Home Blog Page 899

অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰৰ দৰং জিলা সমিতিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া-সুৰেশ বৰালৈ ফটোৱা জাৰি…

অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰৰ দৰং জিলা সমিতিয়ে লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত বিজেপিৰ দুই প্ৰাৰ্থীলৈ জাৰি কৰিলে ফটোৱা। সংগঠনটোৰ নেতা মুফটি মকিবুৰ ৰহমান আজহাৰীয়ে দেওবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰি দুই প্ৰাৰ্থীলৈ ছয়টা প্ৰশ্ন উথ্বাপন কৰে।প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ১২ ঘণ্টাৰ সময়ো বান্ধি দিলে মুফটি মকিবৰ ৰহমানে । সংগঠনটোৰ নেতৃত্ব্ই সদৰী কৰা মতে মূলতঃ বিজেপি দলে ইছলাম ধৰ্মীয় লোক সকলক টাৰ্গেট কৰি লোৱাৰ অভিযোগ আৰু বিজেপিয়ে বৰ্তমান মুছলিম প্ৰধান অঞ্চলত অধিক প্ৰচাৰ কৰাকলৈ সংবাদমেল আয়োজন কৰে সংগঠনটোৱে।

৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ দিলীপ শইকীয়া আৰু নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰালৈ ছয়টা প্ৰশ্ন আগবঢ়াইছে অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰে । প্ৰশ্ন সমূহ হৈছেঃ


১৷ মুছলমান মুক্ত ভাৰতৰ কথা কোৱা আৰ এচ এচ ৰ কথা বিজেপিয়ে মানে নে নামানে?
২৷ মন্ত্ৰী পীয়ূষ হাজৰীকাই কোৱা মতে ঢলপুৰ আৰু কিৰাকাটা চৰত থকা লোক সকল বাংলাদেশী, যদি সেইসকল বাংলাদেশীয়েই হয় তেনেহলে কি কাৰণত দিলীপ শইকীয়াই উক্ত স্থানত গৈ তিনিশ লোকক বিজেপিত যোগদান কৰালে?


৩৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মতে দাড়ি, টুপী ৱালা লোক সকল বাংলাদেশী, এতিয়া এই টুপী, লুঙী ৱালা লোক সকলক লগত লৈ বিজেপিয়ে কিয় ঘূৰি ফুৰিছে?


৪৷ বৰ্তমান মুছলমানৰ প্ৰতি ইমান দৰদ থকাৰ পিছতো কিয় ৫৫০ খন মাদ্ৰাছা বন্ধ কৰা হ’ল?


৫৷ তিনি তালাক প্ৰথা বন্ধ কৰাৰ আঁৰৰ ৰহস্য কি?


৬৷ লাভ জেহাদৰ নামত মুছলমান লোকক কিয় হাৰাশাস্তি কৰা হয়?


প্ৰশ্ন পোৱাৰ ১২ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু সুৰেশ বৰাক আহ্বান জনাইছে সংগঠনটোৱে। অন্যথা মুছলমান বসতি প্ৰধান অঞ্চলত বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফটোৱা জাৰি কৰিলে অল এচাম ইছলামিক ৰিচাৰ্চ চেন্টাৰে।

ৰাজহুৱা স্থানত জনপ্ৰতিনিধিক সমালোচনা কৰোঁতে শালীনতা চেৰাইছে মুখ্যমন্ত্ৰীয়ে- সংবাদমেলত দেৱব্ৰত শইকীয়া

নাজিৰাত পৰহি নিৰ্বাচনী প্ৰচাৰৰ বাবে আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াক কেৱল চিঠি লিখি থকা বিধায়ক বুলি তীয্যক মন্তব্য কৰা আৰু বিয়াৰ আগেয়ে পত্নীলৈ চিঠি লিখাৰ প্ৰসংগ টানি আনি তুলুঙা কৰা কাৰ্য্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাজিৰাৰ বিধায়ক তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই । নাজিৰা বৰবৰুৱা পুখুৰী পাৰত অৱস্থিত অস্থায়ী চৰকাৰী বাসগৃহত সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ সমুখত ৰাজ্যৰ বিৰোধী দলপতি জনে কয় যে ৰাজহুৱা স্বাৰ্থ জড়িত বিষয় সমূহতো মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰিলে মুখ্যমন্ত্ৰীক লগ পোৱা নাযায় । ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ সমস্যা সমূহ দূৰীকৰণ আৰু সমাধানৰ উদ্দেশ্যত তেওঁ মুখ্যমন্ত্ৰী জনলৈ চিঠি লিখি জনাবলৈ বাধ্য । যদি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ কাম সমূহ কৰি দিয়ে তেন্তে তেওঁ আৰু অধিক চিঠি নিলিখা হ’ব । বিপৰীতে যদি মুখ্যমন্ত্ৰীয়ে কাম কৰি নিদিয়ে জনপ্ৰতিনিধি হিচাপে ৰাইজৰ সমস্যাক জনাবলৈ অধিক চিঠি তেওঁ লিখিবলৈ বাধ্য হ’ ব বুলি দোহাৰে । আনহাতে এজন জনপ্ৰতিনিধিক ৰাজহুৱা স্থানত সমালোচনা কৰিবলৈ যোৱা মুখ্যমন্ত্ৰীয়ে ব্যক্তিৰ শালীনতা চেৰাই গৈ বিয়াৰ আগত পত্নীলৈ কিমান চিঠি লিখিছিল বুলি কৰা কটুক্তি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰা বাঞ্চনীয় নে বুলি প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই । সাংবাদিকৰ আগত নিজা অসন্ত্তষ্টি ব্যক্ত কৰি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীজন বিধান সভাৰ সকলো জনপ্ৰতিনিধিৰে মূৰব্বী এজন জনতাৰ প্ৰতি দায়ৱদ্ধ ব্যক্তি বুলি উল্লেখ কৰি এনে বক্তব্যৰ প্ৰতিবাদ জনায়।

আনহাতে চিঠি সমূহত দেৱব্ৰত শইকীয়াই কি লিখে বোলা বক্তব্যৰ বিপৰীতে দেৱব্ৰত শইকীয়াই কয় যে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা চিঠিত জনতাৰ কোনবোৰ সমস্যাৰ কথা লিখা হয় সেয়া মুখ্যমন্ত্ৰীয়ে নজৰ নিদিলেও বিৰোধী দলপতি হিচাপে তেওঁৰ কাৰ্য্যালয়ত তাৰ সকলো ৰেকৰ্ড আছে বুলি প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই । চিঠি বিলাকৰ যোগেদি কেৱল সমস্যাই নহয় চৰকাৰৰ ভুল ত্ৰূটী সমূহো দেখুৱাই আহিছে বুলি কৈ দেৱব্ৰত শইকীয়াই ভুল ত্ৰুূটী আঙুলীয়াই নিদিয়াকৈ তেওঁ এজন বিফল জনপ্ৰতিনিধি হ’ব নিবিচাৰে বুলি উল্লেখ কৰে । তথ্য দাঙি ধৰি দেৱব্ৰত শইকীয়াই একাদিক্ৰমে ২০২৩ চনৰ ১ মাৰ্চত মুখ্যমন্ত্ৰীলৈ লিখা শিলসাঁকো বিলৰ উচ্ছেদিত পৰিয়াল সমূহক নিৰ্ব্বাচনৰ পূৰ্বেই ভূমি পট্টন ঘটাই পুনঃ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংস্থাপনৰ ব্যৱস্থাৰ দাবী জনাই লিখা পত্ৰ । ২৯ এপ্ৰিলত পোণপটীয়া নিযুক্তিমূলক পৰীক্ষাত হোৱা খেলিমেলিৰ বিষয়ে আঙুলিয়াই দি নিবনুৱাৰ সংস্থাপনৰ নামত যাতে নিবনুৱাক ধ্বংসৰ পথলৈ ঠেলি দিয়া নহয় তাৰ পৰিত্ৰাণ বিচাৰি । ১৯ মে’ৰ চিঠিত জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ পাচত জোনমণিৰ দায়িত্বত থকা গুৰুত্বপূৰ্ণ অনুসন্ধানৰ নকল সোণ, বিদেশী মুদ্ৰা, নকল মুদ্ৰা আদিৰ প্ৰসংগত দোষী আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত পত্ৰ প্ৰেৰণ । সম্প্ৰতি জোনমণি ৰাভাৰ মাতৃয়ে আৰক্ষী বিষয়াৰ মাতৃ হৈয়ো মৃত আৰক্ষী সন্তানৰ ন্যায় বিচাৰ ধনৰ অভাৱত সামৰি থোৱা প্ৰসংগও দাঙি ধৰে।

৩১ জুলাইৰ পত্ৰত মঙ্গলদৈত ৰাষ্ট্ৰীয় বজৰং দলে ৰাজপথত অবৈধভাৱে মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰি পদ চালনা কৰা ঘটনাৰ দোষীক কৰায়ত্ব কৰাৰ দাবী । আন আন পত্ৰ সমূহত ক্ৰমে মেডিকেল কলেজৰ ৩৩ খন আসনত বিদেশত থকা লোকৰ সন্তানক নগদ ধনৰ বিপৰীতে নামভৰ্ত্তি প্ৰদান কৰিব বিচৰা অৱস্থাত অসমৰ চাহ বাগিচা, গ্ৰামাঞ্চলৰ যোগ্য ছাত্ৰ-ছাত্ৰীক প্ৰদানৰ ব্যৱস্থা কৰা । অসমলৈ ১৮৩০ চনত অহা চাহ জনজাতিৰ সাংস্কৃতিক উৎসৱ কৰম পূজাত চৰকাৰী বন্ধৰ দাবী । ১৯৭৫ চনত প্ৰতিষ্ঠিত গেলেকী কলেজৰ প্ৰাদেশিকীকৰণ, নাজিৰাত এখন বিজ্ঞান মহাবিদ্যালয় প্ৰতিষ্ঠা, নাজিৰা মহকুমা চিকিৎসালয়ৰ সংবৰ্ধিত অৱস্থাৰ সেৱাৰম্ভ, চ্কিৎসকৰ সংখ্যা বৰ্দ্ধন। নাজিৰা সমষ্টিত হস্ততাঁত, বয়ন, ক্ষুদ্ৰ উদ্যোগ পশুপালন আদিৰ আঁচনিৰে নিবনুৱা সমস্যা লাঘৱ কৰা । যোৰহাটত ভোগদৈ নৈত চলি ৰোৱা চিণ্ডিকেটৰ দৰে নাজিৰাৰ ঔগুৰিজান, লখিমীজানত চলি থকা ধ্বংসাত্মক নৈৰ বুকুত শিল খনন বন্ধ কৰা দাবীবোৰ সেই পত্ৰসমূহত লিখা আছে বুলি কয় বিধায়কে। মুখ্যমন্ত্ৰীয়ে সমূহ চিঠিৰ মাজৰপৰা কেৱল এখনৰ হে উত্তৰ দিবলৈ সক্ষম বুলি উল্লেখ কৰি আৰক্ষী বিভাগৰ অনুকম্পামূলক নিযুক্তিৰ প্ৰসংগৰ এখন চিঠিৰ বৰ্ণনা কৰে বিৰোধী দলপতিজনে। এনেবোৰ নজিৰ লৈ কেৱল বিজেপিৰ নেতাৰ সমষ্টিত কাম কৰি ভাল পোৱা মুখ্যমন্ত্ৰীক এজন বিফল মুখ্যমন্ত্ৰী হিচাপেহে দেখা পোৱা বুলি কয় দেৱব্ৰত শইকীয়াই। গণতান্ত্ৰিক ভাৱাদৰ্শত জনপ্ৰতিনিধিৰ চিঠিক উলাই কৰি গণতন্ত্ৰৰ বিৰুদ্ধেই মুখ্যমন্ত্ৰীয়ে ভাবুকি সৃষ্টি কৰা বুলি কয়।

টংলাত দৰং-ওদালগুৰি লোকসভাৰ নিৰ্বাচনৰ বিজেপিৰ ৪৮ নং টংলা বিধানসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্য্যলয়ৰ শুভ উদ্বোধন…

টংলাত দৰং-ওদালুগুৰি লোক সভাৰ নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী তথা প্ৰাক্তন সাংসদ ও ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাধাৰণ সম্পাদক দিলীপ শইকীয়াই শুভ উদ্বোধন কৰি কয়- এইবাৰৰ নিৰ্বাচনত বিপুল ভোটৰ ব্যৱধানত জয়ী হম। বিজেপি ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক জয়কান্ত শৰ্মাই আঁতধৰা সভাত সাংসদ শইকীয়াই লগতে কয়- নব গঠিত টংলা বিধান সমষ্টিৰ পৰা কমেও এক লাখ ত্ৰিছ হেজাৰ ভোট পোৱাৰ আশা। বিৰুদ্ধী পক্ষৰ ক্ষেত্ৰত তেওঁ কয় য়ে বিৰোধী পক্ষই যুজী আছে-যুজী থাকক, ইতিমধ্যে ভাগৰিছে-আৰু ভাগৰিব। লগতে তেওঁ ৰ প্ৰতিদন্দী বিশেষ লেখত লবলগীয়া নাই বুলি মন্তব্য কৰে। লগতে তেওঁ উদ্বোধনী ভাষণত শাসনস্থিত চৰকাৰ বিভিন্ন উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ সফল ৰুপায়নৰ বিষয়ে উনুকিয়াই। আকৌ এবাৰ মোডীৰ নেতৃত্বতে বিজেপি দলে চৰকাৰ গঠন কৰাটো নিশ্চিত, বুলি মন্তব্য কৰে।


আজিৰ এই উদ্বোধনী অনুষ্ঠানত দুমদুমা ৰ বিধায়ক ৰুপেশ গোৱালা, ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰী, সম্পাদক জয়কান্ত শৰ্মা ভাৰতীয় জনতা পাৰ্টি মিত্ৰ ইউপিপিএল দলৰ ওদালগুৰি জিলা্ৰ সভাপতি , বিটিআৰ কাৰ্যবাহী সদস্য , দিগন্ত বৰুবা, বিটিআৰ পৰিষদীয় সদস্য অৰ্পণা মেধি, দিলীপ বড়ো লগতে বিজেপি-ইউপিপিএল-এজিপি দলৰ বিষয়-ববীয়াৰ লগতে বহু সংখ্যাক নেতৃবৃন্দ তথা কৰ্মকৰ্তা উপস্থিত আছিল।

ওৰাঙত কৰুণ মৃত্যুক সাৱটিলে একে পৰিয়ালৰ তিনি গৰাকীকৈ লোকে, নিহতৰ ভিতৰত আছে এগৰাকী কন্যা শিশু…

শোকাকুল, অতি কৰুণ, হৃদয়বিদাৰক আৰু অবৰ্ণনীয় এটা দুঃসংবাদ। ঘৰৰ দুৱাৰ দলি পোৱাৰ আগতে মৃত্যু এটা পৰিয়ালৰ ৩ গৰাকী সদস্যৰ। ওৰাং চাহ বাগিচালৈ আত্মীয়ৰ বিয়াত উপস্থিত হোৱাৰ উদ্দেশ্যৰে নিশা মিছামাৰীৰ গৰুবন্ধাৰ পৰা আহিছিল এটা পৰিয়াল। পৰিয়ালটো আছিল আসাম ৰাইফলচৰ জোৱান সুভাষ ওৰাঙৰ। পৰিয়াল সহিতে মিছামাৰীৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিছালৈ আহিছিল সুভাষৰ পৰিয়ালটো। সুভাষৰ পত্নীৰ ককায়েকৰ ঘৰপোৱাৰ আদবাটতে ১৫ নং ৰাষ্টীয় ঘাইপথৰ ওৰাং থানাৰ সন্মুখত ৰৈ থকা কন্টেনাৰৰ সৈতে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো৷ দুৰ্ঘটনাত থিতাতে নিহত হয় সুভাষ ওৰাং,পত্নী অৰ্চনা প্ৰজা ওৰাং। গুৰুত্বৰ ভাবে আহত হয় তিনিগৰাকীকৈ লোক।

অৱশেষত তেজপুৰ চিকিৎসালয় শেষ নিস্বাস ত্যাগ কৰে নিহত সুভাষ আৰু অৰ্চনাৰ তিনিবছৰীয়া কন্যা সন্তান অন্যানিয়া ওৰাং। একেটা পৰিয়ালৰ ৩ জনকৈ লোকৰ মৃত্যুৰ পিছতে শোকাকুল হৈ পৰে ওৰাং অঞ্চল। তেজপুৰৰ গৰুবন্ধাৰ পৰা ওৰাং চাহ বাগিছাৰ অভিমুখে অহা এখন আই টেন্ট গ্ৰেণ্ড AS 12 Y 2263 বাহনে প্ৰচণ্ডজোৰে আহি ওৰাং আৰক্ষী থানাৰ সন্মুখত ৰৈ থকা টাটা WB 11-,D3705 নম্বৰৰ কন্টেনাৰত পিছফালে খুণ্ডা মাৰাৰ ফলত আই টেন্ট গ্ৰেণ্ড গাড়ীখন চুৰ্ণ-বিছিন্ন হয়। লগে লগেই ঘটনাস্থলীতে ২ জন লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাৰ লগে লগে ওৰাং আৰক্ষী থানাই গুৰুত্বৰভাবে আহত ৩ গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৰুত্বৰ ভাবে আহত তিনি গৰাকীৰ ভিতৰত এগৰাকী ৩ বছৰীয়া শিশু, এগৰাকী ১০ বছৰীয়া কিশোৰী।

দুৰ্ঘটনা স্থলীত তৎকালেই মাজবাট ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰৱা উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। ইফালে দুৰ্ঘটনাটোৰ বাবে ওৰাং আৰক্ষীক জগৰীয়া কৰিছে স্থানীয় ৰাইজে। কি কাৰণত ওৰাং আৰক্ষীয়ে বৃহৎ কন্টেনাৰ বাহন খন ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰাখি থৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে নিহতৰ আত্মীয়ই। ওৰাং আৰক্ষীয়ে থানাৰ সন্মুখত কোনো সংকেত নিদিয়াকৈ কন্টেনাৰখন ৰখাই থোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে নিহত পৰিয়ালটোৰ আত্মীয়ই। বিয়াৰ আনন্দ উল্লাসৰ পৰিবৰ্তে এতিয়া শোকাকুল পৰিবেশে বিৰাজ কৰিছে ওৰাং চাহ বাগিচাৰ পৰিয়ালটোৰ ঘৰত। ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰক্ষীয়ে কন্টেনাৰ ৰখাই কি কৰিছিল বুলি প্ৰশ্ন ৰাইজৰ। ইফালে আজি মাজবাট ৰাজহ চক্ৰ বিষয়া (দ্বিতীয়) মন্টু চক্ৰৱৰ্তীয়ে নিহত পৰিয়ালটোৰ তিনি গৰাকী সদস্যকে মৰোনোত্তৰ পৰীক্ষাৰ বাবে ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

নব্বৈ দশকৰ পটভূমিৰে ৰূপান্তৰৰ “আবেলিৰ গান”…

বিশিষ্ট সাহিত্যিক,সাংবাদিক গুৰমাইল সিঙৰ ৰচিত নাট “আবেলিৰ গান” অলপতে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হৈ যায়। নাটখনিৰ সামগ্রিক পৰিকল্পনা আৰু পৰিচালনা আছিল যুৱ নাট্যকৰ্মী গৌৰাংগ বৰাৰ । নব্বৈ দশকৰ অশান্ত সময়ৰ পটভূমিক লৈ নাটক খনৰ কাহিনী আগবাঢ়িছে। সেই সময়ৰ অস্থিৰ সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাত অতিস্থ হৈ নিষিদ্ধ সংগঠনত যোগদান কৰা যুৱচাম। তেনে এখন বিদীৰ্ণ সমাজৰ কৰুণ বিননি প্ৰতিফলিত হৈছে নাটখনৰ যোগেদি। কিন্তু সেই অস্থিৰ সময়তো জীৱনৰ নিষিদ্ধ আনন্দৰ সন্ধানত ব্যস্ত আছিল সমাজৰ কিছু চিনাকী মুখ। নাট্যকাৰৰ জনপ্ৰিয় এটি গল্প “কেলেংকাৰী”ৰ আধাৰত ৰচিত নাটকখনৰ মূল কাহিনী এই ধৰনৰ। নাটকৰ মাজেৰে নাট্যকাৰে দৰ্শক মনোৰঞ্জনৰ যোগেদি বহু কথাই কৈ গ’ল। নাটকৰ শেষ মূহুর্তলৈকে দৰ্শকক আমোদ দিব পাৰিছে। নাট্যকাৰৰ চিন্তাক পৰিচালক গৌৰাংগ বৰাই সুন্দৰ ৰূপত উপস্থাপন কৰাত সফলতা অর্জন কৰিছে।

এক মূহুর্ততে পাৰ্কৰ পৰা দৰ্শকক নব্বৈ দৰ্শকৰ সমাজলৈ লৈ গৈছে পৰিচালকে। এক কথাত ক’বলৈ গ’লে পৰিচালকৰ দক্ষতা আৰু কৌশল সুন্দৰ ভাৱে প্ৰকট হৈছে। মূল দুটি চৰিত্ৰ ৰাজীৱ আৰু অৰুণিমাৰ কথা বার্তাই নাটকৰ গতি কৰিছে যদিও মাজত কিছু সময়ৰ বাবে অমূল্য আৰু শেষত মেঘালি চৰিত্ৰৰে মুঠ চাৰিটি চৰিত্ৰৰ এখন সৰ্বাংগ সুন্দৰ নাটক। প্ৰতিটো চৰিত্ৰই নিজৰ নিজৰ অভিনয় দক্ষতাৰ পৰিচয় দিছে। মৌচম বৰা, গৌৰাংগ বৰা, ৰুলি শইকীয়া আৰু সুপ্রিয়া শৰ্মাৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাইছে। সকলোৰে জঠৰতাবিহীন সাবলীন অভিনয়ে প্ৰেক্ষাগৃহৰ সকলোকে শেষলৈকে বান্ধি ৰাখিছিল ।পৰিচালক গৌৰাংগ বৰাই নিজে যিদৰে অভিনয় কৰিছে আনৰ পৰাও সেই অভিনয় আদায় কৰিব পাৰিছে । প্ৰশান্ত বৰাৰ ৰূপসজ্জা, অভিনাশ দাসৰ সংগীত আৰু কৃষ্ণাঙ্গ বৰাৰ পোহৰ নিয়ন্ত্রণ আছিল নাটকৰ আন এক যোগাত্মক দিশ। এঘন্টা দহ মিনিটৰ নাটখনি উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰীয়ে আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সাহিত্যিক নন্দ সিং বৰ’কলা। শেষত , নগাঁৱৰ ৰূপান্তৰৰ “আবেলিৰ গানে” মহানগৰবাসীক সুন্দৰ এটি সন্ধ্যা উপহাৰ দিলে। আমি আগলৈও নাট্যকাৰ গুৰমাইল সিং আৰু পৰিচালক গৌৰাংগ বৰাৰ পৰা আৰু নাটক চোৱাৰ আশাৰে এই লেখা ইয়াতে সামৰিছোঁ।

Cooperative sector to play a vital role in employment generation…

The cooperative societies in some states in the country were known for all the wrong reasons for several years. A few societies were synonymous with corruption. No more. Many things have changed in India in recent years of Modi Government. The cooperative sector has not remained untouched. Emphasis was laid on it, because it had the potential to help the country become the third largest economy which is the goal of the present dispensation. A separate ministry was created by the Modi government for the purpose. Now, a separate budget can be provided to it. Since this sector is very large and crores of people depend on it, much has to be done. A good beginning has been already made.

To give an idea of how big the sector is, here are a few facts. There are over eight lakh cooperative societies in 28 states of the country at present. These societies are not catering only to the needs of agriculture sector but several others including banking. The total number of cooperative banks in the country is 1,886 , which includes 1,500 urban cooperative banks and 386 rural cooperative banks. These cooperative institutions play an important role in meeting the financial needs of various communities across the country.

The present looks good. But so was not the past. The central government had to do a lot to change the scenario ln last 10 years. Before that, the condition of cooperative societies in the country was bad, to say the least. Manipulation had become the order of the day. Only paperwork was done in the name of management. Personal differences and fights were common. Many societies were closed due to disputes.

Some groups used to make most of it. They used to act arbitrarily, not to benefit farmers and small entrepreneurs. Now the situation has changed completely under the leadership of Prime Minister Narendra Modi and due to the monitoring of Home and Cooperation Minister Amit Shah. Many important reforms have been made. Accountability has been fixed.

Amit Shah has rightly said that a separate cooperative ministry should have been created soon after independence to strengthen the 115 -year-old cooperative movement. But this happened only in 2019 after the change of regime. Cooperatives institutions are formed due to mutual cooperation and they work on the principle of collectivism. The capital is raised in the spirit of partnership and there is a spirit of helping others in its use. Its vastness and spread can be gauged from the fact that at present there are about 2 lakh cooperative dairy societies and 330 cooperative sugar mills running in India. Over 81000 cooperative societies are working in Gujarat alone. As many as 19 multi-state cooperative societies have the status of national level cooperative societies. In terms of turnover, IFFCO’s turnover for the financial year 2022-23 was Rs 60,324 crore and AMUL’s turnover for 2023-24 was Rs 12,880 crore. Not only this, IFFCO has been included in the list of 300 largest cooperative societies in the world. Earlier, the Department of Cooperation was under the Ministry of Agriculture , but in July 2021 , the Modi government formed a separate Ministry of Cooperation and Home Minister Amit Shah became the first Cooperative Minister of the country. The ministry introduced the Multi-State Cooperative Societies (Amendment) Bill in Parliament in 2022. The main objective of this bill was to serve the interests of members in more than one state by amending the existing laws and making the voluntary formation of cooperative societies more democratic. Along with this, the objective was also to give more economic and organizational autonomy to the institutions.

Cooperatives are now playing a very important role in bringing especially the youth and women into the mainstream. An inclusive cooperative model that integrates capacity building, education, skill training and women’s participation in economic activities is ready. If the slogan of women empowerment is becoming a reality anywhere, it is in the field of cooperation. The efforts made by the Ministry of Cooperation for the betterment, empowerment and income generation of women in the cooperative sector are now showing results. Reservation for women has been fixed in the boards of multi-state cooperative societies. Appointment of women directors in the boards of multi-state cooperative societies has been made mandatory. This has ensured representation of women in the boards of more than 1,550 multi-state cooperative societies across the country. Reservation has also been given to women members in Primary Agricultural Cooperative Credit Societies (PACS). Representation of women and their participation in decision making has been ensured in more than 1 lakh Pacs. A financial assistance scheme named Nandini Sahakar Yojana has been formulated for projects, support and capacity building of women cooperatives. National Cooperative Development Corporation (NCDC) has provided assistance of Rs 5,714.88 crore to women cooperatives and this has directly benefited more than 1.5 crore women members. In total, the Ministry of Cooperation has taken 54 major initiatives to empower all members including women.

A strong system has been created to generate self-employment through cooperatives. A new cooperative policy has been implemented to realize the vision of “Prosperity through Cooperation”. The entire system has been modernized — from Primary Agricultural Credit Societies (PACS) to Registrar of Cooperative Societies offices of the states and Agriculture and Rural Development Banks. This will increase transparency and accountability and open new facilities for farmers seeking medium and long-term loans. Simultaneously, the world’s largest grain storage scheme in the cooperative sector, which will work in 11 Primary Agricultural Credit Societies (PACS) of 11 states has been launched. Foundation stone of additional 500 PACS has 8 been laid across the country for construction of warehouses and other agriculture-related infrastructure. The initiative aims at integrating PACS warehouses with the food grain supply chain system.

All this is not say that there are no challenges now. All is not well in cooperative banking system. The figures related to fraud in this section are disturbing. According to the RBI, as many as, 4,135 frauds were reported by cooperative banks across the country, involving Rs 10,856.7 crore. But the Center cannot directly interfere because cooperative is a state subject. However, the PM has promised to depositors that those who have looted their money will not be spared. He has mentioned in this connection a case of Kerala , in particular, where a 500 crore scam has allegedly taken place( Karuvannur Cooperative Bank ). The Enforcement Directorate is investigating the case and action has already been taken against some CPM leaders. Where there is a will, there is a way.

ভুলতেও নকৰিব এই ভুল সমূহ! এই ৭ টা অভ্যাসে কিডনী ষ্টোন হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে…

বৃক্ক আমাৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ, বৃক্কই তেজ পৰিষ্কাৰ কৰে। কিন্তু কেতিয়াবা কিছুমান অভ্যাসৰ বাবে এই আৱৰ্জনাবোৰ বৃক্কত জমা হ’বলৈ আৰম্ভ কৰে, যিবোৰ ক্ৰমান্বয়ে কঠিন হৈ পাথৰৰ ৰূপ লয়। কিডনীত পাথৰ হ’লে অতি বিষ হ’ব পাৰে। জানো আহক বৃক্কৰ পৰা হাত সাৰিবলৈ কোনবোৰ অভ্যাস উন্নত কৰিব লাগে জানো আহক-


শৰীৰত পানীৰ অভাৱত প্ৰস্ৰাৱ ডাঠ হৈ পৰে, যাৰ ফলত পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে কম পানী খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায় বুলি ক’লে ভুল নহ’ব। দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে। পানী খোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল দিনটোৰ ভিতৰত সঘনাই সামান্য পৰিমাণৰ পানী খোৱা।

কেলচিয়ামৰ অভাৱত বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। শৰীৰত কেলচিয়ামৰ অভাৱৰ বাবে বৃক্কত পাথৰ সৃষ্টি হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। সেয়েহে বিশেষজ্ঞৰ পৰা ডায়েটচিয়ানলৈকে সকলোৱে সুষম খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে, যাৰ বাবে শৰীৰে সহজে সকলো পুষ্টিকৰ উপাদান লাভ কৰে।

অত্যধিক পৰিমাণৰ ছডিয়াম সেৱন কৰিলে বৃক্কে প্ৰস্ৰাৱৰ জৰিয়তে অতিৰিক্ত কেলচিয়াম বাহিৰ কৰিবলৈ বাধ্য হয়। এই অতিৰিক্ত কেলচিয়ামে পাথৰৰ ৰূপ ল’ব পাৰে। গতিকে খাদ্যত নিমখৰ পৰিমাণ সুষম কৰি ৰাখক।

মাংস, কণী, মাছ আদি প্ৰটিনৰ উত্তম উৎস, এই সমূহ অত্যধিক খালে বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। আচলতে অতিৰিক্ত প্ৰটিনে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে, যিটো পাথৰ হোৱাৰ মূল কাৰণ।

কচু, বুটমাহ, চকলেট আৰু কাজু বাদাম আদিত অক্সালেট নামৰ এটা মৌল পোৱা যায়। অত্যধিক পৰিমাণৰ অক্সালেট খালে প্ৰস্ৰাৱত কেলচিয়াম অক্সালেট স্ফটিক গঠন হ’ব পাৰে, যিয়ে পিছলৈ পাথৰ সৃষ্টি কৰিব পাৰে। সেয়েহে এই শাক-পাচলি সীমিত পৰিমাণে খাব লাগে।

অতিৰিক্ত ওজন বা মেদবহুলতাইও বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। মেদবহুলতাই শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু তেজত চেনিৰ মাত্ৰাও বৃদ্ধি পাব পাৰে, যিটো বৃক্কৰ স্বাস্থ্যৰ বাবে ভাল নহয়।

বিশেষজ্ঞসকলৰ মতে, বীজযুক্ত খাদ্য সামগ্ৰী বেছিকৈ খালে বৃক্কৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। বেঙেনা আৰু বিলাহীৰ দৰে বীজ থকা শাক-পাচলিত অক্সালেটৰ পৰিমাণ বেছি থাকে। এনে পৰিস্থিতিত কোনো সমস্যা নাথাকিলেও এই শাক-পাচলি সীমিত পৰিমাণে খাব লাগে।

‘এয়া মহাদেৱৰ কৃপা’, সোমনাথ মন্দিৰলৈ যোৱাৰ লগে লগে কপাল ফুলিল পাণ্ডিয়াৰ…

হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত অৱশেষত আই পি এল ২০২৪ত মুম্বাই ইণ্ডিয়ানছে লাভ কৰিছে প্ৰথমটো জয়। প্ৰথমতে একেৰাহে তিনিখন মেচত পৰাস্ত হৈ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত আই পি এল ২০২৪ৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো জয়। দেওবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে। হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত ২০২৪ চনৰ আই পি এলত একেৰাহে তিনিখন খেলত পৰাস্ত হৈছিল মুম্বাই ইণ্ডিয়ানছ। মুম্বাই ইণ্ডিয়ানছৰ ব্যৰ্থতাৰ পিছত হাৰ্দিক পাণ্ডিয়াক নিজৰ অধিনায়কত্ব বচাবলৈ হেঁচা প্ৰয়োগ কৰা হৈছিল। ১ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলখনত পৰাস্ত হোৱাৰ পিছত মুম্বাই ইণ্ডিয়ানছে প্ৰায় এসপ্তাহৰ বিৰতি লাভ কৰিছিল। এই বিৰতিৰ সময়তে হাৰ্দিক পাণ্ডিয়াই সোমনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ গৈছিল।

হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত অৱশেষত আই পি এল ২০২৪ত মুম্বাই ইণ্ডিয়ানছে প্ৰথমটো জয় লাভ কৰে। প্ৰথমতে একেৰাহে তিনিখন মেচত পৰাস্ত হৈ নতুন অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বত আই পি এল ২০২৪ৰ চতুৰ্থখন মেচত মুম্বাই ইণ্ডিয়ানছে প্ৰথমটো জয় অৰ্জন কৰে। দেওবাৰে অনুষ্ঠিত হোৱা আই পি এলৰ খেলখনত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক ২৯ ৰানত পৰাস্ত কৰে।

২০২৪ চনৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ প্ৰথমটো জয়ৰ পিছত হঠাতে অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে কয় যে সোমনাথ মন্দিৰ পৰিদৰ্শন কৰি হাৰ্দিক পাণ্ডিয়াই মহাদেৱৰ আশীৰ্বাদ লাভ কৰিছিল। দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা আই পি এল মেচত জয়লাভ কৰাৰ পাছত হাৰ্দিক পাণ্ডিয়াই এটা পোষ্ট শ্বেয়াৰ কৰে। অনুৰাগীসকলে এই পোষ্টটোত মন্তব্য কৰি কৈছে যে এয়া মহাদেৱৰ শক্তি।

উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা ট্ৰাষ্টৰ ২২ সংখ্যক সমাৰোহ, জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰ-শিল্পী দিপান্বিতা ডেকাক ফুলেশ্বৰী ডেকা প্ৰেৰণা বঁটা প্ৰদান…

নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক কুমুদ তালুকদাৰলৈ আগবঢ়োৱা হৈছে ফুলেশ্বৰী ডেকা সোঁৱৰণি শ্ৰেষ্ঠ সাংবাদিকতাৰ উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা বঁটা৷ ৰাজ্যৰ আগশাৰীৰ সাহিত্য -সংস্কৃতি আৰু সমাজ সেৱাৰ অন্যতম স্বেচ্ছাসেৱী সংস্হা উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ ২২ সংখ্যক সমাৰোহত জ্যেষ্ঠ সাংবাদিক তথা অসম সাহিত্য সভা সংবাদৰ কাৰ্যবাহী সম্পাদক তালুকদাৰক এই বঁটা প্ৰদান কৰা হয়৷ চানমাৰীৰ পেঞ্চনাৰ ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই সন্মানজনক বঁটা প্ৰদান কৰে বিশিষ্ট শিল্পী , লেখক তথা চিকিৎসক ডা° অঞ্জনজ্যোতি চৌধুৰী আৰু ট্ৰাষ্টৰ সচিব প্ৰকাশ ডেকাই৷

দেওবাৰ দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত এখন সভাত শ্ৰেষ্ঠ গায়িকাৰ বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় কন্ঠশিল্পী দিপান্বিতা ডেকাক৷ আনহাতে এই অনুষ্ঠানতে নেহা ভাগৱতীক শ্ৰেষ্ঠ উদীয়মান বঁটা , জয়ন্ত বৰপূজাৰীক সাহিত্য জ্যোতি বঁটা, সাহিত্যিক চন্দ্ৰধৰ কলিতাক সাহিত্য ৰত্ন বঁটা, পূৰ্ণিমা ডেকা চহৰীয়াক জনপ্ৰিয় নৃত্য শিল্পীৰ প্ৰেৰণা বঁটা, পূৰবী দাস কলিতাক কৃতী শিক্ষয়িত্ৰীৰ প্ৰেৰণা বঁটা, কৃষ্ণ মেধিক কৃতী শিক্ষকৰ প্ৰেৰণা বঁটা আৰু কালাৰ ৱৰ্ল্ডছক শ্ৰেষ্ঠ শিল্প কলা বিদ্যালয় প্ৰেৰণা বঁটা প্ৰদান কৰা হয়৷ অনুষ্ঠানত সাহিত্যিক ড° যতীন্দ্ৰনাথ ডেকা, ড° কমল মজুমদাৰ, ড° ধনেশ্বৰ বৰুৱা , নিৰূপা ৰয় বৰুৱা আৰু সমাজসেৱক ড° ভূমিধৰ দাসক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ডা° অঞ্জনজ্যোতি চৌধুৰীৰ লগতে ট্ৰাষ্টৰ পৰিচালন সচিব সবিতা বৰ্মন ডেকা, সচিব প্ৰকাশ ডেকা আদিয়ে৷ আজিৰ সভাতে জনপ্ৰিয় কবি প্ৰকাশ ডেকাৰ “সকলোতকৈ আপোন ”শীৰ্ষক কাব্য গ্ৰন্থখন উন্মোচন কৰা হয়৷ ইপিনে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ট্ৰাষ্টে চলাই অহা “নিম কন্যা” লিজা ডেকাৰ তত্বাবধানত আয়োজন কৰা সদৌ অসম চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটাসমূহ প্ৰদান কৰে ক্ৰমে ড° যতীন্দ্ৰনাথ ডেকা, ড° নিৰূপা ৰয় বৰুৱা , বিশিষ্ট আবৃত্তিকাৰ কৃপাঞ্জলী কটকী আৰু , ফেশ্বন ডিজাইনাৰ মনি দাসে৷

নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত একেদিনাই ২৩ খনকৈ গ্ৰন্থ উন্মোচন…

নগাঁও জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু নগাঁও শাখাৰ আতিথ্যত আজি নগাঁও জিলা লেখিকা সমাৰোহৰ কাৰ্য্যালয় “আনন্দম”ত ২৩ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জিলা সমাৰোহ সমিতিৰ অন্তর্গত নগাঁও শাখাৰ লেখিকা দীপা বৰুৱাৰ তিনিখন গ্ৰন্থ “লেচেৰি বুটলি বান্ধিলোঁ ডাঙৰি”, “এমুঠি লেচেৰি” আৰু “মহিমামণ্ডিতা”, ড° অঞ্জনা গোস্বামীৰ “শব্দৰ ৰং”, অমৃতপ্ৰভা সূতৰ গ্ৰন্থ “ডেউকা”, ড° থুনু কলিতাৰ “ৰং জিলমিল”, জোনাকী বৰ্মনৰ “অষ্টধাম”, বুলু বৰুৱাৰ “ত্ৰিপৰ্ণা”, অপৰা ফুকনৰ “জিলমিল জোনাকী”, উৰ্মিলা বৰুৱাৰ “ওমৰাওজাম”, কমলা বেজবৰুৱাৰ “প্ৰবন্ধমালা”, নিবেদিতা ভূঞাৰ “কলম” , কঠীয়াতলী শাখাৰ লেখিকা মীনা বৰাৰ গ্ৰন্থ “লকডাউনৰ সময়ত মইনাহঁত”, অমিয়া শইকীয়াৰ “ব্যঞ্জনাৰ লহৰী” খুঁটিকটীয়া শাখাৰ লেখিকা চিনু কাকতি শইকীয়াৰ গ্ৰন্থ “সুৱাস”, কাৰুণ্য ভট্টাচাৰ্য্যৰ “বিচ্ছুৰিত অনুভৱ”, স্মৃতা কলিতাৰ “স্বাধীনতা আন্দোলনত মহাত্মা গান্ধী” , ৰহা শাখাৰ লেখিকা দীপ্তি দেৱী শৰ্মাৰ গ্ৰন্থ “কথা শুদ্ধ আৰু কাব্য শিল্প”, মনোৰমা ভূঞাৰ “অনুভৱৰ একলম”, বিজয়া গগৈৰ “প্ৰাণীজগতৰ ইটো-সিটো” , কামপুৰ শাখাৰ লেখিকা বিনু লস্কৰৰ গ্ৰন্থ “বৰ্ণমালাৰ যাদু”, গীতাঞ্জলি কলিতাৰ “দাপোণ (বিবিধ ভাৱৰ অনুৰণন )”, বঢ়মপুৰ শাখাৰ লেখিকা সাৱিত্ৰী ভূঞা গগৈৰ গ্ৰন্থ “মনময়ূৰীৰ পাখি” উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থসমূহ উন্মোচন কৰে সদৌ অসম লেখিকা সমিতিৰ সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথ, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্ত, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, বিশিষ্ট কবি, সাহিত্যিক ডাঃ প্ৰয়াগ শইকীয়া, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা ড° থুনু কলিতা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন প্ৰধান সম্পাদিকা মামণি ভূঞা হাজৰিকা, শিশু সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য্য, বিশিষ্ট শিল্পী তথা অভিনেত্ৰী কল্পনা কলিতা , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা সুবৰ্ণ মহন্ত , লেখিকা সমাৰোহ সমিতিৰ প্ৰচাৰ সম্পাদিকা ড° অঞ্জুমণি শইকীয়া, নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা ড° মণিকা শইকীয়া , বিশিষ্ট লেখিকা বিনু লস্কৰ, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মনোৰমা ভূঞা , উপদেষ্টা চাৰু শইকীয়া, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী দীপ্তি দেৱী শৰ্মা , সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মুখপাত্ৰ দীপা বৰুৱা, নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা বিজয়া গগৈ , নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মা আদিয়ে। অনুষ্ঠানটো আঁত ধৰে নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা বিজয়া গগৈ আদিয়ে। মূল অনুষ্ঠানৰ পূৰ্বে সভাৰ আৰম্ভণি গীত আৰু গ্ৰন্থ উন্মোচনৰ এটি বিশেষ গীত পৰিৱেশন কৰে নগাঁও শাখাৰ সদস্যাসকলে আৰু সভাৰ মাজতে আন এটি গীত পৰিৱেশন কৰে সুকণ্ঠী গায়িকা নিতুমনি হাজৰিকাই । অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি , মুনি কাকতি , নগাঁও সংস্কৃত মঞ্চৰ সভাপতি গুণ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সৌৰেন্দ্ৰ মোহন গোস্বামী, অৱসৰপ্ৰাপ্ত বেংক বিষয়া নগেন্দ্ৰ কোঁৱৰ, সাংবাদিক জয়ন্ত বৰা, লেখক দেৱেন শইকীয়া প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভৰণিতে বিশিষ্ট সাহিত্যিক ড° শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা মনোৰমা ভূঞা আৰু মাল্য প্ৰদান কৰে লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী বীণা শৰ্মাই।