Home Blog Page 852

মহাৰাষ্ট্ৰ কংগ্ৰেছে নিদিলে এজনো মুছলমান প্ৰাৰ্থী, দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ…

মহাৰাষ্ট্ৰত কংগ্ৰেছৰ দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ হৈছে৷ ২০২৪ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৰাজ্য খনত অকলে ১৭ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। কিন্তু আচৰিত কথাটো হ’ল ৰাজ্য খনত এইবেলি কোনো মুছলমান প্ৰাৰ্থী নাই। নিৰ্বাচনত এজনো মুছলমান প্ৰাৰ্থী নিদিয়াৰ বাবে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা মহম্মদ আৰিফ খান ওৰফে নাছিমে দলৰ ভিতৰতে বিদ্ৰোহ আৰম্ভ কৰিছে। নাছিম মহাৰাষ্ট্ৰৰ প্ৰভাৱশালী সংখ্যালঘু নেতা। তেওঁ এজন ৰাজ্যিক মন্ত্ৰীও আছিল। তেওঁ লোকসভা নিৰ্বাচন ২০২৪ ৰ দলৰ প্ৰচাৰ সমিতিৰো সদস্য । কিন্তু কোনো মুছলমান প্ৰাৰ্থীক টিকট নিদিয়াৰ বাবে নাছিমে প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে।


নাছিমে কয় “কংগ্ৰেছে মুছলমানৰ ভোট বিচাৰে কিন্তু মুছলমান প্ৰাৰ্থী দিব নিবিচাৰে’’। দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ লিখা এখন পত্ৰত তেওঁ কয়, “মহাৰাষ্ট্ৰত ৪৮ খন আসন। অৱশ্যে, মহা বিকাশ আঘাদীয়ে এই ৪৮ খন আসনত এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। মই ভাবিছিলো ৪৮ জনৰ ভিতৰত কমেও এজন মুছলমান প্ৰাৰ্থী থাকিব।কিন্তু তেনে কৰা নহ’ল। মহাৰাষ্ট্ৰত, কংগ্ৰেছে শিৱসেনাৰ সৈতে হাত মিলোৱাৰ কথাকলৈ ইতিমধ্যে সংখ্যালঘুসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এইবেলি সমগ্ৰ মহাৰাষ্ট্ৰত কংগ্ৰেছ বা কংগ্ৰেছ মিত্ৰজোঁটে এজনো মুছলমান প্ৰাৰ্থী প্ৰদান কৰা নাই। এই কথাই দলটোৰ সংখ্যালঘু কৰ্মীসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে। আনহাতে, প্ৰকাশ আম্বেদকাৰৰ বঞ্চিত বহুজন বিকাশ আঘাদীয়ে বহু মুছলমানক নিজৰ শিবিৰলৈ অনাৰ চেষ্টা কৰি আছে।

লোকসভা নিৰ্বাচনত পূৰ্বৰ তুলনাত কমিল ভোটদানৰ হাৰ, বিভিন্ন ঠাইত ভোট বৰ্জনৰ ঘটনা…

শুকুৰবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷ দ্বিতীয় পৰ্যায়ত এইবেলি ভোটদানৰ হাৰ ২০১৯ৰ লোকসভা নিৰ্বাচনতকৈ হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ এইবেলি দ্বিতীয় পৰ্যায়ৰ ভোটদান হাৰ হৈছে ৬৪.২ শতাংশ৷ নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ “শান্তিপূৰ্ণ” বুলি অভিহিত কৰিছে। দ্বিতীয় পৰ্যায়ত ৮.০৮ কোটি পুৰুষ, ৭.৮কোটি মহিলা আৰু ৫,৯২৯গৰাকী তৃতীয় লিংগসহ ১৫.৮৮ কোটিৰো অধিক ভোটাৰ ভোটদানৰ বাবে যোগ্য আছিল। অসমৰ শিলচৰ সমষ্টিৰ দুটা ভোটকেন্দ্ৰৰ ভোটাৰে উন্নয়ন নোহোৱাৰ অভিযোগত ভোটদান কৰাৰ পৰা বিৰত থাকে। বাংগালুৰুৰ বিভিন্ন ভোটকেন্দ্ৰতো প্ৰায় আধা ভোটাৰে ভোটদান নকৰিলে। বাংগালুৰুৰ চেণ্ট্ৰেলত ভোটদানৰ হাৰ আছিল ৫২.৮১ শতাংশ, বাংগালুৰুৰ উত্তৰত – ৫৪.৪২ শতাংশ আৰু বাংগালুৰুৰ দক্ষিণত ৫৩.১৫ শতাংশ ভোটদান হৈছে।

জিলা তথ্য কাৰ্যালয়ে প্ৰকাশ কৰা ভোটদানৰ পৰিসংখ্যা অনুসৰি, গৌতম বুদ্ধ নগৰ সমষ্টিত ২০১৯ৰ নিৰ্বাচনত ৬০.৪৭ শতাংশৰ পৰা ৫৩.৩০ শতাংশ ভোটদানৰহাৰ হ্ৰাস পাইছে৷ বিহাৰত গৰমৰ বাবে ভোটাৰসকলক সুবিধা প্ৰদান কৰিবলৈ বাংকা, মাধেপুৰা, খাগৰীয়া আৰু মুংগেৰ সমষ্টিৰ বহুতো ভোটকেন্দ্ৰত ভোটদানৰ সময় সন্ধিয়া ৬ বজালৈ বৃদ্ধি কৰা হৈছিল। দ্বিতীয় পৰ্যায়ত ছত্তীশগড়ৰ বস্তাৰ আৰু কাংকৰ সমষ্টিৰ ৪৬ খন গাঁৱৰ ভোটাৰে ভোটদান কৰে। লোকসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তেওঁলোকে নিজৰ গাঁৱৰ ভোটকেন্দ্ৰ ভোটদান কৰে। ৰাজস্থানত সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ২৫ খন লোকসভা আসনত ৬১.৬০ শতাংশ ভোটদান হৈছিল। কোটা-বুন্দি সমষ্টিৰ গুঞ্জৰা ভোটকেন্দ্ৰত ভূৰী বাই নামৰ এগৰাকী ১০৮ বছৰীয়া মহিলাই ভোটদান কৰে। তেওঁক পৰিয়ালৰ সদস্যসকলে হুইলচেয়াৰত ভোটকেন্দ্ৰলৈ লৈ আহিছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যৰ ৯৫ টা সমষ্টিত ভোটদানৰ হাৰ আছিল ৬৭.৬ শতাংশ ৷ আনহাতে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ প্ৰায় ৩% হ্ৰাস পায় আৰু ৬৪.২ শতাংশ হয়৷

বিশ্বত প্ৰথমবাৰৰ বাবে ছালৰ কৰ্কট ৰোগৰ ভেকছিনৰ সফল পৰীক্ষণ সম্পন্ন…

ছালৰ কৰ্কট ৰোগৰ আটাইতকৈ মাৰাত্মক প্ৰকাৰ হৈছে মেলানোমা৷ ইয়াৰ বিৰুদ্ধে বিশ্বৰ প্ৰথম এমআৰএনএ ভেকছিনৰ এক গুৰুত্বপূৰ্ণ পৰীক্ষণ আৰম্ভ হ’ল ২৭ এপ্ৰিলৰ পৰা৷ যোৱা আগষ্ট মাহত মূৰৰ ছালত মেলানোমা সৃষ্টি হোৱা ৫২ বছৰীয়া ষ্টিভ ইয়ং হৈছে ভেকছিন গ্ৰহণ কৰা প্ৰথমগৰাকী ব্যক্তি৷ ইটো এই ভেকছিন ৰোগ প্ৰতিৰোধ প্ৰণালীকশক্তিশালী কৰি কৰ্কট ৰোগৰ কোষ চিনাক্ত আৰু ধ্বংস কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। আশা কৰা হৈছে যে এই ভেকছিন গ্ৰহণ কৰিলে পিছলৈ পুনৰ ছালৰ কৰ্কট ৰোগ ঘূৰি নাহে।

জেব, এমআৰএনএ-৪১৫৭ (ভি৯৪০) নামৰ ছালৰ কৰ্কট ৰোগৰ ভেকছিন বিধ কোভিড ভেকছিনৰ দৰে একে প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে৷ ইউনিভাৰ্চিটি কলেজ লণ্ডন হস্পিটেলছৰ (ইউচিএলএইচ) চিকিৎসকে এই ভেকছিনৰ বিকাশত প্ৰধান ভূমিকা গ্ৰহণ কৰিছে৷ ভেকছিন বিধে শৰীৰক প্ৰ’টিন বা এণ্টিবডী তৈয়াৰ কৰিবলৈ নিৰ্দেশ দি কাম কৰেআৰু কৰ্কট কোষবোৰত পোৱা মাৰ্কাৰ বা এণ্টিজেনক আক্ৰমণ কৰে। ইউচিএলএইচৰ গৱেষক ডাঃ হিথাৰ শ্ব’য়ে কয় যে এই ভেকছিনে জেবৰ মেলানোমা থকা লোকসকলক আৰোগ্য কৰাৰ সম্ভাৱনা আছে আৰু অন্যান্য কৰ্কট ৰোগ – হাঁওফাঁও, মূত্ৰাশয় আৰু বৃক্কৰ টিউমাৰৰ ক্ষেত্ৰতো ভেকছিন বিধে কাম দিব পাৰে৷ সেয়াও পৰীক্ষা কৰা হৈছে৷


ছালৰ কৰ্কট ৰোগ মেলানোমাৰ সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছেঃ ছালত সৃষ্টি হোৱা তিল বা সৰু টেমুনা যি বাঢ়ি যায় বা সময়ৰ লগে লগে সলনি হোৱা যেন লাগে। চাব লাগিব তিলটোৰ অসম আকৃতি আছে নেকি?, তিলটোৰ কাষবোৰ অস্পষ্ট নে দাগযুক্ত? তিলটোৰ ৰং আন তিলতকৈ বেলেগ নেকি? তিলটোৰ ৰং সলনি হৈ থাকিলে এয়া ছালৰ কৰ্কট ৰোগৰ সক্ষণ হ’ব পাৰে৷ টেমুনা বা তিলটো দেহত থকা আনবোৰতকৈ ডাঙৰ নেকি? খজুৱতি , ৰক্তক্ষৰণ আদি হয় নেকি? এনেবোৰ লক্ষণ থাকিলেই ছালৰ কৰ্কট ৰোগ নহ’বও পাৰে৷ এইক্ষেত্ৰত সঠিক পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।

২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা আইনজীৱী উজ্জ্বল নিকামে লাভ কৰিলে বিজেপিৰ টিকট

দেশ কঁপোৱা ২৬/১১ মুম্বাই কাণ্ডৰ প্ৰধান অভিযুক্ত আজমল কাছাবক ফাঁচীকাঠত ওলোমোৱা অধিবক্তা উজ্জ্বল নিকামক বিজেপিয়ে দিলে লোকসভা নিৰ্বাচনৰ টিকট৷ ভাৰতীয় জনতা পাৰ্টীয়ে মহাৰাষ্ট্ৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। বিজেপিয়ে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ গোচৰত চৰকাৰৰ হৈ আইনী যুঁজ দিয়া অধিবক্তা উজ্জ্বল নিকামক টিকট প্ৰদান কৰিছে। নিকামে মুম্বাই নৰ্থ চেণ্ট্ৰেল সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।বিজেপিয়ে লোকসভা নিৰ্বাচনৰ বাবে ইয়াৰ ১৫ সংখ্যক তালিকা প্ৰকাশ কৰিছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজনক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে সমষ্টিটোৰ পৰা টিকট প্ৰত্যাখ্যান কৰা হৈছে। পুনমৰ ঠাইত বিজেপিয়ে মুম্বাই উত্তৰ মধ্যৰ পৰা জ্যেষ্ঠ অধিবক্তা উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। উজ্জ্বল নিকামে ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰত শক্তিশালী যুক্তিৰে সন্ত্ৰাসবাদী কাছাবক মৃত্যুদণ্ড বিহিবলৈ সক্ষম হৈছিল৷ সেইগৰাকী অধিবক্তাকে এতিয়া বিজেপিয়ে অতি গুৰুত্বপূৰ্ণ আসন খনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকট দিছে।

মুম্বাইৰ এই মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকামৰ শক্তিশালী হ’ব কংগ্ৰেছৰ বৰ্ষা গায়কৱাড৷ বৰ্ষা গায়কৱাড মুম্বাই কংগ্ৰেছৰ মুৰব্বী। ফলস্বৰূপে নিৰ্বাচনী যুঁজ খন আকৰ্ষণীয় হ’ব বুলি আশা কৰা হৈছে। প্ৰমোদ মহাজনৰ জীয়ৰী পুনম মহাজন পূৰ্বে এই সমষ্টিটোৰ সাংসদ আছিল। গেৰুৱা দলটোৱে এইবাৰ তেওঁক এই সমষ্টিৰ পৰা টিকট দিয়া নাই৷ কেইবাটাও জনমত সমীক্ষাই দেখুৱাইছিল যে মুম্বাই নৰ্থ চেণ্ট্ৰেলত পুনম মহাজনৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। সেয়ে প্ৰথমে মুম্বাই বিজেপিৰ মুৰব্বী আশীষ চেহলাৰক উক্ত সমষ্টিত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ কথা ভবা হৈছিল।অৱশ্যে, বিজেপিয়ে অৱশেষত মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকামক প্ৰাৰ্থিত্ব প্ৰদান কৰে৷

কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু‌ দেশৰ সংবিধানক ৰক্ষা কৰাৰ যুঁজঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অসমলৈ আহিছে গুৱাহাটীত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে৷ নিখিল‌ ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই গুৱাহাটীৰ কিৰণশ্ৰী হোটলেত শনিবাৰে এখন‌ সংবাদমেল সম্বোধন‌ কৰি দাবী কৰে যে এইবাৰ দেশত চৰকাৰ সলনি হ’ব । ৰাইজে বি জে‌ পিৰ অপশাসনৰ বিৰুদ্ধে ভোটদান কৰিব বুলি মন্তব্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । তেওঁ কয় যে এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ । এই নিৰ্বাচন কোনো‌ ব্যক্তিৰ নিৰ্বাচন নহয় ।‌ কংগ্ৰেছ দলে কাকো হেয় প্ৰতিপন্ন কৰাৰ বাবে নিৰ্বাচনত যুঁজ দিয়া নাই । কংগ্ৰেছৰ এই যুঁজ দেশক ৰক্ষা কৰা আৰু‌ দেশৰ সংবিধানক ৰক্ষা কৰাৰ । সংবাদমেলত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰক সমালোচনা কৰি কয়, ‘‘জি এছ টি আৰোপ কৰি সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰিছে ৷ নোটবন্দীৰ ফলত দেশৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত কৰিছে ৷’’

তেওঁ কয়, ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিবছৰে ২ কোটি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিছিল । আমি মাত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই প্ৰতিশ্ৰুতি ভংগৰ বাবে সমালোচনা কৰিছো । এইবোৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে দিয়া নাছিল । কংগ্ৰেছ দলে পাঁচটা ন্যায় আৰু ২৫ টা গ্যেৰান্টিৰ প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতি কংগ্ৰেছ দলে পালন কৰিব ।’’ প্ৰধানমন্ত্ৰী মোদীক মিছলীয়া বুলি সমালোচনা কৰি মল্লিকাৰ্জুন খাৰ্গেই কয় যে মোদীৰ কথাত, ভাষণত এতিয়া ‌শক্তি নাই । তেওঁ কয়, ‘‘কংগ্ৰেছ দল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ‌মোদীৰ দৰে‌ মিছলীয়া নহয়। কংগ্ৰেছ দলে কোনো মিছা প্ৰতিশ্ৰুতি নিদিয়ে। কাকো ভয় নুখুৱায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ ‌মোদীহে চি বি আই, আয়কৰ বিভাগ, ই ডি আদিৰ জৰিয়তে সকলোকে ভীতিগ্ৰস্ত কৰি আছে ৷ তেওঁ কয় যে কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আদি বিভিন্ন দলৰ 424 গৰাকী সদস্যক বি জে পিয়ে আকোঁৱালি লৈছে। ‌ এইসকল যোৱাৰ বাবে কংগ্ৰেছ দলৰ কোনো‌ ক্ষতি হোৱা নাই আৰু ভৱিষ্যতেও নহয়।

অসমৰ মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয়, ‘‘ যদি কংগ্ৰেছ বেয়া আছিল, কংগ্ৰেছ দলত থাকি নেতা হোৱাসকল দলটোত ১৫-২০ বছৰ কিয় আছিল ? বি জে‌ পিলৈ আগতে গুছি যাব লাগিছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক সমালোচনা কৰি প্ৰশ্ন কৰিলেও মই তাৰ উত্তৰ নিদিও । প্ৰধানমন্ত্ৰীক উত্তৰ দিম ।‌ সংসদত মোদী মোৰ‌ বিৰোধী ।‌ তেওঁক উত্তৰ দিম।’’ সংবাদমেলত আমেঠী আৰু ৰায়বেৰেলীৰ পৰা কোন‌ প্ৰাৰ্থী হ’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ‌কয় যে এতিয়াও এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ‌হোৱা‌ নাই । উল্লেখ্য যে আমেঠীৰ পৰা ৰাহুল গান্ধী আৰু ৰায়বেৰেলীৰ‌ পৰা‌ প্ৰিয়ংকা গান্ধী প্ৰাৰ্থী হ’ব বুলি চৰ্চা হৈ আছে। ইফালে ৰাহুল গান্ধীয়ে সমষ্টি সলনি কৰাৰ বাবে বিভিন্নজনে সমালোচনা কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে যে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীয়ে কিমানবাৰ নিজৰ সমষ্টি সলনি কৰিছিল? সংবাদমেলখনত মল্লিকাৰ্জুন খাৰ্গেই দাবী কৰে যে দুৰ্নীতিগ্ৰস্তসকলক কাৰাগাৰত ৰখাৰ কথা যদিও বিজেপিয়ে কয়, তথাপি দুৰ্নীতিত অভিযুক্তসকলে গেৰুৱা দলটোত যোগদান কৰিলে তেওঁলোকক কোলাত ৰখা হয় আৰু ৰাজ্যসভা বা বিধানসভালৈ প্ৰেৰণ কৰা হয়। খাৰ্গেৰ সংবাদমেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, কংগ্ৰেছ নেত্ৰী মহিমা সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত থাকে।

কৰ্ণাটকত কংগ্ৰেছৰ ক্ষতি কৰিছে ডি কে শিৱকুমাৰ বা সিদ্ধাৰামাইয়াইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দাবী কৰে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া বা উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে লোকসভা নিৰ্বাচনত কংগ্ৰেছক ধ্বংস কৰিছে, যাৰ ফলত কংগ্ৰেছ দলৰ পৰাজয় হ’ব। শৰ্মাই কয় যে এই নেতাসকলে এনে বিষয়বোৰ উত্থাপন কৰিছিল যিয়ে লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ ক্ষতি কৰিছে। হিমন্ত বিশ্বই কয় “মই বিশ্বাস কৰোঁ, সিদ্ধাৰামাইয়া বা ডি কে শিৱকুমাৰ, তেওঁলোকৰ মাজৰে যিকোনো এজনে নিৰ্বাচনত কংগ্ৰেছক ধ্বংস কৰিছে আৰু আত্মঘাতী গ’ল কৰিছে। তেওঁলোকে মুছলমানৰ সংৰক্ষণৰ বিষয়ে কথা পাতিছে, অথচ নেহা হত্যাকাণ্ডকলৈ কৰ্ণাটকৰ লোকসকল খঙত উতলি আছে। লাভ জিহাদ আৰু ৰামেশ্বৰম কেফে বোমা বিস্ফোৰণৰ কথাবোৰকলৈয়ো কৰ্ণাটকবাসীৰ খং উঠি আছে?” টেলিভিছনক দিয়া সাক্ষাৎকাৰৰ সময়ত শৰ্মাই এনেদৰে কয়। তেওঁ লগতে কয় যে নেহা হীৰেমথৰ দুৰ্ভাগ্যজনক হত্যাকাণ্ডৰ বিষয়ে কংগ্ৰেছ উদাসীন আছিল আৰু তেওঁলোকে ইয়াৰ বাবে মূল্য পৰিশোধ কৰিবলগীয়া হৈছে।

হিমন্ত বিশ্ব শৰ্মা দেশত ‘শ্বৰিয়া আইন’ কাৰ্যকৰী কৰাৰ বিৰুদ্ধেও কংগ্ৰেছক সতৰ্ক কৰি দিয়ে। শৰ্মাই কয় যে কংগ্ৰেছে ভাৰতত শ্বৰিয়া আইন কাৰ্যকৰী কৰিব নোৱাৰিব বা মানুহৰ সম্পত্তি কাঢ়ি নিব নোৱাৰিব। মুখ্যমন্ত্ৰী শৰ্মাই কয়”ভাৰতীয় সংস্কৃতিত আমি নিজৰ বাবে নহয়, আগন্তুক প্ৰজন্মৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছো; তেওঁলোকৰ সম্পত্তি কাঢ়ি নিয়াৰ কাৰো অধিকাৰ নাই,”। শৰ্মাই লগতে দাবী কৰে যে মুছলমানসকলৰ মাজত জাতিগত লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বাবে, এতিয়া পিছপৰা মুছলমান শ্ৰেণীয়ে বিজেপিক সমৰ্থন কৰিছে। তেওঁ কয় “মুছলমানসকলে আমাৰ চৰকাৰক সমৰ্থন কৰি আছে কাৰণ আমি মুছলমান সম্প্ৰদায়ত এটা জাতিগত লোকপিয়ল অনুষ্ঠিত কৰিম,”।

ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষৰ ভয়ংকৰ তথ্য! ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ…

ভাৰতৰ ৫২৭ বিধ খাদ্যত পোৱা গৈছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ৷ হয়, ৫২৭ বিধ ভাৰতীয় খাদ্যত আছে কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থ ধৰা পৰাৰ ঘটনাই এতিয়া বহুতকে চিন্তিত কৰি তুলিছে৷ ইউৰোপীয় ইউনিয়নে ভাৰতীয় খাদ্য সামগ্ৰীত থকা কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থকলৈ উদ্বেগ প্ৰকাশ কৰিছে৷ বহু ভাৰতীয় খাদ্যৰ ওপৰত সেয়ে ইউৰোপীয় ইউনিয়নে নিষেধাজ্ঞা আৰোপ কৰিছে৷। এই সামগ্ৰীবোৰত ইথিলিন অক্সাইডৰ উপস্থিতিয়ে স্বাস্থ্যৰ বাবে আশংকাৰ সৃষ্টি কৰিছে৷ ভাৰতীয় কৰ্তৃপক্ষই গামা ৰশ্মি চিকিৎসাৰ দৰে বৈকল্পিক পদ্ধতিৰ জৰিয়তে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। ইউৰোপীয় ইউনিয়নৰ খাদ্য সুৰক্ষা কৰ্তৃপক্ষই ভাৰতত উৎপন্ন হোৱা ৫২৭ বিধ খাদ্য সামগ্ৰীত কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পেলাইছে। বিষয়টো চৰ্চালৈ আহিছিল যেতিয়া এম.ডি.এইচ. আৰু এভাৰেষ্টকে ধৰি প্ৰখ্যাত ভাৰতীয় মচলা ব্ৰেণ্ডবোৰত অনুমোদিত স্তৰৰ ওপৰত ইথিলিন অক্সাইড নামৰ এক ৰাসায়নিক পদাৰ্থ থকাৰ অভিযোগ উঠিছিল আৰু সেই মচলা পৰীক্ষা কৰা হৈছিল। হংকং আৰু ছিংগাপুৰত এমডিএইচৰ মচলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু এতিয়া ইউৰোপীয় ইউনিয়নেও একেই পথ অনুসৰণ কৰিছে৷ উল্লেখ্য ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম.ডি.এইচ., এভাৰেষ্ট মচলাৰ কিছু কিছু পেকেটত পোৱা গৈছে কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । ইয়াৰ পিছতে হংকঙেও জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

ছিংগাপুৰেও তেনে মচলাত ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে – সেইবোৰ হৈছে মাদ্ৰাজ কাৰী পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু কাৰী পাউডাৰ। চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল। নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ পৰীক্ষাৰ ফলাফলে দেখুৱাইছে যে নমুনাবোৰত এবিধ কীটনাশক, ইথিলিন অক্সাইড আছিল।

চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ কাৰী মচলাতো কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে গৱেষণা কৰা আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১ কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে।

এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে। ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল। ইউৰোপীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষ (ইএফএছএ) ইউৰোপীয় ইউনিয়নৰ প্ৰতিবেদন অনুসৰি ভাৰতত কমেও ৫২৭ বিধ খাদ্য সামগ্ৰীত ক্ষতিকাৰক পদাৰ্থ থকা দেখা গৈছে যি মানৱ শৰীৰৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ হ’ব পাৰে। ইয়াৰ উপৰি এভাৰেষ্ট, এম.ডি.এইচ. আৰু আন কিছুমান ভাৰতীয় মচলা নিৰ্মাতাৰ সামগ্ৰীত ইথিলিন অক্সাইড পোৱা গৈছে। ইউৰোপীয় ইউনিয়নে এই বিষয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কাৰণ ইউৰোপীয় ইউনিয়নৰ দেশসমূহত খাদ্যত ইথিলিন অক্সাইডৰ ব্যৱহাৰ নিষিদ্ধ। ইথিলিন অক্সাইড সাধাৰণতে কৃষিত কীটনাশক হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্যত ইয়াৰ ব্যৱহাৰ বহু দেশত নিষিদ্ধ।

অভিনেতা চুনু ছুদৰ হোৱাটছএপ একাউণ্ট ব্লক! ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত প্ৰতিক্ৰিয়া প্ৰকাশ অভিনেতাগৰাকীৰ…

বলীউডৰ অভিনেতা সোনু ছুদ তেওঁৰ অভিনয় আৰু মানুহক সহায় কৰাৰ বাবে প্ৰায়ে শিৰোনামত থাকে। কিন্তু এইবাৰ অভিনেতাগৰাকী নতুন ছবি বা মানুহক সহায় কৰাৰ বাবে নহয় হোৱাটছএপৰ বাবেই লাইমলাইটৰ অংশ হৈ পৰিছে। শেহতীয়াকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত সোণু ছুদে এটা পোষ্ট কৰিছে, য’ত অভিনেতাজনে কয় যে তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লক কৰা হৈছে। ৩৬ ঘণ্টাৰো অধিক সময় হোৱাটছএপ বন্ধ হৈ থকাত হতাশা প্ৰকাশ কৰি ৰাইজে তেওঁৰ ওচৰলৈ হোৱাটছএপৰ জৰিয়তে সহায়ৰ বাবে হাত বিচাৰে বুলি কয়।


তেওঁৰ হোৱাটছএপ একাউণ্ট ব্লকৰ বিষয়ে তথ্য দিবলৈ টুইট কৰিছে সোনু ছুদে। ২০২০ বৰ্ষৰ ক’ৰ’না কালৰ পৰাই চুনু ছুদ সদায় মানুহক সহায় কৰি আহিছে। সোণু ছুদৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীৰ পৰৱৰ্তী ছবি হ’ল ফাতেহ। এই ছবিখনত ছ’নু ছুদৰ সৈতে থাকিব জেকলিন ফাৰ্নাণ্ডেছ। ফতেহ ছবিখন পৰিচালনা কৰিব চুনু ছুদে। ফতেহৰ সৈতে পৰিচালক হিচাপে অভিষেক ঘটাব ছনু ছুদে।

সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ৫জনকৈ লোকৰ মৃত্যু দক্ষিণ চীনৰ গুয়াংঝৌত…

দক্ষিণ চীনৰ গুয়াংঝৌত সাগৰীয় ঘূৰ্ণিৰ কালৰূপ।

সাগৰীয় ঘূর্ণি টর্নেডোেত ৫জনকৈ লোকৰ মৃত্যু।

আনহাতে গুৰুতৰভাৱে আহত হৈছে ৩৩জনকৈ লোক।

সাগৰীয় ঘূৰ্ণি টৰ্ণেডোত ক্ষতিগ্রস্ত হৈছে ১৪১টাতকৈও অধিক কাৰখানা।

এই ৩টা অভ্যাস তৎক্ষণাত এৰি দিয়ক, নহ’লে সলনি কৰক এই ৩টা অভ্যাস…

আপুনি আপোনাৰ সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছেনে কেতিয়াবা? কিন্তু এই সময়ছোৱাত আপুনি কিছুমান ভুল কাৰ্য কৰিলে আপোনাক বিপদত পেলাব পাৰে। আচলতে আমাৰ নিজৰ কিছুমান অভ্যাসে আমাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। আমি কিছুমান দৈনন্দিন অভ্যাস তৎক্ষণাত এৰি দিব লাগে। জানেনে কোনবোৰ, এই ৩টা অভ্যাস সলনি কৰক-


বেছিকৈ বহি, শুই থাকিলে মেদবহুলতা আৰু হৃদযন্ত্ৰৰ সমস্যাৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও পাচনতন্ত্ৰৰ স্বাস্থ্য আৰু পুষ্টি শোষণ দুৰ্বল কৰে। এই সমস্যাসমূহ প্ৰতিৰোধ কৰি সুস্থ হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰাটো প্ৰয়োজন।


শৰীৰত ভিটামিন ডি কম থাকিলে হয়তো তাৎক্ষণিক প্ৰভাৱ নপৰে, কিন্তু ইয়াৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু চুলি সৰিব পাৰে। হাড়ৰ স্বাস্থ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে ই গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত পেশীৰ ক্ৰেম্প আৰু মেজাজ কম হয়। সুস্থ হৈ থাকিবলৈ ৰ’দ লওক আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য গ্ৰহণ কৰক।

ব্ৰেকফাষ্ট এৰি দিয়া বা দেৰিকৈ ব্ৰেকফাষ্ট কৰা আৰু সাৰ পোৱাৰ ৩০ মিনিটৰলৈকে একো নোখোৱাটো স্বাভাৱিক যেন লাগিব পাৰে, কিন্তু ই আপোনাৰ শক্তি আৰু দিনটোৰ ভিতৰত মনোযোগৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। দেৰিকৈ ব্ৰেকফাষ্ট খালে বা নিয়মিতভাৱে ব্ৰেকফাষ্ট নকৰিলে ওজন বৃদ্ধি আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব। সাৰ পোৱাৰ লগে লগে কিছু বাদাম খাব লাগে আৰু সামগ্ৰিক স্বাস্থ্যৰ উন্নতিৰ বাবে সুষম ব্ৰেকফাষ্ট খাব লাগে।