ৰাধিকা মাৰ্চেণ্টৰ মাতৃ শৈলা মাৰ্চেণ্টো ফেশ্বন চেন্সৰ বাবে লাইমলাইটত আছে। সৌন্দৰ্য্যৰ ক্ষেত্ৰত শৈলা মাৰ্চেণ্টো তেওঁৰ নীতা আম্বানীতকৈ কম নহয়।
ৰাধিকা মাৰ্চেণ্টৰ এগৰাকী ডাঙৰ ভগ্নীও আছে, যাৰ নাম অঞ্জলি মাৰ্চেণ্ট মজিঠিয়া। অঞ্জলি মাৰ্চেণ্টে মুম্বাইৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰাই উচ্চ শিক্ষা সমাপ্ত কৰে।
নেমু (lemon) বুলিলে গোলনেমু আৰু কাজিনেমুকে বুজা হয় ; যি আমাৰ দৈনিক আহাৰৰ অতি ৰুচীকাৰক তথা নানা ৰোগনাশক পাৰ্শ্বক্ৰিয়াহীন অপৰিহাৰ্য্য ঔষধী ফল। গোলনেমুৰ গুণাগুণ কাজিনেমুতকৈ কিছু অধিক যদিও দুয়োবিধ নেমুতে থকা নিম্নলিখিত পৌষ্টিক উপাদানে ৰোগী বা নিৰোগী সকলো লোকৰে দেহৰ সুৰক্ষা দি অহিছে।
নেমুটেঙাত আছে –
প্ৰটিন,
কেলচিয়াম,
পটেচিয়াম,
মেগনেচিয়াম,
আইৰন,
ফচফৰাচ,
কাৰ্বোহাইড্ৰেট,
চাইট্ৰিক এচিড,
এস্কাৰ্বিক এচিড,
পেক্টিন,
লিমোনিন,
আহজাতীয় পদাৰ্থৰ লগতে
ভিটামিন এ,
ভিটামিন চি,
ভিটামিন বি কম্ প্লেক্স আদি ।
নেমুটেঙাৰ ব্যৱহাৰ –
নেমুটেঙা বিভিন্ন ৰোগৰ বাহ্যিক বা আভ্যন্তৰীন খোৱা দৰৱ হিচাৱে বা ৰুচীবোধৰ বাবে আহাৰৰ লগত, গৰমত চৰৱত হিচাৱে বা কেচা নেমু নিমখ মিলাই খোৱা দেখা যায়।
অন্যান্য সকলো ফলৰ তুলনাত পাৰ্শ্বক্ৰিয়া নিচেই কম যদিও ইয়াৰ ব্যৱহাৰৰ মাত্ৰা,বিধি অনুসৰি গুণাগুণৰ তাৰতম্য হয় ।
স্বাস্থ্যসন্মত মাত্ৰা ও সেৱন বিধি:
এজন লোকৰ বাবে দৈনিক ১ৰ পৰা ৫ চাহ চামুচ নেমুৰস (বয়স অনুসৰি) খোৱা উচিত । প্ৰধান আহাৰৰ লগত বা এগিলাচ কুহুমীয়া গৰম পানীত ২ চামুচ নেমুৰস, ২ চামুচ মৌ নাইবা আন্দাজমতে নিমখ মিহলাই খোৱাতো ভাল । (দিনত ২বাৰৰ অধিক নাখাব)
পেট পৰিস্কাৰ হয়, শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হয়, কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা ৰোগ আৰোগ্য হয়।
পাচন তন্ত্ৰ সবল হয় , হজম শক্তি বাঢ়ে, যকৃতৰ পৰা হব পৰা ৰোগ, শ্বাস জনীত ৰোগ দুৰ হয়।
নিয়মিত সেৱনত হৃদযন্ত্ৰ সবল হয়,তেজ পৰিস্কাৰ হয়, ৰক্তদোষ, বাতদোষ , স্নায়ুদোষ, গাথি বিষ আৰু ইউৰিক এচিডৰ সমস্যা দুৰ হয় বাত, পিত্ত, কফজনীত নানা ৰোগ উপসম হয়।