Home Blog Page 1049

আলু, ফুলকবি, কেপচিকাম ক’ৰ পৰা আহিল? জানক শাক-পাচলিৰ ইতিহাসৰ বিষয়ে…

আমাৰ দৈনন্দিন খাদ্যাভ্যাসত শাক-পাচলিৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। শাক-পাচলিয়ে কেৱল আমাৰ প্লেটলৈ সোৱাদ আনে এনে নহয়, আমাৰ শৰীৰত ভিটামিন, প্ৰটিন, কাৰ্বহাইড্ৰেট আদি বিভিন্ন পুষ্টিকৰ উপাদানও যোগান ধৰে। প্ৰতিটো ঋতু অনুসৰি শাক-পাচলি সলনি হৈ থাকে, কিন্তু এটা শাক আছে যিটো ১২ মাহৰ বাবে উপলব্ধ আৰু কম বেছি পৰিমাণে প্ৰতিটো শাক-পাচলিৰ লগত খাপ খাই পৰে। আপুনি নিশ্চয় বুজি পাইছে যে সেই শাক-পাচলি হৈছে ‘আলু’। কিন্তু ভাৰতৰ দৈনন্দিন অভ্যাসৰ অংশ হৈ পৰা আলু ক’ৰ পৰা আহিল জানেনে-

প্ৰতিখন ঘৰৰ পাকঘৰৰ প্ৰাণস্বৰূপ আলুৰ বহু সোৱাদ আছে। যিটো কবি, পনিৰ, বিলাহী, সকলোৰে সৈতে ভালদৰে মিলি যায়, আচলতে ইয়াৰ উৎপত্তি ৪০০ বছৰ আগতে দক্ষিণ আমেৰিকাত হৈছিল। আলুক মুম্বাইত বাটাটা বুলি কোৱা হয়। পৰ্তুগীজসকলে বম্বেলৈ আলু লগত লৈ আহিছিল, বম্বেৰ পৰা বটাটা হৈ পৰিছিল। তথ্যৰ বাবে কওঁ যে পৰ্তুগীজসকল আহি বসতি স্থাপন কৰা অঞ্চলটোক আজি মুম্বাই বুলি কোৱা হয়। সেই ঠাইখন দ্বীপ আছিল, গতিকে পৰ্তুগীজসকলৰ বাবে খেতি-বাণিজ্য সহজ আছিল আৰু তাৰ পিছত ভাৰতত তেওঁলোকে আলু খেতি কৰি খাবলৈ আৰম্ভ কৰিছিল। সময়ৰ লগে লগে সমগ্ৰ দেশতে ইয়াৰ উৎপাদন আৰু ব্যৱহাৰৰ ধাৰা বাঢ়ি আহিছিল।

বিশেষজ্ঞ সোহেইল হাছমীয়ে এটা ভিডিঅ’যোগে জনাইছে যে দক্ষিণ আমেৰিকাত কেইবাশ প্ৰজাতিৰ কেপচিকামৰ খেতি কৰা হয়। বিভিন্ন ৰং আৰু সোৱাদৰ কেপচিকাম আছে। পৰ্তুগাল যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া তেওঁলোকেও লগত কেপচিকামলৈ আহিছিল। আলোচনা হৈছিল যে তেওঁলোকে বসতি স্থাপন কৰা অঞ্চলটোক বৰ্তমান মুম্বাই বুলি কোৱা হয়। ওচৰৰ বসতিস্থলৰ পৰা মানুহে পৰ্তুগীজসকলৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিলে। কেপচিকামৰ সোৱাদ লওঁতে খাবলৈ ধৰিলে। তাৰ পিছত গুজৰাট, ৰাজস্থান আদি বহু ঠাইত কেপচিকাম খেতি কৰা হয়। আজি কেপচিকাম প্ৰতিটো খাদ্যৰ সৌন্দৰ্য্য আৰু সোৱাদৰ এক গুৰুত্বপূৰ্ণ অংশ।

ফুলকবি আৰু কবি ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিছিল। আনহাতে ফ্ৰেন্স বিন প্ৰথম আফ্ৰিকাত পোৱা গৈছিল, আফ্ৰিকাৰ পৰা ফ্ৰান্সলৈ আৰু ফ্ৰান্সৰ পৰা ভাৰতলৈ আহিছিল, ইয়াক ফ্ৰেন্স বিন বুলি কোৱা হ’ল। কেপচিকামৰ উৎপত্তিও দক্ষিণ আমেৰিকাৰ।ভাৰতত ইয়াক কেপচিকাম বুলি কোৱা হয় কাৰণ ইয়াত প্ৰথমে ইয়াত শিমলাত খেতি কৰা হৈছিল।


গীতানগৰ লেখিকা সমাৰোহৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

সদৌ অসম লেখিকা সমাৰোহৰ অন্যতম শাখা সমিতি গীতানগৰ লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধবাৰে চানমাৰীস্থিত পেঞ্চনাৰ ভৱনত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।

সমিতিৰ সভানেত্ৰী দীপাঞ্জলি ভট্টাচাৰ্যৰ পতাকা উত্তোলনৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপদেষ্টা বৰ্ণালী তালুকদাৰে। ইপিনে গীতানগৰ লেখিকা সমাৰোহৰ সম্পাদিকা বৰ্ণালী বৰা হাজৰিকাৰ উদ্দেশ্য বাখ্যাৰে আগবঢ়া অনুষ্ঠানৰ মুকলি সভাখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ সভানেত্ৰী নন্দিতা চলিহাই।

একেটা অনুষ্ঠানতে সমিতিৰ বাৰ্তালোচনী খনো উন্মোচন কৰা হয় বুলি জানিবলৈ দিয়ে উদ্যোগতাসকলে। নিজৰ উন্মোচনী ভাষণত চলিহাই অসমীয়া ভাষা সাহিত্যৰ গতিধাৰাৰ ওপৰত সাৰগৰ্ভ মন্তব্য আগবঢ়ায়।

অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে কামৰূপ মহানগৰ লেখিকা সমাৰোহৰ উপদেষ্টা নিলীমা বৰা কাৰ্যকৰী সভাপতি কমলা উজীৰ, গল্পকাৰ অতনু ভট্টাচাৰ্যই তত্ব গধূৰ মন্তব্যৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।


সভাত প্ৰথিতযশা সাহিত্যিক অতুলানন্দ গোস্বামীৰ পুত্ৰ নয়না নন্দ গোস্বামী আৰু তেওঁৰ পত্নী শৰ্মিষ্ঠা গোস্বামী উপস্থিত থাকি পৰিয়ালৰ হৈ গীতানগৰ শাখাই আয়োজন কৰা সদৌ অসম‌ ভিত্তিত আয়োজন কৰা চুটিগল্প প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আড়ম্বণপূৰ্ণ সভাখনৰ সামৰণি পৰে মালাশ্ৰী লস্কৰ বৰাৰ শৰাগৰ শৰাই আৰু অসম সংগীতেৰে।

তুলসী বসুমতাৰীৰ স্মৰণিকা, সোঁৱৰণী গীত উন্মোচন

বিশিষ্ট সমাজকৰ্মী তুলসী বসুমতাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষত বৃহস্পতিবাৰে তেওঁৰ স্মৃতিত এখন স্মৰণিকা প্ৰকাশ কৰি উন্মোচন কৰা হয়। সম্পাদনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা পিতা ঈশ্বৰ নামৰ স্মৰণিকাখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটা প্ৰাপক বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই।

স্মৰণিকা উন্মোচন কৰি তেওঁ কয়, ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত শিলিখাগুৰী গাঁৱৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সমাজকৰ্মী তুলসী বসুমতাৰীয়ে জটিল ৰোগত আক্ৰান্ত হৈ যোৱা ৯ জুলাই,২০২৩ তাৰিখে স্বৰ্গগামী হয়। ১৯৩৬ চনত কামৰূপ জিলাৰ মুছলপুৰ অঞ্চলৰ হালাদোলা গাঁৱত জন্ম গ্ৰহণ কৰা তুলসী বসুমতাৰীয়ে উক্ত অঞ্চলতে অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল। তুলসী বসুমতাৰীয়ে ১৯৬৫ চনত সহপৰিয়ালে কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলত থিতাপি লোৱাৰ পাছত তাত আঠবছৰ কাল বসবাস কৰি ১৯৭৩ চনত তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ চিমেন চাপৰিৰ চমকং সোনাপুৰ গাঁৱত থাকিবলৈ লয়। ইয়াৰ পাছতে ১৯৭৮ চনত জোনাই অঞ্চলৰ শিলিখাগুৰী গাঁও প্ৰতিষ্ঠা কৰে। জীৱিত কালত তেওঁ বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সদস্য, ১৯৮১ চনত শিলিখাগুৰী বড়ো প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা পালন কৰি সভাপতিৰ দায়িত্বত অধিষ্ঠিত হৈছিল। ১৯৮২-৮৩ চনত ভৈয়াম জনজাতি পৰিষদ, অসম(পিটিচিএ)ৰ সক্ৰিয় নেতা, ১৯৯০-৯৫ চনত ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি পদ অলংকৃত কৰা তুলসী বসুমতাৰীয়ে সংহত জনজাতি উন্নয়ন প্ৰকল্প, জোনাই, জনজাতি উন্নয়ন প্ৰাধীকৰণ,জোনাইৰ সদস্য হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বড়োলেণ্ড লিবাৰেচন টাইগাৰ্ছ ফৰ্ছৰ নেতৃত্বত চলোৱা বড়োলেণ্ড আন্দোলনৰ সময়ত পুলিচৰ অত্যাচাৰ ভূগিব লগা হৈছিল তুলসী বসুমতাৰীয়ে। ইয়াৰোপৰি তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ সমাজসেৱা কৰি গৈছে বুলি তুলসী বসুমতাৰীৰ জীৱন কৃৰ্তি আৰু কৰ্মৰাজিৰ ওপৰত দীঘলীয়া ভাষণ আগবঢ়ায়।

অনুষ্ঠানত এটি সোঁৱৰণী গীত উন্মোচন কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে। গীতৰ ৰচনা চিত্তৰঞ্জন বসুমতাৰী, সুৰ নিৰ্মল ব্ৰহ্ম আৰু কন্ঠদান কৰিছে অৰ্জুন আৰনাইয়ে।

স্মৰণিকা অনুষ্ঠানত বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইউবিপিঅৰ সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম, অধ্যক্ষ ঘনকান্ত মহেলা, উপাধ্যক্ষ জোনাৰাম ব্ৰহ্ম, উপ সভাপতি ললিত ব্ৰহ্ম, ৰঞ্জন বসুমতাৰী, বিকেডব্লিউএচিৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী, বিনোদ বসুমতাৰী, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি বিষ্টিৰাম নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ প্ৰাক্তন এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী, ইউবিপিঅৰ সহকাৰী সাধাৰণ সম্পাদক অবিৰাম বড়ো, সাংস্কৃতিক সম্পাদক নিৰ্মল ব্ৰহ্ম, ইলা ব্ৰহ্ম, বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰী, জোনাই জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি মানিক বড়ো, ট্ৰাইবেল সংঘ, আছু, এজেৱাইচিপি, এবছু, বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

উল্লেখযোগ্য যে তুলসী বসুমতাৰী ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ অবিভক্ত লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি বিজেন্দ্ৰ বসুমতাৰী, আছুৰ প্ৰাক্তন উপ সভাপতি চিত্তৰঞ্জন বসুমতাৰীৰ পিতৃ আছিল।


-শম্ভু দাস, চিলাপথাৰ

কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰত বিৰাজমান হৈছে এক উদুলি-মুদুলি পৰিৱেশ। শুকুৰবাৰৰ পৰা ৰঙিয়াৰ মৰণজানাৰ হাতীখলা পথাৰৰ শঙ্কৰদেৱৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা এই অধিৱেশনস্থলীৰ শিৱিৰ ভৰি পৰিছে দূৰ দূৰণিৰ আই-মাতৃ-বাপ, ভকত বৈষ্ণৱেৰে।

ইতিমধ্যেই অধিৱেশনস্থলীত অস্থায়ী নাম ঘৰ প্ৰতিষ্ঠা কৰি গুৰু জনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনত লক্ষ লক্ষ ভক্তৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয় ব্যৱস্থা সাজু হৈ উঠিছে। লগতে অধিৱেশনত দূৰ-দূৰণিৰ পৰা আহিব লগা ভকত বৈষ্ণৱক আদৰিবলৈ আদৰণি সমিতি সাজু হৈছে ৷

অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খন শক্তিশালী উপ সমিতিয়ে দিনে নিশাই কাম কাজৰ বুজ লৈছে অধিৱেশনস্থলীৰ।

ইফালে অধিবেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰিতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে৷ একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷

বৃহস্পতিবাৰে হাতীখলা পথাৰত বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ বাপ ভকত বৈষ্ণৱসকল উপস্থিত হয়। নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি, মুল মণ্ডপৰ সন্মুখত মহাবীৰ চিলাৰায়ৰ তোৰণৰ লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই।

অভিমন্যুৰ চক্ৰবেহুৰ ভেদ চাবলৈ ইতিমধ্যে প্ৰদৰ্শনী মেলাত দিনে সন্ধিয়া সময়ত দৰ্শকৰ বিৰ দি বাট নোপোৱা  অৱস্থা পৰিলক্ষিত হয়‌। মুঠৰ ওপৰত জনসমুদ্ৰত পৰিগণিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰ।


-নয়নজ্যোতি তালুকদাৰ, ৰঙিয়া

ৰঙিয়াৰ বালাগাঁৱত উপ-স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ভৱেশ কলিতাৰ

ৰঙিয়াত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত ৮০ লাখ টকা ব্যয় সাপেক্ষে সমষ্টিটোৰ আৰিমত্ত গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাগাঁ‌ৱত নিৰ্মাণ হ’বলগীয়া বালাগাঁও উপ-স্বাস্থ্য কেন্দ্ৰটিৰ আধাৰশিলা স্থানীয় বিধায়ক ভৱেশ কলিতাই স্থাপন কৰে।

এই উপ স্বাস্থ্য কেন্দ্ৰটি অহা ১৫ আগষ্টৰ দিনা শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাৰ্থে উৎসৰ্গা কৰিম বুলি বালাগাঁওবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে।

উল্লেখ্য যে বিধায়ক গৰাকীয়ে বালাগাঁওবাসীৰ মনৰ বুজ লোৱাৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ নৱতম সংযোজন এই উপ-স্বাস্থ্য কেন্দ্ৰটিয়ে জনসাধাৰণৰ সু-স্বাস্থ্য নিশ্চিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলিও লগতে উল্লেখ কৰে।

-নয়নজ্যোতি তালুকদাৰ, ৰঙিয়া

চাপৰৰ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত একে নিশাই মূল্যৱান শাল গছ কাটি তহিলং দুৰ্বৃত্তৰ!

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ তথা বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত বুধবাৰে নিশা সাত ডাল মূল্যৱান শাল গছ কটা ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে, বঙাইগাঁও আই ভেলী বনসংমণ্ডলৰ অন্তৰ্গত তথা বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনস্থ কলাবাৰী প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চলত নিশা এটি দুৰ্বৃত্তৰ দল প্ৰৱেশ কৰি সাত ডাল মূল্যৱান শাল গছ কাটে। ইপিনে স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে উক্ত ঘটনাৰ উমান পাই বনাঞ্চলখনলৈ আগবাঢ়ি যোৱাত বন ধ্বংসকাৰী সকলে গাঁওৰ ৰাইজৰ কথা উমান পাই কাটি থোৱা গছ এৰি পলাই যায়।

পিছত ৰাইজে বহলপুৰ আঞ্চলিক বন বিষয়াক ঘটনা সন্দৰ্ভত অৱগত কৰে। বহলপুৰ আঞ্চলিক বন বিষয়া ঘটনাস্থলীত উপস্থিত হৈ কটা গছ উদ্ধাৰ কৰি বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়লৈ লৈ আহে। ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত অব্যাহত ৰাখিছে।

মৰিগাঁৱৰ মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মুখামুখি সংঘর্ষ, থিতাতে নিহত এজন অচিনাক্ত ব্যক্তি

বৃহস্পতিবাৰে আবেলি প্রায় ৪ বজাত মৰিগাঁও মাজমজিয়াত স্কুটী আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই সংঘৰ্ষৰ ফলত স্কুটী চালক গৰাকী থিতাতে নিহত হয়। স্কুটীখনৰ নম্বৰ AS 21 D 1548 বুলি জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত মৰিগাঁও যান বাহন আৰক্ষীয়ে মৃতদেহটো মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মহিলাৰ স্তন কৰ্কট হ’লে প্ৰধানকৈ শৰীৰৰ আন তিনিবিধ অংগ ক্ষতিগ্ৰস্ত হয়…

কিশোৰী এগৰাকীৰ বয়স ১০-১২ বছৰ হ’লেহে স্তনৰ বিকাশ হ’বলৈ ধৰে। বয়স বাঢ়ি অহাৰ লগে লগে গঠনগত ভাৱে স্তনযুৰিয়ে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। গৰ্ভাৱস্থাত স্তন দুটিয়ে শিশুৰ কাৰণে গাখীৰ উৎপাদনৰ বাবে পৰিপূৰ্ণতা লাভ কৰে। যুৱতী বা মহিলাৰ স্তন প্ৰধানকৈ তিনিটা অংশৰে গঠিত। সেই অংশকেইটা হৈছে- গ্ৰন্থিময় কোষকলা বা পেৰেনকাইমা, মূল বা ভিত্তি তন্তু আৰু ত্বক। স্তনৰ কৰ্কট হ’লে এই তিনিওবিধ অংগ ক্ষতিগ্ৰস্ত হয়। স্তন কৰ্কট এবিধ অতি মৰ্মান্তিক আৰু যন্ত্ৰণাদায়ক ৰোগ। স্তনৰ ভিতৰত নানা ধৰণৰ অৰ্বুদৰ উদ্ভৱ হ’ব পাৰে। সাধাৰণতে শান্ত আৰু দুষ্ট এই দুই ধৰণৰ অৰ্বুদ স্তনৰ ভিতৰত হোৱা দেখা যায়। ধাতুগত প্ৰৱণতা থাকিলে কেতিয়াবা কেতিয়াবা শান্ত অৰ্বুদবোৰ পাছলৈ দুষ্ট অৰ্বুদলৈ পৰিণত হয়। জৰায়ুৰ পাছতেই বেছিভাগ মহিলাৰ ক্ষেত্ৰতে স্তনত কৰ্কট ৰোগ হোৱা দেখা যায়। স্তন গ্ৰন্থিৰ বহিঃস্তকীয় কোষত এইবিধ ৰোগৰ উদ্ভৱ হয়। সচৰাচৰ স্তনত স্কিৰাছজাতীয় কঠিন আৰু দুষ্ট অৰ্বুদ জন্মে।

যৌৱনৰ শেষত বা মাজবয়সত, বেছিভাগ ক্ষেত্ৰ্তে ৪০-৫০ বছৰীয়া মহিলাসকলক সাধাৰণতে এইবিধ অৰ্বুদে অধিক আক্ৰমণ কৰা দেখা যায়। স্তনৰ ভিতৰভাগত নাইবা ছালৰ ঠিক তলৰপৰাই কঠিন অৰ্বুদৰ উদ্ভৱ হয় আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ ছালত সংলগ্ন হৈ পৰে। স্তনৰ ভিতৰত অৰ্বুদ স্থিৰ হৈ পৰে। অৰ্বুদ স্তনৰ ছালৰ ঠিক তলতে থাকে, ছালৰ বৰণ সামান্য ধোঁৱা বৰণীয়া হয়। ছাল আৰু কলাসমূহত এই অৰ্বুদ খামুচ খাই ধৰাৰ পাছত বেজীয়ে বিন্ধাৰ নিচিনা বিষ হয়। কেচুঁৱাই গাখীৰ খাই থকা মহিলাৰ এই অৰ্বুদ হ’লে অৰ্বুদ কোমল আৰু বিষযুক্ত হয়। দুগ্ধবাহী নলীত এনে অৰ্বুদ হ’লে স্তনবৃন্তৰে তেজমিশ্ৰিত স্ৰাৱ নিঃসৰণ হয়। স্তনবৃন্ত বা স্তনৰ জোঙা আগটো ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যাব ধৰে আৰু এটা সময়ত নাভিৰ দৰে গাঁত হৈ পৰে। ৰোগৰ প্ৰকোপ বা বৃদ্ধি যদি প্ৰতিহত কৰিব পৰা নাযায়, তেন্তে কাষৰ গ্ৰন্থিসমূহো ক্ৰমান্বয়ে স্ফীত, কঠিন আৰু বিষময় হৈ পৰে। আৰু এনেকৈয়ে কাষলতি, পিঠি আৰু বুকুৰ মাজত থকা হাড়ডাল পাৰ হৈ আনটো স্তনলৈকে এই ৰোগ বিয়পি পৰে। স্তন-কৰ্কটৰ অৰ্বুদটো কোনো খোলা বা আৱৰণৰ দ্বাৰা আবৃত নোহোৱা হেতুকে ই ওচৰৰ যিকোনো কলা-কোষলৈকে বিস্তাৰিত হ’ব পাৰে। স্নায়ু-নলী, ৰক্তবাহিকা আৰু লসিকা-প্ৰণালীৰ দ্বাৰা শৰীৰৰ যিকোনো ঠাইলৈকে এই অৰ্বুদ বিয়পিব পাৰে। কাষলতি অঞ্চলৰ লসিকা গ্ৰন্থিসমূহ সহজেই আক্ৰান্ত হয়। ৰোগ লাহে লাহে বাঢ়িবলৈ ধৰে, বিষো ক্ৰমান্বয়ে অসহনীয় হৈ আহে।

অস্ত্ৰৰ দ্বাৰা আঘাত কৰাৰ নিচিনা তীব্ৰ যন্ত্ৰণাত ভূগিবলগীয়া হয়। পাছলৈ বিষ আৰু যন্ত্ৰণাৰ বাবে ৰোগিনীয়ে এক মুহূৰ্তও স্বস্তি নাপায় আৰু ভালদৰে টোপনিও নহয়। অৰ্বুদ হঠাতে ফাটি যাব পাৰে আৰু পাছলৈ ছালত ফুটা হৈ গভীৰ ক্ষতৰ সৃষ্টি হয়। সেই ক্ষতৰপৰা অতি তীব্ৰ দূৰ্গন্ধময় ক্লেদ আৰু ৰস নিৰ্গত হ’বলৈ ধৰে। লগতে প্ৰচুৰ পৰিমানে ৰক্তস্ৰাৱো হয়। এই ক্ষতৰ দাঁতি অসমান, উঠা আৰু বাহিৰলৈ ওলাই অহা ধৰণৰ। তলভাগ কঠিন, টেমুনাৰ দৰে। দেখিলে এনে ভাৱ হয় যেন এই মাত্ৰ ফাটি তেজ ওলাই আহিব! ক্ষতৰ চাৰিওফালে ঘামচিৰ দৰে সৰু সৰু টেমুনা কিছুমানৰ উদ্ভৱ হয়। দেখাত ৰংচুৱা। ক্ষত বাঢ়ি অহাৰ লগে লগে স্তনৰ মাংস ক্ৰমান্বয়ে শুকাই আহিবলৈ ধৰে। চিকিৎসাঃ ৰোগৰ আৰম্ভণীৰেপৰা হোমিঅ’পেথিক বিধান অনুযায়ী সুনিৰ্বাচিত ঔষধাদিৰ দ্বাৰা চিকিৎসা কৰিলে শান্ত অৰ্বুদ দুষ্ট অৰ্বুদলৈ পৰ্যবসিত হ’ব নোৱাৰে। আৰু দুষ্ট অৰ্বুদৰো বৃদ্ধি প্ৰতিহত হৈ আৰোগ্যৰ দিশলৈ উভতি আহে, ক্ষতৰ ৰস-ৰক্ত ক্ৰমশ কমি আহি শুকাবলৈ ধৰে। হোমিঅ’পেথিত স্তন কৰ্কট নিৰাময় কৰিবপৰাকৈ এপিচ মেল, আৰ্চেনিক, বেলেডোনা, কেলকেৰিয়া কাৰ্ব, কাৰ্ব’এনিমেলিচ, কোনায়াম, গ্ৰেফাইটিছ, লেলেছিছ ফছফৰাছ, চিপিয়া আদি শতাধিক ভেষজ আছে। মাথোন ৰোগীৰ মানসিক আৰু সাৰ্বিক লক্ষণ অনুযায়ী প্ৰয়োগ কৰিবপৰাটোহে আচল কথা।

নগাঁৱত সামাজিক নাটক ‘আবেলিৰ গান’ মঞ্চস্থ

নগাঁও ফৌজদাৰীপট্টিৰ কলা মন্দিৰত ৭ ফেব্ৰুৱাৰীৰ সন্ধ্যা মঞ্চস্থ হৈ যায় ‘আবেলিৰ গান’ নামৰ এখনি সামাজিক নাটক। বিশিষ্ট গল্পকাৰ, লেখক, জ্যেষ্ঠ সাংবাদিক গুৰমাইল সিঙৰ এটি গল্পৰ আধাৰত তথা গল্পকাৰগৰাকীৰ নাট্যৰচনাৰে প্ৰথমবাৰৰ বাবে মঞ্চস্থ হয় নাটকখনি।

যুৱ নাট্যকৰ্মী গৌৰাংগ বৰাৰ পৰিচালনা আৰু পৰিকল্পনাৰে ‘ৰূপান্তৰ’ৰ প্ৰযোজনাত মঞ্চস্থ হোৱা ‘আবেলিৰ গান’ যথাৰ্থতে এক সংলাপধৰ্মী নাটক। অশান্ত অসমৰ এছোৱা সময়ক লৈ ৰচিত হৈছে এই নাটকখনি। সেই সময়ৰ বহু যুৱক -যুৱতীৰ স্বাভাৱিক জীৱন বিঘ্নিত হৈছিল। আশাবোৰ থান-বান হৈছিল ।

পথচ্যুত হৈছিল অজস্ৰজন। এনে এখন বিদীৰ্ণ সমাজৰ কৰুণ বিননি নাট খনিৰ জৰিয়তে প্ৰতিফলিত কৰা হৈছে। ইয়াৰ মাজতো জীৱনৰ নিষিদ্ধ আনন্দৰ সন্ধানত ব্যস্ত আছিল সমাজৰ অনেক চিনাকি মুখ।


কোনো নিৰ্দিষ্ট বাৰ্তাৰ অবিহনেই আমাৰ পৰিচিত সমাজৰ চিনাকি মুখৰ দুটা বিপৰীতধৰ্মী দিশৰ উপস্থাপনৰ জৰিয়তে দৰ্শকৰ বিমল মনোৰঞ্জনৰ উদ্দেশ্যে নাটখনি ৰচনা কৰা হৈছে। নাটকখনিত অভিনয় কৰে ড০ চন্দন হাজৰিকা, গৌৰাংগ বৰা, কাব্যৰূপা বৰা আৰু ৰুলি শইকীয়াই।

নাটৰ ৰূপসজ্জা প্ৰশান্ত বৰাৰ। সংগীত অভিনাশ দাস, পোহৰ সজ্জা লক্ষ্যজ্যোতি শইকীয়া আৰু পোহৰ ব্যৱস্থাপক প্ৰশান্ত বৰাৰ। নাটখনিৰ সফল মঞ্চায়নে দৰ্শকক প্ৰথমৰে পৰা অন্তিম মুহূৰ্তলৈকে মোহাচ্ছন্ন কৰিছিল বুলিব লাগিব। এগৰাকী সাধাৰণ দৰ্শকৰ দৃষ্টিৰে চাবলৈ গ’লে নাটখনি উপস্থাপনৰ বেলিকা অভিনয় শিল্পীসকলে সামগ্ৰিক ভাৱে সুন্দৰ অভিনয়ৰে সকলো দৰ্শককে সন্মোহিত কৰিছিল। ইফালে, এক বাস্তৱধৰ্মী কাহিনীক নাট্যৰূপ দিবলৈ যাওঁতে নাট্যকাৰে বিভিন্ন দিশ চালি-জাৰি চাই সংযোজন-বিয়োজন কৰা যেন লাগে।

আনুষংগিক দিশতো খুটি-নাটি উলিয়াবলৈকো বিচাৰি ফুৰিব লাগিব সাধাৰণ দৰ্শকে। মুঠতে নাটখনি সফলতাৰে মঞ্চস্থ কৰাৰ ক্ষেত্ৰত আটায়ে যথেষ্ঠ কষ্ট স্বীকাৰ কৰা বুলিব লাগিব। দৰ্শকে আগলৈকো নাট্যকাৰগৰাকীৰ আন নাট আৰু উপভোগ কৰিবলৈ পাব বুলি আশা ৰাখিছে।

-জয়ন্ত বৰা, বঢ়মপুৰ

মহানগৰীৰ গণেশগুৰিত ৭মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ অগ্নিকাণ্ড। ৭মহলীয়া অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড।

হাহাকাৰ অৱস্থা ।

অগ্নি নিৰ্বাপক বাহিনী ইতিমধ্যে উপস্থিত হৈছে ।

জু‌ই নুমুৱাবলৈ চেষ্টা অব্যাহত আছে অগ্নি নিৰ্বাপক বাহিনীৰ ।