Home Blog Page 844

অসম সন্তান প্ৰসেনজিৎ শৰ্মাৰ অভিনৱ উদ্ভাৱন ! কৃষিখণ্ডত বিপ্লৱৰ লক্ষ্যৰে কৃত্ৰিম বুদ্ধিমত্তাৰ এপ নিৰ্মাণ , দেশৰ ১২টা ৰাজ্যিক ভাষাত উপলব্ধ এই এপ…

দেশৰ কৃষিখণ্ডত খেতিয়ক সকলৰ উদ্দেশ্য অত্যাধুনিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ এক কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন এপ প্ৰস্তুত কৰি উলিয়াইছে হাজোৰ যুৱক তথা বৰপেটা জিলাত কৰ্মৰত শিক্ষক প্ৰসেনজিৎ শৰ্মাই। বৰ্তমান গুগল প্লে ষ্টৰত বীটা টেস্টিং ম’ডত উপলব্ধ এই এপটোৱে কৃষক সকলক অত্যাধুনিক কৃষিকাৰ্য্যৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে। কৃষকসকলে এই এপটোৰ জৰিয়তে কৃষিকৰ্ম সম্পৰ্কে যিকোনো প্ৰশ্নৰ উত্তৰ লভাৰ লগতে আধুনিক কৃষি প্ৰযুক্তি, কীটনাশক নিয়ন্ত্ৰণ, জৈৱিক কৃষি, মাটিৰ গুণাগুণ, সাৰ প্ৰয়োগ, জলসিঞ্চন আদি বিভিন্ন বিষয় সম্পৰ্কে বিশদভাৱে জানিবলৈ সক্ষম হব। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কৃষিক্ষেত্ৰৰ যিকোনো সমস্যাৰ সমাধান দিব পৰা এই এপটো ভাৰতৰ ১২ টা ৰাজ্যিক তথা আঞ্চলিক ভাষাত উপলব্ধ কৰা হৈছে যাৰ ফলত কৃষক সকলে নিজ ভাষাতে প্ৰশ্ন সমূহৰ উত্তৰ আৰু বিৱৰণসমূহ লাভ কৰিব পাৰিব।

ইংৰাজী আৰু অসমীয়া ভাষাৰ লগতে এই এপটো হিন্দী, বঙালী, মাৰাঠী, গুজৰাটী, পাঞ্জাৱী, উৰ্দু, তামিল, তেলেগু, মালয়ালম আৰু কন্নড় ভাষাতো উপলব্ধ। এইদৰে বিভিন্ন ৰাজ্যৰ কৃষকসকলেও এপটোৰ সহায় লৈ কৃষিক্ষেত্ৰত শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ ক্ষেত্ৰত উপকৃত হব পাৰিব। শৰ্মাৰ এনে পদক্ষেপে নিঃসন্দেহে দেশৰ কৃষিখণ্ডত এক যোগাত্মক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। উল্লেখযোগ্য যে ইয়াৰ আগতেও প্ৰসেনজিৎ শৰ্মাই ৩ টা কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন শৈক্ষিক এপ উদ্ভাৱন কৰি ৰাষ্ট্ৰীয় পৰ্য্যায়ত চৰ্চা লাভ কৰিছিল।

শিক্ষাখণ্ডত বৰ্তমানেও ব্যৱহাৰ হৈ থকা লেচন প্লেন ক্ৰিয়েটৰ, এ আই টিচাৰ আৰু এ আই প্ৰুফৰিডিঙ এচিষ্টেণ্ট নামৰ শৰ্মাৰ তিনিওটা এপ অসম চৰকাৰৰ মূখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীৰ দ্বাৰাও ভূয়সী প্ৰশংসা লাভ কৰিছে। লগতে শৰ্মাই নতুনকৈ লেচন প্লেন ক্ৰিয়েটৰ নামৰ শিক্ষকৰ বাবে পাঠ পৰিকল্পনা প্ৰস্তুত কৰিব পৰা এপটোক অসমীয়া ভাষাত নিৰ্মাণ কৰি গুগল প্লে ষ্টৰত উপলব্ধ কৰিছে। যাৰ ফলত অসমৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অসমীয়া ভাষাতে পাঠ পৰিকল্পনা প্ৰস্তুত কৰি শিকণ-শিক্ষণ প্ৰক্ৰিয়াটোক আৰু বেছি ফলপ্ৰসূ,বিজ্ঞানসন্মত আৰু আনন্দদায়ক কৰি তুলিব পাৰিব। শৰ্মাৰ এই সফলতাৰ বাবে শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেচন আৰু কামৰূপ জিলা সাংবাদিক সন্থাই অভিনন্দন জ্ঞাপন কৰিছে।

জীতেন কোঁৱৰলৈ” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থাৰ অসমৰ…

উদ্যোগিক প্ৰতিষ্ঠান শ্ৰমিক সন্থা অসমৰ উদ্যোগত শিৱসাগৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত ১৩৫ বছৰেকীয়া আন্তুৰ্জাতিক কেন্দ্ৰীয় শ্ৰমিক(মে’) দিৱস পালন কৰা হয় ।

এই উপলক্ষে আজি অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত শিৱসাৰৰ মৰনৈ কিনাৰৰ নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী জিতেন কোৱঁৰক” শ্ৰমিক প্ৰাণ ২০২৪” বঁটা প্ৰদান কৰা হয় ।

টি ভি এছ ডিলাৰ শিৱসাগৰৰ স্বত্বাধিকাৰী জিতেন কোঁৱৰে প্ৰায় ৫০০ যুৱক যুৱতীক সংস্থাপন কৰিছৃ ।


যৌন কেলেংকাৰীৰ অভিযোগত উত্তাল কৰ্ণাটক ! নিলম্বিত কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী প্ৰজ্জ্বল ৰেভান্নাক…

দেৱগৌড়াৰ নাতিয়েক আৰু কৰ্ণাটকৰ হাছানৰ বিদায়ী সাংসদ প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে যৌন কেলেংকাৰীৰ অভিযোগ উঠাৰ পিছতে দলে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য প্ৰজ্জ্বল ৰেভান্না এইবাৰো লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী। । যৌন কেলেংকাৰী সন্দৰ্ভত উত্তৰ বিচাৰি যুৱ সাংসদগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰা হৈছে। দুদিন পূৰ্বে জেডি(এছ) নেতা প্ৰজ্জ্বল ৰেভান্নাৰযৌন কেলেংকাৰীৰ এটা ভিডিঅ’ লিক হৈছিল। প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছিল। কৰ্ণাটকৰ শাসকীয় দলটো হৈছে কংগ্ৰেছ। আনহাতে, দেৱগৌড়াৰ জেডি(এছ) অন্যতম বিৰোধী দল। জেডি(এছ) কেন্দ্ৰৰ শাসকীয় বিজেপিৰ অন্যতম সহযোগী দল। কেইদিনমান আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই দক্ষিণৰ ৰাজ্যখনলৈ আহি প্ৰজ্জ্বল ৰেভান্নাৰ হৈ প্ৰচাৰ চলাইছিল। তাৰ পিছতে যৌন কেলেংকাৰীৰ ভিডিঅ’ পোহৰলৈ আহিছে।

প্ৰজ্জ্বল ৰেভান্না আৰু তেওঁৰ পিতৃ তথ দেৱগৌড়াৰ ডাঙৰ পুত্ৰ জেডি(এছ)ৰ বিধায়ক এইচ ডি ৰেভান্নাৰ নামো গোচৰটোত সাঙোৰ খাইছে। ভুক্তভোগী মহিলাগৰাকীয়ে দাবী কৰিছে যে ২০১৯ ৰ পৰা ২০২২ চনৰ ভিতৰত তেওঁক কেইবাবাৰো যৌন নিৰ্যাতন চলোৱা হৈছিল। তেওঁ অভিযোগ কৰিছে যে যেতিয়াই প্ৰজ্জ্বল ৰেভান্নাৰ দেউতাক এইচ ডি ৰেভান্নাৰ পত্নী ঘৰত নাছিল, জেডি(এছ)ৰ সাংসদজনে ঘৰত কাম কৰা মহিলাসকলক যৌন নিৰ্যাতন কৰিছিল।
৩৩ বছৰীয়া প্ৰজ্জ্বল এই নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে হাছান আসনৰ পৰা জেডি(এছ)ৰ প্ৰাৰ্থী হিচাবে থিয় দিছে। কৰ্ণাটকত জেডিএছ আৰু বিজেপিৰ মিত্ৰতা আছে। জেডি(এছ)য়ে ২০২৩ চনৰ ছেপ্টেম্বৰত এন ডি এত যোগদান কৰিছিল।

বিজেপি নেতাজনে দলৰ সভাপতিলৈ লিখা পত্ৰ লিখিছিল “প্ৰজ্জ্বল ৰেভান্নাকে ধৰি এইচডি দেৱগৌড়া পৰিয়ালৰ কেইবাজনো নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে, আৰু আমি জেডি(এছ)ৰ সৈতে মিত্ৰতাত আছো। পেন ড্ৰাইভটোত মুঠ ২,৯৭৬ টা ভিডিঅ’ আছিল আৰু ফুটেজত কিছুমান মহিলা চৰকাৰী বিষয়া আৰু মহিলাক যৌন শোষণ চলোৱা হৈছে। ভিডিঅ’টো তেওঁলোকক যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছে।’’

বিজেপি নেতা এজনে আৰু দাবী কৰিছিল যে এই ভিডিঅ’ আৰু ফটোগ্ৰাফ থকা আন এটা পেন ড্ৰাইভ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাসকলৰ ওচৰলৈ গৈছে। তেওঁ পত্ৰখনত লিখিছিল, “যদি আমি জেডি(এছ)ৰ সৈতে মিত্ৰতা স্থাপন কৰোঁ আৰু যদি আমি লোকসভা নিৰ্বাচনৰ বাবে হাছান আসনত জেডি(এছ)ৰ প্ৰাৰ্থী প্ৰদান কৰোঁ, তেন্তে এই ভিডিঅ’বোৰ ‘ব্ৰহ্মাস্ত্ৰ’ (ধ্বংসাত্মক অস্ত্ৰ) হিচাপে ব্যৱহাৰ হ’ব পাৰে আৰু আমি ধৰ্ষণকাৰীৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা দল হিচাপে কলংকিত হ’ম।”

ৰেভান্নাই দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মান চহৰ ফ্ৰাংকফুর্টলৈ ৰাওনা হয়। ৰেভান্নাৰ ঘৰত কাম কৰা এগৰাকী ৪৭ বছৰীয়া মহিলাই যৌন নিৰ্যাতন ৰখাৰ অভিযোগ উত্থাপন কৰিছে। মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে আইপিচিৰ ধাৰা ৩৫৪এ, ৩৫৪ডি, ৫০৬ আৰু ৫০৯ ৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছে।

মহিলাগৰাকীয়ে এইবুলি অভিযোগ কৰিছে “মই যোগদান কৰাৰ চাৰি মাহ পিছত ৰেভান্নাই মোক তেওঁৰ কোঠালৈ মাতিবলৈ আৰম্ভ কৰিছিল। ঘৰটোত ছয়গৰাকী মহিলা কৰ্মচাৰী আছিল আৰু সকলোৱে আতংকিত হৈ পৰিছিল।’’ মহিলাগৰাকীয়ে লগতে কয় “যেতিয়াই (এইচডি) ৰেভান্নাৰ পত্নী তাত নাছিল, তেওঁ মহিলাসকলক ষ্টোৰ ৰূমলৈ মাতিছিল আৰু তেওঁলোকক স্পৰ্শ কৰিছিল। তেওঁলোকৰ শাৰীৰ পিনবোৰ আঁতৰ কৰিছিল আৰু মহিলাসকলক যৌন নিৰ্যাতন কৰিছিল।’’ মহিলাগৰাকীয়ে লগতে দাবী কৰে যে ৰেভান্নাই তেওঁৰ জীয়েককো উৎপীড়ন কৰাৰ চেষ্টা কৰিছিল।

ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ….

গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল

ধৰ্মৰ ভিত্তিত সংৰক্ষণত বিজেপিয়ে বিশ্বাস নকৰেঃ অমিত শ্বাহ
অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সোমবাৰে বিশাল ৰোড শ্ব’ৰ পিছত গুৱাহাটীতে নিশাটো কটায় অমিত শ্বাহে। আজি অনুষ্ঠিত হৈছে অমিত শ্বাহৰ সংবাদমেল। গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল অনুষ্ঠিত হৈছে। সংবাদমেলত অমিত শ্বাহে কয়, “দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাত সমৰ্থন পাইছো। দক্ষিণ ভাৰততো বিজেপিৰ ফলাফল ভাল হ’ব। অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।” সংবাদমেলত অমিত শ্বাহে কয়, “দুটা পৰ্যায়ৰ নিৰ্বাচনত দেশত ১০০তকৈ বেছি আসন পাম। কৰ্ণাটক, তেলেংগানা, তামিলনাডু, কেৰালাত সমৰ্থন পাইছো। দক্ষিণ ভাৰততো বিজেপিৰ ফলাফল ভাল হ’ব।

GUWAHATI, APR 30 UNI):- Union Home Minister Amit Shah addressing a press conference, in Guwahati on Tuesday. UNI PHOTO-7U

অসমত অতি কমেও ১২ খন আসন লাভ কৰিম। অসমত বিজেপিক লৈ জনতাৰ বিশ্বাস বৃদ্ধি হৈছে। ৪০০ পাৰ কৰাৰ লক্ষ্যৰে আমি কাষ চাপিছো। ৪০০ পাৰ হ’বই, এয়া আমাৰ লক্ষ্য।” শ্বাহে কয়- ২০১৪ আৰু ২০১৯ত জনতাই আমাক মৰম আৰু বিশ্বাস দিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। ৪০০পাৰ কৰিবই। এয়া আমাৰ বিশ্বাস। বিজেপি শাসনলৈ আহিলে সংবিধান সুৰক্ষিত থাকিব। ধৰ্মৰ ভিত্তিত সংৰক্ষণ পদ্ধতিত বিজেপিয়ে বিশ্বাস নকৰে বুলিও তেওঁ কয়। বিজেপি SC, ST, OBCৰ সমৰ্থক। বিজেপি শাসনলৈ আহিলে সংৰক্ষণ ব্যৱস্থা বিলুপ্ত কৰিব বুলি অপ্ৰচাৰ কৰিছে কংগ্ৰেছে। শ্বাহে কয় যে কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিজেপিয়ে ৪০০ পাৰ নকৰিব বুলি কংগ্ৰেছে কৰা প্ৰচাৰক অপ্ৰচাৰ আখ্যা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আত্মবিশ্বাসেই নাই।

সেয়েহে তেওঁলোকৰ নেতাই বেলেগ বেলেগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছ বেকফুটত গৈছে। ৰাহুল-প্ৰিয়ংকাৰ নেতৃত্বত অতি নিম্নখাপৰ ৰাজনীতি হৈছে। তেওঁলোকে লেতেৰা ৰাজনীতি কৰিছে। তেওঁলোকে আমাৰ ভুৱা ভিডিঅ ভাইৰেল কৰি ভোট লোৱাৰ অপচেষ্টা কৰিছে। দক্ষিণ ভাৰতত বিজেপিৰ এইবাৰ ভাল ফলাফল হব। সমগ্ৰ ভাৰতত এতিয়ালৈকে হোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰাটো নিশ্চিত। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই আৰু নকৰে। কৰ্ণাটকত মুছলমানৰ বাবে চাৰি শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। অসমত এতিয়া উন্নয়নৰ গংগা বৈছে বুলি কৈ শ্বাহে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া অসমত কেৱল প্ৰগতিৰ বতাহ বলিছে। অসমৰ ৰাইজে বিজেপিৰ আন্তৰিকতাৰে লৈছে। সেয়েহে বিগত ১০বছৰ ধৰি অসমত বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰ চলি আছে।কেৰালা, কৰ্ণাটক, তেলেংগানাত লোকসভা নিৰ্বাচনৰ ফলাফল আগতকৈ বহু ভাল হব বুলিও তেওঁ কয়। সংখ্যালঘুক লৈ কংগ্ৰেছে সদায়েই ৰাজনীতি কৰে বুলি কৈ শ্বাহে প্ৰশ্ন কৰে- কংগ্ৰেছৰ সভাপতি পদটো সংখ্যালঘুক দিব পাৰিব নে?

অসমৰ ৩০খন জিলাত বতৰ বিজ্ঞান বিভাগৰ Yellow Alert জাৰি…

অসমৰ ৩০খন জিলাতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert । দক্ষিণ শালমৰা মানকাচৰ, ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ, কামৰূপ(মহানগৰ) জিলাত
Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।


মৰিগাঁও, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ,
শিৱসাগৰ জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।


যোৰহাট, মাজুলী, গোলাঘাট, কাৰ্বি আংলং, হোজাই,পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ,
কৰিমগঞ্জ, হাইলাকান্দি জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
Yellow Alert জাৰি কৰা জিলাসমূহত হ’ব ধাৰাসাৰ বৰষুণৰ লগতে আহিব পাৰে ধুমুহা।

নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ! ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে…

নিৰ্বাচনৰ আগতে কেজৰিৱালক কিয় গ্ৰেপ্তাৰ কৰা হ’ল ? ইডিৰ পৰা প্ৰশ্নৰ উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰকলৈ আজি পুনৰ বিপাঙত পৰে ইডি। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়কলৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। কেজৰিৱালৰ আবেদনৰ শুনানি একেৰাহে দ্বিতীয় দিনৰ বাবে আজি অনুষ্ঠিত হয়। উচ্চতম ন্যায়ালয়ে মঙলবাৰে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়ৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি ইডিক সোধে- নিৰ্বাচনৰ ঠিক আগমুহূৰ্তত কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ’ল কিয়? ।

উচ্চতম ন্যায়ালয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ইডিৰ পৰা সঁহাৰি বিচাৰিছে।বিষয়টোৰ শুকুৰবাৰে শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। কেজৰিৱালে উচ্চতম ন্যায়ালয়ত ইডিৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই আবেদন কৰিছিল। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ সময়স ম্পৰ্কে অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৰ পৰা সঁহাৰি বিচাৰে।

আদালতে কয় “জীৱন আৰু স্বাধীনতা অতি গুৰুত্বপূৰ্ণ। আপুনি সেয়া অস্বীকাৰ কৰিব নোৱাৰে।’’ বিচাৰপীঠে ৰাজুক আন কেইবাটাও প্ৰশ্ন কৰে। ২১ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত কেজৰিৱাল বৰ্তমান ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। উচ্চতম ন্যায়ালয়ে ১৫ এপ্ৰিলত ইডিক জাননী জাৰি কৰিছিল আৰু কেজৰিৱালৰ আবেদনৰ বিষয়ত সঁহাৰি বিচাৰিছিল। আদালতত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কেজৰিৱালক প্ৰতিনিধিত্ব কৰে।

অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৭৮.২৫ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশঃ নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য…

চলিত লোকসভা নিৰ্বাচন ২০২৪ ত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৮ টা সংসদীয় সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ৬৬.১৪% আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১% ভোটদান হৈছে। নিৰ্বাচন আয়োগে মঙলবাৰে এই শেহতীয়া তথ্য প্ৰকাশ কৰে।

আয়োগে প্ৰকাশ কৰা মতে প্ৰপত্ৰ ১৭চিৰ জৰিয়তে ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা আইটি প্ৰণালীত আপডেট কৰা অনুসৰি ভোটাৰ টাৰ্ণআউট এপত সমষ্টি অনুসৰি তথ্য নিয়মীয়াকৈ আপডেট কৰা হৈছে।

সকলো প্ৰাৰ্থীক এটা সমষ্টিৰ প্ৰতিটো ভোটকেন্দ্ৰৰ বাবে প্ৰপত্ৰ ১৭চিৰ প্ৰতিলিপিও প্ৰদান কৰা হৈছে। ডাক বেলট গণনা মুঠ ভোট গণনাত সংযোজন হ’ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি অসমত প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৭৮.২৫ আৰু দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৮২.১৭ শতাংশ।

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল ! চিবিআইৰ অভিযোগনামা দাখিল…

মণিপুৰ আৰক্ষীয়ে দুগৰাকী কুকি মহিলাক সহায় কৰাৰ সলনি উত্তেজিত জনতাৰ মাজলৈ লৈ গৈছিল, চিবিআইৰ অভিযোগনামা দাখিল
মণিপুৰ আৰক্ষীৰ জোৱানসকলে তেওঁলোকৰ চৰকাৰী জিপচীত আশ্ৰয় বিচৰা কুকি-জোমী সম্প্ৰদায়ৰ মহিলা দুগৰাকীক কাংপোকপি জিলাৰ প্ৰায় ১,০০০ মেইটি প্ৰতিবাদকাৰীৰ ভিৰ মাজলৈ লৈ গৈছিল। চিবিআইৰ অভিযোগপত্ৰত এনেদৰেই কোৱা হৈছে। অভিযোগনামাখনত লগতে কোৱা হৈছে যে ৰাজ্যখনত জাতিগত হিংসাৰ সময়ত যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আগতে দুয়োগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা হৈছিল। অভিযোগনামাখনত লগতে এইবুলিও উল্লেখ কৰা হৈছে যে এগৰাকী মহিলা কাৰ্গিল যুদ্ধৰ যোদ্ধাৰ পত্নী আছিল।

তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যোৱাত আৰক্ষী কৰ্মীসকলে হেমাহী কৰিছিল। আৰক্ষীয়ে কৈছিল যে “বাহনখনৰ কোনো চাবি নাই”। সেইবুলি কৈয়েই আৰক্ষীয়ে দায়িত্ব সামৰিছিল আৰু মহিলাকেইগৰাকীক কোনো সহায় আগবঢ়োৱা নাছিল। সেইসময়ত তিনিৰ পৰা চাৰিজন আৰক্ষী কৰ্মী বাহনখনৰ বাহিৰত আছিল। এজন পুৰুষে চালকজনক তেওঁলোকক সুৰক্ষিত স্থানলৈ লৈ যাবলৈ অনুৰোধ কৰি আছিল কিন্তু “গাড়ীৰ কোনো চাবি নাই” বুলি তেওঁক কোৱা হৈছিল। ভুক্তভোগী মহিলাসকলৰ মাজৰ এগৰাকীৰ স্বামীয়ে অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাপে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল।

আৰক্ষীৰ জিপচীৰ চালকজনে বাহনখন প্ৰায় ১,০০০ লোকৰ ভিৰৰ ফালে লৈ গৈছিল আৰু প্ৰতিবাদকাৰীসকলৰ সন্মুখত ৰখাই দিছিল।প্ৰতিবাকাৰীসকলে মহিলা কেইগৰাকীক টানি নিছিল, তেওঁলোকৰ কাপোৰ খুলি পেলাইছিল আৰু তেওঁলোকক যৌন নিৰ্যাতন কৰাৰ আগতে উলংগ কৰি পেৰেড কৰাইছিল।। চিবিআইয়ে জুলাইত মণিপুৰ আৰক্ষীয়ে আটক কৰা হুইৰেম হেৰোদাস মেইটেই আৰু আন পাঁচজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । অভিযুক্তসকলক ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে, যাৰ ভিতৰত আছে দলবদ্ধ ধৰ্ষণ, হত্যা, মহিলাৰ শালীনতা হানি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ সৈতে সম্পৰ্কিত ধাৰা।

কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ…

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ ।

আৰক্ষীৰ জালত বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ ধৰম সিঙৰ পুত্ৰ সিকন্দ্ৰৰ সিং চোকাৰক গ্ৰেপ্তাৰ

EDৰ মানী লণ্ডাৰিং গোচৰত সিকন্দৰ সিং চোকাৰক গ্ৰেপ্তাৰ ১০০ কোটিতকৈও অধিক জালিয়াতিৰ অভিযোগ

ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ আছে এটা গোচৰ

ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ : কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে…

আদালতত ক’লে এষ্ট্ৰাজেনেকাই- কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া আছে। ফলত ভেকচিন লোৱাসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে। ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ কোভিড ভেকচিনে কম সংখ্যক ৰোগীৰ ক্ষেত্ৰত গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে।

ব্ৰিটিছ উচ্চ ন্যায়ালয়ত দাখিল কৰা আদালতৰ নথি-পত্ৰত এষ্ট্ৰাজেনেকাই প্ৰথমবাৰৰ বাবে স্বীকাৰ কৰিছে যে তেওঁলোকৰ Covid-19 ভেকচিনে থ্ৰম্ব’চাইট’পেনিয়া চিনড্ৰম (TTS)ৰ দৰে বিৰল পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। কেইবাখনো দেশত Covishield আৰু Vaxjavria ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা হৈছিল AstraZeneca ভেকচিন।

দুটা সন্তানৰ পিতৃ জেমী স্কটে যোৱা বছৰ কোম্পানীটোৰ বিৰুদ্ধে গোচৰ তৰিছিল। ভেকচিন লোৱাৰ পিছত তেওঁৰ মগজুত তেজৰ গোট গঠন হৈছিল, যাৰ বাবে তেওঁ কাম কৰিবলৈ অক্ষম হৈ পৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ব্ৰিটিছ উচ্চ ন্যায়ালয়ত ৫১টা এনে গোচৰ ৰুজু হৈছে, য’ত ভুক্তভোগী আৰু তেওঁলোকৰ আত্মীয়ই ১০ কোটি পাউণ্ড পৰ্যন্ত ক্ষতিপূৰণৰ দাবী জনাইছে।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ সহযোগত এষ্ট্ৰাজেনেকাই এই ভেকচিন প্ৰস্তুত কৰিছিল। ভাৰতত এই ভেকচিন Covishield নামেৰে জনা যায়, যিটো দেশত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই প্ৰস্তুত কৰিছিল। ছিৰাম ইনষ্টিটিউট হৈছে বিশ্বৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুত কৰা কোম্পানী। ভাৰতত প্ৰদান কৰা ভেকচিনৰ প্ৰায় ৮০% মাত্ৰা কেৱল কোভিশ্বিল্ডৰ।

থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰমৰ ফলত ব্যক্তিৰ শৰীৰ আৰু মগজুত তেজ জমা হ’ব পাৰে। শৰীৰত তেজৰ গোট গঠন হোৱাৰ বাবে এজন ব্যক্তিৰ মগজুৰ ষ্ট্ৰোক আৰু হৃদযন্ত্ৰ বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও এই চিনড্ৰমৰ বাবে তেজত প্লেটলেট কম হোৱাৰ আশংকাও থাকে।

কোম্পানীটোৱে কৈছিল যে পৰীক্ষাৰ সময়ত ভেকচিনৰ কোনো গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা নগ’ল। কোৱা হৈছিল যে টিকাকৰণৰ পিছত ভাগৰুৱা, ডিঙিৰ বিষ, মৃদু জ্বৰ আদি লক্ষণ দেখা পোৱা গৈছিল যদিও কোনো মৃত্যু বা গুৰুতৰ ৰোগৰ কোনো লক্ষণ দেখা পোৱা নগ’ল।

বিশ্বৰ কোটি কোটি লোকলৈ কৰোনা ভাইৰাছে যেতিয়া মৃত্যুৰ ভাবুকি আনিছিল, তেতিয়া কোভিড ভেকচিনে আশাৰ সঞ্চাৰ কৰিছিল। বহুতে কয় যে কম বয়সীয়া ডেকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধিৰ বাবে এই ভেকচিন দায়ী। লগতে বহুতে দাবী কৰে যে কোভিড আহি পোৱাৰ পিছতহে অকাল মৃত্যুৰ হাৰ বৃদ্ধি পাইছে।