Home Blog Page 951

মুখ্যমন্ত্ৰীক অনুৰোধঃ ৰাইজক লাগে দলং…

দৰং ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ তীব্ৰ গতিত অবধাৰিত ৷ শাসনাধিষ্ঠিত বিজেপি সমৰ্থিত পাৰ্থী দিলিপ শইকীয়াই নিৰ্বাচনী সভাত বক্তব্য মই ৪ লাখ ভোটত জয়ী হম, কংগ্ৰেছ সমৰ্থিত পাৰ্থী মাধৱ ৰাজবংশীৰ বক্তব্য মই কৰে ২ লাখ ভোটত জয়ী হম, আনহাতে বিপি এফ সমৰ্থিত পাৰ্থী দুৰ্গাদাস বড়ো অনুৰূপ বক্তব্য ৷ পিচে পাৰ্থীসকলৰ এই বক্তব্যবোৰৰ আৰত থাকিব ভোটাৰসকল ৷ আনহাতে ছিপাঝাৰ সমষ্টিত নিৰ্বাচনী গৰম বতাহ বলি থকা সময়তে শাসনাধিষ্ঠিত জনপ্ৰতিনিধিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ পুৰুষ মহিলাৰ ৷ ২০২২ বৰ্ষত প্ৰলয়ংকৰী বানে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ সৰাবাৰী, গংগাপুখুৰী, বুঢ়াখাট, কটাহী গাওঁত বানপানীয়ে ক্ষতিগ্ৰস্ত পথ তিনি বছৰে মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ পশ্চিম দৰঙৰ কটাহী ৰাজহ গাওঁৰ এখন ভঙা বাহৰ দলঙেৰে যাতায়ত আজিও অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ৷

কটাহী বাসী ৰাইজে নিৰ্মাণ কৰা এখন বাহৰ দলঙেৰে তিনি বছৰে বিপদসংকুল ভাৱে যাতায়ত কৰি আহিছে ছিপাঝাৰ সমষ্টিৰ সৰাবাৰী পঞ্চায়তৰ কটাহীবাসীয়ে ৷ উল্লেখ্য যে ২০২২ চনত প্ৰলয়ংকৰী বানপানীয়ে চিঙি নিছিল এই কটাহী – গংগাপুখুৰী পথটিৰ কালভাৰ্টটো ৷ বাৰিষা বিভিন্ন ঠাইৰ পৰা অহা পানী খাটৰ দলনিত জমা হৈ গংগাপুখুৰী- কটাহী পথৰ কালভাৰ্টৰে প্ৰবাহিত হৈ কালপানী নদীত পৰে ৷ তিনি বছৰ ধৰি কটাহীবাসী ৰাইজে জীয়াতু ভুগি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ কাকুটি মিনটি কৰিও মেৰামতি কৰিব নোৱাৰিলে পথ আৰু দলং ৷ উপায়ন্তৰ হৈ ৰাইজে বাঁহেৰে দলং এখন নিৰ্মাণ কৰি চলাচল কৰে যদিও প্ৰতিবছৰে বানপানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন ৷ এতিয়া কন কন ছাত্ৰছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখিন হোৱাৰ উপৰিও অঞ্চলটিলৈ যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন ৷ সেয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটিৰ পুৰুষ মহিলা সকলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷

ভাৰত ‘প্ৰশিক্ষণ কেন্দ্ৰ ‘ হ’বলৈ কিয় বাধ্য ! শিক্ষা ব্যৱস্থাৰ এক ৰূপান্তৰ দিশ…

যিকোনো দেশৰ উন্নয়ন বহুলাংশে সেই দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল আৰু বৰ্তমান সময়ত ভাৰতৰ শিক্ষাৰ স্তৰ যে বছৰৰ পিছত বছৰ ধৰি কমি আহিছে সেয়া অস্বীকাৰ কৰিব নোৱাৰি।মাত্ৰ কেইমাহমানৰ আগতে ৰাষ্ট্ৰীয় নমুনা জৰীপৰ এক চাঞ্চল্যকৰ প্ৰতিবেদন আহিছিল। ইয়াৰ ওপৰত কৰা অধ্যয়নত দেখা গৈছে যে চৰকাৰী বিদ্যালয়ত শিক্ষাৰ স্তৰ হ্ৰাস পাইছে। প্ৰতিবেদন অনুসৰি পশ্চিমবংগ, বিহাৰ, উৰিষ্যাৰ দৰে বহু ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত প্ৰশিক্ষণ লোৱাৰ প্ৰয়োজন। অৰ্থাৎ ভাৰতৰ বহু গ্ৰামাঞ্চলত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ অৱস্থা ইমানেই বেয়া যে সন্তানৰ উন্নত ভৱিষ্যতৰ বাবে অভিভাৱকে সুকীয়াকৈ কোচিং ল’ব লগা হৈছে।

এতিয়া ASER 2023 ৰ আন এক প্ৰতিবেদন আহিছে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ শিশুসকলৰ স্কুলীয়া শিক্ষা আৰু শিক্ষাৰ স্থিতি সম্পৰ্কে। ইয়াৰ মতে দেশৰ ১৪ৰ পৰা ১৮ বছৰ বয়সৰ এক চতুৰ্থাংশ শিশুৱে আনকি দ্বিতীয় শ্ৰেণীৰ গ্ৰন্থও নিজৰ আঞ্চলিক ভাষাত সাৱলীলভাৱে পঢ়িব পৰা নাই। ASER 2023 “Beyond Basics” সমীক্ষাত ২৬খন ৰাজ্যৰ ১৪-১৮ বছৰ বয়সৰ ৩৪ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ ওপৰত সমীক্ষা কৰা হৈছিল। সমীক্ষাটোত দেখা গৈছে যে ইয়াৰ লগত জড়িত ৫৬ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাত এটা বাক্যও পঢ়িব পৰা নাই।

নতুন শিক্ষা নীতি ২০২০ৰ অধীনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ডিজিটেল শিক্ষাক শক্তিশালীভাৱে প্ৰসাৰিত কৰিছিল। কিন্তু এই প্ৰতিবেদন অনুসৰি আজিৰ শিশুসকলে পঢ়া-শুনাতকৈ মনোৰঞ্জনৰ বাবেহে স্মাৰ্টফোন ব্যৱহাৰ কৰিছে। সমীক্ষাত অন্তৰ্ভুক্ত ১৪ৰ পৰা ১৮ বছৰ বয়সৰ ৯১ শতাংশ শিশু ছ’চিয়েল মিডিয়াত সক্ৰিয়।

ASER Report 2023 ত দেখা গৈছে যে স্মাৰ্টফোনৰ সমস্যা কেৱল চহৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজতে সীমাবদ্ধ নহয়। বৰঞ্চ গ্ৰামাঞ্চলত ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে। এই সমীক্ষাত অন্তৰ্ভুক্ত ৯৫% গ্ৰাম্য পৰিয়ালত স্মাৰ্টফোন আছিল আৰু প্ৰায় ৯০ শতাংশ মহিলা আৰু ৯৫ শতাংশ পুৰুষ

ৰঙালী বিহুৰ প্ৰাকক্ষণত জিলিকি উঠিছে মেলেং বচাপথাৰৰ ৰ’জ গাৰ্ডেন, উদ্যোমী যুৱক হৰেন গগৈ প্ৰচেষ্টা…

যোৰহাট জিলাৰ মেলেং বচা পথাৰ বৰগুৰি অঞ্চলৰ উদ্যোমী যুৱক হৰেন গগৈৰ প্ৰচেষ্টাত জিলিকি উঠিছে দুবছৰ আগেয়ে আৰম্ভ কৰা ১৫ বিঘা মাটিত ৰ’জ গাৰ্ডেন সহ অৰ্কিড উদ্যান । গ্ৰাম্য অৰ্থনীতি সবল কৰা প্ৰচেষ্টাৰে যোৰহাট জিলাত আৰম্ভ কৰা এই খনেই একমাত্ৰ গোলাপ ফুলৰ বাগিচা । উল্লেখ যে এই ৰ’জ গাৰ্ডেন খন বৰ্তমান পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হোৱাৰ লগতে জন্ম দিন উদযাপন,বিভিন্ন অনুষ্ঠানৰ সুবিধা উপলব্ধ কৰিছে গৰাকী হৰেন গগৈয়ে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আৰম্ভ এই ৰ’জ গাৰ্ডেন খনত এখন অৰ্কিড উদ্যান, শিশু কিশোৰৰ খেলনা লগতে এখন পাৰ্কৰে ১০০ ৰো প্ৰজাতিৰ গোলাপ ফুল আছে ।

বটানিকেল গাৰ্ডেন হিচাপে যি খন অৰ্কিড উদ্যান গঢ়ি তুলিছে তাত নানা প্ৰজাতিৰ আয়ুৰ্বেদিক বনৌষধী সমৃদ্ধ গছ ৰোপন কৰা লগতে নেমু গছ, চাহ বাগিছাই দৃষ্টি নন্দন কৰিছে পৰিবেশ।গৰাকী গগৈয়ে জানিবলৈ দিয়া মতে বৰ্তমান তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বাবে তেওঁ গোলাপ ফুলৰ বাগিচাৰ ফুল যোগানৰ নাচাৰি ব্যৱস্থা কৰিছে । বৰ্তমান বিদ্যালয়ৰ কিছু ছাত্ৰ ছাত্ৰী কো শিক্ষক শিক্ষয়িত্ৰী সকলে এই গোলাপ ফুলৰ বাগিচা দেখুৱাবলৈ আনিছে বুলি জানিবলৈ দিয়ে গৰাকীয়ে । থলুৱা খাদ্য সম্ভাৰেৰে সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত ৰিজৰ্ত সহ এই গোলাপ ফুলৰ বাগিচা খন অঞ্চলটোৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰা লগতে দুৰ দুৰনি বহু পৰ্যটকে আহি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিছে।

কাজিৰঙাত হস্তী শিবিৰত ৩১ টা হাতীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ উদ্যোগত কাজিৰঙাৰ পিলখানাত হস্তী শিবিৰ অনুষ্ঠিত কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত থকা হাতী পিলখানাত বন বিভাগৰ পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে চিকিৎসা প্রদান কৰা হয়। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়া মতে বন বিভাগৰ মুঠ ৩১টা হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে হাতীকেইটাৰ চিকিৎসা কৰি যাৱতীয় ঔষধ প্রদান কৰা হয়। চিকিৎসা শিবিৰত বিশেষকৈ হাতী পোৱালিবোৰক পেলুৰ ঔষধ প্রদান কৰা হয়। আনহাতে, বিভিন্ন কাৰণত পৰস্পৰৰ মাজত আৰু কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত আঘাত পোৱা পোহনীয়া হাতীকো চিকিৎসা কৰা হয়। আঘাতপ্রাপ্ত হাতীক লঘু অস্ত্রোপচাৰ কৰা বুলিও পশু চিকিৎসক বিশ্বজিৎ বৰুৱাই জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় আজিৎ উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত থকা ৩১টা এক পোহনীয়া হাতীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় যদিও আৰু কেইবাটাও হাতী কর্তব্য তথা উদ্যান নিৰাপত্তাৰ কামত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন শিবিৰত থকাৰ বাবে কাইলৈ কৰা হ’ব।

কহঁৰাৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত থকা প্রায় ৭০টা বন বিভাগৰ পোহনীয়া হাতীক পৰৱৰ্তী সময়ত স্বাস্থ্য পৰীক্ষা কৰা হ’ব বুলিও পশু চিকিৎসকে জানিবলৈ দিয়ে। উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিভাগীয় পোহনীয়া হাতীবোৰৰ নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰি থাকে। কাজিৰঙাত থকা বন বিভাগৰ প্ৰতিজনী পোহনীয়া মাইকী হাতীৰ পোৱালি আছে। এইটো ভাৰতবৰ্ষৰ কোনো ৰাষ্ট্ৰীয় উদ্যানত দেখা নাযায়। কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্ট সংখ্যক বনৰীয়া হাতী আছে আৰু এই বনৰীয়া মতা হাতীৰ সৈতে পোহনীয়া মাইকী হাতীৰ সংগম হৈ থাকে। ফলত পোহনীয়া হাতীৰ পোৱালিবোৰ স্বাস্থ্যবান হয় বুলি পশু চিকিৎসক ভাস্কৰ চৌধৰীয়ে মত প্রকাশ কৰে। কহঁৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ চিকিৎসক বিশ্বজিৎ বৰৱাৰ- উপৰি উক্ত শিবিৰত বোকাখাত পশু চিকিৎসালয়ৰ চিকিৎসক পম্পী দেউৰী, কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক ভাস্কৰ চৌধুৰীৰ লগতে চিকিৎসা কর্মীসকল উপস্থিত থাকি হাতীৰ চিকিৎসা শিবিৰ সম্পন্ন কৰে। উক্ত শিবিৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বন বিষয়া বিভূতি ৰঞ্জন গগৈ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

যোগীৰ ৰাজ্যত ৰক্ষা পৰিল মাদ্ৰাছা আইন! উচ্চতম ন্যায়ালয়ে ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ মুছলমান শিক্ষাৰ্থীক দিলে সকাহ…

অৱশেষত বহু বাদ-বিবাদৰ অন্তত ৰক্ষা পৰিল যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহ। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ২৫ হাজাৰ মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীক সকাহ দিলে। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন ২০০৪ ৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া ৰায় স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে আজি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত অন্তৱৰ্তীকালীন স্থগিতাদেশ আৰোপ কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ে পূৰ্বে উত্তৰ প্ৰদেশৰ মাদ্ৰাছা আইনখনক অসাংবিধানিক ঘোষণা কৰি ৰায় দিছিল। উচ্চতম ম্যায়ালয়ে আদালতে মাদ্ৰাছা বোৰ্ড, উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰি ৩০ জুন ২০২৪-ৰ ভিতৰত উত্তৰ বিচাৰিছে।

বৰ্তমানৰ বাবে মাদ্ৰাছাসমূহত ২০০৪ চনৰ মাদ্ৰাছা বোৰ্ড আইনৰ অধীনত শিক্ষা অব্যাহত থাকিব বুলি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে। উচ্চতম ন্যায়ালয়ে ইয়াৰ নিৰ্দেশত কৈছে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত প্ৰাথমিকভাৱে শুদ্ধ নহয়। কাৰণ উচ্চ ন্যায়ালয়ে এনে সিদ্ধান্ত ঘোষণা কৰাটো ধৰ্মনিৰপেক্ষতাৰ উলংঘন। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে ইউপি ব’ৰ্ড অফ মাদ্ৰাছা এডুকেছন এক্ট ২০০৪ ক অসাংবিধানিক বুলি ঘোষণা কৰাৰ আদেশটো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱা হৈছিল। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে আজি উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন বাতিল কৰিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ে দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিছে। আদালতত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ এএছজি কেএম নটৰাজে কয় যে আমি উচ্চ ন্যায়ালয়ত আইনখন বাহাল ৰখাৰ পক্ষ লৈছো। কিন্তু উচ্চ ন্যায়ালয়ে আইনখন বাতিল কৰাৰ পিছত আমি সিদ্ধান্তটো সলনি কৰিবলগীয়া হৈছে।

উত্তৰ প্ৰদেশ মাদ্ৰাছা ব’ৰ্ডৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভিয়ে কয় যে উচ্চ ন্যায়ালয়ৰ এই আইন বাতিল কৰাৰ অধিকাৰ নাই। এই সিদ্ধান্তই ৰাজ্যখনত চলি থকা প্ৰায় ২৫,০০০ মাদ্ৰাছাত অধ্যয়ন কৰি থকা ১৭ লাখ শিক্ষাৰ্থীক ক্ষতিগ্ৰস্ত কৰিব। ২০১৮ চনত উত্তৰ প্ৰদেশ চৰকাৰৰ নিৰ্দেশ অনুসৰি এই মাদ্ৰাছাবোৰত বিজ্ঞান, পৰিৱেশ, গণিতৰ দৰে বিষয়বোৰ শিকোৱা হৈছে। মাদ্ৰাছাসমূহক প্ৰতিনিধিত্ব কৰা অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে মাদ্ৰাছা বোৰত কোৰাণক ইয়াত এটা বিষয় হিচাপে শিকোৱা হয়। জ্যেষ্ঠ অধিবক্তা হুজাইফা আহমেদীয়ে কয় যে ধৰ্মীয় শিক্ষা আৰু ধৰ্মীয় বিষয় দুটা পৃথক বিষয়। সেয়েহে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখা উচিত। সিংভিয়ে কয় যে বহু গুৰুকুল আজি বিখ্যাত হৈ পৰিছে। তেওঁলোকে যদি ভাল কাম কৰি আছে, আমি তেওঁলোকক বাধা দিব লাগে নেকি আৰু ক’ব লাগে নেকি যে এয়া হিন্দু ধৰ্মীয় শিক্ষাৰ প্ৰতিষ্ঠান? এয়া শতিকা প্ৰাচীন প্ৰণালী এটা সমাপ্ত কৰাৰ দৰে কথা নহ’বনে? তেওঁ লগতে কয় যে যিহেতু শিক্ষা প্ৰদান কৰাটো ৰাজ্যৰ অন্যতম প্ৰাথমিক কৰ্তব্য, সেয়েহে উক্ত ক্ষেত্ৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰোঁতে ই ধৰ্মনিৰপেক্ষ হৈ থাকিব লাগিব।

কাজিৰঙাত এইবাৰ পূৰ্বৰ অভিলেখ ভংগঃ পৰ্যটক, ৰাজহ বৃদ্ধি…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ তুলনাত এইবাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ নয়নাভিৰাম দৃশ্য, অতুলনীয় জৈৱ বৈচিত্ৰ দৰ্শনৰ বাবে চলিত বৰ্ষত কাজিৰঙালৈ অহা পৰ্যটকৰ পৰিসংখ্যাই পূৰ্বৰ সকলোবোৰ ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে বুলি বৃহস্পতিবাৰে বোকাখাতত থকা সঞ্চালকৰ কাৰ্যালয়ে দিয়া তথ্যত প্ৰকাশ ৷ ২০২৩-২৪ বিত্তীয় বৰ্ষত কাজিৰঙালৈ অহা মুঠ পৰ্যটকৰ সংখ্যা ৩,২৭,৪৯৩ গৰাকী বুলি বিভাগীয় সূত্ৰত প্ৰকাশ ৷ ইয়াৰে মুঠ ৩,১৩,৫৭৪ গৰাকী দেশীয় পৰ্যটক আৰু ১৩,৯১৯ গৰাকী বিদেশী পৰ্যটক ৷ এই পৰ্যটক সকলৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে লাভ কৰে মুঠ ৮,৮১,৮৪,১৬১ টকাৰ পৰিমানৰ ৰাজহ ৷


উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিটা বন সংমণ্ডলৰ ভিতৰত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলে মুঠ ৩২,০৯৬১ গৰাকী পৰ্যটকৰ পৰা আৰু ৮,৫৯,৪৮,৩৫১ টকাৰ ৰাজহ, নগাওঁ বন সংমণ্ডলে ৩,৪৮৪ গৰাকী পৰ্যটকৰ পৰা ৬২,৪০০ টকাৰ ৰাজহ আৰু বিশ্বনাথ বন সংমণ্ডলে ৩,০৪৮ গৰাকী পৰ্যটকৰ পৰা ১৬,১১,৮১০ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত কাজিৰঙাই দেশী বিদেশী মুঠ ৩,১৪,৭৯৬ গৰাকী পৰ্যটকৰ পৰা মুঠ ৮,৩৩,৮৫,৪৮৩ টকাৰ ৰাজহ লাভ কৰিছিল ৷ যাৰ পটভূমিত পূৰ্বৰ তুলনাত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২,৬৯৭ জন দেশী বিদেশী পৰ্যটক বৃদ্ধি পোৱাৰ উপৰিও কাজিৰঙাই পুৰ্বতকৈ ৪৭,৯৮,৬৭৮ টকাৰ অধিক ৰাজহ লাভ কৰিবলৈ সক্ষম হয় ৷

২০২৩ চনৰ অক্টোবৰৰ মাজভাগত বাৰিষাৰ পিচতেই চলিত বিত্তীয় বৰ্ষত বিশ্ব পৰ্যটকৰ বাবে পুনৰ মুকলি হোৱা কাজিৰঙাত পৰ্যটকে পুৰ্বৰ তুলানতকৈ এইবাৰ কাৰ্বি-আংলঙত চাইকেল চলোৱাৰ সুবিধা, পানবাৰী সংৰক্ষিত বনাঞ্চল আৰু বুঢ়াপাহাৰৰ চিৰাঙৰ ট্ৰেকিং পথৰ বিশেষ সুবিধাৰ উপৰিও জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত কাৰ্বি জনগোষ্ঠাৰ খাদ্যৰ চোৰাণ-আহেম আৰু মিচিং জনগোষ্ঠীৰ দ্বাৰা পৰিচালিত মিচিং খাদ্যৰ অজুন উকুম নামৰ কেন্দ্ৰ, বুঢ়াচাপৰিৰ মহিলা নেতৃত্বাধীন ভোজনালয় বিচাগ-না চ’ পৰম্পৰাগত খাদ্যৰ জুতি লোৱাৰো সুবিধা লাভ কৰিছে বুলি উদ্যান কৰ্তৃপক্ষই অৱগত কৰে ৷ ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত শিহু দৰ্শনৰ সুবিধাৰ বাবে নৌকা বিহাৰৰ লগতে পানপুৰ আৰু বুঢ়াচাপৰিত জীপ আৰু চাইকেল চাফাৰীও চলিত বিত্তীয় বৰ্ষতে আৰম্ভ কৰা হৈছিল।

গোলকগঞ্জ আৰক্ষীৰ অভিযানত আটক ১জন আই পি এল বুকি…

অবৈধ তীৰ,জুৱা, নিচাজাতীয় দ্ৰব্য আদিৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী প্ৰশাসনৰ দিনে-নিশাই অভিযান অব্যাহত আছে। আই পি এল বুকিৰ বিৰুদ্ধে ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীৰ অভিযান। আজি এক গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ চহৰৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলায়। আৰক্ষীৰ তীব্ৰ অভিযানত গোলকঞ্জ বজাৰৰ এটা দোকানৰ ভিতৰৰ পৰা আটক কৰিলে এজন আই পি এল বুকিক।

আৰক্ষীয়ে আটকাধীন আই পি এল বুকি জন গোলকগঞ্জ সমষ্টিৰ উত্তৰ টোকৰাৰছৰা ১ম খণ্ডৰ নাৰায়ন সৰকাৰৰ পুত্ৰ ধৃত নিত্যানন্দ সৰকাৰ।উল্লেখ্য যে ধৃত নিত্যানন্দ সৰকাৰ দীৰ্ঘদিনৰ পৰাই অবৈধ জুৱা খেলৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি ধৃত নিত্যানন্দ সৰকাৰক আৰক্ষীয়ে থানালৈ আনি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Closing Ceremony of Vocational training on Tailoring under Civic Action programme…

1st Bn SSB Sonapur organised closing ceremony of Vocational training on Tailoring conducted for 30 days benefitted 35 women under Civic Action Programme in NE region which was scheduled wef. 28/02/2024 to 29/03/2024 in coordination with Rural Development and Self Employment Training Institute (RSETI) Paikarkuchi, Nalbari. The training period ended successfully and closing ceremony was organised to facilitate the participants and note the success of this important achievement.


Shri Bidut Bikas Gogoi, RSETI Director and Inspector (GD) Amarendra Gogoi distributed certificates to the women trainees and encouraged them to remain focused on their objectives for setting up their own enterprise in the future.

১০০ৰো অধিক গীত নীৰৱে সৃষ্টি, ৰঙালী বিহুৰ বাবে সাজু হৈছে চাহ জন গোষ্ঠীয় শিল্পী ধৰম তাঁতী…

নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে পালেহি অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। বিহুৰ বতৰত এতিয়া সাজু হৈছে কণ্ঠ শিল্পী সকল।যোৰহাট জিলাৰ দিহা চাহ বাগিছাৰ জনপ্ৰিয় কণ্ঠ শিল্পী ধৰম তাঁতীয়ে বহু নতুনত্ব গীত লৈ এইবাৰ সাজু হৈছে। এই গৰাকী কণ্ঠ শিল্পী দিহা চাহ বাগিছাৰ শ্ৰমিক পৰিয়ালত জন্ম গ্ৰহন কৰা লগতে চাহ বাগিছাৰ এটি সৰু চাকৰি কৰি জীৱন নিৰ্বাহ কৰি আছে । সৰুৰে পৰা গীত গাই চাহ বাগিছাৰ মাজতে আৱদ্ধ নাথাকি অসমৰ বিভিন্ন সৰু বৰ ঠাইত গীত পৰিৱেশন কৰি ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে।

উল্লেখ যে নিজৰ গৃহতে ষ্টুডিঅ স্থাপন কৰি তেওঁ সংগীত সাধনা ব্ৰতী ৰাখিছে । অসমৰ জনপ্ৰিয় শিল্পী গিতালি কাকতি,কল্লোল বৰঠাকুৰ লগত তেওঁ একলগে গীত পৰিৱেশন কৰা লগতে এইবাৰ পোন্ধৰ খনৰো অধিক মঞ্চত গীত পৰিৱেশন বাবে তেওঁ লগত যোগাযোগ কৰিছে বুলি জানিবলৈ দিয়ে কণ্ঠ শিল্পী ধৰম তাঁতীয়ে । তেওঁ লগতে এখন অসমীয়া চিনেমা নিৰ্মাণৰ সপোন মনত পুহি ৰখাৰ কথা ব্যক্ত কৰে।এই সপোন কম সময়ৰ ভিতৰত বাস্তব ৰূপ পাব বুলি আশাবাদী শিল্পীগৰাকী ।

গৰু বিহু আৰু এশ এবিধ শাক খোৱাৰ পৰম্পৰা…

“মানুহ হে খোৱা শাক-পাচলি কি পাৱ চিঙি আনিবি আৰু কেইবিধ হয় হিচাপটো ৰাখিবি।হিচাপটো কৰি একৈশ,একত্ৰিত,একচল্লিছ,একাৱন্ন তেনেকে কৰি সামৰিবি” কেতিয়াবা একৈশ বিধ, কেতিয়াবা একত্ৰিছবিধ বুটলি গোটাই আনি মাৰ হাতত দিওঁ, মায়ে তাৰ লগতে গৰু চাতৰ পৰা থৈ দিয়া পাচলি খিনি আৰু কেইবাবিধো দাইল একেলগ কৰি ৰাতিলৈ ভাজিখন বনায়, টেষ্ট টো ইমান বেয়া পাওঁ ,নাখাওঁ বুলি কওঁ ….

মায়ে কয়, “খাবলৈ বেয়া হ’লেও খালে ভাল বলেৰে খা’; মা’ৰ ভয়তে উশাটো বন্ধ কৰি গিলি থওঁ।

ডাঙৰ হৈ বুজি পোৱাৰ পিছত মায়ে এদিন গৰু বিহুৰ আবেলি দীঘলীয়া পাঠ দিলে……

আচলতে গৰুৰ বিহুৰ দিনা এশ একবিধ শাক-পাচলি ৰে পিঠা ভজা কেৰাহীখনত পিঠাৰ তেলতে ভাজি বনাই খোৱা এই পৰম্পৰা অতীজৰে পৰা চলি আহিছে, নল মৰি গজালি উঠিছে প্ৰজন্ম ক্ৰমে এই পৰম্পৰা ধৰি ৰখা হৈছে। আগতে আইতাহঁতে এইটো এটা এৰাব নোঁৱাৰা নিয়ম বুলি বান্ধি থৈ গৈছে যদিও আমি ফঁহিয়াই চালে তাত বৈজ্ঞানিক যুক্তি -যুক্ততাও বিচাৰি পাওঁ।

আমি খোৱা এই সকলো সেউজ উদ্ভিদেই ঔষধি গুণ সম্পন্ন, প্ৰতিটো শাক-পাচলি তে বেলেগ বেলেগ ভিটামিন থাকে আৰু আমাৰ শৰীৰৰ অংগ পতংগৰ

বিভিন্ন ধৰনে বিভিন্ন কাম কৰে,যাৰ দ্বাৰা আমি কৰ্ম প্ৰেৰণা লাভ কৰাৰ লগতে শৰীৰত অদম্য শক্তি সাহস পূঞ্জীভূত কৰিব পাৰোঁ আৰু নিজৰ দেহাটো নিৰোগীকৈ ৰাখিবলৈ সক্ষম হওঁ ।

উদাহৰণ স্বৰূপে কেইবিধমান শাকৰ নাম কওঁ শুনচোন…..

মানিমুনি::—–:: বসন্তৰ আগমনৰ প্ৰাকক্ষণত আমাৰ বাৰীৰ জেকা ঠাইত সমূহত গজি উঠা “মানিমুনি” এই মানিমুনি দুবিধ আছে “বৰ মানিমুনি আৰু সৰু মানিমুনি” এই শাক বিধ আমাৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী ঔষধি গুণসম্পন্ন পথ্য।ই আমাৰ শৰীৰৰ পৰিবৰ্ধক আৰু বলকাৰক। তাৰোপৰি স্মৃতি শক্তিৰ কাৰণে অধিক লাভ দায়ক। সৰু ল’ৰা ছোৱালীৰ পেটকামোৰণি বা হাগনি হ’লে মানিমুনি পাতৰ ৰস সেৱনে আৰোগ্য লাভ কৰে। তাৰোপৰি ই চৰ্ম ৰোগৰ কাৰণেও সু-ফল দায়ক।আগতে ককাৰ দৃষ্টি শক্তি কমাৰ সময়ত সৰু মানিমুনি ৰ পাতৰ ৰস পুৱা গধূলি চকুত দিয়া দেখা পাইছিলো। সেয়ে হয়তো ইয়াক খোৱাটো বাধ্যতামূলক কৰি পৰম্পৰাৰ অন্তৰ্গত কৰিছে (যিয়ে মানে) নহ’লে মানুহবোৰে এলাহৰ বশৱৰ্তী হৈ ইমান কষ্ট কৰি ৰান্ধি মেলি ইয়াক নাখাবলৈও আছে।

বনজালুক::—:: ইয়ো ঔষধি গুণসম্পন্ন সু-পথ্য। অকণমানি অকণমানি মিহি পাতেৰে মূল শিপাৰ পৰা বহু খিনি পাহ মেলা এই উদ্ভিদ বিধ সৰু ল’ৰা-ছোৱালীৰ পানী লগা হলে কিছুমান লোকে সেই বেমাৰৰ দৰৱতো ব্যৱহাৰ কৰে আৰু সুফল লাভ কৰে।

দুৰুন শাক::–:: যতে ততে সুলভ এই শাক বিধ সাংঘাটিক ঔষধি গুণ সম্পন্ন, ই মানুহৰ মূৰ বিষত সকাহ দিয়ে ,লগতে সৰু ল’ৰা ছোৱালীৰ কাঁহৰ ক্ষেত্ৰত অতি ফলদায়ক। ল’ৰা ছোৱালীৰ বয়স অনুযায়ী ১১/২১/৩১ পাহ এই উদ্ভিদৰ ফুলৰ ৰসৰ সৈতে সমান পৰিমাণৰ মৌৰস তিনিদিন একে সময়তে খুৱালে কাঁহ ভাল হৈ যায়। আমি ল’ৰা ছোৱালীক এইবোৰ খুৱাইয়েই আজি পৰ্যন্ত সুস্থ কৰি ৰাখিছোঁ।

ভেদাই লতা বা ভেবেলী লতা::–:: ঔষধি গুণ সম্পন্ন এই লতা জাতীয় উদ্ভিদ জোপা মোহাৰি দিলে পাদ পাদ গোন্ধোৱাৰ কাৰণে কিছুমানে ইয়াক পাদ লতা বুলিও কয়। সৰুতে এলপি স্কুলৰ কিতাপত পঢ়িবলৈ পাইছিলি নহয়……..

“নাৰ্জী পাতে কটা চিঙাত তেজ বন্ধ কৰে

মানিমুনি ভেদাই লতাই পেট ভালে ৰাখে।

আগতে আমাৰ ভাত খাবলৈ মন নগলে আইতাই ভেদাইলতা পতাত পিচি তাৰ ৰস আলুৰ সৈতে আঞ্জা ৰান্ধি খুৱাই ছিল হজমৰ শক্তি বৃদ্ধি কৰিবলৈ।

নৰসিংহ::–:: হাবিয়ে জংঘলে দেখিবলৈ পোৱা এই সহজ লভ্য ঔষধি গুণসম্পন্ন গুল্মজাতীয় গছজোপাৰ পাত আমাৰ বৰ উপকাৰী । পেটৰ বিষ মূৰৰ বিষৰ ওপৰিও চুলিৰ কাৰণেও ইয়াৰ পাতৰ ৰস কেঁচাই বা আঞ্জা ৰান্ধি খালে সুফল দিয়ে(চুলি সৰা বন্ধ হোৱাৰ লগতে অকাল পকাও বন্ধ হয়)। আমি ইয়াৰ পাত ৰ’দত শুকাই গুৰি খুন্দি আঞ্জা ভাজিত মাজে মাজে দিওঁ গম নাপাৱ জানো?

দুপৰ টেঙা::—:: পিৰালিৰ কাষতে থকা সেই উদ্ভিদ জোপাক পাতেগজা বুলিও কোৱা হয়, কাৰণ পাতৰ পৰাই ইয়াৰ বংশ বৃদ্ধি হয়, অৰ্থাৎ নতুন গছ হয়। এই শাক বিধ দুপৰীয়াৰ আগতে খালে টেঙা লাগে পিছলৈ টেঙা নাইকীয়া হয়। ই আমাৰ প্ৰস্বাবৰ অসুবিধা দূৰ কৰে লগতে পেটত পাথৰ হ’লে প্ৰথম পৰ্যায়ত ইয়াৰ ৰসে আৰোগ্য প্ৰদান কৰে।

মাটিকাদুৰী::–:: যতে ততে গজি উঠা এই মাটিকাদুৰী জোপা বৰ প্ৰয়োজনীয় ঔষধি গুণসম্পন্ন উদ্ভিদ। ইয়াৰ অনেক অনেক গুণাগুণ আছে, নিয়মীয়া কৈ খাব পাৰিলে বহুত ভাল। ঋতুমতী হোৱাৰ পিছত যি বিলাক ছোৱালীয়ে বগাস্ৰাৱৰ ৰোগত ভোগে , তেওঁ লোকৰ কাৰণে ই উত্তম পথ্য, ই বিভিন্ন উপসৰ্গ সমূহ নিয়ন্ত্ৰণ কৰি ৰাখে। গেছৰ ৰোগী সকলৰ কাৰণেও ইয়াৰ ৰসে ফলদায়ক আৰু ই স্মৃতি শক্তি ধৰি ৰখাটো সহায় কৰে।

পছতীয়া::–:: এই অলপ ডাঙৰ পাতেৰে ধুনীয়া ফুল ফুলা গছজোপা আমাৰ বৰ উপকাৰী,ইয়াক শুকনি হিচাপে জনা হয়। প্ৰসূতি মাতৃক এই পাত ভাজি খাবলৈ দিয়া হয়।

মচন্দৰী::–:: এই কেঁচা মাছ কেঁচা মাছ গোন্ধৱা তৃণ জোপা আমাৰ বৰ উপকাৰী, ল’ৰা ছোৱালীয়ে পনীয়া শৌচ কৰিলে ইয়াৰ ৰসে উপশম ঘটায়। আঞ্জা বনোৱাৰ উপৰিও ইয়াক কেঁচা কৈ পিচি খাবৱো পাৰি।

বনৰীয়া কচু::–:: এই বনৰীয়া কচু জোপা অলপ যত্ন কৰি ৰান্ধিলে এখন সুন্দৰ ব্যঞ্জণ হয়, ই মানুহৰ শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।

ব্ৰাহ্মী শাক::–:: আমাৰ পিৰালিত পৰি থকা সেই ব্ৰাহ্মী শাক জোপা আমাৰ কাৰণে অতি উপকাৰী,ই স্মৃতি বৰ্ধক। সৰু ল’ৰা ছোৱালীক খুৱালে স্মৃতি শক্তি বৃদ্ধি হয় বুলি আইতাহঁতে কয়।

চেংমৰা::–:: আমাৰ বাঁহনিৰ ওচৰৰ সেই দ ঠাইকণত যে গজি আছে সেই চেংমৰা কেইজোপা, সেইজোপাও আমাৰ স্বাস্থ্যৰ কাৰণে উত্তম পথ্য। উচ্চ ৰক্ত চাপ জনিত লোকে খালে সুফল পায় বুলি কোৱা শুনো।

লাই জাৱৰী::–:: অকণি অকণি ঘূৰণীয়া পাতৰ সেই যে যতে ততে গজি থকা লাইজাৱৰী শাকবোৰ অকল খাবলৈ ভালেই নহয়, ইয়াৰ উপকাৰী গুণো আছে। কেতিয়াবা যদি টোপনি নধৰা বেমাৰে লগ দি ওৰে ৰাতি উজাগৰে কটাবলগীয়া হয়, তেতিয়া এই শাকৰ জোল বা কেঁচা ৰস গাখীৰৰ লগত মিলাই খায় শুলে ধুনীয়া টোপনি আহে বুলি কোৱা শুনো।

বিজুৰীয়াকৈ (মাৰ ভাষাত) তেৰ বিধ মান শাকৰ বিষয়ে কথাকৈ মায়ে ক’লে, আজিলৈ আৰু নকওঁ দে…. মোৰ কাম কেইটামান কৰিবলৈ আছে।

আমাৰ কাষৰে পাজৰে সহজতে পোৱা এই ঔষধি গুণ সম্পন্ন শাক বিলাক, আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী কথা ভাবিয়েই হয়তো আমাৰ পূৰ্ব পুৰুষ সকলে অসমীয়া নতুন বছৰৰ প্ৰাৰম্ভনিৰ দিনটোতেই এনে খাদ্য সম্ভাৰ গ্ৰহণ কৰাৰ এক পকা বন্ধা পৰম্পৰা গঢ়ি থৈ গৈছে, বছৰটোলৈ বুলি সকলোৱে স্বাস্থ্য সুৰক্ষিত থকাৰ মানস লৈ।সেয়ে বোধ কৰোঁ এই পৰম্পৰা অক্ষুণ্ণ ভাৱে বছৰ ধৰি বছৰ বিদ্যমান আমাৰ অসমীয়া সমাজৰ জনজীৱনত।

দিপ্তী মনি গোস্বামী