Home Blog Page 882

প্ৰেছাৰ কুকাৰে কেনেকৈ কাম কৰে ! খাদ্যৰ গুণাগুণ আৰু পুষ্টিৰ ওপৰত ইয়াৰ  প্ৰভাৱ…

আজিৰ যুগৰ ৰান্ধনিশালত সততে দেখা এবিধ বাচন হ’ল প্ৰেছাৰ কুকাৰ। সহজতে আৰু কম সময়ত খাদ্য সিজাবলৈ ইয়াতকৈ সুবিধাজনক আন একো নাই। আমাৰ মাজত প্ৰেছাৰ কুকাৰ ব্যৱহাৰ নকৰা মানুহ হয়তো নিচেই কম।কিন্তু প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ গুণাগুণৰ বিষয়ে বিভিন্ন ভুল ধাৰণা আছে।খাদ্যত থকা পুষ্টি (nutrition)যেনে ভিটামিন, মিনাৰেল আদি নষ্ট হোৱা বুলি বহুতে কয়। শেহতীয়াকৈ অলপ সঘনাই শুনিবলৈ লৈছোঁ। আহকচোন চালিজাৰি চাওঁ সেয়া সঁচা নে মিচা।

প্ৰেছাৰ কুকাৰে কেনেকৈ কাম কৰে-

প্ৰথমতে জানি লোৱা ভাল হ’ব প্ৰেছাৰ কুকাৰেনো কেনেকৈ কাম কৰে। পানী সাধাৰণ অৱস্থাত ১০০ ডিগ্ৰী ছেলছিয়াচত উতলে, সেয়া পানীৰ উতলাংক।কিন্তু কম চাপত পানীৰ উতলাংক কমে, কাৰণ পানীৰ অনুবোৰ সহজে পৃষ্ঠৰ পৰা ওলাই যাব পাৰে। সেইবাবে পাহাৰীয়া ওখ ঠাইত খাদ্য সিজিবলৈ বেছি সময় লয়। কাৰণ তাত বায়ুৰ চাপ কম, গতিকে পানী ১০০ ডিগ্ৰীতকৈ কমতে উতলে, কিন্তু তাপ কম হোৱা বাবে খাদ্য সিজাত সময় লাগে। পানী উতলাংকৰ ওপৰত গৰম কৰিব বিচাৰিলেও নোৱাৰি, তাৰ পিছত ই ভাপ হে হয়। তাৰ বিপৰীতে চাপ বাঢ়িলে পানীৰ উতলাংকও বাঢ়ে। প্ৰেছাৰ কুকাৰত পানীৰ ভাপ ধৰি ৰাখি চাপ বৃদ্ধি কৰা হয়। ইয়াৰ ফলত ঠাইখনৰ উচ্চতাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰেছাৰ কুকাৰৰ ভিতৰত পানীৰ উতলাংক ১২১ ডিগ্ৰীলৈকে বাঢ়িব পাৰে। গতিকে অধিক তাপত খাদ্য কম সময়ত সিজে। ১২০ ডিগ্ৰী উষ্ণতাত সিজোৱা খাদ্য সাধাৰণভাৱে সিজোৱা খাদ্যতকৈ চাৰিভাগৰ এভাগলৈ কম সময়ত সিজে।

খাদ্যৰ গুণাগুণ আৰু পুষ্টিৰ ওপৰত ইয়াৰ  প্ৰভাৱ-

  • প্ৰেছাৰ কুকাৰত সিজাবলৈ পানী কম লাগে। লগতে অতি কম পৰিমাণৰ ৰসহে ভাপ হৈ ওলাই যায়। বেছিভাগ প্ৰেছাৰ কুকাৰটোৰ ভিতৰতে থাকে। ইয়াৰ ফলত ভিটামিন বা মিনাৰেল আদি বেছিকৈ leach বা দ্ৰৱীভূত হৈ নাযায়। সিজোৱা পানীখিনি পেলাই নিদিয়াটোৱেই ভাল।
  • প্ৰেছাৰ কুকাৰত সিজাবলৈ সময় কম লাগে বাবে খাদ্যৰ পুষ্টি কম হানি হয়। বেছি সময় ৰান্ধি থাকিলে বেছি পুষ্টি হানি হয়।
  • প্ৰেছাৰ কুকাৰত খাদ্য পানীৰ সাধাৰণ উতলাংকতকৈ বেছি উষ্ণতাত সিজে বাবে বেছিভাগ অনুজীৱ ধ্বংস হয়। সেইবাবে ইয়াক শিশুৰ গাখীৰখোৱা বটল আদিৰ বীজাণুমুক্তকৰণৰ বাবেও ব্যৱহাৰ কৰা হয়।
  • বেছি শৰ্কৰা থকা খাদ্য যেনে আলু আদি ১২০ ডিগ্ৰী বা বেছি উষ্ণতাত সিজালে কিছুমান অপকাৰী যৌগৰ সৃষ্টি হয় (Acrylamide, heterocyclic amines, Lectins and Phytic Acid আদি)। ইয়াৰ কিছুমান কেন্সাৰৰ কাৰক হ’ব পাৰে, যেনে Acrylamide আৰু heterocyclic amines।আন বেছি উষ্ণতাৰ ৰন্ধন পদ্ধতি যেনে বেকিং, ভজা বা পোৰা আদিত সেয়া হয় যদিও প্ৰেছাৰ কুকাৰৰ ক্ষেত্ৰত সেয়া হোৱা দেখা নাযায়।কাৰণ হ’ল প্ৰেছাৰ কুকাৰৰ ভিতৰৰ জীপাল পৰিৱেশ।

  • প্ৰেছাৰ কুকাৰত খাদ্য কোমলকৈ সিজে বাবে হজম হোৱাত সহজ হয়, বিশেষকৈ প্ৰটিনজাতীয় খাদ্য (http://healinggourmet.com/…/health-benefits-pressure-cooker/)।সিজালে কিছুমান খাদ্যৰ ভিটামিন বা মিনাৰেল অলপ চলপ ক্ষয় হয়েই, প্ৰেছাৰ কুকাৰত সিজালে অইন পদ্ধতিতকৈ কম বা সমানেই হয়, বেছি নহয়। মুঠতে দেখা গ’ল যে প্ৰেছাৰ কুকাৰত ৰন্ধা খাদ্যৰ গুণাগুণ আৰু পুষ্টিঅইন পদ্ধতিত ৰন্ধা খাদ্যতকৈ কমতো নহয়েই,কিছুমান ক্ষেত্রত বেছিহে (http://www.foodrenegade.com/pressure-cooking-healthy/)।তাৰ বাহিৰেও সময় আৰু ইন্ধনো ৰাহি হয়, লগতে বেলেগ বেলেগ খাদ্য একেলগে সিজাবও পাৰি (বাটি ব্যৱহাৰ কৰি)।এবাৰ কিনিলে বহুদিনলৈ ব্যৱহাৰ কৰি থাকিব পাৰি, কেৱল চাফা আৰু সৰু-সুৰা মেৰামতিবোৰ কৰি থাকিলেই হ’ল।

শেষত এয়াই ক’ম যে গুজৱত বিশ্বাস নকৰিব, ৰান্ধনিশালৰ অতিকৈ উপযোগী প্ৰেছাৰ কুকাৰ নিৰ্ভয়ে ব্যৱহাৰ কৰক।কিবা এটা শুনিলেই মানি নলব, ভালদৰে অনুসন্ধান কৰি চাব। আনকি মই কোৱা কথাখিনিও এনেই বিশ্বাস নকৰিব, বাচ-বিচাৰ কৰি ল’ব। বহুতো তথ্যৰ উৎস মই দিছোৱেই।

লেখক:- ভাস্কৰ মজুমদাৰ

ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটিৰ প্ৰায় ৪৫০ পইণ্ট হ্ৰাস…

ভাৰতীয় ষ্টক মাৰ্কেটত দুৰ্বলতাৰ ধাৰা অব্যাহত আছে আৰু আজিও শ্বেয়াৰ মাৰ্কেট হ্ৰাসৰ লগে লগে মুকলি। চেন্সেক্স-নিফটিয়ে অতি দুৰ্বলতাৰে মুকলি কৰিছে আৰু ১২০০ টা শ্বেয়াৰ হ্ৰাস পোৱাৰ লগে লগে মাত্ৰ ৩০০ টা শ্বেয়াৰহে বৃদ্ধি পাইছে। বেংক নিফটিত প্ৰায় ৪৫০ পইণ্ট হ্ৰাস পোৱাৰ বাবে বজাৰখনে সমৰ্থন লাভ কৰা নাই।

বিএছইৰ চেন্সেক্সৰ শ্বেয়াৰ ৫০৭.৬৪ পইণ্ট বা ০.৬৯ শতাংশ হ্ৰাস পাই ৭২,৮৯২ আৰু এনএছইৰ নিফটি ১৪৭.২০ পইণ্ট বা ০.৬৬ শতাংশ দুৰ্বলতাৰে ২২,১২৫ পইণ্টত মুকলি হয়।

৩০টা চেন্সেক্সৰ ষ্টকৰ ভিতৰত মাত্ৰ ১০টা ষ্টকে শক্তি দেখুৱাইছে আৰু ২০টা ষ্টকে হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। বৃদ্ধি পোৱা ষ্টকসমূহৰ ভিতৰত টাটা ষ্টীল শীৰ্ষ লাভজনক আৰু ইয়াৰ লগতে মাৰুতি চুজুকি, টাইটান, এম এণ্ড এম, নেচলে আৰু জে এছ ডব্লিউ ষ্টীলৰ শ্বেয়াৰসমূহে লাভৰ সৈতে ব্যৱসায় কৰি আছে। হ্ৰাস পোৱা ষ্টকসমূহৰ ভিতৰত ইণ্ডুছইণ্ড বেংক ১.৪৮ শতাংশ, বাজাজ ফাইনেন্স ১.২৬ শতাংশ হ্ৰাস পাইছে। ইনফ’ছিছ ১.২৫ শতাংশ আৰু বাজাজ ফিনচাৰ্ভ ১.০৭ শতাংশ হ্ৰাস পাইছে। কোটাক মহিন্দ্ৰা বেংক ১.০৬ শতাংশ দুৰ্বল আৰু আইচিআইচিআই বেংকৰ ব্যৱসায় ০.৯৫ শতাংশ কম।

চেন্সেক্সৰ শ্বেয়াৰৰ পৰিস্থিতি

এন এছ ই নিফটিৰ ৫০টা শ্বেয়াৰৰ ভিতৰত ২২টা শ্বেয়াৰে বৃদ্ধি পঞ্জীয়ন কৰিছে আৰু ২৮টা শ্বেয়াৰে হ্ৰাসৰ সৈতে ব্যৱসায় কৰি আছে। অ’এনজিচি শীৰ্ষ লাভজনক আৰু ১.৪৩ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে আইচাৰ মটৰ্ছ, মাৰুতি চুজুকি, হিৰো মট’কৰ্প আৰু ক’ল ইণ্ডিয়াৰ শ্বেয়াৰ বৃদ্ধি পোৱা দেখা গৈছে।

বিএছইৰ বজাৰ মূলধন ৩৯৪.৪৪ লাখ কোটি টকালৈ হ্ৰাস , আনহাতে বজাৰৰ শীৰ্ষ স্তৰত উপনীত হোৱাৰ পিছত ৪০২ লাখ কোটিতকৈও অধিকলৈ বৃদ্ধি পাইছিল। বিএছইত ২৭৮১ টা ষ্টকৰ ব্যৱসায় চলি আছে আৰু ১৭৭৯ টা ষ্টক বৃদ্ধি পাইছে। আজি ৯০৭ টা শ্বেয়াৰৰ ব্যৱসায় হ্ৰাস পাইছে আৰু ৯৫ টা শ্বেয়াৰৰ কোনো পৰিৱৰ্তন নোহোৱাকৈ ব্যৱসায় চলি আছে।

যদি এই ৫টা লক্ষণ শিশুৰ ক্ষেত্ৰত দেখা যায় তেন্তে তৎক্ষণাত পৰীক্ষা কৰাওক…

এনকেফেলাইটিছ এক জীৱন সংকটজনক ৰোগ। শিশুসকলৰ ইয়াৰ আশংকা বেছি। এনে পৰিস্থিতিত প্ৰতিৰোধৰ বাবে পিতৃ-মাতৃয়ে শিশুৰ ক্ষেত্ৰত ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ সময়মতে চিনি পোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। বিশেষকৈ বিহাৰত চামকি জ্বৰৰ বাবে প্ৰতি বছৰে শ শ শিশুৰ মৃত্যু হয়। যদিও বয়সস্থ প্ৰাপ্তবয়স্কসকলো এই ৰোগৰ আশংকা থাকে, তথাপিও সৰ্বাধিক শিশু ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। এনে পৰিস্থিতিত প্ৰতিজন অভিভাৱকে এই ৰোগক ভালদৰে বুজাটো জৰুৰী।

প্ৰথমে জানিব লাগিব চামকী জ্বৰ কি! এয়া এক প্ৰকাৰৰ সংক্ৰমণ য’ত মগজুৰ পৰা ফুলা আৰম্ভ হয়। ইয়াক এনকেফেলাইটিছ, একুইট এনকেফেলাইটিছ চিনড্ৰম বা জাপানীজ এনকেফেলাইটিছ বুলিও কোৱা হয়। মহৰ কামোৰৰ দ্বাৰা ই বিয়পে। ই দুবিধ – প্ৰাথমিক এনকেফেলাইটিছ যিয়ে মগজু আৰু মেৰুদণ্ডক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে আৰু গৌণ এনকেফেলাইটিছ যিটো শৰীৰৰ আন এটা অংশত সংক্ৰমণ মগজুত উপনীত হ’লে হয়। যদিও ই এক মাৰাত্মক ৰোগ, তথাপিও প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰি ইয়াক সম্পূৰ্ণৰূপে আৰোগ্য কৰিব পাৰি।

এই জ্বৰত আক্ৰান্ত বেছিভাগ ৰোগীয়ে প্ৰাৰম্ভিক লক্ষণ হিচাপে মূৰৰ বিষ, জ্বৰ, পেশী আৰু গাঁঠিৰ বিষ, দুৰ্বলতা আৰু ভাগৰুৱা অনুভৱ কৰে।

এই ভাইৰাছৰ দ্বাৰা হোৱা এনকেফেলাইটিছত সাধাৰণতে এন্টিভাইৰেল চিকিৎসাৰ প্ৰয়োজন হয়। এনকেফেলাইটিছৰ চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহৃত এন্টিভাইৰেল ঔষধসমূহৰ ভিতৰত আছে: ইয়াৰ ৰোগীসকলক শান্ত পৰিৱেশত চিকিৎসা প্ৰদান কৰা হয়।

একাংশ লোক এনকেফেলাইটিছৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে যদিও এইটো এটা দীঘলীয়া আৰু কঠিন প্ৰক্ৰিয়া হ’ব পাৰে। বহুতে কেতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই আৰু মগজুৰ ক্ষতিৰ বাবে দীৰ্ঘম্যাদী সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

চামকী জ্বৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্যসন্মত আৰু সতেজ খাদ্য আৰু ফল-মূল গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। লগতে মহৰ প্ৰাদুৰ্ভাৱ থকা ঠাইৰ পৰা শিশুক আঁতৰাই ৰাখিব লাগে। লগতে শিশুক ৰ’দ আৰু মলিত খেলা-ধূলা কৰাত বাধা দিব লাগে। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সম্পূৰ্ণ যত্ন লওক।


আজিৰে পৰা ৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত…


আজিৰে পৰা বন্ধ ৰখা হ’ব ভাৰত-নেপাল সীমান্ত
৭২ ঘণ্টাৰ বাবে বন্ধ ৰখা হ’ব সীমান্তৰে চলাচল


১৯ এপ্ৰিলত উত্তৰাখণ্ডত ভোটদান
তিনিদিনৰ বাবে ছীল কৰা হৈছে উত্তৰাখণ্ড-নেপাল সীমান্ত
উত্তৰাখণ্ড প্রশাসনে জাৰি কৰিছে SOP


আবেলি ৫ বজাৰ পৰা ভোটদান সম্পন্ন নোহোৱা পর্যন্ত
সীমান্ত ছীল
শান্তিপূর্ণভাৱে ভোটদান প্রক্রিয়া হৈ যোৱাৰ উদ্দেশ্যে
এই সিদ্ধান্ত প্ৰশাসনৰ

ধুবুৰীৰ গৌৰীপুৰত পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক…

ধুবুৰীৰ গৌৰীপুৰত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা।

নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক। নিহত বাহনখনৰ চালক ছাহিল আহমেদ, সাহিদ খন্দকাৰ আৰু নুৰ আমিন।

এতিয়ালৈ উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়।

ভাইজানৰ ঘৰৰ সন্মুখত ভয়ংকৰ কাণ্ড কৰা দুজনক গ্ৰেপ্তাৰ…

অভিনেতা তথা ভাইজান ছলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সী এপাৰ্টমেণ্টৰ বাসগৃহৰ সন্মুখত গুলীবৰ্ষণ কৰা দুজনক গ্ৰেপ্তাৰ ।

চিচি টিভিৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই সোমবাৰে গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে দুয়োজনক।

আৰক্ষীৰ মন্তব্য অনুসৰি দুয়োগৰাকীৰ ঘৰ বিহাৰত। দুয়োকে আজি মুম্বাই আদালতত হাজিৰ কৰোৱা হ’ব।

হঠাৎ বৰষুণ গুৱাহাটী মহানগৰীত, অন্ধকাৰে আৱৰি ধৰিছে মহানগৰীৰ আকাশ…

অন্ধকাৰময় হৈ পৰিছে গুৱাহাটী মহানগৰীৰ আকাশ।

তাৰ পিছতে হঠাৎ আহিল এজকা প্ৰচণ্ড বৰষুণ।

ৰাজ্যত যেন পুনৰ প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী ।

দিনতে অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি।

শোণিতপুৰত ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ…

১১নং শোণিতপুৰ লোকসভাৰ অসম গণ পৰিষদ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শ্বহীদ বাকৰিৰ পৰা তেজপুৰৰ আদালত পাচ আলিলৈকে পদ যাত্ৰাত অংশগ্ৰহণ কৰে ৷

মুখ্যমন্ত্ৰী মহোদয়ক সঙ্গ দিয়ে মন্ত্ৰী অশোক সিংঘাল দেৱ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা দেৱ, ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী দেৱ , অগপৰ শোণিতপুৰ জিলা সভাপতি ৰাতুল কুমাৰ নাথ দেৱ আৰু অগপ-বিজেপিৰ নেতা কৰ্মী সকল ৷ এই পদযাত্ৰাত তেজপুৰৰ হেজাৰৰো অধিক ৰাইজে মুখ্যমন্ত্ৰীৰ সৈতে তেজপুৰ চহৰ কঁপাই তোলে৷

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা ক’লে সাত জাপ মাৰেঃ দয়ানন্দ বৰগোহাঁই

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা ক’লে সাত জাপ মাৰেঃ দয়ানন্দ বৰগোহাঁই।
‘হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্চনেলিটীৰ গৰাকী ব্যক্তি’, ‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰাৰ আগ্ৰহটোক আমি সন্মান কৰো’; ‘হিমন্ত বিশ্ব শৰ্মাই পূৰ্বৰ চৰকাৰতকৈ যথেষ্টখিনি কাম কৰিছে’ মৰাণত সংবাদমেলত দয়ানন্দ বৰগোহাঁইৰ এই মন্তব্য।

গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈয়ে আগতে আহোমৰ কথা কলে সাত জাপ মাৰিছিল। ১৫ বছৰে শাসনত থকা প্ৰয়াত তৰুণ গগৈয়ে আহোমৰ কথা ক’বলৈ মানা কৰিছিল। ‘মই অকল আহোমৰ মন্ত্ৰী নহয় বুলি কৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে।’- এই মন্তব্য দয়ানন্দ বৰগোহাঁইৰ। মৰাণৰ নিজ বাসগৃহত এখন সংবাদমেলত এনেদৰে মন্তব্য কৰে দয়ানন্দ বৰগোহাঁয়ে।


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মা এজন ডাইনেমিক পাৰ্চনেলিটীৰ গৰাকী ব্যক্তি আৰু ১৭ বছৰতকৈ বেছি মন্ত্ৰী হৈ থকাৰ অভিজ্ঞতা থকা ব্যক্তি। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে, মাটি দালাল, দুৰ্নীতিৰ বিৰুদ্ধে কেনে ধৰণৰ পদক্ষেপ লৈছে সেয়া উল্লেখ কৰে। আনহাতে, গুৱাহাটীত ক্ষীপ্ৰ গতিত দলং নিৰ্মাণৰ কথাটোও তেওঁ সংবাদমেলত উল্লেখ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাম কৰাৰ আগ্ৰহ, সেই কাম কৰাৰ আগ্ৰহটোক আমি সন্মান কৰো।


আনহাতে, সংবাদমেলত তেওঁ ২০১৬ চনৰ পৰা বিজেপি চৰকাৰখনে বৰ্তামানলৈ অসমৰ জনগোষ্ঠীসমূহৰ বাবে যথেষ্টখিনি কাম কৰা বুলি উল্লেখ কৰে। উদাহৰণস্বৰূপে মৰাণ-মটক, সোণোৱাল কচাৰীসকলক অটনমাচ কাউঞ্চিল দিয়া, বীৰ লাচিতক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াৰ প্ৰয়াস চলোৱা আদিৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি অন্যান্য বহুতো বিষয়ত চৰকাৰখনে মনোযোগ দিয়াৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ উদ্যোগত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন, আলাবৈত যুদ্ধ স্মাৰক নিৰ্মাণৰ কাৰণে কাম কৰাৰ কথাও তেওঁ সংবাদমেলত উল্লেখ কৰে।

ৰাজস্থানৰ ছিকাৰ জিলাত এক মৰ্মান্তিক কাণ্ড ! ট্ৰাকত খুন্দা মাৰি ভস্মীভূত বাহন, দুই শিশুসহ একেটা পৰিয়ালৰে সাতজনে হেৰুৱালে প্ৰাণ…

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ দুই শিশু আৰু তিনিগৰাকী মহিলাসহ ৭ জন লোকে।

বাহনখনৰ চালকজনে এখন ট্ৰাকক অভাৰটেক কৰাৰ চেষ্টা কৰিছিল যদিও বিপৰীত দিশৰ পৰা আন এখন বাহন ওচৰ চাপি অহা দেখি জোৰেৰে ব্ৰেক মাৰিবলগীয়া হয়।

ঘটনাত নিহত লোকসকলক নীলম গোৱাল (৫৫), তেওঁৰ পুত্ৰ আশুতোষ গোৱাল (৩৫), মঞ্জু বিন্দল (৫৮), তেওঁৰ পুত্ৰ হাৰ্দিক বিন্দল (৩৭), তেওঁৰ পত্নী স্বাতী বিন্দল (৩২) আৰু তেওঁলোকৰ দুই নাবালিকা কন্যা বুলি চিনাক্ত কৰা হৈছে।