Home Blog Page 983

অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ…

অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ

নতুন বিষয়াসকলৰ প্ৰতি মন্ত্ৰী সিংহলৰ আহ্বান : “নিজৰ প্ৰতি সৎ হ’ব, কয়লাৰ খনিত সোমালেও গাত ক’লা দাগ লাগিবলৈ নিদিব”

অসম চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি বেতকুছিস্থিত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজিত এক অনুষ্ঠানত সদ্য নিযুক্তিপ্ৰাপ্ত অসম নগৰ প্ৰশাসনিক সেৱাৰ প্ৰথমটো গোটৰ বিষয়াসকলৰ চাৰি সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ নগৰাঞ্চলৰ প্ৰশাসনিক ব্যৱস্থালৈ সংস্কাৰ অনাৰ লগতে পৌৰ প্ৰশাসনক অধিক গতিশীল কৰি তোলাৰ লক্ষ্যৰে

পৌৰসভাৰ তিনিটা কেডাৰ ক্ৰমে অসম নগৰ প্ৰশাসনিক কেডাৰ, অসম নগৰ অভিযান্ত্ৰিক কেডাৰ আৰু অসম নগৰ বিত্তীয় কেডাৰ গঠন কৰা হৈছে। অসম লোকসেৱা আয়োগে অলপতে চলিত বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মাধ্যমেৰে অসম নগৰ প্ৰশাসনিক সেৱাৰ অধীনত ৯৭ গৰাকী বিষয়া বাছনি কৰিছে আৰু তেওঁলোকক ৰাজ্যৰ বিভিন্ন পৌৰ নিকায়ত কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি প্ৰদান কৰা হ’ব।

নৱনিযুক্ত বিষয়াসকললৈ অভিনন্দন জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এক স্বচ্ছ আৰু নিকা বাছনি পৰীক্ষাৰ মাজেৰে সম্পূৰ্ণ মেধাৰ ভিত্তিত এই সেৱালৈ নিৰ্বাচিত বিষয়াসকলৰ সমাজৰ প্ৰতি অত্যন্ত গধুৰ দায়িত্ব আছে। অসম নগৰ প্ৰশাসনিক সেৱা প্ৰৱৰ্তনৰ পাছত প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰা এই বিষয়াসকলক অত্যন্ত ভাগ্যৱান বুলি অভিহিত কৰি তেওঁ কয় যে প্ৰথমটো গোটৰ বিষয়া হিচাপে তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বানৰ সমানে সমানে সম্ভাৱনাৰ দুৱাৰো খোলা থাকিব। নগৰ অঞ্চলৰ ৰাইজৰ প্ৰতিটো সৰু-বৰ সমস্যা সমাধানৰ বাবে নাগৰিকসকলৰ সৈতে জন-অংশীদাৰিত্বৰ মাধ্যমেৰে কাম কৰিবলৈ পৰামৰ্শ আগবঢ়াই তেওঁ কয় যে অধিকাৰ আৰু কৰ্তব্য উভয়ৰে প্ৰতি সুবিচাৰ কৰি আগবাঢ়িলেহে কৰ্মজীৱনত সাফল্য লাভ কৰিব পৰা যাব।

মন্ত্ৰী সিংহলে কয় যে ভাৰতবৰ্ষই স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰাৰ সময়ত দেশৰ ৫০শতাংশ নাগৰিকেই নগৰাঞ্চলৰ বাসিন্দা হৈ পৰিব। সেয়েহে পৰৱৰ্তী ২৫ বছৰৰ এই অমৃত কালত নগৰ অঞ্চলৰ ৰাইজৰ বাবে কাম কৰিবলৈ পোৱাটো অত্যন্ত ডাঙৰ সুযোগ বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে কৰ্মস্থলীত একাংশ অসৎ লোকে নানা প্ৰলোভনেৰে তেওঁলোকক প্ৰলোভিত কৰিবলৈ চেষ্টা কৰিব, কিন্তু সেইবোৰৰ প্ৰতি লালায়িত নহৈ নিজৰ পদবীৰ লগতে নিজৰ প্ৰতি সৎ হবলৈ তেওঁ নৱনিযুক্ত বিষয়াসকলক আহ্বান জনায়। তেওঁ কয় যে কয়লাৰ খনিত সোমালেও আমি গাত কলা দাগ লাগিবলৈ নিদিয়াকৈ কাম কৰিব লাগিব। কৰ্মস্থলীত কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ সম্পূৰ্ণ সততা আৰু দায়বদ্ধতাৰে ৰাইজলৈ সেৱা আগবঢ়াই নৱনিযুক্ত বিষয়াসকলে নিজৰ লগতে চৰকাৰখনৰ নিকা ভাবমূৰ্তি অটুট ৰাখিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

আজিৰ এই অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভন, সচিব পৱিত্ৰ ৰাম খাউণ্ড, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহাল, পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাস আৰু ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ উপাচাৰ্য প্ৰফেচাৰ এছ পি সিঙৰ লগতে বিভাগীয় জ্যেষ্ঠ বিষয়াসকল তথা নৱনিযুক্ত বিষয়াসকল উপস্থিত থাকে।

Sony Pictures Networks India renews the exclusive media rights for UEFA Champions League, UEFA Europa League and UEFA Conference League for an additional three seasons Mumbai…

Sony Pictures Networks India renews the exclusive media rights for UEFA Champions League, UEFA Europa League and UEFA Conference League for an additional three seasons
Mumbai, 4 March : Leading Indian broadcaster, Sony Pictures Networks India (SPNI), has extended its collaboration with Union of European Football Associations (UEFA), with a renewal of exclusive broadcast and digital rights for showcasing the biggest European club football leagues that includes UEFA Champions League, UEFA Europa League, UEFA Conference League, UEFA Super Cup and UEFA Youth League. The renewal is valid from the 2024/ 2025 season till the end of the 2026-2027 season. As part of the three-season renewal, the broadcaster will have access to showcase over 1600 football matches across its channels over three seasons. Audiences in India will get a chance to watch their favorite teams

like Real Madrid, Manchester United, Bayern Munich, Arsenal, Manchester City, Liverpool and more along with their favorite players like Kylian Mbappe, Mo Salah, Erling Haaland, Bruno Fernandes, Jude Bellingham, Harry Kane and Robert Lewandowski amongst others. These UEFA tournaments will be available exclusively on both linear television on Sony Sports Network as well as live-streamed on their on-demand OTT platform SonyLIV in the Indian subcontinent.The UEFA Champions League will also be following a new format and competition system from 2024/25. From this season, four additional clubs will participate in the UEFA Champions League in a new league phase giving four more sides the opportunity to compete against the best clubs in Europe. 36 clubs will participate in this single league format in which all 36 competing clubs are ranked together. This will make this phase of the tournament even more exciting and would give the fans an opportunity to see more matches between the top teams. In addition to this, UEFA’s premier club competitions will no longer have a break in January, so fans can continue to enjoy non-stop European club football from August to May without any breaks in between. Sony Sports Network will continue to telecast select UEFA Champions League matches in Hindi, Tamil and Telugu and the contribution of regional language coverage to the viewership of the league’s knockout matches has gone up in recent years. Over the last three years, the incremental reach contributed by the regional coverage has increased from 25% in the 2020/21 season to 38% in the last season (2022/23). Sony Sports Network has been the home to UEFA Champions League since 2017 and this year the final is going to take place at the ‘Home of Football’, Wembley Stadium in London, England. In addition to this, Sony

Sports Network continues to be the official broadcaster for the UEFA EURO 2024, Bundesliga, Emirates FA Cup, Roshn Saudi Pro League and more. Rajesh Kaul, Chief Revenue Officer – Distribution & International Business and Head – Sports Business, Sony Pictures Networks India said “Sony Sports Network, with a longstanding commitment to showcasing the very best of football, takes immense pride in announcing the extension of its partnership with UEFA for the next three seasons. Through this renewed collaboration, Sony Sports Network reaffirms its dedication to delivering unrivalled access to the most prestigious club football tournaments to fans across the Indian subcontinent. Since 2020, UEFA Champions League viewership in India has surged by over 51%, attributed largely through the introduction of regional language commentary. With the forthcoming transition to a new format, featuring over 125 additional matches and up to 38 early kickoff matches per season tailored for Indian audiences, we are confident

that this growth will gain momentum further. As the ‘Home of Football’ in India, we eagerly anticipate showcasing over 1600 highly competitive football matches across these leagues to our viewers.”Guy-Laurent Epstein, UEFA Events SA Marketing Director UEFA said “We are pleased to continue our partnership with Sony Sports Network. Sony Sports Network coverage of UEFA properties in India has led to the growth of its following and viewership in India. Fans in the region will be offered extensive and excellent coverage of UEFA’s Football portfolio which includes the UEFA Champions League, UEFA Europa League and UEFA Conference League, with the broadcast on Sony Sports Network and their digital platform Sony LIV.”

কবি-নিবন্ধকাৰ মুকুল নাথৰ জীৱন, নদী আৰু সভ্যতা’ গ্ৰন্থ উন্মোচন…

কবি-নিবন্ধকাৰ মুকুল নাথৰ ‘জীৱন, নদী আৰু সভ্যতা’ শীৰ্ষক এখনি গ্ৰন্থ অলপতে পি এম শ্ৰী ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰেম গগৈয়ে৷ গ্ৰন্থখন উন্মোচন কৰি প্ৰেম গগৈয়ে কয় যে, প্ৰতি সপ্তাহতে কাকতত যিসকল শিৱসাগৰীয়া লেখকে নিয়মীয়াকৈ লিখি আহিছে সেইসকলৰ ভিতৰত মুকুল নাথ অন্যতম৷ তেওঁ বিভিন্ন অভিজ্ঞতাক সাৰথি কৰি সহজ-সৰল ভাষাৰে গ্ৰন্থখন লিখি উলিয়াইছে৷ প্ৰজ্ঞাৰ উদ্যোগত আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই লেখকগৰাকীৰ গ্ৰন্থখনত চিন্তাৰ গভীৰতা, মৌলিকতা, ভাৱ প্ৰকাশৰ স্পষ্টবাদীতা আৰু

স্বকীয়তা প্ৰতিফলিত হৈছে বুলি কয়৷ আনহাতে জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ বৰঠাকুৰে কয় যে, মাটিৰ গোন্ধ থকা মুকুল নাথৰ লেখাবোৰে বেণুধৰ শৰ্মা আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱালৈ মনত পেলায়৷ নিজস্ব দৃষ্টিভংগীৰে পৃথিৱীখন চাব খোজা নাথৰ লেখাত স্বভাৱসুলভ সৰলতা বিদ্যমান৷ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ ধ্ৰুৱজ্যোতি নাথে কয় যে, লেখকগৰাকীয়ে চমু লেখাসমূহৰ মাজেৰে একোটা গুৰুগম্ভীৰ বিষয় সূক্ষ্মভাৱে চাইছে৷

প্ৰায় এটা দশক ধৰি আমাৰ সমাজত ঘটা ঘটনা-পৰিঘটনা তেওঁ নিজাববীয়াকৈ বিশ্লেষণ কৰি গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে৷ সভাত বিশিষ্ট কবি হৰেন গগৈ, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তয়ো বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানৰ শেষত গ্ৰন্থখনৰ লেখক মুকুল নাথেও মনৰ অনুভৱ ব্যক্ত কৰে৷ শিল্পী হাতীবৰুৱা দাসে আঁত ধৰা অনুষ্ঠানত সমাজকৰ্মী ব্ৰজেন ফুকন, চাদিকুৰ ৰহমান, নীৰেন বৰঠাকুৰ, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মনোজ কুমাৰ গগৈ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সত্যজিৎ নাথ, লেখক প্ৰশান্ত বৰগোহাঁই, কবি অশ্ৰুমণি দত্ত ঘোষ,নিৰু হাজৰিকা আদিকে ধৰি জিলা খনৰ প্ৰায় ডেৰকুৰি গণ্যমান্য ব্যক্ত উপস্থিত থাকে৷

আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত আয়োজিত সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ…

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ , ৰাষ্ট্ৰীয় সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ সহ প্ৰভাৰী ঋতুৰাজ সিনহা , ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ

ৰবীন্দ্ৰ ৰাজু , ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজিত প্ৰতিটো লোকসভা সমষ্টিৰ দায়িত্ব থকা লোকসভা ক্লাষ্টাৰ ইনচাৰ্জ, প্ৰভাৰী, আহ্বায়ক সকল আৰু বিস্তাৰক সকলৰ সাংগঠনিক সভাত উপস্থিত থাকে মন্ত্ৰী

পীযূয় হাজৰিকা । সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ হেতু দলৰ সাংগঠনিক দিশ, নিৰ্বাচনী প্ৰস্তুতি-পৰিকল্পনা সম্পৰ্কে বিস্তৃত পৰ্যালোচনা কৰা হয়।

১৫ মাৰ্চত বিকেডব্লিউএচিৰ উদ্যোগত নিৱনুৱা যুৱক-যুৱতী সকলক আগবঢ়াব  দক্ষতা বিকাশৰ প্ৰশিক্ষণ…

পৰিচালনা সমিতি গঠন,১৫ মাৰ্চত বিকেডব্লিউএচিৰ উদ্যোগত নিৱনুৱা যুৱক-যুৱতী সকলক আগবঢ়াব  দক্ষতা বিকাশৰ প্ৰশিক্ষণ,প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিব ডাউন টাউন বিশ্ববিদ্যালয়ৰ অধ্যাপক

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ চমুকৈ বিকেডব্লিউএচিৰ আহ্বানত আজি অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ মুখ্য কাৰ্যালয়ত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্যৰ বিশেষ কৰ্তব্যৰত বিষয়া শুক্ৰেশ্বৰ গয়াৰীয়ে আঁতধৰা সভাত উপস্থিত থাকি বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীয়ে কয় শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক দক্ষতা বিকাশৰ জৰিয়তে জীৱন-জীৱিকাৰ মানদণ্ড উন্নত কৰিবলৈ বৃত্তিমুখী শিক্ষা আগবঢ়োৱাৰ লক্ষ্য আগত ৰাখি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদে গ্ৰহণ কৰিছে অভিলাষী পদক্ষেপ কৰিছে বুলি উল্লেখ কৰি সাম্প্ৰতিক সময়ত নিৱনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে আৰু ইয়াৰ মুখামুখি হ’বলৈ শিক্ষিত নিৱনুৱা যুৱক-যুৱতী সকলক দক্ষতা বিকাশৰ জৰিয়তে উন্নতমানৰ মানৱ সম্পদ গঢ়ি তুলিব লাগিব বুলি বক্তব্য ৰাখি বৃত্তিমুখী শিক্ষাৰে শিক্ষিত কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগৰ সুবিধা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়।বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত

পৰিষদৰ পৃষ্ঠপোষকতাত আৰু সংযুক্ত বড়ো গণ মঞ্চ, নিখিল বড়ো ছাত্র সন্থা,নিখিল বড়ো মহিলা কল্যাণ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু বড়ো সাহিত্য সভাৰ জোনাই আৰু ধেমাজি জিলা সমিতিৰ সহযোগত অহা ১৫ মাৰ্চত সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃত্তিমুখী শিক্ষাৰ প্ৰশিক্ষণৰ কাৰ্য্যসূচী হাতত লোৱা হৈছে। ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা কেবাগৰাকী অধ্যাপক সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি আগবঢ়াব প্ৰশিক্ষণ। হোটেল মেনেজমেণ্ট, ফিজিঅ’থেৰাপি, ৰেডিঅ’গ্ৰাফি,ডিজাছটাৰ মেনেজমেণ্ট, মেডিকেল লেবৰেটৰী টেকন’লজী,অপাৰেচন থিয়েটাৰ টেকন’লজী, ডাইয়েলিচিছ টেকন’লজী, ক্ৰিটিকেল এণ্ড ইনটেনছিফ্ টেকন’লজী, পাৰামেডিকেল চাইন্স,মেকানিকেল ইঞ্জিনীয়াৰ, কম্পিউটাৰ ইঞ্জিনীয়াৰ আদি বিষয়ৰ কেৰিয়াৰ কাউন্সেলিং প্ৰশিক্ষণত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু স্নাতক মহলাত শিক্ষাগ্ৰহণ কৰি থকা ছাত্র-ছাত্ৰী তথা নিৱনুৱা যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰিব। ৰাজহুৱা সভাতে বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰণ ব্ৰহ্ম,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অনাৰু স্বৰ্গীয়াৰী, এবছুৰ ধেমাজি জিলা সমিতিৰ সম্পাদক অজয খাকলাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সোভাৰাণী

বসুমতাৰীক লৈ কেৰিয়াৰ কাউন্সেলিং মেনেজমেণ্ট সমিতিখন গঠন কৰা হয়।ৰাজহুৱা সভাত ইউবিপিঅৰ উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম,ক্ৰীড়া সম্পাদক ফৈলাও মুছাহাৰী,ধেমাজি জিলা সমিতিৰ উপ সভাপতি দিপাঙ্কৰ নাৰ্জাৰী,ৰবীণ বড়ো, সাধাৰণ সম্পাদক অশোক দৈমাৰী, সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী, বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সম্পাদিকা সৌৰ্জিলা ওৱাৰী, জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক বিমল মুছাহাৰী,মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,ইউবিপিঅ,এবছু, আবৌফ,বড়ো সাহিত্য সভাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

অনুষ্ঠান কৰিয়েই অলপ সময়ো ভাৰতত নাথাকিল আন্তঃৰাষ্ট্ৰীয় গায়িকা ৰিহানা! ইয়াৰ কাৰণ কি…

বিখ্যাত আন্তঃৰাষ্ট্ৰীয় গায়িকা ৰিহানাই শেহতীয়াকৈ ভাৰতত প্ৰথমবাৰৰ বাবে পাৱাৰ পেকড প্ৰদৰ্শন আগবঢ়াইছে। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং দিনটোত ৰিহানাই স্মৰণীয় অভিনয় কৰিছিল। তিনিদিন ধৰি চলিছিল অনন্ত আৰু ৰাধিকাৰ প্ৰি-ৱেডিং উদযাপন, য’ত ভাৰত-বিদেশৰ বহু চেলিব্ৰিটি আহিছিল যদিও ৰিহানাৰ অনুষ্ঠান কৰিয়েই ভাৰত এৰি থৈ যায়। শেহতীয়াকৈ ৰিহানাই ইনষ্টাগ্ৰাম লাইভত প্ৰকাশ কৰিছে যে কিয় জামনগৰত অনুষ্ঠান কৰাৰ পিছতে ভাৰত এৰি যোৱাৰ সিদ্ধান্ত লৈছিল। শেহতীয়াকৈ মেলিছা ফৰ্ডৰ ইনষ্টাগ্ৰামত লাইভ প্ৰকাশ কৰিছে পপ গায়িকাগৰাকীয়ে। এই লাইভ চেচনত ৰিহানাই ভাৰতৰ প্ৰতি থকা প্ৰেমৰ কথাও প্ৰকাশ কৰিলে।


আচলতে মেলিছা ফৰ্ডে ইনষ্টাগ্ৰামৰ লাইভ চেচন আৰম্ভ কৰিছিল। প্ৰথম অৱস্থাত ৰিহানা আচৰিত হৈ মুখখন লুকুৱাই ৰাখি সুধিলে, “এইটো সঁচাকৈয়ে লাইভ নেকি?”ইয়াৰ পিছত ৰিহানাই ক’লে, “মই ভাৰতত সৰ্বোত্তম সময় কটালোঁ।” মোৰ হাতত মাত্ৰ দুদিন আছিল। মই ভাৰত এৰি যোৱাৰ একমাত্ৰ কাৰণটো হ’ল মোৰ সন্তানৰ বাবে… মই নিশ্চয় আকৌ আহিম ভাৰতলৈ।

চিগাৰেট খোৱা ক’লা ওঁঠ কেনেকৈ গোলপীয়া কৰিব…

ওঁঠৰ দাগ পৰা পৰিত্ৰাণ পোৱা সম্ভৱনে? মেকআপেৰে ঢাকি নোযোৱাকৈ ওঁঠৰ ক’লা দাগ কেনেকৈ আঁতৰাব পাৰি, জানি লওক। সকলোৱে বিচাৰে গোলাপী মসৃণ ওঁঠ। কিন্তু নিয়মীয়াকৈ চিগাৰেট খোৱাৰ বাবে ওঁঠৰ কোণত ক’লা দাগ দেখা দিয়ে। কিছুমান মানুহৰ ওঁঠৰ ঠিক তলত ক’লা দাগ দেখা দিয়ে। কেৱল ছোৱালীয়েই নহয়, পুৰুষও এই সমস্যাত ভুগিছে। ওঁঠৰ ক’লা দাগ কেনেকৈ আঁতৰাব জানি লওক-

১) নেমু ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ ওঁঠত ভালদৰে ঘঁহিব দেখিব এই সমস্যা কিছু সমাধান হ’ব।

২) এই সমস্যাত মৌও উপযোগী। এচামুচ মৌত অলপ চেনি মিহলাই লওক। ইয়াৰ পিছত মিশ্ৰণটো ভালদৰে ওঁঠত লগাব। কেইঘণ্টামান থৈ ওঁঠটো ধুব।

৩) এচামুচ হালধি আৰু এচামুচ গাখীৰ মিহলাই লওক। মিশ্ৰণটো ভালদৰে ওঁঠত লগাব। কিছু সময় থৈ ধুই পেলাব।

৪) এলোভেৰা জেল প্ৰতি নিশা শুই উঠাৰ আগতে ওঁঠত লগাব পাৰি। গোটেই ৰাতিটো লগাই ৰাতিপুৱা ধুই দিব।

৫) এই সমস্য়াত নাৰিকল তেলৰ গুণাগুণ কম নহয়। নিয়মিতভাৱে নাৰিকল তেল ব্যৱহাৰ কৰিলে কেইদিনমানৰ ভিতৰতে ক’লা দাগবোৰ নাইকিয়া হোৱাৰ সম্ভাৱনা।



গুৱাহাটীত খেল মহাৰণৰ কাবাদী প্ৰতিযোগিতা আৰম্ভ…

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে আয়োজন কৰা অসম খেল মহাৰণ, ২০২৩ৰ ৰাজ্যিক পৰ্যায়ৰ কাবাদী প্ৰতিযোগিতাসমূহ কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কামৰূপ মহানগৰ জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হৈছে৷ আজি পুৱা অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কে জে হিলালী মুখ্য অতিথি হিচাপে উপস্থিত থাকে৷ অনুষ্ঠানত কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা আয়ুক্ত ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদক অলোক ত্ৰিপাঠী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠান উপলক্ষে সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়৷

ইয়াৰ পিছতে খেলুৱৈসকলক খেল মহাৰণৰ শপত বাক্য পাঠ কৰোৱা হয়৷ জিলা ক্ৰীড়া বিষয়া ধ্ৰুৱজ্যোতি ডেকাই জনাই যে, ১৯ বছৰ অনুৰ্দ্ধ আৰু উৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ মুঠ চাৰিটা শাখাত অনুষ্ঠিত কাবাদী প্ৰতিযোগিতাৰ প্ৰতিটো শাখাতে অসমৰ প্ৰতিখন জিলাৰ দলে ভাগ লৈছে৷ ৭ মাৰ্চলৈ খেলসমূহ অনুষ্ঠিত হ’ব৷ প্ৰায় দুহেজাৰ খেলুৱৈয়ে প্ৰতিযোগিতা খনত ভাগ লৈছে৷

বেছিকৈ চাবোন ব্যৱহাৰ নকৰিব! কোমল ছালৰ ৰহস্য কি জানি লওক…

আজি আপোনালোকক কম বলিউদৰ জনপ্ৰিয় অবিনেত্ৰী দীপিকা পাডুকনৰ কথা। পেছাদাৰী প্ৰয়োজন আৰু চলচ্চিত্ৰ চৰিত্ৰৰ বাবে যিমান দামী সাজ-পোছাক পৰিধান কৰিলেও কিন্তু ব্যক্তিগত জীৱনত দীপিকাৰ সাজ-পোছাক ইমান গ্লেমাৰাছ নহয়। প্ৰশ্ন হয় যে দীপিকাই ছালৰ যত্নৰ কিদৰে লয়। কেতিয়াও দীপিকাৰ মুখৰ সৌন্দৰ্য্যৰ ৰহস্য প্ৰকাশ হোৱা নাই। কিন্তু দীপিকা ছালৰ সৌন্দয্যৰ গোপন কথা আছে। বহুতে হয়তো নাজানে যে দীপিকাই চাবোন ব্যৱহাৰ নকৰে। চাবোনে ছালখনক ৰুক্ষ কৰি তোলে। খৰখৰীয়া হৈ পৰে। গতিকে চাবোন ব্যৱহাৰৰ পৰা আঁতৰি থাকে।

চাবোন লগোৱা নকৰিলেও দীপিকাই লুফা ব্যৱহাৰ কৰে। ইতিমধ্যে লুফা ছালৰ বাবে এটা ভাল উপাদান। দীপিকাৰ দৰে বহুতে লুফা ব্যৱহাৰ কৰে। কিন্তু দীপিকাই কেৱল লুফাহে ব্যৱহাৰ কৰে। ই ছালৰ সকলো মৃত কোষ আঁতৰাই পেলায়।

ছালৰ সৌন্দৰ্য্য পুনৰ ঘূৰাই আনিবলৈ লুফা এবিধ অতি উপযোগী পদাৰ্থ। কিন্তু লুফা ব্যৱহাৰ কৰাৰ আগতে এবাৰ গৰম পানীত তিয়াই লোৱাটো জৰুৰী। লুফা নেটিং যথেষ্ট শক্তিশালী। ব্যৱহাৰৰ আগতে পানীত তিয়াই দিলে কোমল হৈ পৰে। ছালৰ ক্ষতি হোৱাৰ কোনো আশংকা নাই।

অনন্ত আম্বানীৰ ঘড়ী দেখি থতমত খালে মাৰ্ক জুকাৰবাৰ্গৰ পত্নী…

জামনগৰ, গুজৰাট -অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ অনুষ্ঠান ধাৰাবাহিকভাৱে শিৰোনাম। দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা তালৈ অহা অতিথিৰ বাবে সমগ্ৰ বিশ্বৰ পৰা সংবাদ মাধ্যমৰ দৃষ্টি ইয়াত। তিনিদিনীয়া এই বিবাহৰ পূৰ্বৰ অনুষ্ঠানৰ শেষ দিনটো দেওবাৰে (৩ মাৰ্চ, ২০২৪) বিল গেটছ, ইভাংকা ট্ৰাম্প, লক্ষ্মী মিত্তল, গুগলৰ চিইঅ’ সুন্দৰ পিচাইৰ দৰে ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে অনুষ্ঠানটোৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে য’ত অনন্ত আম্বানী, আকাশ আম্বানী আৰু ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গক পত্নীৰ সৈতে থিয় হৈ থকা দেখা যায়। মাৰ্ক আৰু তেওঁৰ পত্নী প্ৰিছলাক অনন্ত আম্বানীৰ সৈতে কথা পাতি থকা দেখা গৈছিল। অনন্তৰ লগত কথা পাতি থাকোঁতে হঠাৎ জুকাৰবাৰ্গৰ পত্নীৰ চকু অনন্ত আম্বানীৰ ঘড়ীটোৰ ওপৰত পৰিল আৰু ঘড়ীটো দেখি তেওঁ আচৰিত হৈ পৰিল। ঘড়ীটোৰ বিষয়ে অনন্তক বহুত সুধি থকাও দেখা গ’ল।

অনন্ত আম্বানীৰ ঘড়ী দেখি আচৰিত হোৱা ঘড়ীটো হ’ল ‘পাটেক ফিলিপ’ৰ ‘গ্ৰেণ্ডমাষ্টাৰ চাইম’ ঘড়ী। এই হাতঘড়ীৰ মূল্য ১৪ৰ পৰা ১৮ কোটি টকা। ইণ্ডিয়ান হ’ৰ’লজীৰ ইনষ্টাগ্ৰাম পেজৰ মতে, এই হাতঘড়ীটোত ৰিভাৰ্চিবল কেছ, ইণ্ডিপেণ্ডেণ্ট ডায়েল আৰু ছটা পেটেণ্টেড ইনোভেচনৰ দৰে বহু বৈশিষ্ট্য আছে। প্ৰতিবেদন অনুসৰি এই বিশেষ সংস্কৰণৰ ঘড়ীটোত বহুমূলীয়া হীৰা আৰু পান্নাৰ ৰঙেৰে সজ্জিত কৰা হৈছে। অনন্ত আম্বানীৰ এই ঘড়ীটোক লৈ প্ৰিছলাই স্তম্ভিত হৈ তাৰ পিছত ইয়াৰ সৈতে জড়িত তথ্য বিচৰাৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।