দক্ষিণৰ লগতে বলীউডতো অভিনয়ৰ দক্ষতা প্ৰদৰ্শন কৰা পূজা হেগড়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত চৰ্চা লাভ কৰে। কিন্তু এইবাৰ অভিনয় বা শৈলীৰ বাবে চৰ্চা লাভ কৰা নাই পূজাই, মুম্বাইত নিজৰ সপোনৰ ঘৰ ক্ৰয়ৰ বাবেই শিৰোনামৰ অংশ হৈ পৰিছে অভিনেত্ৰীগৰাকী। শেহতীয়াকৈ এনে খবৰ ওলাইছে যে পূজা হেগড়ে মুম্বাইত কোটি কোটি টকাৰ সাগৰমুখী ঘৰ ক্ৰয় কৰিছে।
এক প্ৰতিবেদন অনুসৰি পূজা হেগড়েৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, অভিনেত্ৰীগৰাকীয়ে সাগৰমুখী এখন সুন্দৰ অট্টালিকালৈ স্থানান্তৰিত হৈছে। ৪০০০ বৰ্গফুটৰ বাসস্থানৰ এই বাংলোটো মুম্বাইৰ বান্দ্ৰাৰ প্ৰধান স্থানত অৱস্থিত। পূজা হেগড়েৰ এই ঘৰটোৰ দাম ৪৫ কোটি টকা। বান্দ্ৰা, মুম্বাইত বলীউডৰ বহু তাৰকা আছে আৰু এতিয়া পূজা হেগড়েৰ নামো এই তালিকাত যোগ হৈছে।
“বিহু” অসমৰ জাতীয় উৎসৱ। “বিহু” শব্দৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কে বিভিন্ন জনে বিভিন্ন মত আগবঢ়ালেও এটা কথাত একমত প্রকাশ কৰি ক’ব পাৰি যে সংস্কৃত “বিষুৱৎ” শব্দৰ পৰা “বিহু” শব্দৰ উদ্ভৱ হৈছে। বিহু মূলতঃ ঋতুকালীন কৃষিভিত্তিক উৎসৱ।
বছৰৰ ভিন ভিন সময়ত ভিন ভিন ঋতুত অসমীয়াই তিনিটা বিহু পালন কৰে। এই তিনিটা হ’ল-ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু।
ব’হাগ বিহু বা ৰঙালী বিহু চ’তৰ সংক্রান্তিৰ পৰা আৰম্ভ হৈ ব’হাগৰ ছয় দিনলৈ পালন কৰা হয়। চ’তৰ মাজমানৰ পৰাই বিহুৰ প্রস্তুতি চলে বাবে ইয়াক চ’তৰ বিহু নামেৰেও জনা যায়।
সাতদিনৰ বিহুৰ প্রত্যেকৰে সুকীয়া নাম –
সেয়া হৈছে-
১) গৰু বিহু,
২) মানুহ বিহু,
৩) গোঁসাই বিহু,
৪) তাঁতৰ বিহু,
৫) নাঙলৰ বিহু,
৬)জীয়ৰী বা চেনেহী বিহু আৰু
৭) চেৰা বিহু।
এই সাতটা বিহুকে “সাতবিহু” নামে জনা যায়। আজিকালি অৱশ্যে বিহু সাতদিনহে পালন কৰে, এনে নহয়; গাঁৱে-ভূঞে, নগৰে-চহৰে বিহু গোটেই ব’হাগ মাহ ধৰি চলি থাকে।
কেতিয়াবা জেঠমাহ পৰ্যন্ত পাইগৈ। প্রথম কেইদিনৰ বাদে বাকী দিনবোৰত বিশেষ নিয়ম-নীতি পালন কৰা নহয়।
ব’হাগ বিহুৰ প্রথম দিনটো অৰ্থাৎ চ’তৰ সংক্রান্তিৰ দিনা অসমীয়া জনজীৱনৰ কৃষিকৰ্মৰ প্রধান সম্বল গৰুৰ নামত উছৰ্গা কৰি “গৰু বিহু” হিচাপে পালন কৰা হয়। সেই দিনা গৰুক গো-লক্ষ্মী হিচাপে জ্ঞান কৰি পূজা-অৰ্চনা কৰা হয়।
ঠাই বিশেষে সাপ আদিৰ পৰা ঘৰচীয়া জীৱ-জন্তুক ৰক্ষা কৰিবলৈ সেইদিনা গোহালিৰ চাৰিওকাষে নহৰু বটা পানী ছটিওৱা হয়। গৰু গোহালিত সোমালে আদৰ-সাদৰ কৰি মাহ হালধি বটাৰে বা সেন্দূৰেৰে কপালত ফোঁট দি নিমখীয়া পিঠা খাবলৈ দিয়া হয় আৰু ডিঙিত নতুন পঘা দিয়া হয়। পঘাডাল সাধাৰণতে মৰাপাটৰ সলনি তৰাৰে তৈয়াৰ কৰা হয়।
তৰা বেছি যোগাৰ কৰিব নোৱাৰিলে মৰাপাটৰ লগত অকণমান হ’লেও দিব লাগে। তৰাৰ পঘাত তুলসী-দূবৰি গুঁজি দিয়া হয়। এনে কৰিলে গৰুৰ বংশ বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। তাৰপিছত মাখিয়তীৰ পাতেৰে গৰু-ম’হক বিচি দি এইদৰে গোৱা হয়-“মাখিয়তীৰ মাখি পাত, মাখি মাৰোঁ জাত জাত।”
এনে কৰিলে বছৰটোলৈ মহ-ডাঁহৰ পৰা হাত সাৰি থাকিব পাৰি। আমাৰ অসমীয়া সমাজত সেইদিনাৰ পৰাহে নতুন বছৰত বিচনীৰ বা লোৱা নিয়ম। আগতে ল’লে মূৰঘূৰণি হয় বুলি বিশ্বাস কৰা হয়।
কিয়নো বিহুৰ পিছত ব’বলৈ থকা কাপোৰ বা বিহুৱান “বিহুচেৰা” বুলি আখ্যা দিয়া হয় আৰু এই বস্ত্ৰ কোনো পুৰুষক দিব নাপায় বুলি বিশ্বাস কৰা হয়। অসমীয়া সমাজত ব’ব কাটিব নজনা তিৰোতাক অকাজী বা থুপৰী বুলি উপহাস কৰা দেখা যায়।
বছৰৰ প্ৰথম দিনটোতে ব্ৰাহ্মণ দৈবজ্ঞৰ ওচৰত কৰ্মফল গণনা কৰি কিবা দোষ থাকিলে শান্তিৰ ব্যৱস্থা কৰা হয়। পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। নতুন বছৰটো যাতে কোনো বিপদ-বিঘিনি নোহোৱাকৈ ধুমুহা-বৰষুণ,ব্ৰজপাত আদিৰ পৰা ৰক্ষা পৰি সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে নতুন বছৰটোৰ প্ৰথম দিনাই দৈৱজ্ঞৰ হতুৱাই নাহৰ পাতত তলৰ মন্ত্ৰটি(শ্লোকটি) লেখি দুৱাৰ মুখত বা ঘৰৰ ছালৰ পানীপচাত বা মূধচত গুঁজি থোৱাৰ নিয়ম-