Home Blog Page 978

এফ ডি এয়ে সন্মতি দিলেঃ সপ্তাহত দুকাপ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব…

অস্বাস্থ্যকৰ জীৱনশৈলীৰ অভ্যাসৰ বাবে ডায়েবেটিছৰ ৰোগী অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ৰোগৰ প্ৰতিৰোধ অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ এফ ডি এয়েও প্ৰাকৃতিকভাৱে ডায়েবেটিছ প্ৰতিৰোধৰ উপায় আগবঢ়াইছে।দেশ আৰু বিশ্বত বৃদ্ধি পোৱা ডায়েবেটিছৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে ই মহামাৰীৰ ৰূপ ল’ব পাৰে বুলি অনুমান কৰা হৈছে। প্ৰতি ঘৰৰ প্ৰায় এজন সদস্যই ডায়েবেটিছ ৰোগত আক্ৰান্ত। কাৰণ এই ৰোগ অস্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে জিনীয় হোৱাৰ বাবে মানুহ অতি সহজে ইয়াৰ বলি হয়। এই ৰোগৰ বাবে প্ৰথমে খাদ্য তালিকাত দৈ অন্তৰ্ভুক্ত কৰিব লাগে, ইয়াৰ কাৰণ কি জানি লওক…

শেহতীয়াকৈ আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) দৈ কোম্পানীসমূহক টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস কৰাত নিজৰ ভূমিকাৰ বিজ্ঞাপন দিবলৈ অনুমতি দিছে। সপ্তাহত কমেও দুকাপ দৈ খালে ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পাব পাৰে বুলি সন্মত হোৱাৰ পিছত এফ ডি এয়ে এই কাম কৰিছে।

দৈত কেলচিয়াম, প্ৰটিন, ভিটামিন বি আৰু মেগনেছিয়াম, ফছফৰাছ আৰু পটাছিয়াম আদি খনিজ পদাৰ্থ থাকে। ই প্ৰ’বায়টিকৰ এক সমৃদ্ধ উৎস যিয়ে প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিছ প্ৰতিৰোধ কৰাটো কিয় গুৰুত্বপূৰ্ণ-

ডায়েবেটিছ ৰোগীৰ বাবে দৃষ্টিশক্তি বেয়া হোৱা, ভৰি অজ্ঞান হোৱা, হাৰ্ট এটেক, ষ্ট্ৰোক, বৃক্কৰ ক্ষতি, স্নায়ুৰ ক্ষতি, কেন্সাৰ, মুখ আৰু যৌন স্বাস্থ্যজনিত সমস্যাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

আচলতে অস্বাস্থ্যকৰ জীৱনশৈলী অনুসৰণ কৰা সকলো মানুহৰেই ডায়েবেটিছ ৰোগৰ আশংকা থাকে। কিন্তু মেদবহুল হ’লে বা বয়স ৪৫ বছৰৰ অধিক হ’লে ইয়াৰ আশংকা আৰু অধিক বৃদ্ধি পায়। ইয়াৰ উপৰিও পাৰিবাৰিক চিকিৎসা ইতিহাসেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, কাৰণ ডায়েবেটিছৰো কাৰণ জিনীয় কাৰক।


অসমৰ কৃষিখণ্ডলৈ সুখবৰ, ন’ৰৱে দূতাবাসৰ অংশীদাৰিত্বৰে কৃষি বিভাগৰ প্ৰকল্প মুকলি

গুৱাহাটী,৬ মাৰ্চ : আজি গুৱাহাটীৰ দিশপুৰস্থিত পুৰণি চি এম ব্লকৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)য়ে  “Enhancing Climate Adaptation of Vulnerable Communities Through Nature-Based Solutions and Gender-Transformative Approaches in Assam, India” শীৰ্ষক এটি প্ৰকল্প মুকলি কৰে।

দিল্লীস্থিত ন’ৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্ব কৰা এই পদক্ষেপে জলবায়ু পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লৈছে। এই প্ৰকল্পই বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰ, জীৱিকাৰ বিভিন্ন উপায় সৃষ্টি আদিত কৃষকসকলক সহায় কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। উল্লেখ্য যে এই সন্দৰ্ভত ডাব্লিউ এফ পি আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ মাজত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷

প্ৰকল্প মুকলি কৰা আজিৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কৃষি উৎপাদন আয়ুক্ত অৰুণা ৰাজ’ৰিয়াই উল্লেখ কৰে যে, ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, অসম চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ যৌথ সহযোগিতাত ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচী (ৱৰ্ল্ড ফুড প্ৰগ্ৰাম)ৰ দ্বাৰা তথা নৰৱেৰ দূতাবাসৰ সৈতে অংশীদাৰিত্বৰে অসমৰ নগাঁও জিলাত আৰম্ভ হ’ব লগীয়া ১৮ মাহৰ পাইলট প্ৰজেক্ট পদক্ষেপৰ লক্ষ্য হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে বহনক্ষম কৃষি পদ্ধতিৰ প্ৰচাৰৰ জৰিয়তে ক্ষুদ্ৰ কৃষকসকল বিশেষকৈ মহিলাসকলক আৰ্থিকভাৱে সৱল কৰি তোলাত গুৰুত্ব আৰোপ কৰা ৷ লগতে তেখেতে ব্যক্ত কৰে যে, এই প্ৰকল্পই জলৱায়ু স্থিতিস্থাপক খাদ্যাভাস গঢ়ি তোলাত অৰিহণা যোগাব ৷

লগতে কৃষি সঞ্চালক শ্ৰী ভাস্কৰ পেগুয়ে এই কাৰ্যসূচীত উপস্থিত থকা ন’ৰৱেৰ দূতাবাসৰ  ৰ সহযোগিতা (Cooperation)ৰ মুৰব্বী তথা পৰামৰ্শদাতা শ্ৰীমতী মেৰিট এম ষ্ট্ৰেণ্ডক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী সময়টো অসমৰ কৃষিখণ্ডত এনে সহযোগিতা কামনা কৰে ৷

এই কাৰ্যসূচীত ডাব্লিউ এফ পি ৰ উপ-দেশীয় সঞ্চালক শ্ৰীমতী নজ’মি হাছিম’ট’, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব শ্ৰী জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠী, এৰিয়াছ ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক শ্ৰী বীৰেন্দ্ৰ মিত্তল, কৃষি বিভাগৰ সঞ্চালক শ্ৰী ভাস্কৰ পেগু, ‘Climate & Resilient Food Systems, World Food Programme’ ৰ মুৰব্বী শ্ৰীমতী প্ৰদন্যা পাইথাংকৰ, প্ৰমুখ্যে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ডৰ প্ৰতিনিধি আৰু আন আন  বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

মাৰ্ঘেৰিটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং নিৰুদ্দেশ…

মাৰ্ঘেৰিটাৰ প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং নিৰুদ্দেশ।

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত মাৰ্ঘেৰিটা চাহ বাগিচা বস্তি লাইনৰ নিবাসী প্ৰতিভাৱান ফুটবল খেলুৱৈ হাজাৰি উৰাং যোৱা ৩ মাৰ্চৰ পৰা নিৰুদ্দেশ হৈ আছে।পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি দেওবাৰে নিজৰ ঘৰৰ পৰাই নিৰুদ্দেশ হয় যুৱকজন।

যুৱকজনৰ নিৰুদিষ্ট ঘটনাক লৈ পৰিয়াল বৰ্গ চিন্তিত হৈ পৰিছে।

প্ৰতিভাবান ফুটবল খেলুৱৈ গৰাকী যোৱা ৩ মাৰ্চৰ পৰা অন্তৰ্ধান হৈ থকাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

হাজাৰি উৰাঙৰ গৃহত অহা ৯ মাৰ্চত বিয়া এখন অনুষ্ঠিত হ’ব কিন্তু যুৱকজন নিৰুদ্দেশ হৈ পৰাত পৰিয়ালটো চিন্তিত হয় পৰিছে।

পৰীয়াল বৰ্গই আৰক্ষীয়ে যুৱকজনৰ উদ্ধাৰৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰা অভিযোগ উত্থাপিত কৰিছে।

গ্ৰন্থ আলোচনা শুকুৰাম দাসৰ “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ…

দীৰ্ঘকাল ওকালতি আৰু প্ৰাকৃতিক চিকিৎসাৰ সৈতে জড়িত প্ৰয়াত শুকুৰাম দাসৰ সদ্য প্ৰকাশিত “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ” কিতাপখন পঢ়িলো। নগাঁও চহৰৰ সমীপৰ শেনচোৱাৰ স্বৰ্গীয় দুৰ্গাৰাম দাস আৰু দাখৰী দাসৰ জ্যেষ্ঠ সন্তান শুকুৰাম দাস পেচাত এগৰাকী অধিবক্তা আৰু প্ৰাকৃতিক চিকিৎসক। দুৰাৰোগ্য কৰ্কট ৰোগৰ পৰা মানুহে কেনেদৰে আৰোগ্য লাভ কৰিব পাৰে বনৌষধিৰে, সেই সাধনাতেই তেওঁ জীৱনৰ সৰহখিনি সময় পাৰ কৰিছিল।

বনৌষধিৰে চিকিৎসা কৰি শুকুৰাম দাসে বহুতো কেঞ্চাৰ ৰোগীক সুস্থ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ এই বনৌষধিক ইতিমধ্যে ভাৰত চৰকাৰৰ National Biodiversity Authority য়ে স্বীকৃতি দিছে আৰু শুকুৰাম দাসে কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলি প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট আৰু কেঞ্চাৰ ঔষধ আৱিষ্কাৰ কৰা বুলিও প্ৰকাশ কৰিছে। এই ঔষধৰ পেটেণ্ট কেঞ্চাৰ ঔষধ আৱিষ্কাৰৰ ঘোষণা সম্প্ৰতি কেবিনেটৰ টেবুলত পৰি আছে।

জীৱনজোৰা সাধনাৰ ফলত লক্ষত উপনীত হোৱাৰ সময়তে এইগৰাকী প্ৰাকৃতিক চিকিৎসকৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বে তেখেতে কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ আৰু এই সম্পকীয় তিতা মিঠা অভিজ্ঞতাৰে “কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ?” শীৰ্ষক কিতাপখন যুগুত কৰে যদিও হঠাতে তেখেতৰ মৃত্যু হোৱাত তেখেতে কিতাপখন চপা অৱস্থাত দেখা নাপালে। তেখেতৰ মৃত্যুৰ পিছত নগাঁৱৰ “ৰণাংগণ প্ৰকাশনে” কিতাপখন প্ৰকাশ কৰা উলিয়ায়। ভাৰতবৰ্ষৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ অতি বেছি। শুকুৰাম দাসৰ এই কিতাপখনে মানুহৰ মনৰ পৰা এই ৰোগৰ প্ৰতি থকা শংকাভাৱ দূৰ কৰিব। ৭২ পৃষ্ঠাৰ এই কিতাপখনৰ মূল্য ২৫০ টকা মাত্ৰ।

এম্বিচন গ্ৰুপে  গুৱাহাটীত মুকলি কৰিলে বিলাসী হোটেল ‘এৰিষ্টা বাই এম্বিচন’…

এম্বিচন গ্ৰুপে  গুৱাহাটীত মুকলি কৰিলে বিলাসী হোটেল
‘এৰিষ্টা বাই এম্বিচন’

আতিথ্য সেৱা আৰু   পৰ্যটন খণ্ডৰ  অগ্ৰণী  চহৰসমূহৰ ভিতৰত অন্যতম গুৱাহাটীৰ গৰিমাত নতুন সংযোজনেৰে  মহানগৰীৰ মাজমজিয়াত  মুকলি হৈছে পঞ্চ তাৰকাযুক্ত সুবিধা থকা বিলাসী হোটেল ‘এৰিষ্টা বাই এম্বিচন’ ।এই হোটেল খন মুকলি উপলক্ষে আয়োজিত  সংবাদমেলত  উপস্থিত থাকে   অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক অনুপম শৰ্মা, অনিন্দ্য শৰ্মা, সঞ্চালক: প্ৰকাশ আগৰৱাল, সঞ্চালক আৰু প্ৰসুন ভট্টাচাৰ্য, মহা প্ৰবন্ধক। গুৱাহাটীৰ মাজমজিয়াৰ খ্ৰীষ্টিয়ান বস্তিৰ আনন্দ নগৰত অৱস্থিত এই হোটেলখনৰ পৰা  বিমানবন্দৰ আৰু ৰেল ষ্টেচনৰ দূৰত্ব কম। হোটেলখনৰ পৰা কেইকিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে পৰ্যটনৰ আকৰ্ষণীয় স্থানসমূহ আছে। হোটেলখনৰ ডাইনিং সুবিধা সমূহৰ ভিতৰত আছে ৰেষ্টুৰেণ্ট, বাৰ, কফি শ্বপ, ৰুফ -টপ ৰেষ্টুৰেণ্ট আৰু বেংকুয়েট হল ইত্যাদি।এৰিষ্টা বাই এম্বিচন’ হোটেল মুকলি অনুষ্ঠানত অনুপম নিৰ্মান প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শ্ৰী অনুপম শৰ্মাই কয়  “গুৱাহাটীৰ মাজমজিয়াত ৫ তাৰকাযুক্ত সুবিধাৰে আমাৰ প্ৰথমখন বিলাসী হোটেল মুকলি কৰি আমি আনন্দিত অনুভৱ কৰিছোঁ।


অসম আমাৰ বাবে এখন গুৰুত্বপূৰ্ণ   বজাৰ আৰু  সমৃদ্ধিশালী অবসৰ বিনোদন আৰু ব্যৱসায়িক স্থানৰ বাবে গুৱাহাটী এক সম্ভাবনাময় গন্তব্যস্থান হিচাপে বিবেচিত হৈছে। অনুপম নিৰ্মান প্ৰাইভেট লিমিটেডে এটা নিৰ্মাণ প্ৰতিষ্ঠান। এতিয়া আমি এম্বিচন গ্ৰুপৰ অধীনত অঞ্চলটোৰ অন্যতম উন্নত পঞ্চ তাৰকাযুক্ত সুবিধাযুক্ত হোটেল মুকলি কৰি আতিথ্য খণ্ডতো প্ৰৱেশ কৰিছো। আমি কেৰালাত পঞ্চ তাৰকা যুক্ত আয়ুৰ্বেদ ৱেলনেছ চেণ্টাৰো মুকলি কৰাৰ পৰিকল্পনা কৰিছো, তাৰ পিছত গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী   সোণাপুৰত পঞ্চ তাৰকা যুক্ত ৰিজৰ্টৰ সৈতে প্ৰিমিয়াম বিলাসী বাংলো মুকলিৰো পৰিকল্পনা আছে। আমি নিশ্চিত যে ‘এৰিষ্টা বাই এম্বিচনে আতিথ্যৰ ক্ষেত্ৰত চহৰখনত মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সক্ষম হব।”

হোটেলখনত ৱাই-ফাই সংযোগ, ট্ৰেভেল ডেস্ক, ২৪ ঘণ্টীয়া বেল ডেস্ক, ভেলেট পাৰ্কিং, বিজনেছ/ৱৰ্ক ডেস্ক, এছটিডি/আইএছডি কলিং ফেচিলিটি, ইন-ৰুম ছেফ আৰু চাহ/কফি মেকাৰ, ইলেক্ট্ৰনিক কী কাৰ্ড, হেয়াৰ ড্ৰাইয়াৰ, পৰিবেশ অনুকূল টয়লেটৰ সুবিধা আছে। হোটেলখনত ধূমপান নিষিদ্ধ কোঠা, এল ই ডি টিভি, বিস্তৃত চেনেল লিষ্ট, ৱেক-আপ কল সুবিধা, বিস্তৃত বেনকুৱেটিং (৩০-১০০০ জন), ২৪ ঘণ্টীয়া ৰুম সেৱা, ২৪ ঘণ্টীয়া কফি শ্বপ, বহু ব্যৱহাৰৰ ইলেক্ট্ৰিক চকেট, আইৰন বৰ্ড   আৰু প্ৰেছ  আদিৰ দৰে সুবিধা ও আছে।

শ্ৰী অনুপম শৰ্মা বেজকুছি, নাথকুছি (টিহু), নলবাৰী, অসম,-৭৮১৩৩৫ ত অৱস্থিত অৰ্ণভাম মেটেল  ইণ্ডাষ্ট্ৰীজ (এ এম আই) ৰ অন্যতম প্ৰতিষ্ঠাপক। অনুপম শৰ্মাৰ নেতৃত্বত  ২০২৩ চনত আন্তঃগাঁথনি খণ্ড, ৰেলৱে খণ্ড, তীখা উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ, শোধনাগাৰ আৰু গধুৰ অভিযান্ত্ৰিক ইউনিটৰ প্ৰয়োজনীয়তা পূৰণৰ উদ্দেশ্যৰে এই উদ্যোগটোৰ আৰম্ভণি হৈছিল। এই উদ্যোগত  আধুনিক যন্ত্ৰপাতি আৰু অতি দক্ষ আৰু নিষ্ঠাবান কৰ্মচাৰী আছে ,য’ত ঔদ্যোগিক প্ৰয়োজনীয়তা অনুসৰি বিল্ড আপ গাৰ্ডাৰ, সম্প্ৰসাৰণযোগ্য দলং, ষ্টীল ফ্লাইঅভাৰ ষ্ট্ৰাকচাৰ, পিইবি ষ্ট্ৰাকচাৰৰ দৰে সামগ্ৰী ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু নিৰ্দিষ্টতা অনুসৰি  নিৰ্মাণ কৰা হয়।

বিষয়ে: অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড ২০০৯ চনত গঠন হোৱা এটা ব্যক্তিগত লিমিটেড প্ৰতিষ্ঠান  আৰু ইয়াত শ্ৰী অনুপম শৰ্মাৰ সকলো সম্পত্তি আৰু দায়বদ্ধতাকে ধৰি বৰ্তমানৰ ব্যৱসায় অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ আগশাৰীৰ অসামৰিক ঠিকাদাৰী কোম্পানীটোৱে যোৱা   তিনিটা বিত্তীয় বৰ্ষত  বিভিন্ন চুক্তি কাৰ্যকৰী কৰিছে। অসম পি ডব্লিউ ডি (এন এইচ ৱৰ্কচ), পি ডব্লিউ ডি (পথ), পি ডব্লিউ ডি (বিল্ডিং), এন.এফ. ৰেলৱে, নৰ্থ ইষ্ট মেগা ফুড পাৰ্ক , এন এইচ এ আই আদি যে ধৰি প্ৰতিষ্ঠানটোৱে বিভিন্ন ধৰণৰ গৌৰবপূৰ্ণ প্ৰকল্প ৰূপায়ন কৰিছে। প্ৰতিষ্ঠানটোৱে গুণগত নিশ্চয়তা ব্যৱস্থা আৰু পদ্ধতি বজাই ৰাখে যিয়ে নিৰন্তৰ প্ৰক্ৰিয়া অনুসৰণ কৰি ফলাফল আৰু ফলপ্ৰসূতা লাভৰ গুৰুত্ব আৰু অহৰহ উন্নতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।গুণগত নিশ্চয়তা ব্যৱস্থা গঢ়ি তোলাৰ সময়ত আই এছ অ’ৰ নীতিসমূহো বিবেচনা কৰা হৈছে। গুণগত নিয়ন্ত্ৰণৰ বাবে  সামগ্ৰীৰ   এটা বৃহৎ পৰীক্ষাগাৰ ৰ ব্যৱস্থা  কৰা হৈছে।

আৰম্ভ হ’ল দেশৰ ভিতৰতে প্ৰথম পানীৰ তলেৰে চলা মেট্ৰ’ ! কলকাতাত উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে…

আৰম্ভ হ’ল দেশৰ ভিতৰতে প্ৰথম পানীৰ তলেৰে চলা মেট্ৰ’

কলকাতাত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিলে পানীৰ তলৰ মেট্ৰ’, মেট্ৰ’ত ভ্ৰমণ কৰি শিক্ষাৰ্থীৰে কৰিলে মত-বিনিময়

আজি ভাৰতৰ বাবে এক ঐতিহাসিক দিন। কাৰণ আজিৰ দিনটোতে ভাৰতৰ ৰে’লৰ ইতিহাসত সংযোজন হ’ল এক নতুন অধ্যায়। ভাৰতত প্ৰথমবাৰৰ বাবে মেট্ৰ’ ৰে’ল চলিল পানীৰ তলেৰে। বুধবাৰে, ইষ্ট-ৱেষ্ট মেট্ৰ’ৰ আনুষ্ঠানিকভাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আজি পুৱা ১০.৩০ বজাত আগতে ইষ্ট-ৱেষ্ট গ্ৰীণ লাইন মেট্ৰ’ কৰিডৰৰ হাওৰা ময়দান-এস্প্লেনেড শাখা উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ’ ৰে’লত যাত্ৰাও কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজীয়া পতাকা জোকাৰি প্ৰকল্পটো উদ্বোধন কৰে। অৱশ্যে, সেই অংশত কেতিয়াৰে পৰা বাণিজ্যিক সেৱা আৰম্ভ হ’ব সেয়া এতিয়া বিভাগীয়ভাবে প্ৰকাশ কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে গংগা নদীৰ তলিৰে যোৱা এই প্ৰকল্প শুভাৰম্ভ কৰাৰ লগে লগে দেশে লাভ কৰিলে পানীৰ তলেৰে যোৱা প্ৰথম মেট্ৰ’। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো আজিৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল।

কিন্তু মমতাই এই অনুষ্ঠানত উপস্থিত নাথাকিল। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু, বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ আৰু বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী আদি ব্যক্তিসকল উপস্থিত থাকে। ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি কলকাতাৰ আৰু দুটা পথৰ সম্প্ৰসাৰণৰ কামো উদ্বোধন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে গঙ্গাৰ তলিৰে মেট্ৰ’ত যাত্ৰা কৰি শিক্ষাৰ্থীৰে মত-বিনিময় কৰে। জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰাৰ কেইদিনমানৰ ভিতৰতে এই সেৱা আৰম্ভ হ’ব। এই মেট্ৰ’ ৰে’ল ইষ্ট-ৱেষ্ট মেট্ৰ’ কৰিডৰৰ হাওৰা ময়দান-এস্প্লেনেড শাখাত ১০ বা ১২ মিনিটৰ ব্যৱধানত চলিব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে পুৱা ৬.৩০ বজাত মেট্ৰ’ৰ সেৱা আৰম্ভ হ’ব আৰু অন্তিম খন মেট্ৰ’ নিশা ৯:৩০ বজালৈকে চলিব । অনুমান অনুসৰি হাওৰাৰ পৰা হাওৰা ময়দানলৈ ভাড়া হ’ব ৫ টকা। হাওৰাৰ পৰা দক্ষিণেশ্বৰ, বৰানগৰ আৰু নোৱাপাৰালৈ যাত্ৰা কৰিবলৈ ৩০ টকা ব্যয় হ’ব। হাওৰাৰ পৰা দমদম, বেলগাচিয়া আৰু শ্যামবজাৰলৈ যাত্ৰা কৰিবলৈ ২৫ টকা ব্যয় হ’ব। হাওৰাৰ পৰা শোভাবজাৰ-চুতানাতি, গিৰীশ পাৰ্ক আৰু মহাত্মা গান্ধী ৰোডলৈ যাত্ৰা কৰিবলৈ ২০ টকা ব্যয় হ’ব। হাওৰাৰ পৰা পাৰ্ক ষ্ট্ৰীটলৈ যাত্ৰা কৰিবলৈ ১৫ টকা ব্যয় হ’ব। হাওৰাৰ পৰা ৰবীন্দ্ৰ সদন, নেতাজী ভৱন আৰু যতীন দাস পাৰ্কলৈ ভাড়া হ’ব ২০ টকা।

ইফালে, হাওৰাৰ পৰা কালীঘাট, ৰবীন্দ্ৰ সৰোবৰ, মহানায়ক উত্তৰ কুমাৰ (টলিগুঞ্জে) আৰু নেতাজী (কুদঘাট)ৰ ভাড়া হ’ব ২৫ টকা। হাওৰাৰ পৰা, মাষ্টাৰদা সূৰ্য সেন (বংশদ্ৰোণী), গীতাঞ্জলি (নকতলা), কবি নজৰুল (গৰিয়া বজাৰ), শ্বহীদ খুদিৰাম (ব্ৰিজি) আৰু কবি সুভাষ (নিউ গৰিয়া) লৈকে ৩০ টকা।

গংগা নদীৰ তলিৰে মেট্ৰ’ৰ ঐতিহাসিক যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মেট্ৰ’ ৰে’লৰ মুখ্য জনসম্পৰ্ক বিষয়া কৌশিক মিত্ৰই কিছুদিন পূৰ্বে কৈছিল, “মেট্ৰ’ ৰে’লৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। কিয়নো বহু বাধা অতিক্ৰম কৰাৰ পিছত আমি হুগলী নদীৰ তলিৰে মেট্ৰ’ ৰে’ল চলাবলৈ সক্ষম হৈছো। কলকাতা আৰু উপনগৰৰ লোকসকলক অত্যাধুনিক পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব। এয়া সঁচাকৈয়ে ভাৰতীয় ৰে’লৱেই বংগৰ লোকসকলক দিয়া এক বিশেষ উপহাৰ’’। ইষ্ট-ৱেষ্ট মেট্ৰ’ই চল্ট লেক চেক্টৰ ৫-ৰ পৰা হাওৰা ময়দানক সংযোগ কৰিব। বৰ্তমানৰ চল্ট লেক চেক্টৰ পঞ্চমৰ পৰা শিয়ালদহলৈকে বাণিজ্যিক সেৱা আৰম্ভ হৈছে। এইবাৰ, মেট্ৰ’ কৰ্তৃপক্ষই এস্প্লেনেডৰ পৰা হাওৰা ময়দানলৈ ৰে’ল সেৱা আৰম্ভ কৰিব। মেট্ৰ’ ৰে’ল গঙ্গাৰ তলৰ মাজেৰে কিমান দূৰ পাৰ হ’ব? কিমান সময় লাগিব? কলকাতা মেট্ৰ’ৰ মতে, মেট্ৰ’ ৰে’ল গঙ্গাৰ তলিৰে ৫২০ মিটাৰ চলিব। সেই পথ অতিক্ৰম কৰিবলৈ মাত্ৰ ৪৫ ছেকেণ্ড সময় লাগিব। যিটো সুৰংগৰ মাজেৰে মেট্ৰ’ ৰে’ল চলিছে সেয়া পানীৰ ৩২ মিটাৰ তলত অৱস্থিত।

সীমা হায়দৰক ৩ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি পাকিস্তানৰ প্ৰাক্তন স্বামীয়ে প্ৰেৰণ কৰিলে আইনী জাননী…

সীমা হায়দৰক ৩ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি পাকিস্তানৰ প্ৰাক্তন স্বামীয়ে প্ৰেৰণ কৰিলে আইনী জাননী

ভাৰতলৈ পলাই অহা সীমা হায়দৰৰ সন্মুখত এতিয়া নতুন বিপদ আহি পৰিছে। ভাৰতীয় যুৱকৰ প্ৰেমত পৰি পাকিস্তান এৰি ভাৰতলৈ পলাই অহা সীমা হায়দৰ পুনৰ বিপদত পৰিছে। গ্ৰেটাৰ নয়ডাৰ বাসিন্দা শচীন মীনাই অনলাইন গেম খেলি সীমাৰ প্ৰেমত পৰিছিল। তাৰ পিছতে সীমাই নেপাল হৈ ভাৰতলৈ পলাই আহিছিল। শচীনৰ সৈতে সীমাই সংসাৰ আৰম্ভ কৰিছিল। সীমাৰ প্ৰাক্তন স্বামী গোলাম হায়দৰে এতিয়া পলাই যোৱাৰ ক্ষতিপূৰণ হিচাবে সীমাৰ পৰা ৩ কোটি টকা দাবী কৰিছে। তেওঁ এই সন্দৰ্ভত এখন আইনী জাননীও প্ৰেৰণ কৰিছে। তেওঁ লগতে শচীন-সীমাই ক্ষমা বিচাৰিব লাগিব বুলিও দাবী কৰিছে।

ভাৰত আৰু পাকিস্তানৰ একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা দম্পতীয়ে ভাৰতীয় মুদ্ৰাত ৩ কোটি টকা পৰিশোধ নকৰিলে গোলামে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব। জাননীখন অধিবক্তা আলী মমিনৰ জৰিয়তে প্ৰেৰণ কৰা হৈছে। আৰ্থিক জৰিমনাৰ উপৰি সীমা আৰু শচীনক ঘটনাটোৰ বাবে এমাহৰ ভিতৰত ক্ষমা বিচাৰিবলৈ কোৱা হৈছে। সীমাই তেওঁৰ চাৰিটা সন্তানৰ সৈতে পাকিস্তানৰ পৰা ভাৰতলৈ পলাই আহিছিল। গোলামে তেওঁৰ সন্তান পাবলৈ মানৱ অধিকাৰ কৰ্মী আনছাৰ বাৰানীৰ কাষ চাপিছিল। আনছাৰে এই ক্ষেত্ৰত অধিবক্তা মমিনক নিযুক্ত কৰিছিল।


৩০ বছৰীয়া সীমা হায়দৰ পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাসিন্দা আছিল। তেওঁ ২০২৩ চনৰ ১৫ এপ্ৰিলত নেপাল সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল। ইয়াৰ আগতে তেওঁ নেপালৰ পশুপতিনাথ মন্দিৰত শচীনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। সীমাক ৪ জুলাইত ভাৰতত অনধিকাৰ প্ৰৱেশৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগো উঠিছিল। অৱশ্যে অৱশেষত সীমাক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ইয়াৰ মাজতেৃ জনা গৈছিল যে শচীনৰ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে সীমা।

মুখশুদ্ধিত ড্ৰাই আইচ ! ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰি মৃত্যুৰে যুঁজিছে পাঁচ জনে…

মুখশুদ্ধিত ড্ৰাই আইচ! ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণৰ পিছত মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰি মৃত্যুৰে যুঁজিছে পাঁচ জনে
ৰেষ্টুৰেণ্টত খাই উঠি মুখশুদ্ধি কৰাৰ পিছতে তেজ বমি কৰিবলৈ ল’লে পাঁচগৰাকীকৈ লোকে। গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত ঘটিছে এই ঘটনা। মুখশুদ্ধি কৰাৰ পিছতে পাঁচজন লোকে তেজ বমি কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোকৰ মাজৰে দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ঘটনাটোৰ পিছতে ৰেষ্টুৰেণ্টৰ মেনেজাৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰেষ্টুৰেণ্টখন গুৰুগ্ৰামৰ চেক্টৰ ৯০ ত অৱস্থিত। অংকিত কুমাৰে তেওঁৰ পত্নী আৰু বন্ধুবৰ্গৰ সৈতে সেই ৰেষ্টুৰেণ্ট খনত খাবলৈ গৈছিল। খোৱাৰ পিছত তেওঁলোকে বিল পৰিশোধ কৰিছিল আৰু মুখশুদ্ধি খাইছিল। সেয়া খোৱাৰ পিছতে অংকিত, তেওঁৰ পত্নী আৰু আন তিনিগৰাকী লোক অসুস্থ হৈ পৰে। মুহূৰ্ততে সকলোৰে মুখ জ্বলিবলৈ ধৰিলে। বমি আৰম্ভ হয়। বমিৰ সৈতে তেজ ওলাই আহে।

অংকিতে অভিযোগ কৰা অনুসৰি যে তেওঁলোক অসুস্থ হ’লেও ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাছিল। অৱশেষত তেওঁলোকে আৰক্ষীক ফোন কৰে আৰু আৰক্ষীয়ে তেওঁলোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আৰক্ষীয়ে ৰেষ্টুৰেণ্টৰ মেনেজাৰকো গ্ৰেপ্তাৰ কৰি মুখশুদ্ধিৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। জানিব পৰা মতে মুখশুদ্ধিৰ পেকেটটোৰ ভিতৰত শুকান বৰফ(ড্ৰাই আইচ) আছিল। যি হৈছে এক প্ৰকাৰৰ অতি বিষাক্ত এচিড। এনে এচিড অত্যাধিক হাৰত পেটলৈ গ’লে মানুহৰ মৃত্যুও হ’ব পাৰে।

অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য কৰা বলীউডৰ তাৰকাসকলক তীব্ৰ সমালোচনা কংগনা ৰাণাৱটৰ…

কংগনা ৰাণাৱটে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা কাহিনী শ্বেয়াৰ কৰিছে। কংগনাই প্ৰয়াত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ সৈতে নিজকে কেনেদৰে তুলনা কৰিছিল সেই বিষয়ে এটা দীঘলীয়া বৰ্ণনামূলক কাহিনী লিখিছে। কাহিনীটো অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ তিনিদিনীয়া বিশাল বিবাহপূৰ্ব অনুষ্ঠানৰ পিছতে কংগনাই শ্বেয়াৰ কৰিছে। কংগনাই ডেক্কান হেৰাল্ডত প্ৰকাশিত এটা বাতৰি শ্বেয়াৰ কৰি লিখিছে , “তেওঁলোকে মোক ৫ মিলিয়ন দিলেও মই নাযাওঁ: লতা মংগেশকাৰেও বিয়াৰ অনুষ্ঠানত গান গাবলৈ অস্বীকাৰ কৰিছিল।” কংগনা ৰাণাৱটে নিজকে কিংবদন্তি গায়িকাগৰাকীৰ সৈতে তুলনা কৰি এনেদৰে লিখিছে। কংগনাই লগতে লিখিছে “মই অতি শোচনীয় বিত্তীয় বিপৰ্যয়ৰ মাজেৰে দিন পাৰ কৰিছো, কিন্তু লতা জী আৰু ময়েই মাত্ৰ দুগৰাকী ব্যক্তি যাৰ বহু হিট সৃষ্টি আছে (ফেশ্বন কা জলৱা, ঘানি বাউলি হো গয়ী, লণ্ডন থুমকদা, চাদি গলি, বিজয় ভৱা ইত্যাদি)।

কংগনাই আৰু লিখিছে, “কিন্তু যিমানেই প্ৰলোভন নাপাওঁ কিয়, মই কেতিয়াও বিয়াত নচা নাছিলো, বহু চুপাৰ হিট আইটেম গানো মোক আগবঢ়োৱা হৈছিল,মই পুৰস্কাৰ প্ৰদান অনুষ্ঠানবোৰো এৰাই চলিছিলো। খ্যাতি আৰু ধনক না ক’বলৈ শক্তিশালী চৰিত্ৰ আৰু মৰ্যাদাৰ প্ৰয়োজন’’। যিটো সময়ত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিশাল বিবাহপূৰ্ব অনুষ্ঠানটোৰ ছবিআৰু খবৰে সমগ্ৰ ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছে সেই সময়তে কংগনাৰ এনে পোষ্টে আলোড়ণৰ সৃষ্টি কৰিছে।

উল্লেখ্য অনন্ত আম্বানী-ৰাধিকাৰ প্ৰাক্ বিবাহ অনুষ্ঠানত নৃত্য পৰিবেশন কৰাসকলৰ তালিকাখনত অমিতাভ বচ্চন, ৰজনীকান্ত, শ্বাহৰুখ খান, চলমন খান, আমিৰ খান, বিকি কৌশল, ৰাণী মুখাৰ্জী, কেটৰিনা কাঈফ, দীপিকা পাডুকন ৰণবীৰ সিঙৰ দৰে তাৰকাসকল আছে।সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানী, চেইফ আলী খান, কৰীণা কাপুৰ, বৰুণ ধাৱান, অনিল কাপুৰ, চাৰা আলী খান, ইব্ৰাহিম আলী খান, অনন্যা পাণ্ডে, আদিত্য ৰয় কাপুৰ আৰু বলীউডৰ অন্যান্য বিশিষ্ট তাৰকাসকলেও সেই অনুষ্ঠানত এপাক নাচি সমবেত লোকসকলক আমোদ দিছিল।

বিশ্বজুৰি হঠাতে ফেচবুক-ইনষ্টাগ্ৰাম ‘লগ আউট’ হােৱাৰ আঁৰৰ মূল কাৰণ জানক…

বিশ্বজুৰি হঠাতে লগ আউট হৈ গ’ল সকলোৰে ফেচবুক-ইনষ্টাগ্ৰাম! ভাৰততো একেই দৃশ্য

ফেচবুক ব্যৱহাৰকাৰীসকলে মঙলবাৰে নিশা এক আচহুৱা সমস্যা সন্মুখীন হয়। সমগ্ৰ বিশ্বৰ ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ গ’ল। ফলত সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। অৱশ্যে, কেৱল ফেচবুকতে নহয়, একেটা সমস্যা ইনষ্টাগ্ৰাম, থ্ৰেড আৰু মেচেঞ্জাৰতো হয়।

ভাৰতৰ উপৰি আমেৰিকা, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমস্যাৰ উদ্ভৱ হ’য়। হঠাতে, নিশা প্ৰায় ৮.৩০ বজাত, সকলোৰে ম’বাইলত ফেচবুক নোখোলা হয়। এই সমস্যাটো ছাৰ্ভাৰৰ সমস্যাৰ বাবে হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়া আৰু ৱেবছাইট ট্ৰেকিং ছাইটসমূহে এই সমস্যাৰ বাবে চাৰ্ভাৰকে দোষ দিছে।।

এই সমস্যাটো ফেচবুকৰ তিনি লাখৰো অধিক একাউণ্টত হৈছে। একেদৰে ইনষ্টাগ্ৰামৰ ২০ হাজাৰৰো অধিক একাউণ্টত একে লগ আউটৰ সমস্যাই হৈছে। অৱশ্যে এই বাতৰি লিখা পৰলৈকে সমস্যাটোৰ বিষয়ে মেটাৰ ফালৰ পৰা কোনো পষ্টীকৰণ দাঙি ধৰা হোৱা নাই। উল্ল্লেখ্য ইয়াৰ পূৰ্বেও ফেচবুক আৰু ইনষ্টাগ্ৰামত নানান ধৰণৰ সমস্যাই দেখা দিছিল। কিন্তু আজিৰ সমস্যাটো পূৰ্বতকৈ কিছু পৃথক বুলি বহুতে মন্তব্য কৰিছে।