Home Blog Page 1053

হাতীৰ আক্ৰমণত অৰুণাচল প্ৰদেশ ইউবিপিঅৰ সভাপতি গোবিন্দ বসুমতাৰীৰ মৃত্যু…

হাতীৰ আক্ৰমণত অৰুণাচল প্ৰদেশ ইউবিপিঅৰ সভাপতি, পাছিঘাট বাথৌ সমাজৰ সভাপতি গোবিন্দ বসুমতাৰীৰ মৃত্যু

সংযুক্ত বড়ো গণ মঞ্চ চমুকৈ ইউবিপিঅৰ অৰুণাচল প্ৰদেশ সমিতিৰ সভাপতি, পাছিঘাট বাথৌ মহাসভাৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে হাতীৰ আক্ৰমণত মৃত্যুক আকোৱালি লয়। পাছিঘাটৰ মেৰমেৰ চাৰিআলিৰ বাসিন্দা আছিল গোবিন্দ বসুমতাৰী।ঘটনাৰ বিৱৰণী মতে পাছিঘাটস্থিত বালেক বস্তিৰ মাৰগম জামহ নামৰ ব্যক্তি এজনে নিজৰ হাতী অস্বাভাৱিক আচৰণ কৰাৰ বাবে আজি ৰাতিপুৱা গোবিন্দ বসুমতাৰীক পাছিঘাটৰ নিজ ঘৰৰপৰা ৰাতিপুৱা ৪ মান বজাত   আলংৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ কায়িং নামৰ ঠাইতলৈ লৈ যায়।

বিয়লি ২ মান বজাত হাতীৰ আক্ৰমণত মৃত্যু হোৱা বুলি পৰিয়ালক জনায়। মৃত্যুৰ সময়ত তেওঁ সহধৰ্মিনীৰ লগতে পুত্ৰ, কন্যা আৰু বোৱাৰীক ইহঃসংসাৰত এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গোড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী,

অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভাৰ উপ সভাপতি বিলাম্বৰ খেৰকটাৰী, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস সম্পাদক ভদ্ৰ দাস,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং,ধেমাজি জিলা এবছুৰ সভাপতি টেনজিং বড়ো,সাধাৰণ সম্পাদক উদাং বি বডোছাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

শম্ভু দাস চিলাপথাৰ

নাজিৰাৰ শিমলুগুৰিস্থ বগৰিগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা…

✍️নাজিৰাৰ শিমলুগুৰিস্থ বগৰিগুৰিত যোৱা নিশা ভয়ংকৰ পথ দুৰ্ঘটনা |

✍️কয়লাভৰ্তি AS 25 AC 0882 ট্ৰাকে মহটিয়াই নিলে এজন লোকক |

✍️থিতাতে নিহত দুদু চাংমাই নামৰ লোকজন |

✍️দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে |

✍️আনহাতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে

বতৰ বিজ্ঞান বিভাগৰ মতে অহা ৫ দিনলৈ হ’ব ধাৰাসাৰ বৃষ্টি…

বতৰ বিজ্ঞান বিভাগৰ মতে অহা ৫ দিনলৈ হ’ব বৰষুণ-তুষাৰপাত


বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত বাংলাদেশত ধুমুহাৰ আগজাননী

ইয়াৰ প্ৰভাৱ উত্তৰ-পূবত বৰষুণৰ সম্ভাৱনা বুধবাৰে অসমৰ কোনো কোনো এলেকাত ধাৰাসাৰ বৃষ্টি হোৱাৰ সম্ভাৱনা

আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস…

প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী তাৰিখে “আন্তৰ্জাতিক মাতৃভাষা দিৱস” পালন কৰা হয়৷ প্ৰথম দৃষ্টিত চাবলৈ গ’লে “মাতৃভাষা”ৰ কাৰণে এটা দিৱসৰ উদ্‌যাপনৰ প্ৰয়োজনীয়তা প্ৰশ্নবোধক হৈ পৰে৷

ক) নিজৰ মাতৃভাষাৰ বহুল প্ৰচলনৰ কাৰণে এই দিৱস?

খ) নিজৰ মাতৃভাষাৰ সংৰক্ষণৰ কাৰণে এই দিৱস?

গ) নিজৰ মাতৃভাষাৰ স্বকীয়তাৰ স্বীকৃতিৰ কাৰণে এই দিৱস?

আন ভাষাৰ কথা নাজানো পিছে মোৰ মাতৃভাষা “অসমীয়া”ৰ ক্ষেত্ৰত উপৰ্যুক্ত তিনিওটা কথাই প্ৰযোজ্য হয় বুলি মই ভাবো আৰু সেয়ে আমি এই দিৱস পালন কৰাটো গুৰুত্বপূৰ্ণ বুলি মই ভাবো৷

অসমীয়া ভাষাৰ প্ৰচলন কি লোপ পাই আহিছে নেকি? হয়, আমি বিশ্বব্যাপী ইংৰাজী ভাষাৰ আধিপত্য দেখি এই ভাষাটোৰ অতিকে গুণমুগ্ধ হৈ পৰিলো ইংৰাজী বেছি ভালকৈ শিকাৰ স্বাৰ্থত অসমীয়া ভাষা শিকাৰ বাবে প্ৰয়োজনীয় সময়কণ চান কাঢ়িবলৈ ধৰিলো৷ ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতো ইংৰাজী ভাষা বেছি ভালকৈ শিকিবৰ বাবে মাতৃভাষাক আওহেলা কৰিবলৈ উদগণি যোগোৱা হ’ল৷ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষা ভালদৰে বিজ্ঞানসন্মতভাবে শিকোৱাৰ ব্যৱস্থা নোলোৱাৰ বাবে অভিভাৱকসকলে নিজৰ ল’ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাবলৈ আগ্ৰহী হোৱা পৰিলক্ষিত হ’ল৷ অৱশ্যে ইয়াৰ ব্যতিক্ৰম আছে৷ নতুন প্ৰজন্মৰ বহুতে এইদৰেই নিজৰ মাতৃভাষাৰ পৰা কিছু দূৰলৈ গুচি আহিল৷ ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা বহুতকে অসমীয়া লিখা দূৰৰে কথা পঢ়িবলৈ অক্ষম হোৱাও দেখা গৈছে৷ ইংৰাজী ভাষা শিকাটো অতীৱ প্ৰয়োজনীয় বুলি ভাবো যদিও ইংৰাজীত পাকৈত হ’বলৈ গৈ নিজৰ মাতৃভাষাক দূৰলৈ ঠেলি দিয়াতো মুঠেই গ্ৰহণযোগ্য হ’ব নোৱাৰে৷

অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত ইংৰাজী ভাষা ভালদৰে লিখিবলৈ আৰু ক’বলৈ শিকোৱাৰ ব্যৱস্থা কৰাব লাগে৷ অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীয়ে যাতে শুদ্ধ উচ্চাৰণেৰে ইংৰাজী ক’বলৈ সক্ষম হৈ উঠে তাৰবাবে বিদ্যালয়সমূহত বিশেষ “ইংৰাজী কথনৰ প্ৰশিক্ষণ”ৰ ব্যৱস্থা হাতত ল’লে মই ভাবো কেৱল ভাল ইংৰাজী ক’বলৈ শিকাৰ বাবেই ইংৰাজী মাধ্যমৰ বিদ্যালয়লৈ ঢাপলি মেলাটো কিছুপৰিমাণে কমিব৷ লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো যাতে মাতৃভাষাক গুৰুত্ব দিবলৈ শিকোৱা হয় তাৰ প্ৰতি চকু ৰখাৰ ব্যৱস্থা হোৱা উচিত৷

আমাৰ মাতৃভাষা অসমীয়া কি এসময়ত লুপ্ত হৈ যাব নেকি? আমাৰ আবেগে আমাক তেনে এটা অমঙ্গলীয়া কথা ভাবিবলৈ নিদিয়ে৷ কিন্তু যি হাৰত অসমীয়া ভাষা প্ৰদূষিত হ’ব ধৰিছে, মনে কয় এদিন হয়তো বিশুদ্ধ অসমীয়া ভাষা শুনিবলৈ পোৱাটো সৌভাগ্যৰ কথা হিচাপেহে বিবেচিত হ’বগৈ৷ আমাৰ মাতৃভাষালৈ নিত্য নতুন বাৰে-ভচহু তথা বিজতৰীয়া শব্দৰ আমদানি; বাতৰি কাকত, আলোচনী সমূহতেই বাৰেকুৰি বানান তথা ব্যাকৰণৰ ভুলৰ প্ৰাদূৰ্ভাৱ; হিন্দী আৰু ইংৰাজী বিজ্ঞাপনৰ বিকৃত আৰু ঘৃণনীয় অসমীয়া অনুবাদে এই কথাৰেই আগজাননী দিয়ে বুলি ভাবিবলৈ বাধ্য হৈছো৷ আমি সকলো পৰ্য্যায়তে সচেতন হ’লেহে এনে প্ৰদূষণ ৰোধ কৰিব পৰা হ’ব৷ তাৰবাবে কেৱল চৰকাৰৰ মুখলৈ চাই থাকিলে নহ’ব, প্ৰতিজন নাগৰিকেই সচেতন হ’ব লাগিব৷ বাতৰি কাকত, আলোচনী, বিজ্ঞাপন সংস্থা সমূহে আগভাগ ল’বই লাগিব কিয়নো তেওঁলোকৰ দ্বায়িত্বশীল কৰ্মই সমাজত সচেতনতা বৃদ্ধি কৰাত অণুঘটকৰ কাম কৰিব৷

আমাৰ মাতৃভাষাৰ বিশুদ্ধৰূপ বৰ্তাই ৰখাত “মাতৃভাষা দিৱস” উদ্‌যাপন কৰাতো লাভদায়ক হ’ব বুলি ভাবো৷

অসমীয়াক আকৌ কিহৰ স্বীকৃতি লাগে? আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হম৷ আমাৰ মাতৃভাষাত ইমান কিতাপ পুথি প্ৰকাশ হৈছে, আমাৰ মাতৃভাষাৰ শব্দ ভঁৰাল ইমান টনকিয়াল যে আমি আচলতে লোকক শব্দ ধাৰলৈহে দিব পাৰো৷ তাতে লিখিবলৈ আমাৰ নিজৰ এটা লিপি আছে৷ হয় আমাৰ নিজাকৈ লিপি এটা আছে কিন্তু লিপিটোৰ স্বকীয়তাক ইণ্টাৰনেট বিশ্বত স্বীকৃতি দিব লগা মহলে (Unicode Consortium) স্বীকৃতিহে দিয়া নাই৷ আমি ইংৰাজী ভাষাৰ বিশ্বব্যাপকতাত মুগ্ধ হৈ থাকোতে নিজৰ ভাষাটোকো যে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলাব লাগে তাক পাহৰিয়েই থাকিলো৷ আজিৰ প্ৰযুক্তিৰ পৃথিবীত আমাৰ মাতৃভাষাক পৰিচিত কৰাবলৈ হ’লেযে আমাৰ লিপিটোক এক সুকীয়া স্বীকৃতিৰ প্ৰয়োজন তাক বৰ দেৰিকৈহে উপলব্ধি কৰা হ’ল৷ সময়ৰ শৰ সময়ত নমৰা বাবে এতিয়া আমাৰ লিপিটোক আন্তৰ্জাতিক দৰবাৰত এক মান্য স্বীকৃতি দিয়াবলৈ বেছি কষ্ট কৰিব লগীয়া হৈছে আৰু তাকো কৰিবলগীয়া হৈছে মুষ্টিমেয় কেইগৰাকীমান অসমীয়া ভাষাপ্ৰেমী লোকে৷

এই নীৰৱকৰ্মী, প্ৰচাৰবিমুখ ভাষাকৰ্মীসকলক সহায় কৰিবলৈ আমি সকলোৱে আগবাঢ়ি আহিব লাগে আৰু মই সাংঘাতিক আশাবাদী যে এদিন আমাৰ লিপিটোৱে বিশ্বৰ দৰবাৰত স্বকীয় স্থান পোৱাই নহয়, সময়ত প্ৰতিটো ছফ্টৱেৰ, প্ৰতিটো ইলেক্ট্ৰনিক গেজেটতে অসমীয়া ভাষা এক অভিন্ন অঙ্গ হৈ উঠিব৷

লিখক: মৃদুল কুমাৰ শৰ্মা।

গুৱাহাটী মহানগৰীৰ ইছলামপুৰত নিশা অগ্নিকাণ্ড সংঘটিত…

Blazing fire flame black and white for background and abstract

মহানগৰীৰ ইছলামপুৰত নিশা অগ্নিকাণ্ড। এটা প্লাষ্টিকৰ কাৰখানাত হঠাৎ লাগিল জুই।

কাৰখানাটোত আছিল প্লাষ্টিকৰ লগতে বহু ৰড-লোহাৰ সামগ্ৰী।

Blazing fire flame black and white for background and abstract

ভস্মীভূত জুগ্নো নামৰ ব্যৱসায়ীজনৰ কাৰাখানাটো। পূৰ্বেও কেইবাবাৰো কাৰখানাটোত লাগিছিল জুই।

আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ ‘দিল্লী চলো’ যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে…

ভাৰতত কৃষক আন্দোলনৰ যুদ্ধংদেহী ৰূপ।

আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ ‘দিল্লী চলো’ যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে। টিক্ৰী সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

বিদ্ৰোহী কৃষকৰ দাবী মানি নল’লে আন্দোলন আৰু ভয়ংকৰ হোৱাৰ হুংকাৰ।

ৰঙিয়াত লাচিত এক্সপ্ৰেছৰ ডবাৰ পৰা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ…

ৰঙিয়াত লাচিত এক্সপ্ৰেছত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ।

মুৰ্ককচেলেঙৰ পৰা গুৱাহাটী অভিমুখী আছিল ট্ৰেইনখন।

ৰে’ল কৰ্তৃপক্ষই বিশেষভাবে সক্ষম লোকৰ ডবাৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

সৰুসজাই ষ্টেডিয়ামত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত…

সৰুসজাই ষ্টেডিয়ামত অগ্নিকাণ্ড। খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ চলি থকাৰ সময়তে এই অঘটন।

ষ্টেডিয়ামৰ মাজত থকা ডিজিটেল ষ্টেজত অগ্নিকাণ্ডৰ সূত্ৰপাত।

যান্ত্ৰিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। তাৎক্ষণিকভাৱে নিৰ্বাপন কৰা হয় জুই।

অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত উত্তীৰ্ণ বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা

যোৱা ২০ ফেব্ৰুৱাৰী মংগলবাৰে, সাহিত্য সংস্কৃতিমূলক মাহেকীয়া আলোচনী ‘জোনাক’ৰ উদ্যোগত আৰু মহানগৰীৰ চেনিকুঠীস্থ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ পৰিসংখ্যা শাখাৰ সহযোগত অসম লোকসেৱা আয়োগৰ সদ্য ঘোষিত অসামৰিক পৰীক্ষাত কৰ পৰিদৰ্শকৰূপে স্থান লাভ কৰা বিদ্যুৎ কুমাৰ দাসক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ফুলাম গামোচা, মানপত্ৰ, কিতাপৰ টোপোলা, নৱবৰ্ষৰ কেলেণ্ডাৰসহ সন্মান জনোৱা দাসক উপস্থিত আটায়ে অভিনন্দন জনায় আৰু উত্তৰোত্তৰ উন্নতি কামনা কৰে। কবি-লেখক-পৰিদৰ্শক পুলকেশ ৰায় বৰুৱাই সাৱলীলভাৱে আঁত ধৰা অনুষ্ঠানটোত দাসদেৱে নিজস্ব মনোভাৱ ব্যক্ত কৰি কয়, ” ‘জোনাক’ আলোচনীয়ে আজি দিয়া এই মৰম-শুভাশাক মই কেতিয়াও পাহৰিব নোৱাৰিম, যথেষ্ট কষ্ট-পৰিশ্ৰম কৰি পোৱা মোৰ এই সুখ্যাতিৰ ভাগত মই মা আৰু দেউতাৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম, মানৱজীৱনৰ দু:খময় পৰিৱেশত মানুহ ভাগি পৰিব নালাগে আৰু সুখৰ পৰতো পাখি লগাই উৰি ফুৰিব নালাগে, মাথোঁ নিজস্ব ধ্যান-ধাৰণাৰে গতিপথত আগবাঢ়ি থাকিব লাগে।”


জ্যেষ্ঠ গৱেষণা বিষয়া প্ৰমথেশ ভট্টাচাৰ্য্যই বিশিষ্ট অতিথিৰ আসনৰ পৰাই ভাষণ প্ৰসংগত কয় যে “মানুহে সময় থাকোঁতেই প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে নিজকে নিৰৱচ্ছিন্ন ধৰণে লাগি থাকি উত্তীৰ্ণৰ শাৰীত ভৰি থব লাগে, বিদ্যুৎৰ কৃতিত্বই আমাক যথেষ্ট উৎসাহী কৰি তুলিছে।”

পৰিসংখ্যা শাখাৰ বিষয়া-কৰ্মচাৰী শৈলেন কলিতা, হৰমোহন দাস, মাচুম স্মৃতি দত্ত, নৃপেন দাস, ৰঞ্জিত বৰ্মন, নয়নজ্যোতি দাস, ৰফিক আলী, মীৰা দাস, মৌকন দাস, ৰাহুল ডেকা, সমৰজিৎ ৰামচিয়াৰী, প্ৰণীতা মৌপিয়া উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাখন অতি সুকলমে পাৰ হৈ যায়।

ৰাকুল-জেকীৰ বিয়াৰ মেনুত থাকিব গ্লুটেন, ছুগাৰ ফ্ৰী খাদ্য…

জেকি ভগনানী-ৰকুল প্ৰীত সিঙৰ বিয়া: অতিথিৰ বাবে গ্লুটেন-মুক্ত, স্বাস্থ্যকৰ মেনু আছে ৰাকুল- জেকী ভগনানীৰ বিয়াত। গোৱাৰ এক সুন্দৰ পৰিৱেশত ৰাকুল প্ৰীত সিং আৰু জেকী ভগনীয়ে বিবাহপাশত আবদ্ধ হ’ব। ৰাকুল আৰু জেকীৰ ফিটনেছ অনুৰাগী অতিথিসকলৰ বাবে থাকিব গ্লুটেন, ছুগাৰ ফ্ৰী খাদ্য। ৰাকুল আৰু জেকী দুয়োজনেই ফিটনেছৰ ক্ষেত্ৰত অতি বিশেষ বুলি জনা যায়।

যিহেতু দুয়োজনেই ফিট ৰখাৰ ক্ষেত্ৰত অতি বিশেষ, গতিকে তেওঁলোকৰ বিয়াৰ অতিথিসকলক বিশেষ স্বাস্থ্যকৰ মেনুৰে আদৰণি জনোৱা হ’ব। আন আন পৰম্পৰাগত খাদ্যও থাকিব যদিও স্বাস্থ্যসন্মত খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, এই এৰেত অতিথিসকলৰ বাবে গ্লুটেনমুক্ত, চেনিমুক্ত আৰু স্বাস্থ্যকৰ খাদ্যৰ ছেট আপ দেখা যাব। ৰাকুল আৰু জেকী দুয়োজনেই সুস্থ জীৱনশৈলীৰ সমৰ্থক আৰু স্বাস্থ্যসন্মত আনন্দৰ বিশেষ প্ৰৱৰ্তন কৰাটোৱেই হৈছে বিয়াখনত তেওঁলোকৰ বিশেষ স্পৰ্শ।