Home Blog Page 943

আই পি এলত বিৰাট কোহলীৰ নতুন হেয়াৰষ্টাইলে আকৰ্ষণ কৰিছে অনুৰাগীক…

চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত খেলপথাৰলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীকো এক নতুন হেয়াৰষ্টাইলত দৰ্শকে দেখিবলৈ পাইছে৷ বিৰাটে ক্ৰীড়াৰ সৈতে যেন ফেশ্বনৰ নতুন প্ৰৱণতাৰ সুন্দৰ সংমিশ্ৰণ ঘটাবলৈ সক্ষম হৈছে৷
এই কথাই প্ৰমাণ কৰিছে যে বিৰাট কোহলীয়ে কেৱল ২২ গজতে চাৰি আৰু ছয় মাৰিব নোৱাৰে, তেওঁ ফেশ্বনৰ ক্ষেত্ৰতো দুৰ্ধৰ্ষ। শেহতীয়াকৈ, বিৰাটৰ আকৰ্ষণীয় হেয়াৰষ্টাইল কৰা ব্যক্তিগৰাকী হৈছে চেলিব্ৰিটি হেয়াৰড্ৰেছাৰ আলিম হাকিম। আলিম হাকিমে অতীততো এম এছ ধোনীৰ দৰে ক্ৰিকেটাৰসকলৰ হেয়াৰষ্টাইলৰ কাম কৰিছে৷ হাকিমে কোহলীৰ নতুন হেয়াৰষ্টাইল চূডান্ত কৰাৰ অভিজ্ঞতাৰ বিষয়ে এতিয়া বহু কথা ৰাজহুৱা কৰিছে৷ তেওঁৰ সৈতে বিৰাট কোহলীৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আছে৷ সেইসূত্ৰে বিৰাটে আলিমক ফেশ্বনৰ ক্ষেত্ৰত চকুমুদি বিশ্বাসো কৰি আহিছে৷ কোহলীৰ ভাইৰেল হেয়াৰষ্টাইল, সহজে লোকৰ চকুত পৰা ভ্ৰূৰ বিষয়ে এতিয়া আলিমে বহু কথা কৈছে৷ আলিমে কয় “সকলোৱে জানে যে মই কিমান টকা পাৰিশ্ৰমিক লও। সেয়া ১ লাখ টকাৰ পৰা আৰম্ভ হয়। আৰু সেয়া হৈছে নূন্যতম পাৰিশ্ৰমিক।”

তেওঁ লগতে কয় “মাহী চাৰ আৰু বিৰাট, তেওঁলোক মোৰ বহু পুৰণি বন্ধু আৰু তেওঁলোকে দীৰ্ঘদিন ধৰি মোৰ ওচৰলৈ চুলি কাটিবলৈ আহি আছে। যেতিয়া আই পি এল আহিল , আমি কিবা এটা বেলেগ কৰাৰ সিদ্ধান্ত লৈছিলো।বিৰাটৰ পৰৱৰ্তী চেহেৰাটো কেনে হ’ব লাগে সেই বিষয়ে আমি সেই সময়তে কথা পাতিছিলো। এইবাৰ আই পি এলৰ আগতে, আমি সঁচাকৈয়ে কিবা ভাল কৰাৰ সিদ্ধান্ত লৈছিলো আৰু সেইমতে কৰিছিলোও। মই বিৰাটৰ ভ্ৰূ অলপ বেলেগ ধৰণে সজাই দিছিলো। তেওঁৰ চুলিৰ ৰং অলপ ধূসৰ কৰি তুলিছিলো। যেতিয়া মই বিৰাটৰ ছবিখন পোষ্ট কৰিছিলো, ই সঁচাকৈয়ে ইণ্টাৰনেটক ধুমুহাৰ সৃষ্টি কৰিলে৷ মোৰ পোষ্টত থকা লাইক আৰু শ্বেয়াৰৰ পৰিমাণ আশ্চৰ্যজনক আছিল। “হাকিমে ধোনীৰ বিষয়েও কয়, “তেওঁ এজন হলিউড অভিনেতাতকৈ কম নহয়”। হাকিমে লগতে কয় “সমগ্ৰ বিশ্বৰ মানুহে বিৰাট কোহলীক অনুসৰণ কৰে। ফেশ্বন আৰু নান্দনিকতাৰ ক্ষেত্ৰত বিৰাট কোহলী খুবেই সংবেদনশীল। ফেশ্বনৰ ক্ষেত্ৰত তেওঁৰ নিজৰ পছন্দ আছে।

তেওঁ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈ। কিন্তু ষ্টাইল, ফেশ্বনৰ ক্ষেত্ৰতো তেওঁ এক নম্বৰ। ” উল্লেখ্য আৰচিবি তাৰকাগৰাকীয়ে এতিয়ালৈকে আই পি এল ২০২৪ ছিজনত দলটোৰ হৈ ভাল প্ৰদৰ্শন কৰি আহিছে। তেওঁ বৰ্তমান ৪ খন খেলত ২০৩ ৰাণৰ সৈতে অৰেঞ্জ কেপ দখল কৰিছে। অৱশ্যে, চাৰিখন মেচত মাত্ৰ এটা জয়ৰ সৈতে তেওঁৰ দল তালিকাৰ অষ্টম স্থানত আছে।

বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ…

দেওবাৰে আবেলি বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং নিজা ঘৰতে অসুস্থ হৈ পৰে। ৩মান বজাত ডিফুৰ DMCHলৈ লৈ যোৱা হয় বিশিষ্ট সাহিত্যিকগৰাকীক।

চিকিৎসকৰ পৰামৰ্শক্ৰমে ICUত ভৰ্তি কৰা হয়। সন্ধিয়া ৬-৩০ বজাত সুচিকিৎসাৰ বাবে গুৱাহাটীলৈ অনা হয়। অতি সোনকালে সুস্থ হোৱাৰ বাবে ভগৱানৰ ওচৰত অনুৰাগীৰ প্ৰাৰ্থনা। গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হৈছে বিশিষ্ট সাহিত্যিকগৰাকীক। হৃদযন্ত্ৰৰ সমস্যাত ভুগিছে সাহিত্যিকগৰাকী।

আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ, ৭ ঘন্টা অন্ধকাৰত ডুবিব পৃথিৱী…

আজি বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ। আজিৰ সূৰ্যগ্ৰহণৰ অন্যতম বৈশিষ্ট্য হৈছে দীৰ্ঘ সময় ধৰি পৃথিৱীক অন্ধকাৰত ৰখা কাৰ্য। ইতিমধ্যে সূৰ্যগ্ৰহণক লৈ উৎসুক হৈ পৰিছে বিশ্বৰ বিজ্ঞানী সকল। আজি দিনৰ ২ বাজি ১২ মিনিটৰ পৰা আৰম্ভ হবলগীয়া সূৰ্যগ্ৰহণ ৭ মিনিট ১৪ ছেকেণ্ড জুৰি অব্যাহত থাকিব। বৈজ্ঞানিক সকলে প্ৰকাশ কৰামতে এই সময়চোৱাত সূৰ্যৰ পোহৰ নপৰিব পৃথিৱীত। অবশ্যে ৫০ বছৰৰ পিছত সৃষ্টি হোৱা এই মহাজাগতিক তথা বিৰল দৃশ্য প্ৰত্যক্ষ কৰাৰ পৰা বঞ্চিত হব ভাৰতবাসী। আনহাতে বৈজ্ঞানিক সকলে প্ৰকাশ কৰামতে কাইলৈ চন্দ্ৰটোক বহুগুণ ডাঙৰ দেখাৰ লগতে সূৰ্যক বহুগুণ সৰু দেখা যাব। আমেৰিকা মেক্সিকো আদি ৰাষ্ট্ৰ নাগৰিকে সম্পূৰ্নকৈ প্ৰত্যক্ষ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা। উল্লেখ্য যে ভাৰতত সূৰ্যগ্ৰহণৰ প্ৰভাব নপৰিলেও জ্যোতিষ বিজ্ঞানী সকলে সূৰ্যগ্ৰহণৰ সময়চোৱাত কিছু নিয়ম মানি চলিবলৈ আহ্বান জনাইছে। গ্ৰহনৰ সময়চোৱাত খোৱা-বোৱা কৰাত বাধা প্ৰদান কৰিছে জ্যোতিষ বিজ্ঞানী সকলে।

আনহাতে জনপ্ৰবাদ মতে সাগৰ মন্থনৰ সময়ত উৎপন্ন হোৱা অমৃত ভগৱান বিষ্ণুৱে দেৱতা সকলক বিতৰণ কৰাৰ বিপৰীতে অসুৰ সকলক খাবলৈ দিয়া নাছিল। ৰাহু আৰু কেতু নামৰ অসুৰ এটাই এই ঘটনা প্ৰত্যক্ষ কৰি দেৱতাৰ ৰূপ ধৰি অমৃত পান কৰিছিল। কিন্তু আসুৰৰ কাৰ্য উমান পাই বিষ্ণুৱে সুদৰ্শন চক্ৰৰ দ্বাৰা অসুৰটোক হত্যা কৰে যদিও অমৃত পান কৰা বাবে অমৰ হৈ থাকে। চন্দ্ৰ আৰু সূৰ্যই অসুৰটোক ধৰা পেলাইছিল বাবে ৰাহু আৰু কেতুৱে চন্দ্ৰ আৰু সূৰ্যক গিলি পেলায়। এই সময়চোৱাকেই গ্ৰহন বুলি প্ৰবাদ চলি আহিছে। যি নহওঁক বিজ্ঞানী সকলৰ মতে এইয়া মহাকাশত সংঘটিত এক ঘটনা। চন্দ্ৰ বা সূৰ্যক গ্ৰহই ঢাকি ধৰা সময়ক গ্ৰহন বুলি কোৱা হয়। উল্লেখ্য যে ইতিপূৰ্বে হৈ যোৱা চন্দ্ৰ গ্ৰহন প্ৰত্যক্ষ কৰাৰ পৰাও বঞ্চিত হৈছিল দেশবাসীৰ লগতে ৰাজ্যবাসী।

বাটলাৰৰ শতকক লৈ আচৰিত নহয়, আনন্দিত শ্বেন বণ্ড! অপৰাজেয় ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ শীৰ্ষত…

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত যোৱানিশা আৰ চি বিৰ বিৰুদ্ধে মেচ বিজয়ী শতকৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ২০২৪ ছিজনত ৰাজস্থান ৰয়েলছৰ তাৰকা বেটাৰ জ’ছ বাটলাৰে চমকপ্ৰদ প্ৰত্যাৱৰ্তন কৰিছে৷ উল্লেখ্য যে ৰোমাঞ্চকৰ মেচখনত অপৰাজিত শতকটো সংগ্ৰহ কৰাৰ পূৰ্বে এই ছিজনত অপেনাৰজনৰ ফৰ্ম আছিল নিৰাশাজনক৷ ইংলণ্ডৰ বেটাৰগৰাকীয়ে প্ৰথম তিনিখন মেচত মাত্ৰ ৩৫ ৰানহে সংগ্ৰহ কৰিছিল৷ অৱশ্যে আৰ চি বিৰ বিৰুদ্ধে বাটলাৰৰ বিস্ফোৰক বেটিং দেখি আৰ আৰ দলৰ বলিং প্ৰশিক্ষক শ্বেন বণ্ড মুঠেও আচৰিত হোৱা নাছিল৷ বাটলাৰৰ বেটিং প্ৰসংগত ৰয়েলছৰ সহঃপ্ৰশিক্ষকৰো দায়িত্বত থকা বণ্ডে কয় যে এয়া মাত্ৰ সময়ৰ অপেক্ষাৰ কথা৷

মেচৰ পিছৰ সংবাদমেলত নিউজিলেণ্ডৰ প্ৰাক্তন পেচাৰ বণ্ডে কয় ‘প্ৰথম তিনিখন মেচত আমাৰ আৰম্ভনি প্ৰত্যাশিত হোৱা নাছিল৷ কিন্তু বাটলাৰ আৰু যশস্বী জয়ছৱালে যে ফৰ্ম ঘুৰাই পাব তাক লৈ নিশ্চিত আছিলো৷ তেওঁলোকে নেটত প্ৰতিটো বলে ভালদৰে আঘাত কৰি আহিছে৷ সেয়ে আমি কেবল অপেক্ষা কৰি আছিলো৷’ উল্লেখ্য যে শনিবাৰৰ দ্বিতীয় মেচখনত ৫৮টা বলত অপৰাজিত ১০০ ৰান কৰি বাটলাৰে আই পি এলৰ ষষ্ঠ শতক অৰ্জন কৰে৷ তেওঁৰ মেচ বিজয়ী ইনিংছত আছিল নটা বাউণ্ডেৰী আৰু চাৰিটা ছিক্সাৰ৷ তেওঁৰ বিস্ফোৰক বেটিঙে ঘৰুৱা দলটোক ১৮৪ ৰানৰ বিজয় লক্ষ্য অনুসৰণ কৰাত সহায় কৰে তথা আৰ চি বিক ছয় উইকেটত পৰাস্ত কৰি ৰয়েলছে ছিজনৰ ক্ৰমাগত চতুৰ্থ জয়ৰে অপৰাজেয় ধাৰা অব্যাহত ৰাখি পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হয়৷

ইফালে, আৰ আৰৰ অধিনায়ক সঞ্জু ছেমছনকো প্ৰশংসা কৰে বণ্ডে৷ ইনিংছৰ প্ৰথম অভাৰতে জয়ছোৱালৰ উইকেট হেৰুৱাই ৰয়েলছ চাপত পৰিছিল যদিও বাটলাৰৰ সৈতে খেল সলনি কৰা ১৪৮ ৰানৰ যুটি গঢ়ি তুলিছিল ছেমছনে৷ ৪২ বলত ৬৯ ৰান কৰা সঞ্জুই আঠটা বাউণ্ডেৰী আৰু দুটা ছিক্সাৰৰে ইনিংছটো সজাইছিল৷ ইফালে, বেটিং সহায়ক উইকেটত ৰয়েলছৰ পাঁচোগৰাকী বলাৰে ইনিংছৰ মধ্যভাগত উৎকৃষ্ট বলিং কৰা বুলি কয় দলৰ বলিং প্ৰশিক্ষক শ্বেনে৷ বিপক্ষক দুশ ৰাণ কৰাৰ পৰা বান্ধি ৰখাত অভিজ্ঞ বৌল্ট, অশ্বিন, চাহাল তথা নৱাগত বাৰ্গাৰ আৰু আভেশক প্ৰশংসা কৰে বণ্ডে৷ ৰয়েলছে পৰবৰ্তী মেচখন অবা দহ এপ্ৰিলত জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামতে গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলি বিতৰ্কলৈ প্ৰত‍্যাহ্বান ভূপেন বৰা…

“অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি সাহস আছে তেন্তে ১৯ এপ্ৰিলৰ আগতে অসমৰ যিকোনো ঠাইত মোৰ সৈতে মুকলি বিতৰ্কত বহক আৰু মুখ‍্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই ১৪ খন আসনতে জিকিম বুলি দম্ভালি মাৰি এতিয়া ভয়তে অৰুণোদয় আঁচনিৰ দুইনম্বৰী নকল ফ্ৰম বিলাই ফুৰিছে।” মেৰাপানীত এই মন্ত‍ব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আজি কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চ আৰু কংগ্ৰেছ দলৰ উমৈহতীয়া প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ মেৰাপানীৰ পুলিবাগান ৰঙ্গমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে কয়। উল্লেখযোগ্য যে, কাজিৰঙা লোকসভা সমষ্টিৰ বিৰোধী ঐক‍্যমঞ্চৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ ত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, সম্পাদক পৃথ্বীৰাজ সাৰ্থে, এপিচিচিৰ সভাপতি ভূপেন বৰা, শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বকোৰ বিধায়ক নন্দিতা দাসে। বিৰোধী ঐক্যমঞ্চৰ নেতা সকলে বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কাজিৰঙাত নিৰ্বাচনী ৰণডংকা বজায়।

এই নিৰ্বাচনী সভাত কংগ্ৰেছ, ৰাইজ দল, অসম জাতীয় পৰিষদ , চি পি আইৰ লগতে বিৰোধী ঐক‍্যমঞ্চৰ নেতা কৰ্মী সকল উপস্থিত থাকে। সভাত উপস্থিত থাকি জীতেন্দ্ৰ সিঙে কয় যে, অসমত এতিয়া মাফিয়াৰাজ চলিছে।পুঁজিপতি ধনীৰ হাতত অসমৰ মাটি , অসমৰ সম্পদ আৰু অসমৰ কলা-কৃষ্টি আৰু সংস্কৃতিক বিজেপিয়ে বিক্ৰী কৰি দিছে।জাতি-মাটি-ভেটি শ্ল’গানেৰে শাসনলৈ আহি যোৱা দহ বছৰে নৰেন্দ্ৰ মোডী চৰকাৰে কি পৰিবৰ্তন কৰিলে বুলি তীব্ৰ ভাষাৰে মোডী চৰকাৰৰ কাৰ্যকলাপক সমালোচনা কৰে। ইফালে বিৰোধী ঐক‍্যৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ভাষণত কয় যে, এতিয়া মোডীক বিদায় দিয়াৰ সময়, বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক চালানী আৰু অচিন কাঠৰ থোৰা। তেওঁ লগতে তাছাক ফুটবলৰ লগত তুলনা কৰি, বিজেপিয়ে চাহ জনজাতি লোকক বঞ্চিত কৰা বুলি মন্তব্য কৰে। কাজিৰঙা লোকসভা সমষ্টিত এইবাৰ পদুম ফুল এইবাৰ ফুলাব নালাগে বুলি কৈ ইংৰাজীত ৰ’জ মানে গোলাপ ফুল আৰু ৰ’জলীনা তিৰ্কীক ভোট দি পদুমৰ পৰিৰ্বতে গোলাপ ফুল ফুলাবলৈ আহ্বান ভূপেন বৰাৰ।পুলিবাগান ৰঙ্গমঞ্চত আয়োজিত কাজিৰঙা লোকসভা সমষ্টিত তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰি বিৰোধী ঐক‍্যমঞ্চৰ নেতৃবৰ্গক উৎফুল্লিত কৰা পৰিলক্ষিত হয়।

বোকাখাত বিধান সভা সমষ্টিৰ বিহৰাত প্ৰাৰ্থী অবিহনেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ, “আকৌ এবাৰ মোদী চৰকাৰ” গীতৰ নৃত্যত আত্মহাৰা মুখ্যমন্ত্ৰী…

কাজিৰঙা লোক সভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি বোকাখাত বিধানসভা সমষ্টিৰ বিহৰাৰ এয়াৰ ফিল্ডত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত কি নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷কিছু কাৰিকৰী কাৰণত তাছা উপস্থিত থাকিব নোৱাৰিলে যদিও বোকাখাত বিধান সভা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা,মন্ত্ৰী পীয়ূষ হাজৰিকা, নৱাগতা বিজেপি বিস্মিতা গগৈয়ে উপস্থিত থকা সভালৈ হেলিকপ্টাৰেৰে আহি বিহৰা এয়াৰ ফিল্ডত অৱতৰণ কৰাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীক বিহু,ঝুমুৰ ,ঢোলে দগৰে আদৰি আনাৰ পিছতে “আকৌ এবাৰ মোদী চৰকাৰ” গীতৰ তালে তালে নাচি আত্মহাৰা হয় মুখ্যমন্ত্ৰী গৰাকী৷উৎকট গৰমকো নেউচি ১০ হাজাৰোধিক জনগন উপস্থিত থকা সভাত ভাষণৰ প্ৰাক্‌ ক্ষণত মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষিমন্ত্ৰী অতুল বৰাৰ আজি জন্ম দিনৰ শুভেচ্ছা জনাই ৰাইজক আশিৰ্বাদ দিবলৈ আহ্বান জনায়৷ইয়াৰ পিছতে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই “মোদী চৰকাৰে দিয়া গেৰান্টি ৰাজ্য চৰকাৰে ৱাৰেন্টি কৰিব” বুলি ভৰষা ৰাখি সকলোকে আগন্তুক নিৰ্বাচনত পদুমৰ চিনত ভোট দিবলৈ আহ্বান জনায়।নিবনুৱা সকলৰ উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,অহা জুলাইত আৰক্ষীৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৫০ হাজাৰ পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব আৰু অক্টোবৰত নিযুক্তি সম্পূৰ্ণ কৰিব।

এই নিযুক্তিত চাহ বাগিচাৰ বাবে ৩% পদ সংৰক্ষিত থাকিব বুলি উল্লেখ কৰে৷মহিলা সকলক উদ্দেশ্যি মুখ্যমন্ত্ৰী গৰাকীয়ে লাখপতি বাইদেউ আঁচনিৰ জড়িয়তে মহিলা সকলে নিজকে স্বাৱলম্বী কৰি তুলিব পৰিব বুলি উল্লেখ কৰি ৰেচন কাৰ্ড থকা প্ৰতি পৰিয়ালে অৰুণোদয়,আয়ুষ্মান কাৰ্ডৰ জড়িয়তে চিকিৎসা সেৱা লাভ কৰাৰ লগতে ঘৰৰ মূৰব্বী সকলৰ বাবে বীমাৰ ব্যৱস্থা কৰিছে বুলি কয়। উচ্চতৰ পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈকে ছাত্ৰী সকলক চৰকাৰে শৈক্ষিক খৰছ হিচাপে ১০ ৰ পৰা ২৫ হাজাৰ টকা দিয়া হব বুলি কৈ হিমন্ত বিশ্ব শৰ্মাই যি কয় সেইয়া কৰি দেখুৱাই বুলি কয়।সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া,জিলা সভাপতি দেৱ প্ৰদীপ বৰা,অগপৰ জিলা সভাপতি নিপেন বৰুৱা, বোকাখাত সমষ্টি কমিটিৰ সভাপতি জগত কলিতাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া,অসম গণ পৰিষদ দলৰ বিষয় ববীয়া আৰু সন্মিলিত গণশক্তিৰ বিষয় ববীয়া উপস্থিত থাকে।


প্ৰকৃতিৰ বুকুত নতুন সাজেৰে সাজি-কাচি আহে ব’হাগ…

তই হ’বি বৰ গৰু, প্ৰকৃতিৰ বুকুত নতুন সাজেৰে সাজি-কাচি আহে ব’হাগ । নতুন বছৰৰ সেউজীয়া পাতৰ লগত ঢোল-পেঁপা বজাই আৱেগৰ দুৱাৰ খুলি সোমাই আহে ব’হাগ। প্ৰকৃতিৰ নিয়ম অনুসাৰে ঋতুশ্ৰেষ্ঠ বসন্ত আহে ব’হাগত। ফুলে পলাশ, শিমলু, মদাৰ, কৃষ্ণচূড়া ,ৰাধাচূড়া আৰু কপৌ ফুল । নানা ফুলৰ ৰঙে ৰঙিয়াল কৰে মানুহৰ মন। কপৌ-পলাশেৰে ভৰা প্ৰকৃতিৰ বুকুত নিনাদিত হয় কুলী-কেতেকীৰ সুৰৰ ধ্বনি। মন হয় চঞ্চল । ডেকা-গাভৰুৰ মন হয় ছন্দোময়, জাগে যৌৱনৰ শিহৰণ।


ব’হাগৰ সেউজীয়া ৰূপত সাৰ পাই উঠে কবিৰ কাব্যিক সত্তা, সৃষ্টি হয় কবিতা- গীত। ৰঙালী বিহুৰ লগত সংগতি ৰাখি অসমবাসীয়ে পালন কৰি আহিছে ‘ গৰু বিহু ‘ । কৃষিপ্ৰধান অসমবাসীয়ে সৃষ্টিৰ পথাৰৰ অন্যতম অংশীদাৰ গৰু’ক আগস্থান দি আহিছে । সেই বাবেই হয়তো ৰঙালী বিহুৰ প্ৰাক্‌মুহূৰ্তত তথা কৃষিকাৰ্যৰ শুভপ্ৰাক্‌ক্ষণত গৰু বিহু পতাৰ নিয়ম । গৰু বিহুৰ আগদিনা বজাৰলৈ গৈ প্ৰয়োজনীয় সাভগ্ৰী যেনে- জাতি লাউ , বেঙেনা , তিতা কেৰেলা , ঠেকেৰা , কেঁচা হালধি , মাটিমাহ আদি বজাৰ কৰি লৈ অনা হয় । গৰু বিহুৰ আগদিনা গাঁৱৰ-জীয়ৰী-বোৱাৰী সকলে ঢেঁকীত চাউলৰ পিঠাগুড়ি খুন্দে । গধুলি সেই পিঠাগুৰিৰে , তিল পিঠা, ঘিলা পিঠা , তেল পিঠা , কেটেৰী পিঠা , বৰ পিঠা , কল পিঠা , চালি পিঠিৰ লগতে বিভিন্ন ধৰণৰ লাডু বনাই বিহুৰ বাবে সাজু হয় । ইফালে ঘৰৰ জ্যেষ্ঠজনে কেঁচা বাঁহৰ কামিৰে তিনিশিৰীয়া নহলে দুই শিৰীয়া ‘ চাক্‌ ‘ তৈয়াৰ কৰে । ‘চাক’ তৈয়াৰ কৰাৰ পাছত এখন ডলা বা চালনীত প্ৰয়োজনীয় লাউ , বেঙাৰ , কেৰেলা , হালধি , ঠেকেৰা ইত্যাদি কাটি লোৱা হয় । তাৰ পাছত বাঁহৰ চাকবোৰত ইয়াক ক্ৰম অনুযায়ী সি দিয়া হয় । পুৱা সোনকালে শুই উঠা গৃহস্থজনে গোহালিত গৈ গৰু-গাইবোৰ পৰীক্ষা কৰে । গোহালিত বান্ধি ৰখা গৰুবোৰৰ ভিতৰত কিমানটা শুই আছে আৰু কিমানটা উঠি আছে । ইয়াৰ ফলত বছৰটোৰ বানপানী কম-বেছি হোৱাৰ কথাটো জানিব পাৰি । গৰু বিহুৰ দিনা গৰুক গা-ধুওৱাৰ আগতে মাহ-হালধি বটি প্ৰস্তত কৰি লোৱা হয় । ইয়াৰ পাছতে মাহ-হালধি খিনি গৰু গাত সানি দিয়া হয় । এইখিনি নিয়ম কৰাৰ পাছত ঘৰৰ সৰু-ডাঙৰ সকলোৱে গৰু-গাইবোৰক মাখিয়তী আৰু দীঘলতিৰ পাতেৰে কোবাই কোবাই গা ধুৱাবলৈ পুখুৰী , নৈ-বিললৈ লৈ যায় ।গৰুক গা ধুৱাবলৈ লৈ যোৱাৰ সময়ত মুখেৰে সকলোৰে গায় যায়-” দীঘলতি দীঘল পাত , মাখি মাৰো জাক জাক ।” ইয়াৰ যোগেদি বিশ্বাস কৰা হয় যে গৰু বিহুৰদিনাখন এনেদদে মাখি খেদিলে বছৰতোলৈ মাখিয়ে গৰু-গাইবোৰক আমনি নকৰে।

গৰু ধোৱাবৰ বাবে লাহনি-বালটিংঙ , মগ আদি লৈ গা-ধুওৱা ঘাটলৈ লৈ গৈ সকলোৱে ৰং-হাঁহি-তামাচাৰে গোটেই পৰিৱেশটো উওাল কৰি তোলে । গৰুক গা-ধুৱাবলৈ লৈ যোৱাৰ সময়ত প্ৰত্যেকৰ ঘৰৰ পৰা লাউ-বেঙেনাৰ চাকৰ লগতে তামোল-পাণো লৈ যায় আৰু সেই লৈ যোৱা তামোল-পাণবোৰ গাঁৱৰে এজনে গোটাই সমজুৱাকৈ কাটি লৈ প্ৰত্যেককে একোখনকে তামোল দিয়াটো নিয়ম । সকলোৱে তামোল হাতত পোৱাৰ পাছত -“জয় ৰাম বোলা•••জয় হৰি বোল••।” বুলি তামোল মুখলৈ নিয়ে । তাৰ পাছত ল’ৰা-বুঢ়া সকলোৱে হৰিধ্বনি দি গৰুৰৰ গালৈ পানী সিঁচি গা-ধুৱায় । গা-ধুওৱাৰ পাছতে গৰুৰ গালৈ লাউ-বেঙেনা মাৰি গোৱা হয়–

লাউ খা, বেঙেনা খা
বেঙেনা খা
বছৰে বছৰে বাঢ়ি যা
মাৰে সৰু , বাপেৰে সৰু তই হ’বি বৰ বৰ গৰু
বুলি সকলোৱে ৰং ৰহইচেৰে গৰুৰ গালৈ লাউ-বেঙেনা মাৰিবলৈ ধৰে ।

গৰুৰ গাত লাউ-বেঙনা মৰাৰ পাছত গৰু গা-ধুওৱা ঠাইৰ পৰা কইডোখৰমান লাউ-বেঙনা বুটলি অনাটো নিয়ম । সেই বুটলি অনা লাউ-বেঙনাখিনি পাছত আঞ্জা কৰি খোৱাৰ এক নিয়ম আছে । ইয়াৰ পাছত ইজনে সিজনৰ পৰা ‘চাক’ বদলি কৰে আৰু লগতে মাখিয়তী নহলে দীঘলতিৰ ঠাল সলনি কৰাটোও পৰম্পৰাৰ ভিতৰত পৰে ।গৰু বিহুৰ দিনা ঘৰখনৰ বিভিন্নজনে বিভিন্ন কামত ব্যস্ত হৈ পৰে । কোনোৱাই পুখুৰিৰ পৰা মাছ ধৰে নহলে উৰুকাৰ দিনা বিলত সমূহিয়া মাছ ধৰিবলৈ যায় আৰু কোনোবাই মাংস , শাক-পাচলি সংগ্ৰহ কৰে । ব’হাগ বিহুত এশ-এবিধ শাক গোটাই -পিতাই এখন আঞ্জা বা ভাজি কৰি খাব লাগা এক পৰম্পৰা অতিজৰে পৰা চলি আহিছে । ইয়াৰ ফলত বছৰতোলৈ বহু বেমিৰ-আজাৰৰ পৰা ৰক্ষা পাব পাৰি । গৰু বিহুৰ দিনা আমৰলি পৰুৱা টোপ খোৱাৰো এক পৰম্পৰা আছে ।
গৰুক গা-পাত ধুৱাই মানুহবোৰ ঘৰলৈ আহি গৰু নোৱা মাহ-হালধি নিজ গাত ঘহি গা-পাত ধুই জা-জলপান খায় । গৰু বিহুৰ দিনাই ঘৰৰ জেষ্ঠ জনক সেৱা জনাই আৰ্শিৱাদ লয় । সন্ধিয়া ঘৰৰ পদূলিমুখত তথা গোহালিত -ধান খেৰ, তুঁহগুড়ি , ভাং গছৰ আগ , জেতুলি পকা গছৰ পাত ,মাখিয়তীৰ পাত, ঔ তেঙা গছৰ পাত আদিৰে ‘ জাগ ‘ দিয়া হয় । জাগ দিয়া ধোঁৱাবোৰ বিচনিৰে বা দি ঘৰৰ ভিতৰ আৰু গোহালিত সোমাবলৈ দিয়ে । লোকবিশ্বাসৰ মতে ,সেই ধোঁৱা ঘৰৰ ভিতৰত সোমালে পোক-পৰুৱা, মহৰ পৰা হ’ব পৰা বেমাৰৰ পৰা হাত সৰাৰ লগতে গোহালিত গৰুৰ বেমাৰ আজাৰ নহয় । তানহাতেদি গধুলিৰ আগে আগে পথাৰৰ পৰা গৰু বিলাক আনি গৰুৰ ডিঙীত নতুন পঘা লগাই বিচনীৰে বা দি গোহালিত সোমায় । ঘৰৰ গৃহস্থই বিহুৰ কেইবা দিনমান আগৰে পৰাই নতুন মৰাপাতেৰে তৰা গছৰ পাত মিহলাই গৰুৰ কাৰণে নতুন পঘা তৈয়াৰ কৰি থৈ দিয়ে । এইদৰে গৰু বিহুৰ দিনা গৰুক নতুন পঘাৰে বিহুৱান দি গোহালিলৈ আদৰে । গধূলি ঘৰৰ সকলোৱে এমূঠি খাই-বৈ হাতত জেতুকাৰে বোল সানি পিছদিনাখন মানুহ বিহুলৈ সাজু হয় ।


হুঁচৰি ব’হাগ বিহুৰ লগত সাঙোৰ খাই থকা অনুষ্ঠান । গৰু ৰিহুৰ নিশাৰ পৰাই হুঁচৰি আৰম্ভ হয় । হুঁচৰিৰ দল আহি গৃহস্থৰ ঘৰত ভৰি দিয়েই গৃহস্থক উদ্দেশ্য কৰি আশীৰ্বাদ দিয়ে । তাৰ পিছত হুঁচৰি গীত আৰম্ভ হয় । হুঁচৰিৰ অন্তত গৃহস্থৰ কুশলৰ অৰ্থে হৰি বোলা ধ্বনিৰে আশীৰ্বাদ দিয়ে । তাৰ লগতে কয়–খুঁটিত ম’হ, গোহালিত গৰু , বাৰীত তামোল-পাণ লগতে ভঁৰালত ধানে উপচি পৰক । খেতিয়কৰ ঘৰত যিখিনি প্ৰয়োজন তাৰেই আন্তৰিক আশীৰ্বাদ । ইয়াৰ পাছতে বিহুনাম গাই গৃহস্থৰ পৰা টকা-পইছি মাননি লৈ গৃহস্থৰ পৰা আৰ্শীৰ্বাদ লৈ বীদায় মাগে ।এনেকৈয়ে প্ৰথম দিনা গৰু বিহুৰ পৰম্পৰা উলহ-মালহেৰে অন্ত পৰে । বিহু প্ৰানকৈ কৃষিভিওিক উৎসৱ । গৰু কৃষিৰ প্ৰধান আহিলা । গতিকে গৰুক পৰিচৰ্যা কৰাটো কৃষকসকলৰ প্ৰধান কৰ্তব্য ।সেয়ে বিহুৰ প্ৰথম দিনা গৰু বিহু পতা হয় , গৰুক আদৰ-যত্ন কৰা হয়, তাৰ পিছতহে আৰম্ভ হয় মানুহ বিহু। হিন্দু শাস্ত্ৰ মতে গৰু পৱিএ জন্তু । আনহাতে , কৃষিৰ বাবে নিতান্তই আৱশ্যকীয় । প্ৰাচীন অসমত বসবাস কৰিবলৈ অহা মংগোলীয়সকলে ব’হাগ বিহুৰ সময়ত গৰুক গা-পা ধুৱাই , নতুন পঘা দি পূজা-পাতল কৰা ফৰম্পৰাই গৰু বিহুৰ পাতনি বুলি ক’ব পাৰি ।

লেখকঃ নৱজ্যোতি বৰা

‘কা’ৰ শুনানী ৯ এপ্ৰিলত ছুপ্ৰিম কৰ্টত…

ছুপ্ৰিম কৰ্টত ৯ এপ্ৰিলত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিবলৈ ভাৰত চৰকাৰে ১১ মাৰ্চত জাৰী কৰা জাননীৰ বৈধতা সম্পৰ্কেহে শুনানী অনুষ্ঠিত হ’ব । যিহেতু ছুপ্ৰিম কৰ্টত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ২৩৭টা গোচৰ বিচাৰাধীন হৈ আছে । এনে ক্ষেত্ৰত নাগৰিকত্ব সংশোধনী আইন,২০১৯ কাৰ্যকৰী হ’ব নোৱাৰে ছুপ্ৰিম কৰ্টৰ চূড়ান্ত সিদ্ধান্ত নোহোৱাকৈ । কিন্তু ছুপ্ৰিম কৰ্টৰ বিৰুদ্ধে তথা আইনক অসন্মান কৰি ভাৰত চৰকাৰে ‘কা’ কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । ভাৰত চৰকাৰে ১১ মাৰ্চত জাৰী কৰা নিৰ্দেশাৱলী স্থগিত ৰাখিবলৈ ছুপ্ৰিম কৰ্টত অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰা হস্তক্ষেপ আবেদন ৭১৮৯৭/২০২৪ৰ হৈ অধিবক্তা সমীৰণ শৰ্মাই ২ এপ্ৰিলত ৫ পৃষ্ঠাৰ লিখিত প্ৰতিবেদন দাখিল কৰে ।

যোৱা ১৯ মাৰ্চৰ শুনানীৰ শেষত ছুপ্ৰিম কৰ্টে গোচৰীয়া পক্ষৰ নডেল কাউন্সিল অংকিত যাদব আৰু চৰকাৰী পক্ষৰ নডেল কাউন্সিল কানু অগ্ৰৱালক নিযুক্ত কৰিছিল । অধিবক্তা সমীৰণ শৰ্মাই উল্লিখিত নডেল কাউন্সিললৈ যথা নিয়মে মতিউৰ ৰহমানৰ হৈ প্ৰতিবেদন দাখিল কৰে ২ এপ্ৰিলত । ছুপ্ৰিম কৰ্টৰ নিৰ্দেশ মৰ্মে ৮ এপ্ৰিলত ভাৰতৰ চৰকাৰৰ হৈ ছলিছিটৰ জেনেৰেল তুষাৰ মেহতাই গোচৰীয়া পক্ষৰ প্ৰতিবেদনৰ উত্তৰ মুখ্য ন্যায়াধীশৰ আদালতত জমা দিব লাগিব । আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা প্ৰেছ টোকাত গোচৰীয়া তথা অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে এই কথা কয় ।ৰহমানৰ সৈতে ২০খন হস্তক্ষেপ আবেদনৰ উত্তৰ দিব লাগিব।

৯ এপ্ৰিলত ছুপ্ৰিম কৰ্টৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰডিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ তিনিজনীয়া বিচাৰপীঠত নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ কাৰ্যকৰী কৰিবলৈ জাৰি কৰা নিৰ্দেশাৱলী স্থগিত ৰাখিবলৈ জনোৱা হস্তক্ষেপ আবেদন সমূহৰ বিচাৰহে অনুষ্ঠিত হ’ব । মতিউৰ ৰহমানে কয় যে ৯ এপ্ৰিলত ছুপ্ৰিম কৰ্টত মহাসংঘৰ হৈ যুক্তি দৰ্শাব ভাৰতৰ প্ৰখ্যাত অধিবক্তা শ্যাম দিৱান, জেষ্ঠ অধিবক্তা বিজয় হান্সাৰিয়াই । দিৱান আৰু হান্সাৰিয়াক সহযোগ কৰিব অধিবক্তা সমীৰণ শৰ্মা আৰু অধিবক্তা সৃষ্টি বৰঠাকুৰে । মূল নাগৰিকত্ব সংশোধনী আইন,২০১৯ ৰ সাংবিধানিক বৈধতা সম্পৰ্কীয় শুনানী মুখ্য ন্যায়াধীশৰ নিৰ্দেশ মৰ্মে পিছতহে অনুষ্ঠিত হ’ব বুলিও ৰহমানে স্পষ্ট ভাবে কয় ।

গছৰ পাতত ২৮ খন ৰাজ্যৰ মানচিত্ৰ অংকনঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত মুকালমুৱাৰ বদনি আখিয়াৰ নাজমা বেগমৰ…

কঁঠাল গছৰ পাতত ছবি অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তর্ভুক্ত কৰিছে মুকালমুৱাৰ নিকটৱৰ্তী বদনি আখিয়া গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে। আলহাজ হাফিজ আব্দুৰ ৰছিদ আৰু বেণু বেগমৰ কন্যা নুৰ নাজমা বেগমে ইন্ডিয়া বুক অব্ ৰেকৰ্ডছ-২০২৪ত নিজৰ নাম অন্তর্ভুক্ত কৰি নলবাৰী জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বয়েল গ্ল’বেল ইউনিভাছিটিৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী নুৰ নাজমা বেগমে কঁঠাল গছৰ পাতত ভাৰতবৰ্ষৰ ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰি এই অভিলেখ গঢ়িছে। অসম, মণিপুৰ, নাগালেণ্ড, কেৰালা, তামিলনাডু, উত্তৰাখণ্ড, হাৰিয়ানা, উত্তৰপ্ৰদেশ, বিহাৰকে ধৰি ২৮ খন ৰাজ্যৰ ছবি কম সময়ৰ ভিতৰতে অংকন কৰি নিজৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে ইন্ডিয়া বুক অব্ ৰেকৰ্ডছত। মাত্র ২৩ মিনিট ৩০ ছেকেণ্ডত দেশৰ ২৮ খন বাজ্যৰ মানচিত্র অংকন কৰি ইতিহাস ৰচিবলৈ সক্ষম হৈছে মুকালমুৱাৰ নুৰ নাজমা বেগমে।

ৰয়েল গ্ল’বেল ইউনিভার্হিটিত উদ্ভিদ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰীগৰাকীয়ে ইণ্ডিয়া বুক অব্ বেকর্ডছত নাম অন্তর্ভুক্ত কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল, আত্মীয়-স্বজন তথা শুভাকাংক্ষীসকল। লকডাউনৰ সময়ছোৱাত কঁঠাল গছৰ পাতত ছবি অংকন কৰিবলৈ আৰম্ভ কৰা নুৰ নাজমা বেগমৰ প্ৰথমাৱস্থাত ২৮ খন ৰাজ্যৰ মানচিত্র অংকন কৰিবলৈ পাঁচ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল যদিও ছাত্রীগৰাকীয়ে পিচলৈ সেই ছবি ২৩ মিনিট ৩০ ছেকেণ্ডত অংকন কৰি ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে নুৰ নাজমা বেগমে চলিত বৰ্ষৰ চাৰি মাৰ্চত ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কর্তৃপক্ষক ভিডিঅ’ অর্পণ কৰিছিল। যোৱা ১১ মাৰ্চত নূৰ নাজমা বেগমক ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে স্বীকৃতি প্রদান কৰিছিল। যোৱা ২ এপ্রিলত নুৰ নাজমা বেগমক ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছে আনুষ্ঠানিকভাবে স্বীকৃতি প্ৰদান কৰি প্রমাণপত্র প্রদান কৰে। ছাত্ৰী গৰাকীৰ সাফল্যই অঞ্চলটোৰ লগতে জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ ভলীবল প্ৰতিযোগিতা সম্পন্ন; বক্সিঙ প্ৰশিক্ষক অমৰ ডেকাক “দ্ৰোনাচাৰ্য বঁটা” প্ৰদান…

৬ এপ্ৰিলত ৰাজ্যৰ ক্ৰীড়া সাংবাদিক সকলৰ লগতে সমগ্ৰ ক্ৰীড়া জীৱনৰ কল্যাণ সাধনৰ কাৰণে গঠন কৰা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমে এদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জজ খেল পথাৰস্থিতত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰত সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বাৰ্ষিক সাধাৰণ সভা খনিৰ লগতে ৰাজ্যিক ভিত্তিত এখনি ল’ৰা-ছোৱালীৰ ১৬ বছৰ অনুৰ্ধ ভলীবল প্রতিযোগিতা আৰু বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন হয়। দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই প্ৰতিযোগিতা খনত ল’ৰা আৰু ছোৱালীৰ উভয় শাখাতে গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ সকলে বিজয়ীৰ সন্মান লাভ কৰে । ল’ৰাৰ শাখাত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই. আমচিং ভলীবল প্ৰশিক্ষণকেন্দ্ৰক পৰাজিত কৰাৰ বিপৰীতে ছোৱালীৰ শাখাতো গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰই নাৰেংগী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰক পৰাভূত কৰে।

বঁটা বিতৰণী অনুষ্ঠানত অংশ গ্ৰহণ কৰে বিশিষ্ট ক্ৰীড়া সংগঠক আৰু গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস, ৩৩ আই,টি,বি,পিৰ ডেপুটি কামাণ্ডেন্ট দেৱেণ্ডৰ সিং, ইণ্ডিয়ান বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কলিতা, সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সম্পাদক প্ৰদীপ কুমাৰ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতা খনত মুঠ এঘাৰটা দলে অংশ গ্ৰহণ কৰে। আজিৰ অনুষ্ঠানতে ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাই প্ৰথম বাৰৰ বাবে প্ৰদান কৰা “দ্ৰোনাচাৰ্য বঁটা” বক্সিঙৰ প্ৰশিক্ষক অমৰ ডেকাক প্ৰদান কৰা হয়৷ বঁটা প্ৰদান কৰে ডেপুটি কামাণ্ডেন্ট দেৱেণ্ডৰ সিং আৰু কল্যাণ কুমাৰ দাসে। বঁটা গ্ৰহণ কৰি বক্সিং প্ৰশিক্ষক অমৰ ডেকাই খেলুৱৈ সকলৰ বাবে প্ৰশিক্ষকৰ গুৰুত্ব সম্পৰ্কত বহুতো উপদেশ দিয়ে।