Home Blog Page 1161

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত দৰঙী কলা-কৃষ্টিৰ ‘লোকস্পন্দন’ অনুষ্ঠান

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু ছিপাঝাৰৰ সাংস্কৃতিক সংস্থা নান্দীৰাগৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া আয়োজন কৰা হয় দৰঙী কলা-কৃষ্টিৰ অপূৰ্ব সমাহাৰৰে সাংস্কৃতিক অনুষ্ঠান লোকস্পন্দন। অসম সাহিত্য সভা ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰী সঞ্চালক অৱণী ৰঞ্জন পাঠকে। অনুষ্ঠান উদ্বোধন কৰে মেঘালয়স্থিত ইউ, এচ, টি,এমৰ প্ৰতি উপাচাৰ্য ড° বলেন্দ্ৰ কুমাৰ দাসে।

লোকস্পন্দন অনুষ্ঠানত প্ৰদৰ্শন কৰা হয় দৰঙৰ আপুৰুগীয়া লোককৃষ্টি ঢেপাঢুলীয়া,চিয়াগীত,ব্যাসৰ ওজাপালি,থিয়নাম, চেৰাঢেক, মহৌখুন্দা, আইনাম,দেওধনী নৃত্য,নাঙেলী গীত, আৰু চেওচাপৰি নাম।

মূলতঃ উক্ত কৃষ্টিসমুহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্টা কবি দিপীকা শইকীয়া, টাই আহোম যুৱ পৰিষদৰ উপ-সভাপতি বিপুল কুমাৰ বৰুৱা, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শইকীয়া , দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মন আদি।

অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচন কৰে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী সঞ্চালক দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে। দুগৰাকী লোকশিল্পী নিৰুপমা ডেকা আৰু দেৱেন্দ্ৰ চহৰীয়াক নান্দীৰাগৰ ফালৰ পৰা জনোৱা হয় বিশেষ সম্বৰ্ধনা।

ৰাজ্যৰ ১,২৮১খন মাদ্ৰাছাৰ নাম সলনি ! এতিয়াৰে পৰা মাদ্ৰাছাসমূহ চিহ্নিত হ’ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে…

ৰাজ্যৰ ১,২৮১খন মাদ্ৰাছাৰ নাম সলনি।

এতিয়াৰে পৰা মাদ্ৰাছাসমূহ চিহ্নিত হ’ব উচ্চ প্ৰাথমিক বিদ্যালয় হিচাপে।

ৰাজ্য চৰকাৰৰ অনুমোদনৰ ভিত্তিত জাৰি এই নিৰ্দেশনা। এই নিৰ্দেশনা জাৰি কৰিছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে।

বঙাইগাঁও জিলাৰ নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত…

বঙাইগাঁও জিলাৰ ২ নং নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় নিশাৰ ভাগত ট্ৰেনৰ খুন্দাত ৩ জনৰ মৃত্যু।বঙাইগাঁও জিলাৰ বঙাইগাঁও – চাপ্ৰাকাটা ৰেলৱে ষ্টেচনৰ মধ্যস্থল ২ নং নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় নিশাৰ ভাগত তীব্ৰবেগী ৰেলৰ খুন্দাত মাতৃ, কন্যাৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয়। নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় তিনি জনৰ।


এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় কল্পনা বৰ্মনৰ, কল্পনাৰ ১১ বছৰীয়া জীয়েক প্ৰিয়া বৰ্মনৰ আৰু লগতে মুন্না নামৰ আন এগৰাকী মহিলাৰ মৃত্যু হয় এই দুৰ্ঘটনাত।


ঘটনাটো কেনেকৈ সংঘটিত হল সেয়া এতিয়ালৈকে অদ্যপি পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষী আৰু বঙাইগাঁও সদৰ থানাৰ আৰক্ষী।

বজালীত সংঘটিত এক হত্যাকাণ্ডৰ ঘটনা ! জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক…

এক ভয়ানক হত্যাকাণ্ড। বজালী সংঘটিত হৈছে এক হত্যাকাণ্ডৰ ঘটনা ।

হত্যাকাণ্ডৰ কাৰণ জানি আচৰিত হ’ব অঞ্চলবাসী । বজালীৰ কাটলা পথাৰত ভয়ংকৰ ঘটনা। জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰিলে কনিষ্ঠ ভাতৃক।

পৰকীয়া প্ৰেমৰ বাবেই সংঘটিত এই হত্যাকাণ্ড। কনিষ্ঠ ভাতৃ ধনজিত ৰয়ক হত্যা প্ৰাঞ্জল ৰয়ৰ।

ৰঙিয়াৰ উদিয়ানাত ৰাইজৰ বিচাৰৰ সন্মুখীন দুই ড্ৰাগছ আসক্ত যুৱক…

ৰঙিয়াৰ উদিয়ানাত ৰাইজৰ বিচাৰৰ সন্মুখীন দুই ড্ৰাগছ আসক্ত যুৱক

এচাৰিৰে দুই যুৱকক উত্তম মধ‍্যম একাংশৰ

ধুহিৰ বৰদোঙা বটাকুছিৰ পৰা আমজেদ আলী আৰু কম্বল আলীয়ে ৰঙিয়াৰ উদিয়ানালৈ ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল

সেই মুহূৰ্ততে ৰাইজৰ হাতত ধৰা পৰে দুই ড্ৰাগছ আসক্ত যুৱক

পিছত দুই যুৱকে আগলৈ ড্ৰাগছ সেৱন নকৰোঁ বুলি ৰাইজক কথা দিয়াত ৰাইজে দুইজনকেই ঘৰলৈ যাবলৈ দিয়ে ।

শ্ৰীলংকা নৌসেনাই আটক কৰিলে ৬জন ভাৰতীয় মাছমৰীয়াক ! ধৃত ৬জন মাছমৰীয়াৰ ঘৰ তামিলনাডুৰ পুডুকোট্টাইত…

শ্ৰীলংকা নৌসেনাই আটক কৰিলে ৬জন ভাৰতীয় মাছমৰীয়াক। মাছমৰীয়াকেইজনে সমুদ্ৰত অবৈধভাৱে চিকাৰ কৰাৰ অভিযোগ।

Alleppey,India-July 23,2009: Fishing in Arabian sea by local fishermen July 23, 2009 in Alleppey, India.

এক বিবৃতিযোগে এই অভিযোগ শ্ৰীলংকাৰ। ধৃত ৬জন মাছমৰীয়াৰ ঘৰ তামিলনাডুৰ পুডুকোট্টাইত।

ধৃত ৬জনৰ ভিতৰৰ ৫জন মাছমৰীয়াৰ নাম প্ৰকাশ। আটক নৰেশ, আনন্দবাবু, অজয়, নন্দ কুমাৰ আৰু অজিত।

ছিকিমত ১৭ মাইললৈ স্থানান্তৰ পূব ছিকিমত আবদ্ধ ১,২১৭গৰাকী পৰ্যটক ! মাজনিশালৈ উদ্ধাৰ অভিযান অব্যাহত…

ছিকিমত মাজনিশালৈ উদ্ধাৰ অভিযান অব্যাহত। ১৭ মাইললৈ স্থানান্তৰ পূব ছিকিমত আবদ্ধ ১,২১৭গৰাকী পৰ্যটকক।

তুষাৰপাত, প্ৰতিকূল বতৰৰ বাবে আবদ্ধ হৈছিল পৰ্যটকসকল।

ইতিমধ্যে গেংটকৰ পৰা ১৭ মাইললৈ ৰাওনা ছিকিম প্ৰশাসনৰ দল। পৰ্যটকসকলক গৰম কাপোৰ, চিকিৎসা, খাদ্য প্ৰদান সেনাৰ।

সংসদৰ ঘটনাত জড়িত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ…

সংসদৰ ঘটনাত জড়িত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ।

কেইবাটাও ধাৰাৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। বৰ্তমানেও পলাতক ১জন।

কটকটীয়া নিৰাপত্তাৰ বেহু ভাঙি সদনত প্ৰৱেশ কৰিছিল এজন যুৱক- যুৱতীয়ে৷

‘মই CAAৰ বিৰোধী আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ – জুবিন গাৰ্গ…

‘মই CAAৰ বিৰোধী আগতেও আছিলোঁ আৰু এতিয়াও আছোঁ। CAA গোটেই বস্তুটো ৰাজনীতি হৈ থাকিল।

‘কা’ বিৰোধী আন্দোলনত দুজন মানুহে ঠিয় হৈ থকা দেখিলোঁ। কেৱল সমুজ্জ্বল ভট্টাচার্য আৰু মই। ‘কা’ বিৰোধী আন্দোলন এইবাৰ বেলেগ ধৰণে হ’ব।

এইবাৰ সামাজিক মাধ্যমৰ ওপৰত গুৰুত্ব দিয়া হ’ব’। CAA বিৰোধী স্থিতিত অটল জুবিন গাৰ্গ।

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন ! ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য…

বঙাইগাঁও চহৰৰ সমীপৰ চাহ বাগানৰ কুজিয়া নৈ সেতুত অঘটন।

ৰে’লৰ খুন্দাত নিহত এটা পৰিয়ালৰে ৩গৰাকী সদস্য। নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মাতৃ-কন্যাসহ নিহত ৩গৰাকী।

নিহত মাতৃ কল্পনা বৰ্মন আৰু কন্যা প্ৰিয়া বৰ্মন। উদ্ধাৰ হোৱা নাই নিহত আনগৰাকীৰ নাম। কল্পনা বৰ্মন মাতৃৰ ঘৰলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা।