Home Blog Page 1039

যদি বয়স অনুযায়ী শিশুৰ ওজন নাবাঢ়ে, তেন্তে তেওঁৰ খাদ্যত এই ৫টা বস্তু দিয়ক…

যদি আপোনাৰ শিশুৰ বয়স অনুসৰি ওজন বৃদ্ধি নহয়, তেন্তে এই লেখাটো আপোনাৰ বাবে। শিশুৰ সুস্থ বৃদ্ধিৰ বাবে বয়স অনুযায়ী তেওঁৰ ওজন বৃদ্ধি হোৱাটো অতি প্ৰয়োজনীয়। অৱশ্যে পাতলতা আৰু মেদবহুলতা দুয়োটা জিনীয়। এনে পৰিস্থিতিত যদি পিতৃ-মাতৃ ক্ষীণ হয় তেন্তে শিশুটিৰ ওজনো কম হ’ব পাৰে। কিন্তু স্বাস্থ্যসন্মত আৰু সুষম খাদ্যৰ জৰিয়তে এই অৱস্থা নিয়ন্ত্ৰণ কৰিব পাৰি। কম ওজনৰ বাবে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত প্ৰভাৱ পৰে। লগতে এনে শিশু বৰ ওখ নহয়। ইয়াৰ বাহিৰেও তেওঁলোকৰ শিক্ষণ ক্ষমতা আন শিশুতকৈ কম। কিন্তু দীৰ্ঘদিন ধৰি কম ওজন থকা শিশুৰ ক্ষেত্ৰত এই লক্ষণসমূহ বেছিকৈ দেখা যায়। এনে পৰিস্থিতিত এই ৫টা বস্তু খুৱাই শিশুটিক সুস্থ কৰি তুলিব পাৰিব-

কলত পটাছিয়াম, ভিটামিন চি, ভিটামিন বি ৬ আৰু কাৰ্বহাইড্ৰেটকে ধৰি কেলৰিও প্ৰচুৰ পৰিমাণে থাকে, যাৰ বাবে ই শিশুৰ ওজন বৃদ্ধিৰ বাবে এক উত্তম খাদ্য। এনে অৱস্থাত প্ৰতিদিনে শিশুটিক এটা কল খুৱাব লাগে।

শিশুক ৬ মাহ বয়সৰ পৰা দালি খোৱাবলৈ আৰম্ভ কৰিব লাগে। দালিত থকা প্ৰটিন, মেগনেছিয়াম, কেলচিয়াম, আইৰণ, ফাইবাৰ আৰু পটাছিয়ামে শিশুৰ সঠিক বৃদ্ধি নিশ্চিত কৰে। শিশুৰ বাবে ওজন বৃদ্ধিৰ বাবে এইটো অন্যতম ফলপ্ৰসূ পানীয়।

ঘেঁহুৰ সলনি ৰাগী আটাৰে তৈয়াৰী ৰোটি খুৱালে শিশুৰ ওজন দ্ৰুতগতিত বৃদ্ধি পাব পাৰে। কাৰণ ইয়াত থকা কেলচিয়ামৰ পৰিমাণ আন আটাতকৈ বেছি। ইয়াৰ উপৰিও ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভিটামিনো থাকে।

চিয়া গুটিয়ে শিশুৰ ওজন দ্ৰুতগতিত বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ কাৰণ হ’ল ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে। এনে পৰিস্থিতিত শিশুটিৰ ওজন বৃদ্ধি কৰিবলৈ চিয়া গুটি পিহি খাদ্যত মিহলাই খুৱাব পাৰে।

মিঠা আলুক পুষ্টিকৰ, সহজ হজম আৰু স্বাস্থ্যকৰ খাদ্যৰ ভিতৰত গণ্য কৰা হয়। শিশুৰ ওজন বৃদ্ধিৰ বাবে অপৰিহাৰ্য ভিটামিন এ, ভিটামিন চি, ভিটামিন বি ৬, কপাৰ, ফছফৰাছ, পটাছিয়াম আৰু মেংগানিজ আদি পুষ্টিকৰ উপাদানৰে ইয়াত প্ৰচুৰ পৰিমাণে থাকে। মিঠা আলু উতলাই শিশুটিক খুৱাব পাৰে।


ভক্তৰ বাবে বিশেষ সুবিধাৰ নতুন ব্যৱস্থাৰ শুভাৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ সামগ্ৰী আৰু সেৱাৰ কৰ বিভাগৰ তেজপুৰস্থ কৰ আয়ুক্ত কায্যালয়ৰ দ্বাৰা জনকল্যাণমুখী আঁচনিৰ অধীনত ৩ লাখ টকা ব্যয়ৰে তেজপুৰৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ বাবে নৱ নিৰ্মিত এটি সুন্দৰ জোতা চেন্দেল গৃহৰ শুকুৰবাৰে এক মাংগলিক পৰিৱেশত শুভ উদ্বোধন কৰে শোনিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই৷

এইঅনুষ্ঠানত বিভাগৰ আয়ুক্ত ৰাজীৱ ৰঞ্জন মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিভাগে অসমৰ বিভিন্ন প্ৰান্তত লোৱা জনকল্যাণমুখী আঁচনি প্ৰকল্পৰ সবিশেষ ব্যাখ্যা কৰে আৰু এই সুবিধা প্ৰদানৰ বাবে মন্দিৰ সমিতিক ধন্যবাদ জনাই৷ অনুষ্ঠানত কেন্দ্ৰীয় সেৱাকৰ বিভাগৰ তেজপুৰৰ অতিৰিক্ত আয়ুক্ত থমাছ বসুমতাৰী আৰু সহকাৰি আয়ুক্ত আলোক কুমাৰ উপিস্থিত থাকি বিভাগৰ তৰফৰ পৰা প্ৰথমে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰ আৰু সম্পাদক হিৰণ্য ভুঞা প্ৰমুখে মূল পুৰোহিতক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই৷

অনুষ্ঠানৰ পিছতে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ আয়ুক্ত ৰাজীৱ ৰঞ্জনে দেৱালয়ত চলি থকা অতিথি গৃহ আৰু দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে বিশুদ্ধ খোৱাপানীৰ আঁচনিখনৰ অগ্ৰগতিৰো বুজলয় আৰু ভৱিষ্যত তেজপুৰক ধৰ্মীয়সাংস্কৃতিক পয্যটনৰ এক আকষনীয় কেন্দ্ৰস্থল হিচাপে নিৰ্মাণ কৰা পৰিকল্পনাৰ প্ৰসংগও সদৰি কৰি এই ক্ষেত্ৰত ৰাইজৰ পুৰ্ণ সহযোগিতাও কামনা কৰে।

হাৰিয়ানাত ইণ্টাৰনেট সেৱা কৰ্তন, ১৩ ফেব্ৰুৱাৰীত দিল্লী উত্তাল কৰাৰ হুংকাৰ পঞ্জাব-হাৰিয়ানাৰ কৃষকৰ…

হাৰিয়ানাত ইণ্টাৰনেট সেৱা কৰ্তন। ১৩ ফেব্ৰুৱাৰীলৈ ৰাজ্যখনত বন্ধ থাকিব ইণ্টাৰনেট। কৃষক আন্দোলনক ৰুধিবলৈ তৎপৰতা চৰকাৰৰ। ১৩ ফেব্ৰুৱাৰীত দিল্লী উত্তাল কৰাৰ হুংকাৰ পঞ্জাব-হাৰিয়ানাৰ কৃষকৰ। কৃষকসকলে আম্বালা-শম্ভু, খানৌৰী-জিন্দ আৰু ডাবৱালী সীমান্তৰ পৰা দিল্লীলৈ যাত্ৰা কৰাৰ মনস্থ কৰিছে। দিল্লীৰ সীমামপুৰত বৃহৎ সমাৱেশ নিষিদ্ধ কৰাৰ বিপৰীতে হাৰিয়ানাৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।প্ৰায় ২০০ কৃষক সংঘই ১৩ ফেব্ৰুৱাৰীত আয়োজন কৰা ‘দিল্লী চল’ পদযাত্ৰাৰ পূৰ্বে হাৰিয়ানা আৰক্ষীয়ে যান-বাহন পৰামৰ্শ জাৰি কৰি ৰাইজক পৰিহাৰ কৰিবলৈ আহ্বান জনাইছে অতি প্ৰয়োজনীয় নহ’লে ৰাজ্যৰ মূল পথসমূহ।


হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষকসকলে দিল্লী সীমান্তত উপস্থিত হোৱাত বাধা দিবলৈ দিল্লী আৰক্ষীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সীমান্তত বৃহৎ ক্ৰেন আৰু কণ্টেইনাৰ স্থাপন কৰা হৈছে। হাৰিয়ানা আৰু পঞ্জাৱ পাৰ হৈ যদি কৃষকসকলে কোনো ধৰণে দিল্লী সীমান্তত প্ৰৱেশৰ চেষ্টা কৰে তেন্তে ক্ৰেন আৰু কণ্টেইনাৰেৰে সীমান্ত ছীল কৰা হ’ব।

পঞ্জাৱ কিষাণ মজদুৰ সংঘৰ্ষ সমিতিৰ সাধাৰণ সম্পাদক সৰ্বান সিং পাণ্ডেৰে ঘোষণা কৰে যে কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা, পীয়ুষ গোৱাল, আৰু নিত্যানন্দ ৰায়ৰ সৈতে কৃষক গোটৰ দাবী সন্দৰ্ভত ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাত চণ্ডীগড়ত এখন বৈঠক অনুষ্ঠিত হ’ব। শনিবাৰে হাৰিয়ানা চৰকাৰে দেওবাৰে পুৱা ৬ বজাৰ পৰা ১৩ ফেব্ৰুৱাৰীৰ নিশা ১১.৫৯ বজালৈ আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফাতেহাবাদ, আৰু ছিৰছা জিলাত মোবাইল ইণ্টাৰনেট সেৱা আৰু বাল্ক এছএমএছ বন্ধ কৰাৰ নিৰ্দেশ দিছিল।

বিহালী বগাৰঙৰ মা কামাখ্যা লাইন হোটেলৰ পাছত এইবাৰ তিনি হোটেলত আৰক্ষী আৰু আৱকাৰী বিভাগৰ অভিযান

বিহালী বগাৰঙৰ মা কামাখ্যা লাইন হোটেলৰ পাছতেই এইবাৰ তিনিখন লাইন হোটেলত আৰক্ষী আৰু আৱকাৰী বিভাগৰ চলিল অভিযান। অভিযানত মদ্য পান কৰি থকা লোক সহ মদৰ বটল উদ্ধাৰ।

তথ্য মতে মাদক দ্ৰব্য সেৱন কৰি যান বাহন চলোৱা আৰু পথ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মঙ্গলবাৰে সন্ধিয়া ৯মান বজাত বিশ্বনাথ জিলা আপকাৰী বিভাগৰ পৰিদৰ্শক প্ৰভেশ কুমাৰ মিলি আৰু বৰগাং আৰক্ষী বিষয়া ৰূপজ্যোতি গগৈৰ নেতৃত্বত সাধাৰণ জনতাক নিৰাপত্তা দিয়াৰ সন্দৰ্ভত বিহালীৰ বগাৰঙৰ লাইন হোটেল সমূহত যুটীয়া ভাৱে অভিযান চলাই সঙ্ঘমিতা, কামধেনু আৰু চাজী নামৰ ধাবা তিনিখনত মদৰ আড্ডা প্ৰত্যক্ষ কৰে আৰক্ষী আৰু আৱকাৰী বিভাগৰ দলটোৱে।

লগে লগে আৰক্ষী আৰু আপকাৰী অভিযান চলাই আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু মদ্যপান কৰা কেইবাজনো লোকক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।

জানিব পৰা মতে অতি শীঘ্ৰে উক্ত লাইন হোটেল সমুহ বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিছে আৱকাৰী বিষয়া প্ৰভেশ কুমাৰ মিলিয়ে। উল্লেখ্য যে বিগত এমাহ পূৰ্বে মাঁ কামাখ্যা নামৰ লাইন হোটেলত মদৰ বটল উদ্ধাৰ কৰি হোটেল খনৰ বিৰোদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছিল আৱকাৰী বিভাগে।

আস্থা ভোটৰ পূৰ্বেই আৰজেডিত ফাট! ‘নিৰুদ্দেশ’ ১২ জন বিধায়ক…

১২ ফেব্ৰুৱাৰীত বিহাৰ বিধানসভাত অনুশ্ঠিত হ’ব আস্থা ভোট। সেইদিনা অনুষ্ঠিত হ’বলগীয়া বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰক আস্থা ভোটত লালু পুত্ৰ তেজস্বী যাদৱে চৰকাৰক পৰাজিত কৰিব বুলি প্ৰত্যাহ্বান জনাইছিল। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও কৈছিল, ‘খেল এতিয়াও বাকী হে’। কিন্তু আস্থা ভোটৰ পূৰ্বে তেজস্বীৰ ঘৰত যেন ভাঙোন আৰম্ভ হৈছে। শেহতীয়া ঘটনাৱলীৰ পৰা তেনে অনুমানেই কৰিছে বহুতে। সূত্ৰ অনুসৰি আৰজেডিৰ ১২ জন বিধায়ক আস্থা ভোটৰ মাত্ৰ দুদিন পূৰ্বৰে পৰা হঠাতে ‘নিৰুদ্দেশ’ হৈছে। তালিকাখনত কেইবাজনো হেভিৱেট বিধায়কো আছে। অৱশ্যে আৰজেডিৰ পৰা এই বিষয়ত কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ২৪৩ খন আসন থকা বিহাৰ বিধানসভাত চৰকাৰ ধৰি ৰখাৰ সংখ্যা হৈছে ১২২। বিজেপি-জেডি(ইউ) আস্থা ভোটত সহজ বিজয়ৰ বিষয়কলৈ আত্মবিশ্বাসী। বিজেপিৰ ৭৮ খন আসন আছে আৰু জেডি(ইউ)ৰ ৪৫ খন আসন আছে। তেওঁলোকৰ মিত্ৰজোঁটৰ অংশীদাৰ হামৰ ৪ খন আসন আছে। অৰ্থাৎ, মিত্ৰজোঁটত ১২৭ জন বিধায়কৰ সমৰ্থন আছে। যিটো প্ৰয়োজনতকৈ ৫ খন অধিক।

আনহাতে, বিহাৰৰ সৰ্ববৃহৎ দল আৰজেডিয়ে ৭৯ খন আসন লাভ কৰিছিল। কংগ্ৰেছে ১৯ খন আসন লাভ কৰিছিল। চিপিএম আৰু চিপিআইয়ে দুখনকৈ আসন লাভ কৰিছিল। ফলস্বৰূপে, তেওঁলোকৰ মুঠ আসন ১০২ খন । আৰজেডিৰ ওপৰত আস্থা ভোট জিকাৰ বিষয়কলৈ বহু খিনি চাপ আছে। তেনে সময়তে তেওঁলোকৰ গোটৰ ১২ জন বিধায়ক সন্ধানহীন হোৱাৰ কথাই ৰহস্যৰ সৃষ্টি কৰিছে।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশৰ শোভাযাত্ৰাত ভাৰতীয় জনতা যুৱ মৰ্চা ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত বিনামূলীয়া পানী বিতৰণ…

৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি অন্তিম দিন ।

অসমৰ বিভিন্ন স্থানৰ পৰা লক্ষ্য লক্ষ্য ভকত ,আই-বাপ আহি ভৰি পৰিছে অধিৱেশনস্থলী ।

ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা ।

২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ৰঙিয়া চহৰৰ মাজৰে উলিওৱা হয় এই যাত্ৰা ।

ভাৰতীয় জনতা যুৱ মৰ্চা ৰঙিয়া নগৰ মণ্ডলৰ উদ্যোগত বিনামূলীয়া পানী বিতৰণ । তেওঁলোকৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।

বাৰে ৰহনীয়া অসমৰ কৃষ্টি কলা প্ৰদৰ্শন কৰা হয় এই ভাগৱত শোভাযাত্ৰাত ।

অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

জামুগুৰিহাটত বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই হাতবাউলি মাতিছে সকলোকে

বনৰীয়া ফুলেও ইমান নান্দনিক হৈ ধৰা দিব পাৰে নে! আপোনা আপুনি গজি উঠা এই অনামী ফুলে কাক যে আকৰ্ষণ কৰা নাই! মানুহৰ দৈনিক অৱসাদ দূৰ কৰাৰ ক্ষমতা যাৰ বিদ্যমান। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ এখন পথাৰত শ শ বিঘা মাটিত ফুলি থকা বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টি নন্দন শোভাই এতিয়া হাত বাউলি মাতিছে সকলোকে।

শেহতীয়াকৈ ‘পিংক লেণ্ড’ হিচাপে পৰিচিত বনৰীয়া ফুলৰ এই নান্দনিক সৌন্দৰ্য্য প্ৰাণ কৰিবলৈ পথাৰখনত এতিয়া প্ৰতিদিনাই সমাগম হৈছে শ শ লোকৰ। জামুগুৰিহাটৰ পশ্চিমাঞ্চালত তথা নৱনিৰ্মিত চকীঘাট দলঙৰ আৰু জামুগুৰিহাটৰ চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে ফুলি থকা এই ফুলৰ সৌন্দৰ্য্য উপভোগ কৰিছে বৃদ্ধৰ পৰা যুৱক-যুৱতী সকলোৱেই। অকল স্থানীয় ব্যক্তিয়েই নহয় ৰাষ্ট্ৰীয় ঘাইপথৰে অসমৰ বিভিন্ন স্থানলৈ যোৱা ব্যক্তিসকলে গাড়ী ৰখাই এতিয়া এই ফুলনীত বহি উঠিছে একপিকৈ ফটো।

যুৱক-যুৱতীসকলেও নিজৰ নিজৰ ম’বাইলত লৈছে ছেলফী। বেঙুনীয়া বনৰীয়া ফুলৰ সৌন্দৰ্য্য বিভোৰ সকলো। বনৰীয়া ফুলৰ বেঙুনীয়া দলিচাত খন্তেক জিৰাবলৈ মতলীয়া সকলো। এক প্ৰকাৰ কবলৈ গ’লে এতিয়া জামুগুৰিহাটৰ পশ্চিমাঞ্চালৰ এই ধেমাজি পথাৰ এতিয়া পৰিণত হৈছে ছেলফী জ’নত। উল্লেখ্য যে বিগত বৰ্ষত পোন প্ৰথম বাৰৰ বাবে আবিষ্কাৰ হোৱা এই পথাৰ খনত ফুলা এই ফুলক লৈ সমগ্ৰ ৰাজ্যখনতে চৰ্চা লাভ কৰিছিল।

দুৰ্ভাগ্যজনক যে যোৱা বছৰত জামুগুৰিহাটৰ এই পথাৰখনত ফুলিবলৈ লোৱা এই বনৰীয়া ফুলৰ ওপৰত একাংশ অবিবেক লোকে চলাইছিল চৰম অত্যাচাৰ।

ছেলফি উঠাৰ নামত হাঁহি হাঁহি ফুলি থকা অনামী গোলাপীয়া ফুলবোৰ হাতেৰে মোহাৰি চিঙি ধ্বংস কৰাই নহয় একাংশ স্থানীয় উদণ্ড যুৱকে বাইক ষ্টান্ট কৰি ফুলবোৰ নষ্ট কৰি পেলাইছিল যদিও এইবাৰ যাতে প্ৰকৃতিয়ে উপহাৰ হিচাপে দিয়া এই ফুলৰ সৌন্দৰ্য্য কোনেও হানি কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব ৰাখিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।

জনগণক ১ কোটিতকৈ অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা প্ৰথমখন ৰাজ্য হিচাপে স্বীকৃতি লাভ অসমৰ

স্বাস্থ্য খণ্ডত অসমৰ আন এক সফলতা।

সকলোৰে বাবে স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্যক সফল কৰাৰ দিশত অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত উল্লেখ কৰে যে, ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰু ‘আয়ুষ্মান আপকে দ্বাৰ অভিযান’ৰ দৰে দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে জনগণক ১ কোটিতকৈ অধিক আয়ুষ্মান কাৰ্ড প্ৰদান কৰা প্ৰথমখন ৰাজ্য হিচাপে অসমে স্বীকৃতি লাভ কৰিছে।

উত্তৰ গুৱাহাটী ৰজাদূৱাৰৰ পাহাৰত পুনৰ প্ৰত্নতত্ব বিভাগৰ খননস্থলী পৰিদৰ্শন

উত্তৰ গুৱাহাটী ৰজাদূৱাৰ পাহাৰত পুণৰ প্ৰত্নতত্ত্ব বিভাগৰ লৰাধপৰা। ৰাজ্যিক প্ৰত্নতত্ত্ব বিভাগৰ সঞ্চালিকা ড॰ দিপিৰেখা কুলি সহ এটি দল উপস্থিত হৈ আৰম্ভ কৰিলে ঐতিহাসিক স্থানসমৃদ্ধ সমল। উল্লেখ্য যে উত্তৰ গুৱাহাটী ৰজাদূৱাৰৰ আবিলেক চৌহদত থকা পাহাৰ খননত অলপতে ওলাইছিল বহু শৈল ভাস্কয্য। স্থানীয় সচেতন লোকৰ আপত্তি নেওচি টিলা সদৃশ স্থানৰ বহু গছ গছনি কটা হৈছিল।

পৰৱৰ্তী সময়ত আবিলেকৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সঞ্চালক ড॰ দীলিপ কলিতাৰ নিৰ্দেশত পাহাৰত এক্সাভেটৰ লগাই ধংস কৰা হৈছিল পুৰাতাত্বিক বহু সমল। খবৰ পাই লৰি অহা প্ৰত্নতত্ব বিভাগে তৎকালে বন্ধ কৰিছিল খনন। পুণৰ বন্ধ কৰা অভিযান চলাবলৈ শুক্ৰবাৰে আবেলি চাৰি বজাত উপস্থিত,সঞ্চালিকা সহ দলটিয়ে। কিন্তু, আন্ধাৰৰ বাবে কাম আৰম্ভ কৰিয়ে সামৰিলে অভিযান। ইফালে বাতৰি সংগ্ৰহৰ বাবে যোৱা স্থানীয় সাংবাদিকলৈ চোচা ললে ,অট্টালিকা নিৰ্মানৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ দীপক সৰকাৰে।

সাংবাদিকৰ ম’বাইল কেমেৰা থপিয়াবলৈ উদ্যত হয় ঠিকাদাৰজন। তদুপৰি ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ সীমিত স্কীল শ্ৰমিকৰ আজুহাত দেখুৱাই আনস্কীল শ্ৰমিক নিযুক্তিৰো নিৰ্দেশ দিলে সঞ্চালিকা দীপৰেখা কুলিয়ে। সঞ্চালিকা ড॰ কুলিয়ে খনন স্থলীত উপস্থিত হৈ আবিলেক সঞ্চালক গৰাকীৰ সতে পৰিদৰ্শন কৰি হতভম্ব হয়। এক্সাভেটৰেৰে খান্দি সমল সমূহ নষ্ট কৰাত সঞ্চালক কলিতাৰ ওপৰত ক্ষোভিত হৈ পৰে প্ৰত্নতত্ব বিভাগৰ সঞ্চালিকা ড॰ কুলি।

বিভাগীয় অনুমতি অবিহনে ঐতিহাসিক স্মৃতিচিহ্ন নষ্ট কৰাত ক্ষোভ প্ৰকাশ কৰি বিভাগীয়ভাবে অনুসন্ধান চলোৱা হব বুলি ড॰ কুলিয়ে দোহাৰে। পয্যাপ্ত শ্ৰমিক নথকাত স্থানীয় শ্ৰমিক নিয়োগ কৰাৰ বাবে আবিলেক সঞ্চালকক কয়। সাংবাদিকৰে মুখামুখি হৈ প্ৰত্নতত্ব বিভাগৰ সঞ্চালিকা ড॰ দিপিৰেখা কুলিয়ে কয় যে আমি কিছু খনন কৰিলেই কিবা মূল্যবান সমল থকাৰ ইংগীত পাম। যদিহে একো পোৱা নহয় আবিলেকক নিৰ্মান আৰম্ভ কৰিবলৈ দিব পাৰিম । এই টিলাটো কোনো ঘৰৰ ভেটিৰ লেখীয়া এটা অবয়ব ,য”ত শিল পাৰি পাৰি থোৱা বুলি অনুমান কৰিছো । পিছে আনস্কীল শ্ৰমিকেৰে খনন কৰি কিমানদুৰ সুৰক্ষিতভাবে উদ্ধাৰ হব ঐতিহাসিক সমল সমূহ সেই বিষয়ে স্থানীয় সচেতন লৈকৰ মাজত প্ৰতিক্ৰিয়া হৈছে।

আধুনিক অসমীয়া শিলালিপিৰ নিদৰ্শন কানাই বৰশীবোৱা শিলািপি আৰু বৰনদীৰ সেই ঐতিহাসিক ৰজা পৃঠুৱে বখটিয়াৰ খিলজীক পৰাস্ত কৰা স্থানত আবিলেক অতিথিশালা নিৰ্মাণকলৈ কিয় তৎপৰতা ড॰ দীলিপ কলিতাৰ তাকে লৈ প্ৰশ্ন উঠিছে। অতিথিশালা নিৰ্মাণৰ বাবে লাভ কৰা তিনি কোটি টকাত খৰচৰে অতিথিশালা নিৰ্মাণৰ তাগিদাতে চিৰ দিনৰ বাবে মচি পেলোৱা হ’ব নেকি বুৰঞ্জীৰ পৃষ্ঠা এই লৈ এতিয়া সৰ্বত্ৰে চৰ্চা।

স্থানীয় সচেতন লোকৰ ভাষ্য অনুসৰি এয়া ষষ্ঠ সপ্তম শতিকাৰ পাল বংশৰ ৰজাৰ ৰাজধানী থকা সময়ৰে কিছু সমল হব পাৰে। নতুুবা ষোল্ল শ শতিকাৰ পৰা সোতৰশ শতিকাত আহোম ৰজা ৰূদ্ৰসিংহই বংগ আক্ৰমণৰ পৰিকল্পনা কৰি বাহৰ পাতি বহু দিনলৈ থকালৈ চাই আহোম যুগৰ কিছু চানেকি ৰৈ যাব পাৰে বুলি কয়।

সমীপৰে আন স্থানত আবিলেক অতিথিশালা নিৰ্মাণৰ কথা বিবেচনা কৰিব নোৱাৰিবলৈ স্থানীয় সচেতন লৈকে দাবী জনাইছে। ইফালে কালি প্ৰত্নতত্ব বিভাগৰ লগত স্থানীয় শ্ৰমিকৰ এটি দলে খনন কায্য চলায়। খনন কালত ৰূদ্ৰেশ্বৰ দেৱালয়ত ব্যবহৃত ইটাৰ আৰ্হিৰ দুটা ইটা আৰু আদিম মানবে ব্যৱহাৰ কৰা চ’পাৰচ আৰ্হিৰ শিল উদ্ধাৰ হয়। পোত গৈ থকা আন এটি শিলৰো খনন কায্য চলাই থকা দেখা গল ৰজাদূৱাৰৰ খননস্থলীত।

”Emergency” চোৱাৰ পাছত কোনেও প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰিব মোকঃ অভিনেত্ৰী কংগনা ৰাণাৱট…

”Emergency” ছবিখন চোৱাৰ পাছত কোনেও মোক প্ৰধানমন্ত্ৰী হিচাপে নিবিচাৰিব’। এই মন্তব্য অভিনেত্ৰী কংগনা ৰাণাৱটৰ। বাস্তৱ জীৱনত প্ৰধানমন্ত্ৰী হ’ব বিচাৰে নেকি বুলি সোধা প্ৰশ্নৰ প্ৰত্যুত্তৰ অভিনেত্ৰী কংগনা ৰাণাৱটে এইদৰে কয়।

দ্য চাইলেণ্ট জেনোচাইড অৱ হায়দৰাবাদৰ ট্ৰেইলাৰ লঞ্চ ইভেণ্টত অভিনেতাগৰাকীক সোধা হৈছিল যে তেওঁ কেতিয়াবা দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ কথা ভাবিছে নেকি? কংগনাই হাঁহি হাঁহি ক’লে, “মই মাত্ৰ ইমাৰ্জেন্সি নামৰ এখন ছবি কৰিলোঁ। সেই চিনেমাখন চোৱাৰ পিছত মোক প্ৰধানমন্ত্ৰী হিচাপে কোনেও নিবিচাৰিব,”যোৱা বছৰৰ আৰম্ভণিতে কংগনাই ৰাজনীতিত যোগদানৰ সন্দৰ্ভত নিজৰ আৱেগ শ্বেয়াৰ কৰি কয় যে তেওঁ প্ৰকৃততে এজন… ৰাজনৈতিক ব্যক্তি। ‘মই এজন সংবেদনশীল ব্যক্তি। মই কোনো ৰাজনৈতিক ব্যক্তি নহয়। মোক বহুবাৰ ৰাজনীতিত যোগদান কৰিবলৈ কোৱা হৈছিল। মই কৰা নাছিলো।’