Breaking

নিশা পলমকৈ আহাৰ গ্ৰহণ কৰিলে বৃদ্ধি পায় কলৰেক্টাল কেন্সাৰৰ আশংকাঃ গৱেষণাত নতুন তথ্য

0 62

শেহতীয়া এক গৱেষণাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য। বহুতেই নিশা পলমকৈ আহাৰ গ্ৰহণ কৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে এয়া মুঠেও স্বাস্থ্যসন্মত কথা নহয়। নিশা পলমকৈ আহাৰ গ্ৰহণ কৰাৰ ফলত হ’ব পাৰে মাৰাত্মক স্বাস্থ্যজনিত সমস্যা। বিশেষকৈ নিশা পলমকৈ চৰ্বি বা চেনিৰে ভৰপূৰ গধুৰ আহাৰ গ্ৰহণ নকৰিবলৈ স্বাস্থ্য বিশেষজ্ঞসকলে সতৰ্ক কৰি আহিছে।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে সপ্তাহত কমেও ৪ দিন বিচনালৈ যোৱাৰ কমেও ৩ ঘণ্টাৰ ভিতৰত খাদ্য গ্ৰহণ কৰিলে কলৰেক্টাল কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

এটা নতুন অধ্যয়নত গৱেষকসকলে কেন্সাৰৰ পৰীক্ষাৰ বাবে কলনস্কপি কৰা ৬৬৪ জন লোকৰ পৰীক্ষাৰ অন্তত বিশেষজ্ঞসকলে তেনে সিদ্ধান্তত উপনীত হৈছে। অধ্যয়নটোত ৪২% লোকে নিশা দেৰিকৈ আহাৰ খোৱা লোক। তেওঁলোকৰ কলন’স্কপিৰ সময়ত পোৱা গৈছিল এডিন’মা – এটা ক্ষত – ইয়াৰ পৰাই কেন্সাৰ হোৱাৰ সম্ভাৱনা ৪৬% বৃদ্ধি পায়। বিশেষজ্ঞসকলে সেয়ে নিশা পলমকৈ আহাৰ গ্ৰহণৰ পৰা বিৰত থকাৰ পৰামৰ্শৰ দিয়াৰ লগতে ৰেড মীট নাখাবলৈ, ফল-মূল আৰু শাক-পাচলি বেছিকৈ খাবলৈ কৈছে। টিউবলাৰ এডিন’মা হৈছে বৃহদান্ত্ৰত পোৱা কলৰেক্টাল কেন্সাৰ। মানুহৰ মগজুত অৱস্থিত কেন্দ্ৰীয় চাৰ্কেডিয়ান কেন্দ্ৰই ৰাতি টোপনি অহাৰ বাবে মেলাটনিন মুক্ত কৰে । তাৰ পৰিৱৰ্তে দেৰিকৈ আহাৰ খালে “পেৰিফেৰেল চাৰ্কেডিয়ান ৰিদম”ত বিসংগতি ঘটে। এগৰাকী গৱেষক ব্ৰাগানিনিয়ে কয়, “ মোৰ বহু ৰোগীয়ে মোক কৈছে যে যেতিয়া তেওঁলোকে নিশা পলমকৈ খাদ্য খায়, তেতিয়া তেওঁলোকে সদায় স্বাস্থ্যকৰ খাদ্যৰ বাছনি নকৰে। তেওঁলোকৰ নিশাৰ খাদ্যৰ ভিতৰত সাধাৰণতে চেনি আৰু চৰ্বিৰ পৰিমাণ বেছি হয়। ইয়াৰ ফলত তেওঁলোকে শৰীৰে প্ৰয়োজনতকৈ বহু বেছি কেলৰি লাভ কৰে। ।গতিকে গভীৰ নিশা খাদ্য গ্ৰহণ কৰিলে অবাঞ্চিত ওজন বৃদ্ধি হ’ব পাৰে। খাদ্য হজমৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে। ”
আমাৰ পাকস্থলীত থকা কিছুমান ক্ষুদ্ৰ অণুজীৱৰ নিজস্ব আভ্যন্তৰীণ ঘড়ী থাকে, যিয়ে দৈনিক এক নিৰ্দিষ্ট ছন্দ অনুসৰণ কৰে । আমি যি খাও সেই কথাই নিৰ্ধাৰণ কৰে এই অণুজীৱবোৰ কিমান সক্ৰিয় হৈ থাকিব। ব্ৰগাগনিনিয়ে কয় ‘ যদি নিশা পলমকৈ খোৱা খাদ্য চেনি আৰু চৰ্বিযুক্ত খাদ্য হয় , তেন্তে আমাৰ মাইক্ৰ’বায়’মত নেতিবাচক প্ৰভাৱ পেলাব পৰে আৰু ইয়াৰ ফলত কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়।’

Leave A Reply