Home Blog Page 1056

বাঙ্গালুৰুলৈ সংস্থাপন বিচাৰি যোৱা তিতাবৰৰ মোহনাটিং বৰুৱাবাৰীৰ যুৱক ৰিতুপন ৰাজখোৱা সন্ধানহীন

তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম তিতাবৰৰ মোহনাটিং বৰুৱাবাৰী গাঁৱৰ ৰিতুপণ ৰাজখোৱা নামৰ ৩৯ বছৰ বয়সৰ এজন ব্যক্তি পাঁচদিনে নিৰুদ্দেশ।

যোৱা ৯ ফেব্ৰুৱাৰীত কোম্পানীত সংস্থাপন বিচাৰি বাঙ্গালুৰুলৈ গৈছিল যদিও অজ্ঞাত কাৰণত কোম্পানীত যোগদান নকৰি যোৱা ১৪ ফেব্ৰুৱাৰীত বাঙ্গালুৰুৰ পৰা মৰিয়নি অভিমুখী ১২৫০৯ এছ এফ এক্সপ্ৰেছ ট্ৰেইনত ঘৰলৈ আহি থকা অৱস্থাত বিজয়ৱাৰা জংচন আৰু ৰাজাহাণ্ড্ৰি ষ্টেচনৰ মাজত থকা কাইক্ৰাম ষ্টেচনৰপৰা নিখোজ হয় বুলি পৰিয়ালটোৱে জানিবলৈ দিছে।

১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা ফোনৰ চুইচ্ অফ হৈ থকা আৰু বিগত পাঁচদিনে সন্ধানহীন আৰু শেহতীয়াকৈ মানসিক ভাৱে ভাৰসাম্যহীন হৈ থকা যুৱকজনৰ মাতৃ, পত্নী, দুগৰাকী কন্যাৰ লগতে ককাই-ভাই, আত্মীয় -কুটুম্বসহ ওচৰ-চুবুৰীয়া চিন্তিত হৈ পৰিছে।

ইতিমধ্যে যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত মৰিয়নি জংচনৰ আৰ পি এফ থানা, তিতাবৰ সদৰ আৰক্ষী থানা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষকক যুৱকজনৰ জ্যেষ্ঠ ভ্ৰাতৃ বিতুপন ৰাজখোৱাই লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে পিন্ধনত ৰঙা স্পৰ্টিং, মটিয়া ৰঙৰ লংপেণ্ট আৰু হাৱাই চেণ্ডেল পৰিহিত যুৱকজনৰ  কোনো লোকে সন্ধান পালে ফোন +91 81338 71081 নম্বৰত অথবা আৰক্ষী থানাত জনাবৰ বাবে পৰিয়ালটোৱে অনুৰোধ জনাইছে।

-প্ৰসেনজিৎ ৰাজখোৱা, তিতাবৰ

কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ…

মহানগৰীত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ।

কামাখ্যা মন্দিৰৰ সমীপতে ব্ৰহ্মপুত্ৰত উদ্ধাৰ মৃতদেহটো।

বৰ্তমানেও মৃত লোকজনৰ পৰিচয় পোহৰলৈ অহা নাই। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ…

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ । APCCৰ সভাপতি ভূপেন বৰা আৰু আন কেইবাগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধেও গোচৰ ৰুজু ।

গোলাঘাট আদালতত গোচৰ গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়েৰ। সৰুপথাৰত মুখ্যমন্ত্ৰীক সাক্ষাতৰ অভিযোগত কৰা হৈছিল অপসাৰণ।

তাৎক্ষণিকভাৱে দাদু টায়েক অপসাৰণ কৰিছিল APCC নেতৃত্বই।

চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত চৰাইদেউ জিলা আবকাৰীৰ

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে জিলা আৱকাৰী বিভাগে নিতৌ অভিযান অব্যাহত ৰাখিছে। সোমবাৰে সোণাৰি আবকাৰীৰ উদ‍্যোগত মথুৰাপুৰ, টেঙাপুখুৰী আৰক্ষীৰ সহযোগত যুতীয়াভাৱে চুলাই মদৰ অভিযান চলায় এঙেৰা অঞ্চলত।

অভিযানকাৰী দলেটোৱে মাইবেলা, টেঙাপুখুৰী, এঙেৰা, দুৱৰা গাঁও অঞ্চলত অবৈধ চুলাই মদৰ অভিযান চলাই ভাটি সমূহ ধংস কৰে। এই অভিযানৰ সময়ত দলটোৱে চুলাই তৈয়াৰ কৰাৰ বাবে ৰখা প্ৰায় ২৫০লিটাৰ চুলাই পাছ, বিক্ৰী কৰিবলৈ ৰখা ১৫ লিটাৰ চুলাই মদ ০২ টা চুলাই তৈয়াৰত ব্যৱহৃত হোৱা যন্ত্ৰ, ২৫কেজি লাওপানী জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়।

আবকাৰী বিষয়াৰ দল যোৱাৰ উমান পায় অবৈধ সুৰা তৈয়াৰ কৰা ব‍্যৱসায়ীয়ে পলাই যাবলৈ সক্ষম হয় যদিও অবৈধ সুৰাৰ বেপাৰীৰ বিৰুদ্ধে ৩টা গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে।

-ৰূপামণি গগৈ , চৰাইদেউ

পানী খোৱাৰ উপযুক্ত সময়, কোনসময়ত পানী খালে শৰীৰত উপকাৰ পোৱা যায়…

পানী অবিহনে বেছি দিন জীয়াই থাকিব নোৱাৰে। আনহাতে সঠিক সময়ত পানী খালে শৰীৰৰ বাবে ঔষধৰ দৰে কাম কৰে। পানী খোৱাৰ উপযুক্ত সময় কোনখিনি জানেনে? বেছিভাগ মানুহেই ডিঙি শুকান অনুভৱ কৰিলেহে পানী খায়, কিন্তু বাস্তৱত শৰীৰক কেতিয়া পানীৰ প্ৰয়োজন হয় তাৰ বাবে এটা নিৰ্দিষ্ট সময় থাকে। এনে পৰিস্থিতিত সঠিক সময়ত পানী খালে স্বাস্থ্যৰ উন্নতি ঘটে।


পানী খোৱাৰ উপযুক্ত সময় –
ৰাতিপুৱা খালী পেটত পানী খোৱাটোৱেই শৰীৰত হাইড্ৰেট কৰাৰ সৰ্বোত্তম উপায়। ৰাতিটো উপবাসে থকাৰ পিছত শৰীৰক তাৎক্ষণিক শক্তিৰ প্ৰয়োজন হয়। এনে পৰিস্থিতিত বিশেষজ্ঞসকলে আধা নেমুৰ ৰস, ১ চামুচ ঘিউ বা এচিকুট ডালচেনিৰ ৰস পানীৰ সৈতে খোৱাৰ পৰামৰ্শ দিয়ে। ই এন্টিঅক্সিডেন্ট, ভিটামিন চি আৰু পটাছিয়ামৰ উৎকৃষ্ট উপকাৰ প্ৰদান কৰে।
আনহাতে স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে খাদ্য খোৱাৰ আগতে পানী খোৱাটোৱে জি আই নলী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু ওজন হ্ৰাসতো সহায় কৰে। আনহাতে যিসকল লোকে প্ৰতিদিনে খাদ্য খোৱাৰ ৩০ মিনিট আগতে ৫০০ মিলিলিটাৰ পানী খাই, তেওঁলোকৰ ওজন ১২ সপ্তাহত ৩ কিলোগ্ৰাম হ’ব পাৰে।
শুই উঠিয়ে পানী খালে ৰাতি শৰীৰ হাইড্ৰেটেড হৈ থাকে আৰু লগতে বিষাক্ত পদাৰ্থও স্বয়ংক্ৰিয়ভাৱে বাহিৰ কৰি দিয়ে। ইয়াৰ উপৰিও শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। কেৱল এয়াই নহয়, পেটৰ বিষ বা ক্ৰেম্পৰ পৰাও সকাহ দিয়ে।


গা ধোৱাৰ আগতে গৰম পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণ হয়। আচলতে গা ধোৱাৰ আগতে গৰম পানী খালে শৰীৰটো ভিতৰৰ পৰা উষ্ণ হৈ পৰে, যাৰ ফলত তেজৰ সঞ্চালন উন্নত হয়। ইয়াৰ বাহিৰেও ঘাম ওলোৱাৰ পিছত, মালিচ কৰাৰ পিছত, ভাপ খোৱাৰ পিছত বা পানী খোৱাৰ পিছত, ব্যায়ামৰ আগত আৰু পিছত পানী খোৱাটো জৰুৰী।

জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ! ৰাইজৰ সহায় বিচাৰি কাতৰ অনুৰোধ পৰিয়ালবৰ্গৰ…

এটা অতি দুঃখবৰ জনপ্ৰিয় অভিনেতা কবিন্দ্ৰ দাস কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।ৰং চেনেলযোগে প্ৰচাৰিত ‘বৰলা কাই’ লগতে

ধাৰাবাহিক ত ‘কেৰপা’ নামৰ এটি চৰিত্ৰত অভিনয় কৰি দৰ্শক শ্ৰোতাৰ হিয়াৰ আমঠু হৈ পৰা অভিনেতাজনক এতিয়া আপোনাৰ/মোৰ কিছু সহায়ৰ প্ৰয়োজন। যি যেনেকৈ পাৰে তেনেকৈ দি তেওঁক সহায় কৰাৰ অনুৰোধ পৰিয়ালবৰ্গৰ ।


তেখেতৰ বেংক একাউণ্ট G Pay No ৰ সবিশেষ তলত দিয়া হ’ল-
A/C No-20001694317
IFSC-SBIN0000028
G.Pay No-99542-73607.
(KABINDRA DAS)

মঙলবাৰে জম্মুত নৱনিৰ্মিত এইমছ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে জম্মুৰ অন্যান্য প্ৰকল্পৰ লগতে জম্মুৰ বিজয়পুৰ চাম্বাত এইমছ উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ পূৰ্বে সমগ্ৰ জম্মু-কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে, কৰ্তৃপক্ষই জম্মুত উৰণীয়া ড্ৰ’ন, পেৰাগ্লাইডাৰ আৰু ৰিম’ট কণ্ট্ৰ’ল কৰা মাইক্ৰ’ লাইট বিমান সাময়িকভাৱে নিষিদ্ধ কৰিছে।

জম্মু-কাশ্মীৰৰ গুলমাৰ্গ বৰফেৰে আবৃত, পৰ্যটকৰ বিপুল ভিৰ…

জম্মু-কাশ্মীৰঃ গুলমাৰ্গ বৰফেৰে আবৃত, বৃহৎ সংখ্যক বিদেশী পৰ্যটক বৰফ পৰা উপভোগ কৰিবলৈ আহিছে গুলমাৰ্গলৈ।

কাশ্মীৰৰ বিখ্যাত স্থান গুলমাৰ্গ, এই গুলমাৰ্গত বৰফ পৰাৰ পিছত পৰ্যটকৰ বিপুল ভিৰ দেখা গৈছে।

এনে পৰিস্থিতিত বিদেশী পৰ্যটকৰ বিপুল জনসমাগম উপভোগ কৰিবলৈ চাওঁক কিছুমান ধুনীয়া ফটো-

 ক’লা জামুই হাড় শক্তিশালী কৰি ‘অষ্টিঅ’প’ৰছিছ’ ৰোগ প্ৰতিৰোধ কৰিব পাৰে…

মধুমেহ মহৌষধস্বৰূপ ‘ক’লা জামু’ বৰ্ষা ঋতুৰ এক উল্লেখযোগ্য ফল। দেশৰ সৰ্বত্ৰ এইবিধ ফল পোৱা যায়। ইয়াৰ অনেক প্ৰজাতি আছে। মধুমেহত ভোগা ৰোগীৰ বাবে ই প্ৰকৃতিৰ এক অনুপম উপহাৰস্বৰূপ। আয়ুৰ্বেদ শাস্ত্ৰত ইয়াক উদৰ ৰোগ নাশক, হজমী কাৰক(পাচক), কৃমি, কফ, পিত্ত আৰু দেহৰ পোৰণি প্ৰশমক বুলি কোৱা হৈছে।

ইয়াৰ গুটিৰ গুৰি বা বীজৰ চূৰ্ণ মধুমেহৰ বাবে এক অব্যৰ্থ ঔষধিস্বৰূপ। এই বীজৰ চূৰ্ণ পৰিমিত ৰূপত নিয়মীয়াকৈ সেৱন কৰিলে প্ৰায় এসপ্তাহৰ ভিতৰতে প্ৰস্ৰাৱৰ শৰ্কৰা নিয়ন্ত্ৰিত হয় বুলি কোৱা হৈছেফ। এই জামু গছৰ ফল, বীজ, ছাল, পাত সকলোবোৰেই ঔষধি গুনসমৃদ্ধ। এই ক’লা জামুৰ বৈজ্ঞানিক নাম হৈছে Syzygum cummini আৰু ই Myrtaceae পৰিয়ালৰ।

ইয়াৰ বীজত কেলচিয়াম আৰু প্ৰ’টিনৰ উপৰি ‘জম্বোলিন’(Jombolin) নামৰ এবিধ অতি মূল্যৱান পদাৰ্থ(গ্লাইকোছাইড) পোৱা যায়, যিয়ে তেজ আৰু প্ৰস্ৰাৱৰ শৰ্কৰা নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি বহুমূত্ৰ ৰোগীৰ বাবে প্ৰকৃতিৰ এক অমূল্য আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে।

জামুত পৰ্যাপ্ত মাত্ৰাত আইৰণ আৰু ভিটামিব ‘চি’ থকা বাবে ই তেজৰ হিম’গ্লবিন বঢ়ায়, তেজ পৰিষ্কাৰ কৰে, ৰক্তহীনতা(এনিমিয়া) দূৰ কৰে আৰু গাৰ ছালৰ উজ্জ্বলতা বঢ়ায়। পৰ্যাপ্ত মাত্ৰাত প’টাছিয়াম থকা বাবে হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোক আদিৰ সম্ভাৱনা হ্ৰাস কৰে।

জামুৱে ৰক্ত শৰ্কৰা কমায় বাবে অস্ত্ৰোপচাৰৰ দুসপ্তাহ আগত বা পিছত জামু খাব নালাগে। পৰিমিত মত্ৰাত জানুৰ ৰস সেৱনে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়ায় আৰু ইয়াত থকা ‘পলিফেনল’ নামৰ উপাদানবিধে কৰ্কট প্ৰতিৰোধী হিচাপে কাম কৰে।

ইয়াত থকা লো, কেলচিয়াম, প’টাছিয়াম আদি উপাদানে হাড় শক্তিশালী কৰি ‘অষ্টিঅ’প’ৰছিছ’ ৰোগ প্ৰতিৰোধ কৰে।

মধুমেহ বা বহুমূত্ৰ ৰোগ আধুনিক যুগৰ এক ডাঙৰ প্ৰত্যাহ্বানস্বৰূপ। ভুল জীৱনশৈলী আৰু আহাৰ-বিহাৰৰ অসংযমিতাৰ পৰিমাণস্বৰূপে বহু লোক এই ৰোগৰ চিকাৰ হোৱা দেখা যায়। ক’লা জামুৰ পকা সুমিষ্ট ফল আৰু বীজৰ চূৰ্ণ সেৱনৰদ্বাৰা এই ৰোগ বহুলাংশে নিয়ন্ত্ৰিত কৰিব পৰা যায়।

ইয়াৰ বীজৰ চূৰ্ণ বহুমূত্ৰ ৰোগৰ এক অব্যৰ্থ ঔষধ বুলি আধুনিক চিকিৎসা বিজ্ঞানৰদ্বাৰা প্ৰমাণিত তথা চিহ্নিত হৈছে।

ইয়াৰ বীজত নিহিত জম্বোলিন নামৰ গ্লাইকোছাইডবিধে শ্বেতসাৰক শৰ্কৰালৈ ৰূপান্তৰিত হোৱাত বাধা প্ৰদান কৰি মধুমেহ ৰোগীৰ যথেষ্ট উপকাৰ সাধন কৰে।

ইয়াৰ বীজৰ চূৰ্ণ ১ বা ২ গ্ৰাম পানীৰে সৈতে নিয়মীয়াকৈ(দিনে তিনিবাৰকৈ) সেৱন কৰিলে সপ্তাহটোৰ ভিতৰতে মূত্ৰ শৰ্কৰা নিয়ন্ত্ৰিত হয়।

খালী পেটত জামু খাব নালাগে।

জামু খোৱাৰ পিছতে গাখীৰ খাব নালাগে।

পকা জামু সদায় নিমখৰ সৈতে খাব লাগে।

আহাৰ খোৱাৰ পিছত ইয়াক বেছিকৈ খাব নালাগে। কাৰণ ই যথেষ্ট গুৰুপাকী।

ইয়াৰ মাত্ৰাধিক্যই কোষ্ঠকাঠিন্য, কফ বৃদ্ধি, বুকুৰ বিষ আদি কৰিব পাৰে।

বাত ৰোগী, প্ৰসূতি আৰু উপবাসী ব্যক্তিয়ে এই ফল গ্ৰহণ কৰিব নালাগে।

বৰ্তমান সময়ত পৰ্যাপ্ত মাত্ৰাত পোৱা এইবিধ বতৰৰ ফল পৰিমিতভাৱে গ্ৰহণ কৰি আমি নিঃসন্দেহে দেহৰ পুষ্টি আৰু মনৰ সন্তুষ্টিত অৰিহণা আগবঢ়াই নিজৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

লেখক: ভুৱনেশ্বৰ ডেকা

পাদিলে লাজ পাই নেকি? পাদৰ উপকাৰিতাৰ বিষয়ে জানক…

আমাৰ মাজৰ সকলোৱে ফাৰ্টিং কৰে বা পাদে। কিন্তু আমি চেষ্টা কৰোঁ যাতে তেনে কৰাৰ সময়ত কোনেও গম নাপায়। কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পদাটো পৰা ভাল নে বেয়া, জানো আহক। ৰাজহুৱা স্থানত বা বন্ধু-বান্ধৱীৰ মাজত যদি আপুনি জোৰেৰে পাদে, তেন্তে ই লাজৰ কাৰণ হৈ পৰিব পাৰে। কেতিয়াবা ইয়াক নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰে। ফাৰ্ট নিয়ন্ত্ৰণ কৰাৰ উপায়-

১) সঘনাই কম পৰিমাণে খাব লাগে

এবাৰতে বেছিকৈ খালে পেটত বোজাৰ সৃষ্টি হয়, যাৰ ফলত অধিক গেছ হ’ব পাৰে, সেয়েহে সঘনাই কম পৰিমাণে খালে হজম শক্তি সহজ হয় আৰু কম গেছ উৎপন্ন হয়।


২) লাহে লাহে চোবাই খাব, ফিজি ড্ৰিংকছৰ পৰা বিৰত থাকিব

খৰধৰকৈ খোৱা আৰু কাৰ্বনেটেড পানীয় সেৱন কৰিলে পেট বায়ুৰে ভৰি পৰে। এই বায়ু পেটত আবদ্ধ হৈ পৰে আৰু পেট ফুলা আৰু গেছ গঠন কৰে। লাহে লাহে চোবাই খালে আৰু পানী খালে বায়ু সোমাব নোৱাৰে, যাৰ ফলত গেছ গঠন কমি যায়।

৩/ চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব

চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়টিকৰ দৰে ঔষধ সেৱন কৰিলে আমাৰ পাচনতন্ত্ৰত উপস্থিত ভাল বেক্টেৰিয়াৰ ক্ষতি হ’ব পাৰে। যেতিয়া এই বেক্টেৰিয়াৰ ভাৰসাম্য বিঘ্নিত হয় তেতিয়া পেটত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে, য’ত গেছৰ সমস্যাও অন্তৰ্ভুক্ত।

মনত ৰাখিব যে যদি পেটৰ বিষ, পেটৰ ক্ৰেম্প, বা ডায়েৰিয়া আদি সমস্যাৰ লগতে অত্যধিক গেছ থাকে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।