Home Blog Page 917

সকিয়ালে ভাৰতীয় বতৰ বিজ্ঞানে গ্ৰীষ্ম প্ৰবাহে দহিব একাধিক ৰাজ্য ! এই সময়চোৱাত শিশু, বয়োজেষ্ঠ আৰু ৰোগাক্ৰান্ত সকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা…

■ আক্ৰান্ত হব শিশু, বয়োজেষ্ঠ, ৰোগী
■ ব্যৱস্হা গ্ৰহনৰ বাবে সকীয়নি শক্তি বিভাগক

চলিত এপ্ৰিল মাহৰ পৰা জুন মাহৰ মাজত প্ৰবল গ্ৰীষ্ম প্ৰবাহে দহিব দেশৰ একাধিক ৰাজ্য । এই সকীয়নি দিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই। তেওঁ সকীয়নি দি কয় যে এই সময়চোৱাত গ্ৰীষ্ম প্ৰবাহ ইমানেই বেছি হব যে শিশু, বয়োজেষ্ঠ আৰু ৰোগাক্ৰান্ত সকল অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাই দেখা দিছে।

এই গ্ৰীষ্ম প্ৰবাহে গুজৰাট, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্নাটক, ওড়িশা,অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম মধ্য প্ৰদেশক চুই যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালকপ্ৰধান গৰাকীয়ে সতৰ্ক কৰি দি শক্তি বিভাগক উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত আগতীয়া ব্যৱস্হা গ্ৰহন কৰিবলৈকো সতৰ্ক কৰি দিছে।

তেওঁ ইতিমধ্যে দেশৰ ২৩ খন ৰাজ্যই গ্ৰীষ্ম প্ৰবাহৰ পৰা ৰক্ষা পাবলৈ আগতীয়াকৈ “এক্সন প্লেন” তৈয়াৰ কৰা বুলি উল্লেখ কৰি কয় যে মধ্য ভাৰতৰ লগতে পশ্চিম ভাৰতৰ সমুদ্ৰতীৰ অঞ্চলত তাপমাত্ৰা স্বাভাৱিকতকৈ অধিক হৈ থাকিব বুলিও সতৰ্ক কৰি দিছে।

থলুৱা ব্যৱসায়ীৰ হাহাকাৰ অৱস্থা ! আৰ্দ্ধেক বিলাতী সুৰাৰ বিপনী অনা অসমীয়াৰ হাতলৈ…

নিষিদ্ধ সংগঠন আলফাৰ সদস্য একাংশই মূল সূঁতিলৈ উভতি অহাৰ পাছত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই প্ৰায় সকলোকে বিলাতী সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল। সংখ্যাগৰিষ্ঠ এনে ব্যৱসায়ী আছিল অসমীয়া যুৱক। প্ৰথমাৱস্থাত তেওঁলোকৰ ব্যৱসায় সুন্দৰ ভাবেই চলিছিল। কিন্তু শেহতীয়াকৈ সুৰাৰ দাম চৰকাৰে বৃদ্ধি কৰিছে যদিও ব্যৱসায়ী সকলৰ সেই অনুপাতে লাভাংশ বৃদ্ধি নোহোৱাত বিপাঙত পৰে ব্যৱসায়ী যুৱক সকল। সুৰা ব্যৱসায়ী সকলৰ এক সূত্ৰই জানিবলৈ দিয়ামতে এনে ব্যৱসায়ী সকলে বিপনী চলাবলৈ অক্ষম হৈ পৰাৰ পূৰ্ন সুযোগ গ্ৰহণ কৰে একাংশ বণ্ডে।

বণ্ডে তেনে বিপনী এক চুক্তি কৰি নিজৰ হাতলৈ নি মাহিলী নামমাত্ৰ ধন আদায় দি আহিছে অনুজ্ঞাপত্ৰ থকা ব্যক্তি গৰাকীক। অভিযোগ মতে বণ্ডসমূহ এই ব্যৱস্হাৰ জৰিয়তে বণ্ডৰ লগতে সুৰাৰ ৰিটেইল বিক্ৰিৰ লাভাংশ আদায় কৰি আহিছে। শেহতীয়াকৈ আবকাৰী বিভাগে পৌৰ এলেকাৰ অন্তৰ্গত বিলাতী সুৰাৰ বিপনী সমূহে নৱীকৰণৰ বাবদ চৰকাৰক ৪ লাখ টকা আদায় দিয়াৰ জাননী জাৰি কৰিছে। বিলাতী সুৰাৰ ব্যৱসায়ীক সূত্ৰটোৱে অভিযোগ কৰি কয় যে বৰ্তমান ৬ শতাংশ লাভাংশৰে ৪ লাখ নৱীকৰণ, দোকানৰ ভাৰা, কৰ্মচাৰীৰ বেতন ইত্যাদি ভৰণ কৰাটো অসম্ভৱ হৈ পৰিছে।

এনে পৰিস্থিতিত পুনৰ বহু বিলাতী সুৰাৰ বিপনী বাধ্য হৈ অনা অসমীয়া বণ্ডৰ গৰাকীৰ হাতত তুলি দিয়াটো নিশ্চিত। সূত্ৰটোৱে জানিবলৈ দিয়ামতে বৰ্তমান ৰাজ্যখনত ১,৭৮২ খন বিলাতী সুৰাৰ বিপনীৰ অৰ্দ্ধেক বণ্ডৰ হাতত। শেহতীয়াকৈ আবকাৰী বিভাগে জাৰি কৰা জাননী মৰ্মে আৰু একাংশ বিপনী বণ্ডৰ হাতলৈ যোৱাটো নিশ্চিত বুলি সূত্ৰটোৱে দাবী কৰে। উল্লেখ্য যে ৰাজ্যখনত ৮০ খনতকৈ অধিক সুৰাৰ বণ্ড আছে আৰু ইয়াৰে অধিকাংশই অনা অসমীয়াৰ হাতত। বিলাতী সুৰাৰ ব্যৱসায়ী সকলে ৰাজ্য চৰকাৰক বিষয়টো গুৰুত্ব সহকাৰে লৈ অসমীয়া ব্যৱসায়ী সকলক সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। অন্যথা দীৰ্ঘদিন ধৰি বিলাতী সুৰাৰ বিপনী দি চলি অহা সহস্ৰাধিক পৰিয়ালৰ ভৱিষ্যতলৈ এন্ধাৰ নামি অহাটো নিশ্চিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

AMPUTEE CLIMBS MT. RHENOCK(16500FT), SETS WORLD RECORD WITH LARGEST INDIAN FLAG…



(16500FT), SETS WORLD RECORD WITH LARGEST INDIAN FLAG
DISPLAY

In a world where challenges often seem insurmountable, there emerges
a beacon of resilience and determination that transcends boundaries and
redefines what is possible. Mr. Uday Kumar, a 35-year-old individual with a
91% physical disability above the knee amputee, has etched his name in
history through his awe-inspiring ascent of Mount Rhenock, standing tall at
16,500 feet in the picturesque Kanchenjunga National Park of West Sikkim.
This remarkable feat not only symbolizes personal triumph but also breaks
barriers and sets new standards of inclusivity and courage.

The expedition, organized by the renowned Himalayan
Mountaineering Institute (HMI) in Darjeeling, was more than just a climb; it
was a testament to the power of the human spirit. Spearheaded and
conceptualized by Group Captain Jai Kishan, Principal of HMI, the
expedition was a manifestation of the visionary initiatives championed by
the Honourable Prime Minister of India, focusing on empowering
individuals with disabilities under the banners of “Mera Yuva Bharat” and
“Divyangjan.”.

From March 5th to March 18th, 2024, Mr. Kumar embarked on a
journey that defied the odds stacked against him. Scaling treacherous
slopes and facing unpredictable weather conditions, he persevered,
inching closer to his goal with each step. The expedition culminated in a
historic moment as Mr. Kumar became the first amputee to unfurl the
largest Indian flag, measuring a staggering 780 square feet, atop the
majestic Mount Rhenock. This feat not only earned him a place in the
annals of mountaineering history but also set a new world record for the
display of the largest national flag by a physically disabled individual.

The path to success was fraught with challenges that tested Mr.
Kumar’s resolve to the core. Trekking nearly 100 kilometers through uphill
and downhill slopes adorned with boulders, moraines, loose rocks, snow,
and hard ice, Mr. Kumar faced the harsh realities of nature head-on. The
ascent to the base camp of HMI at 14,600 feet presented its own set of
obstacles, with unforgiving weather conditions adding to the already
formidable task. However, it was the daunting 75 Degrees angle peak of Mount Rhenock that proved to be the ultimate test of Mr. Kumar’s strength and determination. Yet, with unwavering courage and sheer willpower, he conquered the peak, unfurling the 780 sqft flag as a symbol of his triumph
over adversity.

চতিয়াত বিনামূলীয়া এম্বুলেন্স সেৱা ৰাইজৰ বাবে আগবঢ়ালে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থাপক পুৰোহিতে…

চতিয়াত বিনামূলীয়া এম্বুলেন্স সেৱা ৰাইজৰ বাবে আগবঢ়ালে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থাপক পুৰোহিতে

২০০৮ চনত চতিয়াৰ ঘিলাধাৰী দলংৰ সমীপতে ৰামদাস নামৰ এক পুৰোহিতে পঞ্চমুখী হনুমান মন্দিৰৰ প্ৰতিস্থা কৰিছিল ৷ সেই দিন ধৰি আজিলৈকে ৰাইজৰ দান দক্ষিণা জমা কৰি পুৰোহিত বাবা ৰামদাসে ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে এখন এম্বুলেন্স আগবঢ়ালে ৷

বৃহত্তৰ চতিয়াবাসী ৰাইজে মাত্ৰ ইন্ধনৰ খৰচ বহন কৰিয়েই চিকিৎসা সেৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব ৷ আনহাতে যিসকল আৰ্থিকভাৱে সুচল নহয় তেওঁলোকৰ বাবে সম্পূৰ্ণভাৱে বিনামূলীয়াকৈ উপলব্ধ হ’ব এম্বুলেন্স সেৱা ৷

পুৰোহিত বাবা ৰামদাসৰ এই পদক্ষেপক শলাগ ল’লে চতিয়াবাসীয়ে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে ৰঙা ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে এম্বুলেন্স বাহনখন চতিয়া প্ৰেছ ক্লাবৰ সম্পাদক তথা প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথে।

3 wins in 3 matches, Rajasthan Royals back in Jaipur for the ”Pink Promise”…

3 wins in 3 matches, Rajasthan Royals back in Jaipur for the #PinkPromise match
Rajasthan Royals squad was seen traveling from Mumbai to Jaipur on Tuesday evening on the back of a convincing win against Mumbai Indians in Mumbai on Monday. The match’s stand out star was Assam’s Riyan Parag who top-scored for the Royals with 54 not out off 39 balls. He was accompanied by all his teammates and support staff including Sanju Samson, Yuzvendra Chahal, etc.
The Royals are now preparing to take part in their #PinkPromise against RCB on Saturday, 6th April. The Royals are making a #PinkPromise to amplify and support women-led transformation in Rajasthan and India. The match will see the team sporting special all-pink matchday kits dedicated to the women of Rajasthan, and will also be seen making more commitments.
What is the #PinkPromise Match?


The #PinkPromise match is Rajasthan Royals’ promise to continue supporting the women of Rajasthan. Driven by its Foundation’s vision of ‘Aurat Hai Toh Bharat Hai’, the Royals are making a #PinkPromise to create replicable models of women-led transformation which can be implemented at a larger scale across the country.
The #PinkPromise match aims to amplify the team’s support to the inspirational and empowered women from rural India. The Foundation’s overarching vision of ‘Aurat Hai Toh Bharat Hai’ has inspired action from empowered women who are breaking barriers to lead positive change by facilitating access to water, solar energy, upskilling and mental health interventions. Under its flagship Project Khushaali, along with other programmes, the Foundation has successfully impacted the lives of more than 15 million women since its inception through direct and awareness driven interventions.
Why are the Royals donning all-pink matchday kits?


The color pink on the distinctive matchday kits resonates deeply with the spirit of Rajasthan which symbolizes resilience, grace, and the power of women. In Rajasthan’s cultural tapestry, pink embodies the strength and fortitude of its women, who have long been the backbone of rural communities. By donning this vibrant hue, the franchise is proudly celebrating the indomitable spirit of Rajasthan’s women, emphasizing their pivotal role in driving social change and progress.
The Royals also intend to shine a spotlight on the incredible journeys of some of the women beneficiaries and have engraved their names into the design of these special jerseys to salute their hard work in front of millions of viewers. These women have emerged as local heroes by contributing to the significant shift towards the usage of solar energy and water conservation, with each emblazoned name telling a story of courage, perseverance, and triumph over adversity.

বৰ্হমথুৰি উদ্ভিদৰ লগত কি সম্পৰ্ক বহাগ বিহুৰ…


ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে অসমত পোৱা এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ হ’ল বৰ্হমথুৰি । এই গছ ১০ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয় । ইয়াৰ পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ । বৰ থেকেৰা পাতৰ লগত বৰ্হমথুৰিৰ পাতৰ সাদৃশ্য দেখা যায় । বহাগ মাহ অহাৰ লগে লগে বৰ্হমথুৰি জোপাৰ কথা মনলৈ আহে কিয়নো এই বৰ্হমথুৰি গছৰ থুৰি পাত বা চুপহিবোৰ আগৰ দিনত প্ৰশাধনৰ সামগ্ৰী হিছাপে মহিলা সকলে ব্যৱহাৰ কৰিছিল । বহাগ বিহুৰ সময়তো নাচনীয়ে ওঁঠৰ ৰং ৰঙা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰিছিল ।

এই গছৰ পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে । কিন্তু বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ নাইয়ে বুলিব পাৰি । এই গছৰ ফুলবোৰো যথেষ্ট ডাঙৰ , বগা ৰংৰ সুগন্ধী থকা। এই বৰ্হমথুৰি গছৰ পাতক যে কেৱল প্ৰশাধনৰ সামগ্ৰী হিছাপে ব্যৱহাৰ হয় তেনে নহয় । এই উদ্ভিদৰ বিভিন্ন ভেষজ গুনো আছে । ইয়াৰ পাত চোবাই বা তামোলৰ লগত খালে বহুতো দাঁতৰ ৰোগৰ পৰা উপশম পাব পাৰি । বৰ্হমথুৰি পাতৰ ৰসে হজম শক্তি বঢ়াই। ইয়াৰ ৰসৰ দ্বাৰা নানা ধৰণৰ পেটৰ ৰোগ ভাল হয় । ড° লীলা গগৈৰ ‘বিহু এটি সমীক্ষা’ গ্ৰন্থটো বিহুনামত বৰ্হমথুৰিৰ কথা উল্লেক্ষ আছে-

‘লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।

ইয়াৰ পৰা এই কথা অনুমান কৰিব পাৰি যে তাহানিনে ব্ৰহ্মপুত্ৰ পাৰৰ ক্ৰান্তীয় চিৰ সেউজ অঞ্চলবোৰত এই উদ্ভিদ পোৱা গৈছিল যদিও বৰ্তমান সময়ত এনে উদ্ভিদ প্ৰায় বিলুপ্ত প্ৰায় হৈছে । এই আপুৰুগীয়া উদ্ভিদ বিধৰ সংৰক্ষণ অতি প্ৰয়োজন । এই উদ্ভিদ জোপাৰ সংৰক্ষণ হ’ব লাগে ।

কংগ্ৰেছত সনাতনী সত্তা লাহে লাহে নোহোৱা হৈ পৰিছে ! যাৰ ফলত নেতাসকলে মোহ ভংগহৈ বিজেপিমুখী হৈ পৰিছেঃ সাংসদ দিলিপ শইকীয়াৰ মন্তব্য…


কংগ্ৰেছত সনাতনী সত্তা লাহে-লাহে নোহোৱা হৈ পৰিছে । যাৰ বাবে সনাতনী সত্তাত বিশ্বাসী কংগ্ৰেছ নেতাসকল মোহ ভংগ হৈ বিজেপি মুখী হৈ পৰিছে । শেষত গৈ কংগ্ৰেছত দুই-তিনিজন নেতা আৰু দুই -তিনিটা পৰিয়াল হে থাকিব বুলি কটাক্ষ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ । সোমবাৰে নিশা ওদালগুৰিৰ ওৰাঙত বিজেপি,অগপ আৰু ইউপিপিএলৰ যৌথ প্ৰস্তুতি সভা অনুষ্ঠিত হয় । সভাত দিলীপ শইকীয়াই কংগ্ৰেছ নেতা গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় । গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচন বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছ A টিম আৰু B টিমৰ সৈতে মুল যুজখন হ’ব বুলি মন্তব্য কৰাৰ পাছতে গগৈক উভতি ধৰে দিলীপ শইকীয়াই । প্ৰথমে গৌৰৱ গগৈয়ে স্পষ্ট কৰক তেওঁ কংগ্ৰেছৰ কোনটো টিমৰ সৈতে আছে ? কংগ্ৰেছ দলটোক ক্ৰিকেট খেলৰ ষ্টাম্পৰ সৈতে তুলনা শইকীয়াৰ । আগবেলা গৌৰৱ গগৈৰ হৈ প্ৰচাৰ চলোৱা অত্যন্ত বিশ্বাসী মানস বৰা সন্ধিয়াত বিজেপি দলত যোগদান কৰিলে । কংগ্ৰেছৰ ষ্টাম্পৰ অৱস্থায়ে নাই বুলি তীব্ৰ কটাক্ষ দিলীপ শইকীয়াৰ ।ইফালে বিজেপিক ভোট দিয়া জন জাতিদ্ৰোহী, মহাপাপী বুলি মন্তব্য কৰা বিপিএফ প্ৰাৰ্থী দুৰ্গা দাস বড়োকো প্ৰত্তোত্বৰ দিলীপ শইকীয়াৰ । দুৰ্গা দাস বড়োক দল বাগৰা নেতা আখ্যা বিজেপি প্ৰাৰ্থী গৰাকীৰ । দুৰ্গা দাস বড়োক নিষ্পাপী হৈ থকাৰ শুভেচ্ছাও জ্ঞাপন কৰিলে দিলীপ শইকীয়াই

আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ ক্ৰমাত তীব্ৰ হৈ পৰিছে প্ৰচাৰ অভিযান।দলীয় সভা সমিতিৰে ৰাজনৈতিক দল সমূহে অব্যাহত ৰাখিছে নিৰ্বাচনী তৎপৰতা।ওৰাঙত বিজেপি ,ইউ পি এল আৰু এ জি পি মিত্ৰদলৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায়।এই সভাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ মাজবাট বিধান সভা সমষ্টি কেন্দ্ৰীক এখন নিৰ্বাচনী পৰিচালনা সমিতি গঠণ কৰা হ’য়। ৪০ নং ৰৌতা পৰিষদীয় সমষ্টিৰ প্ৰতিনিধি তথা বিটিআৰৰ কাৰ্যবাহী সদস্য ড° নিলোৎ স্বৰ্গীয়াৰীক সভাপতি আৰু ৩৯ নং পাচঁনৈ চেৰফাং পাৰিষদীয় সমষ্টিৰ এম চি এল এ দিপক মৌৰক মুখ্য আহ্বায়ক হিচাপে লৈ নিৰ্বাচনী পৰিচালনা সমিতি খন গঠণ কৰা হ’য়। সভাত তিনিওটা দলৰে উপস্থিত শীৰ্ষ নেতৃত্বই দলীয় কৰ্মকৰ্তা সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে।


এই সভাতে বিটিআৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী,এজিপি দলৰ কেন্দ্ৰীয় আৰু জিলা কৰ্মকৰ্তা , দৰং ওদালগুৰি লোক সভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়া,ইউপিপিএল দলৰ জিলা সভাপতি ৰবিন্দ্ৰ বসুমতাৰী,বিজেপিৰ জিলা সভাপতি সূনিল বসুমতাৰী,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান,পাঁচনৈ চেৰফাং মণ্ডলৰ সভাপতি জীবন ডেকা আদিৰ লগতে মিত্ৰজোটৰ তিনিওটা দলৰে বহু কৰ্মী উপস্থিত থাকে। আনহাতে সভাত অংগ্ৰহন কৰি সাংসদ দিলিপ শইকীয়াৰ বক্তব্য এইদৰে – লুইছ বাৰ্জাৰ কাপোৰ ক্ৰয়ৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই লোৱাৰ পৰামৰ্শ সাংসদ দিলীপ শইকীয়াৰ । মুল্য বৃদ্ধিৰ পৰা সকাহ পাবলৈ ওৰাঙত এই মন্তব্য নেতা গৰাকীৰ । পুনৰ ৮০০ বিধ জীৱন দাইনি ঔষধৰ মূল্য বৃদ্ধিক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত উপায় দিলে দিলীপ শইকীয়াই । ব্ৰেণ্ডেড কাপোৰ ক্ৰয় কৰিলে দাম বৃদ্ধিৰ অনুভৱ হ’বই । তাৰ পৰিৱৰ্তে সাধাৰণ কাপোৰ চিলাই ললে দাম কম পৰিব । আনহাতে পেটৰ ভোক মচিবলৈ চিংৰা খালেই মচিব ৷পিজ্জা খালে GST দিব লাগিব বুলিও পোনৰ দোহাৰিলে সাংসদ গৰাকীয়ে । ঔষধৰ মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মেডিকেল কলেজ হস্পিতাললৈ বিনামূলীয়াকৈ ঔষধ দিয়াৰ ব্যৱস্থা আছে ৷জেনেৰিক ঔষধটো ফাৰ্মাচীত ৫০%লৈ সকাহ দিয়াৰ ব্যৱস্থা আছে তাৰ পৰা সকাহ পাব গ্ৰাহকে বুলি পৰামৰ্শ দিলীপ শইকীয়াৰ ।

উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ ‘কীর্তি সুবাস’…

‘কীর্তি সুবাস’ হ’ল সমাজ সংগঠক , সাংবাদিক তথা প্রবন্ধকাৰ উমেশ খণ্ডেলিয়াদেৱে সম্পাদনা কৰা এখন প্রবন্ধ সংকলন। ‘কীর্তি সুবাস’খন উত্তৰ-পূব ভাৰতৰ জনদিয়েক মাৰৱাড়ী ব্যক্তিৰ জীৱন আধাৰিত গ্ৰন্থ । এই গ্ৰন্থখনৰ প্ৰকাশক হ’ল- পূৰ্বোত্তৰ মাৰৱাড়ী মণ্ডলীয় সমিতি (মণ্ডল ‘গ’) আৰু প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা। গ্রন্থখনত মুঠ ২৫৭ পৃষ্ঠা আছে আৰু ইয়াৰ মূল্য ৪০০ টকা। গ্রন্থখনৰ প্রথম প্রকাশ ফেব্ৰুৱাৰী, ২০২৪ চন আৰু মুদ্ৰণ ব্যৱস্থাপনাত আছে ডঁৰিয়লি, লখিমপুৰ। গ্ৰন্থখনত শুভেচ্ছা বাণী আগবঢ়াইছে ড° সূৰ্য্যকান্ত হাজৰিকা, সভাপতি, অসম সাহিত্য সভা ; মোহন সোনোৱাল , সভাপতি, সোনোৱাল কছাৰী সাহিত্য সভা; ড° অমিয়া ৰাজবংশী সভাপতি, প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা আৰু ড° বন্তি গগৈ হাওবৰা , প্ৰকাশন কোষ, উত্তৰ লখিমপুৰ সাহিত্য সভা।

গ্রন্থখনৰ ‘আগকথা(সুন্দৰৰ আৰাধনা জীৱনৰ খেলা)’ত ড° মুকুন্দ ৰাজবংশীয়ে এইদৰে উল্লেখ কৰিছে –“… ইংৰাজসকলে ১৮১৮ চনত অসমক নিজৰ অধীনলৈ অনাৰ পাছৰে পৰা সুদূৰ ৰাজপুতনাৰ (বৰ্তমানৰ ৰাজস্থান) পৰা অসমলৈ তথা উত্তৰ-পূব ভাৰতলৈ প্রায় ৬ লাখৰো অধিক লোকৰ প্ৰব্ৰজন ঘটিল। তেওঁলোকে অসমখনক দ্বিতীয় ঘৰ হিচাপে গ্রহণ কৰি সোণত সুৱগা চৰোৱাৰ দৰে অসমৰ ভাষা-সংস্কৃতিক নিজৰ হিচাপে লৈ জাগ্ৰত প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই আছে।… শ্রী উমেশ খণ্ডেলিয়াৰ পৰশত সম্পাদিত গ্রন্থ ‘কীর্তি সুবাস’ অসমৰ এক আপুৰুগীয়া গ্রন্থ হৈ বৃহত্তৰ অসমীয়া সমাজক চহকী কৰিব বুলি আশা কৰিলোঁ। বিখ্যাত মনীষী ভলটেয়ৰে কৈছিল- ‘গ্রন্থই বিশ্বখনক নিয়ন্ত্রণ কৰে।’ সেইদৰে এই গ্রন্থ- ‘কীর্তি সুবাস’-এ বৃহত্তৰ অসমীয়া আৰু মাৰৱাড়ী সমাজৰ মধুৰ মিলনৰ স্বাক্ষৰৰ ইতিহাস চিৰসেউজীয়া কৰি ৰাখিব।”

পূৰ্বোত্তৰ প্ৰদেশীয় মাৰৱাড়ী সন্মিলন, মণ্ডলীয় সমিতি (মণ্ডল ‘গ’)ৰ সম্পাদক, ৰাজকুমাৰ সৰাফ আৰু সভাপতি, ছত্তৰ সিং গিৰিয়াদেৱে ‘প্রকাশকৰ একাষাৰ’ত এইদৰে উল্লেখ কৰিছে- “…১৯৩৫ চনত অসমৰ ডিব্ৰুগড়ত জন্মলাভ কবি সমগ্ৰ ভাৰতবৰ্ষত বিস্তাৰিত হোৱা মাৰৱাড়ী সম্মিলন মাৰবাড়ীসকলৰ এক অৰাজনৈতিক জনকল্যাণমূলক সামাজিক সংগঠন। জন্মলগ্নৰ পৰাই মাৰৱাড়ী সমাজক সংস্কাৰিত আৰু সংগঠিত কৰাৰ উপৰি স্থানীয় সমাজ-সংস্কৃতি, ভাষা- সাহিত্য, উদ্যোগ-বাণিজ্য আদিৰ উন্নতিৰ বাবে আত্মনিয়োগ কৰি আহিছে। এই সংগঠনৰ পৰিচয় উত্তৰ-পূব ভাৰতত পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰৱাড়ী সম্মিলন হিচাপে জনা যায়। অলপতে আমি জৰীপ কৰি লোৱা তথ্যৰ মতে, অসমৰ শতাধিক মাৰৱাড়ী সাহিত্যিকৰ দ্বাৰা ৰচিত পাঁচশৰো অধিক গ্রন্থ ইতিমধ্যে প্রকাশ আৰু বিতৰণ হৈছে। অসমৰ মাৰৱাড়ী সমাজৰ সম্পর্কে অসমীয়া পাঠক সমাজক আৰু অধিক অৱগত কৰাৰ মানসেৰে মাৰৱাড়ী সম্মিলনে ইতিমধ্যে কেইবাখনো গ্রন্থ প্রকাশ কৰিছে। ”

‘সম্পাদকীয় অনুভৱ’ত উমেশ খণ্ডেলিয়াদেৱে এইদৰে উল্লেখ কৰিছে- “…সহজ-সৰল, কষ্টসহিষ্ণু, ব্যৱসায়পটু, দানী প্রবৃত্তিৰ, সমন্বয়ভাবী আদি সৰ্বসাধাৰণে মাৰৱাড়ীসকলক দিয়া বিশেষণমূলক সম্বোধন। এই বিশেষণসমূহৰ আধাৰ নিশ্চয় নথকা নহয়। অনুসন্ধানমূলক প্রবৃত্তি থকাৰ বাবে মোৰ মনত ইয়াৰ ভিত্তি জনাৰ আগ্রহ কিশোৰ কালৰ পৰাই আছিল। ২০০১ চনত ধেমাজিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পাছৰ পৰা এই মনোভাৱটো আৰু অধিক সবল হৈ পৰিল। চেষ্টা আৰম্ভ হ’ল।” এই গ্রন্থখনত থকা প্রবন্ধবোৰ হ’ল –স্মিতা খাটুৱালাৰ ‘ড° শ্যামসুন্দৰ হাৰলালকা: এক বিৰল ব্যক্তিত্ব’,যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত কয়াল (আগৰৱালা)’,ৰাজেশ ৰাঠীৰ ‘লখিমপুৰৰ মাৰৱাড়ী সমাজৰ প্ৰথম স্নাতক: মদনলাল মালপানী’,অৰুণজ্যোতি বৰাৰ ‘বিশিষ্ট হিন্দী সাহিত্যিক, শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটাপ্ৰাপক ড° সাঁৱৰমল সাংগানেৰীয়াৰ জীৱন আৰু কৃতিত্ব’,দীপালী চেতিয়া বৰগোহাঁইৰ ‘শদিয়াবাসীৰ বটবৃক্ষ ভগৱতী প্রসাদ শৰ্মা’,যোগেশ কাকতিৰ ‘’বৃক্ষবন্ধু’ ৰাধেশ্যাম গোৱেংকা’,নিবেদিতা বড়া সন্দিকৈৰ ‘ৰাষ্ট্ৰপতি বঁটাপ্ৰাপক, কৃতি শিক্ষয়িত্ৰী বিনীতা চৌধুৰী গাৰোডিয়া’,উমেশ খণ্ডেলীয়াৰ ‘কপুৰ চান্দ জৈন: এক বিৰল ব্যক্তিত্ব’,বজৰঙ্গ খেমকাৰ ‘ডাঃ জ্ঞানচন্দ্র জৈন: এজন সাধাৰণ লোকৰ অসাধাৰণ কথা’,ৰাজেশ ৰাঠীৰ ‘’অগ্রৰত্ন’ ওমপ্রকাশ দিনোদিয়া’,বিজয় বৰিৰ ‘সামাজিক দায়বদ্ধতাৰে উদ্বুদ্ধ শিক্ষাবিদ জন্মেজয় আগৰৱালা’,প্রসেনজিৎ গোস্বামীৰ ‘দেৱীপ্রসাদ বাগড়োদিয়া’,লক্ষেশ্বৰ দত্তৰ ‘আৰ্তজনৰ বন্ধু, সমাজসেৱক ৰাজেন্দ্ৰ কুমাৰ আগৰৱালা’,বজৰঙ্গ খেমকাৰ ‘নলবাৰীৰ সমাজহিতৈষী ঈশ্বৰ দাস বাজাজ’,টঙ্গী দেৱীৰ ‘শান্তা আগৰৱালা’,ঔংকাৰ পাৰিকৰ ‘স্বর্গীয় নন্দলাল গাৰোডিয়া’,

যোগেশ কাকতিৰ ‘প্রয়াত দুর্গাদত্ত লোহিয়া’,অনুপম শইকীয়াৰ ‘ওংকাৰমল আগৰৱালা’,গোপাল মহেশ্বৰীৰ ‘প্রয়াত হনুমান প্রসাদ আগৰৱালা’,বীৰেন আগৰৱালাৰ ‘বিৰল ব্যক্তিত্বৰ অধিকাৰী শিউনন্দন ৰায় আগৰৱালা’,ডাঃ অজিত বৰুৱাৰ ‘বিনম্রতাৰ প্ৰতীক, সমাজহিতৈষী মদনলাল খেতান’,শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘স্বর্গীয় কাশীপ্রসাদ বিহানী’,ড° হৰিপ্ৰসাদ গোৱেংকাৰ ‘কলাকাৰ শংকৰলাল গোৱেংকা’,বজৰঙ্গ খেমকাৰ ‘বহুমুখী প্রতিভাশালী প্রেমলতা খণ্ডেলৱাল’,ড° বাবুলাল মোৰৰ ‘জ্ঞানপিপাসু দেৱীপ্রসাদ’, শ্যামসুন্দৰ ভীৱচৰিয়াৰ ‘ৰায়চাহেব বালাবক্স হংসাৰিয়া’,অণিমা দেৱী বৰঠাকুৰৰ ‘সমাজহিতৈষী প্রদীপ খাদৰিয়া’, পবন চান্দকৰ ‘কর্মযোগী প্রয়াত শংকৰলাল চান্দক’,যোগেশ কাকতিৰ ‘টংলাৰ ‘হীৰা’- হীৰালাল পাটোৱাৰী’,শিৱৰতন ৰাঠীৰ ‘স্বর্গীয় পৰমেশ্বৰলাল মহেশ্বৰী’,বগেন গগৈৰ ‘ঊনবিংশ শতিকাৰ অসমীয়া সাহিত্য আৰু হৰিবিলাস আগৰৱালা’,অৰুণজ্যোতি বৰাৰ ‘’কর্মযোগী’ ৰাজেশ মালপানী’,ড° বাবুলাল মোৰৰ ‘নামেই যাৰ পৰিচয়: বীৰৰো বীৰ মহাবীৰ প্ৰসাদ’,বিজয় বৰিৰ ‘প্রকৃতি সংৰক্ষণত বিৰল ব্যক্তিত্বৰ অধিকাৰী: তোষেশ্বৰ মিৰি আগৰৱালা’,শ্যামসুন্দৰ ভিৱচৰিয়াৰ ‘কেদাৰমল ব্রাহ্মণ’,যোগেশ কাকতিৰ ‘বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ওমপ্রকাশ টোডী’ আৰু শিল্পা বাগৰীয়া সুৰেকাৰ ‘ৰামলাল বাগৰীয়া আৰু বাগৰীয়া পৰিয়াল।’

এইগ্রন্থখনতে উল্লেখ আছে – এজন ডাক্তৰে জ্ঞানচন্দ্ৰ জৈন নামৰ সৰু ল’ৰা এটাক কৈছিল- ‘তুমি জীৱনত কোনোদিনে ডাক্তৰ হ’ব নোৱাৰা। যদি কিবাকৈ ডাক্তৰ হৈও যোৱা, ‘ছার্জন’ কেতিয়াও হ’ব নোৱাৰিবা।’ সেই সৰু ল’ৰাটোক এই কথাখিনিয়ে ভৱিষ্যতৰ বাবে এটা যাত্রাপথ দিলে। সেই ডাক্তৰজনৰ এনে কথা শুনি তেওঁ নিজৰ শৈশৱ কালতে পণ ল’লে- ‘জীৱনত যদি কিবা হ’ম, একমাত্র ডাক্তৰ হ’ম, তাকো ‘ছার্জন’।’ জ্ঞানচন্দ্র জৈনে পৰৱৰ্তী সময়ত নিজৰ লক্ষ্যত উপনীত হয় আৰু ডাঃ জ্ঞানচন্দ্র জৈন ওৰফে জি, চি, জৈন নামেৰে খ্যাত হয়।

আমাৰ দেশ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত থকাৰ সময়তে সুদূৰ ৰাজস্থানৰ পৰা মাৰৱাড়ী মূলৰ এটা পৰিয়াল ব্যৱসায়সূত্রে উজনি অসমৰ অজান্তিমুলুক হিচাপে পৰিচিত জোনাই-মুর্কংচেলেক অঞ্চলত থিতাপি লৈছিল। অসমীয়া জাতিৰ সৈতে বিশেষকৈ মিচিংসকলৰ সমাজ-জীৱনত এই পৰিয়ালটোৱে ইমানেই সম্পৃক্ত হৈ পৰিছিল যে পৰৱৰ্তী সময়ত তেওঁলোকৰ পৰিয়ালটোৱে নিজা উপাধিটোৰ লগত ‘মিৰি’ বুলি লিখিবলৈ ল’লে আৰু ৰাইজেও তেওঁলোকক মিৰি পৰিয়াল বুলিয়েই চিনি পায়। সেই বিষয়েও গ্রন্থখনৰ পাতত উল্লেখ আছে।

অসমৰ ঔদ্যোগিক, বাণিজ্যিক আৰু সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত মাৰৱাড়ীসকলৰ অৱদান আজিৰ পৰা প্রায় দুশ বছৰৰ আগতেই আৰম্ভ হৈছিল। অসমৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বিশেষ ধৰণৰ ভূমিকা গ্রহণ নকৰি কেৱল বাণিজ্যিক আৰু ঔদ্যোগিক বিকাশৰ লগতে সাহিত্যৰ দিশটোত মনোনিৱেশ কৰা এই মাৰৱাড়ী সমাজৰ নিৰৱচ্ছিন্ন অৱদান তথা চৰ্চাৰ ধাৰাবাহিকতা আজিও অক্ষুণ্ণ আছে। বাণিজ্যিক দিশটোক কেন্দ্ৰ কৰি সুদূৰ ৰাজস্থানৰ পৰা কেৱল অসমেই নহয়, সমগ্র দেশৰ বিভিন্ন প্রান্তলৈ সিঁচৰতি হৈ পৰা এই মাৰৱাড়ী সমাজে অসমৰ সাহিত্য- সংস্কৃতিলৈ আগবঢ়োৱা অৱদান অতুলনীয়। ‘কীর্তি সুবাস’ গ্রন্থখন পঢ়ি ভাল লাগিল । এই গ্রন্থখনে মাৰৱাড়ী তথা বৃহত্তৰ অসমীয়া সমাজক উপকৃত কৰাৰ লগতে অসমীয়া ভাষা আৰু সাহিত্যলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াব। এনেকুৱা এখন গ্রন্থ অসমীয়া সাহিত্যলৈ উপহাৰ দিয়া বাবে উমেশ খণ্ডেলিয়াদেৱক ধন্যবাদ জনাইছোঁ ।

ড° বুলজিৎ বুঢ়াগোহাঁই

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ…

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত টংলাৰ নিশিতা ডেকাৰ চূড়ান্ত বিজয়ীৰ খিতাপ

ওদালগুৰি জিলাৰ টংলাৰ জীয়ৰী নিশিতা ডেকাই যোৱা ৩০; মাৰ্চত গুৱাহাটীৰ আমবাৰীৰ লক্ষ্মীৰাম বৰুৱা সদনৰ অডিটৰিয়ামত অনুষ্ঠিত নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ ত চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰি সুনাম কঢ়িয়াই আনিছে।

গুৱাহাটীৰ পি এন চি অকাডেমিত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত কৃতী ছাত্ৰী নিশিতা ডেকাৰ পিতৃ টংলা চিত্ৰনগৰ নিবাসী বিশিষ্ট ব্যৱসায়ী তথা ক্ৰীড়াপ্ৰেমী ৷বিপুল ডেকা আৰু মাতৃ দিপ্তী শইকীয়া ডেকা।

নৰ্থ ইষ্ট ফেশ্বন আইকন ছিজন- ৬ত যোগদান কৰি কৃতিত্ব অৰ্জন কৰা বাবে নিশিতা ডেকাক পিতৃ -মাতৃৰ লগতে আত্মীয় স্বজন,, ব্যক্তি বিশেষে আৰু টংলাৰ বিভিন্ন অনুষ্ঠানে আন্তৰিক উষ্ম অভিনন্দন জনাইছে।

মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ…

ৱায়ানাদ লোকসভাৰ আসনৰ পৰা মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। মনোনয়ন দাখিল কৰাৰ পাছত ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছ পাৰ্টিয়ে সংবিধান

আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে যুঁজি থকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ অমিত শ্বাহ আৰু আৰএছএছৰ লগতে ইয়াৰ নেতাসকলে গণতন্ত্ৰৰ অন্ত পেলাবলৈ প্ৰতিদ্বন্দ্বিতা কৰিছে।

আজিৰ পূৰ্বে কেৰালাৰ ৱায়ানাডত অনুষ্ঠিত হোৱা ৰোডশ্ব’ৰ অনুষ্ঠানত প্ৰিয়ংকা গান্ধী ভাদ্ৰাও উপস্থিত থাকে।