Home Blog Page 1007

ইটাখোলাত চাহৰ দোকানেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে শিক্ষিত নিবনুৱাই

যি সময়ত কৰ্ম সংস্থাপনৰ তাগিতাত এইখন অসমৰে শিক্ষিত নিবনুৱাই দৈনিক বহিঃৰাজ্যলৈ বুলি ধাপলি মেলিছে এনে সময়তে বিশ্বনাথৰ ইটাখোলা অঞ্চলৰ এগৰাকী উচ্চ শিক্ষিত নিবনুৱা যুৱকে চাহৰ দোকান কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে।

বি.কম ডিগ্ৰীধাৰী হৈও দৈনিক চাহৰ দোকানত গিলাছ ধুইছে যুৱ ব্যৱসায়ী সঞ্জীৱ শৰ্মাই। কৰ্মই আমাৰ ধৰ্ম এই মূলমন্ত্ৰক সৰোগত কৰি ইটাখোলা ব্যৱসায়ী কেন্দ্ৰস্থলত এখন সৰু চাহৰ দোকান দি পৰিয়াল পোহ-পাল দিয়াৰ সপোন ৰচিছে শিক্ষিত যুৱক সঞ্জীৱে।

উল্লেখ্য যে বিগত কুৰি বছৰৰো অধিক কাল সঞ্জীৱৰ মাতৃ ফুল কুমাৰী শৰ্মাই “ডাঙৰ মাইনা” নামৰ চাহৰ দোকানখন ইটাখোলা ব্যৱসায় কেন্দ্ৰস্থলৰ পথৰ কাষত চলাই থকাৰ পাচত তিনি বছৰ পূৰ্বে দোকানখন চমজি লৈ উক্ত পথৰ নাতি দূৰত্বত এটি সৰু কোঠালৈ স্থানান্তৰ কৰি সঞ্জয় শৰ্মাই চলাই আহিছে চাহ-মিঠাই, লাড়ু, ৰুটি, পৰঠাৰ ব্যৱসায়।এগৰাকী ডিগ্ৰীধাৰী শিক্ষিত নিবনুৱা যুৱক হৈও চৰকাৰী চাকৰিৰ আশা নকৰাৰ লগতে বহিঃৰাজ্যলৈ গৈ কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ চাকৰিত নিয়োজিত হৈ বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ পৰা বিৰত থাকি নিজৰ পিতৃ-মাতৃৰ লগত থাকি বৰ্তমান এই চাহৰ দোকানখনৰ জৰিয়তে স্বাৱলম্বী হৈ নিজৰ লগতে আন নিবনুৱা যুৱকৰো আদৰ্শ হৈ পৰিছে।

যুৱ ব্যৱসায়ী সঞ্জীৱ শৰ্মাই কামৰ কোনো সৰু বৰ নাই বুলি মানি লোৱা তথা কৰ্মই আমাৰ ধৰ্ম এই মতাদৰ্শ লৈয়ে লাজ-মান কিম্বা অহংকাৰ নকৰি চাহৰ দোকানখনতে পুৱা আঠ বজাৰ পৰা নিশা ন বজালৈকে দোকান চলাই এক প্ৰকাৰৰ ৰাইজৰ সেৱা কৰি আহিছে। ইয়াৰ উপৰি যুৱ ব্যৱসায়ী গৰাকীয়ে দৈনিক উপাৰ্জন কৰিছে ৭ ৰ পৰা ৮ হাজাৰ টকা পৰ্যন্ত।

বৃহত্তৰ ইটাখোলাৰ ব্যৱসায়ী কেন্দ্ৰস্থলত সাধাৰণকৈ দিয়া এখন চাহৰ দোকানখনৰ সকলো কাম নিজেই কৰি গ্ৰাহক ৰাইজৰ আদৰ-মৰম আদায় কৰিবলৈ সক্ষম হৈছে সঞ্জীৱ শৰ্মাই। স্থানীয় ৰাইজেও এনে এগৰাকী শিক্ষিত যুৱকৰ কৰ্ম ক্ষেত্ৰৰ বাবে যুৱক গৰাকীক প্ৰসংশা কৰাৰ লগতে যুৱ সমাজক এই নিদৰ্শন গ্ৰহণৰ আহ্বান জনাইছে।

বন্ধ হোৱাৰ দিশে ৰূপসী বিমানবন্দৰ!

এদিন দুদিন নহয়; সম্পূৰ্ণ ১১০ টা দিন কোনো ধৰণৰ জাননী অবিহনে ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা উৰা নাই ‘ফ্লাই বিগ’ নামৰ বিমান প্ৰতিষ্ঠানটোৰ বিমান। ইয়াতেই ক্ষুদ্ধ হৈ জনসাধাৰণে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বিটিআৰ চৰকাৰৰ এলাগী মনোভাৱক ধিক্কাৰ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে “উড়ান-২” আৰু “উড়ান-৪” ৰ অধীনত ৩৯ বছৰ বন্ধ হৈ থকা ৰূপসী বিমানবন্দৰটোক নতুনকৈ নিৰ্মাণ কৰি তুলিছিল। ২০২১ বৰ্ষৰ ৭ মাৰ্চত বিমান প্ৰতিষ্ঠানটোৱে ৩ বছৰৰ বাবে চুক্তি কৰি সপ্তাহত তিনিদিন ৰূপসী-গুৱাহাটী-কলকাতা লৈ বিমান চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেইমৰ্মে প্ৰথম কেইদিন নিয়মিত বিমান চলাচল কৰিছিল যদিও যাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাত সপ্তাহত ছয় দিন বিমান চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু হঠাৎ বিমান প্ৰতিষ্ঠানটোৱে কোনো আগতীয়া জাননী অবিহনে বিমান চলাচল বন্ধ কৰাত পুনৰ বিমানবন্দৰটো বন্ধ হৈ পৰাৰ শংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

আনহাতে বিটিআৰ প্ৰশাসনে বিষয়টোত ন্যুনতম গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

EX-SERVICEMEN RALLY TO FELICITATE 26 SUCCESSFUL CANDIDATE OFAPSCEXAM-2022 AT STATE WAR MEMORIAL, DIGHALIPUKHURI, GUWAHATI

Directorate of Sainik Welfare, Assam has organized an Ex-Servicemen Re-union rally to felicitate 26 successful Ex-Servicemen candidates of Assam. Assam government has sanctioned 2% reservation of vacancies in all depts. of Assam during 25thRajyaSainik Board meeting on 13th May 2022. Ex-Servicemen candidates appeared for APSC examination 2022 to avail the benefits of reservation. The first batch of successful candidates of APSC would be joining the Govt on 1st March 2024.

Shri Ranjeet Kumar Dass, Hon’ble Minister of GAD, Panchayat and Rural Development, Food, Civil Supplies & Consumer Affairs Govt of Assam was the Chief guest. A large number of Ex-Servicemen Officers, JCOs and Other Ranks also attended the function. The Hon’ble Minister urged the qualified candidates to work hard with honestly, integrity and bring about a change in the administration of the society with efficiency. He urged the other Ex-Servicemen to strive and qualify to avail the reserved vacancies in various departments of the State. The Hon’ble Minister also said that the youth of the State must join the Defence Services to serve the nation and assured them that the State will always look after the wellbeing and welfare of the Ex-Servicemen.

Recognizing the sacrifices made by the Armed Forces Personnel, Ex-Servicemen and their families, the Govt of Assam has consistently strived to provide assistance in various forms. 2% reservation for Ex-Servicemen of Assam in all four categories ie. Class I, II, III and IV is a very important welfare measure for rehabilitation & resettlement of Ex-Servicemen Community of Assam.

The Directorate of Sainik Welfare, Assam, Director Brigadier Dinesh Chandra Mazumdar (Retd) has expressed deep gratitude and appreciation for the support provided by the Govt of Assam. The Govt continued support and commitment has created a positive impact in the society and garnered widespread recognition and appreciation by the Ex-Servicemen Community.

‘নাছা’ৰ আলোচনা চক্ৰলৈ আমন্ত্ৰণ লাভ বৰপেটাৰ কৃশাংগী কাশ্যপৰ

‘নাছা’ উদ্যোগত আমেৰিকাৰ টেক্সাছত অহা ১১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া “55th Lunar and Planetary Science Conference (LPSC 55) 2024” ত যোগদানৰ বাবে সুযোগ লাভ কৰিছে বৰপেটাৰ মেধাৱী ছাত্ৰী তথা আই আই টি ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰী কৃশাংগী কাশ্যপে৷

বৰপেটাৰ কৃশাংগী কাশ্যপ নামৰ মেধাৱী ছাত্ৰী গৰাকীয়ে ভাৰতৰ পৰা এই সুযোগ লাভ কৰিছে। জানিব পৰা মতে কৃশাংগী কাশ্যপে চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওপৰত চলাই থকা গৱেষণাৰ অংশ হিচাপে প্ৰস্তুত কৰি উলিওৱা “Surface and Subsurface Regolith Charaterization of Lunar South Pole using Chandrayaan-2 Dual-Frequency Synthetic Aperture Radar (DFSAR) শীৰ্ষক নিবন্ধটো NASA ৰ অধীনত থকা Lunar and Planetary Institute (LPI)ৰ ৱেবচাইটত প্ৰকাশ পাইছে।

ছাত্ৰীগৰাকীৰ এই সফলতাত পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে বৰপেটাবাসী৷ উল্লেখ্য যে, মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন চলাই গৈছে৷

এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে আই আই টি ইন্দোৰত অধ্যয়ন কৰি আছে ছাত্ৰী গৰাকী৷ বৰপেটা নিবাসী পাঠশালাৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা কৃশাংগী কাশ্যপে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে এক প্ৰত্যাহ্বানমূলক গৱেষণা চলাই আছে৷ জানিব পৰা মতে এই গৱেষণা প্ৰায় সমাপ্ত হোৱাৰ পথত৷

অগপ দলৰ উন্নতি কামনাৰে আঠখেলীয়া নামঘৰত শৰাই-নৈবদ্য, মহাপুৰুষীয়া ভাওনাৰ আয়োজন

‘অগপ দল হৈছে অসমৰ একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল, যি ৰাইজৰ তেজৰ পৰা গঢ়া। অগপ দললৈ অসমৰ ৰাইজৰ মৰম আছে ক্ষোভো আছিল, সেয়েহে দুবাৰকৈ শাসনলৈ অহাৰ পিছতো অসমৰ ৰাইজে ক্ষমতাৰ পৰা বিতাড়িত কৰিছিল।’ এই মন্তব্য অগপ দলৰ সভাপতি তথা ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ। নিজৰ পৰিয়ালৰ লগতে অগপ দলৰ উন্নতি বিচাৰি শনিবাৰে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত উপস্থিত হয় অতুল বৰা।

সপৰিয়ালে নামঘৰ ভাগিত উপস্থিত হৈ পৰিয়াল আৰু অগপ দলটোৰ হৈ শৰাই-নৈবদ্য আগবঢ়োৱাৰ লগতে নিশালৈ আগবঢ়াইছে এভাগী মহাপুৰুষীয়া ভাওনা। আঠখেলীয়া নামঘৰ প্ৰাংগণত উপস্থিত হৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে অগপ দলৰ বিষয়ে এইদৰে কোৱাৰ লগতে পুনৰ কয় যে, কংগ্ৰেছ দলৰ দীৰ্ঘদিনীয়া শাসনে অসমৰ ৰাইজক বহুত তিতা-কেহা দিলে। বৰ্তমান অসমত আঞ্চলিকতাবাদী দলটোৱে আকৌ ঠন ধৰি উঠিছে। অগপ দললৈ নতুন তেজৰ আমদানি হৈছে। নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকল আকৰ্ষিত হৈছে। অগপ দললৈ নতুনৰ আগমনৰ বিষয়ে সোধা প্ৰশ্নত শীঘ্ৰেই কংগ্ৰেছৰ কেইবাজনো বিধায়কে অগপত যোগদান কৰাৰ স্পষ্ট ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিতেই ক্ষিপ্ৰতাৰে দলৰ কাম-কাজ চলোৱাৰ লগতে সাংগঠনিক দিশতো ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা বুলি অৱগত কৰে সভাপতি অতুল বৰাই। ইফালে আগন্তুক লোকসভা নিৰ্বাচনত অগপ দলে কেইখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, আমি এনডিএৰ অংশীদাৰ, ইয়াত বিজেপি মূল পাৰ্টী। ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমি মিত্ৰজোঁটৰ চৰকাৰ চলাই আছো। এতিয়ালৈকে আসন ভাগ-বটোৱাৰ কথা চলা নাই যদিও চৈধ্যটা সমষ্টিতেই দলৰ কাম-কাজ চলি আছে, য’ত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব আমি তাত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী কৰিবলৈ চেষ্টা কৰিম আৰু য’ত আমাৰ দলে প্ৰাৰ্থিত্ব দিব তাতো মিত্ৰজোঁটে আমাক সহায় কৰিব।

কংগ্ৰেছ দলৰ বিষয়ে সোধা প্ৰশ্নত অতুল বৰাই কয় যে, কেৱল অসমতেই নহয়, সমগ্ৰ দেশতেই কংগ্ৰেছৰ আজি বিপৰ্যয় চলিছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই বিপৰ্যয় মাতিলে কংগ্ৰেছলৈ। দেশত এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে দেশৰ বিভিন্ন ঠাইত ঘূৰাৰ পিছত দেশৰ যি পাঁচটা সমষ্টিত বিধানসভা নিৰ্বাচন হৈ গ’ল তাত কোনো যোগাত্মক প্ৰভাৱ নাই। আনহাতে, নিশালৈ আঠখেলীয়া নামঘৰত অনুষ্ঠিত হ’ব লগা ভাওনাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকিব বুলি অতুল বৰাই জানিবলৈ দিয়ে।

মৰিগাঁও জিলাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৫১৫১ গৰাকী লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্ৰদান মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পীয়ুষ হাজৰিকাৰ

মৰিগাঁও জিলাৰ তিনিওটা সমষ্টি সামৰি দেওবাৰে মুঠ ৫১৫১ গৰাকী ব্যক্তিক বসুন্ধৰা ২.০ আঁচনিৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হয়। জিলাখনৰ জাগীৰোড সমষ্টিত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আনুষ্ঠানিকভাৱে ভূমি পট্টা প্ৰদান কৰে।

জাগীৰোড সমষ্টিত মুঠ ২৫২৯ গৰাকী ব্যক্তিক আজি ভূমি পট্টা প্ৰদান কৰা হয়। এই উপলক্ষে ভকতগাঁৱৰ জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ সৰ্বাংগীন বিকাশৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। তেওঁ কোনো এজন যোগ্য লোক যাতে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নহয় সেয়া সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয় যে প্ৰতিজন যোগ্য ব্যক্তিক ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যিসকল যোগ্য লোকৰ নাম বসুন্ধৰা ২.০ ত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক হতাশ নহ’বলৈ আহ্বান জনাই তেওঁ কয় যে বসুন্ধৰা ৩.০ ৰ অধীনত মাটিৰ প্ৰতিগৰাকী প্ৰকৃত গৰাকীক সামৰি লোৱাৰ প্ৰয়াস কৰা হ’ব। তেওঁ লগতে বসুন্ধৰা আঁচনিখনৰ বিষয়ে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে। সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ দিয়ে আৰু তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰেও বক্তব্য আগবঢ়ায়।

অনুষ্ঠানত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগ আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে জাগীৰোড সমষ্টিত বসুন্ধৰা ২.০ ৰ অধীনত মুঠ ২২,৫২১ খন আবেদন লাভ কৰা হৈছিল।

আনহাতে মৰিগাঁও আৰু লাহৰীঘাট সমষ্টিৰ বাবে মৰিগাঁৱৰ তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত অনুষ্ঠানত আবকাৰী, মীন আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ভূমি পট্টা প্ৰদান কৰে। তেওঁ কয় যে মা, মাটি, মানুহ এই তিনিটা বিষয় লৈ পৃথিৱীখন বৰ্তি আছে আৰু মাটিক সেয়ে আমি ধৰিত্ৰী মা হিচাপে গণ্য কৰোঁ। ভূমিপুত্ৰক মাটিৰ অধিকাৰ প্ৰদান কৰিবৰ বাবেই চৰকাৰে বসুন্ধৰা আঁচনিখন গ্ৰহণ কৰিছে বুলি তেওঁ কয়।

তেওঁ লগতে জিলা প্ৰশাসন তথা বসুন্ধৰাৰ সৈতে জড়িত সকলোকে এই আঁচনিৰ সফল ৰূপায়নৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে পাহাৰীয়া, দুৰ্গম অঞ্চলত বাস কৰা তথা জনজাতীয় লোকসকলক এই আঁচনিৰ অধীনত বিশেষভাৱে সামৰি লোৱা হৈছে। জৰীপ কৰি পট্টা প্ৰদানলৈকে সমগ্ৰ প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া আৰু প্ৰত্যাহ্বানমূলক বুলি উল্লেখ কৰি তেওঁ ৰাইজক এইক্ষেত্ৰত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এই মাটিৰ পট্টা কেৱল এখন কাগজ নহয়, বৰং এই মাটিৰ সন্তান হিচাপে অধিকাৰ সাব্যস্ত হোৱাৰ এক গুৰুত্বপূৰ্ণ দলিল।

সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক তথা ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে কয় যে এতিয়াও বহু লোকে ভূমি পট্টা পাবলৈ বাকী আছে। যুগ যুগ ধৰি এইখন অসমত বাস কৰি থকা প্ৰতিগৰাকী ভূমিহীন যোগ্য ব্যক্তিয়ে মাটিৰ পট্টা লাভ কৰিব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাইজৰ সহযোগতহে এই প্ৰয়াস সফল হ’ব বুলি তেওঁ কয়। তেওঁ যোগ্যসকলক মাটিৰ পট্টাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

দেওবাৰে মৰিগাঁও সমষ্টিত ২৩৭১ গৰাকী আৰু লাহৰীঘাট সমষ্টিত ২৫১ গৰাকী অৰ্থাৎ মুঠ ২৬২২ গৰাকী লোকক ভূমি পট্টা প্ৰদান কৰা হয়। উল্লেখ্য যে মৰিগাঁও সমষ্টিত মুঠ ১৫,৭৮৭ খন আৰু লাহৰীঘাট সমষ্টিত ৯৩৭৮ খন আবেদন লাভ কৰা হৈছিল।

সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই আদৰণি ভাষণ দিয়ে। সভাত জিলা আয়ুক্ত, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী আৰু ভালেমান গণ্যমান্য ব্যক্তি উপস্থিত আছিল।

দিশহাৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা! অগপ-এআইইউডিএফলৈ কংগ্ৰেছী বিধায়ক…

লোকসভাৰ নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই বিপদে হেঁচি ধৰিছে প্ৰদেশ কংগ্ৰেছ দলটোক। অসহায় হৈ পৰা সভাপতি ভূপেন বৰা যেন ব্যৰ্থ হৈ পৰিছে দলটোৰ খহনীয়া ৰোধ কৰাত। কিছু দিন পূৰ্বে দলটোৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থ আৰু বসন্ত দাসে দলটোত থাকিও শাসকীয় পক্ষক পূৰ্ণ সমৰ্থন জনোৱাৰ ঘোষণাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ঘটালে বিস্ফোৰণ। মহন্তই পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডল আৰু দক্ষিণ কৰিমগঞ্জৰ বিধায়ক চিদ্দিকী আহমেদে শীঘ্ৰেই অসম গণ পৰিষদ দলত যোগদান কৰিব বুলি ঘোষণা কৰিছে।

অৱশ্যে কিছুদিন পূৰ্বে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো এই বিষয়ে ঘোষণা কৰিছিল। যদি এই তথ্য সত্য হয় ই হ’ব কংগ্ৰেছ দলটোৰ বাবে আন এক মোক্ষম আঘাত। এই চাঞ্চল্যৰ মাজতেই এআইইউডিএফ দলৰ দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানে কংগ্ৰেছ দলৰ ৫গৰাকী বিধায়কে এআইইউডিএফ দলত যোগদানৰ বাবে সাজু হোৱাৰ ইংগিত দিছে। আনহাতে, টিকটকেন্দ্ৰিক ঘটনায়ো বিব্ৰত কৰি ৰাখিছে সভাপতি ভূপেন বৰাক। মন পছন্দৰ সমষ্টি নাপালে একাংশই দলত্যাগৰ ভাবুকি দি আছে। ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছ দলৰ খহনীয়াক লৈ মুঠেই চিন্তিত হৈ পৰা পৰিলক্ষিত হোৱা নাই। প্ৰশ্ন হৈছে, আগন্তুক লোকসভাৰ নিৰ্বাচনত যুঁজিবলৈ দলটোত সেনা থাকিবগৈ নে। কি হ’ব সভাপতি ভূপেন বৰাৰ ৰাজনৈতিক ভৱিষ্যৎ।

লাহৰীঘাট আৰক্ষীৰ জালত প্ৰথমগৰাকী সুদখোৰ…

সুদখোৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

থানাই থানাই গ্ৰেপ্তাৰ হৈছে বহু সুদখোৰ।

ৰাজ্যৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটতো গ্ৰেপ্তাৰ হৈছে সুদখোৰ।

লাহৰীঘাট আৰক্ষীৰ জালত পৰা প্ৰথমগৰাকী সুদখোৰ হৈছে ভূঞাবাৰী গাঁৱৰ ফৰিজ উদ্দিন আহমেদ।

চতিয়াৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনৰ কৃতিত্ব, দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব; ২৭ ফেব্ৰুৱাৰীত ৰাওনা হ’ব মস্কোলৈ…

চতিয়াৰ গেৰেকী গাঁৱৰ ১০ বছৰীয়া কিশোৰী মিংবী বৰফুকনে উশ্বু খেলত দুবাৰকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰি চতিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ কনমানী খেলুৱৈ মিংবী বৰফুকন গেৰেকী গাঁৱৰ ৰবাৰ্ট ফুকন আৰু বৰ্ষা ফুকনৰ জীয়াৰী ৷ প্ৰশিক্ষণৰ নামত প্ৰশিক্ষক পদ্ম জাইৰোৰ তত্বাৱধানত “উশ্বু মেছিনাৰী”ৰ এটা তৰ্জাৰ বেৰৰ কোঠাৰ সীমিত সুবিধাত কনমানী খেলুৱৈ মিংবীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে অনুশীলন অব্যাহত ৰাখিছে ৷ মিংবী বৰফুকনে ২০২৩ বৰ্ষত চীনত অনুষ্ঠিত হোৱা এচিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ষষ্ঠ স্থান লাভ কৰিছিল ৷ ২০২৪ বৰ্ষৰ মাৰ্চ মাহত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগা উশ্বু ষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিবলৈ পুনৰাই সুযোগ লাভ কৰিছে মিংবী বৰফুকনে ৷

ভাৰতীয় উশ্বু দলত স্থান লাভ কৰা কনিষ্ঠতম খেলুৱৈৰূপে বিবেছিত হৈছে মিংবী ৷ অহা ২৭ ফেব্ৰুৱাৰীত ভাৰতীয় দলৰ সৈতে খেলুৱৈ গৰাকী মস্কোলৈ ৰাওনা হ’ব ৷দ্বিতীয় বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ স্থান লাভ কৰা মিংবী বৰফুকনক চতিয়াৰ সকলো দল – সংগঠনৰ লগতে গুনমুগ্ধই শুভেচ্ছা জনোৱাৰ লগতে দেশৰ হৈ উজ্বলি উঠাৰ কামনাৰে আশিষ প্ৰদান কৰিছে।

ডিব্ৰুগড়ত আক্ৰাছুৰ ৫১৪ সংখ্যক বীৰ চিলাৰায় দিৱস, বিশিষ্ট সাহিত্যিক ড০ শশীকান্ত শইকীয়াক চিলাৰায় বঁটা প্ৰদান…

ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, লেখক ড০ শশীকান্ত শইকীয়াক আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰদান কৰে ‘চিলাৰায় বঁটা’। ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে ৫১৪ সংখ্যক বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আক্ৰাছুৱে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা বিশিষ্ট সাহিত্যিকগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত চিলাৰায় বঁটা গ্ৰহণ কৰি ড০ শশীকান্ত শইকীয়াহই বীৰ চিলাৰায়ক প্ৰাচীন অসমৰ আলেকজেণ্ডাৰৰ লগত তুলনা কৰি কয় — বীৰ চিলাৰায়ৰ পৰা নতুন প্ৰজন্মই বহু শিকিবলগীয়া আছে। নতুন প্ৰজন্মই চিলাৰায়ৰ বিষয়ে জনাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰি কয়— অসমীয়া জাতিৰ শিপাডাল বিচাৰিবলৈ চিলাৰায়ৰ সাম্ৰাজ্যক অধ্যয়ন কৰিব লাগিব। সৌ তাহানিতে বীৰ চিলাৰায়ে মানুহক ভালপোৱাৰ আন্দোলন গঢ়ি তোলাৰ লগতে সমন্বয় আৰু সম্প্ৰীতিৰে সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। সেয়ে এই গৰাকী মহান যোদ্ধাৰ আদৰ্শক নতুন প্ৰজন্মই গ্ৰহণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ‘অসম আদিত্য’ কাকতৰ সম্পাদক তথা বিশিষ্ট লেখক মনজিৎ বৰাই কয়— জাতি সদায় শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব লাগিব।

শিপা নাথাকিলে জাতি কেতিয়াও সমৃদ্ধিশালী হৈ নাথাকে। পৰম্পৰা, সংস্কৃতি, লোকাচাৰসমূহ ৰক্ষা কৰি চলিলেহে কোঁচ ৰাজবংশী সমৃদ্ধিশালী হৈ থাকিব। কোঁচ ৰাজবংশী সমৃদ্ধিশালী হৈ থাকিলে অসমীয়া জাতি শক্তিশালী হৈ থাকিব। কিয়নো আজিৰ তাৰিখত বাৰে বাৰে ‘অসমীয়া কোন’ এই প্ৰশ্ন উঠে। এই প্ৰশ্নৰ উত্তৰ সদায় আমাৰ শিপাই দি আহিছে। জনজাতিকৰণৰ প্ৰসংগত জ্যেষ্ঠ সাংবাদিকজনে কয়— জনজাতিকৰণক লৈ চৰকাৰসমূহে প্ৰতাৰণা কৰি আহিছে কোঁচ ৰাজবংশীক। এই বিষয়টো কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই শক্তিশালীভাৱে আগুৱাই নিব নোৱাৰিলে চৰকাৰ বা ৰাজনৈতিক দলসমূহে ৰাজনীতিয়ে কৰি থাকিব। উল্লেখ্য যে, আজি বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰশান্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ ‘প্ৰবাহমান’ উন্মোচন কৰে জেষ্ঠ সাংবাদিক গৰাকীয়ে। আনহাতে মুকলি সভাৰ আৰম্ভনিতে সাংবাদিক হিৰণ্য বৰাই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে। আক্ৰাছুৰ জিলা সভাপতি দিগন্ত শইকীয়াৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে লাহোৱাল কলেজৰ অধ্যাপক সৰল দত্তই। চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে গৃহৰক্ষী বাহিনীৰ কামাণ্ডেন্ট সুমন দাসে। শ্বহীদ তৰ্পন কৰে আক্ৰাছুৰ জিলা সম্পাদক প্ৰাঞ্জল দত্তই। মুকলি সভাখনি উদ্বোধন কৰে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নৰেন্দ্ৰ মাহেলাই। ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি হেমন্ত গগৈ, আক্ৰাছুৰ লখিমপুৰ জিলাৰ সভাপতি হিৰণ্য ৰাজখোৱা, ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী গোলাপী সিংহ, মৌজাদাৰ সন্থাৰ উপদেষ্টা পদ্মধৰ দত্ত, গাঁওৰক্ষী বাহিনীৰ অধিনায়ক মনোজ দত্ত, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, ডিব্ৰুগড় আঞ্চলিক সমিতিৰ সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰশান্ত কাকতি, মৰান মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰাজীৱ হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই, লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰশান্ত কুমৰাল শইকীয়া, মানকটা সাহিত্য সভাৰ সভাপতি পোনা সোনোৱাল, সম্পাদক নৱনীতা শ্যাম উৰংগীয়া, সাহিত্য সভাৰ মন্দাকিনী সম্পাদক কুসুম সোনোৱাল, জ্যেষ্ঠ সাংবাদিক দেৱজিত চুতীয়া, শিক্ষয়িত্ৰী মঞ্জুলতা সোনোৱাল, সমাজ সেৱক পদ্মধৰ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলা সম্পাদক প্ৰাঞ্জল দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাখনি আঁত ধৰে প্ৰশান্ত শইকীয়াই।