Home Blog Page 990

বৰপেটা বি টি কলেজত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘মক ড্ৰিল’

বৰপেটা বি টি কলেজত জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ‘মক ড্ৰিল’। বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আৰু অনিনিৰ্বাপক বাহিনীৰ সহযোগত বৰপেটা বি টি কলেজত দুৰ্যোগৰ সময়ত নিজকে আত্মৰক্ষা কৰিব পাৰি তাৰেই এক ছাত্ৰ-ছাত্ৰীৰ মাজত অনুশীলন।

বৰ্তমান ফাগুন-চ’ত মাহৰ বতৰ। এই সময়তে বিভিন্ন উৎসৰ পৰা জুই লগাৰ সুযোগ। তাৰেই অংশস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে অগ্নি নিৰ্বাপনৰ ‘মক ড্ৰিল’ৰ সজাগতা আয়োজন।

অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকাকৈ অতিৰিক্ত ৰাজ সাহায্য দিয়া হ’ব…

অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকা কৈ অতিৰিক্ত ৰাজ সাহায্য দিয়া হ’ব। অহা তিনি চাৰি দিনৰ ভিতৰত
ডিব্ৰুগড় আৰু যোৰহাটত Milk Processing Unit মুকলি কৰিবলৈ ধন মুকলি কৰি দিয়া হ’ব। এটা আজি হৈ গ’ল, মুঠ ৬ টা unit অসমত স্থাপন হ’ব। অহা বছৰৰ পৰা প্ৰতি লিটাৰ গাখীৰত ৫ টকা অতিৰিক্ত দিয়া হ’ব। আজিৰ দিনটো আত্মনিৰ্ভৰ ৰাজ্য সৃষ্টি। যি সকলে কণী উৎপাদন উদ্যোগ গঢ়িব তেওঁলোকৰ বাবে নতুন প্ৰকল্প মুকলি কৰা হ’ব।

আত্ম সহায়ক গোটৰ মহিলাক ১০, হাজাৰ টকা কৈ দিয়া হ’ব যাতে ঘৰুৱাকৈ কণী উৎপাদন কৰিব পাৰে। অসমতো দুগ্ধ বিপ্লৱ গঢ়ি তোলা হ’ব। এতিয়া আমি প্ৰতিদিনেই ১ লাখ লিটাৰ গাখীৰ উৎপাদনৰ সামৰ্থ্য হৈছে। প্ৰতিলিটাৰ গাখীৰে গ্ৰাম্য অৰ্থনীতি নিৰ্ধাৰণ কৰে। আমি বাহিৰৰ পৰা যিমানেই গৰুৰ প্ৰজাতি নানো কিয় অসমৰ বাবে জলবায়ু পৰিৱেশত লখিমীয়ে সহজলভ্য। গাখীৰ, কণী, গাহৰি, ছাগলীৰ বাবে যাতে বহি ৰাজ্যৰ ওপৰত যাতে নিৰ্ভৰশীল হ’ব নালাগে তাৰে আহ্বান মুখ্যমন্ত্ৰীৰ।

সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ…

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্য্যদা প্ৰদানৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ

সোনোৱাল কছাৰী সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাইছে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাই। প্ৰেছ বিবৃতি জৰিয়তে সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাৰ সভাপতি দেবানদ চেলেং আৰু সাধাৰণ সম্পাদক পৰীক্ষিত সোনোৱালে কয় অসমৰ অন্যতম খিলঞ্জীয়া-ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ ৰাজনৈতিক, আৰ্থ-সামাজিক,সাংস্কৃতিক, শৈক্ষিক, ভূমিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে আশীৰ দশকৰ পৰাই জনগোষ্ঠীয়ে গণতান্ত্ৰিক সংগ্ৰাম কৰি আহিছে।দীৰ্ঘদিনদিনীয়া সংগ্ৰামৰ ফলশ্ৰুতিত ২০০৫ চনৰ ৪ মাৰ্চত উপ গ্ৰহৰীয় পদ্ধতিৰে অসম চৰকাৰৰ আইনৰ অধীনত সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰে। অতি পৰিতাপৰ বিষয় যে ইতিমধ্যে লাভ কৰা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদখন সাংবিধানিক মৰ্যাদাযুক্ত নোহোৱাৰ বাবে বিত্তীয় বিধায়িনী ক্ষমতা নাই

আৰু কেন্দ্ৰীয় চৰকাৰৰ পুঁজি লাভ কৰিবলৈ সক্ষম হোৱা নাই।যাৰবাবে জনগোষ্ঠীটোক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অপাৰগ হৈছে। ইয়াৰোপৰি অতি প্ৰাচীন কালৰে পৰা অসম মূলূকত বসবাস কৰি অহা সোনোৱাল কছাৰী সকল বিভিন্ন সমস্যাৰে জৰ্জৰিত। শিক্ষা, নিৱনুৱা, কৃষি,যাতায়ত, বান-খহনীয়া আদি সমস্যাৰ মাজত জীৱন অতিবাহিত কৰিব হৈ আহিছে। অসমৰ অন্যতম খিলঞ্জীয়া, ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ স্বকীয় পৰিছয়,সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক, ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম সোনোৱাল কছাৰী ছাত্র সন্থাই দাবী জনাইছে।

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদানৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰা,সোনোৱাল কছাৰী সকলৰ ঐতিহ্য ক্ষেত্ৰ সমূহৰ সংৰক্ষণ, সংবৰ্দ্ধন আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ব্যৱস্থা হাতত লোৱা,অসমৰ বিশ্ববিদ্যালয়ত সোনোৱাল কছাৰী সকলৰ আদি গুৰু “গজাই গুৰু” আসন ব্যৱস্থা কৰা,সাহিত্যিক গগন চন্দ্ৰ সোনোৱাল সাংস্কৃতিক মহাবিদ্যালয় স্থাপন কৰা,সোনোৱাল কছাৰী ক’লাক্ষেত্ৰ নিৰ্মাণ কৰা, ভূমিপুত্ৰ জনজাতি সোনোৱাল কছাৰী সকলৰ ভূমিৰ সমস্যা সমাধানৰ আশু সমাধান কৰা দাবী সমূহ সন্নিৱিষ্ট আছে।

শম্ভু দাস চিলাপথাৰ

চিলাপথাৰ এপিডিচিএল’ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰঃ শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ দাবী…

চিলাপথাৰ এপিডিচিএল’ৰ অস্থায়ী কৰ্মচাৰীক ভাতে মৰাৰ ষড়যন্ত্ৰঃ শীঘ্ৰেই চাকৰি নিয়মীয়াকৰণৰ দাবী

এপিডিচিএল’ৰ  চিলাপথাৰ সংমণ্ডল কাৰ্যালয়ত কৰ্মৰত ৫,৪২২ জন অস্থায়ী কৰ্মচাৰীৰ ভবিষ্যতক লৈ চৰকাৰে চৰম অন্যায় কৰাৰ অভিযোগ উঠিছে। আজি কাৰ্যালয়ত বহু সংখ্যক অস্থায়ী কৰ্মচাৰী উপস্থিত থাকি বিষয়টোক লৈ গভীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি‌ শীঘ্ৰে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। নিজা নিজা জীৱনক তুচ্ছ জ্ঞান কৰি বছৰ

বছৰ ধৰি বিনা বেতনে কৰ্তব্য কৰি এপিডিচিএল’ক জীয়াই ৰখা  অস্থায়ী শ্ৰমিক সকলৰ জীৱনক লৈ চৰম হেতালি খেলিছে চৰকাৰখনে। কোম্পানীটোত সুদীৰ্ঘদিন গেবাৰি খাতি থকা ৫,৪২২ শ্ৰমিকৰ ভিতৰত মাত্ৰ ৬০ শতাংশৰ নাম প্ৰেৰণ কৰি বাকী সকলৰ নাম বাদ পেলাই চৰম পক্ষপাতমুলক স্থিতি প্ৰদৰ্শন কৰিছে বিভাগে।

চৰকাৰে অস্থায়ী শ্ৰমিক সকলৰ জীৱন তিমিৰাচন্ন হোৱাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ আহ্বান জনাই তিনিবাৰকৈ ভেৰিফিকেচন কৰাৰ পিছতো প্ৰশিক্ষিত আৰু অভিজ্ঞ শ্ৰমিক সকলৰ নাম বাদ পেলোৱাৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপন কৰে অস্থায়ী কৰ্মচাৰী সকলে। শীঘ্ৰেই সকলোকে অন্তৰ্ভুক্ত নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে এপিডিচিএল অচল কৰি দিয়াৰ ভাবুকী প্ৰদান কৰে বঞ্চিত শ্ৰমিক সকলে আজি সংবাদ মাধ্যমৰ আগত।

শম্ভু দাস চিলাপথাৰ

গেছ, পেটৰ বিষৰ বাবে অত্যধিক ঔষধৰ ব্যৱহাৰ কৰে নেকি? কেন্সাৰ হোৱাৰ সম্ভাৱনা…

গেছ আৰু পেটৰ বিষৰ ঔষধ বহুদিনৰ পৰা সেৱন কৰি আছে নেকি? তেন্তে আপুনি সাৱধান হোৱাটো প্ৰয়োজন। জি এছ ভি এম মেডিকেল কলেজৰ এক অধ্যয়নত দেখা গৈছে যে দীৰ্ঘদিন ধৰি গেছ আৰু পেটৰ বিষৰ ঔষধ সেৱন কৰিলে কেন্সাৰৰ দৰে বিপজ্জনক ৰোগ হ’ব পাৰে।


এই অধ্যয়নত দেখা পোৱা গৈছে যে ৪০% ৰোগীৰ ক্ষেত্ৰত গেছ আৰু পেটৰ বিষৰ সমস্যাৰ চিকিৎসা নকৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছিল। এই ৰোগীসকলৰ পেটৰ আলচাৰো পোৱা গৈছিল। অধ্যয়নৰ মুৰব্বী অধ্যাপক ডাঃ এছ কে গৌতমে কয় যে সকলো ৰোগীৰ পৰীক্ষাত এইচ পাইল’ৰি নামৰ সংক্ৰমণ পোৱা গৈছে। সংক্ৰমণ অন্ত্ৰলৈ বিয়পি পৰিছিল আৰু এণ্ড’স্কপিৰ সময়তো অন্ত্ৰত প্ৰদাহ দেখা গৈছিল।

অধ্যয়নৰ মূল তথ্যসমূহ-

  • ২০ৰ পৰা ৬০ বছৰৰ ভিতৰৰ ৩০০ ৰোগীৰ ওপৰত কৰা অধ্যয়ন।
  • ৫০% কম বয়সীয়া ৰোগীৰ ভুল জীৱনশৈলী আৰু বজাৰৰ খাদ্যৰ মূল কাৰণ।
  • দীৰ্ঘদিন ধৰি গেছ আৰু পেটৰ বিষৰ ঔষধ সেৱন কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
  • কেন্সাৰ, পেটৰ আলচাৰৰ আশংকাও ৪০% ৰোগীৰ ক্ষেত্ৰত পোৱা গৈছিল।
  • H pylori সংক্ৰমণ অন্ত্ৰত বিয়পি পৰা দেখা গৈছিল, ফুলাও দেখা গৈছিল।

চিকিৎসকৰ পৰামৰ্শ-
যদি আপুনি গেছ আৰু পেটৰ বিষৰ সমস্যাত ভুগিছে ​​তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।

  • গেছ আৰু পেটৰ বিষৰ ঔষধ বেছি দিন খাব নালাগে।
  • স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰি সতেজ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
  • নিয়মিতভাৱে ব্যায়াম কৰক।

গেছ আৰু পেটৰ বিষৰ সমস্যাত ভুগি থকা লোকসকলৰ বাবে এই অধ্যয়ন এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী। চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।


বিভিন্ন ফুলৰ ঔষধি গুণসমূহৰ বিষয়ে জানক…

তগৰ ফুল

  • পুৰণি ঘাঁ অথবা বিষ ফোহাত তগৰ ফুল বটি লেপ দিব লাগে।
  • ভয় ভয় ভাৱ হৈ থাকিলে বা মানসিক অশান্তিত তগৰ ফুলৰ চূৰ্ণ এচিকূট পুৱা গধুলি মৌৰে খাব লাগে।
  • মৃগী ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে মিলাই এমাহ খাব লাগে।
  • হিষ্টিৰিয়া ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে এমাহ খাব লাগে। অথবা তগৰ ফুলৰ চূৰ্ণ মৌৰে খাবও পাৰি।

চম্পা ফুল

  • ভৰিত খৰ হ’লে চম্পা ফুল বটি লগাই দিব লাগে।
  • ফোঁহা ওলালে শিপাৰ ছাল বটি দৈৰে মিলাই লগাই দিব লাগে।
  • গাঁঠি বিষত চম্পা ফুলৰ তেলেৰে মালিচ কৰিব লাগে।
  • পেট বিষত পাতৰ ৰস মৌৰে খালে বিষ ভাল হয়। চাৰি চামুচকৈ দুবাৰ খাব লাগে।
  • শৌচ কচা হ’লে শিপা থেটেলিয়াই পানীত উতলাই সেই পানী খালে শৌচ খোলোচা হয়।

গোলাপ ফুল

  • নাকশিৰা ৰোগত নাকেৰে তেজ ওলালে গোলাপ জলত ২০ টা কিচমিচ মিলাই খালে তেজ পৰা বন্ধ হয়।
  • ওঁঠ ফটা বা ক’লা পৰিলে গোলাপৰ পাহি পিহি তাত গ্লিচাৰিন মিলাই ৩/৪ বাৰকৈ ওঁঠত লগাব লাগে।
  • মুখৰ ভিতৰত ছাল ছিগা ৰোগত গোলাপ ফুলৰ ক্বাথেৰে মুখ কুলকুলিয়াব লাগে।
  • কানৰ বিষ হ’লে গোলাপ ফুলৰ ৰস ছেকি কানত দিলে ভাল হয়।
  • চকুৰ অসুখ হ’লে বা চকুৰ জ্যোতি বঢ়াবলৈ গোলাপ ফুলৰ ৰস ২ টোপ পুৱা সন্ধ্যা চকুৰ কোণত দিব লাগে।
  • শৰীৰৰ দুৰ্গন্ধ বা দুৰ্গন্ধযুক্ত ঘাম ওলালে ১ বাল্টি পানীত ১০ গ্ৰাম গোলাপ ফুল আৰু এটা নেমু চেপি সেই পানীৰে গা ধুব লাগে।
  • ৰাতি টোপনী নহা অনিদ্ৰা ৰোগত পানীত গোলাপ জল মিলাই গা ধুব লাগে আৰু গাৰুত গোলাপৰ সুগন্ধি(পাৰফিউম) ছটিয়াই শুব লাগে।
  • গৰমৰ বাবে হাত ভৰিৰ তলুৱা জ্বলা পোৰা কৰিলে গোলাপ ফুলৰ চৰবৎ বনাই খাব লাগে আৰু গোলাপ জলত চন্দন গুৰি মিহলাই হাত ভৰিৰ তলুৱাত লেপ দিব লাগে।
  • দাঁতেৰে তেজ পূঁজ ওলোৱা, মুখেৰে দুৰ্গন্ধ ওলোৱা ৰোগত গুলপীয়া ৰঙৰ গোলাপৰ পাহি মুখেৰে চোবাই থাকিব লাগে।
  • যকৃৎ/লিভাৰৰ দোষত বিষ হ’লে বুকুৰ ওপৰত গোলাপ ফুল বটি ভৰণ দিব লাগে।
  • শৌচ কঠিন হ’লে গোলাপ ফুলৰ ৰস খালে খোলা হয়।
  • বমি হ’লে গোলাপৰ কলিৰ চৰবৎ বনাই খাব লাগে।

পদুম ফুল

  • মূৰত গৰম উঠিলে পদুমৰ শিপা নাৰিকল তেলত উতলাই ঠাণ্ডা হ’লে মূৰত সানিব লাগে।
  • হৃদয় আৰু মস্তিষ্ক শক্তিশালী কৰিবলৈ হ’লে শিপাৰ চূৰ্ণ এচামুচকৈ মিচিৰি মিলাই খাব লাগে।
  • মুখৰ সৌন্দৰ্য বৃদ্ধি কৰবলৈ সদায় ৰাতি শুৱাৰ আগত পদুমৰ পাহি মিহিকৈ পিহি মুখমণ্ডলত মলমৰ দৰে সানি থ’ব লাগে।
  • বমি হ’লে পদুমৰ গুটিৰ ৰস খালে বন্ধ হয়।
  • হিক্কাত পদুমৰ গুটিৰ ৰস গৰম কৰি খাব লাগে।
  • পদুমৰ পাতৰ চাহ খালে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি। যেনে:- নিম্ন ৰক্তচাপ, গেচ, এচিডিটি, লিভাৰৰ সমস্যা আদি। লিভাৰ শক্তিশালী আৰু সুৰক্ষিত কৰে।

অপৰাজিতাৰ গুণ

  • নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সূৰুয কপালী ৰোগ আৰোগ্য হয়।
  • পেছাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি দুচামোচ আধাকাপ পানীত গুলি খাব লাগে।
  • পেছাব অতি কমকৈ হ’লে বা বন্ধ হৈ গ’লে বগা অপৰাজিতাৰ শিপাৰ ৰস তিনি চামোচ দুবাৰকৈ খাব লাগে।
  • কটা ছিঙাত পাত মিহিকৈ বটি লেপ দিব লাগে।
  • কুকুৰে কামোৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব পেছাব হয়। পেছাৱত বিষবোৰ ওলায়। পিছত গাখীৰত মিচিৰি গুলি খালে পেছাব নিয়মিয়া হয়।
  • গলৰ ভিতৰত ঘাঁ হ’লে বগা অপৰাজিতা গৰু গাখীৰৰ ঘিঁত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামোচকৈ খাব লাগে।
  • চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ী তেলত মিলাই চুলিত সানিলে পকা ভাল হয়।
  • ধৱল কুষ্ঠ ৰোগত গাঢ় নীলা অপৰাজিতাৰ ফুল আৰু আঁহতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে।।
  • গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গোন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস দুচামোচকৈ মিলাই কিছুদিন খাব লাগে।
  • পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হ’লে অপৰাজিতাৰ শিপাৰ ছাল বটি এচামোচকৈ খালে পেছাবেৰে পানী বাহিৰ হৈ যায়।
  • অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।

নাৰ্জী ফুল

  • কাণ বিষালে নাৰ্জী ফুলৰ পাতৰ ৰস তিনি টোপাল কাণত দিলে বিষ কমে।
  • চকু বিষালে পাত বটি চকুৰ পতাৰ ওপৰত ভৰণ দিব লাগে।
  • দাঁত বিষালে পাত পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে।
  • পেছাব বন্ধ হ’লে পাতৰ ৰসত মিচিৰি মিলাই দিনত তিনিবাৰ খালে পেছাব খোলে।
  • হাত ভৰি ফাটিলে পাতৰ ৰস অলপ ভেচলিনৰ লগত দিনে তিনিবাৰকৈ সানিব লাগে।
  • খৰ হ’লে ফুলৰ ৰস সানিব লাগে।
  • মোচোকা খালে আৰু ফুলি উঠিলে পাত ফুল শিপা বটি লেপ দিব লাগে।

অনন্ত-ৰাধিকা প্ৰি ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনা কোন চেলিব্ৰিটিয়ে কিমান দামী কাপোৰ পিন্ধিলে…

প্ৰকাশ পাইছে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনৰ ছবি। শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি অক্ষয় কুমাৰ, অজয় ​​দেৱগন, কৰীনা কাপুৰৰ পৰা ছাইফ আলী খান আৰু আলিয়া ভাটলৈ এই ছবিবোৰত দেখা গৈছে। আচলতে পুত্ৰৰ বিয়াৰ কেইমাহমান আগতে মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে নিজৰ পূৰ্বপুৰুষৰ ঘৰত বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ আয়োজন কৰিছিল। যিটো ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ চলিব। প্ৰথম দিনাই ককটেল পাৰ্টি অনুষ্ঠিত হৈছিল য’ত ড্ৰেছ কোডো আছিল। এই কাৰণেই সকলোকে ক’লা-বগা সাজ-পোছাক পিন্ধি দেখা গৈছিল। অজয় দেৱগন আৰু অক্ষয় কুমাৰক দেকা গ’ল একেলগে। আম্বানী পৰিয়ালৰ পাৰ্টিত দুয়োকে আচৰিত ধৰণে দেখা গৈছে। লগতে দেখা গৈছে অজয় ​​দেৱগানৰ ভগ্নীৰ পুত্ৰ অমন দেৱগনক।

শ্বাহৰুখ খানৰ সৈতে এই ছবিসমূহ শ্বেয়াৰ কৰিছে ড্ৱেইন ব্ৰাভোৱে। শ্বাহৰুখ খানৰ উপৰিও ব্ৰাভোৱে ৰণবীৰ সিঙৰ সৈতে ছবিও পোষ্ট কৰিছে। অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত পত্নীৰ সৈতেও দেখা গৈছিল মাৰ্ক জুকাৰবাৰ্গক। নীলা চুট আৰু বুট আৰু পত্নীকো ক’লা গাউন পিন্ধি আচৰিত ধৰণে দেখা গৈছিল। এক প্ৰতিবেদন অনুসৰি মাৰ্কৰ পত্নী প্ৰিচিলা চানে ১০ লাখ টকাৰ ড্ৰেছ পিন্ধিছে। মহেন্দ্ৰ সিং ধোনিৰ সৈতে দেখা গৈছে পত্নী সাক্ষী ধোনীক। দুয়োজনেই ১ মাৰ্চৰ বিয়লি জামনগৰ পালেহি। আলিয়া ভাটও পৰিয়ালৰ সৈতে জামনগৰত উপস্থিত হৈছে। ৰণবীৰ কাপুৰ, ৰাহা কাপুৰকো বিমানবন্দৰত দেখা গ’ল। অনুৰাগীসকলে সঁচাকৈয়ে আলিয়াৰ ড্ৰেছিং চেন্স ভাল পাইছে। এই ছবিখন ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে।



আম্বানী পৰিয়ালৰ কন্যা ঈশা আম্বানীক অতি সুন্দৰ গাউন পিন্ধি দেখা গ’ল।

গোৱালপাৰাৰ শিমলীতোলাত বন বিভাগৰ অভিযানত ৭ লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ…

গোৱালপাৰাৰ শিমলীতোলাত বন বিভাগৰ অভিযান। অভিযানত বাহনসহ জব্দ বুজন পৰিমাণৰ চোৰাং কাঠ।

জব্দকৃত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৭ লক্ষাধিক টকা। শনিবৰীয়া সাপ্তাহিক বজাৰত বিক্ৰীৰ বাবে আনিছিল কাঠখিনি।

অভিযানৰ উমান পাই চালকসহ হেণ্ডিমেনৰ পলায়ন ।

‘ৰাজনৈতিক দায়িত্বৰ পৰা মোক সকাহ দিয়ক’ : লোকসভাৰ সাংসদ গৌতম গম্ভীৰ…

‘ৰাজনৈতিক দায়িত্বৰ পৰা মোক সকাহ দিয়ক’। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ এই আহ্বান গৌতম গম্ভীৰৰ।

IPL ২০২৪ৰ বাবে কলকাতা নাইট ৰাইডাৰছ (KKR)ৰ মেণ্টৰৰ দায়িত্বত আছে গৌতম গম্ভীৰ।

উল্লেখ্য, লোকসভাৰ সাংসদ গৌতম গম্ভীৰ।

গুগল প্লেষ্ট’ৰৰ পৰা আঁতৰিল ভাৰতীয় মেট্ৰিমনি এপ…

গুগল প্লেষ্ট’ৰৰ পৰা আঁতৰিল ভাৰতীয় মেট্ৰিমনি এপ। মাচুল বিবাদৰ বাবে এই সিদ্ধান্ত গুগলৰ।

দেশৰ এণ্টিট্ৰাষ্ট কৰ্তৃপক্ষই পূৰ্বৰ ১৫% – ৩০% মাচুল ব্যৱস্থা নিষ্ক্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে বহু

ভাৰতীয় ষ্টাৰ্ট-আপ কোম্পানীয়ে ১১% – ২৬% মাচুল নিৰ্ধাৰণ বন্ধ কৰাক লৈ সূত্ৰপাত হৈছিল বিতৰ্কৰ।