Home Blog Page 910

কোভিডতকৈয়ো ১০০ গুণে বেছি বিপজ্জনক বাৰ্ড ফ্লুৱে সৃষ্টি কৰিব পাৰে আন এক মহামাৰীৰ, সতৰ্ক কৰিলে বিজ্ঞানীয়ে…

বিশ্বত আন এক মহামাৰীৰ আশংকাই দেখা দিছে। কোভিডতকৈয়ো ১০০ গুণে অধিক মাৰাত্মক বাৰ্ড ফ্লু মহামাৰীয়ে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। তেনে আশংকাই ব্যক্ত কৰিছে বিজ্ঞানীসকলে। দৰাচলতে বিশ্বৰ পৰা এতিয়াও নাইকিয়া হোৱা নাই ক’ৰনাৰ প্ৰভাৱ৷ যেতিয়াই কোভিডৰ প্ৰসংগ আহে তেতিয়াই মানুহৰ চিন্তা বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি পেলাইছে৷ বহুতে হেৰুৱাইঠে কৰ্ম সংস্থাপন। কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই৷ তেনে সময়তে আন এক ভাইৰাছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিছে বিজ্ঞানীসকলে।কোভিডতকৈও মাৰাত্মক ৰোগ H5N1 অৰ্থাৎ বাৰ্ড ফ্লু মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰিছে বহু বিজ্ঞানীয়ে।

H5N1ৰ এই নতুন মহামাৰীৰ সংক্ৰমণে বিশেষভাৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে। বিজ্ঞানীসকলে দাবী কৰিছে যে H5N1 ভাইৰাছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ বিশ্বজুৰি সৃষ্টি হ’ব পাৰে আন এক ভয়ংকৰ মহামাৰী। বাৰ্ড ফ্লুৰ সংক্ৰমণ ক’ৰ’না মহামাৰীতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হৈছে। বিজ্ঞানীসকলৰ মতে বাৰ্ড ফ্লু মহামাৰী দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা অব্যাহত আছে। বিশেষজ্ঞসকলে কয় যেকোভিড সংকটতকৈ H5N1 ভাইৰাছ অধিক বিধ্বংসী হ’ব পাৰে। হোৱাইট হাউছেও এই ভাইৰাছে সৃষ্টি কৰিব পৰা অৱস্থাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে।

শেহতীয়াকৈ আমেৰিকাত গৰু, মেকুৰী আৰু মানুহকে ধৰি বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত H5N1 সংক্ৰমণ ধৰা পৰিছে। দেখা গৈছে যে জীৱ-জন্তুতকৈ মানুহে অধিক সহজ আৰু ক্ষিপ্ৰতাৰে এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। এনে আশংকা সেয়ে বিশ্ববাসীৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়ালৈকে আমেৰিকাৰ ছখন প্ৰদেশত H5N1 ৰোগী চিনাক্ত কৰা হৈছে। প্ৰখ্যাত বাৰ্ড ফ্লু গৱেষক ডাঃ সুৰেশ কুচিপুডীয়ে সকীয়াই দিছে যে ‘কোভিডতকৈ ১০০ গুণ অধিক বিপজ্জনক ’ হ’ব পাৰে বাৰ্ড ফ্লু মহামাৰী। কেৱল সেয়াই নহয়, এই মহামাৰীয়ে আক্ৰান্ত লোকৰ ভিতৰত আধা সংখ্যকৰে মৃত্যুৰ কাৰণ হ’ব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা H5N1 ভাইৰাছত আক্ৰান্ত হোৱা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰত ৫২ জন ৰোগীৰ মৃত্যু হৈছে। এইদৰে H5N1 ৰ মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক। যদি ইয়াক ক’ৰ’না ভাইৰাছৰ সৈতে তুলনা কৰা হয় তেন্তে মহামাৰীৰ আৰম্ভণিতে ইয়াৰ মৃত্যুৰ হাৰ কিছু ঠাইত ২০ শতাংশ আছিল, যিটো পিছলৈ মাত্ৰ ০.১ শতাংশলৈ হ্ৰাস পাইছিল। এই পৰ্যন্ত মাত্ৰ ৮৮৭ গৰাকী লোক বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে ৪৬২ জনৰ মৃত্যু হৈছে।ভাইৰাছবিধৰ বিৰুদ্ধে ভেকছিন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। আমেৰিকা যুক্তৰাজ্যই ইতিমধ্যে ভেকছিনৰ উপাদানবোৰ পৰীক্ষা কৰি আছে।

প্ৰতি বছৰে ৰমজানৰ তাৰিখ কিয় সলনি হয়…

সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে ৰমজান মাহটো আটাইতকৈ পবিত্ৰ মাহ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ, যিটো শ্বাবান মাহৰ শেষৰ দিনটোত (ইছলামিক কেলেণ্ডাৰৰ অষ্টম মাহ) চন্দ্ৰ দেখাৰ পিছত আৰম্ভ হয়।

মুছলমানসকলে গোটেই ৰমজান মাহত ৰোজা ৰাখে। ৰোজাৰ সমান্তৰালকৈ পবিত্ৰ ৰমজান মাহটো আল্লাহৰ ইবাদত, ধৰ্মীয় গ্ৰন্থ পাঠ আৰু জাকাত ইত্যাদিৰ দৰে উদাৰ কাম কৰিবলৈও এক উত্তম সুযোগ।

ৰমজানৰ অন্তিম দিনটোত চন্দ্ৰ দৰ্শনৰ পিছত শ্বাৱাল মাহৰ প্ৰথম তাৰিখত (ইছলামিক কেলেণ্ডাৰৰ দশম মাহ) ঈদ উৎসৱ (ঈদ আল-ফিতৰ ২০২৪) পালন কৰা হয়।

৩৫ বছৰৰ পাছত হালদী শীতকালত ৰমজান আহি পৰে।

চলিত বৰ্ষৰ ১১ মাৰ্চ, ২০২৪ৰ পৰা ৰমজান মাহ আৰম্ভ হোৱাত এতিয়া ৰমজান শেষ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। ইয়াৰ আগতে ৰমজান মাহটো গ্ৰীষ্মকালৰ পৰা আৰম্ভ হৈছিল, য’ত ৰোজাৰ লোকসকলে ভোক আৰু পিয়াহৰ যন্ত্ৰণা সহ্য কৰি ৰোজা ৰাখি আল্লাহৰ ইবাদত কৰিছিল।

কিন্তু এইবাৰ হালদী শীতকালত আৰম্ভ হৈছে সুখৰ ৰমজান মাহৰ। এনে পৰিস্থিতিত ৰোজা ৰখা লোকসকলে কিছু আৰাম অনুভৱ কৰি আছে।

প্ৰায় ৩৫ বছৰৰ পাছত চলিত বৰ্ষৰ মাৰ্চ মাহৰ মাজভাগৰ পৰা আৰম্ভ হ’ল ৰমজান। এনে পৰিস্থিতিত ৰমজানত (প্ৰায় ২০ দিন) ৰোজাৰ এটা বৃহৎ অংশ খোদ মাৰ্চ মাহত পৰিল। মাৰ্চ মাহৰ মাজভাগ সকলো ঋতুৰ ভিতৰত আটাইতকৈ অনুকূল বুলি গণ্য কৰা হয়। কাৰণ এই সময়ত বেছি গৰমও নহয়, বেছি ঠাণ্ডাও নহয়।

কিন্তু যোৱা কেইবাবছৰ ধৰি গ্ৰীষ্মকালৰ পৰা আৰম্ভ হৈছে ৰমজান। ২০২৩ চনতো ৰমজান মাহটো মাৰ্চ মাহৰ শেষৰ পৰা আৰম্ভ হৈছিল আৰু ২৩ এপ্ৰিলত শেষ হৈছিল।

ইছলামিক কেলেণ্ডাৰ কেনেকৈ গণনা কৰা হয়?

ইছলামিক কেলেণ্ডাৰ চন্দ্ৰৰ গতিৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয়। এই কাৰণেই ইছলামত চন্দ্ৰ দৰ্শনক বিশেষ গুৰুত্ব দিয়া হৈছে। বিশেষজ্ঞসকলৰ মতে প্ৰতি বছৰে প্ৰায় ১১ দিন হ্ৰাস পায়। এই কাৰণেই এইবাৰ ৰমজান মাৰ্চ-এপ্ৰিল মাহৰ।

ব’হাগৰ আগমন চ’তৰ গমন…

কুলিয়ে দিলে ব’হাগৰ আগজাননী, গছত কপৌফুল ফুলিছে, নাচনীয়ে কপৌফুল খোপাত পিন্ধি লৈছে তাত শালত বিহুৱান লগাইছে ইত্যাদি। এনেকৈ সকলোৱে সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুতি আদৰণি জনাব। বহাগ বিহুৰ আগমনে আমাৰ সকলোৰে মন জীপাল কৰি তুলিছে। প্ৰকৃতিয়ে ন ৰূপ ধাৰণ কৰিছে, চাৰিওফালে সেউজীয়া কেৱল সেউজীয়া, ঢোলৰ শব্দত সকলোৰে গাত তত্ নাইকীয়া হৈছে। বিহুত বলিয়া আমি। প্ৰত্যেকজন অসমীয়া মানুহে ঘৰত লাৰু পিঠা বনোৱাত লাগিছে। দীঘলতী মাখিয়তী বিচৰাত লাগিছে, গৰুৰ বাবে নতুন পঘা আনিছে, হেঁপাহৰ ৰঙালী বিহু আহিছে। চ’ত মাহ অহাৰ পৰাই আমাৰ মন আনন্দৰে ভৰি পৰে, চ’তৰ এমাহ এবছৰৰ সমান লাগে।
ব’হাগ বিহুত ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে মিলি বিহু গাই ৰং ধেমালী কৰে বাবে ব’হাগ বিহুক ৰঙালী বিহু বোলা হয়। গৰু বিহুৰ দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়।

গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদীত নি সকলোৱে গৰু ধুৱাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই কোবাই

‘দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।’ বুলি কয়।
আবেলি গৰু পথাৰৰ পৰা লৈ অহাৰ পিছত নতুন পঘাৰে বান্ধি গোহালিৰ সন্মুখত ধোৱা দি ভগৱানক প্ৰাৰ্থনা জনায় যাতে গৰুকেইটা ভালে থাকে।
বহাগ বিহুতে তিতা খোৱা পৰম্পৰাও আছে কিছুমান ঠাইত গৰু বিহুৰ দিনা ৰাতিপুৱা খাই আৰু কিছুমান ঠাইত মানু্হ বিহুৰ দিনা ৰাতিপুৱা খাই।


অসমীয়া সমাজত বিহুত এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনা খোৱা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ শক্তি বান্ধে। হাঁহি ধেমালিৰ মাজতে এনেকৈ পাৰ হৈ যায় আমাৰ হেঁপাহৰ ৰঙালী বিহুতী।

লেখকঃ কানুপ্ৰিয়া ডেকা

মুখ্যমন্ত্ৰীক অনুৰোধঃ ৰাইজক লাগে দলং…

দৰং ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ তীব্ৰ গতিত অবধাৰিত ৷ শাসনাধিষ্ঠিত বিজেপি সমৰ্থিত পাৰ্থী দিলিপ শইকীয়াই নিৰ্বাচনী সভাত বক্তব্য মই ৪ লাখ ভোটত জয়ী হম, কংগ্ৰেছ সমৰ্থিত পাৰ্থী মাধৱ ৰাজবংশীৰ বক্তব্য মই কৰে ২ লাখ ভোটত জয়ী হম, আনহাতে বিপি এফ সমৰ্থিত পাৰ্থী দুৰ্গাদাস বড়ো অনুৰূপ বক্তব্য ৷ পিচে পাৰ্থীসকলৰ এই বক্তব্যবোৰৰ আৰত থাকিব ভোটাৰসকল ৷ আনহাতে ছিপাঝাৰ সমষ্টিত নিৰ্বাচনী গৰম বতাহ বলি থকা সময়তে শাসনাধিষ্ঠিত জনপ্ৰতিনিধিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ পুৰুষ মহিলাৰ ৷ ২০২২ বৰ্ষত প্ৰলয়ংকৰী বানে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ সৰাবাৰী, গংগাপুখুৰী, বুঢ়াখাট, কটাহী গাওঁত বানপানীয়ে ক্ষতিগ্ৰস্ত পথ তিনি বছৰে মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ পশ্চিম দৰঙৰ কটাহী ৰাজহ গাওঁৰ এখন ভঙা বাহৰ দলঙেৰে যাতায়ত আজিও অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ৷

কটাহী বাসী ৰাইজে নিৰ্মাণ কৰা এখন বাহৰ দলঙেৰে তিনি বছৰে বিপদসংকুল ভাৱে যাতায়ত কৰি আহিছে ছিপাঝাৰ সমষ্টিৰ সৰাবাৰী পঞ্চায়তৰ কটাহীবাসীয়ে ৷ উল্লেখ্য যে ২০২২ চনত প্ৰলয়ংকৰী বানপানীয়ে চিঙি নিছিল এই কটাহী – গংগাপুখুৰী পথটিৰ কালভাৰ্টটো ৷ বাৰিষা বিভিন্ন ঠাইৰ পৰা অহা পানী খাটৰ দলনিত জমা হৈ গংগাপুখুৰী- কটাহী পথৰ কালভাৰ্টৰে প্ৰবাহিত হৈ কালপানী নদীত পৰে ৷ তিনি বছৰ ধৰি কটাহীবাসী ৰাইজে জীয়াতু ভুগি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ কাকুটি মিনটি কৰিও মেৰামতি কৰিব নোৱাৰিলে পথ আৰু দলং ৷ উপায়ন্তৰ হৈ ৰাইজে বাঁহেৰে দলং এখন নিৰ্মাণ কৰি চলাচল কৰে যদিও প্ৰতিবছৰে বানপানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন ৷ এতিয়া কন কন ছাত্ৰছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখিন হোৱাৰ উপৰিও অঞ্চলটিলৈ যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন ৷ সেয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটিৰ পুৰুষ মহিলা সকলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷

ভাৰত ‘প্ৰশিক্ষণ কেন্দ্ৰ ‘ হ’বলৈ কিয় বাধ্য ! শিক্ষা ব্যৱস্থাৰ এক ৰূপান্তৰ দিশ…

যিকোনো দেশৰ উন্নয়ন বহুলাংশে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান সময়ত ভাৰতৰ শিক্ষাৰ স্তৰ যে বছৰৰ পিছত বছৰ ধৰি কমি আহিছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি।মাত্ৰ কেইমাহমানৰ আগতে ৰাষ্ট্ৰীয় নমুনা জৰীপৰ এক চাঞ্চল্যকৰ প্ৰতিবেদন আহিছিল। ইয়াৰ ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ স্তৰ হ্ৰাস পাইছে। প্ৰতিবেদন অনুসৰি পশ্চিমবংগ, বিহাৰ, উৰিষ্যাৰ দৰে বহু ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন। অৰ্থাৎ ভাৰতৰ বহু গ্ৰামাঞ্চলত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ অৱস্থা ইমানেই বেয়া যে সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে অভিভাৱকে সুকীয়াকৈ কোচিং ল’ব লগা হৈছে।

এতিয়া ASER 2023 ৰ আন এক প্ৰতিবেদন আহিছে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ স্কুলীয়া শিক্ষা আৰু শিক্ষাৰ স্থিতি সম্পৰ্কে। ইয়াৰ মতে দেশৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ এক চতুৰ্থাংশ শিশুৱে আনকি দ্বিতীয় শ্ৰেণীৰ গ্ৰন্থও নিজৰ আঞ্চলিক ভাষাত সাৱলীলভাৱে পঢ়িব পৰা নাই। ASER 2023 “Beyond Basics” সমীক্ষাত ২৬খন ৰাজ্যৰ ১৪-১৮ বছৰ বয়সৰ ৩৪ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ ওপৰত সমীক্ষা কৰা হৈছিল। সমীক্ষাটোত দেখা গৈছে যে ইয়াৰ লগত জড়িত ৫৬ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাত এটা বাক্যও পঢ়িব পৰা নাই।

নতুন শিক্ষা নীতি ২০২০ৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ডিজিটেল শিক্ষাক শক্তিশালীভাৱে প্ৰসাৰিত কৰিছিল। কিন্তু এই প্ৰতিবেদন অনুসৰি আজিৰ শিশুসকলে পঢ়া-শুনাতকৈ মনোৰঞ্জনৰ বাবেহে স্মাৰ্টফোন ব্যৱহাৰ কৰিছে। সমীক্ষাত অন্তৰ্ভুক্ত ১৪ৰ পৰা ১৮ বছৰ বয়সৰ ৯১ শতাংশ শিশু ছ’চিয়েল মিডিয়াত সক্ৰিয়।

ASER Report 2023 ত দেখা গৈছে যে স্মাৰ্টফোনৰ সমস্যা কেৱল চহৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজতে সীমাবদ্ধ নহয়। বৰঞ্চ গ্ৰামাঞ্চলত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এই সমীক্ষাত অন্তৰ্ভুক্ত ৯৫% গ্ৰাম্য পৰিয়ালত স্মাৰ্টফোন আছিল আৰু প্ৰায় ৯০ শতাংশ মহিলা আৰু ৯৫ শতাংশ পুৰুষ

ৰঙালী বিহুৰ প্ৰাকক্ষণত জিলিকি উঠিছে মেলেং বচাপথাৰৰ ৰ’জ গাৰ্ডেন, উদ্যোমী যুৱক হৰেন গগৈ প্ৰচেষ্টা…

যোৰহাট জিলাৰ মেলেং বচা পথাৰ বৰগুৰি অঞ্চলৰ উদ্যোমী যুৱক হৰেন গগৈৰ প্ৰচেষ্টাত জিলিকি উঠিছে দুবছৰ আগেয়ে আৰম্ভ কৰা ১৫ বিঘা মাটিত ৰ’জ গাৰ্ডেন সহ অৰ্কিড উদ্যান । গ্ৰাম্য অৰ্থনীতি সবল কৰা প্ৰচেষ্টাৰে যোৰহাট জিলাত আৰম্ভ কৰা এই খনেই একমাত্ৰ গোলাপ ফুলৰ বাগিচা । উল্লেখ যে এই ৰ’জ গাৰ্ডেন খন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱাৰ লগতে জন্ম দিন উদযাপন,বিভিন্ন অনুষ্ঠানৰ সুবিধা উপলব্ধ কৰিছে গৰাকী হৰেন গগৈয়ে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ এই ৰ’জ গাৰ্ডেন খনত এখন অৰ্কিড উদ্যান, শিশু কিশোৰৰ খেলনা লগতে এখন পাৰ্কৰে ১০০ ৰো প্ৰজাতিৰ গোলাপ ফুল আছে ।

বটানিকেল গাৰ্ডেন হিচাপে যি খন অৰ্কিড উদ্যান গঢ়ি তুলিছে তাত নানা প্ৰজাতিৰ আয়ুৰ্বেদিক বনৌষধী সমৃদ্ধ গছ ৰোপন কৰা লগতে নেমু গছ, চাহ বাগিছাই দৃষ্টি নন্দন কৰিছে পৰিবেশ।গৰাকী গগৈয়ে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বাবে তেওঁ গোলাপ ফুলৰ বাগিচাৰ ফুল যোগানৰ নাচাৰি ব্যৱস্থা কৰিছে । বৰ্তমান বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰী কো শিক্ষক শিক্ষয়িত্ৰী সকলে এই গোলাপ ফুলৰ বাগিচা দেখুৱাবলৈ আনিছে বুলি জানিবলৈ দিয়ে গৰাকীয়ে । থলুৱা খাদ্য সম্ভাৰেৰে সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ৰিজৰ্ত সহ এই গোলাপ ফুলৰ বাগিচা খন অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা লগতে দুৰ দুৰনি বহু পৰ্যটকে আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে।

কাজিৰঙাত হস্তী শিবিৰত ৩১ টা হাতীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ উদ্যোগত কাজিৰঙাৰ পিলখানাত হস্তী শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা হাতী পিলখানাত বন বিভাগৰ পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা প্রদান কৰা হয়। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়া মতে বন বিভাগৰ মুঠ ৩১টা হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হাতীকেইটাৰ চিকিৎসা কৰি যাৱতীয় ঔষধ প্রদান কৰা হয়। চিকিৎসা শিবিৰত বিশেষকৈ হাতী পোৱালিবোৰক পেলুৰ ঔষধ প্রদান কৰা হয়। আনহাতে, বিভিন্ন কাৰণত পৰস্পৰৰ মাজত আৰু কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত আঘাত পোৱা পোহনীয়া হাতীকো চিকিৎসা কৰা হয়। আঘাতপ্রাপ্ত হাতীক লঘু অস্ত্রোপচাৰ কৰা বুলিও পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় আজিৎ উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত থকা ৩১টা এক পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও আৰু কেইবাটাও হাতী কর্তব্য তথা উদ্যান নিৰাপত্তাৰ কামত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন শিবিৰত থকাৰ বাবে কাইলৈ কৰা হ’ব।

কহঁৰাৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত থকা প্রায় ৭০টা বন বিভাগৰ পোহনীয়া হাতীক পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলিও পশু চিকিৎসকে জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিভাগীয় পোহনীয়া হাতীবোৰৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰি থাকে। কাজিৰঙাত থকা বন বিভাগৰ প্ৰতিজনী পোহনীয়া মাইকী হাতীৰ পোৱালি আছে। এইটো ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত দেখা নাযায়। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে আৰু এই বনৰীয়া মতা হাতীৰ সৈতে পোহনীয়া মাইকী হাতীৰ সংগম হৈ থাকে। ফলত পোহনীয়া হাতীৰ পোৱালিবোৰ স্বাস্থ্যবান হয় বুলি পশু চিকিৎসক ভাস্কৰ চৌধৰীয়ে মত প্রকাশ কৰে। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰৱাৰ- উপৰি উক্ত শিবিৰত বোকাখাত পশু চিকিৎসালয়ৰ চিকিৎসক পম্পী দেউৰী, কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ভাস্কৰ চৌধুৰীৰ লগতে চিকিৎসা কর্মীসকল উপস্থিত থাকি হাতীৰ চিকিৎসা শিবিৰ সম্পন্ন কৰে। উক্ত শিবিৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

যোগীৰ ৰাজ্যত ৰক্ষা পৰিল মাদ্ৰাছা আইন! উচ্চতম ন্যায়ালয়ে ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ মুছলমান শিক্ষাৰ্থীক দিলে সকাহ…

অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক সকাহ দিলে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায় স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ আৰোপ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইনখনক অসাংবিধানিক ঘোষণা কৰি ৰায় দিছিল। উচ্চতম ম্যায়ালয়ে আদালতে মাদ্ৰাছা বোৰ্ড, উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি ৩০ জুন ২০২৪-ৰ ভিতৰত উত্তৰ বিচাৰিছে।

বৰ্তমানৰ বাবে মাদ্ৰাছাসমূহত ২০০৪ চনৰ মাদ্ৰাছা বোৰ্ড আইনৰ অধীনত শিক্ষা অব্যাহত থাকিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কৈছে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত প্ৰাথমিকভাৱে শুদ্ধ নহয়। কাৰণ উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত ঘোষণা কৰাটো ধৰ্মনিৰপেক্ষতাৰ উলংঘন। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ইউপি ব’ৰ্ড অফ মাদ্ৰাছা এডুকেছন এক্ট ২০০৪ ক অসাংবিধানিক বুলি ঘোষণা কৰাৰ আদেশটো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে আজি উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন বাতিল কৰিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে। আদালতত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ এএছজি কেএম নটৰাজে কয় যে আমি উচ্চ ন্যায়ালয়ত আইনখন বাহাল ৰখাৰ পক্ষ লৈছো। কিন্তু উচ্চ ন্যায়ালয়ে আইনখন বাতিল কৰাৰ পিছত আমি সিদ্ধান্তটো সলনি কৰিবলগীয়া হৈছে।

উত্তৰ প্ৰদেশ মাদ্ৰাছা ব’ৰ্ডৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই আইন বাতিল কৰাৰ অধিকাৰ নাই। এই সিদ্ধান্তই ৰাজ্যখনত চলি থকা প্ৰায় ২৫,০০০ মাদ্ৰাছাত অধ্যয়ন কৰি থকা ১৭ লাখ শিক্ষাৰ্থীক ক্ষতিগ্ৰস্ত কৰিব। ২০১৮ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মাদ্ৰাছাবোৰত বিজ্ঞান, পৰিৱেশ, গণিতৰ দৰে বিষয়বোৰ শিকোৱা হৈছে। মাদ্ৰাছাসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে মাদ্ৰাছা বোৰত কোৰাণক ইয়াত এটা বিষয় হিচাপে শিকোৱা হয়। জ্যেষ্ঠ অধিবক্তা হুজাইফা আহমেদীয়ে কয় যে ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় বিষয় দুটা পৃথক বিষয়। সেয়েহে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখা উচিত। সিংভিয়ে কয় যে বহু গুৰুকুল আজি বিখ্যাত হৈ পৰিছে। তেওঁলোকে যদি ভাল কাম কৰি আছে, আমি তেওঁলোকক বাধা দিব লাগে নেকি আৰু ক’ব লাগে নেকি যে এয়া হিন্দু ধৰ্মীয় শিক্ষাৰ প্ৰতিষ্ঠান? এয়া শতিকা প্ৰাচীন প্ৰণালী এটা সমাপ্ত কৰাৰ দৰে কথা নহ’বনে? তেওঁ লগতে কয় যে যিহেতু শিক্ষা প্ৰদান কৰাটো ৰাজ্যৰ অন্যতম প্ৰাথমিক কৰ্তব্য, সেয়েহে উক্ত ক্ষেত্ৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰোঁতে ই ধৰ্মনিৰপেক্ষ হৈ থাকিব লাগিব।

কাজিৰঙাত এইবাৰ পূৰ্বৰ অভিলেখ ভংগঃ পৰ্যটক, ৰাজহ বৃদ্ধি…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত এইবাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি বৃহস্পতিবাৰে বোকাখাতত থকা সঞ্চালকৰ কাৰ্যালয়ে দিয়া তথ্যত প্ৰকাশ ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ ৷


উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাওঁ বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পুৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷

২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিচতেই চলিত বিত্তীয় বৰ্ষত বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পুৰ্বৰ তুলানতকৈ এইবাৰ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠাৰ খাদ্যৰ চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-না চ’ পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পানপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল।

গোলকগঞ্জ আৰক্ষীৰ অভিযানত আটক ১জন আই পি এল বুকি…

অবৈধ তীৰ,জুৱা, নিচাজাতীয় দ্ৰব্য আদিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী প্ৰশাসনৰ দিনে-নিশাই অভিযান অব্যাহত আছে। আই পি এল বুকিৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। আজি এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ তীব্ৰ অভিযানত গোলকঞ্জ বজাৰৰ এটা দোকানৰ ভিতৰৰ পৰা আটক কৰিলে এজন আই পি এল বুকিক।

আৰক্ষীয়ে আটকাধীন আই পি এল বুকি জন গোলকগঞ্জ সমষ্টিৰ উত্তৰ টোকৰাৰছৰা ১ম খণ্ডৰ নাৰায়ন সৰকাৰৰ পুত্ৰ ধৃত নিত্যানন্দ সৰকাৰ।উল্লেখ্য যে ধৃত নিত্যানন্দ সৰকাৰ দীৰ্ঘদিনৰ পৰাই অবৈধ জুৱা খেলৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি ধৃত নিত্যানন্দ সৰকাৰক আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।