Home Blog Page 873

৫০ হাজাৰ চাকৰি ওলাব, ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিবঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

ৰাজ্যজুৰি অব্যাহত আছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। শনিবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে বিজয় সংকল্প সমাবেশ। গুৱাহাটীৰ চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অংশগ্ৰহণ কৰে নিৰ্বাচনী প্ৰচাৰ সভাত। ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। এখনৰ পাছত আন এখন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে জনতাক বিজেপি প্ৰাৰ্থীক বিপুল ভোটত বিজয়ী কৰাবলৈ আহ্বান জনাই গৈছে। চানমাৰী খেলপথাৰত বিশাল নিৰ্বাচনী সভাত উপস্থিত থাকে বিধায়ক অতুল বৰা ,নব দলে, কুইন ওজা, মেয়ৰ মৃগেন শৰণীয়া আদি ব্যক্তিসকল। সভাত আকৌ এবাৰ মোদী চৰকাৰ শীৰ্ষক গীতত জনতাৰ সৈতে নৃত্য কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় – মোৰ দিনত অসমত এটাও বোমা বিস্ফোৰণ হোৱা নাই। যোৱা তিনি বছৰত অসমত আন্দোলন নাই , বন্ধ নাই , গুলীৰ শব্দ নাই। কংগ্ৰেছৰ পঞ্চমৃত ধূতি, লুঙী , সূতা , কম্বল, আঠুৱা।

এই বছৰত ৫০ হাজাৰ যুৱক- যুৱতীক নিযুক্তি প্ৰদান কৰা হব। বসুন্ধৰাৰ জৰিয়তে ২ বছৰত গুৱাহাটীৰ সকলো খিলঞ্জীয়া লোকক ভূমি আবন্টন কৰা হব। ৫০ হাজাৰ চাকৰি ওলাব , ছোৱালীৰ বাবে ১৫ হাজাৰ চাকৰি থাকিব। গুৱাহাটীবাসীক ভোট দান কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়যে গুৱাহাটীৰ লোকে ভোট দিবলৈ নাহে। বন্ধৰ দিন বুলি ঘৰতে থাকে। তেওঁ সকলোকে ৰ’দ বৰষুণ নেওচি ভোট দান কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আগতে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ চলিছিল । কিন্তু মোদীৰ চৰকাৰ হোৱাৰ পিছত পাকিস্তানক প্ৰত্যুত্তৰ দিলে। বৰ্তমান সন্ত্ৰাসবাদী আক্ৰমণ নাই। কংগ্ৰেছে পাকিস্তানক মৰম কৰে বাবে প্ৰত্যুত্তৰ দিব পৰা নাছিল। ৰাজ্য চৰকাৰে ১লাখ লোকক ৰাম মন্দিৰ দৰ্শনৰ বাবে নিব বুলিও তেওঁ কয়। মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী উত্তীৰ্ণসকলৰ নামভৰ্তি বিনামূলীয়া হ’ব। এক টকাও দিব নালাগে এডমিছনত। ৫০ হাজাৰ চাকৰিত ১৫ হাজাৰ সংৰক্ষিত থাকিব ছোৱালীৰ বাবে।ডিগ্ৰী পঢ়া ছোৱালীয়ে প্ৰতিবছৰে ১২,৫০০ টকাকৈ পাব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই কয়।

তৃতীয় পর্যায়ৰ নির্বাচনঃ ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে চাৰি লোকসভা সমষ্টিত ড্রাই ডে’ ঘোষণা…

স্বচ্ছ আৰু নিকা নির্বাচন অনুষ্ঠিত কৰি দেশত শক্তিশালী গণতন্ত্র প্ৰতিষ্ঠাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে লোকসভা নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত নিৰ্বাচনৰ পর্যায় অনুসৰি ভোটগ্রহণ শেষ হোৱাৰ পূৰ্বৰ ৪৮ ঘণ্টা ড্রাই ডে’ ঘোষণা কৰিছে। এই অনুসৰি অহা ৭ মে’ত তৃতীয় পর্যায়ৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ক্ষেত্ৰত ৫ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা ৭ মে’ৰ সন্ধিয়া ৫ বজালৈকে ড্রাই ডে’ ঘোষণা কৰা হৈছে। কোনো সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হ’লে পুনৰ নিৰ্বাচনৰ ক্ষেত্রতো ভোটগ্রহণ হোৱাৰ আগৰ ৪৮ ঘণ্টাত ড্রাই ডে’ প্রযোজ্য হ’ব। আনহাতে, ৪ জুনত ভোট গণনাৰ দিনটোতো ভোট গণনা শেষ নোহোৱা পর্যন্ত সমগ্র দিনটো ড্রাই ডে’ বাহাল থাকিব।


ড্রাই ডে’ ঘোষণা হোৱা সময়খিনিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অন্তৰ্ভূক্ত অঞ্চলৰ ভিতৰত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্রী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নির্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে’ৰ সময়ছোৱাত মদ বিক্রী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব। তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আবকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীন ভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্রহণ কৰা হ’ব।শান্তিপূর্ণ, মুক্ত আৰু সফল নির্বাচন অনুষ্ঠিত কৰাতো নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্রহণ কৰা হৈছে।

দলগাঁৱৰ পাণবাৰীত দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ…

দলগাঁৱৰ পাণবাৰীত মৰেল পুলিচিঙৰ ঘটনা।দৰিদ্ৰ মহিলাক গছত হাত-ভৰি বান্ধি গুৰুলা-গুৰুলকৈ প্ৰহাৰ।

১০ অভিযুক্তৰ বিৰুদ্ধে পাণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল।

মৌছিটা গছৰ গুৰগাঁৱত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে মহিলাগৰাকীক ।

শহুৰেকৰ যৌতুকৰ দাবী মানি নলৈ কন্যাক ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আনিলে পিতৃয়ে…

এগৰাকী সাহসী পিতৃ। যৌতুকৰ দাবীৰ বাবেই অত্যাচাৰৰ বলি হোৱা কন্যাক সাহসৰ পৰিচয় দি তেওঁ যৌতুক নিদিও বুলি কোৱাৰ লগতে কন্যাৰ বিবাহ বিচ্ছেদ কৰাই ঢোলে-দগৰে শহুৰেকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ আদৰি আনিলে। লোকজনৰ কন্যাক তেওঁৰ শহুৰৰ ঘৰখনে যৌতুক দাবী কৰি নিৰ্যাতন চলাই আহিছিল। কন্যাগৰাকীৰ পিতৃয়ে এই সকলো কথা জানিব পাৰি কন্যাৰ বিবাহ বিচ্ছেদৰ সিদ্ধান্তক সমৰ্থন জনায়। তাৰ পিছতে পিতৃয়ে ঢোল বজাই তেওঁৰ কন্যাক ঘৰলৈ ওভতাই আনে। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত হৈছে। নিৰালা নগৰৰ বাসিন্দা অনিল কুমাৰে বিএছএনএলত কাম কৰিছিল আৰু এতিয়া অৱসৰ গ্ৰহণ কৰিছে। অনিল কুমাৰে তেওঁৰ একমাত্ৰ কন্যা উৰ্বীক চহৰখনৰ চাকেৰী বিমান নগৰৰ আশীষ ৰঞ্জনৰ সৈতে বিয়া দিছিল। উৰ্বীয়ে দিল্লীৰ পালম বিমানবন্দৰত কাম কৰে। তেওঁ এগৰাকী অভিযন্তা আৰু তেওঁৰ স্বামী আশীষো এগৰাকী অভিযন্তা তেঁৱো দিল্লীতে কাম কৰে। উৰ্বীৰ পৰিয়ালে প্ৰকাশ কৰা মতে বিয়াৰ পিছত তেওঁলোক দুয়ো দিল্লীত থাকিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি বিয়াৰ পিছত শহুৰেকে উৰ্বীৰ পৰা অধিক যৌতুক দাবী কৰিবলৈ আৰম্ভ কৰিছিল। উৰ্বীৰ পিতৃ অনিল কুমাৰৰ মতে তেওঁ তেওঁৰ কন্যাৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি দিল্লীত এটা ফ্লেট কিনিছিল, কিন্তু সেইটো তেওঁৰ জোঁৱায়েকে নিজৰ নামত কৰিব বিচাৰিছিল। উৰ্বীয়ে ২০১৯ চনত এজনী কন্যা সন্তান জন্ম দিছিল। তেওঁলোকৰ কন্যাৰ জন্মৰ পিছত উৰ্বীক তেওঁৰ শহুৰেকে অধিক উৎপীড়ন কৰিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি শহুৰেকে ল’ৰা সন্তান বিচাৰিছিল, ছোৱালী নহয়। লাহে লাহেউৰ্বীৰ স্বামীৰ সৈতেও দূৰত্ব বৃদ্ধি পাইছিল আৰু তেওঁলোক দুয়োৱে পৃথকে থাকিবলৈ আৰম্ভ কৰিছিল আৰু দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে তেওঁলোকে আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল আৰু তাৰ পিছত তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল।

ইয়াৰ পিছতে উৰ্বীৰ পৰিয়ালৰ সকলো সদস্য গোট খাই উৰ্বীৰ শহুৰেকৰ ঘৰৰ সন্মুখত ঢোল বজাই উপস্থিত হয় আৰু উৰ্বীক পিতৃয়ে নিজৰ ঘৰলৈ আদৰি আনে। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

জোনাইত শোকাৱহ পথ দুৰ্ঘটনাত মুত্যু গিৰিশ পেগু নামৰ যুৱকজনৰ…

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা।

চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে মুত্যু হয় গিৰিশ পেগু নামৰ যুৱকজনৰ।

দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন অল্ট’ বাহনখনৰ চালকসহ আৰোহীৰ।

বেছিভাগ মানুহৰে পেট বঢ়া! বঢ়া পেট কমাব কেনেকৈ? শিকি লওক টিপচ…

পেটৰ চৰ্বি কমাবলৈ জিমলৈ যাব নালাগে, কিছুমান অভ্যাস সলনি কৰিলেও চৰ্বি কমি যাব।কেৱল কেইটামান অভ্যাস সলনি কৰি ওজন কমাবলৈ জিমলৈ যোৱাৰ প্ৰয়োজন নাই।

ক্ষীণ হ’ব কোনে নিবিচাৰে? কিন্তু এই সপোন সকলোৰে পূৰণ নহয়। আনহাতে যিসকলে প্ৰতিদিনে চৰ্বি কমাবলৈ জিমলৈ যায় তেওঁলোকে ভালদৰেই জানে যে লক্ষ্যত উপনীত হ’বলৈ কিমান কষ্ট কৰিব লাগে। জিমত গ’লে প্ৰিয় খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখিব লাগিব। ইমানখিনি কৰা পিছতো বহুতৰ ক্ষীণ হোৱাৰ সপোন পূৰণ নহয়। খাদ্য বা ব্যায়াম একেবাৰেই উপকাৰী নহয় বুলি ক’ব নোৱাৰি। কিন্তু কথাটো সময়সাপেক্ষ। দুদিন ডায়েট কৰিলে বা এসপ্তাহ জিমলৈ গ’লে সোনকালে ওজন কমিব বুলি আশা কৰা উচিত নহয়। ওজন বৃদ্ধিৰ প্ৰৱণতা কেনেকৈ হ্ৰাস কৰিব পাৰি জানো আহক-


১) ওজন কমাবলৈ যিদৰে খাদ্যৰ পৰিমাণৰ প্ৰতি গুৰুত্ব দিব লাগে ঠিক তেনেদৰে পানীয়ৰ প্ৰতিও গুৰুত্ব দিব লাগে। বটলত ভৰোৱা ফলৰ ৰস বা চ’ডাত প্ৰচুৰ পৰিমাণে চেনি থাকে। ই কেৱল কেলৰি বৃদ্ধি কৰাই নহয়, ওজনো বৃদ্ধি কৰে। গতিকে এনে খাদ্য খোৱাৰ পৰা আঁতৰি থাকিব লাগে। এই সকলোবোৰৰ বাহিৰেও সঘনাই পানী খোৱাটো প্ৰয়োজনীয়। ই শৰীৰ আৰ্দ্ৰ কৰি ৰাখিব। যেতিয়া শৰীৰত পানীৰ পৰিমাণ কমি যায় তেতিয়া ওজন বাঢ়িবলৈ আৰম্ভ কৰে।

২) ব্যস্ত জীৱনত নিয়ম মানি চলা। অফিচ, মিটিং, ঘৰুৱা কাম চম্ভালি থকাৰ সময়ত নিজৰ যত্ন লোৱাটো সম্ভৱ নহয়। কিন্তু খোৱা-বোৱা আৰু শোৱা সময় অনুযায়ী কৰিব লাগে।

৩) ব্যায়াম কৰিবলৈ সকলো সময়তে জিমলৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰতে ব্যায়াম কৰিলে ওজন কমি যাব। অৱশ্যে শাৰীৰিক ব্যায়ামৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব লাগিব। ব্যায়াম অবিহনে শৰীৰক সক্ৰিয় কৰি ৰখাটো কঠিন হ’ব।

৪) ঘৰতে ৰন্ধা খাদ্য খাব লাগে। বহুতে বাহিৰত খাই ভাল পায়। কিন্তু বাহিৰৰ খাদ্য খোৱাৰ প্ৰৱণতা শৰীৰৰ বাবে একেবাৰেই ভাল নহয়। সেইটোৱে সমস্যাটো বৃদ্ধি কৰিব পাৰে। ফলত ঘৰুৱা খাদ্যৰ প্ৰতি গুৰুত্ব দিব লগা হয়।


কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান…

কালদিয়া নৈত সন্ধানহীন কিশোৰীৰ সন্ধানত SDRFৰ অভিযান।

শনিবাৰে বিয়লি কালদিয়া নৈত সন্ধানহীন হৈছিল কিশোৰীগৰাকী।

কয়াকুছিৰ ঠেকা গাঁৱৰ মুন্নাফ আলীৰ কন্যা ফুলভানু খাতুন।

খোৱাৰ পিছতো ভোক লাগে নেকি? নিশ্চয় এই ৫টা ভুল কৰিছে…

আমি আমাৰ খোৱা-বোৱা অভ্যাসৰ প্ৰতি সাৱধানে মনোযোগ দিয়া উচিত, অলপ অসাৱধান হ’লেও শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। কিছুমান মানুহৰ খাদ্য খোৱাৰ পিছতো ভোক অনুভৱ কৰে, গতিকে ইয়াৰ কাৰণ জানিব লাগে। খোৱাৰ পিছত কিয় ভোক লাগে: আমি আমাৰ ভোক পূৰণৰ বাবে খাদ্য খাওঁ, কিন্তু পেট সম্পূৰ্ণ ভৰ্তি হোৱাৰ পিছতো যদি আমি খোৱাৰ প্ৰয়োজন অনুভৱ কৰো, তেন্তে বুজিব যে ক’ৰবাত কিবা ভুল হৈছে। বহুতে এই সমস্যাৰ সন্মুখীন হয়, কিন্তু সমস্যাটো ক’ত আছে সেয়া বুজি নাপায়। যদি খাদ্য খোৱাৰ পিছতো ভোকৰ লোভৰ সৃষ্টি হয় তেন্তে ইয়াৰ আঁৰত ৫টা কাৰণ থাকিব পাৰে।

১/ প্ৰটিন আৰু আঁহৰ অভাৱ

প্ৰটিন আৰু ফাইবাৰ দুটা পুষ্টিকৰ উপাদান যিয়ে আপোনাৰ পেটটো দীৰ্ঘদিন ধৰি ভৰি থকা অনুভৱ কৰে। এনে পৰিস্থিতিত অপ্ৰয়োজনীয় ভোকৰ লোভৰ পৰা মুক্তি পায়। গতিকে খাদ্যত দুয়োটা পুষ্টিকৰ উপাদানৰ অভাৱ নাথাকিব যাতে ই অবাঞ্চিত ভোক ৰোধ কৰাত সহায় কৰিব পাৰে।

২/ পানীৰ অভাৱ

সম্পূৰ্ণ আহাৰ খোৱাৰ পিছতো যদি আপুনি ভোক অনুভৱ কৰিছে তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ শৰীৰত পানীৰ অভাৱ। সেয়েহে দিনটোত ৮ গিলাচ পানী খাব লাগে আৰু লগতে খাদ্য খোৱাৰ সময়ত অলপ পানীও খাব লাগে।

৩) তেজত চেনিৰ মাত্ৰা অধিক

যদি খাদ্য গ্ৰহণৰ পিছতো ভোকৰ লোভ হয়, তেন্তে ই উচ্চ তেজৰ চেনিৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। যদি আপুনি ডায়েবেটিছ বা প্ৰি-ডায়েবেটিছ তেন্তে নিয়মিতভাৱে তেজৰ চেনিৰ পৰিমাণ পৰীক্ষা কৰি ৰখাটো ভাল।

৪) খৰধৰকৈ খোৱাৰ অভ্যাস

সোনকালে খোৱাৰ বেয়া অভ্যাস থাকিলে যিমান সোনকালে পাৰে ত্যাগ কৰক। খাদ্যখিনি ভালদৰে মুখত চোবাই তাৰ পিছত ডিঙিত থৈ দিব। কোৱা হয় যে আপোনাৰ পেটত দাঁতৰ কাম কৰিবলৈ নিদিব। ইয়াৰ বাবে খাদ্য খোৱাৰ লগে লগে ভোক অনুভৱ নকৰিব।

৫/ অত্যধিক ব্যায়াম

যদি আপুনি অত্যধিক ব্যায়াম কৰে তেন্তে আপুনি অধিক কেলৰি গ্ৰহণ কৰিব লাগিব। ইয়াৰ লগতে প্ৰটিন আৰু আঁহযুক্ত খাদ্যও খাব লাগিব। উপযুক্ত পৰিমাণৰ কেলৰি সেৱন নকৰিলে খাদ্য খোৱাৰ পিছতো ভোক অনুভৱ কৰিব আৰু শৰীৰতো দুৰ্বল অনুভৱ হ’ব পাৰে।

এই অভ্যাসবোৰ গ্ৰহণ কৰক

১) প্ৰটিন আৰু আঁহযুক্ত স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰক
২) গোটেই দিনটো পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে
৩) দুপৰীয়াৰ আহাৰত অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে ভৰা বস্তু খাব লাগে।
৪) খাদ্য লাহে লাহে খাব আৰু ভালদৰে চোবাই খাব লাগে
৫/ অপ্ৰয়োজনীয় মানসিক চাপ লব নালাগে
৬) তেজত চেনিৰ মাত্ৰা বজাই ৰাখিব লাগে
৭) দৈনিক ৮ ঘণ্টা জিৰণি লৈ টোপনি লওক
৮) ভোকত থাকিলে স্বাস্থ্যসন্মত জলপান খাব লাগে

ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert, ক’ত, ক’ত হ’ব বৰষুণ…

ভয়ংকৰ বতাহ-বৰষুণৰ সম্ভাৱনা! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।

বিগত দুই-তিনিদিন ধৰি উজনি-নামনিত বৰষুণ বতাহ হৈ আছে।

কালি দিনটোতও গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বহুকেইখন জিলাত বৰষুণ হয়।

পুনৰ বতৰ বিজ্ঞান বিভাগে ৰাজ্যৰ কেইবাখনো জিলালৈ জাৰি কৰিছে Yellow Alert।

কামৰূপ, কামৰূপ(ম), দক্ষিণ শালমৰা, ধুবুৰী, দৰং, বঙাইগাঁও, ওদালগুৰি, গোৱালপাৰা, বৰপেটা, কোকৰাঝাৰ, চিৰাং, বাক্সা, নলবাৰী, শোণিতপুৰ, নগাঁও, মৰিগাঁও, ডিমা হাচাও জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।

বিশ্ব হাঁহি দিৱসঃ হাঁহি থাকক, সুখত থাকক! সুস্থ হৈ থাকিবলৈ হাঁহিয়ে যথেষ্ট…

আজি বিশ্ব হাস্যৰস দিৱস আৰু এই দিৱসটোৱে আমাক সোঁৱৰাই দিয়ে যে হাঁহি কেৱল মনোৰঞ্জন নহয় বৰঞ্চ আমাৰ স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ বাবেও ই অতি গুৰুত্বপূৰ্ণ। আমাৰ দৈনন্দিন জীৱনৰ ব্যস্ততাত আমি প্ৰায়ে হাঁহিবলৈ পাহৰি যাওঁ।অধ্যয়নত দেখা গৈছে যে হাঁহিলে মানসিক চাপ কমে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু আনকি বিষৰ পৰাও সকাহ দিব পাৰে। গতিকে হাঁহি আমাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী সেই কথা জানো আহক।


আমি যেতিয়া হাঁহো তেতিয়া আমাৰ শৰীৰে কৰ্টিছলৰ দৰে ষ্ট্ৰেছ হৰম’নৰ উৎপাদন হ্ৰাস কৰে। লগতে হাঁহিৰ সময়ত এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ এটা নিৰ্গত হয়, যাৰ ফলত আমি সুখী অনুভৱ কৰো। ইয়াৰ ফলত মানসিক চাপ কমি যায় আৰু আমি মানসিকভাৱে শান্ত হৈ থাকিবলৈ সক্ষম হওঁ।

অধ্যয়নত দেখা গৈছে যে হাঁহিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। হাঁহিলে শৰীৰত ইমিউন’গ্ল’বিউলিন এ নামৰ এবিধ এন্টিব’ডিৰ মাত্ৰা বৃদ্ধি পায়, যিয়ে শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

হাঁহিৰ সময়ত শৰীৰত এণ্ড’ৰ্ফিন নামৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিবোৰে প্ৰাকৃতিক বিষ নিৰাময়ৰ কাম কৰে। লগতে হাঁহিয়ে আমাৰ মনোযোগ বিষৰ পৰা আঁতৰাই পেলায়, যাৰ ফলত আমাৰ অস্বস্তি কম হয়।

হাঁহিলে ৰক্তচাপ কমি যায় আৰু ৰক্ত সঞ্চালন ভাল হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ কমি যায় আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়।

হাঁহিলে মগজুত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি পায়, যাৰ ফলত মগজু চোকা হয় আৰু স্মৃতিশক্তি শক্তিশালী হয়।

গতিকে এই বিশ্ব হাস্যৰস দিৱসত নিজকে আৰু আপোনাৰ চৌপাশৰ মানুহক হাঁহিবলৈ দিয়ক। কমেডী শ্ব’ চাওক, বন্ধু-বান্ধৱীৰ সৈতে ফূৰ্তি কৰক বা ধেমেলীয়া চিনেমা চাওক। হাঁহিবলৈ কোনো বিশেষ কাৰণৰ প্ৰয়োজন নাই। অলপ হাঁহিব, হাঁহিৰ অভ্যাস গঢ়ি তোলক আৰু শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰক।