Home Blog Page 952

হিন্দী চলচিত্ৰ মুঝে স্কুল নেহি জানা নিৰ্মাণেৰে ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিলে অসম সন্তান নিপন ধলুৱাই ! নেপাল সংস্কৃতি আৰু চলচ্চিত্ৰ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত মহোৎসৱত জিলিকিল হিন্দী বোলছবি…

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ নিৰ্মাণ কৰা হিন্দী বোলছবি ‘মুঝে স্কুল নেহি জানা’ই এইবাৰ ৫ম নেপাল কালচাৰেল ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ বোলছবিৰ খিতাপ লাভ কৰে।যোৱা ২৯ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে নেপালত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত ছবিখনৰ পৰিচালক নিপন ধলুৱাই এই বঁটা গ্ৰহণ কৰে। হিন্দী বোলছবি নিৰ্মাণ কৰি সমগ্ৰ ভাৰততে প্ৰশংসিত হোৱা অসম সন্তান নিপন ধলুৱাৰ নৱনিৰ্মিত ছবি ‘মুঝে স্কুল নেহি জানা’ এই হিন্দী বোলছবিখনে ইতিমধ্যে ১৫০ টাৰো অধিক ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।

NBDK প্ৰডাকচনৰ নিবেদনত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী আৰু পৰিচালনা নিপন ধলুৱাৰ, প্ৰযোজনা বৰ্ণালী ধলুৱাৰ। ছবিখনত অভিনয় কৰিছে কেথৰিন ধলুৱা, চনিকা চোপ্ৰা, ৰশ্মি গুপ্তা, মাধুৰিমা চৌধুৰী, ৰিয়া শ্বিধৱানী, মৌ মন, দিচান ধলুৱা আদিয়ে। ছবিখনৰ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী ড° জছপিন্দৰ নোৰেলা আৰু দিচান ধলুৱাই, সংগীত কৰিছে বিভূতি গগৈয়ে।

উল্লেখ্য যে, ইতিমধ্যে মি এণ্ড মাই চিষ্টাৰ, প্ৰত্যাহ্বান, মৰীচিকা, আহি আছে আদি কেইবাখনো অসমীয়া বোলছবিৰ লগতে বহুকেইকেইখন ছুটি ছবি দৰ্শকক উপহাৰ হিচাপে আগবঢ়োৱা পৰিচালক অসম সন্তান নিপন ধলুৱাই “মুঝে স্কুল নহি জানা” ছবিখন বিভিন্ন ঠাইৰ প্ৰকৃতিৰ নান্দনিক পৰিৱেশত চিত্ৰগ্ৰহণ কৰা বুলি জনোৱাৰ লগতে তেওঁ কয় যে, ছবিখনৰ জৰিয়তে দৰ্শকে এক সুন্দৰ বাৰ্তা লাভ কৰিবলৈ সক্ষম হ’ব।

পুত্ৰৰ জন্মদিনত স্বৰচিত গ্ৰন্থ উপহাৰ, শিক্ষয়িত্ৰী স্বস্তিকা বৰাৰ দুখনকৈ গ্ৰন্থ উন্মোচন…

মৰমৰ পুত্ৰৰ ওপজা দিনত কেক কাটি জন্মদিন পালন কৰাৰ পৰিৱৰ্তে নিজে ৰচনা কৰা দুখনকৈ গ্ৰন্থ পুত্ৰক উপহাৰ দি ওপজা দিনৰ শুভকামনা জনোৱাৰ দৰে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি চৰ্চালৈ আহিছে ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষয়িত্ৰী স্বস্তিকা বৰা। উল্লেখযোগ্য যে শিক্ষয়িত্ৰী স্বস্তিকা বৰাৰ সৰুপুত্ৰ চেংপম বৰগোহাঁইৰ ওপজা দিনৰ বিশেষ দিনটোত চৰচিত গল্প সংকলন “জীৱনৰ ৰং” আৰু কবিতা পুথি জোনাকৰ অনুভৱ শীৰ্ষক দুখনকৈ গ্ৰন্থ এক গম্ভিৰ্য পূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে।সেই উপলক্ষে ৰঙামাটি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকদেৱৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় গ্ৰন্থ কেইখন।এখন বিদ্যালয়ৰ শিক্ষক বৃন্দৰ দ্বাৰা প্ৰকাশিত “জাচিংফা ” নামৰ আলোচনী।

আন দুখন হ’ল সেই বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্বস্তিকা বড়াৰ গল্প আৰু কবিতাৰ পুথি। বিদ্যালয়ৰ শিক্ষক বৃন্দৰ দ্বাৰা প্ৰকাশিত “জাচিংফা”আলোচনীখন উন্মোচন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকাদেৱে। স্বাস্তিকা বড়াৰ গল্প পুথি “জীৱনৰ ৰং ” উন্মোচন কৰে দেৰগাঁওৰ শিক্ষা প্ৰতিষ্ঠান উদয়ন একাদেমীৰ অধ্যক্ষ শ্ৰী ভাস্কৰ বৰাদেৱে। কবিতাৰ পুথি “জোনাকৰ অনুভৱ”উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা এজন সফল ব্যৱসায়ী প্ৰদীপ কুমাৰ দাস দেৱে। গ্ৰন্থ কেইখন উন্মোচন কৰি উন্মোচকে তেওঁ লোকৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়। ভাস্কৰ বৰাদেৱে ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যে এক সুন্দৰ বক্তৃতা প্ৰদান কৰে।এই গাম্ভীৰ্যপূৰ্ণ সভাখনত বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী দিগন্ত দত্ত, দেৰগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান উদয়ন একাডেমীৰ অধ্যক্ষ ভাস্কৰ বৰা,ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ উন্নয়ন সমিতিৰ সভাপতি ৰাজীৱ হাজৰিকা,ৰঙামাটি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দাস,ৰঙামাটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সভাপতি জিতেন দাস, অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰেৱ হাজৰিকাকে প্ৰমুখ্য কৰি সকলো শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে‌ এচ এম দিছিৰ সদস্য- সদস্যা আৰু মাতৃ গোটৰ সদস্যা সকলৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে।পুত্ৰৰ জন্ম দিনত মাতৃ স্বস্তিকা বৰাই গ্ৰন্থ দুখন উপহাৰ হিচাপে দিবলৈ পাই উৎফুল্লিত হৈ পৰাৰ লগতে সমাজলৈ এক এক ইতিবাচক বাৰ্তা পেৰণ কৰিবলৈ সক্ষম হৈছে।

ৰঙিয়াত ভোটাৰ সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মহকুমাধিপতি দেৱাশীষ গোস্বামীৰ চাইকেল ৰেলী…

২৬ এপ্ৰিলৰ বাবে গণনা আৰম্ভ হোৱাৰ লগে লগে – নিৰ্বাচন দিৱস, লোকসভা, ২০২৪ৰ আগন্তুক সাধাৰণ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ৰঙিয়াত পূৰ্ণ গতিত চলি আছে। ভোটাৰসকলৰ এক স্বাস্থ্যকৰ ভোটদানত উদগনি দিবলৈ, ৰঙিয়া নিৰ্বাচন জিলাৰ এছভিইইপি চেলৰ দ্বাৰা নিয়মীয়া ব্যৱধানত সজাগতা কাৰ্যকলাপ হাতত লোৱা হৈছে।চলিত এছভিইইপি কাৰ্যকলাপৰ অংশ হিচাপে আজি উপ-বিভাগীয় বিষয়া (অসামৰিক) আৰু জিলা নিৰ্বাচন বিষয়া ৰঙিয়া, দেৱাশীষ গোস্বামীয়ে ‘শ্ৰেষ্ঠ – গণতন্ত্ৰৰ উইংছ’ শীৰ্ষক নিৰ্বাচনী শুভংকৰ উন্মোচন কৰে। এই উপলক্ষে পুৱাৰ ভাগত হৰদত্ত, বীৰদত্ত ভৱনৰ পৰা এখন চাইকেল ৰেলীৰ শুভাৰম্ভ কৰা হয়।

ডিইঅ’ৰ দ্বাৰা ফ্লেগ অফ কৰা চাইকেল ৰেলীত প্ৰথমবাৰৰ বাবে ভোটাৰ, মহিলা ভোটাৰ আৰু বিভিন্ন শিক্ষানুষ্ঠান যেনে ৰঙিয়া মহাবিদ্যালয়, মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয় আৰু তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । ইফালে সমবেত লোকসকলক সম্বোধন কৰি ডিইঅ’য়ে ৰাইজক ওলাই আহি বৃহৎ সংখ্যাত ভোট দিবলৈ আহ্বান জনায়। অনুষ্ঠানটোত মহকুমাধিপতি দেৱাশিষ গোস্বামী, চক্ৰ বিষয়া ভাস্কৰ জ্যোতি কলিতা, নিৰ্বাচনী বিষয়া ড০ নীল হৰিৎ কৌশিক, কাৰ্যবাহী বিষয়া জিলজিলি থাওসেন, শ্বাৰণ থমাছ, এনইউএলএমৰ অধীনত এছএইচজি সদস্য, অন্যান্য চৰকাৰী বিষয়া আৰু উপ-বিভাগৰ বিষয়াসকলৰ কৰ্মচাৰীৰ উপৰিও কেইজনমান স্বাস্থ্য বিষয়া উপস্থিত থাকে ।

মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ…

মহানগৰীৰ মালিগাঁও কামাখ্যা ৰে’ল জংচনত চুৰি সোণসহ এজনক গ্ৰেপ্তাৰ৷

ধৃত যুৱকজন পশ্চিমবংগৰ সাগৰ প্ৰসাদ ৰায়৷

কাপোৰৰ বেগৰ ভিতৰত লৈ আহিছিল সোণৰ দুখনকৈ বিস্কুট৷

৭ এপ্ৰিলত দেশৰ লগতে অসমতো হ’ব সমূহীয়া উপবাস! অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমূহীয়া উপবাস তথা অনশন কৰিব আম আদমি পাৰ্টীয়ে…

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত কেন্দ্ৰৰ বিজেপি চৰকাৰে আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কাৰাৰুদ্ধ কৰাৰ পিছতে মধুমেহ ৰোগৰ বাবে তেওঁৰ ওজন যথেষ্ট হ্ৰাস পোৱাত আম আদমি পাৰ্টীৰ প্ৰতিজন সদস্য উদ্বেগ হৈ পৰিছে। কেজৰিৱালৰ সুস্বাস্থ্যৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অহা ৭ এপ্ৰিল, দেওবাৰে সমূহীয়া উপবাস তথা অনশন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। দলটোৰ গনেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয় আজি এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ মুখপাত্ৰ হেমন্ত ফুকনে এই কথা জানিবলৈ দিয়ে। গুৱাহাটীৰ শ্ৰীমন্ত মাধৱদেৱ পথৰ সমীপৰ চচলস্থিত প্ৰতিবাদস্থলীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হ’বলগীয়া এই সমূহীয়া উপবাসত আপ, অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীকে ধৰি বিষয়ববীয়াসকল, কামৰূপ (মহানগৰ) সমিতি, জি এম চি সমিতি, মহিলা শক্তি, যুৱ শক্তি আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিয়ে অংশগ্ৰহণ কৰিব। তদুপৰি, অসমৰ প্ৰতিখন জিলা আৰু সমষ্টি সমিতিয়ে নিজ নিজ স্থানত উক্ত দিনা সমূহীয়া প্ৰতিবাদ তথা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব। এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ আম আদমি পাৰ্টীয়ে সাধাৰণ জনতাকো আহ্বান জনায়। এই উদ্দেশ্যেৰ প্ৰতি সমৰ্থন থকা ৰাইজে যদি ব্যক্তিগত অসুবিধাৰ বাবে সমূহীয়া উপবাসত উপস্থিত থাকিব নোৱাৰে, তেন্তে তেওঁলোকক নিজ ঘৰতে বা কৰ্মস্থানত উক্ত দিনটো উপবাস থাকি অৰবিন্দ কেজৰিৱালৰ সুস্বাস্থ্যৰ কামনা কৰিবলৈ আহ্বান জনায় দলটোৱে।

তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ নামত বিজেপিয়ে ই ডিৰ হতুৱাই আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালকে ধৰি প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণিষ ছিছোদিয়া, প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক কোনো তথ্য-প্ৰমাণ নোহোৱাকৈ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে গ্ৰেপ্তাৰ কৰাইছে। ছমাহ কাৰাৰুদ্ধ হৈ থকাৰ পাছত ই ডিয়ে সঞ্জয় সিঙৰ বিৰুদ্ধে কোনো তথ্য-প্ৰমাণৰ উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শন কৰিব নোৱাৰাত সৰ্বোচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে। কিন্তু আন তিনিজন নেতা ক্ৰমে অৰবিন্দ কেজৰিৱাল, মণিষ ছিছোদিয়া আৰু সত্যেন্দ্ৰ জৈন এতিয়াও কাৰাবন্দী হৈ আছে। গতিকে আম আদমি পাৰ্টীয়ে বিজেপিৰ এই আক্ৰোশমূলক গ্ৰেপ্তাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যাব। আজিৰ সংবাদমেলত ৰাজ্যিক মুখপাত্ৰ পুনম গগৈ আৰু মিডিয়া পেনেলিষ্ট নীলমণি শইকীয়াও উপস্থিত থাকে।

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা ! গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ…

হাওৰাঘাটত মৰেল পুলিচিঙৰ ঘটনা
জামগুৰি মুণ্ডা গাঁৱত উত্তপ্ত পৰিস্থিতি


গৰু চুৰিৰ সন্দেহত এজন যুৱকক নিৰ্মম প্রহাৰ গঞাৰ
যুৱকজনৰ নাম কুদুৰাম পুতি
চোৰক উদ্ধাৰ কৰিবলৈ যোৱা আৰক্ষীৰে গাঁওবাসীৰ সংঘাত


আৰক্ষীৰ বাহনলৈও শিলগুটি নিক্ষেপ
আহত কেইবাজনো আৰক্ষীৰ লোক
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা

“মাজুলীৰ মধ্য স্থানত অৱস্থিত কেইখন মান বিল বা জলাসয়ৰ সাম্যক ধাৰনা”…

পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ, সত্ৰীয়া সংস্কৃতি প্ৰাণকেন্দ্ৰ, মহাপুৰুষ দুজনাৰ পবিত্ৰ মিলনভূমি , এটকা মহন্তৰ স্থান মাজুলীৰ মধ্য স্থানত অৱস্থিত এটি সৰু অঞ্চলেই হৈছে ফুলনি । মাজুলী যোৰহাট জিলাৰ উত্তৰ দিশত অৱস্থিত ,২৫°৪৫°-২৭°১২°উত্তৰ অক্ষাংশ আৰু ৯৩°৩৯°-৯৪°৩৫°দ্ৰাঘিমাংশত অৱস্থিত জিলা । অতীততে মাজুলীৰ মাটি কালি ১২৫৬ বৰ্গ কি:মি: আছিল যদিও কালৰ গৰাহত পৰি বৰ্তমান সময়ত ৬৪০ বৰ্গ কি:মি: মানহে আছেগৈ। মাজুলীৰ চাৰিওফালে ব্ৰহ্মপুত্ৰ , সোৱনশিৰি , লুইত,খেৰকটা , আদি নৈ উপনৈয়ে আগুৰি ৰাখিছে ।এই স্বৰ্নভূমি স্বৰূপ মাজুলীৰ একেবাৰে মধ্যস্থানত অৱস্থিত অঞ্চলটোয়ে হৈছে ফুলনি। এই ফুলনি অঞ্চলটোৱে প্ৰায় বিছ পঁচিছ খন গাঁৱক সামৰি আছে । এই অঞ্চলটে থকা কেইখনমান বিল হৈছে ফুলনি বিল , পোলোঙা বিল , গেলাবিল, আৰু হাটীমুৰীয়া বিল । জনবিশ্বাস মতে আহোম ৰাজত্ব কালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৱে ফুলেশ্বৰী থানত পূজা অৰ্চনা কৰিবৰ বাবে থানৰ ওচৰতে দুখনকৈ ফুলনি বাগিচা সাজিছিল । এখন সৰু আৰু আনখন ডাঙৰ । সেই সৰু আৰু ডাঙৰ বাগিচাৰ নাম অনুসৰিয়ে পিছলৈ ঠাই দুখনৰ নামো বৰফুলনি আৰু সৰুফুলনি হ’ল বুলি মানি লোৱা হয় । মাজুলী সমূদ্ৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৮৫-৯০ মিটাৰ।


ফুলনি অঞ্চলটোত জান, জুৰিৰ সংখ্যা কম যদিও , বৰফুলনি আৰু সৰু ফুলনিৰ মাজেৰে এটি পহুমৰা নামে বৃহৎ জান আছে । আজিৰ পৰা প্ৰায় এশ ডেৰশ বছৰৰ আগতেই সৃষ্টি হৈছিল এই পহুমৰা জানটো । তেতিয়া জানটোন বাৰ মাহেই পানী আছিল । পানীৰ সোত বৈ আছিল । ইপাৰ সিপাৰ হ’বলৈ মানুহে নাও বা সাকোৰ ব্যৱহাৰ কৰিছিল । সেই সময়ত মাছে পুথিয়ে যেনে দৰে উভয় নদী আছিল থিক তেনে দৰে ইপাৰ সিপাৰ হবলৈও মানুহ খিনিয়ে যথেষ্ঠ কষ্ট কৰিব লগা হৈছিল। কিছু মান লোকে কোৱা মতে ১৯৫০ চনৰ ভূমিকম্পত জানটো বাম হৈ পৰিল । তাৰ পিছৰ পৰা পানী লাহে লাহে কমিব ধৰিলে । কোনো কোনো লোকৰ মতে পহুমৰা জানটো বোলে মাজুলীৰ একমান নৈ টুনীৰ পৰা ফাটি অহা আকৌ কোনেৱে কয় ই ভূমিকম্পত ওখ ঠাই দ হৈ সৃষ্টি হোৱা । কিন্ত সৃষ্টিৰ মূল ৰহস্য ক’তো পোৱা নাযায় । কোনো লোকে কয় জানটো আচলতে টুনী নৈৰ পৰাই ফাটি অহি উত্তৰৰ নৈ খেৰকটীয়াত পৰিছিল । টুনী নৈৰ কাষতে লাগি থকা পহুমৰা গাঁৱৰ আগফালেদি বৈ জানটো ফুলনি অঞ্চলটোত পৰিছিলহি । এতিয়া তাহানিতে সেই জানটো নাই । জানৰ ঠাইত এতিয়া পথাৰ হ’ল । পানী নাইকিয়া হ’ল ।

সেই জানটোৰ মাজে মাজে কিছুমান ডুবিৰ সৃষ্টি হ’ল। তাৰে এটি ডুবি হ’ল ফুলনি ডুবি । য’ত দুইখন ফুলনিৰ লগতে বিভিন্ন ঠাইলৈ যাব পৰাকৈ ফুলনি দলং খন অৱস্থিত । আগতে নাৱেৰে পাৰাপাৰ হৈছিল পিছত কাঠ বাঁহৰ দলং হ’ল। সেইয়াও বান পানীয়ে ভাঙিলে । এতিয়া ডুবিৰ ওপৰতে পকী দলং হ’ল । এই ডুবিৰ পানী কোনো দিনে নুশুকাই । যথেষ্ট দ । ডুবিটোৰ ওপৰিও ফুলনি অঞ্চলটোত কেইবা খনো বিল আছিল । ফুলনি চাৰিআলীৰ পৰা প্ৰায় এক কিলো মিটাৰ মান দক্ষিণে গ’লেই গেলা বিল নামেৰে এখন বিল আছিল । বহু অঞ্চলৰ মানুহে তাত খৰালি মাছ ধৰিছিলহি । এটা বৃহৎ এলেকা আছিল আগুৰি আছিল বিল খনে । কাল ক্ৰমত ঠাইবোৰৰ পৰিবৰ্তন ঘটিল ।কোনো কোনোয়ে কয় ১৯৫০ চনৰ ভূমিকম্পৰ ফলতেই বিলবোৰ বাম হৈ পৰিল । বৰ্তমান এইখন বিল একেবাৰেই নোহোৱাই হ’ল । বিলত মানুহে খেতি কৰিবলৈ ল’লে । পানী শুকাল । তাহিনীতে মা-দেউতাৰ মুখেৰে শুনা মৰথি মাছ ,পাভ মাছ , খৰিয়া,চিতল আদি মাছবোৰো বিলুপ্তি হ’বলৈ ধৰিলে । ফুলনি অঞ্চলৰে আন এখন বিল ফুলনি । ফুলনি চাৰিআলিৰ পৰা প্ৰায় তিনি চাৰি কিলো মিটাৰ পূবলৈ গ’লেই এই বিল আছিল । এই বিলখনো এটা সময়ত যথেষ্ট দ আছিল । এই বিলত খৰালি কালত বিভিন্ন চৰাইয়ো পৰিছিল খাদ্যৰ সন্ধানত । বিভিন্ন ধৰণৰ মাছ আছিল । কিন্তু বৰ্তমান বিল খনৰ পানী শুকাই বৃহৎ বিল খন এতিয়া সৰু হৈ আহিল । ঠায়ে ঠায়ে খেতি পথাৰ হ’ল । বাৰিষা যথেষ্ঠ পানী থাকে যদিও খৰালি সি পুনৰ শুকাই যায় । আগৰ বিলখন এতিয়া নাই । সেহতীয়াকৈ অমৃত সৰোবৰ নামেৰে এটি আচনীৰ জড়িয়তে এই ফুলনি বিল খন খন্দা দেখা গৈছে । যাৰ জড়িয়তে বিল সমূহ অধিক দ কৰাৰ লগতে কিছু বহল কৰি মৎস্য উৎপাদনৰ কৰিবলৈ আচনী গ্ৰহন কৰিছে । সেইয়া কিমান দূৰ সফল হ’ব সেইয়া সময়ত দেখা যাব । এই অঞ্চলৰে আন এখন বিল হ’ল পোলোঙা বিল । ফুলনি বিলৰ ওচৰতে পোলোঙানী গাঁৱৰ পিছ ফালে অৱস্থিত বিল খনেই পোলোঙা বিল । স্থানীয় লোকৰ মতে এই বিলখন বৰ পোন আছিল সেই বাবে বিল খনৰ নাম পোলোঙা বিল । আন কিছুমানৰ মতে আকৌ কাষত থকা গছবোৰ পোন পোন বাবে বিল খনৰ নামো পোলোঙা বিল হ’ল । একে বাৰে প্ৰথম অৱস্থাত বিলখন বোলে প্ৰায় চাৰিশ বিঘা মাটি আছিল । ১৯৫০চনৰ ভূমিকম্পত বিলখন বাম হৈ পৰিসৰ টো কমি আহিল বিলৰ কাষতে মানুহে বাস কৰিবলৈ ল’লে । বিলৰ কাষৰ গাঁওখনৰ নাম পোলোঙানী । স্থানীয় লোকৰ মতে আজিৰ পৰা প্ৰায় পঞ্চাছ ষাঠি বছৰৰ আগতে এই বিল খনৰ কাষত শিমলু গছ বহুত আছিল তাতে এবিধ পৰিভ্ৰমী মনিয়ৰী (স্থানীয় লোকে কোৱা নাম ) নামে চৰাইয়ে জিৰনি লৈছিল কিন্ত কিছুমান লোকে এই চৰাইবিধ মাৰি মাৰি খাইছিল । তেতিয়াৰ পৰাই চৰাইবিধ বিলখনলৈ নহা হ’ল । তাৰ উপৰিও এই বিল খনত এহাল ওকহ চৰাইয়ে বহু বছৰ বছৰ বাস কৰিছিল বুলি স্থানীয় লোকে কয় । বৰ্তমান বিল খনৰ পৰিসৰ ঠেক হ’ল । পানীও যথেষ্ট কমিল । পাৰ বোৰত মানুহে খেতি কৰিবলৈ ল’লে । বানপানী নোহোৱাৰ বাবে বিলৰ মেটেকা , পিট, দলবোৰ উটি যাব নোৱাৰা হ’ল যাৰ বাবে বিলতে বছৰ বছৰ ধৰি পোট খাবলৈ ধৰিলে । বৰ্তমান মাজুলীত বানপানী একেবাৰে কমি গ’ল । বহ্মপুত্ৰৰ পাৰে পাৰে মাথাউৰিবোৰ বান্ধি দিয়া ফলত বান পানী কমি গ’ল । যাৰ ফলত বিল,জান ,জুৰী ,ডোবা আদিত বছৰ বছৰ ধৰি জামা হৈ থকা পলস খিনি উটি যাব নোৱাৰা হ’ল । ফলত বিল বা আন আন জলাশয় বোৰৰ বহন ক্ষামতাও কমি যাৱলৈ ধৰিলে । তাৰ ফল স্বৰূপে বিল , জলাশয় বোৰ শুকাই যাব ধৰিলে ।

উল্লেখ্য যোগ্য যে মাজুলীৰ এক মাত্ৰ নৈ টুনী নৈ খনো প্ৰায় এতিয়া মৃত অৱষ্টা। ইয়াৰ কাৰনো বিল সমূহৰ দৰেই । টুনী খনক নামনি ফালে বান্ধ মাৰি পতিয়া নামে এটা অংশ সম্পূৰ্ন বন্ধ কৰি দিয়াৰ ফলতে ইয়াৰ বহন ক্ষামতা কমি গ’ল । নানা ধৰনৰ জলজ উদ্ভিদৰ সংখ্যাও কমি আহিব ধৰিলে । মেটেকা , পিতনি আদিয়ে নৈ খন সম্পূৰ্ন ৰূপে আবৰি ধৰিলে । পানীও বৈ যোৱাত অসুবিধা হ’ল । যাৰ ফলস্বৰপে নৈ খনৰ অৱস্হা দিনক দিনে টুটি আহিল । এটা সময়ত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মাজুলীখনৰো সৌন্দৰ্য দিনক দিনে ম্লান পাব ধৰিলে । মাজুলীৰ মেৰুদণ্ড স্বৰূপ এই টুনী নৈ খন পুনৰ জীৱন দিবলৈ বৰ্তমান সকলো যত্নবান হোৱাৰ অতি প্ৰয়োজন। তেতিয়াহে বাছি থাকিব বিল , জান , জুৰী ডোবা আদি জলাশয় বোৰ । বাছি থাকিব মাজুলী ।

বাংকাত নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী নকৰাৰ বাবে চিকিৎসকক হত্যাৰ ভাবুকি…

ডাক্তৰক হত্যাৰ ভাবুকিঃ আজিকালি বাংকাত ডাক্তৰক জোৰকৈ যোগানকাৰীয়ে কাহৰ চিৰাপ খাবলৈ কয়। যেতিয়া চিকিৎসকে নিষিদ্ধ কাহৰ চিৰাপ খাবলৈ অস্বীকাৰ কৰে তেতিয়া হেঁচা প্ৰয়োগ কৰা হয়। মৃত্যুৰ ভাবুকি দিয়া হয়। এনে এটা গোচৰ পোহৰলৈ আহিছে বাংকাৰ ৰাজৌন থানা এলেকাৰ ইছলামপুৰ গাঁৱৰ পৰা। বৃহস্পতিবাৰে (৪ এপ্ৰিল) এজন গ্ৰাম্য চিকিৎসকে থানাত এজাহাৰ দাখিল কৰিছিল।

ইছলামপুৰৰ গ্ৰাম্য চিকিৎসক আফজল আলীয়ে দুই ঔষধ যোগানকাৰীৰ অভিযোগ উত্থাপন কৰি থানাত লিখিত আবেদন দাখিল কৰিছে। আবেদনখনত কোৱা হৈছে যে তেওঁ ৰাজৌন থানা এলেকাৰ ইছলামপুৰ গাঁৱত ব্যক্তিগত ক্লিনিক চলাই আছে। ভাগলপুৰ জিলাৰ জগদীশপুৰ থানা এলেকাৰ পুৰাইনী গাঁৱৰ বাসিন্দা মহম্মদ সৰফৰাজ আৰু জিয়াই দুমাহ পূৰ্বে তেওঁৰ ক্লিনিকলৈ আহি ঔষধ দেখুৱাই কৈছিল যে আমিও ঔষধ বিক্ৰী কৰো। আন মানুহতকৈ সস্তা ঔষধ দিব।

ভুক্তভোগী গাঁৱৰ চিকিৎসকজনে জনোৱা মতে, তেওঁ সেই দুয়োবিধ ঔষধ যোগানকাৰীৰ পৰা ঔষধ ল’বলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ঔষধ যোগানকাৰীসকলে তেওঁলোকক নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰে, যিটো মানুহে মাদক দ্ৰব্য হিচাপে সেৱন কৰে। যেতিয়া তেওঁ নিষিদ্ধ চিৰাপ ল’বলৈ অস্বীকাৰ কৰি কোনো অবৈধ কাম নকৰো বুলি ক’লে ড্ৰাগছ যোগানকাৰীয়ে তেওঁক হত্যা কৰাৰ ভাবুকি দিয়ে।

ভুক্তভোগী গ্ৰাম্য চিকিৎসকগৰাকীয়ে কয়, ‘নিষিদ্ধ কাহৰ চিৰাপ বিক্ৰী কৰিবলৈ মোক হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে আৰু লগতে ফোন কল আৰু মেছেজ প্ৰেৰণ কৰি ভাবুকি দিবলৈ আৰম্ভ কৰিলে।অবিৰত ভাবুকি পোৱাৰ পিছত মই টোপনি নোহোৱাকৈ ৰাতি কটালোঁ। ইয়াৰ পিছতে বৃহস্পতিবাৰে ৰাজৌন আৰক্ষী থানাত উপস্থিত হৈ বিষয়টো সন্দৰ্ভত লিখিত আৱেদন দি এজাহাৰ দাখিল কৰে।

গুৱাহাটীত মহাসতী জয়মতী উৎসৱ উদযাপন, জেৰেঙাৰ সতী নাট মঞ্চস্থ…

বৃহত্তৰ হেঙেৰাবাৰী সতী জয়মতী উৎসৱ উদ্যাপন সমিতিৰ উদ্যোগত ৩১ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে ভি আই পি ৰোডৰ ৰুদ্ৰসিংহ পথস্থিত ৰাজধানী টাই আহোম কলা – সংস্কৃতি বিকাশ কেন্দ্ৰত মহাসতী জয়মতী উৎসৱ উদযাপন কৰা হয় । পূৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভানেত্ৰী লনিমা মহনে আৰু মৈদাম তৰ্পণ কৰে মহেশ্বৰী হাজৰিকাই । মাল্যপৰ্ণ কৰে ইলা গগৈয়ে । বৃক্ষৰোপণ কৰে জগত সন্দিকৈ আৰু নিৰঞ্জন লাহনে ।

তেনেদৰে দিনৰ ১১ বজাৰ পৰা ছাত্ৰ – ছাত্ৰীৰ মাজত দুটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় । দূপৰীয়াৰ পৰা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়াই ভাষণ প্ৰসংগত মহাসতী জয়মতী অসম বুৰঞ্জীত এটা বিৰল চৰিত্ৰ বুলি সদৰি কৰে । বিয়লি তিনি বজাৰ পৰা একক আৰু দলীয় শাখাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। সন্ধিয়া বৃহত্তৰ হেঙেৰাবাৰী মহিলা সকলে জগদীশ চন্দ্ৰ দাসৰ পৰিচালনাত মঞ্চস্থ কৰে ‘জেৰেঙাৰ সতী’ নামৰ নাটখন। তাৰ পাছত অনুষ্ঠিত বঁটা বিতৰণী সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। নিশা বন্তি প্ৰজ্বলনৰে এইবেলিৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।

দিল্লীত লিভ ইন ৰিলেশ্যনশ্বীপৰ প্রেমিকাক হত্যা কৰি আলমিৰাত মৃতদেহ লুকুৱাই থ’লে প্রেমিকে…

লিভ ইন ৰিলেশ্যনশ্বীপৰ ভয়ংকৰ পৰিণতি

প্রেমিকাক হত্যা কৰি আলমিৰাত মৃতদেহ লুকুৱাই থ’লে প্রেমিকে


কন্যাৰ মৃতেদহ দেখি হতবাক পিতৃ । এই ঘটনা ৰাজধানী দিল্লীৰ