Breaking

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

0 59

গংগা নদী (ৰাষ্ট্ৰীয় জলপথ ১) ব্যৱহাৰ কৰি আভ্যন্তৰীণ জলপথৰ জৰিয়তে সা-সামগ্ৰীৰ পৰিবহণৰ প্ৰসাৰৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজন ছেলাৰ ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেডৰ (আমাজন) মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি.কে. ৰামচন্দ্ৰন আৰু ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায় প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই অনুষ্ঠানটো সম্পন্ন হয়।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু আমাজনৰ মাজত সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমাৰ্চ কাৰ্গ’ পৰিবহণত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। বিশ্ব বেঙ্কৰ এক প্ৰতিবেদন অনুসৰি ৰে’ল আৰু পথ পৰিবহণে জল পৰিবহণতকৈ ক্ৰমাৎ ১৮.৫% আৰু ৯১.৬% অধিক ইন্ধন ব্যৱহাৰ কৰে, যাৰ ফলত জল পৰিবহণ আটাইতকৈ পৰিৱেশ অনুকূল মাধ্যম হিচাপে পৰিগণিত হৈছে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ এই বুজাবুজিৰ চুক্তিয়ে ভাৰতৰ জলপথৰ বিকাশ যাত্ৰাত আন এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত জলপথসমূহক পৰিবহণৰ এক বহল আৰু জনপ্ৰিয় ৰূপ প্ৰদান কৰিবলৈ বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। ভাৰতে আত্মনিৰ্ভৰশীল হ’বলৈ অগ্ৰসৰ হোৱাৰ লগে লগে জলপথসমূহক বিকাশৰ পুনৰুজ্জীৱিত পথ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ চৰকাৰে মোদী ডাঙৰীয়াৰ এই দৃষ্টিভংগী ত্বৰান্বিত কৰাৰ দিশত অক্লান্ত পৰিশ্ৰম কৰি আছে। আমাজনৰ সৈতে এই সহযোগিতাই আভ্যন্তৰীণ জলপথৰ জৰিয়তে ই-কমাৰ্চ কাৰ্গ’ৰ চলাচল বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে লজিষ্টিক সুশৃংখলিত কৰাৰ বাবে জল পৰিবহণৰ দক্ষতা আৰু স্থিৰতা ত্বৰান্বিত কৰা, পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰা আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা। এই সেৱাৰ আৰম্ভণিৰ লগে লগে ভাৰতৰ ভিতৰুৱা অঞ্চলৰ কুটিৰ, হস্ততাঁত তথা কাৰিকৰী শিল্পী, উদ্যোগী, উদ্যমী আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰীবোৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এক দক্ষ পৰিবহণ পদ্ধতিৰ জৰিয়তে সুলভ ব্যয়ত বিক্ৰী কৰাৰ সুযোগ পাব। ই-কমাৰ্চ কাৰ্গ’ৰ সুবিধাৰ সৈতে প্ৰথমখন জাহাজ শীঘ্ৰেই পাটনাৰ পৰা কলকাতালৈ ফ্লেগ অফ কৰা হ’ব।”

আনহাতে, ব্ৰহ্মপুত্ৰ (ৰাষ্ট্ৰীয় জলপথ ২)ৰ মাধ্যমেৰেও অসমত ই-কমাৰ্চ কাৰ্গ’ চলাচল আৰম্ভ কৰিবলৈ আমাজনক বিশেষ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দেশৰ ভিতৰত জল পৰিবহণ ত্বৰান্বিত কৰাৰ বাবে সাগৰমালাৰ অধীনত ৰ’ৰ’/ৰ’পেক্স আৰু আভ্যন্তৰীণ জল পৰিবহণ সম্পৰ্কীয় ৭,০৩০ কোটি টকাৰ মুঠ ১১৩টা প্ৰকল্প আৰম্ভ কৰা হৈছিল। ইয়াৰে ১,১০০ কোটি টকাৰ ১৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ৩,৯০০ কোটি টকাৰ ৩২টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে। 

২০২৩ চনলৈকে আভ্যন্তৰীণ জলপথৰ দ্বাৰা পৰিচালিত কাৰ্গ’ হৈছে ১২৬ মিলিয়ন মেট্ৰিক টন আৰু সামুদ্ৰিক ভাৰত সন্মিলন ২০২১-ৰ সময়ত আৰম্ভ কৰা সামুদ্ৰিক ভাৰত ভিজন ২০৩০ অনুসৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ২০৩০ চনৰ ভিতৰত আভ্যন্তৰীণ জল পৰিবহণৰ পৰিমাণ ২০০ মিলিয়ন মেট্ৰিক টনতকৈও অধিক বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে আৰু শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা অমৃতকাল ভিজন ২০৪৭ অনুসৰি ২০৪৭ চনলৈ ৫০০ মিলিয়ন মেট্ৰিক টনৰ লক্ষ্য প্ৰাপ্ত কৰাৰ লক্ষ্য ৰাখিছে।

Leave A Reply