Home Blog Page 1024

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে ! দমদম বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী বিমান…

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে! দমদম বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল যাত্ৰীবাহী বিমান

হঠাতে পাইলটৰ চকু ছাট মাৰি ধৰিলে উজ্জ্বল লেজাৰ লাইটে!। দমদম বিমান বন্দৰত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান। কলকাতা অভিমুখী বিমান খনে অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে উজ্জ্বল লেজাৰ লাইটে পাইলটৰ চকু ছাট মাৰি ধৰে। পাইলটে অভিযোগ কৰা অনুসৰি সেউজীয়া লেজাৰ পোহৰে পাইলট আৰু সহ-পাইলটসকলক কিছু সময়লৈ একো নেদেখা কৰি তোলে। পাইলটে মুহূৰ্তৰ বাবে দিশ নিৰ্ধাৰণ কৰাত সমস্যাৰ সন্মুখীন হয়। কিন্তু পাইলটে লগে লগে পৰিস্থিতি চম্ভালি লোৱাত বিমান খন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে। বিমানবন্দৰ কৰ্তৃপক্ষই আৰক্ষীৰ ওচৰত ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছে।

কলকাতা বিমান বন্দৰৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বাংগালুৰুৰ পৰা অহা বিমানখনে কলকাতাৰ দমদম বিমানবন্দৰত অৱতৰণ কৰিবলৈ লোৱাৰ সময়তে নাৰায়ণপুৰৰ ফালৰ পৰা লেজাৰ লাইটৰ সেউজীয়া পোহৰে ককপিটখন পোহৰাই তোলে। ইয়াৰ ফলত পাইলট আৰু সহ-পাইলটৰ মাজত কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়। বিমানখনত ১৮০ গৰাকী যাত্ৰী আৰু ছয়জন কেবিন ক্ৰু আছিল। বিমানবন্দৰ কৰ্তৃপক্ষই নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে।

বাংগালুৰুৰ পৰা কলকাতালৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানতো কেইদিনমান পূৰ্বে একে ধৰণৰ ঘটনাই ঘটিছিল। একেদৰে কিছুদিন পূৰ্বে আগৰতলাৰ পৰা কলকাতালৈ যোৱা এখন ইণ্ডিগো বিমানৰ অৱতৰণৰ সময়তো একে ঘটনাই ঘটিছিল। কিন্তু প্ৰশ্ন হৈছে পাইলটক বিভ্ৰান্ত কৰিবলৈ এনেদৰে লেজাৰ লাইট কোনে মাৰি আহিছে?

ঢেকীয়াজুলিৰ শিঙৰীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত…

ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত শিঙৰী আৰক্ষীচকী এলেকাৰ নতুন চিৰাজুলিত আজি ৰাতিপুৱা দহবজাত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা৷ভয়াবহ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হল এটা পৰিয়ালৰ সাসম্পত্তিৰ লগতে প্ৰয়োজনীয় সকলো নথিপত্ৰ৷উল্লেখ্য যে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত শিঙৰী আৰক্ষীচকী এলেকাৰ

নতুন চিৰাজুলি গাঁৱৰ বাসিন্দা অসীম কুমাৰ দাস নামৰ লোকজনৰ বাহগৃহত চিলিণ্ডাৰ বিস্পুৰণৰ ফলত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা৷জানিবপৰা মতে অসীম কুমাৰ দাসৰ পত্নীয়ে পাকঘৰত গেছৰ চৌকাত কিবা প্ৰস্তুত কৰিথকা অৱস্থাত চিলিণ্ডাৰত অগ্নিসংযোগ হোৱাত বিস্পুৰণ হয় চিলিণ্ডাৰ৷ ফলত জুইৰ লেলিহানে আগুৰি  ধৰে

অসীম কুমাৰ দাসৰ বাহগৃহত৷স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান সকলে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছিল যদিওঁ ভয়াবহ অগ্নিকাণ্ডৰ বাবে নিমিষতে জুইত ভস্মীভূত হল পৰিয়ালটোৰ ঘৰৰ বয়বস্তুৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সমূহ৷লগতে আঘাতপ্ৰাপ্ত হয় অসীম কুমাৰ দাসৰ পত্নী৷

এখন মঞ্চত তিনিও খান, ‘নাতু-নাতু’ গীতত নৃত্য শ্বাহৰুখ-ছলমান-আমিৰৰ…

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত শ্বাহৰুখ খান, ছলমান খান আৰু আমিৰ খানে ‘নাতু-নাতু’ গীতত জোৰদাৰ নৃত্য কৰে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে তিনিও খানৰ ধেমেলীয়া নৃত্যৰ ভিডিঅ’। দ্বিতীয় দিনা বলীউডৰ চেলিব্ৰিটিসকলে প্ৰি-ৱেডিং ফাংচনত অভিনয় কৰি অনন্ত আৰু ৰাধিকাক মোহিত কৰে। য’ত দীপিকা পাডুকন-ৰণবীৰ সিং, দিলজিৎ দোসাঞ্জ, ঝনৱী কাপুৰে তেওঁলোকৰ অভিনয়েৰে মঞ্চত জুই লগাই দিয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তিনি খানৰ নৃত্যৰ ভিডিঅ’।


অনন্ত-ৰাধিকা প্ৰি ৱেডিঙৰ প্ৰি-ৱেডিং ফাংচনত শ্বাহৰুখ খান আৰু ছলমান খানক ক’লা কুৰ্তা-পাইজামা পিন্ধা দেখা গৈছে। আমিৰ খানে পিন্ধিছে সেউজীয়া ৰঙৰ কুৰ্তা আৰু বগা পায়জামা। তিনিওজন খানে ডিঙিত জিলিকি থকা কাপোৰ লৈ মঞ্চত ‘আৰ আৰ আৰ’ ছবিৰ ‘নাতু-নাতু’ গীতটোত নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টো চালে তিনিওজন অভিনেতাই এজন এজনকৈ নিজৰ চিগনেচাৰ ষ্টেপ কৰা দেখা যায়।

ৰাধিকা মাৰ্চেণ্ট কোন? আম্বানীৰ কনিষ্ঠ বোৱাৰী পৰিয়ালৰ বিষয়ে জানক…

আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰী ৰাধিকা মাৰ্চেণ্টৰ পিতৃ বীৰেণ মাৰ্চেণ্ট দেশৰ অন্যতম বৃহৎ ব্যৱসায়ী। বীৰেণৰ দৰে তেওঁৰ পত্নী শৈলা মাৰ্চেণ্টো এগৰাকী ব্যৱসায়ী। বীৰেণ আৰু শৈলাৰ দুগৰাকী কন্যা আছে, তাৰ ভিতৰত ৰাধিকা সৰু কন্যা। আহক, আজি ৰাধিকা মাৰ্চেণ্টৰ পৰিয়ালৰ কথা জানো-

আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰীগৰাকী বহু প্ৰতিভাশালী, এনকোৰ হেল্থকেয়াৰৰ পৰিচালনা সমিতিৰ লগতে এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পীও।

ৰাধিকা মাৰ্চেণ্টৰ পিতৃ দেশৰ অন্যতম বৃহৎ ব্যৱসায়ী। ৰাধিকাৰ পিতৃ বীৰেণ মাৰ্চেণ্ট এনকোৰ হেল্থকেয়াৰৰ চিইঅ’ আৰু এপিএল এপ’ল’ টিউবছৰ ব’ৰ্ড মেম্বাৰ। ডি এন এ ৰিপৰ্ট অনুসৰি বীৰেণ মাৰ্চেণ্টৰ সম্পত্তিৰ পৰিমাণ ৭৫৫ কোটি টকা।

ৰাধিকা মাৰ্চেণ্টৰ মাতৃ শৈলা মাৰ্চেণ্টো এগৰাকী ব্যৱসায়ী। শৈলা মাৰ্চেণ্ট এনকোৰ হেল্থকেয়াৰৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। শৈলা মাৰ্চেণ্টে স্বামীৰ সৈতে ব্যৱসায়টো চম্ভালে।

ৰাধিকা মাৰ্চেণ্টৰ মাতৃ শৈলা মাৰ্চেণ্টো ফেশ্বন চেন্সৰ বাবে লাইমলাইটত আছে। সৌন্দৰ্য্যৰ ক্ষেত্ৰত শৈলা মাৰ্চেণ্টো তেওঁৰ নীতা আম্বানীতকৈ কম নহয়।

ৰাধিকা মাৰ্চেণ্টৰ এগৰাকী ডাঙৰ ভগ্নীও আছে, যাৰ নাম অঞ্জলি মাৰ্চেণ্ট মজিঠিয়া। অঞ্জলি মাৰ্চেণ্টে মুম্বাইৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰাই উচ্চ শিক্ষা সমাপ্ত কৰে।


পাৰ্থ সাৰথি মহন্তক আৰক্ষী মহাপৰিদৰ্শকলৈ পদোন্নতি…

আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তক আজি গৃহ বিভাগে আৰক্ষী মহাপৰিদৰ্শকলৈ পদোন্নতি দিয়ে। গৃহ বিভাগৰ সচিব বিশ্বজিত পেগু স্বাক্ষৰিত নিৰ্দেশটোত বৰ্তমান আইন শৃংখলাৰ উপ মহাপৰিদৰ্শক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে এছটিএফৰো দায়িত্বত আছে আৰক্ষী বিষয়া গৰাকী।

১ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁক মহাপৰিদৰ্শক পদলৈ পদোন্নতি দিয়া বুলি নিৰ্দেশটোত উল্লেখ কৰা হয়।

পুনৰ লজ্জিত কৰা হ’ল ভাৰতক! কোনে, কিয় লাজত পেলালে ভাৰতক…

পুনৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল ভাৰত। ভাৰতলৈ ফুৰিবলৈ আহি দলবদ্ধ বলাৎকাৰৰ বলি হ’ল স্পেইনৰ এগৰাকী মহিলা পৰ্যটক। ঝাৰখণ্ডত সংঘটিত হৈছে এই ঘটনা। ঝাৰখণ্ডৰ ডুমকা জিলাত সংঘটিত এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু তিনিজন সন্দেহজনক লোকক আটক কৰিছে। এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে এই লজ্জাজনক ঘটনাটো ডুমকাৰ হান্সদিহা আৰক্ষী থানা অঞ্চলৰ কুৰ্মাহাটত ঘটিছে। ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে ভাৰতলৈ আহিছিল। প্ৰায় ১০ জনীয়া দল এটাই বিদেশী মহিলাগৰাকীক ধৰ্ষণ কৰে। এছপি পীতাম্বৰ সিং খেৰৱাৰৰ নিৰ্দেশত আৰক্ষীৰ এটা দলে ঘটনাটোৰ তদন্ত কৰি আছে। হান্সদিহা আৰক্ষী থানাৰ আৰক্ষীয়ে তিনিজন লোকক আটক কৰিছে। তথ্য অনুসৰি, স্পেনিছ মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ সৈতে বাইকত ওলাই গৈছিল। তেওঁলোকে ডুমকা হৈ ভাগলপুৰ অভিমুখে গৈ আছিল।

নিশা পলম হোৱাত তেওঁলোকে হান্সদিহা বজাৰত কেম্প সাজি শুই আছিল। নিশা ওচৰ-পাজৰৰ কেইজনমান যুৱকে তাত উপস্থিত হৈ স্পেনিছ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। অভিযুক্তসকলে মহিলাগৰাকীক প্ৰহাৰো কৰে।বৰ্তমান, ভুক্তভোগী মহিলাগৰাকীক ডুমকা জিলাৰ চাৰিয়াহাত চিএইচচিত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে কুকুৰ ব্যৱহাৰ কৰি বলাৎকাৰীক গ্ৰেপ্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে।

সুখবৰঃ ভাৰতত বৃদ্ধি পাইছে নাহৰফুটুকী বাঘৰ সংখ্যা…

দেশবাসীৰ বাবে সুখবৰ। ভাৰতত বৃদ্ধি পাইছে নাহৰফুটুকী বাঘৰ সংখ্যা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা বৃদ্ধি পোৱাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ।বন্যপ্ৰাণী সুৰক্ষাৰ দিশত বিভিন্ন সামূহিক প্ৰচেষ্টাৰ সৈতে জড়িত সকলোকে শ্ৰী মোদীয়ে প্ৰশংসা কৰে।ভাৰতৰ বৰ্তমান নাহৰফুটুকী বাঘৰ সংখ্যা ১৩,৮৭৪ বুলি অনুমান কৰা হৈছে, যি ২০১৮ চনত ১২,৮৫২ আছিল।

ভাৰতত নাহৰফুটুকী বাঘৰ স্থিতি সম্পৰ্কীয় প্ৰতিবেদনৰ ওপৰত মন্তব্য কৰি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এক এক্স পোষ্টৰ জৰিয়তে জানিবলৈ দিয়ে যে মধ্য ভাৰতত নাহৰফুটুকী বাঘৰ সংখ্যা সৰ্বাধিক। মধ্য প্ৰদেশত ৩,৯০৭ টা নাহৰফুটুকী বাঘ আছে।কেন্দ্ৰীয় মন্ত্ৰীৰ এক্স পদৰ প্ৰতি সঁহাৰি জনাই শ্ৰী মোদীয়ে কয় যে; “বৰ ভাল খবৰ! নাহৰফুটুকী বাঘৰ সংখ্যাৰ এই উল্লেখযোগ্য বৃদ্ধি জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাৰতৰ অটল সমৰ্পণৰ প্ৰমাণ। বন্যপ্ৰাণী সুৰক্ষাৰ দিশত বিভিন্ন সামূহিক প্ৰচেষ্টাৰ সৈতে জড়িত হোৱা সকলোকে মই প্ৰশংসা কৰিছোঁ, যাৰ ফলত এক বহনক্ষম সহাবস্থানৰ পথ প্ৰশস্ত হৈছে।”

নেমুপানীৰ ভাল গুণ বেয়া গুণ জানক…

নেমু (lemon) বুলিলে গোলনেমু আৰু কাজিনেমুকে বুজা হয় ; যি আমাৰ দৈনিক আহাৰৰ অতি ৰুচীকাৰক তথা নানা ৰোগনাশক পাৰ্শ্বক্ৰিয়াহীন অপৰিহাৰ্য্য ঔষধী ফল। গোলনেমুৰ গুণাগুণ কাজিনেমুতকৈ কিছু অধিক যদিও দুয়োবিধ নেমুতে থকা নিম্নলিখিত পৌষ্টিক উপাদানে ৰোগী বা নিৰোগী সকলো লোকৰে দেহৰ সুৰক্ষা দি অহিছে।

নেমুটেঙাত আছে –

  • প্ৰটিন,
  • কেলচিয়াম,
  • পটেচিয়াম,
  • মেগনেচিয়াম,
  • আইৰন,
  • ফচফৰাচ,
  • কাৰ্বোহাইড্ৰেট,
  • চাইট্ৰিক এচিড,
  • এস্কাৰ্বিক এচিড,
  • পেক্টিন,
  • লিমোনিন,
  • আহজাতীয় পদাৰ্থৰ লগতে
  • ভিটামিন এ,
  • ভিটামিন চি,
  • ভিটামিন বি কম্ প্লেক্স আদি ।

নেমুটেঙাৰ ব্যৱহাৰ –

নেমুটেঙা বিভিন্ন ৰোগৰ বাহ্যিক বা আভ্যন্তৰীন খোৱা দৰৱ হিচাৱে বা ৰুচীবোধৰ বাবে আহাৰৰ লগত, গৰমত চৰৱত হিচাৱে বা কেচা নেমু নিমখ মিলাই খোৱা দেখা যায়।

অন্যান্য সকলো ফলৰ তুলনাত পাৰ্শ্বক্ৰিয়া নিচেই কম যদিও ইয়াৰ ব্যৱহাৰৰ মাত্ৰা,বিধি অনুসৰি গুণাগুণৰ তাৰতম্য হয় ।

স্বাস্থ্যসন্মত মাত্ৰা ও সেৱন বিধি:

এজন লোকৰ বাবে দৈনিক ১ৰ পৰা ৫ চাহ চামুচ নেমুৰস (বয়স অনুসৰি) খোৱা উচিত । প্ৰধান আহাৰৰ লগত বা এগিলাচ কুহুমীয়া গৰম পানীত ২ চামুচ নেমুৰস, ২ চামুচ মৌ নাইবা আন্দাজমতে নিমখ মিহলাই খোৱাতো ভাল । (দিনত ২বাৰৰ অধিক নাখাব)

গুণাগুণ:

ৰাতিপুৱা খালিপেটত কুহুমীয়া গৰম পানীত নেমু মিহলাই ওপৰত কোৱা মাত্ৰাত খালে:

  • পেট পৰিস্কাৰ হয়, শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হয়, কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা ৰোগ আৰোগ্য হয়।
  • পাচন তন্ত্ৰ সবল হয় , হজম শক্তি বাঢ়ে, যকৃতৰ পৰা হব পৰা ৰোগ, শ্বাস জনীত ৰোগ দুৰ হয়।
  • নিয়মিত সেৱনত হৃদযন্ত্ৰ সবল হয়,তেজ পৰিস্কাৰ হয়, ৰক্তদোষ, বাতদোষ , স্নায়ুদোষ, গাথি বিষ আৰু ইউৰিক এচিডৰ সমস্যা দুৰ হয় বাত, পিত্ত, কফজনীত নানা ৰোগ উপসম হয়।
  • উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন হয়।
  • প্ৰতিদিনে খালিপেটত এগিলাচ নেমু পানী খালে মেদবহুলতা দুৰ কৰে আৰু দেহৰ ওজন স্বাভাৱিক হয় ।

নেমুৱে অধিক ভোজনপ্ৰিয় লোকৰ ভোক কমায়।

  • সঠিক মাত্ৰা আৰু নিয়মিত সেৱনত এচিডিতিৰ সমস্যা দুৰ হয়। (বুকু জলাপোৰা বা গেষ্ট্ৰিক আলচাৰ ৰোগীয়ে অধিক মাত্ৰাত সেৱন নকৰিব)।
  • চালৰ সৌন্দৰ্য আৰু সুৰক্ষাৰ বাবে নেমু উত্তম পানীয়। চাল মসৃন হয়, বাৰ্ধক্যৰ চাপ নপৰে, কটা ঘা, ফোহা আদি সোনকালে শুকায়। সংক্ৰমনজনীত ৰোগ আৰোগ্য হয়।
  • ৰাতিপুৱা মৌ আৰু নেমুপানী খোৱাৰ লগতে কুলুকুলু কৰিলে মুখৰ গোন্ধ দুৰ হয়। মুত্ৰকৃচ্ছ ,মুত্ৰ জলাপোৰা আদি প্ৰস্ৰাৱৰ বিকাৰ দুৰ হয়।
  • ৰাতিপুৱা এগিলাচ নেমুপানী খালে দিনটোৰ বাবে শৰীৰত ক্লান্তি-অবসাদ দুৰ হৈ গা পাতল লাগে। গৰমত দেহৰ শীতলতা আনে।
  • প্ৰধান আহাৰৰ লগত নেমু খালেপাচন যন্ত্ৰ বা হজম ক্ৰিয়া অতি সৱল হয়। খোৱাৰ ৰুচী বৃদ্ধি হয়।
  • ৰাতিপুৱা যোগাসন বা ব্যায়াম কৰাৰ আগতে নেমু পানী খোৱা উত্তম ফলপ্ৰদ বিধি।
  • সামগ্ৰীক ফালৰ পৰা নেমু পানী সুস্থ্য অসুস্থ্য সকলো ব্যক্তিৰ বাবে ৰোগ প্ৰতিৰোধক, জীৱানু নাশক আৰু দেহ প্ৰতিৰক্ষা প্ৰনালী(Immune system) মজবুত কৰে। দেহৰ ৰোগ উপসম হোৱাত সহায় কৰে।

পিছে নেমুৰ বেয়া গুণখিনিও জানি থওক:

আচলতে নেমুৱে আমাৰ শৰীৰত অপকাৰ নকৰে যদিও অধিক মাত্ৰাত কেতিয়াও নাখাব।

  • অধিক সেৱনত আপোনাৰ শৰীৰত অম্লৰ মাত্ৰা (এচিডিতি) বাঢ়িব পাৰে।
  • অধিক মাত্ৰাত খোলা শৌচ/প্ৰস্ৰাৱ হৈ দেহৰ হানি কৰিব পাৰে।
  • খালি পেটত নেমু চোবাই নাখাব ।যথোচিত কু: গৰমপানী মিহলাইহে খাব। কাৰণ ঠাণ্ডা পানী পেটত জীন যাবলৈ বহুত সময় লাগে।
  • দাঁত সিৰসিৰালে নেমুপানী খাই মুখ ধুব বা ষ্ট্ৰ পাইপেৰে খাব।
  • নেমু পানী খাই কোনো ৰোগীয়ে পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিলে নাখাব বা চিকিৎসাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে নেমুপানী খাব।

কিডনী বা পিত্ত থলিত হোৱা পাথৰ ৰোগীয়ে অধিক মাত্ৰাত নেমু নাখাব।
ঠান্ডা পানীতকৈ কুহুমীয়া গৰম পানীত নেমু ৰস মিহলাই (চৰৱত)খোৱা বেচি গুনকাৰী।

বন্ধুসকল ওপৰত কোৱামতে নেমু পানী ব্যৱহাৰ কৰি উপকৃত হলে নিশ্চয় জনাব। পিছে ঠান্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীহে খাব। মনত ৰাখিব কোলড ড্ৰিঙ্ক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

লেখক: শ্ৰী যতীন দাস

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বিচাৰিছে বিজেপিৰ সাংসদ গৌতম গম্ভীৰে, এক্সৰ পোষ্টকলৈ ব্যাপক আলোচনা…

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বিচাৰিছে বিজেপিৰ সাংসদ গৌতম গম্ভীৰে। গৌতম গম্ভীৰে তেওঁৰ ৰাজনৈতিক ইনিংছ সমাপ্ত কৰিব নেকি? এক্স হেণ্ডেলত তেওঁৰ এটা পোষ্টে এনে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ আৰু পূব দিল্লীৰ বিজেপি সাংসদজনে কৈছে যে তেওঁ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি ল’ব বিচাৰে। তেওঁ আগন্তুক দিনত ক্ৰিকেটত মনোনিবেশ কৰিব বিচাৰে। গম্ভীৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সম্ভাৱনাই অধিক। প্ৰাক্তন ক্ৰিকেটাৰজনে যোৱা বছৰৰ নৱেম্বৰ মাহত কলকাতা নাইট ৰাইডাৰ্ছ শিবিৰত পৰামৰ্শদাতা হিচাপে যোগদান কৰিছিল। গম্ভীৰে ২০১১ চনৰ পৰা ২০১৭ চনলৈ দলটোৰ জাৰ্চীত খেলিছিল। দলটোৱে দুবাৰকৈ আই পি এল ট্ৰফীও জিকিছে।

আই পি এলত নতুন দায়িত্ব লোৱাৰ পিছত এয়া প্ৰায় নিশ্চিত আছিল যে গম্ভীৰে লোকসভা নিৰ্বাচনত কোনো ৰাজনৈতিক কাৰ্যসূচীত থাকিব নোৱাৰিব। শেহতীয়াকৈ তেওঁ পোনপটীয়াকৈ ৰাজনৈতিক কাৰ্যকলাপৰ পৰা অব্যাহতি বিচাৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক টেগ কৰি তেওঁ লিখিছে, “মই আপোনাক অনুৰোধ জনাইছো যে মোক সকলো ৰাজনৈতিক কামৰ পৰা মুক্তি দিয়ক। মই আগন্তুক দিনত ক্ৰিকেটত গুৰুত্ব দিব বিচাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মোক জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ।”

৩৭ বছৰীয়া হ’ল বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ, ৩৭ বছৰ বয়সতো বিবাহপাশত আৱদ্ধ হ’বলৈ মন নকৰে শ্ৰদ্ধাই; কাৰণ কি…

‘এক ভিলেইন’, ‘এবিচিডি’, ‘ষ্ট্ৰী’, ‘আশিকী’ ২ আৰু ‘বাঘী’ৰ দৰে ছবিত চৰিত্ৰত অভিনয় কৰি শ্ৰদ্ধা কাপুৰে চলচ্চিত্ৰ জগতৰ শীৰ্ষ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। আহকচোন তেওঁৰ ৩৭ সংখ্যক জন্মদিনত তেওঁৰ পৰিয়াল আৰু শীৰ্ষ ৫ খন ছবিৰ বিষয়ে জানি লওক। বহু হিট ছবিত অভিনয় কৰিছে যদিও তেওঁৰ কিছুমান ছবি বেয়াকৈ ফ্লপ হৈছিল, তথাপিও শ্ৰদ্ধাই কেতিয়াও হাৰ নামানে আৰু ২০১৮ চনত হৰৰ কমেডী ছবি ‘ষ্ট্ৰী’ৰ জৰিয়তে শক্তিশালী কামবেক কৰিছিল। শ্ৰদ্ধাই বলীউডৰ প্ৰায় প্ৰতিটো ধাৰাৰ ছবি কৰি নিজৰ সামৰ্থ্য প্ৰমাণ কৰিছে।

মুম্বাইত জন্মগ্ৰহণ কৰা শ্ৰদ্ধা কাপুৰ মুম্বাইতে ডাঙৰ-দীঘল হৈছিল। শ্ৰদ্ধাৰ পিতৃ শক্তি কাপুৰ পাঞ্জাবী আৰু মাতৃ শিৱাংগী কলহপুৰে মাৰাঠী আৰু কংকনী। শ্ৰদ্ধাৰ পিতৃ শক্তি কাপুৰ, মাতৃ শিৱাংগী কাপুৰ, জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰ, পেহী পদ্মিনী কলহাপুৰী আৰু তেজস্বনী কলহাপুৰী আটাইকেইজন অভনয়ৰ সৈতে জড়িত। লতা মংগেশকাৰ, আশা ভোছলে, মীনা খাদিকাৰ, উষা মংগেশকাৰ, হৃদয়নাথ মংগেশকাৰৰ দৰে বিখ্যাত ব্যক্তিৰ সৈতেও তেওঁৰ পাৰিবাৰিক সম্পৰ্ক আছে।

২০১০ চনত অভিনয় আৰম্ভ কৰাৰ পিছত শ্ৰদ্ধা কাপুৰে ৰোমান্টিক মিউজিকেল ছবি ‘আশিকী ২’ (২০১৩)ত এগৰাকী গায়িকাৰ চৰিত্ৰত অভিনয় কৰি সফলতা লাভ কৰে।


এক ভিলেইন (২০১৪), এই ছবিখন গুৰু (সিদ্ধাৰ্থ মালহোত্ৰা)ক কেন্দ্ৰ কৰি আবদ্ধ। গুৰুৰ জীৱন অন্ধকাৰ হৈ পৰে যেতিয়া তেওঁৰ পত্নী আয়েশা (শ্ৰদ্ধা কাপুৰ) ছিৰিয়েল কিলাৰ ৰাকেশ মহাদকাৰ (ৰিতেশ দেশমুখ)ৰ বলি হয়। শোক আৰু খঙৰ দ্বাৰা পৰিচালিত হৈ গুৰুৱে প্ৰতিশোধ ল’বলৈ ছিৰিয়েল কিলাৰক বিচাৰিবলৈ আৰম্ভ কৰে। এই ছবিখনৰ কাহিনী আৰু অভিনেতাসকলৰ অভিনয়ক প্ৰশংসা কৰাৰ লগতে ছবিখনৰ হৃদয়স্পৰ্শী গীতসমূহো অতি জনপ্ৰিয় হৈ উঠিছিল। ইয়াৰ উপৰিও বহু ছবিত অভিনয় কৰিছে শ্ৰদ্ধাই।