Home Blog Page 1058

চৰকাৰী ধন আত্মসাৎ কৰাৰ ফন্দীঃ ভুৱা গণ বিবাহত কইনাই দৰাৰূপী নাৰীক পিন্ধালে মালা…

চৰকাৰী ধন আত্মসাৎ কৰাৰ ফন্দীঃ ভুৱা গণ বিবাহত কইনাই দৰাৰূপী নাৰীক পিন্ধালে মালা !

চৰকাৰী ধন কৰকোৱাৰ ফন্দী ফাদিল হ’ল উত্তৰ প্ৰদেশত। গণবিবাহৰ বাবে চৰকাৰে ধন দিব। সেই ধন যিকোনো প্ৰকাৰে সৰকোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হ’ল এখন ভুৱা গণবিবাহ। এই ভুৱা গণবিবাহৰ স্থান উত্তৰ প্ৰদেশ। গণবিবাহত নাছিল কোনো দৰা । কইনাসকলে গাঢ় কমলা শাৰী পিন্ধি শাৰীবদ্ধ হৈ থিয় হৈ আছিল । সকলোৰে মূৰ ঢকা আছিল। কিন্তু বায়া খনত কোনো দৰাক দেখা পোৱা নগ’ল। অলপ সময়ৰ পিছত, দেখা গ’ল যে কইনাসকলে নিজেই তেওঁলোকৰ ডিঙিত মালা পিন্ধৈইছে! এনেদৰেই গণ বিবাহ অনুষ্ঠান দৰা অবিহনেই সম্পূৰ্ণ কৰা হ’ল। তোলা হ’ল ফটোও।

ঘটনাটো উত্তৰ প্ৰদেশৰ বালিয়া জিলাত সংঘটিত হৈছে। সামাজিক উন্নয়ন বিভাগৰ উদ্যোগত মানিয়াৰ আন্তঃ মহাবিদ্যালয় চৌহদত গণ বিবাহৰ আয়োজন কৰা হৈছিল।সেই বিবাহৰ এটা ভিডিঅ’ ফুটেজ ছচিয়েল মিডিয়াত বিয়পি পৰিছে। ভিডিঅ’টোত বিয়াখন দৰা অবিহনে অনুষ্ঠিত হোৱা দেখা গৈছে । অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰি চোৱা নাই।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে স্থানীয় প্ৰশাসনে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে। গাওঁবাসীয়ে অভিযোগ কৰিছে যে চৰকাৰী ধন পাবলৈ এনেদৰে ভুৱা গণ বিবাহৰ ব্যৱস্থা কৰা হৈছিল। তাত কাৰো বিয়া হোৱা নাছিল। স্থানীয় লোকসকলে অভিযোগ কৰিছে যে বহু পুৰুষো শাৰী পিন্ধা মহিলাসকলৰ ভিতৰৰ আছিল।

সেই গণ বিবাহ অনুষ্ঠানৰ বাবে ৫৬৮ হাল দম্পতীৰ নাম পঞ্জীয়ন কৰা হৈছিল। চৰকাৰে গণ বিবাহৰ বাবে প্ৰতি দম্পতীৰ নামত ৫১,০০০ টকা আৱণ্টন কৰিছিল। কোৱা হৈছিল যে টকাখিনি বিয়াৰ পিছতহে উপলব্ধ হ’ব। ইয়াৰ ভিতৰত ৩৫,০০০ টকা পোনপটীয়াকৈ কইনাৰ বেংক একাউণ্টত জমা কৰিব বুলি চৰকাৰে কৈছিল। ইয়াৰ উপৰি দৰাৰ বাবে ১০,০০০ টকাৰ উপহাৰ ঘোষণা কৰা হৈছিল। তদন্তৰ পিছত মণিয়াৰ আৰক্ষী থানাত আঠগৰাকী মহিলাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ঘটনাটো গাপ দি ৰখা বাবে অতিৰিক্ত উন্নয়ন বিষয়া সুনীৰ কুমাৰ যাদৱৰ বিৰুদ্ধেও এজাহাৰও পঞ্জীয়ন কৰা হৈছে।

পাকিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ১০জন আৰক্ষী জোৱানৰ মৃত্যু; ৬ জন আহত…

পাকিস্তানত আকৌ সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ।


৫ ফেব্ৰুৱাৰীৰ পুৱতিনিশা এখন থানাত ধাৰাসাৰ গুলীবৰ্ষণ সন্ত্ৰাসবাদীৰ।


সন্ত্ৰাসবাদীৰ গুলীত এইপৰ্যন্ত ১০জন আৰক্ষী জোৱানৰ মৃত্যু, ৬ জন আহত।


খাইবাৰ পাখতুনখোৱা প্ৰদেশত এই ঘটনা।


ডেৰা ইছমাইল খান জিলাৰ চৌধুৰীৱান থানাত অতৰ্কিত আক্ৰমণ।


৩০জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে থানা ঘেৰি লৈ চলায় আক্ৰমণ।


আনহাতে ৮ ফেব্ৰুৱাৰীত দেশখনত সাধাৰণ নিৰ্বাচন।

মদ-মাংস পৰিত্যাগ ! ‘ৰামায়ণ’ ছবিৰ ‘ ৰাম’ৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু হৈছে ৰণবীৰ কাপুৰ…

মদ-মাংস পৰিত্যাগ ! ‘ৰামায়ণ’ ছবিৰ ‘ৰাম’ৰ চৰিত্ৰত অভিনয়ৰ বাবে সাজু হৈছে ৰণবীৰ কাপুৰ

নিজৰ প্ৰিয় মদ-মাংস পৰিত্যাগ কৰিলে অভিনেতা ৰণবীৰ কাপুৰে। ‘এনিমেল’ ছবিত কৰা অপূৰ্ব অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা অৰ্জন কৰা ৰণবীৰ কাপুৰ এইবাৰ সাজু হৈছে তেওঁৰ নতুন ছবি ‘ৰামায়ণ’ ৰ শ্বুটিঙৰ বাবে। কাপুৰে ‘ৰামায়ণ’ ছবিখনৰ বাবে কঠোৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ছবি খনত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰে।সেয়ে আহাৰ-বিহাৰৰ ক্ষেত্ৰত সংযম ৰক্ষা কৰিছে ৰণবীৰে। মাংস ৰণবীৰৰ প্ৰিয় খাদ্য।

কিন্তু ৰামৰ চৰিত্ৰত অভিনয় কৰিব বাবেই তেওঁ খাদ্যৰ তালিকাৰ পৰা মাংস একেবাৰে বাদ দিছে। একেদৰে মদো তেওঁ আৰু কিছুদিনলৈ পান নকৰে।ৰামৰ চৰিত্ৰটোৰ বাবেই তেওঁ সুৰাপানো ত্যাগ কৰিছে বুলি ৰণবীৰৰ ঘনিষ্ঠ মহলে প্ৰকাশ কৰিছে।

ৰণবীৰে ছবি খনৰ বাবে লণ্ডন আৰু মুম্বাইত শ্বুটিঙৰ ১২০ দিনৰ দীঘলীয়া কাৰ্সূচী গ্ৰহণ কৰিছে। ৰণবীৰে এই বছৰৰ মাৰ্চৰ পৰা ‘ৰামায়ণ’ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব। পৰিচালক নীতিশ তিৱাৰীয়ে ছবি খনৰ সৰ্বাংগ সুন্দৰ আৰু নিখুঁত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

তেওঁ যোৱা বছৰৰ অদিপুৰুষ ছবিৰ বাবেহোৱা বিতৰ্কৰ পৰা বহু কথাই শিকিছে। নীতিশৰ ছবি ‘ৰামায়ণ’ৰ বেছিভাগ দৃশ্যগ্ৰহণ মুম্বাইত কৰা হ’ব। দুমাহ মুম্বাইত শ্বুটিং কৰাৰ পিছত দলটোৱে লণ্ডনলৈ উৰা মাৰিব। দক্ষিণৰ তাৰকা যশেও ৰণবীৰৰ সৈতে লণ্ডনলৈ যাব। দুয়োজন অভিনেতাই লণ্ডনত কিছুমান গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিব।
ৰণবীৰে স্বেচ্ছাই এই ছবিখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ৰামৰ অৱতাৰত অভিনয় কৰাৰ বাবে বিশেষ ধ্যানো কৰি আছে। বাতৰি অনুসৰি ছবি খনত বিজয় সেতুপতিক বিভীষণ, ছানী দেওলক হনুমান, ববি দেওলক কুম্ভকৰ্ণ, চাই পল্লৱীক সীতাৰ চৰিত্ৰত দেখা যাব।

বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি…

বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি।.


১ মিনিটতে ভাষণ সামৰিবলগীয়া হ’ল ৰাজ্যপালে।


বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিৱেশৰ।


প্লে-কাৰ্ড প্ৰদৰ্শন কৰি ৰাজ্যপালৰ ভাষণ বিৰোধিতা বিৰোধীৰ।

বিধায়ক ক্ৰয়ৰ অভিযোগঃ দিল্লীৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ অপৰাধ শাখাৰ…

বিধায়ক ক্ৰয়ৰ অভিযোগঃ দিল্লীৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ অপৰাধ শাখাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালৰ পিছত ৰাজ্য খনৰ মন্ত্ৰী আতিশীৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে দিল্লীৰ অপৰাধ শাখাৰ বিষয়াই। আপৰ সাতগৰাকী বিধায়কক ক্ৰয় কৰিবলৈ বিজেপিয়ে চেষ্টা চলোৱা বুলি কেজৰিৱালে অভিযোগ কৰাৰ পিছতে দিল্লীৰ অপৰাধ শাখাই আপৰ নেতাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে। কেজৰিৱাল আৰু আতিশী দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ নজৰত আছে। আৰক্ষীয়ে আতিশীৰ ঘৰত উপস্থিত হোৱাৰ সময়ত মন্ত্ৰীগৰাকী ঘৰত নাছিল। গতিকে বিষয়াসকলে জাননী নিদিয়াকৈয়ে উভতি আহিবলগীয়া হয়।

ইয়াৰ পূৰ্বে, দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ বিষয়াসকলে কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈছিল। কেজৰিৱালে কেইদিনমান আগতে অভিযোগ কৰিছিল যে বিজেপিয়ে আপৰ বিধায়কসকলক ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে। অভিযোগৰ ভিত্তিত অপৰাধ শাখাই কেজৰিৱালৰ বাসগৃহত উপস্থিত হৈ প্ৰায় পাঁচ ঘণ্টাথকাৰ পিছত জাননী জাৰি কৰে। জাননীখনত তিনি দিনৰ ভিতৰত কেজৰিৱালৰ সঁহাৰি বিচৰা হৈছে। কেজৰিৱাল অৱশ্যে সেই সময়ত বাসগৃহত নাছিল। এই ঘটনাৰ পিছতে কেজৰিৱালে কয় “দিল্লী আৰক্ষীৰ প্ৰতি মোৰ সহানুভূতি আছে। তেওঁলোকক অপৰাধ প্ৰতিৰোধ কৰাৰ পৰিৱৰ্তে নাটক কৰিবলৈ বাধ্য কৰা হৈছে। “

ছ’চিয়েল মিডিয়াৰ জৰিয়তে আপে কৈছে , “মোদীয়ে কেজৰিৱালৰ ঘৰলৈ কৌতুক কৰিবলৈ আৰক্ষী প্ৰেৰণ কৰিছে। আৰক্ষীয়ে এটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। কোন আইনৰ অধীনত এনে এখন জাননী প্ৰেৰণ হৈছে, যিখন কেৱল মুখ্যমন্ত্ৰীক ব্যক্তিগতভাৱেহে দিব পাৰি?” প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি)ও শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত আপৰ মুৰব্বী কেজৰিৱালৰ বিৰুদ্ধে আবকাৰী কেলেংকাৰী সন্দৰ্ভত অভিযোগ দাখিল কৰিছে। পাঁচ বাৰ চমন জাৰি কৰাৰ পিছতো কেজৰিৱাল ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল। গোচৰটোৰ শুনানি ৭ ফেব্ৰুৱাৰীত হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১,০০০ কোটি টকা ব্যয় সাপেক্ষে একাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন ! প্ৰকল্প সমূহৰ বিষয়ে জানক…

গুৱাহাটীত ১১,০০০ কোটি টকা ব্যয় সাপেক্ষ উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰলে প্ৰধানমন্ত্ৰী মোদীয়ে

মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন

৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

“মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হিচাপে পৰিগণিত হ’ব অসম”

“আমাৰ তীৰ্থযাত্ৰা, মন্দিৰ আৰু বিশ্বাসৰ স্থানসমূহ আমাৰ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ অবিস্মৰণীয়প্ৰতীক”

“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপনৰ সহজকৰিতোলা”

“ঐতিহাসিক গুৰুত্বথকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিব”

“মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”

“চৰকাৰে এইবাৰ আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত ১১,০০০ কোটি টকাব্যয়সাপেক্ষএকাধিকৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ মূল গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ভিতৰত ক্ৰীড়া আৰু চিকিৎসা আন্তঃগাঁথনি আৰু সংযোগ বৃদ্ধিৰ প্ৰকল্পউল্লেখযোগ্য।

এই উপলক্ষে অনুষ্ঠিত সভাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ আশীৰ্বাদত ১১,০০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ বাবে অসমত উপস্থিত থাকিবলৈ পাই কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে দক্ষিণ-পূব এছিয়াৰ চুবুৰীয়া দেশসমূহৰ সৈতে অসমৰ সংযোগ বৃদ্ধি কৰাৰ লগতে পৰ্যটন খণ্ডত কৰ্মসংস্থাপন বৃদ্ধি কৰিব আৰুৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে ৰাজ্যখনৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডৰ সম্প্ৰসাৰণকৰিববুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কালি সন্ধিয়া উপস্থিত হোৱাৰ সময়ত গুৱাহাটীবাসীয়েজনোৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

শেহতীয়াকৈ একাধিক তীৰ্থস্থান ভ্ৰমণৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে আজি মা কামাখ্যাৰ সন্মুখত উপস্থিত হৈ মা কামাখ্যা দিব্য লোক পৰিযোজনাৰ আধাৰশিলা স্থাপন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰকল্পটোৰ ধাৰণা আৰু পৰিসৰৰ ওপৰত আলোকপাতকৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে এইপ্ৰকল্পসম্পূৰ্ণ হোৱাৰ পাছত ভক্তসকলৰ বাবে সুগম আৰু আৰামদায়কযাত্ৰাৰ লগতে খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰতো যথেষ্টসুবিধাহ’ব। “মা কামাখ্যাৰ দৰ্শনৰ বাবে ভক্তৰ পদাৰ্পণ বৃদ্ধিৰ সমান্তৰালভাৱে অসম উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ দুৱাৰমুখ হৈ পৰিব” বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়েএই প্ৰচেষ্টাৱলীৰ বাবে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে৷

ভাৰতীয় তীৰ্থস্থান আৰু মন্দিৰৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰেকয় যে এই স্থানসমূহে হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সভ্যতাৰ এক অবিস্মৰণীয় প্ৰতীক, যিয়েভাৰতে সন্মুখীন হোৱা প্ৰতিটো সংকটৰ প্ৰতি কেনেদৰে ধৰি ৰাখিছে তাক প্ৰদৰ্শন কৰে। আগতে যিবোৰ সভ্যতাক সমৃদ্ধিশালী বুলি গণ্য কৰা হৈছিল, সেইবোৰ সভ্যতাএতিয়া কেনেকৈ ধ্বংসস্তূপত পৰিণত হৈছে, সেয়া আমি প্ৰত্যক্ষ কৰিছো। প্ৰধানমন্ত্ৰী মোদীয়েৰাজনৈতিক লাভালাভৰ বাবে নিজৰ সংস্কৃতি আৰু পৰিচয়ক লৈ লাজ পোৱাৰ ধাৰা আৰম্ভ কৰা আৰু ভাৰতৰ পবিত্ৰ স্থানৰ গুৰুত্ব বুজিব নোৱাৰাৰ বাবে স্বাধীনতাৰ পাছৰ চৰকাৰসমূহৰ প্ৰতি আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয় যে বিগত ১০ বছৰত ‘বিকাশ’ (উন্নয়ন) আৰু ‘বিৰাচত’ (ঐতিহ্য) দুয়োটাকে কেন্দ্ৰ কৰি নীতিৰ সহায়ত শুধৰোৱা হৈছে। অসমৰ জনসাধাৰণৰ বাবে এই নীতিসমূহৰ উপকাৰিতাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ ঐতিহাসিক আৰু আধ্যাত্মিক স্থানসমূহক আধুনিক সা-সুবিধাৰ সৈতে সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিটো এই স্থানসমূহ সংৰক্ষণ আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে গ্ৰহণকৰা একপদক্ষেপ। আইআইটি আৰু আইআইএমৰ দৰে বিশিষ্ট শিক্ষানুষ্ঠানৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে আগতে এইবোৰ কেৱল ডাঙৰ চহৰতহে স্থাপন কৰা হৈছিল। কিন্তু এতিয়া আই আই টি, আই আই এম আৰু এআইআইএমৰ এটা নেটৱৰ্ক দেশজুৰি সম্প্ৰসাৰিতহৈছে আৰু আগতে অসমত ৬খন চিকিৎসা মহাবিদ্যালয়ৰ পৰাএতিয়াএইসংখ্যা ১২খনলৈ বৃদ্ধি পাইছে।তেওঁ লগতে দৃঢ়তাৰে কয় যেউত্তৰ-পূবৰ ৰাজ্যসমূহৰভিতৰতঅসমে ক্ৰমান্বয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

“বৰ্তমানৰ চৰকাৰৰ অগ্ৰাধিকাৰ হৈছে জীৱন-যাপন সহজকৰিতোলা”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মোদীয়ে দৰিদ্ৰ লোকৰ বাবে ৪ কোটি পকী ঘৰ নিৰ্মাণ, টেপৰ পানী সংযোগ, বিদ্যুৎ, উজ্জ্বলা যোজনাৰঅধীনত ৰন্ধন গেছৰ সংযোগ আৰু স্বচ্ছ ভাৰতৰ অধীনত শৌচাগাৰ নিৰ্মাণ কৰাবুলি।

প্ৰধানমন্ত্ৰী মোদীয়েঐতিহ্যৰ লগতে উন্নয়নৰ প্ৰতি চৰকাৰে গুৰুত্ব দিয়াটোৱে ভাৰতৰ যুৱক-যুৱতীসকলক ব্যাপকভাৱে উপকৃত কৰিছে বুলি উল্লেখ কৰে৷ দেশত পৰ্যটন আৰু তীৰ্থযাত্ৰাৰ প্ৰতি ক্ৰমবৰ্ধমান উৎসাহ লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কাশী কৰিডৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত বাৰাণসীত ভক্তৰ অভিলেখ সৃষ্টি কৰাৰ বিষয়ে অৱগত কৰে।তেওঁজনায়,“যোৱা এবছৰত ৮.৫০ কোটি লোকে কাশী ভ্ৰমণ কৰিছে, ৫ কোটিতকৈ অধিক লোকে উজ্জয়িনীৰ মহাকাল লোক ভ্ৰমণ কৰিছেআৰু ১৯ লাখতকৈ অধিক ভক্তই কেদাৰধাম ভ্ৰমণ কৰিছে”৷ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পিছত বিগত ১২ দিনত অযোধ্যাত ২৪ লাখৰো অধিক লোকেদৰ্শনকৰিছে৷ তেওঁ পুনৰ কয় যে মা কামাখ্যা দিব্য লোক পৰিযোজন সম্পূর্ণ হোৱাৰ পাছত ইয়াতো একেধৰণৰ দৃশ্য পৰিলক্ষিত হ’ব৷

তীৰ্থযাত্ৰী আৰু ভক্তৰ আগমনৰ লগে লগে ৰিক্সা চালক, টেক্সি চালক, হোটেলৰ মালিক বা পদপথৰ বিক্ৰেতাৰ লগতে দৰিদ্ৰ লোকসকলৰ জীৱিকা উত্থান হয়বুলিউল্লেখকৰিপ্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰপ্ৰতিলক্ষ্যৰাখিএইবাৰৰ বাজেটত চৰকাৰে পৰ্যটনৰ ওপৰত গুৰুত্ব দিছে।উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ সন্মুখতথকা অসংখ্য সুযোগৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়,“ঐতিহাসিক গুৰুত্ব থকা স্থানসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে”। সেয়েহে চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ উন্নয়নত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়।

বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ অভিলেখ সংখ্যক পৰ্যটকৰ আগমনৰকথাউল্লেখকৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে অঞ্চলটোৰ সৌন্দৰ্য্যশালী আছিল যদিও হিংসা আৰু সম্পদৰ প্ৰতি পূৰ্বৰ চৰকাৰসমূহে দেখুওৱা অৱহেলাৰ বাবে পৰ্যটকৰ সংখ্যা অত্যন্ত কম হৈয়েই আছিল৷ অঞ্চলটোৰ বিমান, ৰে’ল আৰু পথ সংযোগৰ দুৰ্বলতাৰ কথা উল্লেখ কৰি তেওঁকয়যেপূৰ্বতে এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিবলৈ কেইবাঘণ্টাৰ প্ৰয়োজনহৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য পৰ্যায়ৰ ডাবল ইঞ্জিন চৰকাৰক কৃতিত্ব দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে চৰকাৰে অঞ্চলটোৰ উন্নয়নমূলক ব্যয় ৪ গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ আগৰ আৰু পিছৰ অৱস্থাৰ কথা তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত ৰে’লপথ স্থাপনৰ দৈৰ্ঘ্য ১,৯০০ কিলোমিটাৰতকৈ অধিক বৃদ্ধি কৰা হৈছে, ৰে’ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু২০১৪ চনলৈকে ১০,০০০ কিলোমিটাৰৰবিপৰীতে যোৱা ১০ বছৰত ৬,০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে৷ আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ইটানগৰৰ সৈতে সংযোগ শক্তিশালী হ’ব।

“মোদীৰ গেৰাণ্টী মানে পূৰণৰ গেৰাণ্টী”, দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু কৃষকক মৌলিক সা-সুবিধাৰ নিশ্চয়তা দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰা আৰু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত লোকসকলৰ ওচৰলৈ সুবিধাসমূহ লৈ যোৱাৰ দায়িত্ব দিয়া ‘মোদীৰ গেৰাণ্টী বাহন’ৰ কথা উল্লেখ কৰে। ‘বিকশিত ভাৰত সংকল্প যাত্ৰাত দেশজুৰি প্ৰায় ২০ কোটি লোকে পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছে। অসমৰ বহু সংখ্যক লোকেও ইয়াৰ সুবিধা পাইছে”, তেওঁ লগতে কয়।

কেন্দ্ৰৰ দৃষ্টিভংগীৰ অংশীদাৰ হৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন নাগৰিকৰ সহজ-সৰলজীৱন-যাপন কৰাৰ কথা দৃঢ়তাৰেউল্লেখকৰি তেওঁ দাবী কৰে যে এই বছৰৰ বাজেট ঘোষণাতো তেওঁদিয়াপ্ৰতিশ্ৰুতিপ্ৰতিফলিত হৈছে। এইবাৰ চৰকাৰে আন্তঃগাঁথনিৰ বাবে ১১ লাখ কোটি টকা ব্যয় কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ তেওঁ লগতে কয় যে আন্তঃগাঁথনিৰ বাবে এই ধৰণৰ ব্যয়ে অধিক কৰ্মসংস্থাপনৰ সৃষ্টি কৰে আৰু উন্নয়নক গতি প্ৰদান কৰে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ আগৰ বিগত ১০ বছৰত অসমৰ বাবে মুঠ আন্তঃগাঁথনি বাজেট ১২ লাখ কোটি টকা আছিল।

প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত প্ৰতিটো ঘৰলৈ বিদ্যুৎ যোগানৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা পুনৰদোঁহাৰে৷ তেওঁ ছাদৰ ওপৰত সৌৰ আঁচনি আৰম্ভ কৰাৰ লগে লগে এইবাৰৰ বাজেটত বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে য’ত চৰকাৰে এক কোটি পৰিয়ালক সৌৰ ছাদ স্থাপনৰ বাবে সহায় কৰিব। “ইয়াৰ লগে লগে তেওঁলোকৰ বিদ্যুতৰ বিলো শূন্য হ’ব আৰু সাধাৰণ পৰিয়ালে ঘৰতে বিদ্যুৎ উৎপাদন কৰি উপাৰ্জন কৰিবলৈ সক্ষম হ’ব”, তেওঁ লগতে কয়।

দেশত ২ কোটি লাখপতি দিদি গঢ় দিয়াৰ নিশ্চয়তাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনায় যে যোৱা বছৰ এই সংখ্যা ১ কোটি হৈছিল আৰু এতিয়া এইবাৰৰ বাজেটত ৩ কোটি লাখপতি দিদীৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অসমৰ লাখ লাখ মহিলাও ইয়াৰ দ্বাৰা উপকৃত হ’ব বুলিও তেওঁ কয়। তেওঁ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত সকলো মহিলাৰ বাবে নতুন সুযোগ আৰু অংগনৱাড়ী আৰু আশা কৰ্মীসকলক আয়ুষ্মান আঁচনিত অন্তৰ্ভুক্ত কৰাৰ কথাও উনুকিয়ায়৷

“মোদীৰ সংকল্প এই যে দিনে-নিশাই কাম কৰি তেওঁ দিয়া নিশ্চয়তা পূৰণ কৰিব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ মোদীৰ গেৰাণ্টীৰ ওপৰত বিশ্বাস আছে। তেওঁ অসমৰ এসময়ত অশান্তজৰ্জৰ আৰু হিংসাত্মক ৰূপ ধাৰণ কৰা অঞ্চলসমূহত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যসমূহৰ মাজত সীমা বিবাদৰ সমাধানৰ কথা উল্লেখ কৰে। “এইঅঞ্চলটোত ১০খনতকৈও অধিক বৃহৎ শান্তি চুক্তি স্বাক্ষৰিত হৈছে”, বুলিঅৱগত কৰি তেওঁকয় যে যোৱা কেইবছৰমানৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ যুৱকে হিংসাৰ পথ পৰিহাৰ কৰি উন্নয়নৰ পথ বাছি লৈছে। তেওঁ লগতে কয় যে ইয়াৰ ভিতৰত অসমৰ ৭ হাজাৰৰো অধিক যুৱকে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি দেশৰ উন্নয়নত কান্ধত কান্ধ মিলাই থিয় দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বহু জিলাত আফস্পাপ্ৰত্যাহাৰৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে যিবোৰ অঞ্চল হিংসাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ অঞ্চল চৰকাৰৰ সহযোগত ৰাইজৰ আকাংক্ষা অনুসৰি আজি উন্নয়ন সাধনকৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য স্থাপনৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি পূৰ্বৰ চৰকাৰসমূহৰ উদ্দেশ্যৰ অভাৱ আৰু কঠোৰ পৰিশ্ৰম কৰাত ব্যৰ্থ হোৱা বুলি দৃঢ়তাৰে কয়। উত্তৰ-পূব এছিয়াৰ দৰেই উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ঘটি উত্তৰ আৰু পূব এছিয়াত সংযোগ সম্প্ৰসাৰিত হোৱাৰ সুবিধা হ’ব বুলি তেওঁ আশাপ্ৰকাশ কৰে। দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতাৰ অধীনত ৰাজ্যখনৰ অসংখ্য পথ উন্নীতকৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক বাণিজ্যিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ’ব। এই সপোনক বাস্তৱত পৰিণত কৰাৰ দৃঢ়তা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলে পূব এছিয়াৰ দৰে নিজৰ অঞ্চলৰ উন্নয়ন সাক্ষী হোৱাৰ আকাংক্ষাক প্ৰশংসা কৰে।
তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰাটোত প্ৰধানমন্ত্ৰীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা অন্যতম মূল প্ৰকল্পৰ ভিতৰত উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ (PM-DevINE) আঁচনিৰ অধীনত অনুমোদিত মা কামাখ্যা দিব্য পৰিযোজন (মা কামাখ্যা প্ৰৱেশ কৰিডৰ) আছে৷ ইয়াৰ জৰিয়তে কামাখ্যা মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সুবিধা প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে ৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ অধীনত দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে ৩৮খন দলঙকে ধৰি ৪৩টা পথ উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে দুটা ফৰলেনিং প্ৰকল্প ক্ৰমে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰ অংশ উদ্বোধন কৰে৷ এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

অঞ্চলটোৰ অপৰিসীম ক্ৰীড়া সম্ভাৱনাক জাগ্ৰতকৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফাৰ মানসম্পন্ন ফুটবল ষ্টেডিয়াম হিচাপে উন্নীতকৰণ উল্লেখযোগ্য৷

প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে৷ তদুপৰি, তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ নাগৰিকসকলৰ বাবে সুখী আৰু সমৃদ্ধিশালী জীৱনৰ লক্ষ্যই আজি চলি থকা সকলো উন্নয়নমূলক কামৰ আঁৰৰ মূল কাৰণ। ‘আমাৰলক্ষ্যহৈছে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলা। আমাৰলক্ষ্য হৈছে ২০৪৭ৰ ভিতৰতবিকশিতভাৰতগঢ়িতোলা”, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অপৰিসীম ভূমিকাৰ কথাদোঁহাৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণি মাৰে। সভাত অসমৰ ৰাজ্যপাল গুলাব চন্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্টব্যক্তিসকল উপস্থিত থাকে।

মস্কোত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী…

মস্কোত গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী। পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ হৈ কাম কৰাৰ অভিযোগত গ্ৰেপ্তাৰ। ISIলৈ দেশৰ প্ৰতিৰক্ষা, বৈদেশিক মন্ত্ৰালয়ৰ তথ্য প্ৰেৰণৰ অভিযোগ।

গ্ৰেপ্তাৰ ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী সতেন্দ্ৰ ছিৱাল। উত্তৰপ্ৰদেশৰ সন্ত্ৰাসবাদবিৰোধী দল ATS-এ গ্ৰেপ্তাৰ কৰে সতেন্দ্ৰক।

সতেন্দ্ৰ ছিৱাল হাপুৰৰ শ্বাহমাহিউদ্দিনপুৰ গাঁৱৰ বাসিন্দা । ২০২১ৰ পৰা মস্কোত ভাৰতীয় দূতাবাসৰ IBSA হিচাপে কৰ্মৰত সতেন্দ্ৰ।

ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা…

ডিব্ৰুগড় আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ কৰুণ পৰিণতি। আৰক্ষীয়ে হঠাৎ স্থাপন কৰা বেৰিকেডৰ ফলত ভয়ংকৰ দুৰ্ঘটনা।

ডিব্ৰুগড় বাইপাছৰ বকপৰা-খনিকৰত সংঘটিত এই দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত তিনিজন।

বলেৰ’ পিকআপ-ডাম্পাৰৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে দুয়োখন বাহন।

চৰাইচোং উৎসৱত প্ৰকাশ হ’ব অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন ! কবিতা বিচাৰি আবেদন…

চৰাইচোং উৎসৱত প্ৰকাশ হ’ব
অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন :—
কবিতা বিচাৰি আবেদন

‘মাজুলী সাহিত্য’ৰ উদ্যোগত আৰু সৰ্বস্তৰৰ ৰাইজৰ সহযোগত ‘চৰাইচোঙ’ৰ ৩৯০ বছৰীয়া ঐতিহ্যক সুঁৱৰি “স্বৰ্গদেউ প্ৰতাপ সিংহ ক্ষেত্ৰ” ভকতিদুৱাৰ, মাজুলীত অহা ইংৰাজী ০৯ ১০ আৰু ১১ মাৰ্চ/২০২৪ তাৰিখত বৰ্ণাঢ্য কাৰ্যসূচীৰে “চৰাই চোং উৎসৱ” অনুষ্ঠিত হ’বলৈ গৈ আছে ৷ এই উৎসৱৰ মূল লক্ষ্য— পক্ষীকুলক সুৰক্ষা দিয়া ৷ পৰিভ্ৰমী আৰু থলুৱা চিন অচিন হাজাৰ-বিজাৰ চৰাইৰ মধুৰ কলৰৱত সততে মুখৰ মাজুলীৰ আকাশ, জলাহভূমি, নৈ, চৰ-চাপৰি, হাবি-বন ইত্যাদি শেহতীয়া কেইটামান দশকৰ ভিতৰতে একৰকম নীৰৱ নিস্তব্ধ হৈ পৰিছে ৷ দেশৰ অন্য ঠাইৰ লগতে মাজুলীতো যি নিৰ্বনানীকৰণ তথা পাৰিপাৰ্শ্বিক অৱক্ষয় সংঘটিত হৈছে ই তাৰেই ফলাফল ৷ ইতিমধ্যেই সাহিত্যৰ বিভিন্ন ধাৰা— নাটক উপন্যাস গল্প আৰু শেহতীয়াকৈ কবিতাইও পাৰিপাৰ্শ্বিক সুৰক্ষাৰ বাবে জনসচেতনতা বৃদ্ধিৰ হ’কে কাম কৰি আছে ৷ যদিও অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ আন্দোলনটো চালুকীয়া পৰ্যায়তে আছে তথাপি অতিসম্প্ৰতি অসমীয়া পাৰিপাৰ্শ্বিক কবিতা (Assamese eco-poem) ই দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছে ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া তথা বিশিষ্ট কবি, অনুবাদক প্ৰকল্প ৰঞ্জন ভাগৱতীৰ নিৰলস প্ৰচেষ্টা আৰু সম্পাদনাত প্ৰথমখন অসমীয়া পাৰিপাৰ্শ্বিক কবিতা সংকলন যোৱা বছৰ ডিচেম্বৰ মাহত ত্ৰয়োদশ ডিব্ৰুগড় গ্ৰন্থমেলাত পাঠকৰ বাবে ওলাই আহিছিল ৷ অসম পাবলিচিং কোঃ ৰ দ্বাৰা প্ৰকাশিত সংকলনখনিৰ সকলোবোৰ কপি দুটা মাহৰ ভিতৰতে বিক্ৰী হৈ যোৱাৰ অন্তত বৰ্তমান দ্বিতীয় সংস্কৰণৰ কাম চলি আছে ৷ চৰাই চোং উৎসৱৰ উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে যে, অসমীয়া পাৰিপাৰ্শ্বিক কবিতাৰ দ্বিতীয়খন সংকলন প্ৰকৃতিৰ ৰম্যপুৰী মাজুলীৰ পৰা, চৰাই চোং উৎসৱৰ মজিয়াৰ পৰা মাজুলীৰ বাচকবনীয়া ১০০ গৰাকী নবীন প্ৰবীণ কবিৰ কবিতাৰে সংকলিত হৈ উঠিব ৷ সেয়ে, তেওঁলোকে মাজুলীৰ ভিতৰে বাহিৰে থকা প্ৰতি গৰাকী মাজুলীপ্ৰাণ কবি, সাহিত্যিক, সাহিত্য সংগঠক, কবিতা অনুৰাগীৰ পৰা পাৰিপাৰ্শ্বিক কবিতা (eco-poem) বিচাৰি গোহাৰি জনাইছে ৷ নিৰ্দিষ্ট ১০০ জনৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা ন-পুৰণি কবিসকলে এটা নিৰ্দিষ্ট পৰিমাণৰ বৰঙনি দিলেহে যে এই সমূহীয়া প্ৰচেষ্টাটো সাফল্যমণ্ডিত হৈ উঠিব সেয়াও বিবেচনা কৰিব লাগিব বুলি উদ্যোক্তাসকলে জনাইছে ৷ অসমীয়া কবিতাৰ নতুন ধাৰা পাৰিপাৰ্শ্বিক কবিতাৰে প্ৰকাশ হ’ব লগা সংকলনখনিত কবিতা প্ৰকাশ কৰিবলৈ আগ্ৰহ কৰা কবি সকলক লৈ চৰাই চোং উৎসৱৰ কবিতা সংকলন উপসমিতিয়ে এটি whatsapp গ্ৰুপ খোলাৰ কথা ব্যক্ত কৰিছে ৷

বিশেষকৈ, মাজুলীৰ ন-পুৰণি কবি সকলক উক্ত গ্ৰুপটোত যোগদান কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে ৷ অচিৰেই, ৰাজ্যৰ বিশিষ্ট সাহিত্যিক, প্ৰতিষ্ঠিত কাব্য সমালোচক ড°আনন্দ বৰমুদৈকে মুখ্য কৰি একাংশ বিশিষ্ট কবিয়ে গ্ৰুপৰ সভ্যসকলৰ উপকাৰ অৰ্থে এখনি ৱেব-সন্মিলনৰ মাধ্যমেৰে পাৰিপাৰ্শ্বিক কবিতা (eco-poem)ৰ ওপৰত বক্তৃতা দান কৰিব— য’ত সাম্প্ৰতিক সময়ত eco-poem ৰ প্ৰাসংগিকতা কি তথা ইয়াৰ লিখন শৈলী, বিষয় বাচনি কেনে হোৱা উচিত ইত্যাদি বহুমূলীয়া দিশবোৰ অৱলোকন হ’ব ৷ চৰাই চোং উৎসৱত প্ৰকাশ হ’ব লগা কবিতা সংকলনখনিৰ বাবে একোটাকৈ পাৰিপাৰ্শ্বিক কবিতা 9864185856 (অনিৰ্বাণ দত্ত), বা 6002442571 (যুগল হাজৰিকা)ৰ হোৱাটছএপ নম্বৰলৈ ২০ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰেৰণ কৰিবলৈও আয়োজক সমিতিয়ে আগ্ৰহী কবিসকলক আহ্বান জনাইছে ৷

সমাগম হ’ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ ! ১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত বাথৌ খেৰাই পূজাৰ আয়োজন…

সমাগম হ’ব অসম, মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ,১১ ফেব্ৰুৱাৰীত চিমেন চাপৰিত বাথৌ খেৰাই পূজাৰ আয়োজন

ঐক্য, শান্তি আৰু প্ৰগতিৰ লক্ষ্যৰে বিগত বছৰ বোৰৰ দৰে এইবাৰো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত, সংযুক্ত বড়ো গণ মঞ্চ, জোনাই জিলা বড়ো সাহিত্য সভা, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ,ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদ, অবিভক্ত লখিমপুৰ জিলা বাথৌ মহাসভা,অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্ম ধৰ্ম সমিতি, ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চ,ধেমাজি জিলা আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনৰ সহযোগত বড়ো সকলৰ পৰম্পৰাগত বাথৌ খেৰাই পূজা অহা ১১ ফেব্ৰুৱাৰী তাৰিখে চিমেন চাপৰি সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজনৰ সিদ্ধান্ত লৈছে। প্ৰস্তাৱিত বাথৌ খেৰাই পূজাৰ আজি লাইখুঁটা স্থাপন কৰা হয়।

মাঙ্গলিক কাৰ্য্যসূচীৰে লাইখুঁটা স্থাপন কৰে চিমেন আঞ্চলিক বাথৌ মহাসভাৰ স্থায়ী দেউৰী মূলাকান্ত দৈমাৰীয়ে। লাইখুঁটা স্থাপনৰ অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,ইউবিপিঅৰ উপদেষ্টা বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ উপ সভাপতি চাঞ্চুমা বসুমতাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ভাৰতী ব্ৰহ্ম,মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী,চিমেন আঞ্চলিক বাথৌ মহাসভা, চিমেন আঞ্চলিক ব্ৰহ্ম ধৰ্ম সমিতিৰ বিষয়ববীয়া, এবছু,আবৌফ,প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, শতাধিক ৰাইজ উপস্থিত থাকে।পূৰাতনীয়া ৰীতি-নীতিৰে আয়োজন কৰা বাথৌ খেৰাই পূজাত বাথৌ আৰ’জ,দেওধনী নৃত্যৰ প্ৰদৰ্শন কৰিব।

অনুষ্ঠানত অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশৰ অগনন ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হ’ব।ইয়াৰোপৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সকলো পাৰিষদবৰ্গ,ইউবিপিঅৰ বাইশখন জিলাৰ প্ৰতিনিধি, বিভিন্ন বড়ো জাতীয় সংগঠনৰ প্ৰতিনিধি, বহু সংখ্যক জনপ্ৰতিনিধি উপস্থিত থাকিব।উল্লেখ্য যে সমাজত ঐক্য, শান্তি, প্ৰগতিৰ লক্ষ্যৰ লগতে তৃতীয় বড়ো শান্তি চুক্তিৰ কাৰ্য্যকৰীকৰণৰ জৰিয়তে বিটিএডিৰ বাহিৰৰ বড়ো জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে বাথৌ বৌঢ়াইৰ আৰ্শীবাদ পাবলৈ বাথৌ খেৰাই পূজা আয়োজন কৰিছে বুলি আয়োজক সমিতিৰ কাৰ্য্যকৰী সভাপতি মলেন্দ্ৰ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।অনুষ্ঠানৰ সফলতা কামনা কৰিছে আয়োজক সমিতিয়ে।