Breaking

ঐতিহ্যপূৰ্ণ মাজুলীৰ শালমৰাৰ মৃৎ শিল্পলৈ ভাবুকি

0 56

ইতিহাসে গৰকা নৈ-দ্বীপ মাজুলীৰ শালমৰাত শতিকাযুৰি পলাশ ৰঙীন ৰ’দৰ পৃষ্ঠা হৈ জিলিকি আছে ঐতিহ্যপূৰ্ণ মৃৎ শিল্প। শালমৰাবাসীৰ জীৱন-জীৱিকাৰ প্ৰধান উৎস মৃৎ শিল্পই মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈও আগবঢ়াই আহিছে প্ৰভূত অৱদান। শালমৰাৰ কুমাৰ সম্প্ৰদায়ৰ ৬০০টা পৰিয়ালে যুগ যুগ ধৰি মূলতঃ নৌকা শিল্প আৰু মৃৎ শিল্পৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ সন্তানৰ পঢ়া-শুনাৰ খৰছো এই শিল্পৰ পৰাই আহৰণ কৰি আহিছে।

ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় বিশ ফুট গভীৰতাৰ পৰা অতি কষ্টসাধ্য পদ্ধতিৰে কুমাৰ সকলে সংগ্ৰহ কৰা কুমাৰ মাটি পাৰলৈ উঠাই পৰম্পৰাগত শৈল্পিক কলাৰে গঢ়া মাটিৰ বিভিন্ন পাত্ৰ সমূহ বিক্ৰীৰে অৰ্থ উপাৰ্জন কৰি আহিছে।

উল্লেখযোগ্য যে,প্ৰতিবছৰে বাৰিষাত সমগ্ৰ অঞ্চলটো বানে ধুৱাই নিয়াৰ‌ পাছত খৰালি ব্ৰহ্মপুত্ৰ শান্ত হোৱাৰ সময়খিনিত কুমাৰ সকলে নদীৰ পাৰৰ পৰা সংগৃহীত কুমাৰ মাটি খচি, পিতনিৰে পিতি মাটিৰ কলহ-টেকেলি, মলা, নদীয়াকে ধৰি প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সমূহত ৰাঙলি লগাই ৰ’দত শুকুৱাই পেঘালিত পুৰি মাঘ,ফাগুন মাহত পাত্ৰ সমূহ সম্পূৰ্ণকৈ উলিয়ায় মাজুলীৰ গ্ৰাম্যাঞ্চলত বিক্ৰী কৰি অহাৰ সমান্তৰালকৈ এই সময়তে প্ৰায় পোন্ধৰ-বিশ দিনীয়াকৈ ২০ পৰা ২৫ খন নাৱেৰে অসমৰ বিভিন্ন ঠাইলৈ কলহ-টেকেলি সমূহ নি বজাৰত বিক্ৰী কৰা ধনেৰে পৰিয়াল সমূহে জীৱিকা নিৰ্বাহ কৰাৰ পৰম্পৰা পূৰ্বাপৰ ৰীতিৰে চলি আহিছে যদিও সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই শালমৰাত ভয়াৱহ ৰূপ ধাৰণ কৰাত ঐতিহ্যপূৰ্ণ মাজুলীৰ মৃৎ শিল্পলৈ ভাবুকি নামি আহিছে আৰু সমগ্ৰ অঞ্চলটোৰ প্ৰশাসনে কুমাৰ মাটি খননকাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগেই মৃৎ শিল্পকে উপাৰ্জনৰ একমাত্ৰ উৎস হিচাপে গ্ৰহণ কৰি অহা শালমৰাৰ কামজান, এলেঙী,বৰবোকা আদি অঞ্চলৰ প্ৰায় ৬০০ টাকৈ পৰিয়ালৰ জীৱনলৈ গভীৰ অশনি সংকেট নামি আহিছে।

ভৱিষ্যতৰ দিনত ঐতিহ্যপূৰ্ণ মাজুলীৰ শালমৰাৰ মৃৎ শিল্প বৰ্তি থাকিবগৈনে নাই তাক লৈও চিন্তাত পৰিছে মৃৎশিল্পীসকল। এইক্ষেত্ৰত শালমৰাবাসীয়ে বৈজ্ঞানিক পদ্ধতি অৱলম্বনেৰে ব্ৰহ্মপুত্ৰৰ মাটি খনন কৰি হ’লেও ইতিহাসপ্ৰসিদ্ধ শালমৰাৰ মৃৎশিল্পী সকলক প্ৰয়োজনীয় (কেঁচা মাল)কুমাৰ মাটি যোগান ধৰি মাজুলীৰ ঐতিহ্যপূৰ্ণ শিল্পটিক জীয়াই ৰখাৰ লগতে শালমৰাৰ মৃৎশিল্পী সকলৰ উপাৰ্জনৰ পথ সুনিশ্চিত কৰিবলৈ চৰকাৰক বিনম্ৰ আহ্বান জনাইছে।

– ৰজনীকান্ত বৰদলৈ

Leave A Reply