Home Blog Page 849

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা…

মঙলদৈ চপাই বিহুতলীত অসমীয়া সংগীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ৰিশিতা সাহা

মুকলি বিহুত দৰঙী বিহু দল, কুঁৱৰীত শ্ৰেষ্ঠ সুস্মিতা গোহাঁই

চিত্ৰাংকনত মহাশ্বেতা, ৰিচাংক, অপৰাজিতা, মেঘনা শ্ৰেষ্ঠ

চপাই যুৱ কল্যাণ কেন্দ্ৰৰ উদ্যোগত যোৱা ২৭ আৰু ২৮ এপ্ৰিলত চপাই নেহৰু ময়দানত ৪৩ সংখ্যক চপাই আঞ্চলিক ৰঙালী বিহু সন্মিলনী হৈ যায়। এই উপলক্ষে ২৭ এপ্ৰিলত অনুষ্ঠিত হয় অসমীয়া ন পুৰণি গীতৰ মহাৰণ ‘ভয়চ অৱ দৰং’ প্ৰতিযোগিতা। দিনৰ ১১ বজাত বিশিষ্ট শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাই উদ্বোধন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দুকুৰি নৱপ্ৰজন্মৰ প্ৰতিযোগীয়ে প্ৰৱল আত্মবিশ্বাসেৰে মঞ্চত উঠি গৈ কণ্ঠৰে নিগৰালে শ্যামল মিত্ৰ, বীৰেন্দ্ৰ কুমাৰ দত্ত, পুলক বেনাৰ্জী, দীপালী বৰঠাকুৰ, ৰামেশ্বৰ পাঠক, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ৰিদিপ দত্ত, প্ৰতিমা পাণ্ডে বৰুৱা, অনিমা চৌধুৰী, পাপন অংগৰাগ মহন্ত, জুবিন গাৰ্গকে ধৰি বিশিষ্ট শিল্পীৰ এটাৰ পিছত এটাকৈ কালজয়ী গীত। মঞ্চৰ সন্মুখত বহি থকা সহস্ৰাধিক সংগীত প্ৰেমীয়ে নৱপ্ৰজন্মৰ প্ৰতিভা দেখি উৎফুল্লিত হৈ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বজাই শিল্পী সকলক উৎসাহিত কৰে। এনেদৰে প্ৰায় ৯ ঘণ্টাজুৰি ন পুৰণি গীতৰ মাজত মচগুল হৈ থাকিল নৱপ্ৰজন্মৰ শিল্পী আৰু সংগীত প্ৰেমী ৰাইজ। অসমীয়া গীতৰ অন্যন্য মহাৰণ মঙলদৈৰ ৰিশিতা সাহাই শ্ৰেষ্ঠত্ব অৰ্জন কৰে। অনাতাঁৰ শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা এই প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি ৰিশিতা সাহাই ধনজিৎ দাস (বাবু) সোঁৱৰণী বঁটা আৰু নগদ পাঁচ হাজাৰ টকা লাভ কৰে।

অনাতাঁৰ শিল্পী ৰেণু শইকীয়া, ভাৰতী চহৰীয়া আৰু কাকুল চলিহাই বিচাৰক হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত আভিৰি নয়না দাসে দ্বিতীয় স্থান লাভ কৰি চন্দ্ৰপ্ৰভা চৌধুৰী সোঁৱৰণী বঁটা আৰু নগদ চাৰি হাজাৰ পাঁচশ টকা, তৃতীয় স্থানপ্ৰাপ্ত নিতুল ডেকাই বিদ্যাৰাম চহৰীয়া সোঁৱৰণী বঁটা আৰু নগদ তিনি হাজাৰ পাঁচশ টকা, চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰণামী বৰ্মণে জোনমণি বৰুৱা সোঁৱৰণী বঁটা আৰু নগদ তিনি হাজাৰ টকা আৰু পঞ্চম স্থানপ্ৰাপ্ত ৰাগিনী চহৰীয়াই জাতীয় ছহিদ হৰিনাথ নাথ সোঁৱৰণী বঁটা আৰু দুহেজাৰ পাঁচশ টকা লাভ কৰে। আনহাতে তিতিক্ষা শৰ্মাই ষষ্ঠ, জোনাক নিবিড় কাশ্যপে সপ্তম, চোহেব চাবিৰ আহমেদে অষ্টম, নিবিড় কুমাৰ নাথে নৱম, অন্তৰীপ শিৱমে দশম আৰু মোজাহিদুল হকে একাদশ স্থান লাভ কৰি বঁটা আৰু নগদ পাঁচশ টকাকৈ লাভ কৰে। আনহাতে চিত্ৰশিল্পী মৃত্যুঞ্জয় কুমাৰ দেৱ শৰ্মাই উদ্বোধন কৰা আৰু পংকজ চহৰীয়া, বিপুল চন্দ্ৰ ডেকা, অনিৰুদ্ধ ৰাভাই পৰিচালনা কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত মহাশ্বেতা দত্ত প্ৰথম, হিয়ান ৰয় দ্বিতীয়, বিভান্ত চহৰীয়া তৃতীয় আৰু ধ্ৰুৱিকা চাংকাকতি নিচুকণি বঁটা; ‘খ’ শাখাত ৰিচাংক বৰুৱা প্ৰথম, ৰাজদীপ চন্দ্ৰ ডেকা দ্বিতীয়, দীক্ষিতা শৰ্মা তৃতীয় আৰু স্নিগ্ধা দে নিচুকণি বঁটা; ‘গ’ শাখাত অপৰাজিতা দত্ত প্ৰথম, নিলাক্ষী ডেকা দ্বিতীয়, কৰণ তালুকদাৰ তৃতীয়; ‘ঘ শাখাত মেঘনা দেৱী প্ৰথম আৰু আলিছা ৰহমানে দ্বিতীয় স্থান লাভ কৰে।

গগণা বাদন প্ৰতিযোগিতাত অনুষ্কা কাশ্যপ প্ৰথম, যুগজয়ী শৰ্মা দ্বিতীয়, জ্যোতিস্মিতা দত্ত তৃতীয় আৰু প্ৰাচী দে’ই নিচুকণি বঁটা, পেপা বাদন প্ৰতিযোগিতাত খঞ্জন কুমাৰ ডেকা প্ৰথম, দেৱৰ্ষি কাশ্যপে দ্বিতীয় স্থান লাভ কৰে। ইফালে কুশৰাম ডেকা, মাধুৰী ডেকা, ৰূপেশ্বৰ ডেকা সোঁৱৰণী ভেশচন প্ৰতিযোগিতাত কুশল প্ৰীতম আৰু জুলিৰাণী কেওটৰ পুতলা নাচে প্ৰথম, নীলম কলিতাই লাচিত বৰফুকনৰ ভাও দি দ্বিতীয়, বিমান কুমাৰ ডেকাৰ দলে লাখপতি বাইদেউৰ ভাওত তৃতীয় স্থান, চয়নিকা ডেকা আৰু ৰুবিকা চাংকাকতিয়ে নিচুকণি বঁটা লাভ কৰে। নিশা নাট্যকৰ্মী কুমাৰেশ দত্তই উদ্বোধন কৰা মুকলি বিহু প্ৰতিযোগিতাত দৰঙী বিহু দল প্ৰথম, হাঁচতি বিহু দল দ্বিতীয়, ৰৌতাৰ অসমী বিহুৱা দলে তৃতীয় স্থান, বিহু কুঁৱৰী প্ৰতিযোগিতাত সুস্মিতা গোহাঁই প্ৰথম আৰু হিমাক্ষী মেধি দ্বিতীয় স্থান লাভ কৰে। ইফালে ২৮ এপ্ৰিলত হোৱা বিহুসুৰীয়া গীতত একক নৃত্য প্ৰতিযোগিতাত লনী ভাৱনা কাশ্যপ প্ৰথম, সৃষ্টি বৰা দ্বিতীয়, বৈশালী ডেকাই তৃতীয় স্থান লাভ কৰে। আনহাতে সাংস্কৃতিক কৰ্মী প্ৰিয় ডেকাই উদ্বোধন কৰা অসমীয়া গীতত দলীয় নৃত্য প্ৰতিযোগিতাত জুপিতৰা দল প্ৰথম, শংকৰদেৱ সঙ্গীত কলা কেন্দ্ৰ দ্বিতীয়, জাগ্ৰত ডান্স গ্ৰুপ তৃতীয়, গাঁৱৰ ছোৱালী দল আৰু ৰাইজিং জাগ্ৰত গ্ৰুপে নিচুকণি বঁটা লাভ কৰে। আনহাতে সন্ধিয়া মঙলদৈ পৌৰসভাৰ সভানেত্ৰী নিৰ্মালী দেৱী শৰ্মাই মঞ্চ উদ্বোধন কৰাৰ পিছতে দৰঙী বিহু দল, কপৌপাহি বিহু দলে বিহু নৃত্য, বুলবুল হুছেইনে কৌতুক আৰু সৌৰভ শংকৰে গীতৰ শৰাই আগবঢ়ায়।

বিশ্বনাথৰ তিনিসূঁতিত লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সাহিত্যিক ছত্ৰমান চুব্বাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…

লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আৰু এক বিশেষ সম্বৰ্ধনা সভা কালি বিশ্বনাথ জিলাৰ তিনিসূঁতিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । লিম্বু মহাসভা অসমৰ কেন্দ্ৰীয় সভাপতি লক্ষী খাপুঙৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ বিভিন্ন কাৰ্যপন্থা , সাংগঠনিক কাম-কাজ বিষয়ক আলোচনাৰে এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

সভাত শোণিতপুৰ, বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজি, কোকৰাঝাৰ ইত্যাদি বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।


সভাতেই ২০২৩ বৰ্ষৰ সাহিত্য অকাদেমী অনুবাদ পুৰস্কাৰ লাভ কৰা বালিপৰাৰ বিশিষ্ট সাহিত্যিক , অনুবাদক, সমালোচক ছত্ৰমান চুব্বাক কেন্দ্ৰীয় সমিতি আৰু বিশ্বনাথ জিলা সমিতিয়ে অসমীয়া গামোছা, লিম্বু জনগোষ্ঠীয় গামোছা, চেলেং, ফুলাৰ থোপা, মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ।

চালকৰ অগোচৰে ডাম্পাৰ চলাই আলহী খাবলৈ আহিল হেন্দিমেন ! দুৰ্ঘটনা সংঘটিত কৰি টুথপেষ্টৰে চালকৰ ফোন নম্বৰ লিখি পলায়ন হেন্দিমেনৰ…

চতিয়াৰ সাপেখাটিত আজি পুৱতি নিশা এখন ডাম্পাৰে সাপেখাটি দলঙৰ ৰেলিংত খুন্দিয়াই এক দুৰ্ঘটনা সংঘটিত কৰে ৷অঞ্চলৰ টোৰ প্ৰাতঃভ্ৰমণলৈ যোৱা একাংশ লোকে আজি পুৱতি নিশা দলং খনৰ ৰেলিং ভাঙি এখন ডাম্পাৰ নং AR04A1895 ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷লোক কেইজনে বিপদজনক অৱস্থাত ডাম্পাৰখন ওলমি থকা দেখি চতিয়া আৰক্ষীক খবৰ দিয়ে ৷চতিয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ডাম্পাৰখন নিৰীক্ষণ কৰোতে গাড়ীখনৰ সন্মুখভাগত টুথপেষ্টৰে লিখি থোৱা এটা ফোন নাম্বাৰ প্ৰত্যক্ষ কৰে ৷

আৰক্ষীয়ে নাম্বাৰটোলৈ ফোন কৰাত দুৰ্ঘটনাত পতিত হোৱা ডাম্পাৰখনৰ সকলো তথ্য ওলাই পৰে ৷উল্লেখ্য যে উক্ত ফোন নাম্বাৰটো ডাম্পাৰখনৰ চালকৰ আছিল ৷চতিয়া আৰক্ষীয়ে জনোৱা মতে ডাম্পাৰখন বালিপৰাৰ কোনো নিৰ্মাণ প্ৰতিষ্ঠানৰ ৷ কাম চলি থকা স্থানৰ পৰাই নিশা হেন্দিমেনে চালকৰ অগোচৰে ডাম্পাৰখন চলাই আহি চতিয়াৰ সাপেখাটি দলংখনত পুৱতী নিশা দূৰ্ঘটনা সংঘটিত কৰে ৷

হেন্দিমেনজনে ডাম্পাৰখন চুৰি কৰাৰ উদ্দেশ্যে নে লেবেল দি ডাম্পাৰ লৈ আলহী খাবলৈ আহিছিল সেইটো বৰ্তমানেও পোহৰলৈ অহা নাই ৷চতিয়া আৰক্ষীৰ তদন্তত হে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷সি যি কি নহওক পুৱতি নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যে হেন্দিমেনজন বাচিল সি ধুৰূপ

পুৰণিগুদামত  দুদিনীয়াকৈ আৰম্ভ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪, উদুলি-মুদুলি পুৰণিগুদাম বাপুজী ভৱন পুথিভঁড়ালৰ খেলপথাৰ…

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামস্থিত “বাপুজী ভৱন আৰু পুথিভঁৰাল”ৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ চম্পাৱতী-২০২৪৷ পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদ্‌যাপন সমিতিৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ বৰ্ণাঢ্য কাৰ্য্যসূচী আজি পুৱা ৮-৩০ বজাত বিহুৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে উদ্‌যাপন সমিতিৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীয়ে ৷ পুৰণিগুদাম কেন্দ্ৰীয় বিহু উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক ড° যতীন শৰ্মাই আঁট ধৰা আৰু বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সন্মানীয় প্ৰতিনিধিবৰ্গৰ লগতে উদ্যোক্তা সমিতিৰ সমূহ সদস্য-সদস্যা উপস্থিত থকা উক্ত অনুষ্ঠানত কুলপ্ৰদীপ দাসৰ পৰিচালনাত পুৰণিগুদাম সঙ্গীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমৱেত সঙ্গীত পৰিৱেশন কৰি অনুষ্ঠানটি সৰ্বাঙ্গসুন্দৰ কৰি তোলা পৰিলক্ষিত হয়৷ ইয়াৰ পাছতে পুৱা ৯ বজাত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৃক্ষৰোপণ কৰে বিশিষ্ট অভিনেতা দুলেন গায়নে৷

পৰৱৰ্তী সময়ত স্থানীয় বিশিষ্ট চিত্ৰশিল্পী ৰাতুল শৰ্মা আৰু চিত্ৰ-ভাস্কৰ্য্য শিল্পী শৰৎ বৰুৱাৰ পৰিচালনাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি  চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ দিনৰ ১১-৩০ বজাত চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেৰম্ব প্ৰসাদ গোস্বামীৰ পৰিচালনাত এখনি মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কাৰ্যসূচী ৰূপায়ণ কৰে উদযাপন সমিতিয়ে।উল্লেখযোগ্য যে, পুৰণিগুদামৰ বহুকেইটা অনুষ্ঠানৰ বিষয়ববীয়া একত্ৰিত হৈ পুৰণিগুদামবাসী ৰাইজৰ সহযোগত আড়ম্বৰপূৰ্ণভাৱে আৰম্ভ হোৱা পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহুকলৈ উদুলি- মুদুলি পৰিবেশৰ সৃষ্টি হৈছে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁড়াল খেলপথাৰৰ বাকৰি।আজি নিশা বিভিন্ন কাৰ্যসূচীৰ লগতে অহা কালিলৈ পুৱা ৪-৪৫ বজাত মাৰথান দৌৰ প্ৰতিযোগিতা,পুৱা ১০ বজাত ৰচী টনা খেল প্ৰতিযোগিতা, ১১ বজাত টেকেলী ভঙা খেল আৰু সন্ধ্যা সাত বজাৰ পৰা বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়া।বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে উদ্বোধন কৰিব লগা এই সাংস্কৃতিক সন্ধিয়াত সংগীত শিল্পী চন্দনা ডেকা আৰু নিলোৎপল গায়নে গীত পৰিৱেশন কৰিব।লগতে “ধিচুম” কৌতুক গোষ্ঠীয়ে তেওঁলোকৰ হাস্যৰসৰ অনুষ্ঠান অনুষ্ঠিত কৰিব।সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত। পুৰণিগুদাম কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ “চম্পাৱতী” ৰ উদ্যোক্তা সকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে।

জুলাইত বিয়াঃ লণ্ডনত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত পাকিস্তানী গায়কৰ পত্নীৰ সৌন্দৰ্যই মন মুহিলে দৰ্শকক…

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। চলিত বৰ্ষৰ জুলাই মাহত দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা। জামনগৰত আয়োজন কৰা হৈছিল এই দুগৰাকী তাৰকাৰ প্ৰি-ৱেডিং অনুষ্ঠান। য’ত সমগ্ৰ বিশ্বৰ বিখ্যাত ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল। এতিয়া শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ ফেন পেজত দাবী কৰা হৈছে যে ৰাধিকা আৰু অনন্ত আম্বানীয়ে লণ্ডনৰ ষ্টক পাৰ্ক এষ্টেটতো ব্যক্তিগত প্ৰি-ৱেডিং পাৰ্টি অনুষ্ঠিত কৰিছিল। য’ত পাকিস্তানী গায়ক আতিফ আছলামে কণ্ঠদান কৰে। কেৱল এয়াই নহয়, গায়িকাগৰাকীৰ পত্নী ছাৰাৰ সৌন্দৰ্য্যত এই পাৰ্টিৰ সকলোৱে মন্ত্ৰমুগ্ধ হৈ পৰিল।

ৰাধিকা আৰু অনন্তৰ পাৰ্টিত লাইভ কনচাৰ্টৰ সময়ত আতিফ আছলামে আলোড়নৰ সৃষ্টি কৰা বুলি দাবী কৰা হৈছে। গায়ক গৰাকীয়েও এই অনুষ্ঠানৰ কিছু ফটো শ্বেয়াৰ কৰিছে যিয়ে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। আনহাতে তেওঁৰ পত্নী ছাৰাক আতিফৰ জেকেটৰ সৈতে মিল থকা সোণালী আৰু ক্ৰীম ৰঙৰ দীঘল বডিকন জিলিকি থকা পোছাক পিন্ধা দেখা গৈছিল।সকলোৱে ছাৰাৰ সৌন্দৰ্য্যক প্ৰশংসা কৰিছে।

গৰমৰ বতৰত আমৰ ঔষধি গুণৰ বিষয়ে জানক…

আম ভাল নোপোৱা মানুহ পৃথিৱীত হয়তো এজনো নোলাব। তাতে এই গৰমৰ বতৰত আম নোখোৱাকৈ থকাৰ থকাৰ কথা জানো ভাবিব পাৰি ? জ্যুচৰ পৰা আৰম্ভ কৰি চালাড, আচাৰ, চাটনি, আইচক্ৰীম আদি না না ধৰণেৰে আমি খাই ভাল পাঁও।

আমৰ ঔষধি গুণ

পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক। উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়। বহুমূত্ৰ ৰোগ, যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।

আম পাতৰ ঔষধি গুণ

আমৰ দৰে ইয়াৰ গছৰ পাতৰোবিশেষ কেতবোৰ গুণাগুণ আছে। আম গছৰ পাতত ভিটামিন এ, বি, চিৰ লগতে আন শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান আছে। যিসকল লোকে চৰ্দি, এজমা আদি ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকৰ বাবে আম গছৰ পাতৰ পাউদাৰ উপকাৰী হিচাপে বিবেচিত হৈছে।

মাংসৰ সৈতে আম

ৰন্ধাৰ আগতে মাংস মেৰিনেট কৰিবলৈ আম খুবেই ভাল। আমত থকা এনজাইম (enzyme)-এ আঁহযুক্ত মাংসক কোমল কৰাত সহায় কৰে।

কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী…

কাকপথাৰৰ ডিৰাকত ভয়ংকৰ পথ দুৰ্ঘটনা। ডাম্পাৰৰ খুন্দাত থিতাতে নিহত দুই বাইক আৰোহী।

দেওবাৰে সংঘটিত এই ঘটনা। ডিৰাকৰ চৰকাৰী কলেজৰ সমীপত এই ঘটনা।নিহতদ্বয়ৰ নাম যোগেন হাজৰিকা, নৱ শইকীয়া ওৰফে ভাইটি।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 12 CC1337।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত, সমকামীক বিহা হ’ব ১৫ বছৰৰ কাৰাবাস…

সমকামিতাৰ বিৰুদ্ধে ইৰাকত নতুন আইন গৃহীত কৰা হ’ল৷ সমকামী সম্পৰ্কত লিপ্ত হ’লেই ১৫ বছৰলৈকে কাৰাদণ্ড হ’ব পাৰে। ইৰাকৰ সংসদত সমকামী সম্পৰ্কক বেআইনী ঘোষণা কৰি অনা হৈছে এখন বিশেষ আইন । ইৰাকৰ চৰকাৰে দাবী কৰিছে যে নতুন আইনৰ উদ্দেশ্য হৈছে ধৰ্মীয় মূল্যবোধক সুৰক্ষা প্ৰদান কৰা। ইফালে, বহুকেইটা সমকামী লোকৰ সংগঠন তথা মানৱ অধিকাৰ সংগঠনে ইৰাকৰ চৰকাৰৰ নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ উল্লেখ্য বিশ্বৰ ৬০ খনতকৈও অধিক দেশত সমকামী সম্পৰ্ক নিষিদ্ধ কৰা হৈছে।পূৰ্বে বিশ্বৰ বহু দেশত সমকামীসকলক মৃত্যুদণ্ড বিহাৰ পোষকতা কৰা হৈছিল। কিন্তু বহু ইউৰোপীয় দেশত এনে সম্পৰ্কত লিপ্ত লোকৰ সৰ্বাধিক শাস্তি হৈছে ১৫ বছৰৰ কাৰাবাস।

ইৰাকী সমাজক সমগ্ৰ বিশ্বত বিয়পি পৰা নৈতিক অৱক্ষয় আৰু সমকামিতাৰ পৰা সুৰক্ষিত কৰিবলৈ এই আইন অনা হৈছে বুলি দেশ খনৰ চৰকাৰে প্ৰকাশ কৰিছে। আইন অনুসৰি সমকামী সম্পৰ্কৰ সৈতে জড়িত যিকোনো লোকক সৰ্বাধিক ১৫ বছৰ আৰু নূন্যতম ১০ বছৰৰ কাৰাবাসৰ শাস্তি বিহা হ’ব। যিসকল ব্যক্তিয়ে সমকামিতা বা পতিতাবৃত্তিক সমৰ্থন কৰি সেইবোৰৰ সপক্ষে প্ৰচাৰ চলায় তেনে লোককো কমেও সাত বছৰৰ বাবে কাৰাবাস দিয়া হ’ব। ইয়াৰ পূৰ্বে ইৰাকত আইনৰ দ্বাৰা সমকামিতাক অপৰাধ বুলি গণ্য কৰা হোৱা নাছিল।

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স নিফ্টী দ্ৰুত গতিত বৃদ্ধি…

ষ্টক মাৰ্কেট মুকলিঃ ভাৰতীয় ষ্টক মাৰ্কেটৰ গতি আজি দ্ৰুত আৰু বজাৰ মুকলিত ভাল । বেংকিং শ্বেয়াৰৰ সহায়ত বজাৰখন ওপৰলৈ উঠিছে। আজি বজাৰ মুকলিৰ সময়ত ১৫০০ টা শ্বেয়াৰ বৃদ্ধিৰ সৈতে ব্যৱসায় চলি আছে আৰু ইণ্ডিগোৰ শ্বেয়াৰ বছৰৰ উচ্চতম স্তৰত উপনীত হৈছে। য়েছ বেংকো ৭ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে বিএছইৰ ষ্টক মাৰ্কেট মুকলি হোৱাৰ পিছত ১৬ শতাংশ বৃদ্ধি পাইছে।

বিএছইৰ চেন্সেক্স ২৫২.৫৯ পইণ্ট বা ০.৩৪ শতাংশ বৃদ্ধিৰে ৭৩,৯৮২.৭৫ আৰু এনএছইৰ নিফটি ৫৫.৬০ পইণ্ট বা ০.২৫ শতাংশ বৃদ্ধিৰে ২২,৪৭৫ত মুকলি হয়।

চেন্সেক্স-নিফটিৰ শ্বেয়াৰৰ অৱস্থা

বিএছই চেন্সেক্সৰ ৩০টা ষ্টকৰ ভিতৰত ২৭টা ষ্টক ভাল বৃদ্ধি আৰু মাত্ৰ ৩টা ষ্টকহে হ্ৰাস পাইছে। চেন্সেক্সৰ প্ৰবল উত্থানত বেংকিং শ্বেয়াৰৰ ডাঙৰ ভূমিকা আছে। একে সময়তে এন এছ ই নিফটিৰ ৪০টা শ্বেয়াৰৰ ভিতৰত ৪২টা শ্বেয়াৰ বৃদ্ধি পাইছে আৰু ৮টা শ্বেয়াৰ হ্ৰাস পাইছে।

 চেন্সেক্সৰ শ্বেয়াৰৰ শেহতীয়া আপডেট

টেক মহিন্দ্ৰা ১.৮০ শতাংশ আৰু আইচিআইচিআই বেংক ১.৭৫ শতাংশ বৃদ্ধি। আল্ট্ৰাটেক চিমেণ্টৰ বৃদ্ধি ১.২৭ শতাংশ, মাৰুতীত ১.২৬ শতাংশ বৃদ্ধি। ইণ্ডাছইণ্ড বেংকৰ শ্বেয়াৰ ১.১৬ শতাংশ আৰু এনটিপিচিৰ শ্বেয়াৰ ১.১৫ শতাংশত ব্যৱসায় কৰা হৈছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত আইটিচি, বাজাজ ফিনচাৰ্ভ, এম এণ্ড এম আৰু এইচচিএল টেকৰ শ্বেয়াৰত হ্ৰাস পোৱা গৈছিল।

নিফ্টি ষ্টকৰ ছবি

বজাৰ মুকলি হোৱাৰ ১৫ মিনিটৰ পাছত ৫০টা নিফটিৰ ভিতৰত ২৯টা ষ্টক বৃদ্ধিৰ সৈতে ব্যৱসায় চলি আছে আৰু ২১টা ষ্টকত হ্ৰাস পাইছে। বৃদ্ধি পোৱা শ্বেয়াৰত ২.২৯ শতাংশ বৃদ্ধি পাইছে। আইচিআইচিআই বেংক ১.৭৫ শতাংশ, ইণ্ডুছইণ্ড বেংক ১.৬০ শতাংশ, ডিভিৰ লেব ১.৪৫ শতাংশ আৰু মাৰুতিৰ শ্বেয়াৰ ১.১১ শতাংশ বৃদ্ধি পাইছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত ৫.৬৮ শতাংশ আৰু এইচ চি এল টেকৰ ৪.৬৬ শতাংশ হ্ৰাস পাইছে। এম এণ্ড এমৰ মূল্য ১.৩৮ শতাংশ আৰু শ্ৰীৰাম ফাইনেন্সৰ মূল্য ১.১৫ শতাংশ হ্ৰাস পাইছে।

হাৰিয়ানাত উদ্ধাৰ ৪০০ বছৰ পুৰণি বিষ্ণু মূৰ্তি…

অমূল্য সম্পদ উদ্ধাৰ। হাৰিয়ানাত উদ্ধাৰ হৈছে ৪০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তি। ৪০০ বছৰ ধৰি মাটুৰ তলত পোত গৈ থকা মূৰ্তি মাটি খননৰ সময়তে হঠাতে ওলায়। প্ৰত্নতাত্ত্বিকসকলে সেই মূৰ্তিৰ বয়স ৪০০ বছৰৰ ওপৰৰ হ’ব বুলি ধাৰণা কৰিছে। হাৰিয়ানাৰ চাইবাৰ চহৰ গুৰুগ্ৰামৰ ওচৰত উদ্ধাৰ হৈছে এই অতি প্ৰাচীন মূৰ্তি। মানেছাৰৰ বাঘনাকী গাঁৱত নিৰ্মাণ কাৰ্যৰ বাবে কৰি থকা ভূমি খননৰ সময়তে সুদৰ্শন চক্ৰধাৰী যোগ নিদ্ৰাত থকা ভগৱান বিষ্ণুৰ মূৰ্তি পোৱা গৈছে। এতিয়ালৈকে মুঠ তিনিটা মূৰ্তি পোৱা গৈছে বুলি জানিব পৰা গৈছে। তিনিওটা মূৰ্তি এতিয়া চণ্ডীগড়ৰ পুৰাতাত্ত্বিক জৰীপ বিভাগক হস্তান্তৰ কৰা হৈছে। মূৰ্তিবোৰ পৰীক্ষা কৰাৰ পিছত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে কৈছে যে এই তিনিওটা মূৰ্তি প্ৰায় ৪০০ বছৰ পুৰণি।

প্ৰাপ্ত তথ্য অনুসৰি এজন লোকৰ মাটি জেচিবিৰে খন্দা হৈছিল। তেতিয়াই শ্ৰমিকসকলে তিনিটা মূৰ্তি দেখিছিল আৰু মাটিৰ মালিকক এই বিষয়ে অৱগত কৰিছিল। মালিকে এই মূৰ্তিবোৰ ৰাইজৰ দৃষ্টিৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। তেওঁ মূৰ্তি উদ্ধাৰৰ খবৰ কোনেও যাতে নাজানে সেয়া নিশ্চিত কৰিবলৈ জেচিবি চালকজনক টকাৰে প্ৰলোভিত কৰিব বিচাৰিছিল। অৱশ্যে জেচিবি চালকজনে দুদিন ধৰি টকা নোপোৱাৰ পিছত ঘটনাটো বিলাসপুৰ আৰক্ষী থানাক জনায়।

ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মূৰ্তিবোৰ তেওঁলোকৰ জিম্মাত লৈ পুৰাতত্ব বিভাগক এই বিষয়ে অৱগত কৰে। পুৰাতত্ব বিভাগৰ উপ সঞ্চালক বনানী ভট্টাচাৰ্য আৰু ড. কুশে ধেৱৰ আৰক্ষী থানালৈ গৈ মূৰ্তি তিনিটা লৈ আহে। গাওঁবাসীয়ে কৈছে যে এই মূৰ্তিবোৰ তেওঁলোকৰ গাওঁৰ এক ঐতিহ্য আৰু তেওঁলোকে সেই ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিব বিচাৰে । পুৰাতত্ব বিভাগৰ উপ-সঞ্চালক বানানী ভট্টাচাৰ্যই কয় যে তিনিওটা মূৰ্তি ব্ৰঞ্জৰে নিৰ্মিত।