি টকা খৰচ হোৱাৰ সম্ভাৱনা আছে। তাৰ উপৰিও ৰাজনৈতিক দলসমূহে বিভিন্ন শ্লোগান আওৰাই ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰি আছে । যেনে ভাৰতীয় জনতা পাৰ্টীৰ শ্লোগান ” আবকে বাৰ চাৰশ পাৰ ” । ভাৰত জোড়ো আন্দোলনৰ কাৰ্যসূচী হাতত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰ্বাচনী শ্লোগান আওৰাইছে ” হাত বদলাগে হালাত ( Hand will make change)


সমাজ বাদী দলৰ শ্লোগান ” বিকাশ কী চাবি ,ডিম্পল ভাবী, বিকাশ কী পহিয়া, অকলেশ ভাইয়া ।”
বি এছ পি দলে কৈছে, বেটিয়ো কো মুছকৰানে দো, বহীনজী কো আনে দো।”
আম আদমী পাৰ্টীৰ শ্লোগান,” অচ্ছী বিটি পাঁচ সাল , লাগে ৰহো কেজৰিয়াল।”


তৃণমূল কংগ্ৰেছে” মা মাটি আৰু মানুশ” ৰ শ্লোগান দিছে। ৰাজনৈতিক দলসমূহে এই শ্লোগান আওৰাই থকাৰ উপৰিও এটা দলে আনটো দলক বোকা ছটিওৱা গালি-শপনি বা শাও দিয়া, হাই কাজিয়া কৰা, পৰস্পৰে পৰস্পৰক ঠাট্টা, বিদ্ৰুপ আৰু ব্যক্তিগত পৰ্য্যায়লৈ আক্ৰমণ -প্ৰত্যাক্ৰমণ নিৰ্বচনী প্ৰচাৰৰ অংশ হৈ পৰিছে। যেনে ভাৰতীয় জনতা দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাহুল গান্ধীক শ্বাহাজাদে (Prince) বুলি সম্বোধন কৰে ; আনহাতে ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ নেতা শৰৎ পাৱাৰে নৰেন্দ্ৰ মোদীক ” ৰাজা নহী ফকীৰ হ্যায়,দেশ কী তকদীৰ হ্যায় ” বুলি বিদ্ৰূপ কৰিছে । এনে নিম্ন মানৰ, ৰুচি-বিগৰ্হিত নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজেৰে প্ৰায় সকলো ৰাজনৈতিক দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে যুদ্ধং দেহি মনোভাৱেৰে ৰাজনৈতিক পথাৰত নামি পৰে। অথচ ! আমাৰ দেশখন এতিয়াও অৰ্থনৈতিক সমস্যাত জৰ্জৰিত হৈ আছে। প্ৰশাসনিক ব্যৱস্থাত অনিয়ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ তীব্ৰ ভাবে গা দি উঠিছে। নিত্য প্ৰয়োজনীয় বস্তু-সামগ্ৰীৰ আকাশ-লঙ্ঘী দাম , ৰাস্তা-ঘাট, দলং আদিৰ জৰাজীৰ্ণ ৰূপ, মেৰামতিৰ নামত দুৰ্নীতি, ভয়াবহ নিবনুৱা সমস্যা, শিক্ষা -স্বাস্থ্য খণ্ডৰ দুখলগা অৱস্থা , দেশৰ প্ৰায় আধা মানুহে চৰম দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস , টকাৰ মূল্য হ্ৰাস ইত্যাদি এশ এবুৰি সমস্যাত ভুগি আছে দেশৰ কোটি কোটি জনতা। ৰাজনৈতিক দলসমূহে এই মূল ইছ্যু বোৰত মনোনিবেশ নকৰি কেৱল সস্তীয়া জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ” হিতাধিকাৰী সৃষ্টিৰ পৰম্পৰা ত্বৰান্বিত কৰি বৰ্তমান বি জে পি শাসিত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰসমূহে দেশৰ ৮০ কোটি জনগণক হিতাধিকাৰী আঁচনিৰ আওতালৈ আনি চমক সৃষ্টি কৰিব বিচাৰিছে। যাৰ ফলত এই হিতাধিকাৰীৰ আঁচনিসমূহ কাৰ্যকৰী কৰাৰ বাবে প্ৰায় কেইবালাখ কোটি টকাৰ ঋণৰ দুৰ্বিসহ বোজা দেশৰ জনগণে কান্ধ পাতি লব লগীয়া হৈছে ; আনপিনে হিতাধিকাৰী আঁচনিৰ অন্তৰ্ভুক্ত হৈ দেশৰ কোটি কোটি জনতাই অকৰ্মণ্য আৰু পঙ্গুত্বৰ জীৱন নিৰ্বাহ কৰি আছে। লোকসভাৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে এনে চমক সৃষ্টি কৰা আঁচনিসমূহে দেশৰ সৰ্বাংগীন বিকাশ সাধন কৰিব নোৱাৰে।

অসমীয়া শিশু সাহিত্য আৰু নৱকান্ত বৰুৱা…

অসমীয়া শিশু সাহিত্যিকসকলৰ ভিতৰত এজন অন্যতম প্রতিভাশালী শিশু সাহিত্যিক নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ ক্ষেত্ৰখন আছিল যথেষ্ট ব্যাপক। তেওঁ শিশুৰ বাবে গীত, কবিতা, নাটক, গল্প, উপন্যাস, সাধুকথা, বিভিন্ন জ্ঞানমূলক ৰচনা, ৰামায়ণ আৰু উপনিষদৰ কাহিনীকে ধৰি, শিশুক বর্ণমালা পৰিচয়, উচ্চাৰণ আৰু শব্দৰ জ্ঞান দিব পৰা এক বিশাল আৰু বৰ্ণাঢ্য শিশু সাহিত্য ৰচনা কৰি থৈ গৈছে। উল্লেখযোগ্য যে তেওঁ শিশুসকলৰ বাবে ৰচনা কৰা সাহিত্যসমূহৰ প্ৰতিটো দিশতে এনে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিছিল যাৰ বাবে ‘এখুদ ককাইদেউ’ নামেৰে নৱকান্ত বৰুৱাই শিশুসকলৰ মাজত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। শিশুসকলৰ মাজত তেওঁৰ জনপ্রিয়তালৈ লক্ষ্য ৰাখিয়েই মহেন্দ্ৰ বৰাই জাতিষ্মৰ কবিতাটোত এইদৰে কৈছে-“মাজে মাজে খদ্দৰৰ চুট পিন্ধে / টাই মাৰে গেৰুৱা ৰঙৰ/ কণ কণ ল’ৰা-ছোৱালীয়ে সপোন দেখে / সেইজন চুটি মানুহৰ।”


নৱকান্ত বৰুৱা হ’ল এনে এজন শিশু সাহিত্যিক যিজনে শিশুৰ বাবে নিচুকণি গীত, বর্ণমালা পৰিচয়, শব্দৰ উচ্চাৰণ আৰু বানান, ভাষাজ্ঞান, কবিতা, পদ্য, নাটক, গল্প, উপন্যাস, সাধুকথা, গীত, শিশুক বিভিন্ন জ্ঞানৰ সম্ভেদ দিবলৈ বিভিন্ন জ্ঞানমূলক ৰচনাৰ সৃষ্টি কৰিছে। ভাব আৰু ভাষাৰ অপূৰ্ব সমাহাৰেৰে, বিভিন্ন স্তৰৰ শিশুৰ উপযোগীকৈ শিশু সাহিত্যৰ আটাইকেইটা বিভাগতে সাহিত্য ৰচনা কৰি অসমীয়া শিশু সাহিত্যলৈ যি বিশাল, বর্ণাঢ্য বৈচিত্র্যপূর্ণ মাত্রা প্রদান কৰি থৈ গ’ল সিয়েই তেওঁক অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জীত এক বিশেষ স্থান প্রদান কৰিছে। দুই এটা কথা ক’ব পৰা শিশুৰ পৰা আৰম্ভ কৰি কিশোৰ বা চেমনীয়া সকলোলৈকে তেওঁ বিবিধ সাহিত্য সৃষ্টি কৰিছিল। কিশোৰ ৰামায়ণ আৰু কিশোৰ উপনিষদ হ’ল নৱকান্ত বৰুৱাৰ চেমনীয়াসকলৰ বাবে ৰচিত দুখন অন্যতম শিশু সাহিত্য। তেওঁৰ এই বিবিধ আৰু বর্ণাঢ্য শিশু সাহিত্যসমূহৰ জৰিয়তে শিশু মনৰ খোৰাক যোগোৱাৰ লগতে শিশু মনৰ কৌতূহল আৰু অনুসন্ধিৎসা দূৰ কৰিবলৈও সক্ষম হৈছে।

দেশ-বিদেশৰ বিভিন্ন সাহিত্যিকৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ অসমীয়া শিশু সাহিত্যিক নতুন নতুন উপাদানেৰে সমৃদ্ধ কৰা বাবে নৱকান্ত বৰুৱাই শিশুসকলৰ মাজত অধিক জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। অর্থাৎ ৰবীন্দ্ৰনাথ, সুকুমাৰ ৰায়, লুইছ কেৰল, এডৱাৰ্ড লীয়ৰ, কৰ্ণেই চুকভস্কি আদি দেশী-বিদেশী বিভিন্ন সাহিত্যিকৰ প্ৰেৰণা লাভ কৰি তেওঁলোকৰ সাহিত্যৰে প্রভাৱান্বিত হৈ নৱকান্ত বৰুৱাই তেওঁৰ শিশু সাহিত্য সৃষ্টি কৰিছিল। নৱকান্ত বৰুৱাৰ শিশু সাহিত্য সৃষ্টিসমূহলৈ মন কৰিলে দেখা যায় যে তেওঁ বিভিন্ন ছদ্মনামত এইসমূহ ৰচনা কৰিছিল। অর্থাৎ এখুদ ককাইদেউ, এখুদ ভাইটি, এখুদ ককা, সপোন ককা, ন-আইতা, সীমা দত্ত, নতুন ককাইদেউ, ধেনুবৰ বিপ্র ইত্যাদি বিভিন্ন ছদ্মনামেৰে নৱকান্ত বৰুৱাই শিশুৰ বাবে বিভিন্ন সাহিত্য ৰচনা কৰিছিল। তেওঁৰ এই শিশু সাহিত্যৰাজিক ‘প্ৰাণৰ সাহিত্য’ আৰু ‘জ্ঞানৰ সাহিত্য’ এই দুটা ভাগত ভাগ কৰিব পাৰি। অসমীয়া শিশু সাহিত্যৰ বুৰঞ্জীত নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰাজিৰ ভাষাৰ এক সুকীয়া সৌন্দর্য আছে। নিভাঁজ ঘৰুৱা অসমীয়া শব্দৰ অপূৰ্ব সমাহাৰ, ধ্বন্যাত্মক শব্দৰ যথাযথ আৰু সুন্দৰ প্ৰয়োগ, সহজ-সৰল শিশু উপযোগী শব্দ তথা ভাষাৰ প্ৰয়োগ, শিশু মনস্তত্ত্বৰ মনোৰম প্ৰকাশ, সুন্দৰ তথা আকর্ষণীয় কথনভংগী ইত্যাদিৰ প্ৰয়োগে নৱকান্ত বৰুৱাৰ শিশু সাহিত্যক আকর্ষণীয় কৰি তুলিছে। নৱকান্ত বৰুৱাই শিশুসকলৰ মনোৰঞ্জন আৰু বিভিন্ন জ্ঞান প্রদান এই দুয়োটা উদ্দেশ্য সমান্তৰালভাৱে আগত ৰাখি শিশুৰ বাবে সাহিত্য সৃষ্টি কৰা বাবেই ছাগৈ তেওঁ শিশু সাহিত্যিক হিচাপে কেৱল শিশুৰ মাজতে নহয়, সেই সাহিত্যৰে ডাঙৰকো আকৰ্ষণ কৰি ডাঙৰসকলৰ মাজতো যথেষ্ট জনপ্রিয়তা লাভ কৰে। শিশুসকলৰ চৰিত্ৰ গঠন তথা দেহ মনক এক সুস্থ আৰু নিটোল ৰূপ দিয়াৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ শিশু সাহিত্যসমূহে যথেষ্ট অৱদান আগবঢ়াব পাৰিব।

তাৰোপৰি, তেওঁৰ শিশু সাহিত্যসমূহলৈ মন কৰিলে এটা কথা প্রতীয়মান হয় যে তেওঁৰ এই ৰচনাসমূহত শিশু মনস্তত্ব সুন্দৰভাৱে প্রকাশিত হৈছে। নৱকান্ত বৰুৱাই শিশুৰ মনস্তত্ব ভালদৰে জানিছিল আৰু শিশুৰ সেই মানসিক জগতখনৰ লগত সঙ্গতি ৰাখি শিশু সাহিত্যসমূহৰ মাজত শিশু মনস্তত্বৰ জ্ঞান সন্নিবিষ্ট কৰিছিল। তেওঁৰ শিশু সাহিত্যত প্রতিফলিত শিশু মনস্তত্বৰ সমলসমূহে শিশু মনস্তত্বৰ জ্ঞানৰ গভীৰতা দাঙি ধৰে। এগৰাকী শিশু সাহিত্যিক হিচাপে নৱকান্ত বৰুৱাৰ শিশু মনস্তত্বৰ জ্ঞানৰ পৰিসৰ কিমান সেই কথা তেওঁৰ শিশু সাহিত্যসমূহ বিশ্লেষণ কৰিলে বুজা যায়। শিশুৱে সদায় অদ্ভুত, অলৌকিক কল্পনা ৰাজ্যত বিচৰণ কৰে য’ত যুক্তি বা বাস্তৱৰ কথাই ঠাই নাপায়। নৱকান্ত বৰুৱাই তেওঁৰ সাহিত্যৰ মাজত শিশুৰ এই মানসিকতাৰ ছবি বৰ সুন্দৰভাৱে দাঙি ধৰিছে। নিদর্শন স্বৰূপে ‘ঘটনা’, ‘ফলাফল’,’ খৰা শিয়ালৰ বিয়া’ আদি কবিতাত শিশুৰ অস্বাভাৱিক, অলৌকিক, কাল্পনিক জগতখনৰ চিত্ৰ ফুটি উঠিছে। সেইদৰে শিশুৰ টেঙৰালি, বুদ্ধিমত্তাৰ চিত্ৰ পোৱা যায় ‘লঘোণ’ নামৰ এই মনোৰম কবিতাটিত। শিশুসকলে সাধাৰণতে খেল-ধেমালি কৰি, হাঁহি-আনন্দৰ মাজত বুৰ গৈ থাকিবলৈ ভাল পায়। সংসাৰৰ জটিল তথা গভীৰ কথাবোৰত মনোনিবেশ কৰিব নোৱাৰে। সেয়ে শিশুৰ সেই মানসিকতাৰ ছবি ‘ওমলা ঘৰৰ হাঁহি’ নামৰ কবিতাটোত প্রকাশিত হৈছে। প্রকৃতি জগতৰ বিভিন্ন বস্তুবোৰৰ লগত শিশুৰ এক নিবিড় সম্পর্ক পৰিলক্ষিত হয়। প্রকৃতি জগতৰ বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটিৰ লগত খেল-ধেমালি কৰি, সিহঁতৰ বিভিন্ন মাত মাতি শিশুৱে বিমল আনন্দ লাভ কৰে। নৱকান্ত বৰুৱাই কাৰ কি মাত কবিতাৰ মাজেৰে শিশুৰ সেই মানসিকতাৰ ছবি দাঙি ধৰিছে। সেইদৰে প্ৰকৃতি জগতৰ কেইটামান কীট-পতঙ্গক চৰিত্ৰ হিচাপে অংকন কৰি গধুৰ বিষয়বস্তু পাতলীয়া ভঙ্গীৰে উপস্থাপন কৰি নৱকান্ত বৰুৱাই ‘কেৰেলুৱাৰ ৰেল’ নাটকখন ৰচনা কৰিছে। শিশুৰ যুক্তি আৰু বিচাৰেৰে ঢুকি নোপোৱা কল্পনাৰ জগতখনৰ চিত্ৰ ই দাঙি ধৰে। শিশুৰ পৃথিৱীত সকলো জীৱ-জন্তু, চৰাই-চিৰিকটি, মাছ-কাছ ইত্যাদিয়ে কথা ক’ব পাৰে। সেয়ে মনত পৰা শব্দ নাটকৰ মাজেৰে বিভিন্ন মাছ-কাছৰ মাজেৰে শিশুক শব্দ সম্পর্কীয় জ্ঞান দিবলৈ বিচৰা হৈছে। সেইদৰে এটা সাধাৰণ টুনি চৰাইৰ প্ৰখৰ বুদ্ধিমত্তা আৰু উপস্থিত বুদ্ধিৰ পৰিচয় ফুটি উঠিছে’ মই টুনিয়ে টুনটুনালোঁ’ নামৰ নাটকখনত। টুনিৰ উপস্থিত বুদ্ধি, অস্বাভাৱিক তথা অতিৰঞ্জিত বর্ণনা আৰু ছন্দৰ ঝঙ্কাৰে নাটকখনক সুখপাঠ্য কৰি তুলিছে। শিলৰ চোলা নাটিকাখনেও শিশুৰ অবাস্তৱ আৰু অলৌকিক মানসিকতাৰ ছবিয়েই দাঙি ধৰিলৈ যত্ন কৰিছে।

শিশু মন অনুসন্ধিৎসু আৰু কৌতূহলপ্রিয়। উদ্ভট কল্পনা আৰু অলৌকিক জগতত বিচৰণ কৰি শিশুৱে এক অনাবিল আনন্দ লাভ কৰে। শিশু মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটা নৱকান্ত বৰুৱাৰ শিশু সাহিত্যৰ অন্যতম শ্রেষ্ঠ কীর্তি হ’ল-‘ শিয়ালী পালেগৈ ৰতনপুৰ’ নামৰ গ্রন্থখন। এইখন গ্ৰন্থৰ বাবে ১৯৫৮ চনত নৱকান্ত বৰুৱাই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। জোন নামৰ এটি ল’ৰাৰ জৰিয়তে নৱকান্ত বৰুৱাই গ্রন্থখনত বাস্তৱ জগতৰ লগত নিমিলা কিছুমান উদ্ভট আৰু অলৌকিক কথাৰ অৱতাৰণা কৰা দেখা গৈছে। শিশুৰ মনত জীৱ আৰু জড়জগতৰ মাজত কোনো পার্থক্য নাই। শিশুৱে সকলো বস্তুকে একে জ্ঞান কৰি সকলোৰে লগত খেল- ধেমালি কৰি একে ব্যৱহাৰ কৰে। শিয়ালী পালেগৈ ৰতনপুৰ নামৰ গ্ৰন্থখনত কিছুমান উদ্ভট আৰু অবাস্তৱ কথাই ঠাই পাইছে যিবোৰ শিশুৰ সৰল আৰু অযুক্তিকৰ মনোজগতৰ বাবে অতি আপোন। জোনে ৰতনপুৰলৈ যাবলৈ দহটা আলি লগলগা আলি কেঁকুৰিটোৰ মাজত থিয় হোৱা, আলিবাটকেইটাই কথা কোৱা, ক’ৰবাৰ টেলিফোন এটা আহি জোনৰ লগত কথা কোৱা, জোনে বিভিন্ন বস্তু দেখিবলৈ পোৱা আদি বর্ণনা অবাস্তৱ আৰু অলৌকিক বর্ণনা। সেইদৰে চিলনীয়ে ঠেঙত এখন চালনী লৈ উৰি যোৱা, চালনীত দুটা মাল শুই থকা, জোনৰ পকেটৰ বিস্কুট কাঁচলৈ পৰিৱৰ্তন হোৱা, কাঁচখনেৰে চাওঁতে জোন চালনীৰ ফুটাৰে তললৈ সৰি পৰা, তৰাবিলাকে জোনক ধৰি থিয় কৰাই দিয়া বর্ণনাও অদ্ভুত আৰু বিস্ময়কৰ। অৱশ্যে শিশুৰ মানসিকতাৰ লগত সঙ্গতি ৰাখি বর্ণনা কৰা এনে বিষয়সমূহৰ মাজেৰে শিশুৱে জানিবলগা বিভিন্ন কথাৰ সম্ভেদ দিছে। সৰু ল’ৰা-ছোৱালীৰ ভূতৰ প্ৰতি এক অহেতুক ভয় থাকে। নৱকান্ত বৰুৱাই’ ভ ত ঊকাৰে ভূ’ নামৰ গ্ৰন্থখনৰ মাজেৰে এটা সত্য ব্যক্ত কৰিছে। অর্থাৎ আচলতে ভূত বুলি কোনো বস্তু নাই, মানুহৰ মনৰ দুৰ্বলতাহে যে ভয়ৰ প্ৰধান কাৰণ সেই কথা গ্রন্থখনত এটা কাহিনীৰ মাজেৰে ব্যক্ত কৰিছে। সেইদৰে বিভিন্ন গল্প আৰু সাধু কথাৰ মাজেৰেও শিশুৰ মনস্তত্বৰ সুন্দৰ প্ৰতিফলন ঘটিছে। এইদৰে নৱকান্ত বৰুৱাই শিশু সাহিত্যসমূহৰ জৰিয়তে শিশুৰ মানসিক জগতৰ বিভিন্ন ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইদৰে ‘মাখনৰ কুকুৰা পোৱালি’ চাৰিটা মনোমোহা গল্পৰ সমষ্টি। গল্পকেইটা সৰল যদিও লিখকৰ বুদ্ধিদীপ্ত পৰ্যবেক্ষণৰ পৰিচয় বহন কৰিছে। তদুপৰি গল্পকেইটাৰ মাজেৰে শিশু মনৰ চাতুর্যও প্রকাশিত হৈছে। মুঠতে নৱকান্ত বৰুৱাই শিশুৰ মনোজগতখন ভালদৰে অধ্যয়ন কৰিব পাৰিছিল আৰু সেয়ে শিশুৰ মনৰ দিগন্ত প্ৰসাৰিত কৰিব পৰা বিভিন্ন বিষয় তেওঁৰ শিশু সাহিত্যত অন্তর্ভুক্ত কৰিছিল। শিশুৱে যাতে নিতৌ দেখি থকা ঘটনা, জীৱ-জন্তু, পশু-পক্ষী, গছ-বন আদিৰ সম্পৰ্কে খুটি-নাতি মাৰি জানি সিহঁতৰ মানসিক উত্তৰণ তথা বুদ্ধিৰ বিকাশ ঘটাব পাৰে তাৰ প্ৰতি নৱকান্ত বৰুৱা অতিশয় সচেতন আছিল। অৱশ্যে নৱকান্ত বৰুৱাই তেওঁৰ শিশু সাহিত্যসমূহৰ মাজেৰে শিশুক যি জ্ঞানৰ সম্ভেদ দিবলৈ চেষ্টা কৰিছে সি কেৱল শিশুৰ বাবেই যে উপযোগী এনে নহয়, শিশুৰ লগতে ডাঙৰকো এইবোৰে বহুত নজনা কথা জনাবলৈ সুবিধা দিছে।

শিশুসকলৰ ওপৰতে দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে। শিশু অৱস্থাতে সুস্থ মন আৰু সৎ কৰি তুলিব পাৰিলেহে শিশু মনক সুন্দৰভাৱে গঢ় দিব পাৰি। সেয়ে নৱকান্ত বৰুৱাই শিশুক উপযুক্ত ৰূপত গঢ়ি তুলিবলৈ শিশুৰ মানসিক জগতৰ লগত মিলাকৈ বিষয়বস্তু উপস্থাপন কৰি শিশু সাহিত্যসমূহ সৃষ্টি কৰিছিল। তদুপৰি শিশুৰ মানসিক উত্তৰণৰ লগে লগে শিশুৱে যাতে মাতৃ ভাষাৰ জ্ঞান লাভ কৰি ভাষাটো বিশুদ্ধ ৰূপত শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ঠাইত আখৰৰ জ্ঞান, শব্দৰ জ্ঞান, উচ্চাৰণ, বানান আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মুঠতে নৱকান্ত বৰুৱাৰ এগৰাকী শিশু সাহিত্যিক হিচাপে শিশু মনস্তত্ত্বৰ জ্ঞান যে প্রবল আছিল সেই কথা তেওঁৰ বিচিত্ৰ আৰু বৰ্ণাঢ্য শিশু সাহিত্যসমূহে দাঙি ধৰিবলৈ সক্ষম হৈছে।

পানী খোৱাৰ নিয়ম জানেনে? খাদ্য খোৱাৰ পূৰ্বে, খোৱাৰ সময়ত নে একেবাৰে শেষত, কেতিয়া পানী খাব লাগে জানি লওক…

পানী নোখোৱাটো বেয়া অভ্যাস! আনহাতে খাদ্য খোৱাৰ লগে লগে পানী খালে পাচনতন্ত্ৰৰ অসুবিধা হয়। খোৱাপানীৰ বিষয়ে বহুতো ধাৰণা আছে। শৰীৰৰ সঠিক কাম-কাজৰ বাবে পানী গ্ৰহণ কৰাটো প্ৰয়োজনীয়। পানীয়ে শৰীৰত আৰ্দ্ৰতা বজাই ৰখাতো সহায় কৰে। খাদ্য খোৱাৰ সময়ত যদি আপোনাৰ হঠাতে ডিঙিত খাদ্য লাগি ধৰে তেন্তে পানী খাব লাগে। কিন্তু পাচনতন্ত্ৰৰ সমস্যা নিৰাময় কৰিব বিচাৰিলে নিয়ম অনুসৰি পানী খাব লাগিব। ডাক্তৰ মতে খাদ্যৰ সৈতে বা আধা ঘণ্টা আগতে পানী খাব লাগে – শৰীৰত ইয়াৰ প্ৰভাৱ আৰু ক্ৰিয়া বেলেগ। খাদ্য আৰু পানী গ্ৰহণৰ সময়ৰ ওপৰত পাচন শক্তি অত্যন্ত নিৰ্ভৰশীল।


খাদ্য খোৱাৰ পিছত পানী খালে হজম শক্তি উন্নত হয়। পানীয়েও ভাল বিপাকীয় ক্ৰিয়া বজাই ৰখাত ভূমিকা পালন কৰে। তাৰ বাবে সঠিক নিয়ম জানি পানী খাব লাগিব।যিসকলৰ পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকে খাদ্য খোৱাৰ কমেও আধা ঘণ্টা আগতে পানী খাব লাগে। প্ৰতিটো আহাৰ খোৱাৰ লগে লগে পানী খালে হজম শক্তি উন্নত হয়। খাদ্যৰ এটা অংশ পেটত থিতাপি ল’ব পাৰে। আকৌ যিসকলৰ অতিৰিক্ত পিত্ত বা এচিড নিঃসৰণ হয় তেওঁলোকৰ বাবে খাদ্য খোৱাৰ কিছু সময়ৰ পিছতে পানী খোৱাটো ভাল।

অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা নিয়ন্ত্ৰণ কৰিব পাৰি, হজম শক্তি উন্নত হয়। যিসকলে নিজৰ ওজন নিয়ন্ত্ৰণত ৰাখিব বিচাৰে তেওঁলোকৰ বাবে এই প্ৰথা ভাল। ইয়াৰ বাহিৰেও খাদ্য খোৱাৰ আগতে পানী খালে বিপাকীয় ক্ৰিয়া উন্নত হয়।

খাদ্য খোৱাৰ পিছত অলপ পানী চুমুক দিব যাতে গিলিবলৈ সুবিধা হয়। পানীয়ে খাদ্যনলীৰ পৰা পেটলৈ খাদ্য স্থানান্তৰ কৰাত সহায় কৰে। ইয়াৰ উপৰিও হজম শক্তিও দ্ৰুত হয়। কিন্তু পানীৰ পৰিমাণৰ প্ৰতি সচেতন হোৱাটো প্ৰয়োজনীয়।