Home Blog Page 835

গ্ৰীষ্মকালত এই ৫ বিধ শাক-পাচলি কিনিবলৈ নাপাহৰিব, শৰীৰ ঠাণ্ডা ৰখাৰ লগতে পেটৰ বিষ কমায়…

গ্ৰীষ্মকালত শৰীৰটো ভালে ৰাখিব বিচাৰিলে শাক-পাচলি খাব লাগে। বজাৰত বতৰৰ শাক-পাচলিৰ অভাৱ নাই। যি হাৰত তাপ বাঢ়িছে, সেই হাৰত ভিতৰৰ পৰা শৰীৰটো শীতল কৰি ৰাখিবলৈও গুৰুত্ব দিব লাগে। এই অসহনীয় গৰমত শৰীৰটো শীতল কৰি ৰাখিব বিচাৰিলে শাক-পাচলি খাব লাগিব।গৰমত কি কি শাক-পাচলি খাব জানেনে-

বজাৰত বিলাহী দেখিলেই কিনিব। গ্ৰীষ্মকালত বিলাহী খোৱাটো সঁচাকৈয়ে স্বাস্থ্যৰ বাবে উপকাৰী। বিলাহীত পানীৰ পৰিমাণ বেছি। ফলত এই পাতে শৰীৰৰ পানীৰ অভাৱ পূৰণ কৰে। ইয়াৰ উপৰিও শৰীৰৰ উষ্ণতা হ্ৰাস কৰাৰ বাবে বিলাহীৰ অতি উত্তম। বিলাহীয়ে পেটৰ সমস্যাও কমায়। বিলাহীৰ গুণৰ বাবে গৰম বতৰতো শক্তিশালী হৈ থাকিব পাৰে।

ফল-মূল নে শাক-পাচলি? তিয়হক কোন শ্ৰেণীত ৰাখিব। কিন্তু ফল বা শাক-পাচলি হওক, এই গ্ৰীষ্মকালত তিয়হ নাখালে পেটৰ সমস্যা নিশ্চিত। তিয়হত পানীৰ পৰিমাণ বেছি। ফলত এই ফলটোৱে শৰীৰ আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে।তিয়হে শৰীৰত উৎপন্ন হোৱা তাপ শোষণ কৰিব পাৰে। পাচনতন্ত্ৰৰ অসুবিধা কমোৱাতো তিয়হ উপযোগী।


গ্ৰীষ্মকালত লাউ খাবলৈ নাপাহৰিব। লাউত প্ৰচুৰ পৰিমাণে পানী থাকে। এই সময়ছোৱাত ইতিমধ্যে শৰীৰত পানীৰ পৰিমাণ কমি যায়। সেই অভাৱ লাওৰে পূৰণ কৰিব। ইয়াৰ বাহিৰেও পেটৰ সমস্যা থকা সকলৰ বাবে লাউ খুব উপকাৰী।

বিট শীতকালীন শাক-পাচলি। কিন্তু বাৰ মাহে বজাৰত বিট দেখা পোৱা যায়। সুস্থ হৈ থাকিবৰ বাবে বিট খোৱাটো অতি প্ৰয়োজনীয়। বিটে পেটৰ বিষ কমায়। ভিতৰৰ পৰা শৰীৰক মইশ্ব’ৰাইজ কৰে। বিট খালে পাচনতন্ত্ৰৰ সমস্যাও কমি যায়।


তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা ! ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ…

তামাৰহাটত দুৰ্ঘটনাত যুৱকৰ মৃত্যুক লৈ অব্যাহত চেপা উত্তেজনা। ২৪ ঘণ্টাৰ বাবে বন্ধ হৈ পৰিল তামাৰহাট-হাতীধুৰা বজাৰ।

আজি পুৱা ৫ বজাৰ পৰা বন্ধ সকলো দোকান-পোহাৰ। আৰক্ষী-ধুবুৰী প্ৰশাসনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ বন্ধ কৰিলে দোকান-পোহাৰ।

এইপৰ্যন্ত মৃতকৰ পৰিয়ালে চমজি লোৱা নাই যুৱকৰ মৃতদেহ। সমগ্ৰ অঞ্চলটোত আৰক্ষীৰ টহল।

শুকুৰবাৰে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হৈছিল এজন বাইক আৰোহীৰ।

কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান…

কংগ্ৰেছত পুনৰ মোক্ষম আঘাত। কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান। ১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহিল সঞ্জয় নিৰুপম।

মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান নিৰুপমৰ। কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয় নিৰুপম।

দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলিছিল কংগ্ৰেছ দলে।

বিদেশত পুনৰ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠান! অতিথি তালিকাত কোন কোন আছে…

দ্বিতীয়বাৰৰ বাবে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু এইবাৰ  নিজ দেশত নহয়। এই অনুষ্ঠান বিদেশত অনুষ্ঠিত হ’ব। কেৱল এখন প্ৰি-ৱেডিং অনুষ্ঠানৰ দ্বাৰাই আড়ম্বৰ আৰু ধুমধামৰ বিবাহ অনুষ্ঠান শেষ নহয়। এইবাৰ ফ্ৰান্সৰ দক্ষিণত অনন্ত আৰু ৰাধিকাৰৰ প্ৰি-ৱেডিং অনুষ্ঠান হ’ব পাৰে। কিন্তু বিলাসী হোটেলত নহয়। এখন জাহাজত আয়োজন কৰা হ’ব এই অনুষ্ঠান। এইবাৰ ফ্ৰান্সৰ দক্ষিণত অনন্ত আৰু ৰাধিকাৰৰ প্ৰি-ৱেডিং অনুষ্ঠান হ’ব পাৰে। কিন্তু বিলাসী হোটেলত নহয়। এখন জাহাজত আয়োজন কৰা হ’ব এই অনুষ্ঠান।

দক্ষিণ ফ্ৰান্সৰ ক্ৰুজ’ত অনন্ত আৰু ৰাধিকাই প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰিব। এই ক্ৰুজে যিকোনো বিলাসী হোটেলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। ২৮ মে’ৰ পৰা ৩০ মে’ – অনন্ত আৰু ৰাধিকাৰৰ তিনিদিনৰ বাবে প্ৰাক বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব। কিন্তু অতিথি তালিকাখন বৰ দীঘলীয়া নহ’ব। আম্বানী আৰু মাৰ্চেণ্ট পৰিয়ালৰ ঘনিষ্ঠ আত্মীয়ক অতিথি তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। অনন্ত আৰু ৰাধিকাৰ ঘনিষ্ঠ বন্ধুকো নিমন্ত্ৰণ কৰা হ’ব।

কাৰ্বি আংলং জিলাৰ কংগ্ৰেছ কমিটিৰ সভাপতি বিশিষ্ট সমাজ সেৱক চুম ৰংহাংৰ দেহাৱসান…

কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি,কাৰ্বি স্বায়ত্ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মূখ্য কাৰ্যবাহী সদস্য , প্ৰাক্তন মন্ত্ৰী, বিশিষ্ট সমাজ সেৱক চুম ৰংহাং দেৱৰ মৃত্যু।


শিক্ষা বিভাগৰ এগৰাকী বিষয়া ৰূপে সেৱা আগবঢ়োৱা লগতে ৰংহাং দেৱ এজন অনাতাঁৰ শিল্পীও আছিল। তেখেতৰ মৃত্যু কংগ্ৰেছ দলৰ বাবে বৃহৎ ক্ষতি ।

তেখেতৰ বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই গৌৰৱ গগৈয়ে ।

কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী…

কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী। এক্সপ্ৰেছ ব্ৰিজ কোৰিয়াৰ ছাৰ্ভিচৰ জড়িয়তে ড্ৰাগছ সৰবৰাহৰ চেষ্টা।

ড্ৰাগছসমূহ বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।

পেকেটৰ পৰা উদ্ধাৰ ৪টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ। সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ এনপিএৰ পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ নমাই অনাৰ পৰিকল্পনা ইউকো বেংকৰ…

ৰাজহুৱা খণ্ডৰ বেংকিং প্ৰতিষ্ঠান ইউকো বেংকে চলিত বিত্তীয় বৰ্ষৰ সমাপ্তিৰ পূৰ্বে মুঠ অনুৎপাদক সম্পত্তিৰ (এনপিএ) পৰিমাণ ৬,০০০ কোটি টকাৰ তললৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰিছে। ইউকো বেংকৰ যোৱা বিত্তীয় বৰ্ষৰ শেষত মুঠ অনুৎপাদক সম্পত্তিৰ (এনপিএ)ৰ পৰিমাণ আছিল ৬৪৬৩.৩ কোটি টকা। বেংকটোৰ এমডি আৰু মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰে আশা প্ৰকাশ কৰিছে যে ঋণৰ পুনৰুদ্ধাৰৰৰ জৰিয়তে এয়া ধাৰণা কৰা হৈছে যে মুঠ এনপিএ বিগত বৰ্ষতকৈ আৰু তললৈ নামি আহিব। অশ্বিনী কুমাৰে কয়- আমি আশা কৰোঁ যে বৰ্তমানৰ প্ৰৱণতা অনুসৰি চলিত বিত্তীয় বৰ্ষৰ শেষত এয়া ৬,০০০ কোটি টকাৰ তলত থাকিব।

ইউকো বেংকে সোমবাৰে যোৱা বিত্তীয় বৰ্ষৰ চতুৰ্থ তিনিমাহৰ বাবে ইয়াৰ একক মুঠ লাভত বছৰি ৯.৫% হ্ৰাস হোৱাৰ প্ৰতিবেদন দিছে। বেংকটোৱে বিত্তীয় বৰ্ষ ২২-২৩ চতুৰ্থ তিনিমাহৰ বাবে ৫৮১.২ কোটি টকাৰ মুঠ লাভ লাভ কৰিছিল।চলিত বিত্তীয় বৰ্ষত বেংকটোৱে তথ্য প্ৰযুক্তি আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ আৰু কোষাগাৰ কাৰ্যকলাপৰ সৈতে সম্পৰ্কিত তথ্য প্ৰযুক্তি প্ৰণালীৰ আধুনিকীকৰণৰ বাবে ১,০০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে। যোৱা বিত্তীয় বৰ্ষত এই উদ্দেশ্যৰ বাবে প্ৰায় ৭০০ কোটি টকা ব্যয় কৰিছিল। পুনৰুদ্ধাৰ আৰু উন্নীতকৰণে নিশ্চিত কৰিব যে মুঠ এনপিএ আৰু তললৈ নামি আহিব। আমি আশা কৰোঁ যে এই চলিত বিত্তীয় বৰ্ষৰ শেষত ই ৬,০০০ কোটিৰ তলত থাকিব,” কুমাৰে কয়।

বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ…

বিদ্যালয়ৰ সমীপত পেট্ৰ’ল পাম্প স্থাপনক লৈ ছয়াগাঁৱত প্ৰতিক্ৰিয়া। বৰাখাটৰ মহেশ্বতা বিদ্যামন্দিৰৰ সমীপত পেট্ৰ’ল পাম্প স্থাপনৰ যো-জা।

নিয়ম বৰ্হিভূতভাৱে পেট্ৰ’ল পাম্প স্থাপন চেষ্টাৰ অভিযোগ। একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ স্থানীয় ৰাইজ, ছয়গাঁও AASUৰ।

কণকণ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ।

ওৰাং আৰক্ষীৰ সফলতা, চামুগুৰিৰ টেকেলীপোটা গাঁৱৰ পৰা গভাইত চোৰক গ্ৰেপ্তাৰ…

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অধীনস্থ চেঙেলীমাৰী গাওঁৰ মহম্মদ চাইকুল ইছলামৰ পুত্ৰ মহম্মদ জামাল উদ্দিনৰ গৃহত ২৭ এপ্ৰিলত আশ্ৰয় দিয়া এজন লোকে গৃহস্থই এনিশা থাকিবলৈ দিয়ে৷এনিশা থাকি জামাল উদ্দিনৰ গৃহৰ পৰা ২৮এপ্ৰিলৰ নিশা ৭২০০টকা, মোবাইল ফোন -২টা, ভোটাৰ কাৰ্ড, পান কাৰ্ড আদি লৈ উধাও হৈছে। এই সম্পৰ্কত মহম্মদ জামালউদ্দিনে ওৰাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ওৰাং আৰক্ষীয়ে এজাহাৰৰ মতে ১মে দিনাখন এক গোছৰ পঞ্জীয়ন কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখে৷ ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিৰ্দেশ মতে ওৰাং আৰক্ষী থানাৰ SI মৃনাল টাইডৰ নেতৃত্বত বিশ্বজিত সুত্ৰধৰ, আবেদুল্লা আলি আৰু ২৭নং APBNৰ আৰক্ষী বেটেলিয়নৰ দলটোবে আইজুল ইছলাম (২৯বছৰ)গ্ৰেপ্তাৰ কৰি এটা মোবাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

আৰক্ষীয়ে পলায়ন কৰা হোজাইৰ বৰপুখুৰীত গাওঁৰ আব্দুল মালিকৰ পুত্ৰ আইজুক ইছলামক তেওঁৰ শহুৰৰ গৃহ চামুগুৰি আৰক্ষী থানাৰ অধীনস্থ বিশ্বস্থান পেট্ৰল পোষ্টৰ টেকেলীপোটা গাওঁৰ পৰা গ্ৰেপ্তাৰ কৰি গোছৰ নং ৪১/২৪ মৰ্মে Under Section 457/380 IPC ৰ অনুসৰি ওদালগুৰি জেল হাজোলৈ প্ৰেৰণ কৰে৷ আনহাতে ওৰাং আৰক্ষী থানাৰ অধীনস্থ চুতীয়াপাৰা এগৰাকী কিশোৰী ওৰাঙৰ কলেজ অভিমুখে আহি ২০ এপ্ৰিলৰ পৰা নিৰুদেশ হৈ আছিল৷পৰিয়ালৰ লোকে বহুত বিচাৰ খোচাৰ কৰাৰ অন্তত বিচাৰি নাপায় অপহৰণ কৰা বুলি সন্দেহ হয়৷ অৱশেষত ওৰাং আৰক্ষী থানাত যোৱা ২২ এপ্ৰিলত অপহৰণ কৰাৰ এটি গোছৰ কৰে।সেই মৰ্মে ওৰাং আৰক্ষীয়ে জোৰদাৰ তদন্তৰ অন্ততঃ ২৮এপ্ৰিলৰ নিশা ওৰাং আৰক্ষীয়ে অপহৰণ হোৱা কিশোৰী গৰাকীক বিশ্বনাথ জিলাৰ পৰা ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাৰ নিদেৰ্শ অনুসৰি SI মৃনাল টাইডৰ নেতৃত্বত পিংকিমনি তামুলী,ৰক্তিম শইকীয়া,আৰু আৰক্ষী বেটেলিয়ন দলে বিশ্বনাথ জিলাৰ পশ্চিম মেজিকা গাওঁৰ প্ৰদীপ গায়নৰ পুত্ৰ
হিৰক জ্যোতি গায়নক গ্ৰেপ্তাৰ কৰি ওৰাং আৰক্ষী থানালৈ লৈ আহে৷ৰবিবাৰে ওৰাং আৰক্ষী থানাৰ গোছৰ নং ৩৯/২৪অনুসৰি Under Section 366 IPC ৰজু কৰি ওদালগুৰি জেললৈ প্ৰেৰণ কৰে।আনহাতে অপহৰণ হোৱা ১৬ বছৰীয়া কিশোৰী সৈতে ইষ্টগ্ৰামত চা চিনাকী হোৱা বুলি অপহৰণকাৰীয়ে সাংবাদিকক জনাইছে৷

মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ সমস্যা বেছি মহিলাৰ! পুৰুষতকৈ মহিলাৰ স্বাস্থ্য অতি দুৰ্বল…

পুৰুষতকৈ মহিলাসকলে অধিক দুৰ্বল স্বাস্থ্যৰ সমস্যাত ভুগিবলগীয়া হয়। বিশ্বজনীন লিংগ স্বাস্থ্যৰ ব্যৱধানৰ ভিত্তিত কৰা বিশ্লেষণে এই কথা প্ৰকাশ কৰিছে। বিশ্বজনীন লিংগ স্বাস্থ্যৰ ব্যৱধানৰ ওপৰত ভিত্তি কৰি কৰা বিশ্লেষণে প্ৰকাশ কৰিছে যে পুৰুষতকৈ মহিলাসকলে অধিক বছৰ ধৰি দুৰ্বল স্বাস্থ্যৰ সন্মুখীন হয়। ৱাশ্বিংটন ইউনিভাৰ্চিটি ইনষ্টিটিউট আৰু ইনষ্টিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভেলুৱেশ্যন (আই এইচ এম ই)ৰ গৱেষকসকলে বিশ্বৰ ২০টা প্ৰধান ৰোগৰ পুৰুষ আৰু মহিলাৰ ওপৰত প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিছে। তেওঁলোকৰ মতে, সমগ্ৰ বিশ্বতে পুৰুষ-মহিলাৰ মাজত স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে।

গৱেষকসকলৰ মতে পুৰুষ হৃদৰোগ, শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ আৰু কৰ’না ৰোগৰ দ্বাৰা অধিক আক্ৰান্ত হয়। আনহাতে মহিলাৰ মূৰৰ বিষ, কঁকালৰ বিষ আৰু মানসিক স্বাস্থ্যৰ দৰে সমস্যা বেছি। বিশেষজ্ঞসকলে মহিলাৰ স্বাস্থ্য উন্নত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই অধ্যয়ন লেন্সেট পাব্লিক হেল্থ জাৰ্নেলত প্ৰকাশ পাইছে। বয়সৰ লগে লগে পুৰুষ আৰু মহিলাৰ স্বাস্থ্যৰ ব্যৱধান বাঢ়ি যায়, যাৰ ফলত মহিলাসকলে গোটেই জীৱন ৰোগত আক্ৰান্ত হৈ থাকে। মহিলাসকল বেছি দিন জীয়াই থাকে যদিও বেছিভাগ সময়তে তেওঁলোকৰ স্বাস্থ্য দুৰ্বল হৈ থাকে।


গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰত, চীন আদিকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহত মহিলাসকল সমস্যাৰ দ্বাৰা অধিক প্ৰভাৱিত হয়। এই অঞ্চলত মহিলা আক্ৰান্ত হোৱাৰ হাৰ ৫০ শতাংশতকৈও অধিক। মানসিক স্বাস্থ্যৰ অৱস্থাই সমগ্ৰ বিশ্বৰ মহিলাসকলক অসমতাপূৰ্ণভাৱে প্ৰভাৱিত কৰে। একে সময়তে পুৰুষৰ স্বাস্থ্য কৌশলৰ ক্ষেত্ৰতো অগ্ৰগতি লেহেমীয়া হৈছে। ইউৰোপীয় অঞ্চলত পুৰুষৰ স্বাস্থ্য আৰু মংগলৰ ক্ষেত্ৰত ২০১৮ চনৰ কৌশলকে ধৰি নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু অষ্ট্ৰেলিয়া, আয়াৰলেণ্ড, ইৰাণ, ব্ৰাজিল, মালয়েছিয়া, মংগোলিয়া আৰু দক্ষিণ আফ্ৰিকা আদিৰ দৰে কেইখনমান দেশতহে পুৰুষৰ স্বাস্থ্য সম্পৰ্কে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নীতি আছে।