Home Blog Page 874

বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…

আজি বিশ্ব হাস্যৰস দিৱস আৰু এই দিৱসটোৱে আমাক সোঁৱৰাই দিয়ে যে হাঁহি কেৱল মনোৰঞ্জন নহয় বৰঞ্চ আমাৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। আমাৰ দৈনন্দিন জীৱনৰ ব্যস্ততাত আমি প্ৰায়ে হাঁহিবলৈ পাহৰি যাওঁ।অধ্যয়নত দেখা গৈছে যে হাঁহিলে মানসিক চাপ কমে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু আনকি বিষৰ পৰাও সকাহ দিব পাৰে। গতিকে হাঁহি আমাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী সেই কথা জানো আহক।


আমি যেতিয়া হাঁহো তেতিয়া আমাৰ শৰীৰে কৰ্টিছলৰ দৰে ষ্ট্ৰেছ হৰম’নৰ উৎপাদন হ্ৰাস কৰে। লগতে হাঁহিৰ সময়ত এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ এটা নিৰ্গত হয়, যাৰ ফলত আমি সুখী অনুভৱ কৰো। ইয়াৰ ফলত মানসিক চাপ কমি যায় আৰু আমি মানসিকভাৱে শান্ত হৈ থাকিবলৈ সক্ষম হওঁ।

অধ্যয়নত দেখা গৈছে যে হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। হাঁহিলে শৰীৰত ইমিউন’গ্ল’বিউলিন এ নামৰ এবিধ এন্টিব’ডিৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

হাঁহিৰ সময়ত শৰীৰত এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিবোৰে প্ৰাকৃতিক বিষ নিৰাময়ৰ কাম কৰে। লগতে হাঁহিয়ে আমাৰ মনোযোগ বিষৰ পৰা আঁতৰাই পেলায়, যাৰ ফলত আমাৰ অস্বস্তি কম হয়।

হাঁহিলে ৰক্তচাপ কমি যায় আৰু ৰক্ত সঞ্চালন ভাল হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ কমি যায় আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়।

হাঁহিলে মগজুত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়, যাৰ ফলত মগজু চোকা হয় আৰু স্মৃতিশক্তি শক্তিশালী হয়।

গতিকে এই বিশ্ব হাস্যৰস দিৱসত নিজকে আৰু আপোনাৰ চৌপাশৰ মানুহক হাঁহিবলৈ দিয়ক। কমেডী শ্ব’ চাওক, বন্ধু-বান্ধৱীৰ সৈতে ফূৰ্তি কৰক বা ধেমেলীয়া চিনেমা চাওক। হাঁহিবলৈ কোনো বিশেষ কাৰণৰ প্ৰয়োজন নাই। অলপ হাঁহিব, হাঁহিৰ অভ্যাস গঢ়ি তোলক আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰক।

চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…

ব্ৰেকফাষ্ট অতি গুৰুত্বপূৰ্ণ, কিন্তু ব্ৰেকফাষ্টত সঠিক বস্তু খোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। ৰাতিপুৱা ক্ষতিকাৰক বস্তু খোৱা পৰিহাৰ কৰক আৰু স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰক ব্ৰেকফাষ্টত। ব্ৰেকফাষ্ট আমাৰ দিনটোৰ আৰম্ভণিৰ এক গুৰুত্বপূৰ্ণ অংশ যিয়ে আমাক গোটেই দিনটোৰ বাবে শক্তি আৰু শক্তি প্ৰদান কৰে। গতিকে আমি সঠিক খাদ্যাভ্যাস বাছি লোৱাটোৱেই ভাল। ব্ৰেকফাষ্টত এই ৬টা বস্তু নাখাব-


প্ৰচেছড খাদ্য যেনে নামকিন, চিপছ, বিস্কুট, ৰেডিমেড স্নেক আদি সাধাৰণতে অতিৰিক্ত তেল, চেনি, নিমখৰ উৎস। এইবোৰত প্ৰচেছড কেলৰি, কম পুষ্টিকৰ উপাদান, আৰু অতিৰিক্ত তেল থাকে যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে আৰু ওজন বৃদ্ধিৰ সূচনা কৰিব পাৰে।

ফাষ্ট ফুডত অধিক পৰিমাণৰ তেল, নিমখ, চেনি থাকে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াত অধিক পৰিমাণৰ তেল আৰু কেলৰি থাকে যিয়ে মেদবহুলতা, ডায়েবেটিছ, আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।

নিমখীয়া আৰু মিঠা ব্ৰেকফাষ্ট খোৱাৰ লগতে তেল, চেনি আৰু নিমখৰ পৰিমাণো বৃদ্ধি পায়। ইয়াৰ ৰূপত উচ্চ কেলৰি, কম পুষ্টি আৰু অস্বাস্থ্যকৰ খাদ্য, যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

বেছিভাগ জলপান, যেনে বেকাৰীৰ সামগ্ৰী, আলুৰ চিপচ, মিঠাই আদিত অধিক পৰিমাণৰ তেল, চেনি, আটা থাকে। ইয়াত প্ৰচেছড কেলৰি, কম পুষ্টিকৰ উপাদান, আৰু অতিৰিক্ত তেল থাকে যিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

চোডা আৰু মিঠাইত অধিক পৰিমাণে চেনি থাকে, যাৰ ফলত ওজন বৃদ্ধি, ডায়েবেটিছ, দাঁতত প্ৰভাৱ পৰে। এইবোৰত অধিক কেলৰি আৰু কম পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

ট্ৰেন্স-ফেট আৰু হাইড্ৰজেনেটেড অইলৰ পৰা তৈয়াৰী সামগ্ৰী যেনে পেকেটত ভৰোৱা বিস্কুট, নামকিন আদিৰ অত্যধিক গ্ৰহণে হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।


সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…

সৰুপথাৰ বেতনি ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ত আদিবাসী ৩৬ জনজাতি ঐক্য মঞ্চ, অসম উদ্যোগত শনিবাৰে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ঐক্য মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ড° বাণেশ্বৰ মিৰ্ধা, আদিবাসী উন্নয়ণ পৰিষদৰ উপ কাৰ্য্যবাহী সদস্য পিতাৰ ডাংৰ লগতে আন কেইবাজন নেতাৰ উপস্থিতিত সকলোৰে মতামত আৰু পৰামৰ্শৰ ভিত্তিত দুদিনীয়া কাৰ্যসূচীৰে আদিবাসী জাতীয় অভিৱৰ্তন আৰু আদিবাসী সাংস্কৃতিক সমাৰোহ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

সভাত সকলোৰে মতামত অনুসৰি লাজৰূচ তপ্নক সভাপতি আৰু প্ৰাঞ্জল কাঁৱৰক সম্পাদক হিচাপে লৈ ৫২ জনীয়া এখন শক্তিশালী আয়োজক সমিতি গঠন কৰে ।

হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা

বিটিআৰত জংঘলৰাজ আছিল, হাগ্ৰামা মহিলাৰীয়ে ইয়াত কুশাসন চলাইছিল, হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। আজি সাংবাদিকৰ আগত এই মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে দুইৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী জয়লাভ কৰিব বুলি মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বিটিআৰত হাগ্ৰামাই জংঘলৰাজ চলাইছিল। হাগ্ৰামা মহিলাৰীয়ে বিটিআৰত কুশাসন চলাইছিল। হত্যা-হিংসা ইয়াত ৰাজনীতিবিদসকলৰ শেষ আশ্ৰয় আছিল।

এইবিলাক এতিয়া নাইকিয়া হৈ গ’ল। এতিয়া সকলোৱে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব। তেওঁ আৰু কয় যে ইয়াত এতিয়া সকলোৱে শান্তিত আছে। ইয়াত উন্নয়ন নিশ্চিতভাৱে হৈছে, ৰাস্তা-পথৰ অৱস্থা বহুত ভাল হ’ল। মই বহু আগৰে পৰা বিটিচিলৈকে অহা-যোৱা কৰিয়ে আছো। তেওঁ কয় যে আমি বানপানীৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰিছো। দুখনকৈ মেডিকেল কলেজ এই ৭-৮ বছৰত বিটিআৰত হ’ল। দলঙো বহুত হ’ল। ইয়াৰ ৰাইজে শান্তি বিচাৰে, উন্নয়ন বিচাৰে, জংঘলৰাজ নিবিচাৰে। সেইকাৰণে সকলোৱে বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব বুলি তেওঁ দৃঢ়তাৰে কয়।


বিপিএফে কিমানখন আসন পাব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে হাগ্ৰামা মহিলাৰীৰ খুব বেয়া অৱস্থা হ’ব। তেওঁলোকৰ প্ৰাৰ্থীয়ে ২ ৰ পৰা আঢ়ৈ লাখ ভোটৰ ব্যৱধানত যে হাৰিব এয়া খাটাং বুলি কয়। সাংবাদিকে বিৰোধীৰ প্ৰসংগ উত্থাপন কৰাত তেওঁ কয় যে অসমত বিৰোধী নাই। আমি যদি প্ৰত্যেকটো সমষ্টিত ২-২.৫০ লাখ ভোটৰ ব্যৱধানত জিকো, তেন্তে বিৰোধী ক’ত আছে বুলি তেওঁ ওলোটাই প্ৰশ্ন কৰে। তেওঁ কয় যে আমি উন্নয়ন কৰিছো, আমি কাকো বেয়া ব্যৱহাৰ কৰা নাই, কাৰো অন্যায় কৰা নাই, আমি অসমৰ উন্নয়ন কৰিছো। তেওঁ পুনৰ কয় যে কংগ্ৰেছে যেতিয়া ৬০ বছৰ অসম চলাইছিল, তেতিয়া অসমত ৬ খন মেডিকেল কলেজ আছিল, এতিয়া অসমত ১৮ খন মেডিকেল কলেজ হ’ল। কংগ্ৰেছে যেতিয়া ৬০ বছৰ ভাৰতবৰ্ষ চলাইছিল, তেতিয়া ভাৰতবৰ্ষত এয়াৰপৰ্ট আছিল মাত্ৰ ৭৬ টা। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ বছৰতে এয়াৰপৰ্ট বনালে ৭৫ টা।

অসমত বিশ্ববিদ্যালয় আছিল কংগ্ৰেছৰ ৬০ বছৰত ৭ খন আৰু আমি ৮ বছৰত বনালো ১৫ খন। আগতে ৰাস্তা যিমান আছিল, তাৰ ডাবল-ট্ৰিপুল হ’ল বুলি তেওঁ উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কংগ্ৰেছৰ দিনত ৭৫ হাজাৰ টকাৰ অনুদানৰ ঘৰ আছিল, তাকো বিডিঅ’, জে ই ই, ঠিকাদাৰ, বিধায়ক, পঞ্চায়ত সভাপতিয়ে খাইছিল। এতিয়া সেই ঘৰ ডেৰ লাখ টকীয়া হ’ল। এতিয়া পইচা কোনেও খাব নোৱাৰে, গৃহস্তই নিজে ঘৰটো বনোৱা হ’ল। এয়া বৃহৎ পৰিৱৰ্তন। কংগ্ৰেছে ৰাইজক চাউল বিক্ৰী কৰিছিল, আমি বিনামূলীয়া চাউল দিওঁ।

তেওঁ আৰু কয় যে অৰুণোদয়ৰ কথা বাৰু নক’ৱেই আমি ১ লাখ ল’ৰা-ছোৱালীক চাকৰি দিলো, কোনোৱে ক’ব নোৱাৰে ক’ৰবাত এটা টকাৰ দুৰ্নীতি হৈছে বুলি। সেইকাৰণে অসমৰ ৰাইজে বিজেপি, ইউপিপিএল, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি তেওঁ মন্তব্য কৰে। বৰপেটা লোকসভাত সমষ্টিত বিজয় নিশ্চিত বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে ধুবুৰীত আমি ‘টাফ ফাইট’ত আছো বুলি কয়। আনহাতে, অসমত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে নিশ্চিতভাৱে ১২ খন আসনত জয়ী হ’ব বুলি উল্লেখ কৰি ১৩ খন আসনো লাভ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।


উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাত আজি কেবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰীকাই বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…

Vansh Goswami, a spirited youth from Assam, has got into the National Defence Academy, a milestone that echoes his patriotism and commitment to serving his nation. Inspired by the valor and dedication showcased on Aaj Tak’s flagship show “Vande Mataram,” Goswami has decided to join the Indian Army, a decision fuelled by his deep-seated admiration for the Armed Forces and his desire to make his mother proud. Aaj Tak’s ‘Vande Mataram’ is a pioneering show that showcases various aspects of the Indian Defence Forces.

Hosted by Aaj Tak’s Managing Editor Sweta Singh, this particular episode provided a gripping insight into the arduous journey of Gentlemen Cadets from the Indian Military Academy as they transform into proud defenders of the nation.

Reflecting on his decision, Vansh Goswami expressed heartfelt gratitude towards Aaj Tak and Sweta Singh for igniting his passion and guiding his path towards service to the nation. He remarked, “First of all, I would like to thank Aaj Tak a lot for showing me how to become a Gentleman Cadet. Aaj Tak’s anchor Sweta Singh hosts the show called Vande Mataram and showed how a Gentleman Cadet is trained, and that was the first hint for me that I have to do something like this for the country. Because when the programme showed the passing out ceremony of the cadets, their parents were proud that their son has done something for the country. So, I would like to thank Sweta Singh Ji for it; she has contributed a lot through that show. If that show hadn’t come, I wouldn’t have been so motivated, and I wouldn’t have joined the forces.”

Goswami’s decision to join the armed forces is also deeply rooted in his desire to honor his mother, a single parent, by making her proud. His journey exemplifies the spirit of dedication and sacrifice that resonates deeply with the ethos of the Indian Army. As Goswami embarks on this noble journey, he stands as a beacon of inspiration for the youth of the nation, exemplifying the values of courage, integrity, and selflessness.

লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা।এইবাৰ ড্ৰাগছ সৰবৰাহকাৰীয়ে বাছি লৈছে ভাৰতীয় ৰেল। প্ৰতিদিনেই ৰেলৰ যোগেদিয়েই নিষিদ্ধ ঘোষিত মাৰাত্মক ড্ৰাগছ সৰবৰাহ হৈ আ্ছে।ৰাজ্য চৰকাৰৰ প্ৰতিবন্ধকতা থকাৰ পিছতও বন্ধ হোৱানাই ড্ৰাগছৰ কলা বেহা।পূৰ্বেও ৰেল আৰক্ষী আৰু আৰ পি এফৰ ছি আই বি দলে কেবা কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল আৰু বাতৰিৰ শিৰোনামও দখল কৰিছিল।তাৰপিছতেও বন্ধ হোৱা নাই ড্ৰাগছ সৰবৰাহ।সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি ৰেল যোগেদি চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।একপ্ৰকাৰ কব লাগিব ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুঢ়া আঙুলি দেখুৱাই চলাই আ্ছে ড্ৰাগছৰ বৃহত কাৰবাৰ।যোৱা কালি তথা শুক্ৰবাৰে নিশাৰ ভাগত নামনিমুৱা 15909 নং অবধ আসাম এক্সপ্রেসত ৭৫ লাখ টকাৰ মূল্যৰ বুজন পৰিমাণৰ ড্ৰাগচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।

লামডিং আৰ পি এফৰ ছি আই বি দলে নামনিমুৱা অৱধ আসাম এক্সপ্ৰেছ ট্ৰেইনখনৰ S3 ডবাত তালাচী চলাই জব্দ কৰে বৃহত পৰিমাণৰ ড্ৰাগছ।অভিযানত ৩২টা হেৰ’ইন ভৰ্তি সাবানৰ বাকচ জব্দ কৰে ৰেল সুৰক্ষা বাহিনীয়ে।জব্দ কৰা হেৰ’ইন খিনিৰ ওজন ৩৭২ গ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য ৭৫ লাখ টকা বুলি জানিব দিয়ে।লামডিং আৰু হোজাই ষ্টেচনৰ মাজত ছি আই বি দলৰ ভাৰপ্ৰাপ্ত বিষয়া নন্দেশ্বৰ দাসৰ নেতৃত্বত দলটোৱে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।ৰেল সুৰক্ষা বাহিনীয়ে কোটি টকাৰ হেৰ’ইনখিনি জব্দ কৰি লামডিঙ ৰেল আৰক্ষীক সমজাই দিয়ে।

আনফালে লামডিঙ আৰক্ষীয়ে সন্ধিয়াৰ ভাগত লামডিঙ বাবুপট্টীত ৰেল কোৱাটাৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ৰেল কৰ্মচাৰী সহ এজন যুৱকক আটক কৰে।আটকাধিন ৰেল কৰ্মচাৰী নাম দিপক দাস উৰফে(ভূষণ) আন জনৰ নাম দ্বীপ হাজাৰি ঘৰ লামডিঙ নিউ কলনীত।তেওঁলোকৰ পৰা দুটা সাবানৰ বাকচ উদ্ধাৰ কৰে।দুটা সাবানৰ বাকচত প্ৰায় ২৮ গ্ৰাম ড্ৰাগছ।পূৰ্বেও ৰেল কৰ্মচাৰী দিপক দাসক লামডিঙ আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰি জেল হাজুলৈ প্ৰেৰণ কৰিছিল তাৰপিছতেও বন্ধ কৰা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা।লামডিঙত একাংশ যুৱপ্ৰজন্মৰ ভবিষ্যত ধ্বংসৰ পথত।বৰ্তমান একাংশ যুৱপ্ৰজন্ম মাৰাত্মক ড্ৰাগছৰ কবলত।লামডিঙৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ ঘাটিত পৰিণত হৈ্ছে যদিও লামডিঙ আৰক্ষী অভিযান অব্যাহত ৰাখিছে।লামডিঙ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত চলাইছিল এই অভিযান।

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২৪ – ২৫ বৰ্ষৰ পাঠদান কাৰ্যসূচী এপ্রিল মাহৰ পৰা আৰম্ভ হৈছে। লাহে অঞ্চলৰ ভিতৰত সৰ্বোচ্চ উন্নত মানৰ ফলাফল কৰাৰ পিছত এতিয়া স্হানীয় ৰাইজ তথা অভিভাবক সকলৰ মনত সাফল্যৰ আস্হা বাড়ি গৈছে।

সম্প্রতি ছাত্র ছাত্রী সকলৰ ভৰ্তিৰ দিশতো এ খোঁজ আগবাঢ়ি আছে। স্কুল খনত উন্নত মানৰ পাঠদানৰ লগতে ছাত্র ছাত্রী সকলৰ প্ৰেৰণা আৰু উৎসাহ যুগুৱাৰ বাবে প্ৰতি শনিবাৰে অনুষ্ঠিত হয় চেটাৰডে ক্লাৱ, য’ত প্ৰতিভা সম্পন্ন ছাত্র ছাত্রী সকলে পৰিবেশন কৰে আমোদজনক গীত আৰু নৃত্যৰ লগতে কবিতা আবৃত্তি।

তাৰে লগত সংগতি ৰাখি আজিও শনিবৰীয়া ক্লাৱ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটি সঞ্চালনা কৰে অধক্ষ চুলমান আলীয়ে। গীত আৰু নৃত্য অনুষ্ঠানটি পৰিচালনা কৰে জেষ্ঠ শিক্ষক খাইৰুল ইছলামে।

নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…

কংগ্ৰেছ নেতা তথা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীৰ বিজেপিত যোগদান।কিছুদিন পূৰ্বে সভাপতিৰ পদ এৰিছিল নেতাগৰাকীয়ে। দলৰ প্ৰাৰ্থী তালিকাক লৈ মতবিৰোধৰ পাছতে কৰিছিল পদত্যাগ।

কেৱল অৰবিন্দৰ সিং লাভলীয়েই নহয়, তেওঁৰ সৈতে আজি আনুষ্ঠানিকভাৱে বিজেপিত চামিল হয় পূৰ্বৰ মন্ত্ৰী ৰাজ কুমাৰ চৌহান, পূৰ্বৰ মন্ত্ৰী নছিব সিং, নীৰজ বাসৌয়া আৰু অমিত সিং।

অৰবিন্দৰ সিং লাভলীয়ে দুবাৰকৈ দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেওঁ মুঠ চাৰিবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰিও শীলা দীক্ষিতৰ মন্ত্ৰীসভাত মন্ত্ৰী হিচাপেও দায়িত্ব পালন কৰিছিল।

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…

চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন।

এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।

ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা অহা আন এখন বাহনতো খুন্দিয়াইছিল স্ক’ৰপিঅ’খনে।

বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…

বৰ্তমান সময়ত চলি থকা বিভিন্ন প্ৰতিযোগিতা বোৰত বিশেষকৈ বিহুৱতী , হুঁচৰি , মুকলি বিহু , সৃষ্টিশীল নৃত্য ,ভাওনা , দিহানাম, নাটক আদিত প্ৰায়েই বিচাৰকক লৈ বিতৰ্ক সৃষ্টি হয়। বিভিন্ন সময়ত সামাজিক মাধ্যমত এই বোৰ বিতৰ্ক চলি থাকে। আছলতে বিচাৰতৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিছে , কাক আছলতে প্ৰকৃত বিচাৰক বুলি কোৱা হয়। এইবোৰ কথাই বিভিন্নসময়ত বিভিন্নজনৰ মাজত প্ৰশ্ন হয়। মাজে মাজে বিচাৰকৰ অসহায় স্বীকাৰেক্তি শুনা যায়। বহু অনুষ্ঠানত সমিতিয়ে বিচৰাৰদৰে বিচাৰ কৰিবলগীয়া হয় বুলিও একাংশ বিচাৰকে কব বিচাৰে। বহু সময়ত দেখা যায় একাংশ ব্যক্তিয়ে দুটামান বিহুনাম গাবজানিলেই বিহুৰ বিচাৰক হয় । তেঁওৰ নাথাকে কোনো ঢোল বা আন বাদ্য যন্ত্ৰৰ সাময়িক জ্ঞান। সেইধৰণে ভাওনাৰ বেলিকাদেখা যায় কোনো দিন ভাওনা কৰি নোপোৱা মাত্ৰ দুটামান শ্লোক জানিলেই, দুটামান ধৰ্মীয় প্ৰবন্ধ লিখিলেই ভাওনাৰ বিচাৰক হয়। নাটকৰ বেলিকা দেখা যায় দুখনমান নাটকত অভিনয় কৰিলেই বিচাৰক হৈ পৰে। আছলতে প্ৰতিযোগিতা সমুহক বিচাৰককোন হব পাৰে কোনেও আজিলৈকে নিৰ্ধাৰণ কৰিব পৰা নাই বা কোনো সংবিধান, নীতি নিয়ম নাই। কিছু দিনৰ আগতে অসমসাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফলৰ পাছত অসমৰ এজন স্বনামধন্য শিল্পীৰ অসহায় স্বীকাৰোক্তি সামাজিক মাধ্যমত বহুল চৰ্চিতহৈছিল । তেঁওক কোনোবা এটা দিলে পুৰস্কাৰ কিয় নাপালে বুলি প্ৰশ্ন কৰাত তেঁও পুৰস্কাৰ পোৱা দল কেইটা তেঁওলোকে নিৰ্ধাৰণকৰা নাই বুলি মন্তব্য কৰিছিল । পিছত অৱশ্যে তেঁও ইয়াৰ কাৰণসমুহ সামাজিক মাধ্যমত জানিবলৈ দিছিল। কিন্তু ইয়াৰ সন্দেহসকলোৰে থাকি গল। বিহুৰ প্ৰতিযোগিতা বোৰত প্ৰায়ে শুনা কথাটো হল একাংশ বিচাৰকক মেনেজ নকৰিলে পুৰস্কাৰ নাপায় ।কথাটো যে সত্য সেই কথা আমিও প্ৰমাণ পাইছিলো । এটা সময়ত আমাৰ এটা বিহুদল আছিল। ২০০৫ চন মানৰ কথা।তেতিয়া অসমৰ বিভিন্ন বিহু মঞ্চত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । আমি বিভিন্ন মঞ্চত যোগদান কৰিছিলো কিন্তু প্ৰথমপৰ্যায়ত কতো পুৰষ্কাৰ পোৱা নাছিলো অথচ আমাতকৈ বেয়া প্ৰদৰ্শণ কৰা বহু কেইটা দলে সেই সময়ত পুৰষ্কাৰ পাইছিল।এটাসময়ত আমাৰ মন ভাগি গৈছিল । সেই সময়তে আমাৰ লগত সেই সময়ৰ সদৌ অসম বিহু সন্মিলনী নামৰ এটা সংস্থাইযোগাযোগ কৰিলে আৰু আমাক কলে তোমালোকে এইদৰে বিহু মাৰি থাকিলে পুৰষ্কাৰ নাপাবা । তোমালোক আমাৰ সদস্য হবলাগিব। সেইমতে আমি এজন সদস্যৰ ১০০ টকাকৈ আৰু দলৰ বাবদ ১০০০ টকা দি পঞ্জীয়ন কৰিলো । কথামতেই কাম তাৰপাছত সন্মিলনীৰ মানুহ বিচাৰক হিচাপে থাকিলেই আমি কিবা এটা পুৰষ্কাৰ পাবলৈ ললো। পৰৱৰ্তী সময়ত মোক দলপতিহিচাপে এজনে কলে ‘ তুমি আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবা , ১০০০ টকা দিব লাগিব , তোমাক বিচাৰকৰ কাৰ্ডএখন দিম , তুমি বিচাৰক কৰিব পাৰিবা ‘। মই পোনছাটেই সেই কথা নাকচ কৰিলো। আৰু ভাবিবলৈ বাধ্য হলো বিচাৰক কিদৰে হয় । কিছুদিনৰ পাছত এইবোৰ দেখি শুনি আমাৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিলো। বৰ্তমান সময়তো এনেবহু কথা আমি শুনিবলৈ পাও। শুনামতে বহু বিহুৱতীয়ে বিহু প্ৰৰ্দশণ কৰিবলৈ আগবঢ়াৰ আগতে বিচাৰক সকলৰ ঘৰে ঘৰেআহি ধনৰ টোপোলা দি আৰ্শীবাদ লয় ।সেই বিহুৱতী সকলে বিচাৰক সকলক শুধিহে প্ৰতিযোগিতাবোৰত যোগদান কৰে ।সেইবাবেই বহু সময়ত দেখা যায় বহুত ভাল প্ৰদৰ্শণ কৰাৰ পাছতো বহু বিহুৱতীয়ে পুৰষ্কাৰ লাভ নকৰে। যাৰ বাবে বহু প্ৰতিভবানবিহুৱতীয়ে আধাতে বিহু এৰিব লগীয়া হয়। বৰ্তমান সময়ত সেইবাবে গাঁঠিৰ ধন ভাঙিব নোৱাৰা বহুতে প্ৰতিযোগিতা বোৰতঅংশ লব নোৱাৰে । এটা বিহু দল গঠন কৰোতে বহু টকা খৰচ হয় কাৰণ এটা দলত থকা সকলো শিল্পীকে এক নিদিৰ্ষ্ট মাননীতচুক্তিবদ্ধ হয় । সেইমতে যদি দুই এটা পুৰষ্কাৰ নাপায় তেন্তে বিহুৱতী বা বিহুদলে প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰে । বিহুসুৰক্ষা সমিতি বুলি এক সংস্থা আছে বুলি শুনিছো কিন্তু সেই সংস্থাটোতো সকলো বিচাৰক নাই। তেঁওলোকে কিছুমান নিয়মবনাইছিল কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত নহল ।আটাইতকৈ পৰিতাপৰ কথা যে বৰ্তমান সময়ত এজন ঢুলীয়া বা দিহানামৰ শিল্পীয়েবিহুৰ বিচাৰ কৰিবলৈ যোৱাৰ লগতে বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত বিচাৰ কৰিবলৈআগবাঢ়ি যায়। কোনোদিন নৃত্যৰ লগত জড়িত নোহোৱা বহু ব্যক্তিয়েই এনে ধৰণৰ প্ৰতিযোগিতা বোৰত বিচাৰ কৰে। সৃষ্টিশীলনৃত্য প্ৰতিযোগিতা আছলতে কোনো কাৰণতে বিহুৰ মঞ্চত খাপ নাখায় কিন্তু বৰ্তমান সময়ত অসমৰ প্ৰায়বোৰ মঞ্চতে এইপ্ৰতিযোগিতা নহলে বিহু নহয়। ইয়াৰ মুখ্য কাৰণ হল আজিকালি প্ৰায়বোৰ অভিভাৱকে মবাইল চাই হলেও নিজৰ সন্তানক এইপ্ৰতিযোগিতালৈ আগবঢ়াই দিয়ে ।ইয়াত প্ৰতিযোগীৰ সংখ্যা ইমানেই বেছি হয় যে বহু মঞ্চত ৰাতিপুৱা ৬ বজালৈকে প্ৰতিযোগিতাচলে। ইয়াৰ লাভ লোকচান কি কোনেও চিন্তা কৰি চোৱা নাই।একাংশ এনেকুৱা মানুহেও আজিকালি বিচাৰ কৰিবলৈ আগবাঢ়িআহি যি সকলে সমিতিক টকা দি বিচাৰকৰ বাবে মাতিবলৈ কাকুতি মিনতি কৰে। বহু বিচাৰকে সমিতিৰ লগত নিজে যোগোযোগকৰে বিচাৰক হিচাপে মাতিবলৈ। সমিতি বিলাকেও সকলোৱে কোন ভাল কোন বেয়া নাজানি যিকোনো মানুহক নিমন্ত্ৰণ কৰেযাৰ বাবে কেতিয়াবা দৃষ্টিকতুভাবে একাংশ একেবাৰে অযোগ্য প্ৰতিযোগীক নিৰ্বাচিত কৰে। শেষত গৈ সমিতি ৰাইজৰ ৰোষতপৰিবলগীয়া পৰিস্থিতিৰো সৃস্টি হয়। আছলতে এই বিলাকৰ বাবে নৃত্যৰ বিশাৰদ ডিগ্ৰী থকা মানুহক হে বিচাৰ কৰিবলৈ দিব লাগে।

বৰ্তমান সময়ত বিশেষকৈ উজনি অসমত আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাটো হল – ভাওনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসাধাৰণতে সদৌ অসম ভিত্তিতেই সকলোৱে অনুষ্ঠিত কৰে কিন্তু নামনি অসমৰ দল প্ৰায়েই নাথাকেই গতিকে সকলোৱে এইপ্ৰতিযোগিতাৰ নামটো উজনি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা কৰা ভাল। ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাওনাপ্ৰতিযোগিতা আদৰণীয় পদক্ষেপ যদিও বৰ্তমান সময়ত এই প্ৰতিযোগিতা ইমানেই বেছি হবলৈ ধৰিলে যে ই ভাওনাৰ প্ৰকৃতসংজ্ঞাৰ পৰা আঁতৰি অহা যেন অনুভৱ হয়। এটা সময়ত আমিও এই প্ৰতিযোগিতাত এটা দল জন্ম দি অংশগ্ৰহণ কৰিছিলো ।কিন্তু বৰ্তমান ইয়াৰ পৰা আঁতৰি আহিছো। মুল কাৰণ হল বিভিন্ন বিচাৰকৰ বিভিন্ন মত। আজিকালি প্ৰায়েই সামাজিক মাধ্যমতএকাংশ বিচাৰকৰ বিভিন্ন মন্তব্য শুনিবলৈ পাও সকলোৰে নিয়ম নীতি বেলেগ। আজিলৈকে বিহুৰ দৰে ভাওনাৰো কোনো নীতিনিয়ম প্ৰস্তুত নহল। একাংশই এই চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও সফল হোৱ্ নাই। ইয়াত অৱশ্যে ভাওনাৰ শিল্পীসকলৰো দোষ নথকা নহয়। বহুতে ভাবে যে এবাৰ যেতিয়া তেঁও পুৰষ্কাৰ পালে সকলোতে পাব লাগে।

যেতিয়াই কোনো ঠাইতপুৰষ্কাৰ নাপায় তেতিয়াই তেঁওলোকে বিচাৰকৰ ওপৰত ক্ষোভা উজাৰিবলৈ আৰম্ভ কৰে। এবাৰ এক ভাওনা প্ৰতিযোগিতাতএনেকুৱা পৰ্যায় পালেগৈ যে বিচাৰকে ফলাফল ঘোষণা কৰাৰ পাছত বিভিন্ন দলে তেঁওলোকক জবাবদিহি কৰিবলৈ আৰম্ভ কৰিলে। কাৰোবাক লাগে শ্ৰেষ্ঠ দল , কাৰোবাক লাগে শ্ৰেষ্ঠ অভিনেতা। মুঠৰ ওপৰত ফলাফল ঘোষণা কৰ সময়ত উপস্থিত সকলোকেপুৰষ্কাৰ লাগে। শেষত বিচাৰক পলাবলৈ বাধ্য হ’ল। শেষত সমিতিয়ে সিদ্ধান্ত কৰি উপস্থিত থকা সকলো দলকে পুৰষ্কাৰ সমুহভগাই দিবলৈ বাধ্য হল। সেই ধৰণেই যদি প্ৰতিযোগিতা হয় তেন্তে ভাওনা প্ৰতিযোগিতা পতাৰ কি সাৰ্থক হৈছে। এইসকলোবোৰৰ মুলতে হল ভাওনাৰ সকলো জ্ঞান থকা ব্যক্তিৰ অভাৱ। কোনোবাই যদি খোল বাদ্যত পাৰ্গত অভিনয়ত পাৰ্গতনহয়। কোনোবা যদি অভিনয়ত পাৰ্গত তেন্তে গীতমাতত পাৰ্গত নহয়। গতিকে ফলাফলত বিসংগতি হোৱাটো স্বাভাৱিক।আজিকালি এনেকুৱা এচাম বিচাৰক হৈছে যিসকলে এটা দল পৰিচালনা কৰে আৰু নিজে সমিতিয়ে নজনাকৈ বিচাৰকৰআসনত বহে ফলত নিজৰ দলটোক পুৰষ্কাৰ দিবলৈ যাঁওতে আন দল বিলাকে ক্ষোভিত হয়। বহু নামি দামী ভাওনাৰ দলেআজিকালি কেৱল ঘৰুৱা ভাওনা পোৱাৰ স্বাৰ্থত যিকোনো প্ৰকাৰে বিচাৰক আৰু সমিতিক মেনেজ কৰি পুৰষ্কাৰ লব বিচাৰে। আনকি তেঁওলোকে সমিতিৰ লগত নগদ ধনৰ পুৰষ্কাৰ নলও বুলিও চুক্তি কৰে । মাত্ৰ তেঁওলোকক নামটো লাগে তেতিয়াহেআকৌ তেঁওলোকে দুখনমান ‘ডেম’ অৰ্থাৎ প্ৰদৰ্শণী ভাওনা বেছিকৈ পাব। সেই ধৰণেই প্ৰতিযোগিতা বোৰ চলি আছে । আমাৰলক্ষ্য গুৰুজনাৰ কৃষ্টি , সংস্কৃতি জীয়াই ৰখা কিন্তু বৰ্তমান সময়ত খোলটো অলপ বজাব জানিলেই নিজকে বায়েন বুলি কৈ টকাডিমাণ্ড কৰা , নিজৰ গাঁৱৰ ভাওনাখনতো অংশগ্ৰহণ কৰিলে পইছা লোৱা ভাওনা শিল্পী বহুত দেখিছো। যাৰ প্ৰভাৱ আজিকালিকম বয়সৰ লৰাবোৰৰ মাজতো হৈছে। যিটো এক অশুভ লক্ষণ। মুঠৰ ওপৰত ভাওনা , বিহু এইবিলাক দিশত সম্পুৰ্ণ পাৰ্গত শিল্পী সকলে প্ৰতিযোগিতাৰ এক নিৰ্দিষ্ট নীতি নিয়ম ঠিক নকৰালৈকেপ্ৰতিযোগিতাত সদায় বিতৰ্ক থাকিবই।