Home Blog Page 1082

অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশনৰ মুকলি সভাত পুৰোধা নাট্যশিল্পী দুলাল ৰয়ক “নাট্য সন্মিলন বঁটা” প্ৰদান…

বিশিষ্ট নাট্য সমালোচক ড০ পোনা মহন্তক “নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, প্ৰবীণ আলোক নিয়ন্ত্ৰক শিল্পী তৰুণ নাথক জি এল আগৰৱালা শিল্পী বঁটা (কলাকাৰ বঁটা), নাট্যশিল্পী জ্যোতি নাৰায়ণ নাথক” মহেন্দ্ৰ বৰঠাকুৰ বঁটা “আৰু পংকজজ্যোতি ভূঞাক ভোলা কটকী সোঁৱৰণী বিশ্বৰূপা বঁটা প্ৰদান। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৯ গৰাকী প্ৰবীণ শিল্পীক সম্বৰ্ধনা। তেজপুৰত যোৱা ১৭ জানুৱাৰীৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ আজি অন্তিম দিনটোৰ মুকলি সভাত ৰাজ্যখনৰ নাটশিল্প ক্ষেত্ৰখনৰ পুৰোধা দুলাল ৰয়ক “নাট্য সন্মিলন বঁটা”, বিশিষ্ট নাট্য সমালোচক, গৱেষক ড০ পোনা মহন্তক “নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা নাট্য সমালোচক বঁটা, বিশিষ্ট নাট্যশিল্পী জ্যোতি নাৰায়ণ নাথক মহেন্দ্ৰ বৰঠাকুৰ বঁটা, তেজপুৰৰ প্ৰবীণ আলোক নিয়ন্ত্ৰক শিল্পী তৰুণ নাথক জি এল আগৰৱালা শিল্পী বঁটা (কলাকাৰ বঁটা) আৰু বিশিষ্ট নাট্যকাৰ, পৰিচালক পংকজজ্যোতি ভূঞাক ভোলা কটকী সোঁৱৰণী বিশ্বৰূপা বঁটা প্ৰদান কৰা হয়। তেজপুৰৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যোতি – বিষ্ণু ক্ষেত্ৰৰ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা মূল মণ্ডপ আৰু নটসূৰ্য্য ফণী শৰ্মা সোঁৱৰণী মঞ্চত বিয়লিৰ পৰা সভাপতি কুমাৰ দীপক দাসৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখনত অসম নাট্য সন্মিলনৰ “ৰংগমঞ্চ” শীৰ্ষক মুখপত্ৰ এখনো উন্মোচন কৰি স্বনামধন্য নাট্যশিল্পী দুলাল ৰয়ে ভাষণ প্ৰসংগত ইতিহাস কেতিয়াবা পুন:উল্থাপন হয়, কেতিয়াবা মোহাৰি পেলোৱাৰ প্ৰয়াসো কৰা হয় বুলি কৈ ৬২ বৰ্ষ অতিক্ৰম কৰা অসম নাট্য সন্মিলনৰ ইতিহাসো বৰ্ণিল আৰু বিস্তৃত আৰু এই ইতিহাসৰ কিয়দংশ ধৰি ৰখাৰ প্ৰয়াসৰ নামেই হৈছে ‘ৰঙ্গমঞ্চ’ নামৰ দ্বিবাৰ্ষিক অসম নাট্য সন্মিলনৰ এই মুখপত্ৰখনি।

দুলাল ৰয়ে ভাষণত আৰু কয় – নাট্য সন্মিলনৰ মুল মানুহজন হৈছে এই তেজপুৰৰে কৰিৎকৰ্মা পুৰুষ বিষ্ণু ৰাভা।তেওঁ দাম্ভিক নাছিল কিন্তু প্ৰকৃত শিল্পী আছিল। তেওঁ কোনো অনুষ্ঠানৰ মুখপত্ৰ নাছিল কিন্ত্ত জনগনৰ মুখপত্ৰ আছিল। সাম্প্ৰতিক পৰিস্হিতিত নাটক কোনখন মঞ্চত কৰিব, কেনেদৰে কৰিব, প্ৰকৃত নাটকৰ মঞ্চায়নৰ কলাৰ আয়ত্ব কেৱল অধিবেশন পতাৰ জৰিয়তেই নহ’ব বুলি কৈ ভাল নাটক, বেয়া নাটক আৰু লেজিটিমেট থিয়েটাৰৰ ধাৰণা নাটকৰ চৰ্চাৰ যোগেদিহে সম্ভৱ বুলি মন্তব্য কৰে ।এই কথা শাসনাধীন চৰকাৰখনেও বুজি উঠিব পাৰিব লাগিব।মনস্তত্ত্বিক আৰু আৰ্থ সামাজিক পৰিবৰ্তনৰ বাবে দীঘলীয়া একাংক নাট এখন চোৱাৰ সময় মানুহৰ নোহোৱা হৈছে। গতিকে আমি চুটি নাটকৰ আশ্ৰয় ল’ব পাৰিব লাগিব আৰু তেনেধৰণৰ মঞ্চ তৈয়াৰ কৰিবলৈ আমি সচেষ্ট হ’ব লাগিব। বিশ্ব দৰবাৰ আমাৰ চোতালতে আছে আমি তাক চহাব পাৰিলে আৰু বহু জ্যোতিপ্ৰসাদ, ফণী শৰ্মা, বিষ্ণু ৰাভাক জন্ম দিব পাৰিম বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি নৰনাৰায়ণ, চিলাৰায় আৰু চিলাৰায়ৰ সহধৰ্মিণী কমলাপ্ৰিয়াৰ বাবেই মহাপুৰুষ শঙ্কৰদেৱ আমাৰ মাজত আজিও জীয়াই থাকিল বুলি নাট্যজগতৰ পুৰোধা দুলাল ৰয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু অভ্যৰ্থনা সমিতিৰ সভা – সমিতি পৰিচালনা উপ সমিতিৰ সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু সত্ৰীয়া শিল্পী নয়নমনি শইকীয়া পৰিচালিত এটি বৰগীতেৰে আৰম্ভ হোৱা মুকলি সভাখনত বঁটা প্ৰাপক বিশিষ্ট নাট্য সমালোচক তথা গৱেষক ড০ পোনা মহন্তই আগবঢ়োৱা ভাষণত মানুহৰ অতিশয় দুখ লাগিলে কথা ক’ব নোৱাৰে থিক তেনেদৰে বৰ বেছি বেদনা লাগিলে কথা ক’মকৈ ওলাই বুলি কৈ আজিৰ এই সময়খিনি মোৰ বাবে তেনে অতিশয় আনন্দৰ মাজত আনন্দশ্ৰু নিগৰাৰ সময়।৬২ বছৰ গৰকা ঐতিহ্যমণ্ডিত নাট্য সন্মিলনে নাট্যকলাৰ এক পৰিক্ৰমা অতিক্ৰম কৰিছে। অসমৰ সমাজ, সংস্কৃতি, সাহিত্যৰ বাবে শুভ ফলদায়ক বতৰা।

নাটক সৃষ্টি, মঞ্চায়নৰ প্ৰকৃত পৰিবেশৰ ৰচনা হওক তাৰেই কামনা কৰিছোঁ বুলি নাটশিল্পৰ উত্তৰণ আৰু বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাইও ভাষণ আগবঢ়োৱা মুকলি সভাখনত নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা বিশিষ্ট মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা তৌফিক ৰহমানে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনত এনেদৰে অংশীদাৰ হ’বলৈ পাই পৰম আনন্দ লভিছোঁ বুলি মন্তব্য কৰি শৈশৱ কালৰ সমসাময়িক নাটক সম্পৰ্কে অসমৰ মানুহৰ ধাৰণা সম্পৰ্কে ক’বলৈ গৈ ‘আমি নাটক বিৰুদ্ধ পৰিবেশৰ মাজত কৰিব লগীয়া হৈছিল যিহেতু আমাৰ অভিভাৱকে গতানুগতিক জীৱন ধাৰাত বিশ্বাসী আছিল, আৰু আজিৰ অভিভাৱক যথেষ্ট সচেতন সন্তানৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত সচেতন বুলি মন্তব্য কৰে। ৰূপকোঁৱৰৰ জ্যোতিপ্ৰসাদৰ কালজয়ী সৃষ্টি ৰূপালীমৰ সংলাপৰ লগতে দুৰ্যোধনৰ সংলাপ আওৰাই ৰাইজক সন্মোহিত কৰা ৰহমানে বৰ্তমান ৰূপালীমৰ দৰে কালজয়ী নাটক সৃষ্টিত আমি ব্যৰ্থ হৈছোঁ বুলি মন্তব্য কৰে। ভ্ৰাম্যমাণ থিয়েটাৰৰ ৰতন লহকৰৰ কথা স্মৰণ কৰি আবাহান থিয়েটাৰলৈ তেওঁক লৈ যোৱা আব্দুল মজিদ ডাঙৰীয়া সৈতে তেওঁৰ সান্নিধ্যৰ সোঁৱৰণ কৰে। আবাহন থিয়েটাৰ, কহিনুৰ থিয়েটাৰৰ অভিনেতা জীৱনৰ কাহিনী অত্যন্ত সাৱলীলভাবে উপস্হাপন কৰি উপস্হিত বিদ্বৎ সমাজক আমোদ দিয়ে। ‘বিনা যুদ্ধে নিদিও কদাপি সূচাগ্ৰ্য মেদিনী ‘, দ্ৰৌপদী তোমাৰ বস্ত্ৰই হ’ব কৌৰৱ ধ্বসৰ অস্ত্ৰ’ মহাভাৰতৰ দুৰ্যোধন আৰু কৃষ্ণ চৰিত্ৰৰ সংলাপেৰে বিশিষ্ট অভিনেতাগৰাকীয়ে জ্যোতি-বিষ্ণু ক্ষেত্ৰ’ সজীৱ কৰি তোলে। আনহাতে অসম নাট্য সন্মিলনৰ বিভিন্ন মণ্ডলৰ ৯ গৰাকীকৈ প্ৰবীণ শিল্পীক বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা মুকলি সভাখনত আমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেজপুৰৰ সাংসদ পল্লব লোচন দাসে তেজপুৰত ১৯৯২ চনৰ পিচত স্বগুণেৰে মহিমামণ্ডিত অসম নাট্য সন্মিলনে ৬২ সংখ্যক অধিবেশন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিয়ে যি আগ্ৰহ দেখুৱালে তাৰ বাবে আমি তেজপুৰ তথা শোণিতপুৰবাসী চিৰকৃতজ্ঞ হৈ থাকিম বুলি কৈ তাহানিতে ভৰতৰ নাট্যশাস্ত্ৰই ব্যক্তিসত্বাৰ পৰিবৰ্তনৰ মাজেৰে সামাজিক পৰিবৰ্তনৰ প্ৰয়াস কৰিছিল। মধ্যযুগত অসমত মহাপুৰুষ জনাই নৱবৈষ্ণৱধৰ্মৰ প্ৰচাৰৰ বাবে নাটক বা ভাওনাক এক শক্তিশালী মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। দেশৰ সমাজ -সংস্কৃতিৰ পৰিবৰ্তন তথা নৱ্য সমাজ-সংস্কৃতি জন্মৰ ক্ষেত্ৰত নাটকে গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহৃত হৈ আছে। বৰ্তমানে মুখ্যমন্ত্ৰী মহোদয়ে সাংস্কৃতিক মহা সংগ্ৰামৰ সূচনা কৰাৰ দৰে নাটকক লৈও এক সাংস্কৃতিক মহা সংগ্ৰামৰ দৰে কাৰ্যসূচীৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। অভ্যৰ্থনা সমিতিৰ সভাপতি মহেন্দ্ৰ নাথ কেওঁট, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মাণিক গোস্বামী, উপসভাপতি মৃগেন চন্দ্র বড়া, কোষাধক্ষ জয়ন্ত হাজৰিকা, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ভূপেন শৰ্মা, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, হিৰণ্য ভুঞা, নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বীৰেন্দ্ৰ কুমাৰ বৰা, সম্পাদক জিন্টু বৰঠাকুৰ আদিৰ উপস্থিতিত মুকলি সভাখনত সম্বৰ্ধনা জ্ঞাপন কৰা ৰাজ্যখনৰ বিভিন্ন স্থানৰ শিল্পী সকল হ’ল – তেজপুৰৰ বিশিষ্ট নাট্যকাৰ ৰাজেন মেধি, বিহপুৰীয়াৰ বিশিষ্ট অভিনেতা হেম চন্দ্ৰ গোস্বামী, পাটী দৰঙৰ বিশিষ্ট নাট্য সংগঠক হাচিৰাম বড়ো, বৰপেটাৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক প্ৰমোদ দাস, টিহুৰ বিশিষ্ট অভিনেতা – পৰিচালক কুমুদ ভট্টাচাৰ্য, তিনিচুকীয়াৰ বিশিষ্ট নাট্য সংগঠক ৰাজীৱ শৰ্মা, ৰহাৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক মাধৱ চন্দ্ৰ নাথ, নলবাৰীৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক ৰমনী বৰ্মন আৰু তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱা ।আজিৰ এই মুকলি সভাতে কবিতা আবৃত্তি প্ৰতিযোগিতা, মুকাভিনয় প্ৰতিযোগিতা, একক অভিনয় প্ৰতিযোগিতা, পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰে।


আনহাতে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ প্ৰতিনিধি সকলৰ সাধাৰণ বৈঠকে কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাব গ্ৰহণ কৰে। শিশু নাট সমাৰোহখনি অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী হিচাপে সন্নিবিষ্ট কৰা,
পুৰ্ণাংগ নাট সমাৰোহৰ অনুষ্ঠিত কৰা, অসমৰ বিভিন্ন স্থানত থকা অপেছাদাৰী নাট্যদল বিলাকৰ লগত যোগাযোগ কৰি নাট্যসন্মিলনক অধিক গতিশীল তথা গণমূখী কৰা, আজীৱন সদস্য সকলক লৈ জিলা পৰ্যায় আৰু মাণ্ডলিক পৰ্যায়ত সৌহাদ্যপূৰ্ণ মিলন সমাৰোহ অনুষ্ঠিত কৰা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হিচাবে প্ৰতিটো মণ্ডলৰ পৰা একোজনকৈ সাংগঠনিক সম্পাদক নিৰ্বাচনৰ সিদ্ধান্ত লৈ প্ৰস্তাৱ গ্ৰহণ কৰাৰ উপৰি শুভেচ্ছামূলক প্ৰস্তাৱ গ্ৰহণ কৰে যে, ৬২ সংখ্যক তেজপুৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সকলো সদস্য তথা তেজপুৰ শাখাৰ সকলো সতীৰ্থৰ, আপ্যায়ন আৰু আদৰণিৰ সন্তুষ্টি হৈ, সকলো প্ৰতিনিধি তথা সভাই ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্ত্তমানৰ অসম চৰকাৰে সংস্কৃতিক উত্তৰণৰ বাবে লোৱা অভিলাষী কৰ্মসূচী আৰু কাৰ্যসূচীৰ বাবে অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক অধিৱেশনে মুখ্যমন্ত্ৰীক আন্তৰিক সম্ভাষণ জ্ঞাপন কৰে৷ অসম নাট্য সন্মিলনে লগতে অসমৰ অপেচাদাৰী নাট্য কৰ্মীসকলে সন্মুখীন হৈ থকা বিভিন্ন সদস্যা সমূহৰ পৰা সকলো প্ৰকাৰৰ সকাহ দিব পৰাকৈ এক সুস্থ মঞ্চ নীতি ঘোষণা কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে বিজেপিৰ সভাপতি জে পি নাড্ডা…

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে বিজেপিৰ সভাপতি জে পি নাড্ডা ৷ বিজেপিৰ সভাপতিগৰাকীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান এৰি তাৰ পৰিৱৰ্তে ইয়াৰ ঝাণ্ডেৱালান মন্দিৰৰ পৰা এই ঐতিহাসিক অনুষ্ঠানটো উপভোগ কৰিব বুলি জানিব পৰা গৈছে। শনিবাৰে X ৰ এটা পোষ্টত নড্ডাই মন্দিৰ নিৰ্মাণ আৰু পৰিচালনাৰ দায়িত্বত থকা শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসক ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া “প্ৰাণ প্ৰতিষ্ঠা” অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ৫০০ বছৰীয়া সংগ্ৰামৰ অন্তত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি কয় যে ২২ জানুৱাৰীৰ পাছত পৰিয়ালৰ সৈতে মন্দিৰ দৰ্শনৰ বাবে যাব।

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু ৰাজনাথ সিঙকে ধৰি কেইবাজনো বিজেপি নেতাক আমন্ত্ৰণ জনোৱা হৈছে য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত থাকিব। মন্দিৰ ট্ৰাষ্টে সকলো গুৰুত্বপূৰ্ণ দলৰ মূল নেতা আৰু বেছিভাগে দলৰ সভাপতিক আমন্ত্ৰণ জনাইছে।ইপিনে এই অনুষ্ঠানলৈ আমন্ত্ৰিত প্ৰায় সকলো বিৰোধী নেতাই এই অনুষ্ঠানত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে, কংগ্ৰেছে ইয়াক বিজেপি-আৰএছএছৰ অনুষ্ঠান বুলি অভিহিত কৰিছে।

1st BN SSB distributed seeds to the farmers and also conducted Veterinary village OPDs under Civic Action Program in NE

Sonapur: In a series of welfare programmes and significant community engagement initiatives under its public outreach programme taken up by 1st Battalion Sashastra Seema under the guidance of Anuj Kumar, Officiating Commandant, a large number of seeds were distributed to the farmers of Dimoria Block in Kamrup(M) district.

Officials from the Agricultural Department also attended in the program.

The program witnessed a participation of around 230 local farmers under Dimoria Block.Apart from distribution of seeds,Medical Village OPDs were conducted in coordination with Dr. Rishi Sonowal of Block Veterinary Dispensary, Sonapur at Ghagua village under Digaru Gaon Panchayat.

The SSB is always with the common people and doing its best for the welfare of the local people in the area.

লাহৰীঘাটত ১৪,০৭৯ টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই দেওবাৰে মৰিগাঁও জিলাৰ অন্তৰ্গত লাহৰীঘাটত এক অনুষ্ঠানত লাহৰীঘাট সমষ্টিৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে। উল্লেখ্য যে সমগ্ৰ ৰাজ্যখনতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহক ১৬ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ড প্ৰদান কৰি অহা হৈছে।

ইয়াৰ অংশ হিচাপে লাহৰীঘাটত জলসম্পদ মন্ত্ৰীগৰাকীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানত সমষ্টিটোৰ ১৪,০৭৯ টা পৰিয়ালক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হয়। ইয়াৰ জড়িয়তে নতুনকৈ মুঠ ৩৫,২২৭ গৰাকী হিতাধিকাৰী উপকৃত হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত চৰকাৰে সৰ্বসাধাৰণৰ ভোক আৰু পুষ্টিহীনতা নিবাৰণৰ দ্বাৰা দেশত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। খাদ্য সুৰক্ষা আইনৰ অধীনত অন্ত্যোদয়া অন্ন যোজনা কাৰ্ড আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল কাৰ্ডৰ জড়িয়তে পৰিয়ালে প্ৰতি মাহে ৩৫ কিলোগ্ৰামকৈ আৰু সদস্যই প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি মাহৰ ১০ তাৰিখৰ ভিতৰত এই চাউল হিতাধিকাৰীসকলে লাভ কৰে। আনহাতে ৰেচন কাৰ্ড লাভ কৰা পৰিয়ালসমূহে আয়ুষ্মান আঁচনিৰ অধীনত বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা আৰু উজ্জ্বলা আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমাজৰ উন্নয়ন আৰু কল্যাণৰ হকে আন্তৰিকতাৰে কাম কৰি আছে বুলি উল্লেখ কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে সকলোকে চৰকাৰী আঁচনিৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে অসমত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সম্পূৰ্ণ প্ৰতিশ্ৰুতি অনুসৰি কাম কৰি আছে বুলি ভাষণ প্ৰসংগত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। তেওঁ আৰু কয় যে আগতে কেতিয়াও ভাৱিব নোৱাৰা সম্পূৰ্ণ নিকা প্ৰক্ৰিয়াৰে বৰ্তমানৰ চৰকাৰখনে প্ৰায় ৮৮,০০০ যুৱক-যুৱতীক চৰকাৰী নিযুক্তি প্ৰদান কৰিছে।

এসময়ত অসমৰ এখন অন্যতম বানাক্ৰান্ত জিলা হিচাপে পৰিচিত মৰিগাঁও জিলাখন বিগত বৰ্ষত বানে আক্ৰান্ত কৰিব পৰা নাছিল বুলি মন্তব্য কৰি জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক ইচ্ছাত জলসম্পদ বিভাগে লাহৰীঘাটত ব্ৰহ্মপুত্ৰৰ পাৰত মথাউৰি নিৰ্মাণ কৰিছে ।

আনহাতে লাহৰীঘাট সমষ্টিত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰোধৰ বাবেও জলসম্পদ বিভাগে দিনে নিশাই কাম কৰে বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে কয় যে যেনেদৰে কেৱল গুৱাহাটী অথবা দুখনমান চহৰ উন্নয়ন হ’লেই সমগ্ৰ ৰাজ্যখন উন্নয়ন হোৱাটো নুবুজায় তেনেদৰে কেৱল জাগীৰোড সমষ্টিৰ উন্নয়ন হ’লেই মৰিগাঁও জিলাৰ উন্নয়ন হোৱাটো নুবুজাব।

জিলাখনৰ উন্নয়ন হ’বৰ বাবে জাগীৰোডৰ সমানে সমানে লাহৰীঘাটৰো উন্নয়ন হ’ব লাগিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্য চৰকাৰে ৰাজ্যখনক দেশৰ অন্যতম উন্নত ৰাজ্যলৈ ৰূপান্তৰিত কৰিবলৈ অহৰহ কাম কৰি আছে।

উল্লেখ্য যে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত ৰাজ্যখনত নতুনকৈ প্ৰায় ৪০ লাখ লোকক সামৰি প্ৰায় ১০ লাখ পৰিয়াললৈ ৰেচন কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত বিভিন্ন যক্ষ্মা গোটক বঁটা প্ৰদান

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালিকা ড॰ এম এছ লক্ষ্মী প্ৰিয়া, আই.এ.এছ. য়ে ৰাজ্যিক যক্ষ্মা বিষয়া ড॰ অভিজিৎ বসু; ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী [এনটিইপি]ৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয়ৰ পৰামৰ্শদাতা ড॰ পলাশ তালুকদাৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত ৰাষ্ট্ৰীয় যক্ষ্মা কাৰ্যসূচীৰ ৰাজ্যিক পৰ্যায়ৰ পৰ্যালোচনা সভাত যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত ৰাজ্যখনৰ ভিতৰতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন দাঙি ধৰাৰ বাবে

বঙাইগাঁও জিলাৰ অন্তৰ্গত মানিকপুৰ যক্ষ্মা গোটক বঁটা প্ৰদান কৰে৷

আনহাতে, গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই পৰ্যালোচনা সভাতে মুছলপুৰ যক্ষ্মা গোট, বাক্সা জিলা আৰু কাজলগাঁও যক্ষ্মা গোট আৰু চিৰাং জিলাৰ যক্ষ্মা গোটকো যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত শ্ৰেষ্ঠত্ব প্ৰদৰ্শনকাৰী গোট হিচাপে বঁটা প্ৰদান কৰা হয়৷

ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাঃ সোমবাৰে অযোধ্যাত কোন সময়ত কি হ’ব জানেনে?

অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানলৈ মাত্ৰ কেইটামান ঘন্টা বাকী। এই অনুষ্ঠানৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰাৰ বাবে মানুহৰ মাজত আশা বাঢ়িছে।

সোমবাৰে অযোধ্যাত কেতিয়া ক’ত কি হ’ব জানি লওক-

পুৱা ১০.২৫ বজাত অযোধ্যাৰ বিমান বন্দৰত উপস্থিত হ’ব প্রধানমন্ত্রী।
পুৱা ১০.৪৫ বজাত ৰাম মন্দিৰ চৌহদৰ হেলিপেডত অৱতৰণ।


পুৱা ১০.৫৫ বজাত ৰাম মন্দিৰত প্ৰধানমন্ত্ৰীৰ প্ৰৱেশ।
দুপৰীয়া ১২.০৫ বজাত আৰম্ভ হ’ব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান।
১২.৫৫ বজাত প্রাণ প্রতিষ্ঠা অনুষ্ঠান সমাপ্ত।


দুপৰীয়া ১ বজাত অযোধ্যাত প্ৰধানমন্ত্ৰীৰ জনসভা।
দুপৰীয়া ২ বজাত সমাপ্ত হ’ব জনসভা।
২.১০ বজাত প্রধানমন্ত্ৰীৰ কুবেৰ টিলা দর্শন।

ৰামলালা প্ৰতিষ্ঠাৰ মাহেন্দ্ৰ ক্ষণ আৰম্ভ হ’ব ১২ বাজি ২৯ মিনিট ৮ ছেকেণ্ডত আৰু সমাপ্ত হ’ব ১২ বাজি ৩০ মিনিট ৩২ ছেকেণ্ডত।

গহপুৰৰ গোপালপুৰত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহ আৰম্ভ

গহপুুুৰ মহকুমাৰ গোপালপুৰত দেওবাৰৰ পৰা ৰাজ্যিক ভিত্তিত ভাওনা প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰাজ্যিক ভিত্তিত ভাওনা সমাৰোহখনি সদৌ গোপালপুৰ ভাওনা সমাৰোহ সমিতিৰ উদ্যোগত নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ শংকৰ-মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হয়।

এই ভাওনা প্ৰদৰ্শন সমাৰোহত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ৬ অনুষ্ঠানে অংশগ্ৰহণ কৰিব। দেওবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে পুৱা ৭ বজাত চাফাই অভিযান আৰু গছপুলি ৰোপণ কাৰ্যসূচীত মুখ্য ৰোপক হিচাপে অংশগ্ৰহণ কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি মানিক হাজৰিকা, যোগেন শইকীয়া, বগীৰাম ভূঞা, লক্ষেশ্বৰ শইকীয়া মহেন্দ্ৰ মুদৈয়ে। পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলন কৰে ভাওনা সমাৰোহ সমিতিৰ সভাপতি ললিত ভূঞাই। ৯ বজাত স্মৃতিচাৰণ কাৰ্যসূচীত তৰ্পক হিচাপে অংশগ্ৰহণ কৰে ভাওনা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভাপতি বিমল ভূঞাই।

১০ বজাত জোনাকী ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা সমাজকৰ্মী প্ৰয়াত ঠগীৰাম ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে গহপুুুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বড়াই। লগে লগে মাকন ভূঞা আৰু পৰিয়ালবৰ্গই আগবঢ়োৱা শংকৰী কলা-সংস্কৃতিৰ সাধক প্ৰয়াত গণেশ ভূঞা সোঁৱৰণী তোৰণ উদ্বোধন কৰে শিক্ষাবিদ লক্ষেশ্বৰ ভূঞাই। দিনৰ ১০.৩০ বজাত প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন কৰাৰ পাছতে টিঙালীবড়ি আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ আৰু বৰগীত পৰিৱেশন কৰা হয়।

দিনৰ ১.৩০ বজাত ধৰ্মালোচনী সভাখনি অনুষ্ঠিত হয়। ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজাৰ সঞ্চালনাত অনুষ্ঠিত ধৰ্মালোচনী সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে এডিপি কলেজৰ সহযোগী অধ্যাপক ড॰ মিলন নেওগ, নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ দেৱগোস্বামীয়ে। সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলন কৰে যজ্ঞোৰাম ভূঞাই। সন্ধিয়া ৭ বজাৰপৰা প্ৰথম দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ হয়। এই কাৰ্যসূচী মুকলি কৰে স্থানীয় বিধায়ক উৎপল বৰাই। ভাওনা সমাৰোহ প্ৰথম দিনা টিঙালীবড়ি শিল্পী সমাজে গোলোক নেওগ আৰু পৰিয়ালৰ আহ্বান মৰ্মে ‘ৰামবিজয়’ নাট মঞ্চস্থ কৰাৰ লগতে মাজুলী আহতগুৰিৰ ভাঙোনমাৰী নাট্য গোষ্ঠীয়ে ডাঃ জীৱন্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘ধ্ৰুৱ চৰিত্ৰ’ মঞ্চস্থ কৰি শংকৰ-মাধৱ ক্ষেত্ৰ আধ্যাত্মিক ভক্তিৰসেৰে উজ্জীৱিত কৰি তোলে।

সোমবাৰে পুৱা ৫ বজাত ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ হ’ব। ৯ বজাত গোপালপুৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দিনৰ ১১ বজাত দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। কমল ভূঞাৰ সঞ্চালনত অনুষ্ঠিত এই কাৰ্যসূচী উদ্বোধন কৰিব ভদ্ৰেশ্বৰী বৰাই। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকনাথ শইকীয়াই। বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামীয়ে সন্ধিয়া ৫.৩০ বজাত দ্বিতীয় দিনাৰ ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব। সেই দিনা ঘনকান্ত ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বেলগুৰি সত্ৰৰ শিল্পী সকলে ‘ৰুক্মিনী হৰণ’ নাটক মঞ্চস্থ কৰিব।

ঠিক সেইদৰে ডিম্বেশ্বৰ হাজৰিকা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে গোলাঘাট আৰু গহপুৰৰ সন্মিলিত শিল্পীসকলে ‘বিপ্ৰ দামোদৰ আখ্যান দন্ত বক্ৰৰ মুক্তি লাভ’ মঞ্চস্থ কৰিব। ভাওনা সমাৰোহৰ শেষৰ দিনা পুৱা ঊষা কীৰ্তনেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হ’ব। এই কাৰ্যসূচী উদ্বোধন কৰিব বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড॰ অমিয় কুমাৰ ভূঞাই।

১০ বজাত ৰজাবাৰী, কমলাপথাৰ আৰু সোলেঙী ৰাইজৰ সহযোগত নাম-প্ৰসংগ কাৰ্যসূচী ৰূপায়ণ হ’ব। দিনৰ ১২ বজাত মূল সভা অনুষ্ঠিত হ’ব। ললিত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনি উদ্বোধন কৰিব উৎপল বৰাই। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে। নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। বিশিষ্ট অতিথি হিচাপে যোগেন্দ্ৰ নাথ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে বিধায়ক ৰঞ্জিত দত্ত, বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিধায়ক পদ্ম হাজৰিকা, বিধায়ক পৃথ্বীৰাজ ৰাভা, বিধায়ক অমিয় কুমাৰ ভূঞা আৰু বিধায়ক মানৱ ডেকাই।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব নবীন শইকীয়াই। ৫.৩৯ বজাত অনুষ্ঠিত হ’বলগীয়া ভাওনা প্ৰদৰ্শন কাৰ্যসূচী উদ্বোধন কৰিব গোপালপুৰ শাখা সাহিত্য সভাৰ সভাপতি লোকেন হাজৰিকাই। ৰজাবাৰী, সোলেঙী আৰু কমলাপথাৰ যুৱকবৃন্দৰ জৰিয়তে ‘গান্ধাৰীৰ কৃষ্ণ দৰ্শন’ আৰু ডিফলুসত্ৰৰ পাঞ্চজন্য শিল্পী সমাজে কুকিল ভূঞা আৰু পৰিয়ালবৰ্গৰ আহ্বান মৰ্মে ‘শ্ৰীৰামৰ লংকা গমন, মহী ৰাৱন বধ’ নাট মঞ্চস্থ কৰিব।

ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ, UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই…

ৰাজ্যৰ হাজাৰ হাজাৰ ধর্মীয় সংখ্যালঘুৰ বাবে ভাল খবৰ। কিয়নো UPSC প্রশিক্ষণ ল’ব বিচৰা ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে চৰকাৰে। মুছলিম, খ্রীষ্টান, জৈন, বৌদ্ধ, পাৰ্টীৰ বাবে এই সুবিধা কৰা হৈছে। ৮০% চৰকাৰী অনুদানেৰে ল’ব পাৰিব ক’চিং। অসম সংখ্যালঘু উন্নয়ন ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি কৰিছে এই বিশেষ সুবিধা।

UPSC প্রশিক্ষণ ল’ব বিচৰা ধর্মীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ ৰেহাই

ধর্মীয় সংখ্যালঘু ছাত্র-ছাত্রীক UPSC পৰীক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্রশিক্ষণ গ্রহণ কৰিবলৈ কৰিব লাগিব অনলাইন আৱেদন। আৱেদন কৰিবলৈ টাইপ কৰক amdb.assam.gov.in।

উল্লেখ্য যে আৱেদনৰ বাবে অন্তিম সময়সীমা ২৪ জানুৱাৰী।

আৱেদন কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চর্তঃ

১. অভিভাৱকৰ বাৰ্ষিক আয় হ’ব লাগিব সর্বাধিক ৩ লাখ টকা।

২. UPSCৰ প্ৰশিক্ষণৰ বাবে স্নাতক উত্তীর্ণ বাধ্যতামূলক।

৩. ধর্মীয় সংখ্যালঘুৰ বাবে পাঠ্যক্রমৰ সময়সীমা ১ বছৰ।

৪. ২১ৰ পৰা ২৭ বছৰৰ ভিতৰত হ’ব লাগিব আৱেদনকাৰীৰ বয়স।

৫. অনলাইনত জমা দিয়া নথিপত্ৰৰ অৰিজিনেল কপী নিব লাগিব কাউন্সিলিঙত।

আৱেদনৰ সময়ত অসুবিধাত পৰিলে ফোনযোগে কৰিব পাৰিব যোগাযোগ। আৱেদনকাৰীৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। সবিশেষ তথ্য জানিবৰ বাবে টাইপ কৰক 7635998002 ।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে সংবাদ মেলত কি কি গুৰুত্বপূৰ্ণ ঘোষণা হ’ল জানক…

২২ জানুৱাৰীত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

২ বজাৰ পিছত খুলিব লাগিব চৰকাৰী কাৰ্যালয়।

আই-মাতৃসকলক নামঘৰত ৰাম কীৰ্তন কৰাৰ আহ্বান।

আলোকৰ ব্যৱস্থাৰে আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰো আহ্বান।

প্রতি ঘৰতে এগছি বন্তি জ্বলোৱাৰ প্রধানমন্ত্রীৰ আৱেদন সফল কৰক।

ৰেষ্টুৰেণ্টসমূহতো দিনৰ ২ বজালৈকে আমিষ খাদ্য খুৱাব নোৱাৰিব।

বিয়লি ৪ বজালৈকে মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ আহ্বান।

সাম্প্রদায়িক শান্তি-সম্প্রীতি বৰ্তাই ৰখাৰ আহ্বান মুখ্যমন্ত্রীৰ।

সকলো ধৰ্মাৱলম্বী লোককে খন্তেক প্রাৰ্থনাৰ আহ্বান মুখ্যমন্ত্রীৰ।

স্পৰ্শকাতৰ এলেকাত নিৰাপত্তা সুনিশ্চিত কৰাৰ নিৰ্দেশ।

সকলো আয়ুক্তকে শান্তিপূৰ্ণ পৰিৱেশ নিশ্চিত কৰাৰ নিৰ্দেশনা।

কাইলৈ ৰাহুল গান্ধীক ২ বজাৰ পিছত বটদ্ৰৱা যাবলৈ আহ্বান।

৫০০ ঢুলিয়া নাচনীয়ে কপালে নাজিৰাৰ নগৰৰ মাজমজিয়াৰ নাট্য মন্দিৰ প্ৰাঙ্গন…

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোক সংস্কৃতিৰ একমাত্ৰ প্ৰশিক্ষণ কেন্দ্ৰ চৰাইদেউ কলাকেন্দ্ৰৰ আৰু নাজিৰা বৰদৈচিলা কলাকেন্দ্ৰৰ উদ্যোগত নাজিৰাত দেওবাৰে উদযাপন কৰা হয প্ৰথম বাৰ্ষিক প্ৰীতি সন্মিলন। দুই জিলাৰ মুঠ দহটা উপ কেন্দ্ৰই অংশ লোৱা এই সন্মিলনত প্ৰায় ৫০০ ৰো অধিক কণ কণ ঢুলীয়া নাচনীয়ে একেলগে অংশ লয় বিহুনাচ ঢোলবাদনত। এই বিহু নৃত্য দেখি এপাক ননচাকৈ ৰৈ থাকিব নোৱাৰিলে আয়োজক আৰু অভিভাৱক সকলেও।

বিভিন্ন কাৰ্য্যসূচীৰ লগতে নাজিৰা নগৰেদি বাহিৰ হোৱা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই মোহাছন্ন কৰে সকলোকে।