Breaking

ব’হাগৰ আগমন চ’তৰ গমন…

0 29

কুলিয়ে দিলে ব’হাগৰ আগজাননী, গছত কপৌফুল ফুলিছে, নাচনীয়ে কপৌফুল খোপাত পিন্ধি লৈছে তাত শালত বিহুৱান লগাইছে ইত্যাদি। এনেকৈ সকলোৱে সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুতি আদৰণি জনাব। বহাগ বিহুৰ আগমনে আমাৰ সকলোৰে মন জীপাল কৰি তুলিছে। প্ৰকৃতিয়ে ন ৰূপ ধাৰণ কৰিছে, চাৰিওফালে সেউজীয়া কেৱল সেউজীয়া, ঢোলৰ শব্দত সকলোৰে গাত তত্ নাইকীয়া হৈছে। বিহুত বলিয়া আমি। প্ৰত্যেকজন অসমীয়া মানুহে ঘৰত লাৰু পিঠা বনোৱাত লাগিছে। দীঘলতী মাখিয়তী বিচৰাত লাগিছে, গৰুৰ বাবে নতুন পঘা আনিছে, হেঁপাহৰ ৰঙালী বিহু আহিছে। চ’ত মাহ অহাৰ পৰাই আমাৰ মন আনন্দৰে ভৰি পৰে, চ’তৰ এমাহ এবছৰৰ সমান লাগে।
ব’হাগ বিহুত ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে মিলি বিহু গাই ৰং ধেমালী কৰে বাবে ব’হাগ বিহুক ৰঙালী বিহু বোলা হয়। গৰু বিহুৰ দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়।

গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদীত নি সকলোৱে গৰু ধুৱাই দীঘলতী, মাখিয়তী আদি গছৰ ডালেৰে কোবাই কোবাই

‘দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।’ বুলি কয়।
আবেলি গৰু পথাৰৰ পৰা লৈ অহাৰ পিছত নতুন পঘাৰে বান্ধি গোহালিৰ সন্মুখত ধোৱা দি ভগৱানক প্ৰাৰ্থনা জনায় যাতে গৰুকেইটা ভালে থাকে।
বহাগ বিহুতে তিতা খোৱা পৰম্পৰাও আছে কিছুমান ঠাইত গৰু বিহুৰ দিনা ৰাতিপুৱা খাই আৰু কিছুমান ঠাইত মানু্হ বিহুৰ দিনা ৰাতিপুৱা খাই।


অসমীয়া সমাজত বিহুত এশ এবিধ শাক আৰু সাত বিহুৰ দিনা সাতবিধ শাক খোৱাৰ পৰম্পৰা আছে। বিহুৰ দিনা যি এশ এবিধ শাক খোৱাৰ পৰম্পৰা আছে তাত বিভিন্ন শাক-পাচলি, তৰু-লতা-তৃণ আদি অন্তৰ্ভুক্ত কৰা হয়। এই শাক-পাচলিবোৰত টেঙা, কেঁহা, তিতা গুণৰ সমাহাৰ হয়। স্বাভাৱিকতে এই সমূহ ঔষধি গুণ সম্পন্ন। অসমীয়া সমাজত খাদ্য প্ৰণালী সম্পৰ্কে বিভিন্ন নীতি-নিয়ম আছে। সেইদিনা খোৱা এশ এবিধ শাকত কোনো খাদ্যৰ অশুভ প্ৰতিক্ৰিয়া নাথাকে। বিহুৰ প্ৰথম দিনা ঔষধি গুণসম্পন্ন শাকপাত খাই অসমীয়া মানুহে বছৰটোলৈ শক্তি বান্ধে। হাঁহি ধেমালিৰ মাজতে এনেকৈ পাৰ হৈ যায় আমাৰ হেঁপাহৰ ৰঙালী বিহুতী।

লেখকঃ কানুপ্ৰিয়া ডেকা

Leave A Reply