Home Blog Page 1005

মানৱ-হাতীৰ সহাৱস্থানত উদগনিৰ বাবে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত সৌৰ বেৰ স্থাপন আৰণ্যকৰ

অসমৰ কোকৰাঝাৰ জিলাৰ ৰাইমন ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ১৭ খন গাঁৱৰ ৮৭০ টা পৰিয়ালক মানৱ-হাতী সংঘাতৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে গাঁও কেইখন সামৰি প্ৰায় ১১ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ সৌৰশক্তিচালিত বেৰ স্থাপন কৰা হৈছে। অসম আৰু মেঘালয়ৰ কেতবোৰ নিৰ্দিষ্ট স্থানত মানুহ আৰু হাতীৰ মাজত বৃদ্ধি পোৱা সংঘাত প্ৰশমনৰ আহিলা হিচাপে সৌৰশক্তিচালিত বেৰ ব্যৱহাৰ কৰি মানৱ-হাতী সহাৱস্থানক উদগনি যোগোৱাৰ অবিৰত প্ৰচেষ্টাৰ অংশ হিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) আমেৰিকাৰ মৎস্য আৰু বন্যপ্ৰাণী সেৱাৰ (U.S. Fish and Wildlife Service) সমৰ্থন আৰু স্থানীয় সমুদায় আৰু বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ(BTR) বন বিভাগৰ সহযোগত দুটা পৰ্যায়ত এই বেৰখন স্থাপন কৰিছে।

আৰণ্যকৰ সমল গোটে স্থাপনৰ পূৰ্বে সৌৰশক্তিচালিত বেৰৰ ৰক্ষণাবেক্ষণ আৰু নিৰীক্ষণৰ প্ৰশিক্ষণ দিয়া স্থানীয় লোকৰ গোটে এই বেৰবোৰ চোৱাচিতা কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া আৰু কচুগাঁও ব্লকৰ অন্তৰ্গত ১১ খন গাঁও ক্ৰমে- টাকামপুৰ, পুলোডাবৰি, আৰাইছ’পাৰা, পূব টাকামপুৰ, শান্তিপুৰ, ভৰতপুৰ, ভৰতনগৰ-আদিবাসী বস্তি, সুশীলপুৰ, বাগানপাৰা, নেপালীপাৰা আৰু নবীন নগৰৰ ৬০০ পৰিয়ালক সুৰক্ষা দিয়াৰ বাবে সৌৰশক্তি চালিত আৰু এডাল তাঁৰযুক্ত ৬.৫০ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ বৈদ্যুতিক বেৰ স্থাপন কৰা হয়।

যোৱা ২৯ জানুৱাৰীত আৰম্ভ হোৱা বেৰ স্থাপনৰ কাম ১২ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হয়। ইয়াৰ পূৰ্বে আৰণ্যকে প্ৰথম পৰ্যায়ত যোৱা বছৰৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম প্ৰান্তৰ ছখন গাঁৱৰ ২৭০ পৰিয়ালক সামৰি ৪ কিলোমিটাৰ দৈৰ্ঘ্য্যৰ এডাল তাঁৰযুক্ত এখন সৌৰ বৈদ্যুতিক বেৰা স্থাপন কৰিছিল। প্ৰথম পৰ্যায়ত স্থাপন কৰা বেৰখনে সামৰি লোৱা গাঁওসমূহ হৈছে- ডোম বজাৰ, হাজাৰিগুৰি, নন্দীপুৰ-১, নন্দীপুৰ-২, গ্‌ৱজানপুৰ আৰু লোটামাৰী-১।

খিলঞ্জীয়া বড়ো জনগোষ্ঠীৰ প্ৰধান এই গাঁওসমূহত সৌৰশক্তিচালিত বেৰ স্থাপন সময়ত স্থানীয় লোকসকলে বেৰৰ বাবে প্ৰয়োজনীয় খুটা আৰু শ্ৰমিক যোগান ধৰি গুৰুত্বপূৰ্ণ সহায় আগবঢ়ায়। আৰণ্যকৰ অঞ্জন বৰুৱা, জীৱন চেত্ৰী, দিবাকৰ নায়ক, বিজয় কলিতা, ৰূপম গয়াৰী আৰু ৰিপুঞ্জয় নাথক লৈ গঠিত দলটোৰ তত্ত্বাৱধানত সৌৰ বেৰা স্থাপনৰ দুয়োটা পৰ্যায় ৰূপায়ণৰ কৰা হয়।

এই দুটা পৰ্যায়ৰ পাছত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰান্তত স্থাপন কৰা সৌৰ বেৰৰ মুঠ দৈৰ্ঘ্য্য এতিয়া ১৭.০৫ কিলোমিটাৰলৈ বৃদ্ধি পালে। পূৰ্বে ডব্লিউ ডব্লিউ এফে ছখন প্ৰান্তীয় গাঁও ক্ৰমে- শান্তিপুৰ, হাদনপুৰ, গুলচিপাৰা, ৩নং ৰূপনাথপুৰ, বাথাউগুৰি আৰু টাকানপুৰৰ ২৯৮ পৰিয়ালক সামৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন এখন সৌৰশক্তিচালিত বেৰ স্থাপন কৰিছিল।

বকোত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

বকো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক সোমবাৰে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ‘দৈনন্দিন বাৰ্তা’, ‘আলোকপ্ৰভোঞ্জন উৱেলফেয়াৰ চোছাইটি’ আৰু ‘দ্য আসাম ৰাইজিং’ কাকতৰ ১৪ বছৰীয়া গৌৰৱোজ্জ্বল ক্ষণত কাকত গোষ্ঠীটোক চিৰঞ্জীৱী কৰাৰ উদ্দেশ্যে ব্যতিক্ৰমী কাৰ্যসূচী হাতত লোৱা হৈছে।

এই উপলক্ষে সংবাদ গোষ্ঠীটোৰ ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আলোকপ্ৰভোঞ্জন’ ‘ঘৰে ঘৰে দ্য আসাম ৰাইজিং’ আৰু ‘মোবাইলে মোবাইলে ডিবি নিউজ’ কাৰ্যসূচীৰ অংশ হিচাপে সমাজৰ বিভিন্ন পৰ্যায়ৰ একাংশ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ প্ৰয়াস চলায়। কাকত গোষ্ঠীৰ এই প্ৰয়াসৰ মাজতে সোমবাৰে কামৰূপ জিলাৰ বকো থানাৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক দৈনন্দিন কাকতৰ বকোৰ সাংবাদিক ডেভিদ বৰুৱাৰ তৎপৰতাত সম্বৰ্ধনা জনায়।

সভাত আৰক্ষী বিষয়া ফনিন্দ্ৰ চন্দ্ৰ নাথক জাপি, গামোচা, মানপত্ৰ আৰু তিনিওখন বাতৰি কাকতেৰে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি আৰক্ষী বিষয়া গৰাকীয়ে কাকত গোষ্ঠীটোক আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন লগতে কাকত গোষ্ঠীটো চিৰঞ্জীৱী হোৱাৰ কামনা কৰে।

তদুপৰি তেও কয় যে এনে সম্বৰ্ধনাই আগন্তক দিনত সাংবাদিকতা বৃত্তিৰে সমাজৰ সেৱা কৰাৰ ক্ষেত্ৰত আৰু অধিক নিষ্ঠা, সততা দায়িত্ববোধৰ বিষয়ে সচেতন হোৱাৰ অনুপ্ৰেৰণা যোগাব।

-ডেভিদ, বকো

ঐশ্বৰ্যৰ সৈতে বচ্চন পৰিয়ালৰ মিল নাই, এইবাৰ নব্যাই আৰাধ্যাৰ বিষয়ে কি ক’লে…

বলীউডৰ প্ৰাক্তন মিছ ইউনিভাৰ্ছ অভিনেত্ৰী ঐশ্বৰ্য ৰায় বচ্চন ১৫ বছৰতকৈও অধিক সময় ধৰি বলীউডৰ অন্যতম বিখ্যাত পৰিয়ালৰ সদস্য। প্ৰায় দুটা দশকৰ ভিতৰতে বচ্চন পৰিয়ালক কেন্দ্ৰ কৰি বহুতো ভিন্ন ধৰণৰ উৰাবাতৰিৰ সৃষ্টি হৈছে। শাহুৱেক জয়া বচ্চনৰ লগত ঐশ্বৰ্যৰ একেবাৰে মিল নাই, এনে বহু কথা শুনা গৈছে, যদিও ৰাজহুৱা স্থানত অভিনেত্ৰীগৰাকীয়ে নিজকে অমিতাভ আৰু জয়াৰ বোৱাৰী হিচাপে চিত্ৰিত কৰিছে। বঁটা বিতৰণৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানত শাহুৱেকৰ কাষত দেখা পোৱা যায় বোৱাৰীয়েকক। কিন্তু শেহতীয়া খবৰ, বচ্চন পৰিয়ালৰ ঐশ্বৰ্য মামীয়েক-আইতাকৰ বিষয়ে ক’লে বহু কথা। কেৱল শাহুৱেকৰ লগত নহয়, নব্যা শ্বেতা বচ্চন লগতো ঐশ্বৰ্যৰ কোনো সম্পৰ্ক নাই।


বচ্চন পৰিয়ালত যিমানেই চাপ নাথাকক কিয়, সকলোৰে সন্মুখত তেওঁলোক সদায় নিখুঁত। শেহতীয়াকৈ নব্যাই তেওঁৰ শ্ব’ ‘ৱাট দ্য হেল নব্যা’ৰ দ্বিতীয় ছিজনত তেওঁলোকৰ পৰিয়ালৰ সকলো কথা আলোচনা কৰিছিল। এইবাৰ তেওঁ আৰাধ্যাৰ বিষয়ে ক’লে, যদিও তাইৰ বয়স ১২ বছৰ, তথাপিও তাই বয়সতকৈ বহুত বেছি পৰিপক্ক। নব্যাৰ ভাষাত “আৰাধ্যাক দিবলৈ মোৰ কোনো উপদেশ আচলতে নাই।” ইয়াৰ বাহিৰেও আজিৰ শিশুসকল তেওঁলোকৰ চৌপাশে ঘটি থকা সকলো কথাৰ প্ৰতি সচেতন। মোৰ ভাগ্য ভাল যে আৰাধ্যা দৰে এগৰাকী ভনী আছে মোৰ।

তাচপাতৰ দৰে খহিছে মায়াৱতীৰ ঘৰ! বিজেপিত যোগদান কৰিলে বিএছপি সাংসদ ৰীতেশ পাণ্ডেই, আন ৩ জনে কৰিব বিজেপি গমন…

তাচপাতৰ দৰে খহিছে মায়াৱতীৰ ঘৰ!লোকসভা নিৰ্বাচনৰ পূৰ্বে মায়াৱতীৰ বহুজন সমাজ পাৰ্টি তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিবলৈ লৈছে। মায়াৱতীৰ দলৰআম্বেদকাৰ নগৰৰ সাংসদ ৰীতেশ পাণ্ডেই বিজেপিত যোগদান কৰিছে৷ ৰিতেশে দেওবাৰে পুৱা দলৰ প্ৰাথমিক সদস্যপদৰ পৰা পদত্যাগ কৰিছিল। তাৰ পিছতে তেওঁ বিজেপিত যোগদান কৰে৷ ৰীতেশে কয় যে তেওঁৰ দীৰ্ঘদিন ধৰি দলৰ সৈতে কোনো সম্পৰ্ক নাছিল। দলৰ সভালৈও তেওঁক মতা হোৱা নাছিল।আনকি মায়াৱতীৰ সৈতেও যোগাযোগ কৰাটো সম্ভৱ হৈ উঠা নাছিল। সূত্ৰ অনুসৰি, বিজেপিয়ে ৰীতেশক তেওঁৰ পুৰণি সমষ্টি আম্বেদকাৰ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰে। মায়াৱতীৰ বিএছপিৰ আন তিনিজন সাংসদে বিজেপিৰ সৈতে যোগাযোগ কৰি থকা বুলি জানিব পৰা গৈছে৷ দলটোৰ এই তিনি নেতাই সেউজ সংকেত পোৱাৰ লগে লগে গেৰুৱা শিবিৰত যোগ দিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে৷ উল্লেখ্য বিএছপিয়ে সমাজবাদী পাৰ্টিৰ সৈতে মিত্ৰতা কৰি ২০১৯ ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

মায়াৱতীৰ দলে উত্তৰ প্ৰদেশত ১০ খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ মায়াৱতী কোনো শিবিৰৰ সৈতে মিত্ৰতাত নাই। তেওঁ আনকি বিজেপিকো বিৰোধিতা কৰা নাই অথচ তেওঁ পোনপটীয়াকৈ এন ডি এতো যোগদান কৰা নাই। দলটোৰ এতিয়া ভোটৰ বাবে কোনো প্ৰস্তুতি নাই বুলি চৰ্চা চলিছে। বিএছপিৰ সাংসদসকল তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷ গতিকে সাংসদসকলে ভোটৰ দিন ঘোষণাৰ আগতে নিজৰ বাবে ‘বিকল্প’ বিচাৰি আছে।কেৱল বিজেপিয়েই নহয়, বিএছপিৰ সাংসদসকলে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতেও যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি মায়াৱতীৰ দলৰ তিনিজন সাংসদে বিজেপিৰ সৈতে, তিনিজনে সমাজবাদী পাৰ্টিৰ সৈতে আৰু এজনে কংগ্ৰেছৰ সৈতে যোগাযোগত আছে। বহিষ্কৃত বিএছপি সাংসদ দানিশ আলীয়ে ইতিমধ্যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগদান কৰিছে। তেওঁ কংগ্ৰেছৰ টিকটত আমৰোহাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।

বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও বৈধ হ’ল ভাঙৰ খেতি…

বহু দিনৰে পৰাই দেশ খনত ভাঙৰ খেতি বৈধ কৰাৰ বাবে অনেকে দাবী জনাই আহিছিল৷ এইবাৰ জাৰ্মানীত বৈধ হ’ল ভাঙৰ খেতি৷ বিৰোধীৰ তীব্ৰ আপত্তি সত্ত্বেও শুকুৰবাৰে জাৰ্মান সংসদে এপ্ৰিল মাহৰ পৰা ভাং আৰু নিয়ন্ত্ৰিতভাৱে ভাঙৰ খেতি কৰাটো বৈধ কৰাৰ সপক্ষে ভোটদান কৰে। নতুন আইনখনৰ অধীনত নিয়ন্ত্ৰিত ভাং খেতি সংস্থাৰ জৰিয়তে প্ৰতিদিনে ২৫ গ্ৰাম পৰ্যন্ত ব্যক্তিগত ব্যৱহাৰৰ বাবে লাভ কৰা সম্ভৱ হ’ব, লগতে ঘৰত তিনিটা পৰ্যন্ত গছ-গছনি থকাটো সম্ভৱ হ’ব। কিন্তু ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিৰ বাবে এই ড্ৰাগছ ৰখা আৰু ব্যৱহাৰ নিষিদ্ধ হৈ থাকিব। ভোটদানৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কাৰ্ল লাউটাৰবাকে সংসদৰ সদস্যসকলক বিতৰ্কিত আইনখনৰ সমৰ্থন কৰিবলৈ আহ্বান জনাই কয় যে “এতিয়া আমি যি পৰিস্থিতিত আছো সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়”।

উল্লেখ্য যে জাৰ্মানীত ক’লা বজাৰত পোৱা ভাং ব্যৱহাৰ কৰা যুৱকৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। বিৰোধী চিডিইউৰ ছিমন বৰচাৰ্ডে কয় যে নতুন আইনখনে যুৱক-যুৱতীসকলৰ স্বাস্থ্যৰ বিপদ বৃদ্ধিহে কৰিব। জাৰ্মানীৰ ৪৭ শতাংশই এই পৰিকল্পনাৰ পক্ষত আৰু ৪২ শতাংশই বিৰোধী।

মৰিগাঁৱৰ বিশিষ্ট সমাজসেৱী তথা ব্যৱসায়ী প্ৰনৱ শইকীয়াৰ ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ লাভ

মৰিগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী প্ৰনৱ শইকীয়াই ২০২৪ বৰ্ষৰ ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ লাভ কৰিছে। প্ৰনৱ শইকীয়াই ১৯৯৮ বৰ্ষৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত সক্ৰিয় ভাৱে জড়িত হৈ কাম কৰাৰ সুবিধা পায় আৰু প্ৰথমে ভাৰতীয় জনতা পাৰ্টীৰ শালমৰা পঞ্চায়ত সমিতিৰ সাধাৰণ সম্পাদক আৰু তাৰ পাছত ৰহা মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, নগাঁও সমিতিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।

শইকীয়াই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী, লাল কৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, প্ৰয়াত প্ৰমোদ মহাজন, সুৰমা স্বৰাজ, ৰাজনাথ সিঙৰ দৰে নেতাসকলৰ লগত অসমত ভাৰতীয় জনতা পাৰ্টীৰ অতি সংকট কালত একেলগে কাম কৰি দলক সন্মুখৰ পৰা নেতৃত্ব দিছিল। প্ৰনৱ শইকীয়াই আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰামতে ১৯৯৯-২০০০ বৰ্ষত প্ৰয়াত প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ পৰামৰ্শ মৰ্মেই তেখেতে ‘জনকল্যান মৰিগাঁও’নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী ক্ষণত তেওঁ অবিভক্ত মৰিগাঁও ও নগাঁও জিলাত পাৰদৰ্শিতাৰে সামাজিক কাম কাজ কৰে আৰু ভাৰত চৰকাৰৰ আৰ্থিক অনুদানেৰে দুখীয়া-দৰিদ্ৰ ৰাইজ আৰু হস্তশিল্পীসকলৰ কল্যাণৰ বাবে যথেষ্ট কাম কৰে।

তেওঁ জনোৱা মতে মৰিগাঁও জিলাত তেখেতে ৮০০০ত কৈও অধিক মানুহক বিশেষকৈ মহিলাসকলক বিভিন্ন সুবিধা প্ৰদান কৰিছে। গত ২০২০-২১বৰ্ষত প্ৰনৱ শইকীয়াই হস্তশিল্পীসকলক অত্যাধিক সুবিধা প্ৰদান কৰিবৰ বাবে তথা হস্তশিল্পজাত সামগ্ৰীৰ ৰপ্তানিৰ বাবে ‘মৌপিয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেড’ নামেৰে এটি প্ৰডিউচাৰ কোম্পানী পঞ্জীয়ন কৰাই ২০২১-২২বৰ্ষৰ পৰা কাম আৰম্ভ কৰে।

ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ আৰ্থিক সাহায্য তথা সহযোগিতাৰে তেখেতে বৰ্তমানেও প্ৰায় ২০০০হস্তশিল্পীৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰি আছে। ছাত্ৰ অৱস্থাৰে পৰাই তীক্ষ্ণ মেধা সম্পন্ন প্ৰনৱ শইকীয়াই ‘জন কল্যাণ মৰিগাঁও’ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সচিব পদত অধিষ্ঠিত হোৱাৰ উপৰিও ‘মৌপিয়া হেণ্ডিক্ৰাফ্ট প্ৰডিউচাৰ কোম্পানী লিমিটেড’ৰো অবৈতনিক মূখ্য কাৰ্যবাহী বিষয়া (চি.ই.অ’) হিচাপে নিষ্ঠাৰে কাম কৰি আছে।

পূৰ্বেও তেখেতে ২০১০বৰ্ষত ‘Chief Minister’s best community action award Form Development 2010’ বঁটা আৰু চেক পাবলৈ সক্ষম হৈছিল। ২০২৪ বৰ্ষত তেখেতক ‘ইণ্ডিয়ান গ্লৰী এৱাৰ্ড ২০২৪’ ৰ Best CEO of the year বঁটাৰে সন্মানিত কৰে।

চলচ্চিত্ৰ প্ৰযোজকৰ ২,০০০ কোটি টকাৰ ড্ৰাগ কাণ্ড!

চলচ্চিত্ৰ এজন তামিল চলচ্চিত্ৰ প্ৰযোজকৰ বাবে সহজ ধন ঘটাটো যেন লক্ষ্য হৈ পৰিছিল। সেয়ে ছবি প্ৰযোজনা বাদ দি আৰম্ভ কৰিছিল ড্ৰাগছৰ ব্যৱসায়। এনেদৰে তেওঁ মাত্ৰ তিনি বছৰত তেওঁৰ প্ৰায় ২,০০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু অৱশেষত তেওঁ ধৰা পৰিছে। নাৰ্কোটিক্স নিয়ন্ত্ৰণ ব্যুৰোৰ বিষয়াসকলে কৈছে যে নিউজিলেণ্ডৰ শুল্ক কৰ্তৃপক্ষ আৰু অষ্ট্ৰেলিয়াৰ আৰক্ষীৰ পৰা তথ্য ৰ ভিত্তিত মেথাম্ফেটামিন তৈয়াৰ কৰিবলৈ ব্যৱহৃত এক মুখ্য ৰাসায়নিক পদাৰ্থ বৃহৎ পৰিমাণৰ ছ্যুডোফেড্ৰিনসহ কেইজনমান লোকক আটক কৰা হৈছে।
মেথমেটামিন, যাক মেথ বা ক্ৰিষ্টেল মেথ বুলিও কোৱা হয়, হৈছে এক ঔষধ যাৰ বিশ্বজুৰি উচ্চ চাহিদা আছে। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত প্ৰায় ১.৫ কোটি টকাত প্ৰতি কিলোগ্ৰাম বিক্ৰী হয়।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰাগ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেচনৰ পৰা পোৱা তথ্যৰ ভিত্তিত দিল্লীৰ পৰা সামগ্ৰীসমূহ প্ৰেৰণ কৰা হৈছে বুলি ইংগিত পাইছিল দিল্লী আৰক্ষীয়ে। ইয়াৰ পিছতে দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ এটা যুটীয়া দল গঠন কৰা হয়। চাৰি মাহৰ নিৰীক্ষণৰ পিছত জানিব পৰা গৈছিল যে চক্ৰটো দিল্লীত আছে আৰু অষ্ট্ৰেলিয়ালৈ তেনে সামগ্ৰী প্ৰেৰণ কৰিবলৈ চেষ্টা কৰি আছে। এনচিবিৰ উপ-সঞ্চালক প্ৰধান জ্ঞানেশ্বৰ সিঙে কয় যে তেওঁলোকক পশ্চিম দিল্লীৰ বাচাই দাৰাপুৰত এটা গুদামলৈ গৈছিল, য’ত চক্ৰটোৱে মাল্টিগ্ৰেইন খাদ্যৰ মিশ্ৰণত ছ্যুডোফেড্ৰিন লুকুৱাবলৈ চেষ্টা কৰি আছিল। দলটোৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰা হয় আৰু ৫০ কিলোগ্ৰাম ৰাসায়নিক পদাৰ্থ জব্দ কৰা হয়। এজন বিষয়াই কয় যে তামিলনাডুৰ লোকসকলক নিৰন্তৰ জেৰা কৰি প্ৰকাশ পাইছিল যে দলটোৱে যোৱা তিনি বছৰত ৪৫ বাৰ সামগ্ৰী প্ৰেৰণ কৰিছে। যাৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত ২,০০০ কোটিতকৈও অধিক। এই বেহাৰ মাষ্টাৰমাইণ্ড এজন তামিল চলচ্চিত্ৰ প্ৰযোজক হিচাপে চিনাক্ত কৰা হৈছে। তেওঁ পলাতক হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে বহু প্ৰকল্প ৰাষ্ট্ৰলৈ উচৰ্গা কৰে…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে’ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভগৱান কৃষ্ণৰ দ্বাৰকা মাতৃৰ ভূমিক উদ্দেশ্যি প্ৰণিপাত জনায়, য’ত ভগৱান কৃষ্ণক দ্বাৰকাধিশ বুলি কোৱা হয়। মোদীয়ে আজি পুৱা মন্দিৰত আগবঢ়োৱা প্ৰাৰ্থনাৰ কথা স্মৰণ কৰে আৰু মানুহৰ ধৰ্মীয় জীৱনত তীৰ্থৰ গভীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। মোদীয়ে কয় যে আদি শংকৰাচাৰ্যই চাৰিটা ‘পীঠ’ৰ এটা প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ শাৰদা পীঠ। তেওঁ নাগেশ্বৰ জ্যোতিৰ্লিংগ, ৰুক্মিনী দেৱী মন্দিৰৰ গৌৰৱৰ কথাও উল্লেখ কৰে। তেওঁ ‘ৰাষ্ট্ৰ কাম’ৰ বাবে ধৰ্মীয় বিশ্বাসৰ বহু ঠাই ভ্ৰমণ কৰাৰ শেহতীয়া সুযোগ বোৰৰ কথাও স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি পানীৰে পৰিপূৰ্ণ দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰিবলৈ সাগৰৰ গভীৰতালৈ নামি যোৱাৰ পাহৰিব নোৱাৰা মুহূৰ্তটোৰ বিষয়েও কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰাচীন চহৰ খনৰ পুৰাতাত্ত্বিক আৰু শাস্ত্ৰীয় গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

তেওঁ উল্লেখ কৰে যে দ্বাৰকা খন ভগৱান বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বাৰকা চহৰ খন উৎকৃষ্ট নগৰ পৰিকল্পনাৰ এক বিশেষ উদাহৰণ। “মই পানীৰে পৰিপূৰ্ণ চহৰ খনলৈ অহাৰ লগে লগে এক দৈৱত্বৰ অনুভূতিয়ে মোক আৱৰি ধৰিছিল। মই প্ৰাৰ্থনা কৰিছিলো আৰু ময়ূৰৰ পাখি আগবঢ়াইছিলো, সেয়া মই মোৰ লগত লৈ গৈছিলো। এয়া মোৰ বাবে বহু বছৰ ধৰি থকা মনতে পুহি ৰখা আকাংক্ষাৰ সম্পূৰ্ণ ৰূপ আছিল। যেতিয়াৰ পৰা মই জলেৰে পৰিপূৰ্ণ দ্বাৰকা চহৰৰ বিষয়ে শুনিছিলো, মই সদায় চহৰ খন দৰ্শন কৰিব বিচাৰিছিলো”। প্ৰধানমন্ত্ৰীয়ে ঐশ্বৰিক অভিজ্ঞতাত অভিভূত হৈ এনেদৰে কয়। একবিংশ শতিকাত ভাৰতৰ সম্ভাৱনাৰ দৃশ্যসমূহ চকুৰ সন্মুখত ধৰা দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিকশিত ভাৰত গঢ়াৰ বাবে তেওঁৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে সুদৰ্শন সেতু উদ্বোধন কৰাৰ কথা উল্লেখ কৰে আৰু ৬ বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথাও স্মৰণ কৰে। তেওঁ জানিবলৈ দিয়ে যে দলংখনে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা দ্বীপক সংযোগ কৰিব। ফলত দ্বাৰকাধিশৰ দৰ্শনৰ বাবে সংযোগ বৃদ্ধি পাব আৰু লগতে অঞ্চলটোৰ দৈৱত্বৰ মহিমা প্ৰচাৰতো সহায় হ’ব।প্ৰধানমন্ত্ৰীয়ে নিজে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল সেই প্ৰকল্পসমূহ উদ্বোধন কৰাৰ সৌভাগ্যৰ কথা উল্লেখ কৰি তেওঁ কয়, “এয়া মোদীৰ গেৰাণ্টি।” সুদৰ্শন সেতুক এক অভিযান্ত্ৰিক আশ্চৰ্য বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত নাগৰিকসকলক অভিনন্দন জনোৱাৰ সময়ত দলংখন আৰু ইয়াৰ কাৰিকৰী বিষয়সমূহ বিশ্লেষণ কৰিবলৈ অভিযান্ত্ৰিক জগতৰ সৈতে জড়িতসকলক আহ্বান জনায়।

ইমান দিনে ফেৰী আৰু স্থল পথেৰে কৰিবলগীয়া ভ্ৰমণৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হোৱা বাবে দ্বাৰকা আৰু বেইট দ্বাৰকাৰ নাগৰিকসকলে সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাত দলং এখনৰ বাবে জনসাধাৰণে জনোৱা অনুৰোধৰ কথা স্মৰণ কৰে। তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে আৰু তেওঁৰ সংকল্পক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে তেতিয়া তেওঁ কেন্দ্ৰীয় চৰকাৰক দলংখন নিৰ্মাণত অনুমোদন জনোৱাৰ বাবে নিৰন্তৰ অনুৰোধ জনাইছিল , কিন্তু চৰকাৰে সেয়া অস্বীকাৰ কৰিছিল। অৱশেষত আজি কামটো সম্পন্ন হোৱাৰ বাবে তেওঁ তেওঁৰ সৌভাগ্যক ধন্যবাদ জনায় । উৎফুল্লিত হৈ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয় “ভগৱান শ্ৰী কৃষ্ণৰ আশীৰ্বাদত মই তেওঁৰ নিৰ্দেশনা অনুসৰণ কৰি মোৰ দায়িত্ব পালন কৰিছো”। তেওঁ এই কথাৰ প্ৰতি জনতাৰ মনোযোগ আকৰ্ষণ কৰে যে দলংখন পোহৰাই ৰাখিবৰ বাবে প্ৰয়োজন হোৱা বিদ্যুৎ দলং খনত লগোৱা সৌৰ পেনেলৰ পৰা উৎপন্ন হ’ব। তেওঁ লগতে উল্লেখ কৰে যে সুদৰ্শন সেতুত মুঠ ১২ টা পৰ্যটন গেলেৰী আছে, যিবোৰে পৰ্যটকসকলক বিভিন্ন কোণৰ পৰা সাগৰৰ মনোৰম দৃশ্য উপভোগ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “মই আজি এই গেলেৰীসমূহ পৰিদৰ্শন কৰিছো আৰু এয়া সঁচাকৈয়ে আকৰ্ষণীয়”।

প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা মিছনৰ প্ৰতি দ্বাৰকাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতিকো প্ৰশংসা কৰে আৰু তেওঁলোকক বিশ্বজুৰি মনোযোগ আকৰ্ষণ কৰা দ্বাৰকাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনায়। বিৰোধীয়ে নতুন ভাৰতৰ গেৰাণ্টিৰ বিৰোধিতাৰ কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে তেওঁলোকৰ চকুৰ সন্মুখতে নতুন ভাৰতৰ উত্থান দেখিছে। তেওঁ কয় যে ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ মনোভাৱ, দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ অনিচ্ছাৰ আদিৰ বাবেই পূৰ্বে এনে এটা কাম সম্পূৰ্ণ হোৱা নাছিল। ইয়াৰ ফলত বিকশিত ভাৰতৰ বৃহৎ লক্ষ্যত উপনীত হ’বলৈ অৰ্থনীতিৰ আকাৰ সৰু হৈ পৰিছিল। তেওঁ পূৰ্বৰ চৰকাৰৰ শাসনকালত সংঘটিত হোৱা কেলেংকাৰীসমূহৰো সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত কাকো দেশ লুটিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰে। মোদীয়ে কয় “পূৰ্বৰ চৰকাৰসমূহৰ সময়ত সংঘটিত হোৱা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী এতিয়া বন্ধ কৰা হৈছে”। তেওঁ লগতে কয় যে ৰাষ্ট্ৰখন ১০ বছৰৰ ভিতৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয়, দেশে এফালে ঐশ্বৰিক বিশ্বাস আৰু তীৰ্থস্থানৰ পুনৰ উদ্ধাৰ হোৱাৰ সাক্ষী হ’ব পাৰিছে, আনহাতে বৃহৎ প্ৰকল্পৰ জৰিয়তে নতুন ভাৰতৰ বিকাশ হ’ব পাৰিছে। তেওঁ গুজৰাটত ভাৰতৰ আটাইতকৈ দীঘল কেবল-আধাৰিত সুদৰ্শন সেতু, মুম্বাইত দেশৰ আটাইতকৈ দীঘল সাগৰীয় দলং, জম্মু-কাশ্মীৰৰ চেনাবৰ ওপৰত নিৰ্মিত আটকধুনীয়া দলং, নিৰ্মাণাধীন নতুন পাম্বান দলং, যি হৈছে তামিলনাডুত ভাৰতৰ প্ৰথম উলম্ব উত্তোলিত দলং আৰু অসমৰ ভাৰতৰ আটাইতকৈ দীঘল নদী দলং আদিৰ কথাও উল্লেখ কৰে। তেওঁ লগতে কয়, “এনে ধৰণৰ আধুনিক সংযোগ হৈছে এক সমৃদ্ধ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ শক্তিশালী উপায়”। দেশত পৰ্যটনৰ বিকাশৰ বাবে যোগাযোগৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাৰ বাবেই গুজৰাট পৰ্যটনৰ কেন্দ্ৰবিন্দুত পৰিণত হোৱাৰ উদাহৰণ দাঙি ধৰে। গুজৰাটৰ পৰ্যটনৰ নতুন আকৰ্ষণৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি গুজৰাটত ২২ খন অভয়াৰণ্য আৰু ৪খন ৰাষ্ট্ৰীয় উদ্যান আছে। হাজাৰ হাজাৰ বছৰ পুৰণি বন্দৰ চহৰ লোথালৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনা হৈ আছে। আজি আহমেদাবাদ চহৰ, ৰাণী কি ভাব, চম্পানেৰ আৰু ঢোলাভিৰা বিশ্ব ঐতিহ্যত পৰিণত হৈছে বুলিও মোদীয়ে কয়। তেওঁ লগতে কয় যে দ্বাৰকাৰ শিৱৰাজপুৰী এক উল্লেখনীয় সমুদ্ৰতীৰ। এছিয়াৰ আটাইতকৈ দীঘল ৰ’পৱে গিৰনাৰত আছে। গিৰ অৰণ্য হৈছে এছিয়াটিক সিংহৰ একমাত্ৰ বাসস্থান। বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি চৰ্দাৰ চাহেবৰ ষ্টেচু অফ ইউনিটি একতা নগৰত আছে। ৰানোৎসৱৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা আহি পৰ্যটকে ভিৰ কৰা এখন মেলা আয়োজন কৰা হৈ আহিছে। কচ্ছৰ ধোৰ্ডো গাওঁখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাওঁসমূহৰ ভিতৰৰে এখন হিচাবে পৰিগণিত হৈছে। নাডাবেট হৈ পৰিছে দেশপ্ৰেম আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। তেওঁ উল্লেখ কৰে যে ‘বিকাশ ভি বিৰাসাত ভি’ মন্ত্ৰৰ সৈতে সংগতি ৰাখি ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰসমূহ উন্নীত কৰা হৈছে। দ্বাৰকা, সোমনাথ, পৱাগড়, মোধেৰা আৰু অম্বাজীৰ দৰে সকলো গুৰুত্বপূৰ্ণ তীৰ্থস্থানৰ সুবিধা বিকশিত কৰা হৈছে। তেওঁ কয় যে ভাৰত ভ্ৰমণ কৰা প্ৰতিজন পৰ্যটকৰ মাজৰে প্ৰতি পঞ্চমগৰাকী পৰ্যটক গুজৰাট ভ্ৰমণ কৰিছে। যোৱা বছৰ আগষ্ট মাহলৈকে প্ৰায় ১৫.৫ লাখ পৰ্যটক গুজৰাটলৈ আহিছিল। ই-ভিছাৰ সুবিধাসমূহেও পৰ্যটকসকলক গুজৰাটলৈ আহিবলৈ উৎসাহিত কৰিছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে কয় “সৌৰাষ্ট্ৰৰ ভূমি সংকল্পৰ জৰিয়তে প্ৰাপ্তিৰ এক বৃহৎ উদাহৰণ”। অঞ্চলটোলৈ কৰা প্ৰতিটো ভ্ৰমণে কেনেদৰে নতুন শক্তি প্ৰদান কৰিব পাৰে সেই বিষয়ত তেওঁ গুৰুত্ব আৰোপ কৰে। সৌৰাষ্ট্ৰৰ লোকসকলে প্ৰতিটো টোপাল পানীৰ বাবে ব্যাকুল হৈ পৰা আৰু প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱাৰ কঠিন সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সৌনি যোজনাৰ বিষয়ত আলোকপাত কৰে । যিয়ে সৌৰাষ্ট্ৰৰ শ শ গাওঁলৈ জলসিঞ্চন আৰু খোৱাপানী যোগানৰ বাবে ১৩০০ কিলোমিটাৰ জোৰা পাইপলাইন স্থাপনৰ কাম আৰম্ভ কৰিছে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়ত বিশ্বাস ব্যক্ত কৰে যে গুজৰাটৰ লগতে সৌৰাষ্ট্ৰৰ সমগ্ৰ অঞ্চলটোৱে অনাগত বছৰসমূহত সফলতাৰ নতুন শিখৰত উপনীত হ’ব।মোদীয়ে কয় “দ্বাৰকাধিশৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। আমি একেলগে বিকশিত সৌৰাষ্ট্ৰ আৰু বিকশিত গুজৰাট গঢ়ি তুলিম”।গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিলো এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা দ্বীপক সংযোগ কৰা সুদৰ্শন সেতু দেশবাসীক উচৰ্গা কৰে। ই হৈছে দেশৰ আটাইতকৈ দীঘল কেবল-ষ্টেড দলং আৰু দূৃঘলে প্ৰায় ২.৩২ কিলোমিটাৰ। সুদৰ্শন সেতুৱে এক অনন্য ডিজাইন প্ৰদৰ্শন কৰিছে, য’ত দুয়োফালে শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিৰে সজাই তোলা পদপথ আছে। ইয়াত পদপথৰ ওপৰৰ অংশত সৌৰ পেনেলো স্থাপন কৰা হৈছে, য’ৰ পৰা এক মেগাৱাট বিদ্যুৎ উৎপাদন হয়। এই দলংখনে যাতায়ত সহজ কৰি তুলিব আৰু দ্বাৰকা আৰু বেইট-দ্বাৰকা পথৰ মাজত ভক্তৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিব। দলং নিৰ্মাণৰ পূৰ্বে তীৰ্থযাত্ৰীসকলে বেয়াত দ্বাৰকালৈ যাবলৈ নাও পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এই আইকনিক দলংখনে দেৱভূমি দ্বাৰকাৰ এক প্ৰধান পৰ্যটনস্থলী হিচাপেও কাম কৰিব।

অহা তিনিমাহলৈ বন্ধ থাকিব মোদীৰ ‘মন কি বাত’, ভ্লগাৰৰ বাবে নেছনেল ক্ৰিয়েটৰ এৱাৰ্ডৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অল ইণ্ডিয়া ৰেডিঅ’যোগে প্ৰচাৰিত তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘মন কি বাত’ত ভাগ লয়। এই অনুষ্ঠানটো অৱশ্যে দেশবাসীয়ে অহা তিনিমাহলৈ শুনিবলৈ নাপাব। এই অনুষ্ঠানটো প্ৰতি ইংৰাজী মাহৰ শেষৰটো দেওবাৰে ৰেডিঅ’ত সম্প্ৰচাৰ কৰা হয়।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ পৰৱৰ্তী তিনি মাহৰ বাবে বন্ধ ৰখা হ’ব । লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ অনুষ্ঠানৰ সম্প্ৰচাৰ বন্ধ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে নিজেই দেওবাৰে এই কথা প্ৰকাশ কৰিছে। ‘মন কি বাত’ৰ ১১০ সংখ্যক খণ্ডত মোদীয়ে কয়, “লোকসভা নিৰ্বাচনৰ দিন আগবাঢ়ি আহিছে। নিৰ্বাচনী অধিসূচনা মাৰ্চ মাহত কাৰ্যকৰী হ’ব। সেয়েহে, মন কি বাত পৰৱৰ্তী তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ’ব। মন কি বাত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও অস্থায়ীভাৱে বন্ধ ৰখা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে আজি তেওঁৰ ‘মন কি বাত’ অনুষ্ঠানত এক নতুন প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। সেই প্ৰতিযোগিতাৰ বিজয়ীক প্ৰদান কৰা হ’ব নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড। আজিকালি বহুতে ফেচবুক, ইনষ্টাগ্ৰাম বা ইউটিউবত ভ্লগিং কৰে। সেইসকল প্ৰতিভাশালীয়ে প্ৰায়ে বাছি লোৱা মুখ্য বিষয় হৈছে খোৱা-বোৱা ,ভ্ৰমণ কৰা, জীৱনশৈলী ইত্যাদি। মোদীয়ে কয় “মই বহুতকে তেওঁলোকৰ সংস্কৃতি আৰু ভাষা জীয়াই ৰাখিবলৈ নিস্বাৰ্থভাৱে কাম কৰা দেখিছোঁ।’’ প্ৰধানমন্ত্ৰীয়ে তেনে ভ্লগাৰসকলক দেশত প্ৰথমবাৰৰ বাবে ভোটদা কৰিবলগীয়া ভোটাৰসকলক উৎসাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ সকলোকে চৰকাৰৰ ‘নেছনেল ক্ৰিয়েটৰ এৱাৰ্ড’ অভিযানত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনায়।

অহা সপ্তাহত বিজেপিয়ে ১৫০ খন আসনৰ বাবে কৰিব পাৰে প্ৰাৰ্থী ঘোষণা, ২৯ ফেব্ৰুৱাৰীত বৈঠক…

লোকসভা নিৰ্বাচনৰ বাবে ২৯ ফেব্ৰুৱাৰীত বিজেপিৰ বিশেষ বৈঠক অনুষ্ঠিত হ’ব। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিজেপিয়ে অহা সপ্তাহত ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই প্ৰকাশ কৰিছে। একে সময়তে বিৰোধী শিবিৰ আৰু ইণ্ডিয়া মিত্ৰজোঁট আসন ভাগ-বতৰাৰ বাবে তৎপৰতা দেখুৱাইছে। এনে সময়তে বিজেপিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে। সূত্ৰ অনুসৰি গেৰুৱা দলটোৱে অহা সপ্তাহত লোকসভা নিৰ্বাচনৰ বাবে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।


নিৰ্বাচন আয়োগে এমাহৰ ভিতৰত লোকসভা নিৰ্বাচন ২০২৪ ৰ তাৰিখ ঘোষণা কৰিব। এইবাৰ বিজেপিয়ে একক ভাবে ৩৭০ খন আসনত জয়ী হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এনডিএ হিচাপে ৪০০ খন আসনৰ লক্ষ্য স্থিৰ কৰা হৈছে।সেই লক্ষ্যত উপনীত হ’বলৈ বিজেপিয়ে বিপক্ষতকৈ আগবাঢ়ি থকাটো গুৰুত্বপূৰ্ণ। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন বৈঠক ২৯ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব। সেই বৈঠকৰ পিছত গেৰুৱা শিবিৰে কমেও ১৫০ খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিব পাৰে। লোকসভা নিৰ্বাচনত, বিজেপিয়ে শেহতীয়াকৈ সৰ্বাধিক সংখ্যক আসনত প্ৰতিদ্বন্দিতা কৰিব পাৰে। মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰে বহু কম আসনত যুঁজ দিয়াৰ সুবিধা পাব পাৰে। প্ৰথম পৰ্যায়ত ঘোষণা কৰিবলগীয়া ১৫০ জন প্ৰাৰ্থীৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ থকাৰ সম্ভাৱনা আছে। মোডীয়ে বাৰাণসীৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৰ মতে টিকট পোৱাটো নিশ্চিত হোৱা শীৰ্ষ বিজেপি নেতাসকলৰ ভিতৰত আছে নীতিন গাডকাৰী, ৰাজনাথ সিং আদি নেতাসকল। ইপিনে দিল্লীৰ তিনি খন আসনৰ বাবে বিজেপিয়ে তিনিজনক বাছনি কৰাৰ প্ৰক্ৰিয়া চলাই গৈছে সূত্ৰটোৱে প্ৰকাশ কৰে। তেওঁলোকৰ ভিতৰত মনোজ তিৱাৰী, পৰবেশ বাৰ্মা, ৰমেশ বিধুৰীৰ নাম উচ্চাৰিত হৈছে।