Home Blog Page 1162

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ! বিদেশী ঘোষিত কোনো লোকৰে নাথাকিব ভূমিৰ অধিকাৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। বিদেশী ঘোষিত কোনো লোকৰে নাথাকিব ভূমিৰ অধিকাৰ।

নাপাব ভোটাধিকাৰকে ধৰি অন্যান্য ৰাজনৈতিক অধিকাৰ। হিতাধিকাৰী আঁচনিৰ পৰাও কৰ্তন হ’ব অবৈধ বাংলাদেশীৰ নাম।

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে নিয়োগ কৰিব এগৰাকী নডেল বিষয়া। অবৈধ বাংলাদেশীয়ে জমা দিব লাগিব ভূমিৰ নথি-পত্ৰ, ভোটাৰ পৰিচয় পত্ৰ।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আনিব সদন স্থগিতৰ প্ৰস্তাৱ…

সংসদৰ নিৰাপত্তাৰ সুৰুঙাক লৈ ক্ষুণ্ণ বিৰোধী। ঘটনাক লৈ কংগ্ৰেছে আনিব সদন স্থগিতৰ প্ৰস্তাৱ।

কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে আনিব সদন স্থগিতৰ প্ৰস্তাৱ। ঘটনাক লৈ I.N.D.I.Aৰ সংসদীয় দলৰো বৈঠকৰ আয়োজন।

১০ বজাত অনুষ্ঠিত হ’ব I.N.D.I.Aৰ সংসদীয় দলৰ বৈঠক। ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে গঠন কৰিছে বিশেষ চেল।

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা !অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ…

শোণিতপুৰৰ ভালুকপুং পথত ভয়ংকৰ পথ দুৰ্ঘটনা।অচিনাক্ত বাহনৰ খুন্দাত আহত বিদ্যালয়ৰ ছাত্ৰ।গামানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অনুপ মিলি ।

চাইকেলেৰে বিদ্যালয়ৰ পৰা আহি থাকোতে পিছফালৰ পৰা খুন্দা মাৰে অচিনাক্ত বাহনে।অনুপ মিলি বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ছাত্ৰজনক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ।দুৰ্ঘটনা সংঘটিত কৰি বাহনৰ পলায়ন ৷

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ, অসম সন্তান এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ। এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়া আৰৱ সাগৰলৈ (চ’লো ছুইম) সফলতাৰে সাঁতোৰ সম্পন্ন কৰা প্ৰথম গৰাকী অসমীয়া হোৱাৰ গৌৰৱ অৰ্জন কৰিলে এলভিছে।

ছ’চিয়েল মিডিয়াযোগে তেওঁ কয় যে এইটো এটা অতি কঠিন কাম আছিল, কিয়নো তেওঁ যথেষ্ট ডাঙৰ আকাৰৰ মাছৰ সৈতে সাঁতুৰিব লগা হৈছিল আৰু কিছুমান অংশত বহু জেলী মাছ সোঁতৰ বিপৰীতে গৈছিল।

খেলুৱৈগৰাকীয়ে মহাৰাষ্ট্ৰ সাঁতোৰ সংস্থা, মহাৰাষ্ট্ৰ চৰকাৰ, মুম্বাই আৰক্ষী আৰু নৌসেনাৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

শিলচৰত গ্ৰেপ্তাৰ মাটিৰ দালাল লাকী বৰলস্কৰ ওৰফে খুৰছেদ…

শিলচৰত আৰক্ষীৰ জালত এটা কুখ্যাত মাটিৰ দালাল। গ্ৰেপ্তাৰ মাটিৰ দালাল লাকী বৰলস্কৰ ওৰফে খুৰছেদ।

নিশা শিলচৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰংপুৰৰ দালালটোক। খুৰছেদৰ বিৰুদ্ধে কাছাৰৰ প্ৰতিখন থানাত ৰুজু হৈ আছে গোচৰ।

সম্প্ৰতি শিলচৰ সদৰ আৰক্ষী থানাত খুৰছেদক জেৰা আৰক্ষীৰ।

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত !

লোকসভা নিৰ্বাচনৰ টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত , কংগ্ৰেছৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত টিকট প্ৰত্যাশীয়ে ভিৰ কৰিছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা টিকট বিচৰা প্ৰক্ৰিয়াৰ তৃতীয়টো দিনটোতো আবেদন পত্ৰ ল’লে বিভিন্নজনে।চাবুৱা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ জমা দিলে। ৰাজু চাহুৱে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰৰ লগত দিলে ধুবুৰী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ ল’লে মানকাচাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডলে। গুৱাহাটী লোকসভা সমষ্টিৰ বাবে আবেদন পত্ৰ ল’লে প্ৰাক্তন ৰাজ্য সভাৰ সাংসদ দ্বীজেন শৰ্মাই।

কলিয়াবৰত ভাষাৰ ওজাৰ হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন পালন

অসমৰ জনমানসত হেমকোষৰ প্ৰণেতা ৰূপে স্বীকৃত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ আছিল অন্য এক পৰিচয়। অৱশ্যে সেই পৰিচয় অসমীয়াই অনুধাৱন কৰিবলৈ যথেষ্ট সময় লাগিল। বিজ্ঞান মনস্কতাৰে অসমীয়া সমাজলৈ, ভাষালৈ যিসকল মহান অসমীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত সদায় শীৰ্ষস্থানত থাকিব হেমচন্দ্ৰ বৰুৱা। প্ৰবাদপ্ৰতীম এইগৰাকী যুগদ্ৰষ্টাৰ জন্ম হৈছিল আজিৰ ১৮৮ বছৰৰ পূৰ্বে। এক জটিল সন্ধিক্ষণত এফালে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে আনফালে ভাষাৰ বাবে হেমচন্দ্ৰ বৰুৱাই যুঁজ দিছিল। উচ্চ-নীচ ভেদাভেদ পৰিহাৰ কৰি অসমীয়া ব্ৰাহ্মণ পৰিয়ালৰ জন্মগ্ৰহণ কৰিলেও যুক্তি-আৱেগক সদায় প্ৰাধান্য দিছিল।
এইগৰাকী সমাজ সংস্কাৰকক জন্মদিনত সোঁৱৰণ কৰি বৰ্তমানৰ সমাজত মানৱতাবাদী ধ্বজাবাহক ৰূপত নতুন প্ৰজন্মক গঢ়ি তুলিবৰ বাবে তেখেতৰ কৰ্মৰাজি মূল্যায়ন আৰু অৱলোকনৰ প্ৰয়োজন হৈ পৰিছে। এনে প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইলোৰা বিজ্ঞান মঞ্চৰ কলিয়াবৰ শাখাৰ উদ্যোগত কুঁৱৰীটোল শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন উপলক্ষে অন্ধবিশ্বাস বিৰোধী দিৱস আয়োজন কৰে। ভাষাৰ ওজাগৰাকীৰ ১০ ডিচেম্বৰৰ জন্মদিনৰ প্ৰাকক্ষণত কলিয়াবৰ ইলোৰা মঞ্চৰ সভাপতি ভূপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক ভীমপ্ৰসাদ শৰ্মাই। শৰ্মাই বৰ্তমান সময়তো অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত পৰি ৰোৱা সমাজক বিজ্ঞানমনষ্ক কৰি তোলাত ছাত্ৰ-ছাত্ৰীক আগ্ৰহী হ’বলৈ আহ্বান জনাই। এক মনোগ্ৰাহী উপস্থাপনেৰে উপস্থিত ছাত্ৰ-ছাত্ৰীৰ লগতে সমজুৱাসকলক অন্ধবিশ্বাসৰ সৃষ্টি আৰু ইয়াৰ কু-প্ৰভাৱৰ বিষয়ে অৱগত কৰাৰ লগতে ইয়াৰ পৰিত্ৰাণ বাবে সকলোকে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আগ বাঢ়িবলৈ আহ্বান জনায়। এই ক্ষেত্ৰত শিক্ষিত সমাজৰ দায়িত্ব যে অধিক সেই বিষয়েও সচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজিৰ সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপক পৰাগ দাহালে ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা আৰু কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে হেমচন্দ্ৰ বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে আলোকপাত কৰি কয় – হেমচন্দ্ৰ বৰুৱাই স্বাধীনচিতীয়া আৰু অন্যায়- অবিচাৰৰ হকে কঠোৰ স্থিতি গ্ৰহণ কৰি সমাজৰ কল্যাণৰ হকে উৰ্ছগা কৰিছিল এই জীৱন। সেই সময়ত কানি বৰবিহে ছানি ধৰিছিল অসম। বিধৱা বিবাহৰ কথা কল্পনাই কৰিব নোৱাৰি। ৰক্ষণশীল সমাজত আছিল কেৱল বাধা। তেওঁ সেই সোঁতৰ বিপৰীতে গৈ ৰক্ষণশীল নীতি-নিয়ম ভাঙি মূল্যবোধৰ আধাৰত যুক্তিবাদী আৰু সংস্কাৰমুক্ত এখন সমাজ গঢ়িবলৈ চেষ্টা কৰি সফল হৈছিল। তেওঁ এনে চিন্তাৰ গৰাকী আছিল যে মৃত্যুৰ পাছত তেওঁ নশ্বৰ দেহ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ সলনি হাবিত পেলাই দিবলৈ কৈ গৈছিল। তাৰ কাৰণ আছিল জীৱ-জন্তুয়ে তেওঁৰ দেহ ভক্ষণ কৰিব। দেহদানৰ এই প্ৰক্ৰিয়া আৰু চিন্তাৰ বীজ তেতিয়াই তেওঁ মনত ৰোপন হৈছিল। এই চিন্তাৰে ইলোৰা বিজ্ঞান মঞ্চয়ে জন্মলগ্নৰে পৰা চিকিৎসা বিজ্ঞানৰ সহায় হোৱাকৈ দেহদানৰ বাবে অসমীয়াৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে। যোৱা ২০০৫ চনৰ পৰা ভাষাবিদ গৰাকীৰ জন্মদিনটো অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে ইলোৰা বিজ্ঞান মঞ্চই। সভাত ভূপেন শৰ্মাই ঊনবিংশ শতিকাৰ মাজভাগৰ আধুনিক শিক্ষাৰ প্ৰসাৰ নৌহওঁতেই ভাষাৰ ওজাগৰাকীয়ে মই সমাজ সংস্কাৰকৰ ভূমিকা লৈছিল সি আজিৰ আধুনিক শিক্ষিত সমাজৰ বাবেও অবিশ্বাস্য আছিল। তেনে এজন ব্যক্তিৰ জন্মদিন পালেই মূল লক্ষ্য হোৱাৰ বিপৰীতে তেখেতৰ সমাজ সংস্কাৰৰ দিশটোও আলোচিত হ’ব লাগে যাতে আজিৰ প্ৰজন্ম অন্ধবিশ্বাসসমূহ যুক্তিৰে নাকচ কৰিব পাৰে।
১৮৩৫ চনৰ ১০ডিচেম্বৰত যোৰহাটৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিৱ হেমচন্দ্ৰ বৰুৱাৰ। তেওঁৰ পিতৃৰ নাম আছিল মুক্তাৰাম বৰুৱা আৰু মাতৃৰ নাম ৰূপহী দেৱী। হেমচন্দ্ৰ বৰুৱাই নানা প্ৰতিকূল পৰিৱেশৰ মাজত জীৱন আগুৱাই নিছিল। অসমীয়া ভাষা-সাহিত্যলৈ হেমকোষৰ উপৰিও অসমীয়া ব্যাকৰণ, অসমীয়া লৰাৰ ব্যাকৰণ, তুলনামূলক ব্যাকৰণ, অসমীয়া ল’ৰাৰ আদিপাঠ, পাঠমালা, স্বাস্থ্যৰক্ষা বা গা ভালে ৰখাৰ উপায়, কানীয়া কীৰ্তন, বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী, আছামিজ মেৰিজ চিষ্টেম আদি অন্যতম।
আজিৰ সভাত কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন্দ্ৰ কুমাৰ হাজৰিকা, শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰেক্টৰ দিলীপ কুমাৰ হাজৰিকা, পৰিচালনা সমিতিৰ সম্পাদক মোহন শইকীয়া তথা বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। কলিয়াবৰ ইলোৰা মঞ্চৰ সম্পাদক জয়ন্ত বৰাই সভাৰ আৰম্ভণীতে অভ্যাগতসকলক আদৰণী জনাই।

নাজিৰাৰ বিভিন্ন প্ৰান্তত ধুমুহা আৰু প্ৰচণ্ড শিল বৰষুণ

ৰাইজৰ বিস্তৰ ক্ষতি সাধন, প্ৰচণ্ড শিল বৰষুণৰ ফলত হাজাৰ হাজাৰ লোকৰ বাসগৃহৰ টিনপাত ফুটাক লৈ চাঞ্চল্য । নাজিৰাত প্ৰচণ্ড শিল বৰষুণ | আজি আবেলি পৰত পশ্চিম দিশৰ পৰা অহা এজাক কাল ধুমুহাই আতংকিত কৰি তুলিছে নাজিৰাবাসী ৰাইজক | নাজিৰা বিভিন্ন প্ৰান্তৰ লগতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী সুন্দৰপুখুৰী, গেলেকী, বিহুবৰ, চণ্টকে ধৰি নামতি, মিছাজান, লিগিৰীপুখুৰী, মেকিপুৰ, হাতীপটি, বগিচাপৰি, বামুণপুখুৰী, লক্ষ্মীজান ইত্যাদি অঞ্চল সমূহত ধুমুহা বতাহৰ লগতে প্ৰচণ্ড শিল বৰষুণ হয় | প্ৰচণ্ড শিল বৰষুণৰ মাজতে গেলেকীৰ ভিন্ন প্ৰান্তত পৰিছে প্ৰকাণ্ড-প্ৰকাণ্ড শিল | ইতিমধ্যে ৰাজ্যজুৰি ধুমুহা-বৰষুণ অহাৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই | হঠাৎ হোৱা এই ধুমুহা আৰু প্ৰচণ্ড শিল-বৰষুণে নাজিৰা সমষ্টিবাসী ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰা বুলি জানিব পৰা গৈছে | বগা হৈ পৰিল নাজিৰাৰ পৰিৱেশ | শিল-বৰষুণৰ ফলত ফুটি গৈছে ঘৰৰ টিনপাত | এতিয়া ৰাইজে সংবাদ-মাধ্যমৰ জড়িয়তে স্থানীয় বিধায়ক, প্ৰশাসনৰ পৰা সহযোগিতা বিচাৰিছে |

সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ সফল সামৰণী

“ভূপেনদাৰ স্মৃতি জীয়াই ৰখাটো কলিয়াবৰবাসীৰ এক দায়িত্ব। ভূপেনদাৰ স্মৃতিত প্ৰস্তাৱিত সাংস্কৃতিক প্ৰকল্পৰ কাম অচিৰেই আৰম্ভ কৰিব পৰা যাব।” – মন্ত্ৰী কেশৱ মহন্ত । সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা ২০২৩ৰ সফল সামৰণী । ভূপেনদাই নিজহাতে অৰ্পণ কৰা বঁটা লাভ কৰে কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁয়ে । কলিয়াবৰৰ অন্যতম সাহিত্য সাংস্কৃতিক ক্ৰীড়া অনুষ্ঠান ‘মঞ্চ’ৰ সৌজন্যত কালি দিনজোৰাকৈ হাটবৰত অনুষ্ঠিত হোৱা সদৌ অসম ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ প্ৰতিযোগিতাৰ যোৱা নিশা সফল সামৰণী পৰে। প্ৰতিযোগিতাথলীত উপস্থিত থাকি বঁটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই। বঁটা প্ৰদান অনুষ্ঠানত ভূপেনদাৰ কুঠৰীৰ ‘আপোন ঘৰ’ত এক সাংস্কৃতিক প্ৰকল্পৰ ৰূপ দিয়াৰ কলিয়াবৰীয়া যি হেঁপাহ সেই হেঁপাহক বাস্তৱ ৰূপ দিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। ভূপেনদাৰ স্মৃতি জীয়াই ৰখাটো কলিয়াবৰবাসীৰ এক দায়িত্ব। ভূপেনদাৰ কুঠৰীৰ বাসগৃহসহ চৌহদটো বিক্ৰী হোৱাৰ পাছত আইনী জটিলতাৰ আহি পৰিলেও নতুন গৰাকীয়ে ভূপেনদাৰ বাসগৃহটো ৰাইজৰ স্বাৰ্থত এৰি দিছিল। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপত অনতিপলমে এই জটিলতা দূৰ হ’ব বুলি আশাপ্ৰকাশ কৰে। এই প্ৰকল্পটোৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী-বিদেশী পৰ্যটকৰ জৰিয়তে ভূপেনদাৰ গৰিমাময় জীৱনৰ লগতে ঐশ্বৰ্যশালী অসমীয়া সংস্কৃতি বিশ্বত বিয়পি পৰিব বুলি মন্তব্য আগবঢ়াই। অসমৰ ভূপেনদাকে ধৰি বৰেণ্য ব্যক্তিসকলৰ জীৱন চৰ্যাৰ জৰিয়তে অসমীয়াই নিজকে সবল ৰূপত গঢ়ি তুলিবলৈ যুৱচামৰ প্ৰতি আহ্বান জনাই। লগতে ১৯৯২ চনৰ পৰা ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা ‘মঞ্চ’লৈ পাঁচ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বঁটা প্ৰদান অনুষ্ঠানত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তৰ উপৰিও বিশিষ্ট সমাজকৰ্মী তথা বিজেপি দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাও উপস্থিত থাকি বঁটা প্ৰদান কৰে। শৰ্মাই মঞ্চই সুদীৰ্ঘকাল এই প্ৰতিযোগিতাৰ জৰিয়তে যি এক সাংস্কৃতিক বিপ্লৱ অব্যাহত ৰাখিছে সেই বিপ্লৱৰ জৰিয়তে অসমৰ গৌৰৱময় সাংস্কৃতিক ক্ষেত্ৰখনক নিশ্চয়কৈ প্ৰভাৱিত কৰিব পাৰিছে। পল ৰৱছনৰ প্ৰসঙ্গৰে শৰ্মাই কয় – গীটাৰখন কেৱল এক সঙ্গীতৰ সঁজুলিয়েই নহয়, ই এক সামাজিক সঁজুলি, মই সমাজক পৰিৱৰ্তন কৰিব পাৰে। এই চিন্তাৰে ই আজিৰ প্ৰজন্মই সঙ্গীত চৰ্চা কৰিবলৈ শৰ্মাই আহ্বান জনাই। প্ৰতিযোগিতাৰ ঘোষিত ফলাফল সমূহ এনেধৰণৰ – সদৌ অসম ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ ক শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে – কামপুৰৰ শ্ৰদ্ধা বৰগোহাঁই, কাজিৰঙাৰ ভিটালী গগৈ আৰু গুৱাহাটীৰ পাণ্ডুৰ দেৱস্মিতা কাশ্যপ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – বিশ্বনাথ চাৰিআলিৰ কুৱলী বৰঠাকুৰ, শিৱসাগৰৰ ৰণ কোঁৱৰ আৰু কলিয়াবৰৰ সংগীতা বৰা। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় স্থান লাভ কৰে ক্ৰমে – নগাঁৱৰ আয়ুশ্ৰী দাস, উত্তৰ লখিমপুৰৰ কৌশিকী হাজৰিকা আৰু নগাঁও চকলাঘাটৰ কৃষ্টিকণ্যা শইকীয়া। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – ৰাজকুমাৰী ফাল্গুনী, কলিয়াবৰৰ হাতীবন্ধাৰ অক্ষা তিমচিনা আৰু নগাঁও চামগুৰিৰ উন্মনা হাজৰিকা। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ ক শাখাৰ ফলাফল এনেধৰণৰ – ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে – বিশ্বনাথ চাৰিআলিৰ কুঁৱলী বৰঠাকুৰ, বোকাখাতৰ ত্ৰিদিষ্ণা বৰা আৰু গুৱাহাটী পাণ্ডুৰ দেৱস্মিতা কাশ্যপ। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে – শ্ৰদ্ধা বৰগোহাঁই, কলিয়াবৰৰ অনিমেষ শইকীয়া আৰু আৰমিনা ভ’ই। পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ খ শাখাৰ ১ম, ২য় আৰু ৩য় শ্ৰেষ্ঠ স্থান লাভ কৰে ক্ৰমে শিৱসাগৰৰ ৰাজকুমাৰী ফাল্গুনী, কামপুৰৰ আৰ্য্যা বৰগোহাঁই আৰু বৰাগাঁও গুৱাহাটীৰ প্ৰিয়াঞ্চী বৰ্মনে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ক্ৰমে আয়ুশ্ৰী দাস, গোৱালপাৰাৰ তানিষ্ঠা গৌতম আৰু জখলাবন্ধাৰ ৰিজা মিৰ্দ্ধা। বিচাৰকৰ আসন অলংকৃত কৰে বিশিষ্ট তবলা বাদক সূৰ্য গোস্বামী, বিশিষ্ট সংগীত শিল্পী তথা সাংবাদিক গৌতম শৰ্মা আৰু কন্ঠ শিল্পী বিবলি ভাগৱতীয়ে। বিপুল হাজৰিকা আৰু প্ৰিয়ংকা শৰ্মাই আঁত ধৰি অনুষ্ঠানটিত অসমৰ বহু ঠাইৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। পুৱা স্থানীয় শিল্পী সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে মহকুমাৰ নিৰ্বাচনী বিষয়া ড০ ভূপালী কাশ্যপে।
অনুষ্ঠানত নটৰাজম কলাকেন্দৰ কণ-কণ শিশু সকলে নৃত্য পৰিবেশন কৰি শ্ৰোতাক বাৰুকৈয়ে মুগ্ধ কৰে।

সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হোৱা কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰী

কলিয়াবৰৰ কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰীটোৰ সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ বাবে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে বিশেষ আঁচনি ৰূপায়ণ কৰি আহিছে। কিন্তু কিমান সফল হৈছে এই আঁচনিসমূহ? তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদিও প্ৰকৃত তথ্য লাভ কৰা নাই আৱেদনকাৰীয়ে।
কলিয়াবৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে কমলা কুঁৱৰী স্মৃতি বিজড়িত আহোম যুগৰ ঐতিহাসিক পুখুৰী ভঁৰালী বৰুৱা পুখুৰী। ১৯৮৭ চনৰ পৰা ইখনৰ পাছত সিখন উন্নয়নমূলক আঁচনি ধন শৰাধ। কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ১৯৮৭ চনৰ পৰা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে জানিবলৈ আবেদন কৰিছিল ৰাতুলেশ্বৰ গোস্বামী নামৰ ব্যক্তিজনে। যোৱা ৯ মে’ ২০২৩ তাৰিখে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত কৰা আবেদনৰ ভিত্তিত মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ তথা কাৰ্যবাহী দণ্ডাধীশ তৃষ্ণা মিপূনে ১৬ মে’ তাৰিখে পত্ৰ নং কে এম এম (আৰু টি আই) ৪/২০২৩/৯৪৫৬ৰ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়ালৈ ৰাতুলেশ্বৰ গোস্বামীক সমুদায় তথ্য জনাবলৈ জাননী জাৰী কৰিছিল। এই পত্ৰ লাভ কৰাৰ পিছত কলিয়াবৰ খণ্ড উন্নয়ন বিষয়া ঋতুপৰ্ণা বৰগোহাঁয়ে পত্ৰ নং কেডিবি/আৰ টি আই/৫/২০২০-২১ যোগে কলিয়াবৰ উন্নয়ন খণ্ডৰ গাণনিক মৃণাল কুমাৰ দত্ত, কনিষ্ঠ সহায়ক মুহিবুৰ ৰহমান আৰু পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবলৈ নিৰ্দেশনা জাৰি কৰে। এই নিৰ্দেশনাৰ ভিত্তিত ১ জুলাই, ২০২৩ তাৰিখে এখন উকা কাগজত আঞ্চলিক পঞ্চায়তৰ জ্যেষ্ঠ সহায়কৰ স্বাক্ষৰিত পত্ৰত পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তৰ দ্বাৰা ৰূপায়িত দুখন আঁচনিৰ অসম্পূৰ্ণ তথ্য প্ৰেৰণ কৰে। য’ত ভঁৰালী বৰুৱা পুখুৰীৰ উন্নয়নৰ নামত আৱণ্টিত পাঁচ লাখ টকাৰ ৪,৫৩,৪০০ টকা খৰচ হোৱা তথ্য উল্লেখ আছে। আনহাতে, গছপুলি ৰোপন আৰু চৌহদৰ বেৰা নিৰ্মাণৰ বাবে ১৬,৬৯,৪৪০ টকা বিপৰীতে খৰচৰ পৰিমাণ দেখুওৱা হৈছে ১৬,৩৫,১২০ টকা। পত্ৰখনত দুয়োখন আঁচনি সম্পূৰ্ণ হোৱা বুলি উল্লেখ আছে যদিও আঁচনিখনৰ আৰম্ভ হোৱাৰ তাৰিখ আৰু শেষ হোৱাৰ তাৰিখৰ কোনো উল্লেখ নাই। লগতে উল্লেখ নাই পৃথক শিতানৰ খৰচৰ হিচাপ। এই তথ্যত আৱেদনকাৰীয়ে সন্তুষ্ট নোহোৱাত সম্পূৰ্ণ তথ্য বিচাৰি পুনৰ মহকুমাধিপতিক ৩ আগষ্ট তাৰিখে পত্ৰযোগে আৱেদন জনাই। ৭ আগষ্টত কে এম এম/আৰু টি আই/০৪/২০১৪/পিটি-১/৯৭৯৩ নং পত্ৰ যোগে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ তথা কাৰ্যবাহী দণ্ডাধীশে পুনৰ আবেদনকাৰী ৰাতুলেশ্বৰ গোস্বামীক সম্পূৰ্ণ তথ্য যোগান ধৰিবলৈ জাননী জাৰী কৰে। এই জাননীৰ উত্তৰত ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ কৱলত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পুৰণি সকলো তথ্য বিনষ্ট হোৱাত ১৯৯২ চনৰ পৰা পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে ৰূপায়ণ কৰা আঁচনিৰ তথ্য যোগান ধৰিব পৰা নাই যদিও পূৰ্বৰ দুয়োটা তথ্য ৰূপায়ণৰ বছৰ উল্লেখ কৰি আবেদনকাৰী প্ৰেৰণ কৰে। সেই মতে পাঁচ লাখ টকাৰ আঁচনিৰ সময় ২০০৮-২০০৯ চন বুলি দেখুওৱা হৈছে। আনহাতে, ১৬,৬৯,৪৪০ টকাৰ আঁচনিখনৰ সময় ২০২০-২০২১ দেখুওৱা হৈছে কিন্তু এই আঁচনিখনৰ বিতং তথ্য দিয়াৰ পৰা বিৰত থাকিল উন্নয়ন খণ্ডৰ জ্যেষ্ঠ সহায়কগৰাকী। লগতে পত্ৰখনত পূৱথৰীয়া জিলা পৰিষদৰ তথ্য মজুত নাই বুলি উল্লেখ কৰাৰ লগতে গাঁও পঞ্চায়তৰ আঁচনিৰ বিষয়ে পূৱ-পূৱথৰীয়া গাঁও পঞ্চায়তৰ সচিবে প্ৰত্যক্ষভাৱে যোগান ধৰিব বুলিও উল্লেখ আছে। বিভাগীয় এনে অসহযোগিতাৰ বাবে ৰাতুলেশ্বৰ গোস্বামীয়ে এতিয়া ওপৰ মহলাৰ অভিযোগ দিয়াৰ গুণা-গঁঠা কৰিছে।

১৯৮৭ চনত অগপৰ প্ৰথম শাসনকালত দীৰ্ঘকালৰ বিৰতিৰ পাছত অসমত তিনিখলপীয়া পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অসমৰ গাঁও অঞ্চলৰ উন্নতিৰ এক নতুন মাত্ৰাৰ সূচনা হ’ল। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ জৰিয়তে ৰাজ্যৰ গাঁও অঞ্চলসমূহত নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে গঞা ৰাইজে উন্নয়নৰ সপোন দেখিছিল। কিন্তু এই উন্নয়নৰ সপোন কিমান বাস্তৱায়িত হ’ল সেয়া নিশ্চয় প্ৰশ্নৰ বিষয়। সমগ্ৰ অসমতে পঞ্চায়তসমূহৰ আঁচনি ৰূপায়ণৰ সীমাহীন দুৰ্নীতিৰ অভিযোগ বাতৰিৰ শিৰোনামা সততে দখল কৰি থকা দেখা যায়। ৰাইজৰ এই সীমাহীন দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত বিশেষ ব্যৱস্থা লোৱা দেখা নাযায়। আঁচনি ৰূপায়ণত দুৰ্নীতি হৈছেনে নাই সেয়া জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰস্থ হ’লেও সন্তোষজনক উত্তৰ পোৱা নাযায়। তথ্য জনা অধিকাৰ আইন ২০০৫ৰ জৰিয়তে কলিয়াবৰৰ এগৰাকী লোকে ৯ মে’ ২০২৩ তাৰিখৰ আবেদনৰ সুদোত্তৰ আজিলৈকে লাভ নকৰিলে।

বাস্তৱিকতে যোৱা দীঘলীয়া সময়ছোৱাত কলিয়াবৰৰ আহোম যুগৰ ঐতিহাসিক ভঁৰালী বৰুৱা পুখুৰীটোৰ পঞ্চায়তৰ বাবে সোণৰ কণী পৰা হাঁহলৈ ৰূপান্তৰিত হৈছে। এই পুখুৰীটোৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধনৰ নামত লাখ-লাখ টকাৰ আঁচনি আৱণ্টিত হৈছে যদিও উন্নয়নৰ নামত পুখুৰীটোৰ কোনো পৰিৱৰ্তন চকুত নপৰিল।
শেহতীয়াকৈ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তে ৰূপায়ণ কৰা ১৬,৬৯,৪৪০ টকাৰ আঁচনিখনৰ বাস্তৱ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। চৌহদৰ বেৰা (ফেঞ্চিঙৰ) তথৈবচ অৱস্থা, ৰোপন কৰা এটাও গছপুলি নাই। আনকি আঁচনি ৰূপায়নৰ তথ্য সমৃদ্ধ ফলকখনৰো অস্তিত্ব নাই। অথচ পূৱ-পূৱথৰীয়া আঞ্চলিক পঞ্চায়তটো বৰ্তমানৰ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি, আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী অগপ দলৰ প্ৰতিনিধি হোৱাৰ লগতে কলিয়াবৰ আঞ্চলিক পঞ্চায়তৰ সদস্য।
লোকবিশ্বাস মতে, কমলা কুঁৱৰী আছিল এজন আহোম বিষয়া ভঁৰালী ভাণ্ডাৰবৰুৱাৰ সপ্তম তথা নুমলীয়া আদৰৰ কুঁৱৰী। এবাৰ ৰাজ্যত ভয়ানক খৰাং হোৱাৰ সময়ত সপোনত দেখা বিধানৰ পৰিণতি স্বৰূপে ভঁৰালী বৰুৱাই কমলা কুঁৱৰীক পানীৰ নামত উচৰ্গা কৰে৷ নিৰ্দিষ্ট দিনত এটা শুকান পুখুৰীত কুঁৱৰীক নমাই দিয়া হয় আৰু তেওঁ নমাৰ লগে লগে ক্ৰমশঃ পুখুৰীটো পানীৰে উপচি পৰে৷ কিন্তু প্ৰজা তথা ৰাজ্যৰ বাবে নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰা কমলা কুঁৱৰীয়ে সেই পুখুৰীতেই সলিল সমাধি ঘটি কৰুণভাৱে মৃত্যু সাৱটি লৈছিল। অৱশ্যে এই পুখুৰীটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত খন্দা হৈছিল বুলিও এটা পক্ষই দাবী কৰে।
প্ৰবাদ অনুসৰি আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ঠিক শৰাইঘাট ৰণৰ আগে-আগে ৰাজ্যত ভয়ানকভাৱে পানীৰ আকাল হৈছিল ৷ সেই সময়ত কলিয়াবৰত আহোম ৰাজ বিষয়া, ধৰ্মশীল পুৰুষ জয়ধ্বজ ভঁৰালী বৰুৱাই পানীৰ অভাৱ আৰু প্ৰজাৰ কষ্ট নিবাৰণৰ বাবে বহুলোকক লগাই পুখুৰী খন্দাইছিল৷ কিন্তু দিনে-ৰাতিয়ে খাটিও পুখুৰীৰ পানী উলিয়াব নোৱাৰিলে৷ স্বপ্নৰ আদেশ পাই ভঁৰালী বৰুৱাই মৰমৰ নুমলীয়া কমলা কুঁৱৰীক দান দিয়াত পানীৰে পুখুৰীটো উপচি পৰিল৷ অসমৰ বহুল প্ৰচলিত জনশ্ৰুতি আৰু সাধুকথাৰ আলমত সৃষ্টি হোৱা গীত সমূহৰ ভিতৰত কমলা কুঁৱৰীৰ গীত অন্যতম৷ কৰুণ ৰসৰ আৰু কাব্যিক সৌন্দৰ্যৰে ভৰা কমলা কুঁৱৰীৰ গীত উৎকৃষ্ট মালিতা।