Home Blog Page 966

ৰাজনৈতিক বিশ্বাস হেৰুৱাইছে কংগ্ৰেছে! এয়া কেনেধৰণৰ মিত্ৰতা? I.N.D.I.A ৰ লগত জড়িত এটা দলৰ এই মন্তব্য…

এয়া কেনেধৰণৰ মিত্ৰতা? I.N.D.I.A ৰ লগত জড়িত দলটোৰ মুখ্যমন্ত্ৰীয়ে কয় – বিজেপিৰ বিৰুদ্ধে যুঁজত কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে কয় যে কেৰালাৰ একমাত্ৰ ৰাজনৈতিক ফ্ৰণ্ট হৈছে এল ডি এফ য’ত ভোটাৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজত আস্থা ৰাখিব পাৰে। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কেৰালাত বাওঁ গণতান্ত্ৰিক মৰ্চাৰ প্ৰচাৰ আৰম্ভ হৈছে। এই অভিযান আৰম্ভ কৰি কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে শনিবাৰে (১১ মাৰ্চ) কয় যে কংগ্ৰেছে ৰাজনৈতিক বিশ্বাসযোগ্যতা হেৰুৱাইছে বাবে বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি।

আটংগাল আৰু তিৰুৱনন্তপুৰমত এল ডি এফ লোকসভা সমষ্টিৰ সন্মিলন উদ্বোধন কৰাৰ পাছত বিজয়নে কয় যে, “বাওঁপন্থী একমাত্ৰ শক্তি যি বিজেপিৰ হেঁচাত নাহিব। সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইয়াৰ স্থিতি দৃঢ়। কেৱল বাওঁপন্থীয়েহে ভাৰতীয় সংবিধানক সুৰক্ষা দিব আৰু… সংসদীয় গণতন্ত্ৰ কৰিব পাৰে।” তেওঁ কয় যে কেৰালাৰ একমাত্ৰ ৰাজনৈতিক ফ্ৰণ্ট হৈছে এল ডি এফ যাৰ ওপৰত ভোটাৰসকলে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজত আস্থা ৰাখিব পাৰে।

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ, বিভিন্নজনৰ শোক প্ৰকাশ…

চিলাপথাৰৰ প্ৰাক্তন আছু নেতা বিনোদ সোনোৱালৰ আকস্মিক বিয়োগ,বিভিন্নজনৰ শোক প্ৰকাশ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা বিনোদ ওৰফে (চেনিৰাম) সোনোৱালৰ (৫২) আকস্মিক মৃত্যুৰ খবৰে চিলাপথাৰত গভীৰ শোকৰ ছাঁ পেলাইছে।চিলাপথাৰ নগৰ এলেকাৰ চিলা গুটুং গাঁওৰ নিবাসী সৰুকন সোনোৱালৰ পুত্ৰ বিনোদ সোনোৱালে বিগত কিছুদিনৰ পৰা কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হৈ আছিল। কালি আকস্মিকভাৱে অধিক অসুস্থ অনুভৱ কৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়ে যদিও চিকাৎসলয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।মৃত্যুৰ সময়ত পত্নী,তিনি গৰাকী কন্যা আৰু বহু নিকট আত্মীয়ক ইহঃলোকত এৰি যোৱা লোকজনৰ অকাল মৃত্যুৰ খবৰে ব্যথিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক।উল্লেখ্য যে ৯০ দশকত সদৌ অসম ছাত্ৰ

সন্থাৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক,সভাপতি,ধেমাজি জিলা সমিতিৰ  কাৰ্যনিৰ্বাহক আদি বিভিন্ন পদবীত  সুদীৰ্ঘ বছৰে কাৰ্যনিবাহ কৰিছিল বিনোদ সোনোৱালে। বিনোদ সোনোৱালৰ নেতৃত্বতে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক দিশটো অধিক শক্তিশালী হৈ উঠিছিল। ইয়াৰ পৰিৱৰ্তী সময়তো আমৃত্যু পৰ্যন্ত বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল প্ৰাক্তন ছাত্ৰ নেতাগৰাকী। প্ৰাক্তন ছাত্ৰ নেতা জনৰ অকাল মৃত্যুত আছুৰ ধেমাজি জিলাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঞি,জিলা কাৰ্যনিৰ্বাহক দেৱ কলিতা,দেবেন ডেকা,ধেমাজি  মহকুমা সমিতিৰ সভাপতি অৰবিন্দ গগৈ, চিলাপথাৰ‌ আঞ্চলিকৰ সভাপতি বিক্ৰম গগৈ,সাধাৰণ

সম্পাদক পাপুলু গগৈ,সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ  সাধাৰণ সম্পাদক চন্দন কছাৰী, চিলাপথাৰ বাইথ’ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ সোনোৱাল,সম্পাদক পূৰ্ণকান্ত সোনোৱাল,সোনোৱাল কছাৰী জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি ক্ষীৰোদ সোনোৱাল, সচিব দিব্যজ্যোতি ডেকাবৰুৱা, উপদেষ্টা, তুলন সোনোৱাল আদি বিভিন্ন সংগঠন, অনুষ্ঠানৰ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আজি শোকাকুল পৰিবেশৰ মাজত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত নিজা ঘৰৰ চৌহদতে তেওঁৰ শেষকৃত্য সম্পন্ন কৰে।

যশস্বী সংগীতজ্ঞ নন্দ বেনাৰ্জীৰ দেহাৱসান…

যশস্বী সংগীতজ্ঞ নন্দ বেনাৰ্জীৰ দেহাৱসান৷


৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ যশস্বী সংগীতজ্ঞ নন্দ বেনাৰ্জীৰ৷


জনকনন্দিনী ছবিৰ সংগীত পৰিচালক আছিল নন্দ বেনাৰ্জী৷

বংগত তৃণমূলে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ ৪২ জনীয়া প্ৰাৰ্থী তালিকা, তালিকাত মহুৱা মৈত্ৰ, প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানৰো নাম…

লোকসভা নিৰ্বাচনৰ অধিসূচনা যিকোনো মুহূৰ্ততে জাৰি হোৱাৰ সম্ভাৱনা ক্ৰমে উজ্জ্বল হৈ পৰাৰ সময়তে বংগত তৃণমূল কংগ্ৰেছে দেওবাৰে ঘোষণা কৰে কসভা নিৰ্বাচনৰ ৪২ জনীয়া প্ৰাৰ্থী তালিকা৷ তালিকাত বহু কেইখ নতুন মুখে স্থান লাভ কৰিছে৷এইবেলি ৰাজ্য খনত কংগ্ৰেছৰ শক্তিশালী নেতা অধীৰ ৰঞ্জন চৌধুৰীৰ মুখামুখি হ’ব ইউছুফ পাঠান৷ তৃণমূল কংগ্ৰেছে দেওবাৰে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৪২জনীয়া প্ৰাৰ্থী-তালিকা ঘোষণা কৰে, য’ত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠানকে ধৰি কেইবাজনো হাই-প্ৰফাইল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে৷ প্ৰাক্তন ক্ৰিকেটাৰজনে ৰাজ্যখনৰ বহৰমপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব৷ যিটো সমষ্টিত বৰ্তমান সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে৷ কংগ্ৰেছে এতিয়াও বহৰমপুৰৰ পৰা প্ৰাৰ্থী ঘোষণা কৰা নাই। অৱশ্যে, অধীৰ ৰঞ্জন চৌধুৰীয়েই সমষ্টিটোৰ পৰা পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, যিটো সমষ্টিত তেওঁ পাঁচবাৰকৈ প্ৰতিনিধিত্ব কৰিছে।

তৃণমূল কংগ্ৰেছে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এক মেগা ৰেলীত দলটোৰ লোকসভাৰ প্ৰাৰ্থী-তালিকা প্ৰকাশ কৰিছিল৷ ইউছুফ পাঠানৰ উপৰি তৃণমূলৰ তালিকাত আন কেইবাটাও বিখ্যাত নাম আছে, যাৰ ভিতৰত আছে বলীউডৰ কিংবদন্তী শত্ৰুঘ্ন সিনহা, যাক আছানচোলৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ৪২টা নামত বহুতো ছবি জগতৰ তাৰকা আছে, যাৰ ভিতৰত আছে হুগলীৰ জনপ্ৰিয় অভিনেত্ৰী ৰচনা বেনাৰ্জী। তেওঁক বিজেপি প্ৰাৰ্থী লকেট চেটাৰ্জীৰ বিপৰীতে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। জুন মালিয়া, দীপক অধিকাৰী আৰু শতাব্দী ৰয়ৰ দৰে জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী তৃণমূলৰ ৪২জনীয়া প্ৰাৰ্থী-তালিকাত আছে। জুন মাহত মেদিনীপুৰৰ পৰা দেৱক ঘাটালৰ পৰা আৰু শতাব্দীক বীৰভূমৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। ডিচেম্বৰত নগদ ধনৰ বিতৰ্কত লোকসভাৰ পৰা বহিষ্কৃত হোৱা মহুয়া মৈত্ৰক কৃষ্ণনগৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷তালিকাৰ পৰা বাদ পৰা দুটা নাম হ’ল নুছৰত জাহান আৰু মিমি চক্ৰৱৰ্তী। ২০১৯ৰ নিৰ্বাচনত নুছৰত আৰু মিমিয়ে ক্ৰমান্বয়ে বাছিৰহাট আৰু যাদৱপুৰ আসনক প্ৰতিনিধিত্ব কৰিছিল। তালিকাখনত মুঠ ১৮গৰাকী মহিলা প্ৰাৰ্থী আছে৷

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ…

যুৱ চিকিৎসকৰ অকাল মৃত্যুত চিলাপথাৰত গভীৰ শোকৰ ছাঁ

যোৱা নিশা গোগামুখত সংঘটিত গুৰুতৰ পথ দুৰ্ঘটনাত চিকিৎসক তথা মেধাৱী যুৱক সঞ্জয় চুংক্রাং (৩৫) ৰ অকাল মৃত্যুৰ ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে চিলাপথাৰত। জানিব পৰা মতে যোৱা নিশা নলবাৰীৰ পৰা দুজনমান লগৰীয়াৰ সৈতে এখন ভেনু গাড়ীৰে ঘৰলৈ আহি থকা অৱস্থাত গোগামুখত‌ এজোপা গছত খুন্দা মাৰি সংঘটিত হৈছিল গুৰুতৰ পথ দুৰ্ঘটনা। ঘটনাত সঞ্জয় চুংক্ৰাঙৰ  মৃত্যু হোৱাৰ লগতে সহযাত্ৰী সকল গুৰুতৰভাৱে আহত হয়।

আজি মৰণোত্তৰ পৰীক্ষাৰ পিছতে যুবকজনৰ নশ্বৰদেহ ঘৰ আহি পোৱাৰ পিছতে পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠে। অকালতে যুৱকজনক হেৰুৱাই শোকত মৰ্মাহত হৈ পৰে আত্মীয় স্বজনৰ লগতে অজস্ৰ গুণমুগ্ধ। উল্লেখ্য যে চিলাপথাৰ জোনাকী নগৰ নিবাসী বাসুদেৱ  চুংক্রাঙৰ পুত্ৰ সঞ্জয় ওৰফে ৰাজাই ২০০৩ চনত নৱোদ়য় বিদ্যালয়ৰ

পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ শিলচৰ মেডিকেল কলেজৰ পৰা এম বি বি এছ আৰু এম ডি ডিগ্ৰী গ্ৰহণ কৰি শেহতীয়াকৈ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই মেধা সম্পন্ন যুৱক জনৰ অকাল মৃত্যুত পৰিয়ালটোৰ লগতে অঞ্চলবাসীৰ অপূৰণীয় ক্ষতি হোৱা বুলি ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে।

শম্ভু দাস চিলাপথাৰ

ধনী হ’ব বিচাৰে নেকি? ঘৰত ৰোপণ কৰক খেজুৰ গছ, এজোপা খেজুৰ গছৰ পৰা লাভ কৰিব ৫০ হাজাৰ টকা…

ভাৰততো খেজুৰ খেতিৰ প্ৰতি মানুহৰ প্ৰৱণতা অতি বেছি। ভাৰতত ৰাজস্থান, গুজৰাট, কেৰালা আৰু তামিলনাডু ৰাজ্যত খেজুৰৰ খেতি ব্যাপকভাৱে কৰা হয়। ইয়াৰ পৰা কৃষকসকলে এতিয়া লাখ লাখ টকা উপাৰ্জন কৰিছে। ইয়াৰ উপৰিও কৃষকসকলে এতিয়া বহুত ফলৰ খেতি কৰিছে। যাৰ পৰা তেওঁলোকৰ বহুত লাভ হৈছে। ভাৰতৰ বিভিন্ন ৰাজ্যত ঋতু অনুসৰি খেতি বিভিন্ন ধৰণে কৰা হয়। ৰাজস্থানত খেজুৰ খেতিৰ ফলত কৃষকৰ জীৱন সলনি হৈছে। ইয়াৰ উপৰিও গুজৰাট, কেৰালা আৰু তামিলনাডুৰ কৃষকসকলে খেজুৰ খেতিৰ পৰা লাখ লাখ টকাৰ লাভ কৰিছে।

সাধাৰণতে উপসাগৰীয় দেশসমূহত খেজুৰৰ খেতি বেছি হয়। পৃথিৱীৰ বেছিভাগ খেজুৰৰ খেতি ইৰাণত কৰা হয়। গতিকে এতিয়া ভাৰততো এই খেতিৰ প্ৰতি মানুহৰ প্ৰৱণতা বহুত বাঢ়িছে। ভাৰতত ৰাজস্থান, গুজৰাট, কেৰালা আৰু তামিলনাডু ৰাজ্যত খেজুৰৰ খেতি ব্যাপকভাৱে কৰা হয়। এক একৰত ৭০ টালৈকে গছ ৰোপণ কৰিব পাৰি। খেজুৰ গছৰ পৰা ৭০ৰ পৰা ১০০ কিলোগ্ৰাম খেজুৰ পোৱা যায়। অৰ্থাৎ অংক কৰি চালে খেজুৰ খেতি কৰিলে এবছৰত প্ৰায় ৫ হাজাৰ কিলোগ্ৰাম খেজুৰ উৎপন্ন হয়। বজাৰত খেজুৰৰ চাহিদা বেছি, সেয়েহে এই খেতিৰ পৰা কৃষকে সহজে লাখ লাখ উপাৰ্জন কৰিব পাৰে। এজোপা গছ ৫০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।

খেজুৰ ৰোৱাৰ উত্তম সময় হ’ল জুলাইৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত। এই উদ্ভিদ যিকোনো ধৰণৰ মাটিত ৰোপণ কৰিব পাৰি। এই গছবোৰ ৰোপণ কৰাৰ সময়ত মনত ৰাখিব লাগে যে দুবিধ খেজুৰ গছৰ মাজৰ দূৰত্ব ৮ মিটাৰতকৈ অধিক হ’ব লাগিব। খেজুৰৰ গছ ৰোপণৰ ৩ বছৰ পিছতহে ফল দিবলৈ সক্ষম হয়। খেজুৰৰ গছত বেছি পানী প্ৰয়োজন নহয়। কিন্তু গ্ৰীষ্মকালত এমাহত ১৫ৰ পৰা ২০ দিন পানী দিব লাগে। গতিকে শীতকালত মাহত এবাৰ পানী দিলেও সহায়ক হ’ব পাৰে।

বিজেপিত জোকাৰণিঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰিলে হাৰিয়ানাৰ বিজেপি সাংসদ ব্ৰিজেন্দ্ৰ সিঙে…

হাৰিয়ানা বিজেপিত জোকাৰণি৷ ৰাজ্য খনৰ হিছাৰ সমষ্টিৰ সাংসদ ব্ৰিজেন্দ্ৰ সিঙে বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে। হিছাৰৰ সাংসদজনে ১০ মাৰ্চত এক্সত পদত্যাগৰ কথা ঘোষণা কৰিছিল। বিজেপি ত্যাগ কৰাৰ পিছতে সিঙে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। এক্স-ত পদত্যাগৰ কথা ঘোষণা কৰাৰ পিছতে বিজেপি নেতা বীৰেন্দ্ৰ সিঙৰ পুত্ৰ ব্ৰিজেন্দ্ৰ সিঙে নতুন দিল্লীত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈ কংগ্ৰেছত যোগদান কৰে। হিছাৰৰ সাংসদজনে পদত্যাগৰ কথা ঘোষণা কৰাৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁক হিছাৰৰ সাংসদ হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে বিজেপিকো ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ লিখিছে “বিশেষ ৰাজনৈতিক কাৰণত মই বিজেপিৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছো । মই দলটো, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক হিছাৰৰ সাংসদ সদস্য হিচাপে কাম কৰাৰ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো,”। বিজেন্দ্ৰ সিঙে কংগ্ৰেছত যোগদান কৰাৰ সময়ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অজয় মাকেন, মুকুল ৱাচনিক আৰু দীপক বাবাৰিয়াও খাৰ্গেৰ বাসগৃহত উপস্থিত আছিল।

“মেৰা পেহলা ভোট দেশ কে লিয়ে” অভিযানক শক্তিশালী কৰিবলৈ পুৰীৰ সমুদ্ৰ তীৰত সুদৰ্শন পাটনায়কৰ দৃষ্টিনন্দন ভাস্কৰ্য…

পুৰীৰ সমুদ্ৰ তীৰত সুদৰ্শন পাটনায়কৰ দৃষ্টিনন্দন ভাস্কৰ্য ।’মেৰা পেহলা ভোট দেশ কে লিয়ে’ অভিযানে সমগ্ৰ দেশতে গতি লাভ কৰিছে আৰু ইয়াক আগুৱাই নি বিখ্যাত বলুকা শিল্পী সুদৰ্শন পাটনায়কে ওড়িশাৰ পুৰী সমুদ্ৰ তীৰত বালিৰ এটা ভাস্কৰ্য্য নিৰ্মাণ কৰিছে। নিজৰ শিল্পকৰ্মৰ জৰিয়তে, তেওঁ যুৱক-যুৱতী আৰু প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলক বৃহৎ সংখ্যাত ভোটদান কৰাৰ লগতে আমাৰ গণতন্ত্ৰক সমৃদ্ধ আৰু শক্তিশালী কৰিবলৈ আহ্বান জনাইছে।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে পাটনায়কৰ শিল্পকৰ্মক প্ৰশংসা কৰি কয়, ‘এই শিল্পকৰ্ম বালিত নিৰ্মিত, কিন্তু ইয়াৰ ছাপ প্ৰতিজন ভাৰতীয়ৰ মনত আছে।’ মন্ত্ৰীগৰাকীয়ে নিজৰ এক্স পোষ্টত আৰু কয়, “#MeraPehlaVoteDeshKeliye হিচাপে, অভিযান দেশৰ প্ৰতিটো কোণলৈ গৈছে, যিয়ে প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ মাজত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ অংশ হ’বলৈ এক অতুলনীয় উৎসাহৰ সৃষ্টি কৰিছে, বালিত খোদিত এই অভিযানৰ আমি এক সুন্দৰ অভিব্যক্তি দেখি আছোঁ।”

‘মেৰা পেহলা ভোট দেশ কে লিয়ে’ অভিযান দেশৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানতো চলি আছে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোটদান কৰিবলৈ উৎসাহিত কৰা আৰু ৰাষ্ট্ৰৰ বৃহত্তৰ মংগলৰ বাবে ভোটদানৰ গুৰুত্বৰ কথা প্ৰকাশ কৰা। এই পদক্ষেপ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত নিৰ্বাচনৰ গুৰুত্ব আৰু ভোটদানৰ গৌৰৱৰ প্ৰতীক।

একেলগে ২৭০ জনৰ যোগদান বিজেপিত…

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে বিজেপি দলৰ ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । দেওবাৰে এই উপলক্ষে বিশ্বনাথৰ চোৱাগুৰিত বিশ্বনাথ মণ্ডলৰ এখন যোগদান সভা অনুষ্ঠিত হয় । বিশ্বনাথ মণ্ডলৰ সভাপতি প্ৰানোদিপ্ত ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত শোণিতপুৰ লোকসভাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চোৱাগুৰি পঞ্চায়তৰ প্ৰাক্তন সভাপতি চফিউল্লা, দিলোৱাৰ হুছেইন, চাইফুল খাতুন,মজিবুৰ ৰহমান সহ ২৭০ গৰাকী পুৰুষ মহিলাই আজি বিজেপিত যোগদান কৰে।

বিশ্বনাথ মণ্ডলৰ সম্পাদক মিলন বৰাই আতধৰা সভাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে যোগদানৰ এই ধাৰাবাহিক অনুষ্ঠানে প্ৰমাণ কৰে যে আগন্তুক শোণিতপুৰ লোকসভা সমষ্টিত ভাৰতীয় জনতা পার্টিয়ে বিপুল সংখ্যক ভোটত জয় লাভ কৰিব বুলি মন্তব্য কৰে লগতে যোগদান কৰা সকলোকে নিষ্ঠাৰে সৈতে বিজেপি দলত কাম কৰি যাবলৈ আহ্বান জনাই। এই কাৰ্যসূচীত বিশ্বনাথ জিলা বিজেপিৰ সভাপতি দিগন্ত ঘাটোৱাৰ, অবিচি মৰ্চা ৰাজ্যিক উপাধ্যক্ষ ৰঞ্জন গগৈ, ৰঞ্জিত কলিতা,দলীয় কাৰ্যকৰ্তা, স্থানীয় ৰাইজ সভাত উপস্থিত থাকে ।

কাজিয়াৰ পৰিণতিঃ মহিলাই কামুৰি চোবাই খাই থলে চুবুৰীয়াৰ কাণ!

আগ্ৰাত ঘটিছে এক অদ্ভূত ঘটনা৷ ঘৰৰ মূল জপনা বন্ধ কৰাকলৈ লগা এখন কাজিয়াৰ পৰিণতিত এগৰাকী লোকে হেৰুৱাবলগীয়া হ’ল তেওঁৰ এখন কাণ৷ এগৰাকী মহিলাই চুবুৰীয়া লোক এজনৰ কাণ কামুৰি চিঙি পোলোৱাৰ লগতে কাণখনৰ এটা অংশ গিলিও থয়৷ ঘটনাটো ঘটিছে আগ্ৰাত৷ এই ঘটনাৰ পিছতে অঞ্চলটোত ক্ষোভৰ সৃষ্টি হৈছে। প্ৰকৃততে কি ঘটিছিল? ভুক্তভোগী লোকজনৰ নাম ৰামবীৰ বাঘেল৷ তেওঁ পেছাত এজন ৰিক্সাচালক। অভিযুক্ত মহিলাগৰাকীৰ নাম ৰাখী আৰু তেওঁ নিউ আগ্ৰা অঞ্চলত বাঘেলৰ ঘৰৰ একেটা চৌহদতে বাস কৰে।

বাঘেলে পুৱা ৬ বজাত ওলাই গৈছিল। কিন্তু সেই সময়ত তেওঁ খৰখেদা হোৱা বাবে বাহিৰৰ জপনাখন বন্ধ কৰিবলৈ পাহৰি গৈছিল। ইয়াৰ পিছতে ৰাখীয়ে চিঞৰিবলৈ ধৰিছিল। তেওঁ ৰামবীৰক মাতি আনি দুৰ্ব্যৱহাৰ কৰিছিল বুলি অভিযোগ উঠিছে। ৰামবীৰে ৰাখীৰ কথাত বাধা দিবলৈ চেষ্টা কৰিছিল, ৰাখীৰ স্বামীও সেই স্থানলৈ আহিছিল। তেওঁ ৰামবীৰক জপতিয়াই ধৰিছিল। হঠাতে ৰাখীয়ে জঁপিয়াই ৰামবীৰৰ কাণ এখন কামুৰি চিঙি আনিছিল। তেওঁ মুখৰ ভিতৰতে কাণ খন চোবাই গিলি থৈছিল৷ আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩২৫ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। আৰক্ষী বিষয়া আৰিব আহমেদে কয় যে তেওঁলোকে ৰাখীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাই আছে।