Home Blog Page 892

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৫ সংখ্যক বেলতলা ব’হাগী উৎসৱ

‘গুৱাহাটী, ১১ এপ্রিল: বেলতলা ব’হাগী উৎসব সমিতিয়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো ১৯, ২০ আৰু ২১ এপ্রিলত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বেলতলা বিদ্যালয় খেলপথাৰত ৪৫ সংখ্যক ব’হাগী উৎসৱৰ বিশাল আয়োজন কৰিছে। বিহু উদযাপনৰ লগতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে অসমীয়া জাতিৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ২০১২ চনৰ পৰা সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক বঁটা প্ৰদান কৰি আহিছে। বেলতলা ব’হাগী উৎসৱ সমিতিয়ে এইবাৰ ভাৰতৰ বোলছবি জগতৰ যশস্বী অভিনেতা তথা অসমীয়া ছবি জগতৰ চিনাকী নাম জৰ্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে বেলতলাৰ পুবেৰুণ সংঘত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে বেলতলা ব’হাগী উৎসৱ সমিতিৰ সভাপতি নাৰায়ণ ডেকাই। তেওঁ লগতে কয়-বিশিষ্ট অভিনেতা জৰ্জ বেকাৰক ব’হাগী উৎসৱৰ থলীত অন্তিম দিনা অর্থাৎ ২১ এপ্রিলত নিশা ৯ বজাত বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ ২,০০,০০০ টকা, মানপত্র, স্মাৰক আৰু এখন আলোৱান। এই অনুষ্ঠানতে বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ২০২১ বৰ্ষৰ ড° ভূপেন হাজৰিকা বঁটা লাভ কৰা বিশিষ্ট সমাজসেৱক তথা সু-চিকিৎসক ডাঃ সুশীল কুমাৰ জৈনক বঁটা প্ৰদান কৰা হ’ব। দিল্লীৰ এপল’ হাস্পতালৰ মানৱদৰদী চিকিৎসক ডাঃ জৈনক ২০২১ বর্ষতে বঁটা ঘোষণা কৰা হৈছিল যদিও অতিমাৰি পৰিৱশৰ বাবে ব’হাগী বিহু উদ্ যাপন কৰিব পৰা নহ’ল।’

সংবাদ মেলত সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে কয়-বেলতলা ব’হাগী উৎসৱৰ কাৰ্য্যসূচী অনুসৰি ১৯ এপ্রিলত পুৱা ৯ বজাত বেলতলা ব’হাগী উৎসব সমিতিৰ সভাপতি নাৰায়ণ ডেকাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব। ব’হাগী উৎসৱ সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় গোস্বামীয়ে বন্তি প্রজ্বলন কৰাৰ লগতে শ্বহীদ তর্পণ কৰিব সমিতিৰ কাৰ্যকৰী সভাপতি বিজয় বড়োয়ে। একেদৰে দিনৰ ভাগত অনুষ্ঠিত হ’বলগীয়া সৰু ল’ৰা-ছোৱালীৰ খেল-ধেমালি প্রতিযোগিতা উদ্বোধন কৰিব উপ-সভাপতি বিচিত্র বড়োয়ে। সন্ধিয়া ৬ বজাৰ পৰা পাটমাদৈ, বিহুৱতী আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্রতিযোগিতা উদ্বোধন কৰিব ব’হাগী উৎসৱৰ মুখ্য পৃষ্ঠপোষক ৰাতুল বৰুৱাই।অসমৰ বিভিন্ন মঞ্চত বিহুৰাণী, বিহুৱতী, বিহুসম্রাজ্ঞীৰ খিতাপ অৰ্জন কৰা নাচনী সকলেহে পাটমাদৈ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।


পাটমাদৈ আৰু বিহু হুঁচৰি প্ৰতিযোগিতাত অংশ গ্রহণ কৰিব বিচৰা দল সমূহে ১৯ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে পঞ্জীয়ন কৰিবৰ বাবে ফোন নংঃ৬৯০৯৬ ২০০১০ ত যোগাযোগ কৰিব পাৰিব। পাটমাদৈ ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ প্রতিযোগীয়ে বঁটাৰ লগতে নগদ ধন ২,০০,০০০ টকা আৰু মানপত্ৰ আৰু স্মাৰক লাভ কৰিব। সেইদৰে শ্ৰেষ্ঠ বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ ১,০০০০১ টকা, দ্বিতীয় বিহু হুঁচৰি দলে লাভ কৰিব বঁটা আৰু নগদ
৫১,০০১ টকা। আনহাতে শ্রেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ট পেপুৱৈয়ে লাভ কৰিব ক্ৰমে ২৫,০০১ টকাকৈ। উক্ত দিনা নিশা ৬.৩০ বজাত মন্মথ বৈশ্য সোঁৱৰণী বঁটা প্ৰদান কৰা হ’ব কণ্ঠশিল্পী ৰূপম ভূঞাক। নিশা ৯ বজাত কণ্ঠশিল্পী ময়ুৰী দত্ত আৰু নিশা ১১ বজাত আচুৰ্য বৰপাত্ৰৰ আধুনিক গীতৰ শৰাই আছে।

২০ এপ্রিলত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিশিষ্ট কণ্ঠশিল্পী, লেখক, গবেষক লোকনাথ গোস্বামীয়ে। নিশা ৭.৪৫ বজাত স্মৃতিগ্রন্থ উন্মোচন কৰিব বিশিষ্ট লেখক,গবেষক ড° প্রদীপজ্যোতি মহন্তই। একেদিনাই নিশা ৯ বজাত বিশিষ্ট শিল্পী ৰঞ্জিত গগৈৰ দলে পৰিবেশন কৰিব বাৰেৰহণীয়া নৃত্যানুষ্ঠান। নিশা ১০ বজাৰ পৰা জনপ্রিয় কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই গীতৰ শৰাই আগবঢ়াব। ব’হাগী উৎসৱৰ অন্তিম দিনা ২১ এপ্রিলত সন্ধিয়া ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। নিশা ৯ বজাত ড° ভূপেন হাজৰিকা বঁটা আৰু পাটমাদৈ বঁটা প্ৰদান কৰা হ’ব। নিশা ১০.৩০ বজাত জনপ্রিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব। আমি এই ব’হাগী উৎসৱ সফল কৰি তুলিবলৈ ৰাইজৰ সহায়-সহযোগিতা,উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।’ সংবাদ মেলত সমিতিৰ সাংস্কৃতিক সম্পাদক জয়ন্ত গগৈ, কোষাধ্যক্ষ প্ৰদীপ দাসৰ লগতে সমিতিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশ নাইঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

সৰুপথাৰত কোনো বিৰোধী নাই, সৰুপথাৰত বিৰোধীৰ কোনো পৰিৱেশেই নাই। ইয়াত চাৰিও ফালে কেৱল পদুমেই ফুলিছে। – এই মন্তব্য অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি সৰুপথাৰ টাউনত উলিওৱা বিশাল ৰোডশ্বত অংশগ্ৰহণৰ অন্তত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে সৰুপথাৰ সমষ্টিৰ পৰা আমি ১ লাখ ২০ হাজাৰ ভোটত লীড লম। তাৰ কাৰণে চিন্তা কৰিবলগীয়া নাই।

ইয়াত কোনো বিৰোধী নাই, বিৰোধীৰ কোনো পৰিৱেশেই নাই, চাৰিও ফালে কেৱল পদুমেই ফুলিছে। মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক কামাখ্যা প্ৰসাদ তাছাক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটত বিজয়ী কৰাৰ বাবে আহ্বান জনায়। ভাষণত মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে কামাখ্যা প্ৰসাদ তাছাক সৰুপথাৰৰ ৰাইজে ১ লাখ ২০ হাজাৰতকৈ বেছি ভোটত বিজয়ী কৰিবলৈ সংকল্প লৈছে। নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাই আমাৰ লক্ষ্য বুলি ভাষণত উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ সংকল্পৰে আমি আগবাঢ়িছো।

তেওঁ কয় যে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হব বিচাৰো। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতবৰ্ষ বিশ্বত জিলিকি উঠিছে। ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ পঞ্চম অৰ্থনীতি। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ যাতে বিশ্বৰ তৃতীয় অৰ্থনীতিৰ দেশ হয়, তাৰ কাৰণে তেওঁ নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিবলৈ সকলোকে আহ্বান জনায়। আনহাতে, সৰুপথাৰ সমষ্টিত ৩০০ কিলোমিটাৰতকৈ বেছি দৈৰ্ঘ্যৰ পকী ৰাস্তা নিৰ্মাণ কৰা হৈছে। সৰুপথাৰৰ উন্নয়ন আৰু ত্বৰাণ্বিত কৰিব লাগিব বুলি তেওঁ কয়। তেওঁ আৰু কয় যে এই সমষ্টিটোৱে স্বাধীনতাৰ ৬০-৬৫ বছৰে উন্নয়নৰ মুখ দেখা নাছিল। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক বিশ্বজিত ফুকনৰ নেতৃত্বত আজি সমষ্টিৰ উন্নয়ন ৰাইজে দেখিবলৈ পাইছে বুলি কয়।


মন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়াম ঘাটত আয়োজিত এখন বিশাল নির্বাচনী সভাত অংশগ্ৰহণ কৰে।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান

গুৱাহাটী, ১১ এপ্ৰিল – প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ কাইলৈ অসমত উপস্থিত হ’ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাবৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী।আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব ।


দুপৰীয়া ১ বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ’ব নিৰ্বাচনী সমাবেশ। দ্বিতীয় দিনা অৰ্থাৎ ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে।দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব ৰোড শ্ব’ কাৰ্যসূচী ।দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ’বলগীয়া ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰিব পঞ্জাবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।


১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই । উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ আহি আছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।

‘ৰামায়ণ’ৰ পৰা ৰাম-সীতা-ৰাৱনে কিমান উপাৰ্জন কৰিব জানেনে…

ৰণবীৰ কাপুৰৰ পৰা আৰম্ভ কৰি ছানী দেওল, য়শ আৰু ছাই পল্লৱীৰ দৰে জনপ্ৰিয় দক্ষিণৰ তাৰকাই ছবিখনত অভিনয় কৰাৰ কথা আছে। এই ছবিখনত অভিনয়ৰ বাবে পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কোন তাৰকা আগবাঢ়ি আছে জানিবলৈ হয়তো সকলোৱে ইচ্ছুক! আশীৰ দশকত সৰু পৰ্দাত জনপ্ৰিয় হিন্দী ধাৰাবাহিক হিচাপে পৰিগণিত হৈছিল ‘ৰামায়ণ’। চলচ্চিত্ৰ নিৰ্মাতা নিতেশ তিৱাৰীয়ে এইবাৰ ডাঙৰ পৰ্দালৈ আনিছে ‘ৰামায়ণ’। ৰণবীৰ কাপুৰ, ছানি দেওল, পৰা যশ আৰু সাই পল্লৱীৰ দৰে বিখ্যাত দক্ষিণৰ তাৰকাসকলক ছবিখনত দেখা পোৱাৰ সম্ভাৱনা। এই ছবিখনত অভিনয়ৰ পাৰিতোষিকৰ ক্ষেত্ৰত কোন তাৰকা আগবাঢ়ি আছে জানো আহক-


নিতেশৰ পৰিচালনাত তিনিটা ভাগত মুক্তি পাব ‘ৰামায়ণ’ চিনেমাখন। অনুমান অনুসৰি এই ছবিখনৰ প্ৰথম খণ্ড ২০২৫ চনত মুক্তি পাব পাৰে।


‘ৰামায়ণ’ ছবিত ৰামৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৰণবীৰ কাপুৰক। ছবিখনৰ এটা খণ্ডত অভিনয় কৰিবলৈ ৰনবীৰে ৭৫ কোটি টকা ল’ব।


‘ৰামায়ণ’ ছবিৰ পৰা ৰণবীৰৰ মুঠ আয় ২২৫ কোটি হ’ব যদিহে তেওঁ প্ৰতিটো খণ্ডত ৭৫ কোটি টকা উপাৰ্জন কৰে।



‘ৰামায়ণ’ ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব দক্ষিণৰ অভিনেত্ৰী ছাই পল্লৱীয়ে। শুনা যায় যে ৰণবীৰে ছাইতকৈ ২৪০০ শতাংশ বেছি পাইছে।


ছাই পল্লৱীয়ে সাধাৰণতে এখন ছবিত অভিনয় কৰিবলৈ ২.৫ৰ পৰা ৩ কোটি টকাৰ মাচুল আদায় কৰে। কিন্তু ‘ৰামায়ণ’ত অভিনয় কৰি অভিনেত্ৰীগৰাকীয়ে দুগুণ উপাৰ্জন কৰিব।




কেৱল এটা খণ্ডত অভিনয় কৰিবলৈ ৰণবীৰে ছাইতকৈ কেইবাগুণো বেছি দৰমহা পাইছে। তিনিটা খণ্ডত অভিনয় কৰি অভিনেত্ৰীগৰাকীতকৈ মুঠ ২৪০০ শতাংশ অধিক উপাৰ্জন কৰিব পাৰে ৰণবীৰে।



যশে ‘ৰামায়ণ’ ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিবলৈ ৫০ কোটি টকাৰ মাচুল লৈছে। অৰ্থাৎ তিনিটা খণ্ডত অভিনয় কৰি অভিনেতাগৰাকীয়ে মুঠ ১৫০ কোটি টকা উপাৰ্জন কৰিব।


আশীৰ দশকত ‘ৰামায়ণ’ ধাৰাবাহিকত ৰামৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল অৰুণ গোবিল। ‘ৰামায়ণ’ ছবিত দশৰথৰ চৰিত্ৰত তেওঁক দেখা পোৱা যায়। অৱশ্যে অৰুণে কিমান পাৰিতোষিক লাভ কৰিব পাৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।


‘ৰামায়ণ’ত লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব নবীন পলিশ্বেট্টী। ধেমেলীয়া চৰিত্ৰত অভিনয় কৰি নিজৰ নাম উজলাইছে তেলেগু অভিনেতাগৰাকীয়ে। লক্ষনৰ চৰিত্ৰত অভিনয় কৰি নবীন কিমান উপাৰ্জন কৰিব পাৰে সেয়া জনা নাযায়।


ছানী দেওলক ‘ৰামায়ণ’ ছবিত অভিনয় কৰা দেখা যায়। ডাঙৰ পৰ্দাত তেওঁ হনুমান চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰিব। কিন্তু ধৰ্মেন্দ্ৰ-পুত্ৰৰ পাৰিতোষিকৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই।


বলীউডৰ অভিনেত্ৰী লাৰা দত্তক দেখা যাব ‘ৰামায়ণ’ত। তেওঁ কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিব। অৱশ্যে পাৰিশ্ৰমিক সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে একো তথ্য প্ৰকাশ কৰা নাই।



ধোনিৰ নাম ব্যৱহাৰ কৰি কোটি কোটি টকাৰ ব্যৱসায়, মাহীৰ এজাহাৰৰ পিছতে গ্ৰেপ্তাৰ ব্যৱসায়ীক…

ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ প্ৰতিচ্ছবি আৰু নাম ব্যৱহাৰ কৰি ব্যৱসায়ৰ কৰাৰ বাবে এজন ব্যক্তিৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল। ব্যৱসায়ী মিহিৰ দিবাকৰৰ গ্ৰেপ্তাৰ কৰা হৈছে এই অভিযোগৰ বিত্তিত। মঙলবাৰে জয়পুৰ আৰক্ষীয়ে তেওঁক প্ৰতাৰণা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪০৬, ৪২০, ৪৬৭, ৪৭১ ধাৰাত অভিযোগ উত্থাপন হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাকয়ক মহেন্দ্ৰ সিং ধোনিৰ অনুমতি অবিহনে ফটো, নাম ব্যৱহাৰ কৰি ব্যৱসায় কৰা এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে জয়পুৰ আৰক্ষীয়ে। জানিব পৰা মতে ধোনিয়ে ব্যৱসায়ী মিহিৰ দিবাকৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল তেওঁৰ নাম, ফটো বিনা অনুমতিত ব্যৱহাৰ কৰি ব্যৱসায় কৰাৰ অভিযোগ।ইয়াৰ পূৰ্বেও ধোনীয়ে দিৱাকাৰৰ কোম্পানী আৰ্কা স্প’ৰ্টছ মেনেজমেণ্টৰ বিৰুদ্ধে ৰাঁচী জিলা আদালতত এজাহাৰ দাখিল কৰিছিল। তেওঁৰ অভিযোগ আছিল যে ২০২১ চনত সেই সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছিল। তাৰ পাছতো দিৱাকাৰ আৰু তেওঁৰ পত্নী সৌম্য দাসে ধোনীৰ নাম আৰু ভাবমূর্তি ব্যৱহাৰ কৰি এখন ক্ৰীড়া একাডেমী চলাই মুনাফা অৰ্জন কৰাৰ অভিযোগ।

শেহতীয়াকৈ জয়পুৰত এখন একাডেমী মুকলি কৰিছে দিৱাকাৰে। ভাৰত আৰু বিদেশৰ বিভিন্ন চহৰত তেওঁৰ একাডেমী আছে। প্ৰায় সকলো ঠাইতে ধোনিৰ নাম ব্যৱহাৰ কৰি তেওঁ ফ্ৰেঞ্চাইজি মাচুল সংগ্ৰহ কৰিছিল। ইয়াৰ ভিতৰত এম এছ ধোনি ক্ৰিকেট একাডেমী আৰু এম এছ ধোনি স্প’ৰ্টছ একাডেমীয়ে ১৫ কোটি টকা লাভ কৰে। পূৰ্বতে দিৱাকাৰ ধোনিৰ ব্যৱসায়িক অংশীদাৰ আছিল যদিও সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ পিছত ধোনীয়ে তেওঁৰ নাম ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। দিবকৰে সেই কথা শুনা নাছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁক প্ৰথমে নয়দাৰ গৌতম বুদ্ধ নগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত তেওঁক জয়পুৰলৈ লৈ যোৱা হয়। জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোচেফে দাবী কৰে যে দিৱাকাৰে ধোনিৰ নাম ব্যৱহাৰ কৰি গান্ধী পাঠ অঞ্চলত একাডেমী খুলি বহু ধন সংগ্ৰহ কৰিছিল।


নায়িকাৰ ৰূপৰ ৰহস্য সকলোৱে জানে ! আজি কম বলিউদৰ তিনি মাতৃৰ উজ্বল ছালৰ ৰহস্যৰ বিষয়ে…

বলিউদৰ তিনিগৰাকী মাতৃৰ উজ্বল ছালৰ ৰহস্য কি জানেনে? কি খাই, কি লগাই মুখত আলিয়া, প্ৰিয়ংকা আৰু সোণমে। নায়িকাৰ ৰূপৰ ৰহস্য কি? উজ্বল, মসৃণ ছাল সকলোৱে বিচাৰে। কিন্তু সকলোৱে জানো নে ছালৰ অধিকাৰী হয়। কিন্তু নায়িকাবোৰ কেনেকৈ ইমান উজ্বল ছালৰ গৰাকীৰ হয়, এনে খবৰ সহজে পোহৰলৈ নাহে। ব্যক্তিগত জীৱনৰ বিষয়ে তেওঁলোকে মুকলিকৈ কয় যদিও নিজৰ ৰুটিন প্ৰকাশ কৰিব নিবিচাৰে। কিন্তু কেতিয়াবা গোপনীয়তা প্ৰকাশ পায়। জানো আহক নায়িকাৰ ৰূপৰ ৰহস্য কি…

আলিয়া ভাটৰ মসৃণ ছালৰ ৰহস্য বৰফৰ মাজত লুকাই আছে। প্ৰতিদিনে ৰাতিপুৱা বৰফ এটুকুৰা লৈ গোটেই মুখখন ঘঁহি দিব। তাৰ পিছত অলপ ক্ৰীম লগাব। মেকআপ আৰম্ভ কৰাৰ আগতেই মুখত বৰফ ঘঁহিব।

প্ৰিয়ংকা চোপ্ৰাৰ মেকআপ ৰুটিনৰ অন্যতম পদক্ষেপ হ’ল মইশ্ব’ৰাইজিং। তেওঁ গা ধোৱাৰ পিছত বা ঘৰৰ পৰা ওলোৱাৰ আগতে মইশ্ব’ৰাইজাৰৰ বাহিৰে আন একো প্ৰয়োগ নকৰে। প্ৰিয়ংকাৰ মতে মসৃণ ছাল হ’ল সৌন্দৰ্য্যৰ সংজ্ঞা, ডাঠ মেকআপ নহয়।

যদি শ্বুটিং ৰাতি হয়, তেন্তে সোণম কাপুৰে ৰাতিপুৱাৰ মেক-আপৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিয়ে। হেভী মেকআপেৰে শ্বুটিং কৰিলে— ছালত প্ৰভাৱ পৰে। গতিকে, মইশ্ব’ৰাইজাৰ হৈছে সোণমৰ একমাত্ৰ আশা ছালখন জীয়াই ৰাখিবলৈ। তাৰ লগতে তেওঁ কিছুমান ঘৰুৱা ফেচ পেককো বিশ্বাস কৰে।


মালয়েছিয়া ইনভাইটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বপ, ভাৰতীয় দলত অসমৰ ছয়গৰাকী সাঁতোৰবিদ…

ৰঙালী বিহুৰ পূৰ্বে সমগ্ৰ অসমবাসীলৈ সুখৱৰ কঢ়িয়াই আনিছে অসমৰ ছয়গৰাকী সাঁতোৰবিদে৷ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা এই সাঁতোৰবিদকেইগৰাকীয়ে বিভিন্ন বয়ো গ্ৰুপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে৷ এই সাঁতোৰবিদ কেইগৰাকী হ’ল— আন্তৰ্জাতিক সাঁতোৰবিদ শিবাংগী শৰ্মা, ৰাষ্ট্ৰীয় সাঁতোৰবিদ জাহ্নৱী চাংমাই, জনঞ্জয় হাজৰিকা, পাহি বৰা, শুভ্ৰাশিনী প্ৰিয়দৰ্শিনী আৰু তিৰ্থাংক পেগু৷

এই ছয়গৰাকী সুদক্ষ সাঁতোৰবিদে ৫৯ সংখ্যক মালয়েছিয়া ইনভাইটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক প্ৰতিনিধিত্ব কৰিব৷ ৱৰ্ল্ড একুৱেটিকছৰ অনুমোদিত এই প্ৰতিযোগিতাখন অহা ২৫ এপ্ৰিলৰ পৰা ২৮ এপ্ৰিললৈ কুৱালা লামপুৰৰ স্পৰ্টছ চিটীৰ নেচনেল চেন্টাৰত অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে অসমৰ এই প্ৰতিভাবান সাঁতোৰবিদ কেইগৰাকীয়ে সম্প্ৰতি দেশৰ আগশাৰীৰ সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ দিল্লী গ্লেনমাৰ্কত সাঁতোৰৰ উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ গ্লেন মাৰ্কত তেওঁলোকে আগশাৰীৰ প্ৰশিক্ষক পাৰ্থ মজুমদাৰ আৰু আন কেইবাগৰাকী প্ৰশিক্ষকৰ অধীনত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে৷ ভাৰতীয় দলটোৰ লগতে অসমৰ খেলুৱৈকেইগৰাকী অহা ২২ এপ্ৰিলত মালয়েছিয়া অভিমুখে ৰাওনা হ’ব৷

গৰু, গংগা; নদী! সপোনত ৩টা বিশেষ বস্তু দেখাটো অতি শুভ বুলি গণ্য কৰা হয়…

স্বপ্ন বিজ্ঞানৰ মতে সপোনত কিছুমান বস্তু দেখাটো শুভ বুলি গণ্য কৰা হয়। সপোনত এই তিনিটা বস্তুৰ আবিৰ্ভাৱে মানুহৰ ভাগ্যৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে।

ৰাতি শুই থাকোঁতে আমি প্ৰায়ে এনে সপোন দেখা পাওঁ, যিবোৰে দিনটো মানুহজনক অশান্তি দি থাকে। কিন্তু বহু সময়ত এজন ব্যক্তিয়ে ৰাতি দেখা সপোনবোৰ পাহৰি যায়। যিহেতু এজন ব্যক্তিয়ে নিজৰ সপোনৰ অৰ্থ নাজানে, গতিকে সপোনবোৰে কি সূচায়, সেই বিষয়ে দিনটো তেওঁ চিন্তিত হৈ থাকে। এনে পৰিস্থিতিত আজি আমি এনে কিছুমান সপোনৰ বিষয়ে জনাম, যিয়ে এজন ব্যক্তিক ইংগিত দিয়ে যে তেওঁৰ ভাল সময় আহিবলৈ ওলাইছে। সপোন বিজ্ঞানৰ মতে বেয়া সপোন দেখিলে মানুহে প্ৰায়ে খুবেই ভয় খায়। একে সময়তে ভাল সপোন দেখিলেই মানুহ সুখী হৈ পৰে। সপোনত গংগা নদী, মাতৃ গৰু আৰু গীতা শাস্ত্ৰ আদি দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। জানো আহক এইবোৰৰ বিষয়ে-

হিন্দু ধৰ্ম শাস্ত্ৰত গংগা নদীক মাতৃৰ স্থান দিয়া হৈছে। গংগা নদীক শাস্ত্ৰত অতি পবিত্ৰ বুলি গণ্য কৰা হৈছে। স্বপ্ন বিজ্ঞানৰ মতে গংগাক সপোনত দেখা আৰু গংগাত স্নান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। অৱশ্যে খুব কম সংখ্যক লোকে এনে সপোন দেখে। এনে সপোন দেখা মানুহক অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। কোৱা হয় গংগাত স্নান কৰিলে সকলো পাপ নিঃশেষ হয়। যদি আপুনি সপোনত গংগাক দেখে, তেন্তে বুজি লওক যে আপোনাৰ আগন্তুক সময় আপোনাৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব।

জ্যোতিষশাস্ত্ৰত গৰুক মাতৃৰ ৰূপ বুলি গণ্য কৰা হয়। হিন্দু শাস্ত্ৰত মাতৃ গৰুক অতি শুভ বুলি গণ্য কৰা হয়। সপোনত মাতৃ গৰু দেখাটো মানুহৰ ভৱিষ্যতৰ শুভ লক্ষণ বুলি গণ্য কৰা হয়। সপোনত যদি গৰু দেখা পায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ ভাগ্য অতি সোনকালে জিলিকি উঠিব। সপোনত গৰু দেখাটো ঘৰত সুখ, সমৃদ্ধি আৰু আনন্দৰ আগমনৰ চিন বুলি বিশ্বাস কৰা হয়।

স্বপ্ন বিজ্ঞানৰ মতে গীতাগ্ৰন্থক সপোনত দেখাটো অতি শুভ বুলি গণ্য কৰা হয়। অতি কম সংখ্যক লোকে শুই থকা অৱস্থাত গীতাৰ সপোন দেখা পায়। জ্যোতিষীসকলে কয় যে সপোনত গীতাক স্পৰ্শ কৰিলে ভাল বুলি গণ্য কৰা হয়। যদি আপুনিও সপোনত গীতাক দেখা পায় তেন্তে ইয়াৰ অৰ্থ হ’ল অতি সোনকালে আপোনাৰ ওপৰত শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পৰিব।


ঈদৰ দিনা পাপাৰাজীৰ মাজত মিঠাই বিতৰণ অভিনেতা আমিৰ খানৰ…

আজি ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ ঈদ। আজি পৱিত্ৰ ঈদৰ দিনটোত বলিউদৰ ছুপাৰষ্টাৰ অবিনেতা আমিৰ খানক পুত্ৰৰ সৈতে ঈদ উদযাপন কৰা দেখা গৈছে। ঈদ উপলক্ষে জ্যেষ্ঠ পুত্ৰ জুনেইদ খান আৰু কনিষ্ঠ পুত্ৰ আজাদৰ সৈতে দেখা গৈছে আমিৰ খানক। তিনিওজন পিতৃ-পুত্ৰই পিন্ধিছে মেচিং বগা কুৰ্তা।

আনহাতে বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানে সকলো পাপাৰাজীক কাজুৰ মিঠাই বিতৰণ কৰি ঈদ মুবাৰকৰ শুভেচ্ছা জনায়। তেওঁৰ সৈতে লগত থাকে দুই পুত্ৰ।


আমিৰ খানৰ প্ৰথম পত্নী ৰীনা দত্তৰ দুটা সন্তান আছিল। জুনাইদ আৰু আইৰা খান। আমিৰ খানে দ্বিতীয়বাৰৰ বাবে কিৰণ ৰাওৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ সৈতে আচে এটি পুত্ৰ আজাদ।


আচলতে আমিৰ খানৰ কন্যা আইৰা খানৰ বিয়াৰ পিছত এয়া প্ৰথম ঈদ। ঈদ উপলক্ষে তেওঁক পিতৃৰ সৈতে দেখা যাব নে নহয় সেয়া স্পষ্ট হোৱা নাই। বৰ্তমান অনুৰাগীসকলে তেওঁলোকৰ ফটোৰ বাবে অপেক্ষা কৰি আছে।


সহস্ৰাধিক ইছলাম ধৰ্মী লোকে একত্ৰিত হৈ দৰঙৰ শিলবৰীত আদায় কৰিলে পবিত্ৰ ঈদ-উল-ফিতৰৰ নামাজ…

পবিত্ৰ ৰমজান মাহৰ ত্ৰিশ ৰোজাৰ অন্তত সমগ্ৰ ৰাজ্যৰ ইছলামধৰ্মীৰ ব্যক্তিৰ লগত বৃহস্পতিবাৰে ৰাতিপুৱা ৯:৩০ মিনিটত দৰং জিলাৰ বৃহত্তৰ শিলবৰী আঞ্চলিক ঈদগাহ ময়দানত সহস্ৰাধিক ব্যক্তি একত্ৰিত হৈ আদায় কৰিলে পবিত্ৰ ঈদ-উল-ফিৎৰৰ নামাজ। শিলবৰী আঞ্চলিক ঈদগাহ ময়দান বৰ আটকধুনীয়া কৈ সজোৱা হ’ল। চাৰিওফালে নতুনকৈ ৰঙ লগাই পৰিস্কাৰ পৰিচ্ছন্ন কৰিলে ঈদগাহ পৰিচালনা সমিতিয়ে। বৃহস্পতিবাৰে ৰাতিপুৱা প্ৰতিজন ইছলাম ধৰ্মৰ লোকে নতুন কাপোৰ পৰিধান কৰি নিজ আপোন জনৰ সৈতে দলে দলে দুখীয়া-দৰিদ্ৰক দান কৰি পবিত্ৰ মনে প্ৰবেশ কৰিলে ঈদগাহ ময়দানত। প্ৰথমে এই বৰ্ষত পবিত্ৰ তীৰ্থভূমি মক্কাত যাবলৈ ইচ্ছা প্ৰকাশ কৰা ব্যক্তি সকলে ৰাইজৰ মতামত ও দোৱা আশিৰ্বাদ লয়।দাখিল হয় বিগত বৰ্ষৰ ঈদগাহ সমিতিৰ খৰচ আদিৰ হিচাপ।পাঠ হয় পবিত্ৰ ধৰ্ম গ্ৰন্থ কোৰানৰ কিছু শ্লোক।

একেবাৰে প্ৰথম শাৰীত থিয় হয় ঈদ-উল-ফিৎৰৰ নামাজক তত্বাৱধান কৰা ইমাম। সন্মানীয় ইমাম জনে নামাজৰ নীতি-নিয়মৰ বিষয়ে কয় আৰু ৯:৩০ মিনিটত প্ৰতিজন ব্যক্তিয়ে এক নিৰ্দিষ্ট শাৰী পাতি কোনো উচ্চ-নীচ ভেদা-বেদ নাৰাখি আদায় কৰে পবিত্ৰ ঈদ-উল-ফিৎৰৰ দুই ৰাকাত ওৱাজিব নামাজ। লগতে হ’ল বিশ্ব শান্তিৰ সমূহীয়াকৈ দোৱা।দোৱাত বহু ব্যক্তি আবেগিক হৈ পৰে। বহুদিনৰ অন্তত ঈশ্বৰৰ কৃপাত ত্ৰিশ দিনলৈ ৰোজা ৰাখি আল্লাহৰ নামত ইবাদত কৰাৰ শক্তি দিয়াৰ বাবে মহান সৃষ্টি কৰ্তা আল্লাহক ধন্যবাদ জনায়। ইজনে সিজনৰ লগত আলিঙ্গন কৰি মিলা প্ৰীতিৰ এক বাৰ্তা প্ৰেৰন কৰে। অৱশেষত বিশ্ববাসীৰ মাজত শান্তি,সমৃদ্ধি,ভাতৃত্ব আৰু মিলাপ্ৰীতি বাবে এই পবিত্ৰ ঈদ-উল-ফিৎৰৰ দিনত ঈদগাহ ময়দানৰ পৰাই নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰে।ইছলাম ধৰ্মৰ লোক সকলে ৰমজান মাহ অতি পবিত্ৰ,ত্যাগ, সংযম,আৰু এবাদতৰ মাহ বুলি বিশ্বাস কৰে। ৰমজান মাহত প্ৰতিজন ব্যক্তিয়ে ৰোজা ৰাখি সন্ধিয়া ইফতাৰ কৰা টো কৰ্তব্য বুলি পালন কৰে।ত্ৰিশ ৰোজাৰ অন্তত পালন কৰে ঈদ-উল-ফিতৰ।