Home Blog Page 1019

চুলিৰ বৃদ্ধিত সমস্যাৰ সন্মুখীন হৈছে নেকি? এই খাদ্যসমূহ গ্ৰহণ কৰক…

যদি আপোনাৰ মূৰৰ চুলি বৃদ্ধি হোৱা নাই, তেন্তে আপোনাৰ খাদ্য তালিকাত সমস্যা হৈছে। ইয়াৰ বাবে কিছুমান বিশেষ বস্তু খাব লাগিব। আমাৰ মাজত এনে বহু লোক আছে যিয়ে সকলো প্ৰচেষ্টাৰ পিছতো আকাংক্ষিত চুলিৰ বৃদ্ধি লাভ কৰিবলৈ সক্ষম নহয়। বিশেষকৈ মহিলাসকলে এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিছুমানে ইয়াৰ বাবে বহু ধৰণৰ ৰাসায়নিক ভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰে, যাৰ ফলত চুলিৰ ক্ষতি হ’ব পাৰে। যদি আপুনি আপোনাৰ খাদ্য তালিকাত কিছু স্বাস্থ্যকৰ খাদ্য অন্তৰ্ভুক্ত কৰে তেন্তে চুলিৰ বৃদ্ধি ভাল হ’ব পাৰে-


কণীক প্ৰটিন, বায়’টিন আৰু অত্যাৱশ্যকীয় এমিনো এচিডৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। প্ৰটিনে চুলিৰ ৰক্তক্ষৰণ বন্ধ কৰে আৰু বায়টিনে চুলিৰ স্থিতিস্থাপকতা বৃদ্ধি কৰাত সহায় কৰে। সৰ্বাধিক সুফল পাবলৈ কণী ৰন্ধা, উতলাই বা অমলেট বনাই খাব লাগে।

পালেংত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন এ আৰু চি আৰু ফ’লেট থাকে। আইৰণে চুলিৰ গুৰিলৈ অক্সিজেন প্ৰেৰণ কৰাত সহায় কৰে, যাৰ ফলত চুলিৰ বৃদ্ধিত সহায় কৰে। পালেং চালাডৰ ৰূপতো খাব পাৰে। ইয়াৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণৰ বাবেও ই সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত অৰিহণা যোগায়।

ছালমন মাছ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়, ইয়াত ওমেগা-৩ ফেটি এচিড, প্ৰটিন, ভিটামিন ডি আৰু এন্টি অক্সিডেন্ট থাকে। ওমেগা-৩ ফেটি এচিডে চুলিৰ গুৰিবোৰক পুষ্টি প্ৰদান কৰাৰ লগতে মূৰৰ ছালৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে।

শৰীৰত এল ডি এল কলেষ্টেৰল বৃদ্ধি পাইছে নেকি, এই ৪ টা বস্তুৰ পৰা আঁতৰি থাকক…

শৰীৰত এল ডি এল কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটোৱেই বহুতো মাৰাত্মক ৰোগৰ আৰম্ভণি। এনে পৰিস্থিতিত সময়মতে নিয়ন্ত্ৰণ কৰাটো স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। খাদ্যত থকা কিছুমান খাদ্য পৰিহাৰ কৰিলে এই ৰোগ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি। উচ্চ কলেষ্টেৰল হৈছে বেয়া জীৱনশৈলীৰ ফলত হোৱা এক ভয়াৱহ ৰোগ, যাৰ ফল আজি অধিকাংশ লোকেই ভুগি আছে। দীৰ্ঘদিন ধৰি উচ্চ মাত্ৰাত কলেষ্টেৰল থাকিলে শৰীৰত হৃদৰোগ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ আশংকা থাকে। অৱশ্যে ঔষধৰ সহায়ত কলেষ্টেৰলৰ মাত্ৰা বজাই ৰাখিব পাৰি। কিন্তু খাদ্যাভ্যাস উন্নত কৰাটোও প্ৰয়োজনীয়। এনে পৰিস্থিতিত কোনবোৰ এল ডি এল কলেষ্টেৰলৰ পৰিমাণ বেছি হ’লে খাব নালাগে জানি লওক-

সাধাৰণতে গো-মাংস আৰু গাহৰিৰ মাংসত সংপৃক্ত চৰ্বিৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও মাংসৰ ৰেচিপি যেনে হেমবাৰ্গাৰ, ৰিব, গাহৰিৰ মাংসৰ চপ আৰু ৰোষ্টতো প্ৰচুৰ পৰিমাণে চৰ্বি পোৱা যায়, যিটো উচ্চ কলেষ্টেৰল ৰোগীৰ বাবে স্বাস্থ্যকৰ নহয়। অৱশ্যে মাংস সম্পূৰ্ণৰূপে পৰিহাৰ কৰাৰ প্ৰয়োজন নাই, মাজে মাজে খাব লাগে।

পিঁয়াজ, ফ্ৰেঞ্চ ফ্ৰাইৰ দৰে ডিপ ফ্ৰাইড খাদ্যই কলেষ্টেৰল বৃদ্ধি কৰে। আচলতে এনেকুৱা হয় কাৰণ ডিপ ফ্ৰাই কৰিলে খাদ্যৰ কেলৰিৰ সংখ্যা বৃদ্ধি পায়।


হট ডগ, চচ্চেজ আৰু বেকনত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে ইয়াত কলেষ্টেৰল আৰু চেচুৰেটেড ফেট অধিক পৰিমাণে থাকে।

যদি আপোনাৰ উচ্চ কলেষ্টেৰল থাকে তেন্তে কুকিজ, কেক, পেষ্ট্ৰি আদি বেকড খাদ্য সামগ্ৰী খাব নালাগে। কাৰণ ইয়াত মাখনৰ দৰে বহু চৰ্বিযুক্ত বস্তু ব্যৱহাৰ কৰা হয়, যাৰ বাবে ইয়াত কলেষ্টেৰলৰ পৰিমাণ অতি বেছি হৈ পৰে।

ঐতিহ্যপূৰ্ণ মাজুলীৰ শালমৰাৰ মৃৎ শিল্পলৈ ভাবুকি

ইতিহাসে গৰকা নৈ-দ্বীপ মাজুলীৰ শালমৰাত শতিকাযুৰি পলাশ ৰঙীন ৰ’দৰ পৃষ্ঠা হৈ জিলিকি আছে ঐতিহ্যপূৰ্ণ মৃৎ শিল্প। শালমৰাবাসীৰ জীৱন-জীৱিকাৰ প্ৰধান উৎস মৃৎ শিল্পই মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈও আগবঢ়াই আহিছে প্ৰভূত অৱদান। শালমৰাৰ কুমাৰ সম্প্ৰদায়ৰ ৬০০টা পৰিয়ালে যুগ যুগ ধৰি মূলতঃ নৌকা শিল্প আৰু মৃৎ শিল্পৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ সন্তানৰ পঢ়া-শুনাৰ খৰছো এই শিল্পৰ পৰাই আহৰণ কৰি আহিছে।

ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰায় বিশ ফুট গভীৰতাৰ পৰা অতি কষ্টসাধ্য পদ্ধতিৰে কুমাৰ সকলে সংগ্ৰহ কৰা কুমাৰ মাটি পাৰলৈ উঠাই পৰম্পৰাগত শৈল্পিক কলাৰে গঢ়া মাটিৰ বিভিন্ন পাত্ৰ সমূহ বিক্ৰীৰে অৰ্থ উপাৰ্জন কৰি আহিছে।

উল্লেখযোগ্য যে,প্ৰতিবছৰে বাৰিষাত সমগ্ৰ অঞ্চলটো বানে ধুৱাই নিয়াৰ‌ পাছত খৰালি ব্ৰহ্মপুত্ৰ শান্ত হোৱাৰ সময়খিনিত কুমাৰ সকলে নদীৰ পাৰৰ পৰা সংগৃহীত কুমাৰ মাটি খচি, পিতনিৰে পিতি মাটিৰ কলহ-টেকেলি, মলা, নদীয়াকে ধৰি প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী সমূহত ৰাঙলি লগাই ৰ’দত শুকুৱাই পেঘালিত পুৰি মাঘ,ফাগুন মাহত পাত্ৰ সমূহ সম্পূৰ্ণকৈ উলিয়ায় মাজুলীৰ গ্ৰাম্যাঞ্চলত বিক্ৰী কৰি অহাৰ সমান্তৰালকৈ এই সময়তে প্ৰায় পোন্ধৰ-বিশ দিনীয়াকৈ ২০ পৰা ২৫ খন নাৱেৰে অসমৰ বিভিন্ন ঠাইলৈ কলহ-টেকেলি সমূহ নি বজাৰত বিক্ৰী কৰা ধনেৰে পৰিয়াল সমূহে জীৱিকা নিৰ্বাহ কৰাৰ পৰম্পৰা পূৰ্বাপৰ ৰীতিৰে চলি আহিছে যদিও সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ গড়াখহনীয়াই শালমৰাত ভয়াৱহ ৰূপ ধাৰণ কৰাত ঐতিহ্যপূৰ্ণ মাজুলীৰ মৃৎ শিল্পলৈ ভাবুকি নামি আহিছে আৰু সমগ্ৰ অঞ্চলটোৰ প্ৰশাসনে কুমাৰ মাটি খননকাৰ্যত নিষেধাজ্ঞা জাৰি কৰাৰ লগে লগেই মৃৎ শিল্পকে উপাৰ্জনৰ একমাত্ৰ উৎস হিচাপে গ্ৰহণ কৰি অহা শালমৰাৰ কামজান, এলেঙী,বৰবোকা আদি অঞ্চলৰ প্ৰায় ৬০০ টাকৈ পৰিয়ালৰ জীৱনলৈ গভীৰ অশনি সংকেট নামি আহিছে।

ভৱিষ্যতৰ দিনত ঐতিহ্যপূৰ্ণ মাজুলীৰ শালমৰাৰ মৃৎ শিল্প বৰ্তি থাকিবগৈনে নাই তাক লৈও চিন্তাত পৰিছে মৃৎশিল্পীসকল। এইক্ষেত্ৰত শালমৰাবাসীয়ে বৈজ্ঞানিক পদ্ধতি অৱলম্বনেৰে ব্ৰহ্মপুত্ৰৰ মাটি খনন কৰি হ’লেও ইতিহাসপ্ৰসিদ্ধ শালমৰাৰ মৃৎশিল্পী সকলক প্ৰয়োজনীয় (কেঁচা মাল)কুমাৰ মাটি যোগান ধৰি মাজুলীৰ ঐতিহ্যপূৰ্ণ শিল্পটিক জীয়াই ৰখাৰ লগতে শালমৰাৰ মৃৎশিল্পী সকলৰ উপাৰ্জনৰ পথ সুনিশ্চিত কৰিবলৈ চৰকাৰক বিনম্ৰ আহ্বান জনাইছে।

– ৰজনীকান্ত বৰদলৈ

আইজলৰ বাংকাউ অঞ্চলত জব্দ ১৭ কিলোগ্ৰামৰো অধিক নিচাযুক্ত টেবলেট…

আইজলৰ বাংকাউ অঞ্চলত জব্দ বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট৷ উদ্ধাৰ কৰা টেবলেটখিনিৰ ওজন ১৭ কিলোগ্ৰামৰো অধিক ৷

প্ৰায় এক লাখ সত্তৰ হাজাৰ নিচাযুক্ত মেথামফেটামাইন টেবলেট জব্দ৷ আবকাৰী আৰু নাৰ্ক’টিক বিভাগৰ অভিযানত জব্দ টেবলেটখিনি ৷

ম্যানমাৰৰ ৰবাৰ্ট নামৰ এজন সৰবৰাহকাৰীক আটক৷ জব্দকৃত টেবলেটখিনিৰ আন্তৰ্জাতিক বজাৰমূল্য ৪০ কোটি টকাৰো অধিক৷

বাঙ্গালুৰুলৈ সংস্থাপন বিচাৰি যোৱা তিতাবৰৰ মোহনাটিং বৰুৱাবাৰীৰ যুৱক ৰিতুপন ৰাজখোৱা সন্ধানহীন

তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম তিতাবৰৰ মোহনাটিং বৰুৱাবাৰী গাঁৱৰ ৰিতুপণ ৰাজখোৱা নামৰ ৩৯ বছৰ বয়সৰ এজন ব্যক্তি পাঁচদিনে নিৰুদ্দেশ।

যোৱা ৯ ফেব্ৰুৱাৰীত কোম্পানীত সংস্থাপন বিচাৰি বাঙ্গালুৰুলৈ গৈছিল যদিও অজ্ঞাত কাৰণত কোম্পানীত যোগদান নকৰি যোৱা ১৪ ফেব্ৰুৱাৰীত বাঙ্গালুৰুৰ পৰা মৰিয়নি অভিমুখী ১২৫০৯ এছ এফ এক্সপ্ৰেছ ট্ৰেইনত ঘৰলৈ আহি থকা অৱস্থাত বিজয়ৱাৰা জংচন আৰু ৰাজাহাণ্ড্ৰি ষ্টেচনৰ মাজত থকা কাইক্ৰাম ষ্টেচনৰপৰা নিখোজ হয় বুলি পৰিয়ালটোৱে জানিবলৈ দিছে।

১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা ফোনৰ চুইচ্ অফ হৈ থকা আৰু বিগত পাঁচদিনে সন্ধানহীন আৰু শেহতীয়াকৈ মানসিক ভাৱে ভাৰসাম্যহীন হৈ থকা যুৱকজনৰ মাতৃ, পত্নী, দুগৰাকী কন্যাৰ লগতে ককাই-ভাই, আত্মীয় -কুটুম্বসহ ওচৰ-চুবুৰীয়া চিন্তিত হৈ পৰিছে।

ইতিমধ্যে যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত মৰিয়নি জংচনৰ আৰ পি এফ থানা, তিতাবৰ সদৰ আৰক্ষী থানা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষকক যুৱকজনৰ জ্যেষ্ঠ ভ্ৰাতৃ বিতুপন ৰাজখোৱাই লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে পিন্ধনত ৰঙা স্পৰ্টিং, মটিয়া ৰঙৰ লংপেণ্ট আৰু হাৱাই চেণ্ডেল পৰিহিত যুৱকজনৰ  কোনো লোকে সন্ধান পালে ফোন +91 81338 71081 নম্বৰত অথবা আৰক্ষী থানাত জনাবৰ বাবে পৰিয়ালটোৱে অনুৰোধ জনাইছে।

-প্ৰসেনজিৎ ৰাজখোৱা, তিতাবৰ

কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ…

মহানগৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ।

কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহটো।

বৰ্তমানেও মৃত লোকজনৰ পৰিচয় পোহৰলৈ অহা নাই। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ…

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ । APCCৰ সভাপতি ভূপেন বৰা আৰু আন কেইবাগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধেও গোচৰ ৰুজু ।

গোলাঘাট আদালতত গোচৰ গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়েৰ। সৰুপথাৰত মুখ্যমন্ত্ৰীক সাক্ষাতৰ অভিযোগত কৰা হৈছিল অপসাৰণ।

তাৎক্ষণিকভাৱে দাদু টায়েক অপসাৰণ কৰিছিল APCC নেতৃত্বই।

চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত চৰাইদেউ জিলা আবকাৰীৰ

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে জিলা আৱকাৰী বিভাগে নিতৌ অভিযান অব্যাহত ৰাখিছে। সোমবাৰে সোণাৰি আবকাৰীৰ উদ‍্যোগত মথুৰাপুৰ, টেঙাপুখুৰী আৰক্ষীৰ সহযোগত যুতীয়াভাৱে চুলাই মদৰ অভিযান চলায় এঙেৰা অঞ্চলত।

অভিযানকাৰী দলেটোৱে মাইবেলা, টেঙাপুখুৰী, এঙেৰা, দুৱৰা গাঁও অঞ্চলত অবৈধ চুলাই মদৰ অভিযান চলাই ভাটি সমূহ ধংস কৰে। এই অভিযানৰ সময়ত দলটোৱে চুলাই তৈয়াৰ কৰাৰ বাবে ৰখা প্ৰায় ২৫০লিটাৰ চুলাই পাছ, বিক্ৰী কৰিবলৈ ৰখা ১৫ লিটাৰ চুলাই মদ ০২ টা চুলাই তৈয়াৰত ব্যৱহৃত হোৱা যন্ত্ৰ, ২৫কেজি লাওপানী জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়।

আবকাৰী বিষয়াৰ দল যোৱাৰ উমান পায় অবৈধ সুৰা তৈয়াৰ কৰা ব‍্যৱসায়ীয়ে পলাই যাবলৈ সক্ষম হয় যদিও অবৈধ সুৰাৰ বেপাৰীৰ বিৰুদ্ধে ৩টা গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে।

-ৰূপামণি গগৈ , চৰাইদেউ

পানী খোৱাৰ উপযুক্ত সময়, কোনসময়ত পানী খালে শৰীৰত উপকাৰ পোৱা যায়…

পানী অবিহনে বেছি দিন জীয়াই থাকিব নোৱাৰে। আনহাতে সঠিক সময়ত পানী খালে শৰীৰৰ বাবে ঔষধৰ দৰে কাম কৰে। পানী খোৱাৰ উপযুক্ত সময় কোনখিনি জানেনে? বেছিভাগ মানুহেই ডিঙি শুকান অনুভৱ কৰিলেহে পানী খায়, কিন্তু বাস্তৱত শৰীৰক কেতিয়া পানীৰ প্ৰয়োজন হয় তাৰ বাবে এটা নিৰ্দিষ্ট সময় থাকে। এনে পৰিস্থিতিত সঠিক সময়ত পানী খালে স্বাস্থ্যৰ উন্নতি ঘটে।


পানী খোৱাৰ উপযুক্ত সময় –
ৰাতিপুৱা খালী পেটত পানী খোৱাটোৱেই শৰীৰত হাইড্ৰেট কৰাৰ সৰ্বোত্তম উপায়। ৰাতিটো উপবাসে থকাৰ পিছত শৰীৰক তাৎক্ষণিক শক্তিৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত বিশেষজ্ঞসকলে আধা নেমুৰ ৰস, ১ চামুচ ঘিউ বা এচিকুট ডালচেনিৰ ৰস পানীৰ সৈতে খোৱাৰ পৰামৰ্শ দিয়ে। ই এন্টিঅক্সিডেন্ট, ভিটামিন চি আৰু পটাছিয়ামৰ উৎকৃষ্ট উপকাৰ প্ৰদান কৰে।
আনহাতে স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ আগতে পানী খোৱাটোৱে জি আই নলী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ওজন হ্ৰাসতো সহায় কৰে। আনহাতে যিসকল লোকে প্ৰতিদিনে খাদ্য খোৱাৰ ৩০ মিনিট আগতে ৫০০ মিলিলিটাৰ পানী খাই, তেওঁলোকৰ ওজন ১২ সপ্তাহত ৩ কিলোগ্ৰাম হ’ব পাৰে।
শুই উঠিয়ে পানী খালে ৰাতি শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু লগতে বিষাক্ত পদাৰ্থও স্বয়ংক্ৰিয়ভাৱে বাহিৰ কৰি দিয়ে। ইয়াৰ উপৰিও শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। কেৱল এয়াই নহয়, পেটৰ বিষ বা ক্ৰেম্পৰ পৰাও সকাহ দিয়ে।


গা ধোৱাৰ আগতে গৰম পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয়। আচলতে গা ধোৱাৰ আগতে গৰম পানী খালে শৰীৰটো ভিতৰৰ পৰা উষ্ণ হৈ পৰে, যাৰ ফলত তেজৰ সঞ্চালন উন্নত হয়। ইয়াৰ বাহিৰেও ঘাম ওলোৱাৰ পিছত, মালিচ কৰাৰ পিছত, ভাপ খোৱাৰ পিছত বা পানী খোৱাৰ পিছত, ব্যায়ামৰ আগত আৰু পিছত পানী খোৱাটো জৰুৰী।

জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ! ৰাইজৰ সহায় বিচাৰি কাতৰ অনুৰোধ পৰিয়ালবৰ্গৰ…

এটা অতি দুঃখবৰ জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ৰং চেনেলযোগে প্ৰচাৰিত ‘বৰলা কাই’ লগতে

ধাৰাবাহিক ত ‘কেৰপা’ নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হিয়াৰ আমঠু হৈ পৰা অভিনেতাজনক এতিয়া আপোনাৰ/মোৰ কিছু সহায়ৰ প্ৰয়োজন। যি যেনেকৈ পাৰে তেনেকৈ দি তেওঁক সহায় কৰাৰ অনুৰোধ পৰিয়ালবৰ্গৰ ।


তেখেতৰ বেংক একাউণ্ট G Pay No ৰ সবিশেষ তলত দিয়া হ’ল-
A/C No-20001694317
IFSC-SBIN0000028
G.Pay No-99542-73607.
(KABINDRA DAS)