Breaking

নব্বৈ দশকৰ পটভূমিৰে ৰূপান্তৰৰ “আবেলিৰ গান”…

0 8

বিশিষ্ট সাহিত্যিক,সাংবাদিক গুৰমাইল সিঙৰ ৰচিত নাট “আবেলিৰ গান” অলপতে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত মঞ্চস্থ হৈ যায়। নাটখনিৰ সামগ্রিক পৰিকল্পনা আৰু পৰিচালনা আছিল যুৱ নাট্যকৰ্মী গৌৰাংগ বৰাৰ । নব্বৈ দশকৰ অশান্ত সময়ৰ পটভূমিক লৈ নাটক খনৰ কাহিনী আগবাঢ়িছে। সেই সময়ৰ অস্থিৰ সমাজ আৰু ৰাজনৈতিক ব্যৱস্থাত অতিস্থ হৈ নিষিদ্ধ সংগঠনত যোগদান কৰা যুৱচাম। তেনে এখন বিদীৰ্ণ সমাজৰ কৰুণ বিননি প্ৰতিফলিত হৈছে নাটখনৰ যোগেদি। কিন্তু সেই অস্থিৰ সময়তো জীৱনৰ নিষিদ্ধ আনন্দৰ সন্ধানত ব্যস্ত আছিল সমাজৰ কিছু চিনাকী মুখ। নাট্যকাৰৰ জনপ্ৰিয় এটি গল্প “কেলেংকাৰী”ৰ আধাৰত ৰচিত নাটকখনৰ মূল কাহিনী এই ধৰনৰ। নাটকৰ মাজেৰে নাট্যকাৰে দৰ্শক মনোৰঞ্জনৰ যোগেদি বহু কথাই কৈ গ’ল। নাটকৰ শেষ মূহুর্তলৈকে দৰ্শকক আমোদ দিব পাৰিছে। নাট্যকাৰৰ চিন্তাক পৰিচালক গৌৰাংগ বৰাই সুন্দৰ ৰূপত উপস্থাপন কৰাত সফলতা অর্জন কৰিছে।

এক মূহুর্ততে পাৰ্কৰ পৰা দৰ্শকক নব্বৈ দৰ্শকৰ সমাজলৈ লৈ গৈছে পৰিচালকে। এক কথাত ক’বলৈ গ’লে পৰিচালকৰ দক্ষতা আৰু কৌশল সুন্দৰ ভাৱে প্ৰকট হৈছে। মূল দুটি চৰিত্ৰ ৰাজীৱ আৰু অৰুণিমাৰ কথা বার্তাই নাটকৰ গতি কৰিছে যদিও মাজত কিছু সময়ৰ বাবে অমূল্য আৰু শেষত মেঘালি চৰিত্ৰৰে মুঠ চাৰিটি চৰিত্ৰৰ এখন সৰ্বাংগ সুন্দৰ নাটক। প্ৰতিটো চৰিত্ৰই নিজৰ নিজৰ অভিনয় দক্ষতাৰ পৰিচয় দিছে। মৌচম বৰা, গৌৰাংগ বৰা, ৰুলি শইকীয়া আৰু সুপ্রিয়া শৰ্মাৰ অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাইছে। সকলোৰে জঠৰতাবিহীন সাবলীন অভিনয়ে প্ৰেক্ষাগৃহৰ সকলোকে শেষলৈকে বান্ধি ৰাখিছিল ।পৰিচালক গৌৰাংগ বৰাই নিজে যিদৰে অভিনয় কৰিছে আনৰ পৰাও সেই অভিনয় আদায় কৰিব পাৰিছে । প্ৰশান্ত বৰাৰ ৰূপসজ্জা, অভিনাশ দাসৰ সংগীত আৰু কৃষ্ণাঙ্গ বৰাৰ পোহৰ নিয়ন্ত্রণ আছিল নাটকৰ আন এক যোগাত্মক দিশ। এঘন্টা দহ মিনিটৰ নাটখনি উদ্বোধন কৰে বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰীয়ে আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল সাহিত্যিক নন্দ সিং বৰ’কলা। শেষত , নগাঁৱৰ ৰূপান্তৰৰ “আবেলিৰ গানে” মহানগৰবাসীক সুন্দৰ এটি সন্ধ্যা উপহাৰ দিলে। আমি আগলৈও নাট্যকাৰ গুৰমাইল সিং আৰু পৰিচালক গৌৰাংগ বৰাৰ পৰা আৰু নাটক চোৱাৰ আশাৰে এই লেখা ইয়াতে সামৰিছোঁ।

Leave A Reply