বহুতে ভাবে যে ফেনৰ পাখি(ব্লেড) যিমানেই দীঘল হয় সিমানেই বতাহ ভাল হয়। এই ধাৰণা ভুল। অধিক পাখি থকা ফেন কিনিলেও অধিক খৰচ হ’ব। দীঘল ফেনৰ ব্লেডে শব্দ হ্ৰাস কৰে। কিন্তু ব্লেড বেছি হ’লে বতাহও কমকৈ বিয়পি পৰে।
এখন ফেন কেৱল আৰামৰ বাবে নহয়। কোঠাটোৰ সৌন্দৰ্য্য বৃদ্ধিতো ফেনে ভূমিকা পালন কৰে। গতিকে কোঠাটোৰ ৰঙৰ লগত মিল থকা ফেন কিনি লওক। ন’হলে ভাল দেখা নাযাব।
এটি সন্তান জন্ম দিয়াটোৱে এগৰাকী মহিলাৰ বাবে অতি কষ্টকৰ যন্ত্ৰণা, তেনেস্থলত এগৰাকী মহিলাই একেলগে ৬টা সন্তান জন্ম দিলে। এই আশ্চৰ্যজনক খবৰ পাকিস্তানৰ ৰাৱালপিণ্ডীৰ। চিকিৎসকৰ মতে মহিলা আৰু শিশু সকলো সুস্থ।
প্ৰসৱৰ বিষৰ বাবে বৃহস্পতিবাৰে নিশা ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯ এপ্ৰিলত জিনাত ৱাহিদে চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিলে। হাস্পতালখনৰ ছুপাৰ ডাক্তৰ ফাৰ্জানাই কয় যে নৱজাতকক ইনকিউবেটৰত ৰখা হৈছে। একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নৱজাতকক ইনকিউবেটৰত ৰখা হয় যদিও সকলো সুস্থ। অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।
বলিয়া ব’হাগৰ বা লাগিছে একাংশ চিকিৎসক চিকিৎসা কৰ্মীৰ গাত। জীৱনদায়িনী সা-সৰঞ্জাম এৰি ককাল ঘুৰাই নাচিছে এই সকল চিকিৎসা কৰ্মীয়ে। থেছি’ছকপ কিম্বা অক্সিমিটাৰ এৰি হাতত মাই’ক্ৰফোন লৈ ৰঙালীৰ ৰঙত মতলীয়া এই সকল চিকিৎসক আৰু চিকিৎসা কৰ্মী।
অহৰ্নিশে তৎকালীন তথা আপাদকালীন মানৱ সেৱা আগবঢ়োৱা এই সকল মহিলাইও ৰঙালী বিহু উপলক্ষে গীত- নৃত্যৰে মনোৰঞ্জন দিলে সতীৰ্থ চিকিৎসা কৰ্মী তথা ৰোগীৰ আত্মীয়ক।
এই পৰিৱেশ উত্তৰ গুৱাহাটী GNRC হাস্পতালৰ। উত্তৰ গুৱাহাটী G.N.R.C হাস্পতালে সাংবাদিক তথা তেওঁলোকৰ পৰিয়াল বৰ্গলৈ আগবঢ়াইছে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আঁচনি। ২০ এপ্ৰিলৰ পৰা ২১ মে’ পৰ্যন্ত সাংবাদিকসকল তথা তেওঁলোকৰ পৰিয়াল বৰ্গই উত্তৰ গুৱাহাটী G.N.R.Cত গ্ৰহণ কৰিব পাৰিব বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা তথা চিকিৎসকৰ পৰামৰ্শ। সকলো ধৰণৰ অস্তোপ্ৰচাৰত লাভ কৰিব ২০ শতাংশ ৰেহাই। শনিবাৰে উত্তৰ গুৱাহাটী G.N.R.C চৌহদত উদযাপন কৰা হয় ৰঙালী বিহু। এই ৰঙালী বিহু উদযাপন কাৰ্যসূচীত নিমন্ত্ৰণ দিয়া হয় স্থানীয় সাংবাদিক সকলক।
উক্ত কাৰ্যসূচীতে উত্তৰ গুৱাহাটী G.N.R.C কৰ্তৃপক্ষই মন্তব্য কৰে সাংবাদিক সকল তথা তেওঁলোকৰ পৰিয়াল বৰ্গলৈ আগবঢ়োৱা এই বিনামূলীয়া স্বাস্থ্য আঁচনিৰ কথা। অৱশ্যে GNRCৰ সাধ্যানুসাৰে এই আচঁনিৰ অগ্ৰাধিকাৰ লাভ কৰিব হাজো, শুৱালকুছি, বাইহাটা আৰু উত্তৰ গুৱাহাটীৰ সাংবাদিক সকলে।
ধৰ্মীয় বিশ্বাস অনুসৰি যদি কিছুমান বিশেষ বস্তু আমি ৰাতিপুৱা দেখা পাওঁ, তেন্তে দিনটো কোনো সমস্যা বা সংকটৰ সন্মুখীন হ’ব নালাগে। আজি আমি আপোনালোকক এনে কিছু বস্তুৰ কথা ক’ম যিবোৰ ৰাতিপুৱা দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। ৰাতিপুৱাৰ সময় খিনিক অতি বিশেষ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে যদি ৰাতিপুৱাটো ভাল হ’লে গোটেই দিনটো ভাল হয়। আনহাতে, ৰাতিপুৱা কিবা বেয়া হ’লে গোটেই দিনটো বেয়া যায়। ধৰ্মীয় বিশ্বাস অনুসৰি যদি কিছুমান বিশেষ বস্তু ৰাতিপুৱা অতি শুভ। জ্যোতিষশাস্ত্ৰৰ মতে মানুহে ৰাতিপুৱা সাৰ পোৱাৰ পিছত প্ৰথমে হাতৰ তলুৱালৈ চোৱা উচিত। বিশ্বাস অনুসৰি মাতৃ সৰস্বতীৰ লগতে ব্ৰহ্মা আৰু মাতৃ লক্ষ্মীও হাতত বাস কৰে। এনে কৰিলে সদায় সুখ, সমৃদ্ধি আৰু সৌভাগ্যৰ সৃষ্টি হয়।
আনহাতে ৰাতিপুৱা যদি বগা ফুল দেখা পায় তেন্তে অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এয়া দেৱী লক্ষ্মীৰ অবিৰত আশীৰ্বাদৰ চিন।
ৰাতিপুৱা গৰু দেখা পালে অতি। অৰ্থাৎ সেইদিনা আপুনি হয়তো ডাঙৰ আৰ্থিক লাভ কৰিব পাৰে।
ৰাতিপুৱা কোনোবাই ঝাড়ু দিয়া বা চাফাই কৰা দেখিলে তাৰ অৰ্থ হ’ল কোনোবা ডাঙৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।
ৰাতিপুৱা চৰাইৰ চিঞৰ-বাখৰ শুনিলে বা ধুনীয়া চৰাই দেখিলে তাৰ অৰ্থ হ’ল আপোনাৰ দিনটো বহুত ভালকৈ যাব। যদি আমি শাস্ত্ৰত বিশ্বাস কৰোঁ তেন্তে এয়া শুভ শংকা, কৰ্মত সফলতা লাভ কৰিব পাৰি।
যদি আপুনি ৰাতিপুৱা গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী দেখা পায় তেন্তে ই এটা ভাল লক্ষণ। ইয়াৰ পৰা বুজা যায় যে ধনৰ দেৱী লক্ষ্মী দেৱীয়ে আশীৰ্বাদ দিছে।
ৰাতিপুৱা যদি মন্দিৰৰ ঘণ্টা শুনা যায় তেন্তে ই এক শুভ লক্ষণ। বিশ্বাস কৰা হয় যে যদি এনেকুৱা হয় তেন্তে আপুনি ভাল খবৰ লাভ কৰিব।