Home Blog Page 908

গৰমৰ বাতৰি পঢ়ি থকাৰ সময়তে গৰমত মূৰ্চ্ছা গ’ল টিভি এংকৰ!

দেশত এইবেলি বাঢ়িব গৰম গৰমৰ মাজত এগৰাকী টিভি এংকৰে হিটৱেভৰ বাতৰি লাইভ অন এয়াৰ পঢ়ি থাকোতে মূৰ্ছা গল। বাতৰি পঢ়ি থকাৰ সময়তে তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল। দূৰদৰ্শনৰ কলকাতা শাখাৰ এগৰাকী এংকৰ লোপামুদ্ৰা সিনহাই গৰমৰ খবৰ পঢ়ি থকা সময়তে এনে ঘটনা ঘটে। তেওঁ তেওঁৰ চকীত বাগৰি পৰিছিল।
সিনহাই পিছত কয় যে তেওঁ তীব্ৰ গৰমৰ বাবে আৰু তেওঁৰ ৰক্তচাপ হঠাতে হ্ৰাস পাইছিল আৰু তেওঁ মূৰ্চ্ছা গৈছিল।

এংকৰগৰাকীয়ে লগতে কৈছিল যে কুলিং চিষ্টেমত কিছু বাধাৰ বাবে ষ্টুডিঅ’ৰ ভিতৰত অত্যধিক গৰম আছিল।
তেওঁ কয় “মই কেতিয়াও মোৰ লগত পানীৰ বটল নাৰাখো। পোন্ধৰ মিনিট বা আধা ঘণ্টাৰ সম্প্ৰচাৰ হওঁক, মই মোৰ কেৰিয়াৰৰ ২১ বছৰত সম্প্ৰচাৰৰ সময়ত পানী খোৱাৰ প্ৰয়োজনীয়তা কেতিয়াও অনুভৱ কৰা নাই। কিন্তু, সম্প্ৰচাৰ টো শেষ হ’বলৈ ১৫ মিনিট বাকী থকাৰ সময়তে মই অসুস্থ অনুভৱ কৰিছিলো।”সিনহাই কয় যে তেওঁ অলপ পানী খোৱাৰ সুযোগ পোৱা নাছিল কাৰণ তেতিয়া বাতৰি চলি আছিল।

গৰমৰ দিনত সদায় পানী প্ৰচুৰ খাব লাগে বুলিও তেওঁ কয়। এংকৰ সিনহাই এই দুৰ্ঘটনাটোৰ বাবে তেওঁৰ চেনেলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু তেওঁ মূৰ্ছা যোৱাৰ পিছতো বাতৰিৰ সম্প্ৰচাৰ চলাই থকাৰ বাবে প্ৰযোজক সকলক ধন্যবাদ জনাইছে।


তেওঁ কয় “মই কেতিয়াও সপোনতো ভবা নাছিলো যে এনেকুৱা কিবা ঘটিব,”। এইবেলি গৰমে দেশক দহিব বুলি কৈ অহা হৈছে।দেওবাৰে বংগৰ কিছুমান ঠাইত সৰ্বাধিক তাপমাত্ৰা স্বাভাৱিকতকৈ সাতৰ পৰা আঠ ডিগ্ৰী অধিক নথিভুক্ত কৰা হৈছিল।পশ্চিম বংগৰ মিদনাপুৰ আৰু বাংকুৰাত ক্ৰমান্বয়ে ৪৪.৫ ডিগ্ৰী চেলচিয়াছ আৰু ৪৪.৬ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে।

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মিলন সমাৰোহ

মহানগৰীৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ মিলন সমাৰোহখন আজি দিনযোৰা কাৰ্যসূচীৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয় ।সমাৰোহ উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লা আৰু সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে জানিবলৈ দিয়া মতে আজি পুৱা ৮:৩০ বজাৰ পৰা সদস্য সকলৰ নাম পঞ্জীয়ন কৰা হয় । ইয়াৰ পিছত ৮:৪০ বজাত সন্মিলনৰ পতাকা আনুষ্ঠানিক ভাৱে উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ছৰিফ উল্লাই ।

শ্বহীদ তৰ্পণ কৰে উদযাপন সমিতিৰ সম্পাদকদ্বয় কুমুদ চন্দ্ৰ দাস আৰু ছাহজাহান আলীয়ে । পুৱা ৯:৩০ বজাত প্ৰয়াত ছাত্ৰ-ছাত্ৰী , শিক্ষক আৰু কৰ্মচাৰী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । দিনৰ ১০ বজাত বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰীফা আৰা আহমেদ আৰু প্ৰাক্তন ছাত্ৰ আব্দুল আজিজ আলীয়ে । দিনৰ ১০:১৫ বজাৰ পৰা অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ অশোক ঠাকুৰীয়াই ।

বিয়লি ৩ বজাত স্মৃতিগ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ ভবেন ঠাকুৰীয়াই । বিয়লি ৪ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় । সন্ধিয়া বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ মহানন্দ কুমাৰে । ইয়াৰ পিছত অনুষ্ঠিত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ অনুষ্ঠানিক ভাৱে মুকলি কৰে ১ নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সিয়ে । এক উছাহমুখৰ পৰিবেশত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত কেবাগৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । উল্লেখ্য যে আজি অনুষ্ঠিত মিলন সমাৰোহত প্ৰায় তিনি সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আবেগিক হৈ পৰে ।

ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ‘আচাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক বঁটা প্ৰশান্ত জ্যোতি বৰুৱালৈ

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত ‘আচাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক,জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচন কৰা হৈছে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ এখন বৈঠক
যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়৷ বৈঠকত পাঁচ জনীয়া বাচনি সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰশান্ত জ্যোতি বৰুৱাক বাচনি কৰা হয়৷

অহা ১০ মে’ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাটি প্ৰদান কৰা হব৷ বঁটাটিৰ লগত মানপত্ৰ, স্মাৰক আৰু নগধ ধন থাকিব৷ এই কথা সদৰি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই ৷

যিয়ে চাকৰিৰ নামত পইচা বিচাৰিৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিধা জেলত ভৰাই দিব: মন্ত্ৰী পীযুষ হাজৰীকা

নগাঁও লোকসভাৰ অন্তৰ্গত নগাঁও-বটদ্ৰৱা বিধানসভাৰ ৰাইদিঙ্গীয়াত এখনি প্ৰচাৰ সভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি গভীৰ আস্থা আৰু আদৰ প্ৰদৰ্শন কৰা ৰাইজক বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক বিপুল ভোটেৰে জয়ী কৰিবলৈ আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। সকলোকে উন্নয়নৰ সপক্ষে ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় পীযুষ হাজৰীকাই। তেওঁ ভাষণত কয় যে আজিৰ পৰা ৮ বছৰ পূৰ্বে অসমত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিছিল। এই ৮ বছৰত আমি এনে কিছু কাম কৰিলো যাৰবাবে অসমৰ ৰাইজে ৩বছৰ পূৰ্বে ২য় বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীক ভোট দি জয়যুক্ত কৰিছে। সেয়া লাগিলে বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন, উপ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনেই নহওক কিয়। সকলোতে ৰাইজে ভোট দিছে ভাৰতীয় জনতা পাৰ্টীক। তাৰ আগত অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছে ৬০ বছৰ কাল ৰাজত্ব কৰিছে। কিন্তু ইমান বছৰে কংগ্ৰেছে ৰাইজক মিছা কথা কৈছিল, অপশাসন কৰিছিল, মানুহৰ অন্যায় কৰিছিল।

কংগ্ৰেছ ভাৰতবৰ্ষৰ নীৰিহ জনতাৰ হত্যাৰ অপৰাধী। এনেকুৱা দিন আহিছিল কংগ্ৰেছৰ দিনত মানুহে খাবলৈ নাপাই মৃত্যুমুখত পৰিবলগীয়া হৈছিল। কংগ্ৰেছে অসমত ৬০ বছৰত মাত্ৰ ৬ খন মেডিকেল কলেজ বনাইছিল। যাৰবাবে চিকিৎসকৰ অভাৱত ভুগিব লগীয়া হৈছিল। গাঁৱলৈ চিকিৎসক পঠিয়াব নোৱাৰা হোৱাত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু ৮ বছৰত মুখ্যমন্ত্ৰীয়ে অসমত ১৮ খন মেডিকেল কলেজ বনাবলৈ সক্ষম হ’ল। নগাঁওত মেডিকেল কলেজৰ কাম আৰম্ভ হৈছে, মৰিগাঁৱত মেডিকেলৰ কাম চলি আছে। নলবাৰীত মেডিকেল কলেজৰ কাম চলি আছে। গুৱাহাটীত ২য় খন মেডিকেল কলেজ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। কোকৰাঝাৰ, ধুবুৰী,ডিফুত মেডিকেল কলেজৰ কাম আৰম্ভ হ’ল। বিশ্বনাথ চাৰিআলিত, ধেমাজীত মেডিকেল কলেজৰ কাম চলি আছে। লখিমপুৰত মেডিকেল কলেজ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ল। কংগ্ৰেছৰ দিনত মাত্ৰ ৭ খন বিশ্ববিদ্যালয় আছিল। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ বছৰত ১৫ খন বিশ্ববিদ্যালয় নিৰ্মাণ কৰি তুলিলে।

বটদ্ৰৱা থানৰ এতিয়া আগৰ পৰিৱেশ নাই। হিমন্ত বিশ্ব শৰ্মাৰ দিনত সকলো সলনি হৈ গ’ল। বৰদোৱাৰ বাবে কংগ্ৰেছে একো নকৰিলে কেৱল বিজেপিয়ে কৰিছে। কংগ্ৰেছে বিনামূলীয়া চাউল, আয়ুস্মান কাৰ্ড,উজলা গেছ, আয়ুস্মান কাৰ্ড দিয়া নাছিল এই সকলোবোৰ বিজেপিয়ে দিছে। সেয়ে সকলোৱে এটা এটা ভোট বিজেপিক দিয়ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আয়ুস্মান কাৰ্ডৰ সুবিধা কৰি দিছে। যাৰ দ্বাৰা বিনামূলীয়া চিকিৎসা লাভ কৰা হয়। ৫ লাখ টকা পৰ্যন্ত ৰেহাই পোৱা হয়। কংগ্ৰেছৰ দিনত এইবোৰ নাছিল বাবে মানুহৰ মৃত্যু হৈছিল। এতিয়া পৰিৱেশ সলনি কৰি দিলে বিজেপি চৰকাৰে। চৰকাৰে যোৱা আঢ়ৈ বছৰত ১ লাখ চাকৰি দিছে। দুখীয়া ঘৰৰ ল’ৰা ছোৱালীয়ে চাকৰি লাভ কৰিছে। কংগ্ৰেছে এইবোৰ কৰা নাছিল কেৱল চাকৰিৰ নামত লাখে লাখে টকা লৈছিল। কংগ্ৰেছৰ দিনত চাকৰি পাবলৈ ধনী ঘৰৰ হ’ব লাগিব। নহ’লে চাকৰি নাপায়। এতিয়া চাকৰি পাবলৈ মেধা সম্পন্ন হ’ব লাগিব। আগতে কংগ্ৰেছৰ দিনত চৰকাৰী ঘৰৰ নামত লাভ কৰিছিল ৭৫ হাজাৰ টকা। একেবাৰে সাধাৰণভাৱে নিৰ্মাণ কৰি দিছিল ঘৰবোৰ। তাতে আকৌ ঠিকাদাৰ,দালালে, BDO, বিধায়কে মিলি পইচা খাইছিল।

আজিকালি ঘৰবোৰ গৃহস্থই নিজৰ ইচ্ছা অনুসৰি সাজি লয়। এতিয়া ডেৰ লাখ টকা লাভ কৰে গৃহস্থই। এই কাম নৰেন্দ্ৰ মোদীয়ে কৰিলে। কংগ্ৰেছৰ দৰে আমি সূতা কম্বলৰ ৰাজনীতি নকৰো আমি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিম। এইবাৰ যিসকল ছাত্ৰীয়ে হায়াৰ চেকেণ্ডেৰী পঢ়িব তেওঁলোকক ১০ হাজাৰ, বি.এ, বি. এছ.চি পঢ়িব তেওঁলোকক ১২,৫০০ আৰু বিশ্ববিদ্যালয়ত যিসকলে পঢ়িব তেওঁলোকক ২৫ হাজাৰ টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে। লাখপতি বাইদেউৰ ফৰ্ম ফিলাপ কৰা মহিলা সকলে জুলাই মাহত ১০ হাজাৰকৈ টকা লাভ কৰিব। সেই টকৰে যিয়ে কাম কৰিব তেওঁলোকে অহা বছৰ ২৫ হাজাৰকৈ টকা লাভ কৰিব। কংগ্ৰেছৰ দিনত ধানৰ মোন আছিল ৪০০ টকা বৰ্তমান ধানৰ দাম ৮০০ টকা হ’ল। কাৰণ অসম চৰকাৰ অসমৰ কৃষকৰ পৰা ধানবোৰ ক্ৰয় কৰি লয়। এনেবোৰ উন্নতিৰ ধাৰা যাতে অব্যাহত থাকে তাৰবাবে সকলোৱে বিজেপিক ভোট দিয়ে তাৰবাবে মন্ত্ৰী পীযুষ হাজৰীকাই সকলোকে অনুৰোধ জনায়। ইয়াৰ পাছতেই নগাঁও লোকসভাৰ অন্তৰ্গত ৰূপহীৰ শিঙ্গাৰি বজাৰ আঞ্চলিক খেলপথাৰত বিশাল জনসভা সম্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ কিছু সময়ৰ পাছতে মঞ্চৰ পৰা নামি আহি জনতাৰ মাজত সোমাই পৰে পীযুষ হাজৰীকা। ৰাইজক উদ্দেশ্যি আশ্বাস প্ৰদান এইবাৰ দালাল নোহোৱা কৰি দিম ৰূপহীত। কংগ্ৰেছ থকা বাবে ৰূপহীত কিছু দালাল আছে কিন্তু এইবাৰ এটাও দালাল নোহোৱা কৰি দিম। সেয়া মাটিৰ দালালেই হওক বা যি দালালেই হওক।

ল’ৰা ছোৱালী, জ্যেষ্ঠ, মহিলা সকলৰ বাবে কাম কৰিম বিজেপিয়ে সকলোৰে বাবে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰীকাই। ইয়াৰ পাছতেই পোনে পোনে মন্ত্ৰী পীযুষ হাজৰীকা গৈ উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ লাওগাঁও হাইস্কুল খেলপথাৰত আয়োজিত বিজয় সংকল্প সভাত। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ আদৰ-স্নেহ লভি সমৃদ্ধ হোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ অভিযান চলাই পীযুষ হাজৰীকাই। তেওঁ সভাখনত মঞ্চত নাথাকি ৰাইজৰ সৈতে ৰ’দত একেলগে থিয় দি ভাষণ প্ৰদান কৰে। ৰাইজক কংগ্ৰেছৰ কু্-কীৰ্তিৰ লগতে বিজেপিৰ উন্নয়নৰ কামৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী হাজৰীকাই। বিজেপিক ভোট নিদিয়াকৈ ইমানখিনি কাম কৰাৰ পিছতো যদি এইবাৰ বিমুখ কৰে তেন্তে মনত বহুত কষ্ট পাম বুলি কয় মন্ত্ৰী হাজৰীকাই। বিজেপি আহিলে আজান বন্ধ হ’ব মছজিদ ভাঙি দিব বুলি ভয় দেখুৱাইছে কংগ্ৰেছে কিন্তু তেনে কেতিয়াও নহয় বুলি অভয় প্ৰদান পীযুষৰ।

প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিবলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে যোগাযোগ কৰিছিল বুলিও ভাষণত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে। এইবাৰ কংগ্ৰেছৰ পৰা টিকট নাপালে বিজেপিত যোগদান কৰিলে হয় প্ৰদ্যুৎ বৰদলৈয়ে। গতিকে তেনে এজন মিছলীয়াক ভোট নিদিবলৈ আহ্বান মন্ত্ৰী হাজৰীকাৰ। লাওগাঁওত সভা শেষ কৰি মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হয় চামগুৰি বিধানসভা সমষ্টিৰ কাৱৈমাৰী আঞ্চলিক স্পৰ্টছ এছ’চিয়েচনৰ খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত। সভাত উপস্থিত হৈয়ে তেওঁ কয় যিয়ে চাকৰিৰ নামত পইচা বিচাৰিৰ মামাই চিধা জেলত ভৰাই দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ’বই কাৰো সাহস নাই ৰখাবলৈ। কংগ্ৰেছ আহিলে আকৌ সূতা কম্বলৰ ৰাজনীতি আহি যাব। উন্নয়ন কেতিয়াও নহয়। গতিকে কোনেও যাতে নিজৰ বহুমূলীয়া ভোট নষ্ট নকৰে তাৰবাবে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে। এনেদৰে উদাণ্ড ভাষণেৰে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মন্ত্ৰী পীযুষ হাজৰীকাই।

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা বঁটা ঘোষণাঃ ‘আসাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা নিৰ্বাচিত…

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ২০২৪ বৰ্ষৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে অসমৰ প্ৰতিষ্ঠিত ইংৰাজী দৈনিক কাকত ‘আসাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাক নিৰ্বাচন কৰা হৈছে৷ অসম ৰাজ্যিক সাংবাদিক সন্থাৰ ব্ৰহ্মপুত্ৰ উপত্যকা সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচন সমিতিৰ এখন বৈঠক আজি যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হয়৷

বৈঠকত পাঁচ জনীয়া বাচনি সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰশান্ত জ্যোতি বৰুৱাক বাচনি কৰা হয়৷ অহা ১০ মে’ত শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সাংবাদিক সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাটি প্ৰদান কৰা হব৷ বঁটাটিৰ লগত মানপত্ৰ, স্মাৰক আৰু নগধ ধন থাকিব৷ এই কথা সদৰি কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাই৷

গৰমত চিলিং ফেনখন বেয়া হৈছে নেকি? নতুন এখন কিনাৰ আগতে ৫টা কথা মনত ৰাখিব…

বৰ্তমান সময়ত ফেনৰ লগতে এচিৰ চাহিদাও বৃদ্ধি পাইছে। কিন্তু ফেন কিনাৰ সময়ত কিছু কথা মনত ৰাখিলে ভাল। ঘৰত এতিয়া এয়াৰ কণ্ডিচনাৰ একমাত্ৰ আৰামৰ উৎস। বাহিৰৰ পৰা আহি ঘৰৰ ঠাণ্ডা কোঠাটোত প্ৰৱেশ কৰিলেহে শান্তি পোৱা যায়। কিন্তু বহুতে ঘৰত এচি ব্যৱহাৰ নকৰে। প্ৰায় লোকেই মূৰৰ ওপৰত ঘূৰি থকা ফেনখনৰ তলতে ঠাণ্ডা বতাহত শান্তি বিচাৰে। সেয়েহে যদি কাৰোবাৰ গৰমত চিলিং ফেন খন বেয়া হৈছে তেন্তে নতুন এখন ফেন কিনাৰ সময়ত কিছু কথা মনত ৰাখিব-


ফেন কিনিবলৈ যোৱাৰ আগতে বাজেট ঠিক কৰি ল’ব। বজাৰত বিভিন্ন দামৰ ফেন উপলব্ধ। কম দামৰ অৰ্থ এইটো নহয় যে ফেনৰ মানদণ্ড বেয়া হ’ব। উচ্চ মূল্যৰ ফেনখনে বেছি বতাহ দিব যে তাৰো কোনো ঠিক নাই। গতিকে ফেন কিনাৰ আগতে ফেনখন চলাই পৰীক্ষা কৰিব।

ফেন কিনাৰ গুৰুত্বপূৰ্ণ কাৰকটো হ’ল ইয়াৰ আকাৰ। কোঠা অনুযায়ী সঠিক আকাৰৰ ফেন কিনাটো জৰুৰী। যদি আপুনি কোঠাটোৰ আকাৰৰ লগত মিল থকা ফেন কিনিব নোৱাৰে তেন্তে বতাহো বাল নহ’ব।

বজাৰত ফেনৰ অভাৱ নাই। কিন্তু কোনটো কোম্পানীক বিশ্বাস কৰিব সেইটো নিৰ্ণয় কৰিব লাগিব। ৰঙীন বিজ্ঞাপনত সম্পূৰ্ণ বিশ্বাস নকৰিব। প্ৰয়োজন হ’লে আপুনি যিখন দোকানৰ পৰা কিনিছে সেইখন দোকানৰ পৰাই জানিব পাৰিব, কোনটো কোম্পানীৰ চাহিদা বেছি।

বহুতে ভাবে যে ফেনৰ পাখি(ব্লেড) যিমানেই দীঘল হয় সিমানেই বতাহ ভাল হয়। এই ধাৰণা ভুল। অধিক পাখি থকা ফেন কিনিলেও অধিক খৰচ হ’ব। দীঘল ফেনৰ ব্লেডে শব্দ হ্ৰাস কৰে। কিন্তু ব্লেড বেছি হ’লে বতাহও কমকৈ বিয়পি পৰে।

এখন ফেন কেৱল আৰামৰ বাবে নহয়। কোঠাটোৰ সৌন্দৰ্য্য বৃদ্ধিতো ফেনে ভূমিকা পালন কৰে। গতিকে কোঠাটোৰ ৰঙৰ লগত মিল থকা ফেন কিনি লওক। ন’হলে ভাল দেখা নাযাব।


সৰ্ব গুণৰ আকৰ, অসমী আইৰ সু-সন্তান দিবাকৰ ৰেণুৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ স্মৃতিচাৰণ সভা সম্পন্ন…

যোৱা ২১ এপ্ৰিল দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘উত্তৰ পুৰুষৰ মঞ্চ’ৰ উদ্যোগত আৰু মাহেকীয়া আলোচনী ‘জোনাক’ৰ সহযোগত প্ৰয়াত কবি, চিত্ৰকাৰ, সমাজসেৱক, সাহিত্যিক, ঔপন্যাসিক, নাট্যকাৰ দিবাকৰ ৰেণুৰ স্মৃতিচাৰণ সভাখন এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতেই দিবাকৰ ৰেণুৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে ৰেণুদেৱৰ পত্নী কবিতা ডি ৰেণুৱে। মৌন পৰিবেশত শিখামণি দত্তই এটি প্ৰাৰ্থনা গাই থকা পৰতে স্মৃতিচাৰণ সভাখনৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে উপুমৰ পঞ্জীয়ন কমিটীৰ সভানেত্ৰী ড° অনিমা বৰাই। সদ্য প্ৰয়াত কবি অলকেশ কলিতাসহ আন আন বৰেণ্য ব্যক্তিৰ আত্মাৰ সদগতিৰ বাবে এক মিনিট সময় মৌনতা অৱলম্বন কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে উত্তৰ পুৰুষৰ মঞ্চৰ সম্পাদক হৰেকৃষ্ণ হালৈয়ে । উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতেৰে সভাখন জীপাল হোৱা অনুষ্ঠানত দিবাকৰ ৰেণুৰ স্মৃতিত আয়োজিত কবিতা প্ৰতিযোগিতাৰ কবিতাসমূৰ সংকলন, পুলকেশ ৰায় বৰুৱা আৰু হৰেকৃষ্ণ হালৈৰ সম্পাদিত “কাব্যিক কথকতাঃ স্মৃতিৰ কেনভাচত দিবাকৰ” শীৰ্ষক পুথিখন উন্মোচন কৰে বিশিষ্ট কবি, সাহিত্যিক আনিছ উজ জামানদেৱে।

উন্মোচক জামানদেৱে দিবাকৰৰ কৰ্মৰাজিৰ ওপৰত সাৰুৱা বক্তৃতা প্ৰদান কৰাৰ লগতে কবিতা আৰু লোকসাহিত্যৰ প্ৰসংগৰ কথাও বিষদভাৱে বিৱৰি কয়। বিশিষ্ট অতিথিৰ আসনৰ পৰা সাহিত্যিক পেন্সনাৰ, বিশিষ্ট অনুবাদক,কবি অশ্বিনী বেজবৰুৱাই কয় যে– “এগৰাকী ভৱিষ্যতদ্ৰষ্টা পুৰুষ, অদমনীয় প্ৰতিভাৰ আকৰ দিবাকৰৰ কথা কৈ শেষ কৰিব নোৱাৰি, পৃথিৱীত নাম ৰাখি থৈ যোৱা অনেক কৃতবিদ্যই কম বয়সতে ইহলীলা সম্বৰণ কৰিছে।” কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন তথা বিশিষ্ট সাহিত্যিক, গণিতজ্ঞ, উপুমৰ সভাপতি ড° দিব্যজ্যোতি মহন্তদেৱে কবিতা প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰে আৰু চমু ভাষণত দিবাকৰক জনমানসত জীয়াই ৰখাৰ বাবে প্ৰতিবছৰে একোখন কিতাপ প্ৰকাশ কৰা তথা বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিবলৈ পৰামৰ্শ আগঢ়ায়। সাহিত্যিৰ সেৱক, কবি মৌচুমী ভট্টাচাৰ্য্য বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত উপুমৰ শিৱসাগৰ জাঁজী শাখাৰ সভানেত্ৰী ৰীনা বুঢ়াগোহাঁই বৰুৱা, উপুমৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট শিশু সাহিত্যক সুৰেন্দ্ৰ মোহন দাস, সৰগম সংগীত বিদ্যালয়ৰ অধ্যক্ষ নিৰেন চন্দ্ৰ বৈশ্য, বিশিষ্ট সমাজকৰ্মী ববিতা লহকৰ বৈশ্য, অনুভৱী লেখিকা বাসন্তী ফুকন দুৱৰা, যুৱ লেখক ফুকন ৰাজবংশী, অধ্যাপক মনিৰুজ জামান, সহকাৰী শিক্ষয়িত্ৰী জাৰ্জিনা বেগমে নিজস্ব দৃষ্টিভংগীৰে দিবাকৰ ৰেণুৰ কৰ্মৰাজি-গুণৰাজিৰ আলোকপাত কৰে।

সভাত কবি নৱ ডেকাই দিবাকৰ ৰেণুৰ অমৰ সৃষ্টি “মই বিষ্ণুৰাভা হ’ব খোজো” শীৰ্ষক কবিতাৰ সুমধুৰ কন্ঠেৰে আবৃত্তি কৰে। হিমাংশু পাঠক, জাৰ্জিনা বেগম, বাসন্তী ফুকন দুৱৰা আৰু ৰীনা বুঢ়াগোহাঁই বৰুৱাই একোটাকৈ স্বৰচিত কবিতা পাঠ কৰে অনুষ্ঠানটোত। ‘জোনাক’ মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদক পুলকেশ ৰায় বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত উপস্থিত আছিল বিশিষ্ট ব্যৱসায়ী-সমাজকৰ্মী হৰেকৃষ্ণ ডেকা, কবি-লেখক কমল কুমাৰ, ডিম্পী ভৰালী, স্পন্দন পলাশ,ড° চুৰীয়া বেগম, জয়শ্ৰী শইকীয়া, ভবেন্দ্ৰ কুমাৰ বৈশ্য, জুনু বৈশ্য, বিনন্দি ৰাম দাস ৰঞ্জুশ্ৰী বৰ্মন, শিখামণি দত্ত, অহিৰণ অন্তৰীপ, ৰেণু দেৱী, প্ৰণৱজ্যোতি দেৱ শৰ্মা, শৰৎ কলিতা, জুৰি শইকীয়া , অৰুণ গগৈ, সত্যজিৎ নাথ, দিপক দে, নৱজিৎ তালুকদাৰ, ৰমেন বৰাসহ অনেকজন দিবাকৰ ৰেণুৰ গুণমুগ্ধ।

আপুনি সকলো টকা ওঁঠত খৰচ কৰিলেঃ মাতৃৰ প্ৰচাৰ চলাবলৈ গৈ লাজৰ সন্মুখীন ড্ৰীম গাৰ্লৰ কন্যা এশা…

মাতৃ হেমা মালিনীৰ নিৰ্বাচনী প্ৰচাৰৰ কামত মথুৰালৈ গৈছিল অভিনেত্ৰী এশা দেউল। মাতৃৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লাজত পৰিল অভিনেত্ৰীগৰাকী। কিয় জানেনে? কেতিয়াবা নাকৰ আকৃতি সলনি কৰি আৰু কেতিয়াবা ওঁঠৰ আকৃতি সলনি কৰিবলৈ ডাক্তৰৰ আশ্ৰয় লয় অভিনেত্ৰী সকলে। আনকি কিছুমানে অস্ত্ৰোপচাৰৰ দ্বাৰা নিজৰ চেহেৰা সলনি কৰা বুলিও স্বীকাৰ কৰে বহু অভিনেত্ৰীয়ে। এইবাৰো একেই ঘটনা সংঘটিত হ’ল এসা দেওলৰ সৈতে। এশাই নিজকে সুন্দৰ কৰিবলৈ ওঁঠ দুটা ডাক্তৰৰ সহায়ত সুন্দৰ কৰিলে, সেই কথা ধৰা পৰিল অনুৰাগীৰ আঘত। বহুতে অভিনেত্ৰীগৰাকীৰ পূৰ্বৰ ছবিসমূহৰ সৈতে তুলনা কৰিলে।


মথুৰা সমষ্টিত এইবাৰ বিজেপিৰ হৈ যুঁজ দিছে হেমা মালিনীয়ে। দুই ছোৱালী এশা আৰু আহানা ভোট প্ৰচাৰ কৰিবলৈ গৈছিল। প্ৰচাৰৰ অন্তত হেমাৰ দুই কন্যাই সংবাদ মাধ্যমৰ সন্মুখত মথুৰাৰ কথা ক’লে। তেতিয়াই এশাৰ ফুলি উঠা ওঁঠ দুটা বহুতৰে দৃষ্টিগোচৰ হ’ল। সেই ভিডিঅ’টোক কেন্দ্ৰ কৰি বিভিন্ন মন্তব্যৰ উন্মেষ ঘটিছে। ইতিমধ্যে নেটিজেনৰ ট্ৰলিং আৰম্ভ হৈছে।

কোনোবাই লিখিছে, “ভগৱানে জানে মানুহে নিজৰ চেহেৰাত ইমান খৰচ কিয় কৰে…” আন এজনে ক’লে, “আপুনি বেছি প্লাষ্টিক হৈ পৰিছে!” কোনোবাই লিখিছে, “তেওঁ ওঁঠত সকলো টকা খৰচ কৰিলে, মগজুত কিছু টকা খৰচ কৰিব পাৰিলেহেঁতেন”। এনে মন্তব্যৰে অভিনেত্ৰীগৰাকীক কটাক্ষ কৰিলে।


এই পাঁচটা প্ৰসাধন সামগ্ৰী বেগত নাৰাখিলে তীব্ৰ গৰমত সমস্যাত পৰিব…

কেৱল পানীয়েই নহয়, শৰীৰৰ লগতে ছালৰ যত্ন ল’বলৈ প্ৰয়োজনীয় কিছুমান প্ৰসাধন সামগ্ৰীও। তেতিয়া গৰমৰ সৈতে যুঁজ দিয়া সম্ভৱ হ’ব! গৰমৰ মাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিলেই এপ্ৰিল মাহতেই, বাহিৰলৈ ওলাই গ’লেই চকু, মুখত ৰ’দে চেকচেকাই ধৰে। একে সময়তে শৰীৰটো ঘামত তিতিবলৈ আৰম্ভ কৰিলেই। এই তীব্ৰ গৰমত কামৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগিব। অফিচলৈ যাব যাওঁতে চিকিৎসকে বেগত পানীৰ বটল এটা ৰাখিবলৈ পৰামৰ্শ দিয়ে। কিন্তু কেৱল পানীয়েই নহয়, শৰীৰৰ লগতে ছালৰ যত্ন ল’বলৈ প্ৰয়োজনীয় কিছুমান প্ৰসাধন সামগ্ৰীও। তেতিয়া অলপ হ’লেও গৰমৰ সৈতে যুঁজ দিয়া সম্ভৱ হ’ব-

ছানগ্লাছ পিন্ধা, মুখখন স্কাৰ্ফেৰে ঢাকি ৰখা, ছাতিৰ তলত আশ্ৰয় লোৱা, ছালৰ যত্ন লোৱা। আনহাতে গৰমত ভৰিৰ ক্ষতিৰ কথা মনত ৰখা নহয়। ঘামৰ ফলত ভৰিৰ সংক্ৰমণ হ’ব পাৰে। একেদৰে ভৰিৰ ছালখনো শুকান হ’ব পাৰে। ইয়াৰ বাহিৰেও ভৰিৰ ঘামৰ পৰা বেয়া গোন্ধ ওলায়। তেনে ক্ষেত্ৰত ফুট স্প্ৰে ব্যৱহাৰ কৰিব লাগে।

গৰমত ঘাম ওলালে মুখখন তেলীয়া হৈ পৰে। ফলত সদায় মুখখন আঠা লগা অনুভৱ হয়, আকৌ অত্যধিক ৰ’দ দিলে ছালখন অত্যধিক শুকান আৰু বিৰক্তিকৰ হৈ পৰে। ছালৰ আৰ্দ্ৰতা কমি যায়। গতিকে মুখৰ ক্ৰীম বেগত ৰাখিব। প্ৰয়োজন হ’লে মুখত স্প্ৰে কৰিব লাগে। ছালখন সতেজ দেখা যাব।

গৰমত এলোভেৰা জেল বেগত ৰাখিব লাগে। ছালখন অলপ শুকান অনুভৱ হ’লে লগাব লাগে। ইয়াৰ বাহিৰেও এলোভেৰা জেলে ছালৰ বিষ কমাব পাৰে আৰু যিকোনো গৰমৰ সমস্যা, যেনে ৰ’দত পোৰা, ফোহা, ব্ৰণ আদিত ছালৰ বিষ ঠাণ্ডা কৰি ৰাখিব পাৰে। গতিকে নিশ্চিতভাৱে বেগত ৰাখিব এলোভেৰা জেল।

এটা অতি প্ৰয়োজনীয় গ্ৰীষ্মকালীন প্ৰসাধন সামগ্ৰী ছানস্ক্ৰীণ। বাহিৰলৈ ওলোৱাৰ আগতে ছানস্ক্ৰীণ লগাব লাগে। কিন্তু নিজৰ লগত ৰাখিবলৈ নাপাহৰিব। ৰ’দৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ছালখনক ৰক্ষা কৰিবলৈ ছানস্ক্ৰীণ ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ।

বাহিৰলৈ ওলাই যোৱাৰ পিছত শৰীৰটো ঘামত তিতি যায়। ঘাম ওলোৱাটোও বেয়া গোন্ধ। ঘাম আৰু দুৰ্গন্ধৰ অস্বস্তি কম কৰিবলৈ সুগন্ধি ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। ঘৰৰ পৰা ওলাই আহিলে বেগত লৈ আহিব পাৰফিউম।


এক লিটাৰ গাধৰ গাখীৰৰ মূল্য ৫০০০ টকা! গাধৰ গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে উপাৰ্জন কৰিছে তিনি লাখ টকা…

এক লিটাৰ গাধৰ গাখীৰৰ মূল্য ৫০০০ টকা! গাধৰ গাখীৰ বিক্ৰী কৰি প্ৰতিমাহে উপাৰ্জন কৰিছে তিনি লাখ টকা। অবিশ্বাস্যভাৱে গুজৰাটৰ এনে এটা ঘটনা পোহৰলৈ আহিছে। যুৱকজনৰ নাম ধীৰেন সোলাংকি। তেওঁৰ ৪২টা গাধ আছে। গুজৰাটৰ পাটন জিলাৰ বাসিন্দা ধীৰেন। গাধৰ গাখীৰ বিক্ৰী কৰি তেওঁ এতিয়া কোটিপতি।


ধীৰেনে কয় যে এক লিটাৰ গাধৰ গাখীৰ ৫ হাজাৰ টকাত বিক্ৰী কৰা হয়। দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত গাধৰ গাখীৰৰ চাহিদা বৃহৎ। সেই ৰাজ্যসমূহত গাধৰ গাখীৰ যোগান ধৰি তেওঁ প্ৰতিমাহে ২-৩ লাখ টকা উপাৰ্জন কৰি আছে। কিয় এই ব্যৱসায়লৈ আহিল, এই পৰিকল্পনা কেনেকৈ হ’ল, গুজৰাটৰ এই যুৱকজনে সকলো ক’লে। ধীৰেনে কয় যে তেওঁ চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছিল। অৱশেষত এটা ব্যক্তিগত কোম্পানীত চাকৰি পালে। কিন্তু তেওঁ যি দৰমহা পাই আছিল, সেই পইছাৰে ঘৰৰ খৰছ চলোৱাটো বৰ কষ্টকৰ হৈ পৰিল। তেতিয়াই আন কিবা এটা কৰাৰ চিন্তা মনলৈ আহিল ধীৰেণ। তেতিয়াই ধীৰেণৰ মনলৈ আহিল যে দক্ষিণ ভাৰতত গাধৰ গাখীৰৰ চাহিদা অতি বেছি, তেওঁ ভাবিলে ময়ো গাধৰৰ গাখীৰৰ বিক্ৰী কৰিম। তেতিয়াৰ পৰাই ধীৰেণে চাকৰি এৰি গাধৰ গাখীৰৰ ব্যৱসায় কৰাৰ সিদ্ধান্ত ল’লে।


ধীৰেনে লগতে কয় যে ব্যৱসায়ৰ আৰম্ভণিতে বহু সমস্যাৰ সৃষ্টি হৈছিল। গুজৰাটত গাধৰ গাখীৰৰ চাহিদা নাছিল। ফলত দক্ষিণৰ ৰাজ্যবোৰ ধীৰেনৰ ব্যৱসায়িক লক্ষ্য হৈ পৰিল। ধীৰেনে কয় যে এক লিটাৰ গাধৰ গাখীৰৰ দাম ৫-৭ হাজাৰ টকা।