Home Blog Page 1168

১০০ কোটি টকা খৰচেৰে বিয়া পাতি কিয় প্ৰকৃত নাম লুকুৱাই ৰাখিছিল বিৰাট-অনুষ্কাই, বিৰাট হৈ পৰিছিল ৰাহুল…

বিৰুষ্কা বাৰ্ষিকীঃ ২০১৭ চনত অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীৰ বিবাহ হয়। অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী আজিৰ সময়ৰ এক শক্তি দম্পতী। দুয়োৰে বিবাহৰ ৬ বছৰ হ’ল। ২০১৭ চনৰ ১১ ডিচেম্বৰত দুয়োৰে বিবাহ হয়। এসময়ত গোপনে ভালপোৱা বিৰুষ্কাইও নিজৰ বিবাহক গোপনে ৰাখিছিল। ভাৰতৰ পৰা বহু দূৰৈত ইটালীৰ টাস্কানীতহোৱা এই বিবাহক গোপন কৰি ৰাখিবলৈ অনুষ্কা আৰু বিৰাটে বহুত চেষ্টা কৰিছিল।


বিয়াৰ পিছত অনুষ্কা শৰ্মাই নিজেই এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল যে বিবাহৰ প্ৰস্তুতি আৰু সবিশেষ লুকুৱাবলৈ তেওঁ আনকি ৰিজ’ৰ্টৰ কৰ্মচাৰীৰ পৰাও নিজৰ প্ৰকৃত নামটো লুকুৱাই ৰাখিছিল। বিৰাট কোহলীক ৰাহুল বুলি কোৱা হৈছিল। আচলতে দুয়োজনে বিচাৰিছিল এনেকুৱা এখন পাৰিবাৰিক বিয়া যিখন তেওঁলোকৰ মাজতে সীমাবদ্ধ হৈ থাকে আৰু চেলিব্ৰিটিৰ বিয়াৰ দৰে নহয়। এই কাৰণেই এই বিবাহ ইটালীৰ টাস্কানীৰ ৮০০ বছৰীয়া ভিলাত হৈছিল আৰু মাত্ৰ ৪২ জন লোকৰ উপস্থিতিত হৈছিল।

কোৱা হয় যে অনুষ্কা বিৰাটৰ বিয়া হোৱা টাস্কানীৰ বৰ্গো ৰিজৰ্টখন শীতকালত বন্ধ হৈ থাকে। সেই সময়ত ইয়ালৈ কোনো পৰ্যটক নাহে যদিও বিশেষভাৱে বিৰুষ্কাৰ বিয়াৰ বাবে মুকলি কৰা হৈছিল। যেতিয়া এই বিবাহ হৈছিল তেতিয়া তাত আন কোনো অতিথি নাছিল। সেয়ে দুয়োজনে মুকলিকৈ নিজৰ বিবাহ উপভোগ কৰিছিল। তেওঁলোকৰ বিয়াত ১০০ কোটি টকা খৰচ হৈছিল।

আই পি এল ২০২৪ত দেখিবলৈ পাব ঋষভ পন্তক…

দিল্লী কেপিটেলছঃ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে ঋষভ পন্তৰ ফিটনেছ লেভেল পুনৰ লাভ কৰিব বুলি দিল্লী কেপিটেলছে প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত তেওঁ আই পি এল ২০২৪ৰ অংশ হ’ব পাৰে। আই পি এল ২০২৪ৰ পৰা ক্ৰিকেট খেলপথাৰলৈ উভতি আহিব ঋষভ পণ্ট। আকৌ এবাৰ দিল্লী কেপিটেলছৰ কমাণ্ড লোৱা দেখা যাব। দিল্লী কেপিটেলছ মেনেজমেণ্টে জনাইছে, ঋষভ পন্ত বৰ্তমান বেংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত ৰিহাবিং কৰি আছে। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে আই পি এলত তেওঁৰ অংশগ্ৰহণ কেৱল এন চি এৰ পৰিচালকসকলৰ সন্মতিৰ ওপৰত নিৰ্ভৰ কৰিব।

যোৱা বছৰৰ শেষৰ ফালে এক মৰ্মান্তিক গাড়ী দুৰ্ঘটনাৰ বলি হৈছিল ঋষভ পন্ত। ইয়াৰ পিছত তেওঁৰ সোঁ আঁঠুৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁ ক্ৰিকেট খেলপথাৰৰ পৰা দূৰত্ব বজাই ৰাখিছে। আঁঠুৰ অস্ত্ৰোপচাৰৰ বাবেই ভৱিষ্যৎ পণ্টে হয়তো কেতিয়াও উইকেট ৰাখিব নোৱাৰিব বুলি ভয়ৰ সৃষ্টি হৈছে। কাৰণ আন খেলুৱৈতকৈ উইকেটকীপাৰৰ আঁঠুত বেছি মানসিক চাপ থাকে।

ঋষভ পন্ত ক্ৰিকেট খেলপথাৰৰ পৰা আঁতৰি থকাৰ এবছৰ সম্পূৰ্ণ হ’ব। এই সময়ছোৱাত তেওঁ কেৱল আই পি এলৰ ছিজনত অংশ ল’ব নোৱাৰিলে, এইবাৰ টিম ইণ্ডিয়াই খেলা ৬২খন আন্তঃৰাষ্ট্ৰীয় মেচতো তেওঁ কেৱল দৰ্শক হিচাপে অংশ লয়।


শীতকালত খাব লাগে মিঠা আলু, ভালে থাকিব হৃদযন্ত্ৰ আৰু চকু…

মিঠা আলুৰ উপকাৰিতা: মিঠা আলুত আঁহ, প্ৰটিন, পটাছিয়াম, আইৰণ, ভিটামিন আদি বহুতো পুষ্টিকৰ উপাদান থাকে। মিঠা খালে শৰীৰৰ বহু ৰোগ নিৰাময় হয়। শীতকাল আৰম্ভ হৈছে আৰু ক্ৰমান্বয়ে ঠাণ্ডা বাঢ়িছে। এই বতৰত বহুতো শাক-পাচলি আৰু ফল-মূল বজাৰত উপলদ্ধ। গোটেই বছৰটো মানুহে এই ফল-মূলৰ বাবে অপেক্ষা কৰে। ইয়াৰে এটা হৈছে মিঠা আলু, সিজোৱা বা পোৰা মিঠা আলু নাখালে শীতৰ আনন্দ আধৰুৱা হৈ পৰে। মিঠা আলু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানো আহক-


চকুৰ দৃষ্টিশক্তি

দুৰ্বল দৃষ্টিশক্তি মজবুত কৰাত মিঠা আলু অতি উপকাৰী। ইয়াত বিটা কেৰটিন থাকে যিয়ে চকুক শক্তিশালী কৰি ৰখাত আৰু চকুৰ লগত জড়িত ৰোগসমূহ দূৰ কৰাত সহায় কৰে।

ৰক্তচাপ

মিঠা আলুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত ফলপ্ৰসূ বুলি প্ৰমাণিত হয়। ৰক্তচাপ ৰোগীয়ে খাদ্য তালিকাত মিঠা আলু অন্তৰ্ভুক্ত কৰিব লাগিব।

হৃদযন্ত্ৰৰ স্বাস্থ্য

মিঠা আলুত পোৱা পটাছিয়াম হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ বাবে অতি উপকাৰী। ইয়াৰ সেৱনে হাৰ্ট ষ্ট্ৰোককে ধৰি হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

শক্তিশালী হাড়

মিঠা আলুত প্ৰচুৰ পৰিমাণে আইৰণ, ফলেট আৰু ভিটামিন ডি থাকে যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী। হাড় সুস্থ আৰু মজবুত কৰি ৰাখিবলৈ মিঠা আলু নিয়মিতভাৱে খাব লাগে।

শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা

মিঠা আলুক ভিটামিন চিৰ উত্তম উৎস বুলি গণ্য কৰা হয়। দৈনিক মিঠা আলু খোৱাটোৱে শৰীৰক ঋতুভিত্তিক ৰোগৰ পৰা আঁতৰাই ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

ওজন কমি যোৱা

মেদবহুলতাত আক্ৰান্ত লোকৰ বাবে মিঠা আলু খাব লাগে। ওজন কমাবলৈ মিঠা আলু খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

কটন বিশ্ববিদ্যালয়ত ‘কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জনৰ উপায়’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

কটন বিশ্ববিদ্যালয়ত ‘কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতা অৰ্জনৰ উপায়’ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন

গুৱাহাটী, ১১ ডিচেম্বৰ: অসামৰিক সেৱাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যৰে আজি কটন বিশ্ববিদ্যালয়ৰ অসামৰিক সেৱা অধ্যয়ন কেন্দ্ৰৰ সহযোগত আৰু ‘কেপাচিটি বিল্ডিং চেণ্টাৰ’ (চিবিচি)-ৰ উদ্যোগত আৰু লগতে ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ (SITA)-ৰ পৃষ্ঠপোষকতাত ‘মাষ্টাৰিং ইউপিএছচি চিএছই ২০২৪-২৫: সফলতাৰ বাবে কৌশল’ শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত অন্য এক প্ৰতিষ্ঠান ‘আন একাডেমী’য়েও সহযোগ আগবঢ়ায়।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ তত্বাৱধায়ক ক্ৰুষ্ণ ৱোকাৰে অসামৰিক সেৱাৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ বাবে বিভিন্ন কৌশল আয়ত্ব কৰৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকৰ পৰাই এই পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনায়। সফলতা লাভৰ চাবিকাঠি হৈছে ধাৰাবাহিকতা আৰু অধ্যৱসায় বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়ন আৰু প্ৰস্তুতিৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে।
এই মত-বিনিময় অনুষ্ঠানত চিবিচিৰ সঞ্চালিকা ড০ সংগীতা বৰঠাকুৰ প্ৰমুখ্যে কেইবাগৰাকীও অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উল্লেখযোগ্য যে ২০২৩ চনৰ আগষ্ট মাহত কটন বিশ্ববিদ্যালয়ৰ চিবিচিৰ অধীনত স্থাপন কৰা অসামৰিক সেৱা অধ্যয়ন কেন্দ্ৰৰ তত্বাৱধানত অনুষ্ঠিত হোৱা এইটো তৃতীয় অনুষ্ঠান। ইয়াৰ পূৰ্বেও দুটাকৈ মত-বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য’ত ছাত্ৰ-ছাত্ৰীসকলে ২০২৩ চনৰ ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত পশু চিকিৎসা সঞ্চালকৰ সৈতে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন চন্দ্ৰ নাথ আৰু অসম অসামৰিক সেৱাৰ বিষয়া অংশুলেখা দত্ত পাঠকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছিল। ইয়াৰ উপৰিও ৫ অক্টোবৰ, ২০২৩ তাৰিখে কটন বিশ্ববিদ্যালয়ত জাবীৰ ৰাহুল সুৰেশ আৰু আৰক্ষী উপায়ুক্ত পদ্মনাভন বৰুৱাৰ সৈতেও এক মত- বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈছিল ।

দ্বিতীয় সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা প্ৰতিযোগিতাত ভৃগুজ্যোতি শ‌ইকীয়া আৰু মেন ফিজিকত বিক্ৰম ডেকাৰ খিতাপ

দ্বিতীয় সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা প্ৰতিযোগিতাত ভৃগুজ্যোতি শ‌ইকীয়া আৰু মেন ফিজিকত বিক্ৰম ডেকাৰ খিতাপ

গুৱাহাটী, ১১ ডিচেম্বৰ ঃ মহানগৰীৰ ৰুক্মিণী নগৰৰ প্ৰেক্ষাগৃহত যোৱা ৯ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম মুকলি দেবজিত গগৈ ক্লাচিক শৰীৰ চৰ্চা আৰু মেন ফিজিক ২০২৩-২৪ প্ৰতিযোগিতা । আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেবজিত গগৈৰ সোঁৱৰণত বেলতলাৰ ফিটনেচ ৱৰ্ল্ড জিমৰ সদস্য তথা প্ৰয়াত দেবজিত গগৈৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সহযোগত বিগত বৰ্ষৰ পৰা এই দেহশ্ৰী প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।
এই প্ৰতিযোগিতাতৰ মুকলি শৰীৰ চৰ্চা শাখাত অসমৰ বিভিন্ন প্ৰান্তৰ ৪০ গৰাকী খেলুৱৈ আৰু মেনছ ফিজিক শাখাত ১২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে ।
উক্ত প্ৰতিযোগিতা শুভ উদ্বোধন কৰে অৰ্জ্জুন বঁটাপ্ৰাপ্ত লনবলৰ খেলুৱৈ নয়নমনি শইকীয়া, প্ৰ-পাঞ্জা লীগৰ বিজয়ী চেতনা শৰ্মা আৰু জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপোষ্ট”ৰ কৰ্ম কুশলীসকলে । অনুষ্ঠানত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত চি চি এফ ফজৰুল ৰহমান, অসম শক্তি উত্তোলনৰ জ্যেষ্ঠ বিষয়ববীয়া দুৰ্গা প্ৰসাদ গগৈ, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁই, প্ৰনব কলিতা, বলিন কলিতা, এন এফ ৰেলৰেৰ বিষয়া বিপুল কুমাৰ, কুমুদ বড়ো, ৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ নবজিত দাস আদি বহু বিশিষ্ট লোক । আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস হালৈয়ে প্ৰয়াত দেৱজিৎ গগৈৰ মধুৰ সান্নিধ্যৰ কথা সোঁৱৰি আবেগিক হৈ পৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত কৰ্মৰত প্ৰয়াত হেম গগৈ আৰু খ্যাতনামা মাষ্টাৰ এথলীট লীলা গগৈৰ সন্তান, অসমৰ বিশিষ্ট শৰীৰ চৰ্চাবিদ প্ৰয়াত দেৱজিৎ গগৈ বিশাল হৃদয়ৰ গৰাকী আছিল । বেলতলা আৰু কাহিলীপাৰাত স্থাপন কৰা ফিটনেচ ৱৰ্ল্ড জিমত বহু আৰ্থিকভাৱে অস্বচ্ছল যুৱক-যুৱতীক তেওঁ বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা দিছিল । তেওঁৰ গুণমুগ্ধ শৰীৰ চৰ্চাবিদসকলে এই প্ৰতিযোগিতাখন সফলভাৱে আয়োজন কৰাৰ বাবে অধিবক্তাগৰাকীয়ে শলাগ লয় । প্ৰাঞ্জল প্ৰতিম মুদৈয়ে আঁত ধৰা প্ৰতিযোগিতাখনৰ বিষয়ে আয়োজক কমিটীৰ সভাপতি অমৰ কাকতি আৰু সম্পাদক অঞ্জন বুজৰ বৰুৱাই জনোৱা অনুসৰি ফলাফলসমূহ হ’ল —

মুকলি শৰীৰ চৰ্চা শাখাৰ শীৰ্ষ ১০ গৰাকী খেলুৱৈ হ’ল ——-

১। ভৃগুজ্যোতি শ‌ইকীয়া, তেজপুৰ
২। কেশৰ আলী, যোৰহাট
৩। মোজাহিদুল ইছলাম, গুৱাহাটী
৪। দুৰ্লভ বুঢ়াগোহাঁই, তিনিচুকীয়া
৫। প্ৰেমছন দাস, গুৱাহাটী
৬। মঞ্জিত বৰা, যোৰহাট
৭। ৰাহুল আমিন, গুৱাহাটী
৮ । সজল দাস, মালিগাঁও
৯ । বাপ্পা কাংছো বণিক, কৰিমগঞ্জ
১০ । অৱনী দত্ত, মিৰ্জা ।

আনহাতে মেন ফিজিক প্ৰতিযোগিতাৰ শীৰ্ষ ৫ গৰাকী খেলুৱৈ হ’ল ——

১। বিক্ৰম ডেকা, নলবাৰী
২ । মহম্মদ ছাদাব, নগাঁও
৩ । হীৰকজ্যোতি শ‌ইকীয়া, যোৰহাট
৪ । ইমৰাণ লস্কৰ, গুৱাহাটী
৫ । নাছিৰ আহমেদ, গুৱাহাটী

মুকলি শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ শীৰ্ষ ১০ গৰাকী খেলুৱৈক ক্ৰমে ২০, ১৫, ১২, ১০, ৮, ৬, ৫, ৪, ৩ আৰু ৩ হেজাৰ টকাকৈ প্ৰদান কৰা হয় । আনহাতে মেনছ ফিজিক প্ৰতিযোগিতাৰ শীৰ্ষ ৫ টা স্থান দখল কৰা সকলে ক্ৰমে ১০, ৮, ৭, ৫, ৩ হেজাৰ টকালৈ লাভ কৰে । বিচাৰক হিচাপে খেল পৰিচালনা কৰে জয়ন্ত দাস, মলিন দাস, খলিল আলী, বিপুল কুমাৰ, বৰ্ণালী বসুমতাৰী, প্ৰাঞ্জিৎ বৰ্মন আৰু কুলেন দাস ।

কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠান

কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী সামৰণী অনুষ্ঠানৰ তৃতীয় দিনা নিশা উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য । ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে প্ৰথম মা হিছাপে জন্মদাতা মাতৃ আৰু শিক্ষাগুৰু সকল, দ্বিতীয় মা মাতৃভূমি অসম আৰু তৃতীয় মা মাতৃ ভাষা অসমীয়া এই তিনি গৰাকী মাক সদাই মনত ৰাখিবলৈ অনুৰোধ কৰি এক মননশীল বক্তব্য প্ৰদান কৰে লগতে হীৰক-জয়ন্তী বৰ্ষ গৰাকী কুৰালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খন এখন আৰ্দশ বিদ্যালয় হিছাপে গঢ়ি তুলিবলৈ ৰজাঘৰীয়াক অনুৰোধ জনাই।

লোকসভাৰ সাংসদ পদ কৰ্তনঃ ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ

ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়লৈ গ’ল মহুৱা মৈত্ৰ। ধনৰ বিনিময়ত সংসদত প্ৰশ্ন সোধাৰ অভিযোগত সাংসদ পদ বাতিল হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মহুৱা মৈত্ৰই সোমবাৰে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ৰ শৰাণাপন্ন হয়। মহুৱাই তেওঁক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ বিৰুদ্ধে আজি উচ্চতম ন্যায়ালয়ত আবেদন জনায়। যোৱা সপ্তাহত লোকসভাৰ এথিক্স সমিতিয়ে মহুৱাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰাৰ পিছতে মহুৱাৰ সাংসদ পদ খাৰিজ কৰা হৈছিল৷

এই সিদ্ধান্তৰ পিছতে মহুৱা মৈত্ৰাই কৈ আহিছে যে এথিক্স সমিতিৰ তেওঁক বহিষ্কাৰ কৰাৰ ক্ষমতা নাই৷ তেওঁ লগতে কয় যে তেওঁ ব্যৱসায়ীজনৰ পৰা নগদ ধন গ্ৰহণ কৰাৰো কোনো প্ৰমাণ নাই। উল্লেখ্য ধনৰ বিনিময়ত সংসদত আদানী সন্দৰ্ভত প্ৰশ্ন কৰাৰ অভিযোগত অৱশেষত সাংসদ পদ বাতিল হৈছিল তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰৰ। শুকুৰবাৰে এঘণ্টা ধৰি চলা আলোচনাৰ অন্তত মহুৱাৰ সাংসদ পদ খাৰিজ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত দিনা মহুৱাক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ দিয়া হোৱা নাছিল।

লোকসভাৰ এথিক্স সমিতিৰ মুৰব্বী আৰু বিজেপি সাংসদ বিজয় সোণকাৰে শুকুৰবাৰে দুপৰীয়া ১২ বজাত টিএমচিৰ সাংসদগৰাকীৰ বিৰুদ্ধে সংসদত প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনখনত পৰামৰ্শ দিয়া হয় যে মহুৱাক এগৰাকী সাংসদ হিচাপে অযোগ্য ঘোষণা কৰা উচিত। এথিক্স সমিতিৰ প্ৰতিবেদন দাখিলৰ পিছতে সংদত তীব্ৰ হুলস্থূল আৰম্ভ হয়। বিৰোধীৰ প্ৰতিবাদৰ বাবে সদন দিনৰ ২ বজালৈ স্থগিত ৰাখিবলগীয়া হয়। অৱশ্যে সদন পুনৰ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষই মহুৱাৰ বিষয়টোত অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে সংসদৰ সন্মান হানি কৰিব পৰা কোনো বিষয়ক প্ৰশ্ৰয় দিয়া নহ’ব। ওম বিৰলাই এই বিষয়ে আলোচনা কৰিবলৈ আধা ঘণ্টা সময় দিছিল।

অধ্যক্ষৰ ঘোষণাৰ পিছতে তৃণমূলৰ সুদীপ বন্দোপাধ্যায়ে এই বিষয়ত আলোচনা কৰিবলৈ অধিক সময়ৰ বাবে অনুৰোধ জনাইছিল । টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে পুনৰ মহুৱাক আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ দিবলৈ আহ্বান জনাইছিল। অৱশ্যেঅধ্যক্ষই তেনে অনুৰোধৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল। কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰী, মনীষ তিৱাৰী, টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জী আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ সাংসদসকলে মৈত্ৰৰ সমৰ্থনত থিয় দিয়ে যদিও অধ্যক্ষই কোনো কথাই শুনিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধী সাংসদসকলে মহুৱাৰ মৌলিক অধিকাৰ উলংঘা অভিযোগ উত্থাপন কৰিছিল।

সংসদৰ নিয়ম অনুসৰণ কৰি ধ্বনি ভোটৰ জড়িয়তে সিদ্ধান্ত লোৱা হয় যে মহুয়া মৈত্ৰৰ সাংসদ পদ অযোগ্য ঘোষণা কৰাৰ লগতে সেয়া বাতিল কৰা হৈছে। লক্ষ্যণীয় কথাটো ’ল বেছিভাগ বিৰোধী সাংসদেই ধ্বনি ভোটৰ সময়ত সদনৰ পৰা ওলাই গৈছিল।


সদনত আদানীৰ বিৰুদ্ধে প্ৰশ্ন কৰিবলৈ টকাকে ধৰি আন বহু সুবিধা গ্ৰহণ কৰিছিল বুলি মহুৱাৰ বিৰুদ্ধে অভিযোগ আনিছিল উদ্যোগপতি দৰ্শন হিৰানন্দনীয়ে । মহুৱাৰ বিৰুদ্ধে এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ সময়তে মহুৱা মৈত্ৰই এক্স হেণ্ডেলত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। সংবাদ মাধ্যমত প্ৰচাৰিত এক বিবৃতিত হিৰানন্দনীয়ে দাবী কৰে যে মহুয়াই ব্যৱসায়িক লাভালাভ প্ৰদানৰ নামত তেওঁৰ পৰা বহু সুবিধা লৈছিল। অৱশ্যে টিএমচিৰ সাংসদগৰাকীয়ে বিবৃতিটোৰ সত্যতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

মহুয়া মৈত্ৰই হিৰানন্দনী গোটৰ পৰা ধন লৈ আদানি গোটৰ বিষয়ে সংসদত প্ৰশ্ন কৰিছিল বুলি বিজেপি সাংসদ নিশিকান্ত দুবেই অভিযোগ কৰাৰ পিছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ দুদিনৰ পিছত শ্বেতপত্ৰত লিখা দৰ্শন হিৰানন্দনীৰ এটা বিবৃতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰে। সেই বিবৃতিত, দৰ্শনে (দৰ্শন হিৰানন্দনী) মহুৱাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁৰ মন্তব্যই বিজেপি সাংসদগৰাকীৰ অভিযোগক বৈধতা প্ৰদান কৰে। অৱশ্যে, বিবৃতিটোৰ সত্যতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে মহুৱাই। বিবৃতিটো অনুসৰি, দৰ্শন হিৰানন্দনীয়ে ব্যৱসায়িক লাভালাভ পোৱাৰ আশাত মহুৱাক বহু লাভালাভ প্ৰদান কৰিছে। যেনে অতি ব্যয়বহুল উপহাৰ, বিদেশ ভ্ৰমণৰ খৰচ, দিল্লীত বাংলো মেৰামতিৰ খৰচ আদি দিয়া। একে সময়তে, বিবৃতিটোত দাবী কৰা হৈছে যে মহুৱাই দৰ্শন হিৰানন্দনীয়ে সংসদৰ ৱেবছাইটত লগ ইন কৰিবলৈ তাৰ পাছৱৰ্ডো দৰ্শনক দিছিল বুলি অভিযোগ কৰা হৈছিল।

অনুচ্ছেদ ৩৭০: উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদী-গৃহমন্ত্ৰী অমিত শ্বাহে

কাশ্মীৰৰ প্ৰসংত সোমবাৰে উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদান কৰে। কেন্দ্ৰই কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ বিলুপ্ত কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ আজি ৰায় দান কৰে আদালতে। উচ্চতম ন্যায়ালয়ে আজি প্ৰদান কৰা ৰায়টোত কয় যে অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ কেন্দ্ৰৰ সিদ্ধান্ত সাংবিধানিকভাৱে বৈধ আছিল৷ দেশবাসীৰ আগ্ৰহ-উৎকণ্ঠাৰ অৱসান ঘটাই এই ৰায় উচ্চতম ন্যায়ালয়ৰ৷ ৰায়টো ঘোষণা কৰি উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে কয় যে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ ৰাষ্ট্ৰপতিৰ ২০১৯ৰ আদেশ বৈধ।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনোৱা এক গোটৰ আবেদনৰ ওপৰত সৰ্বসন্মত ৰায় প্ৰদান কৰে৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়ক আদৰণি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে আদালতৰ ৰায়ক আশা, প্ৰগতি আৰু ঐক্যৰ পথত এক বৃহৎ সিদ্ধান্ত বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে অনুচ্ছেদ ৩৭০ৰ সাংবিধানিক বৈধতা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্যকো আদৰণি জনাইছে। মোদীয়ে কয় “কাশ্মীৰ আৰু লাডাখৰ বাবে চৰকাৰে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব,” । অনুচ্ছেদ ৩৭০ ৰ পৰা বঞ্চিত লোকসকলো এতিয়া অধিক লাভাৱান্বিত হ’ব।

ৰায় ঘোষণা হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে এক্স-হেণ্ডেলত তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।মোদীয়ে কয় “উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংসদৰ দ্বাৰা লোৱা সিদ্ধান্তক বাহাল ৰাখিছে। আমাৰ কাশ্মীৰী ভাই-ভনীসকলৰ আশা, প্ৰগতি আৰু ঐক্যৰ বাবে এয়া এক উল্লেখযোগ্য সিদ্ধান্ত। ভাৰতীয় হিচাপে আমাৰ পৰিচয় এই ৰায়ত আলোকপাত কৰা হৈছে। জম্মু আৰু কাশ্মীৰ তথা লাডাখৰ লোকসকলক দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ব। অনুচ্ছেদ ৩৭০ ৰূপায়ণৰ ফলত বঞ্চিত হোৱা সকলেও উন্নয়নৰ লাভালাভ অৰ্জন কৰিব। আজিৰ ৰায়টো কেৱল আইনৰ জয় নহয়, এক ঐক্যবদ্ধ ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতিও। ’’

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও উচ্চতম ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাইছে। শ্বাহে কয় “৫ অক্টোবৰ, ২০১৯ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। তেতিয়াৰে পৰা কাশ্মীৰ উপত্যকালৈ শান্তি ঘূৰি আহিছে। পৰ্যটনকে ধৰি বিভিন্ন খণ্ডৰ উন্নতিকে ধৰি সাধাৰণ মানুহৰ অৰ্থনৈতিক অৱস্থাও উন্নত হৈছে’’।

চিনেমা নহয় বাস্তৱ ঘটনাঃ হত্যাৰ অভিযোগত কাৰাগাৰত থকা অমিত চৌধুৰীয়ে আইন পঢ়ি নিজকে কৰিলে অভিযোগমুক্ত!

কোনো চিনেমাৰ ঘটনা নহয়, বাস্তৱৰ ঘটনা এয়া। এজন যুৱকক তেওঁৰ ১৮ বছৰ বয়সতে কনিষ্টবল হত্যা আৰু অস্ত্ৰ লুটৰ অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু যুৱক অমিত চৌধুৰীয়ে কাকো হত্যা নকৰাকৈয়ে এনেদৰে কাৰাবন্দী হোৱাৰ কথাটো মানি ল’ব পৰা নাছিল। কাৰাগাৰৰ পৰা মুক্ত হ’বলৈ তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিব। কাৰাগাৰৰ ভিতৰতে তেওঁ আইনৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছিল। এটা সময়ত তেওঁ আইনৰ পৰীক্ষা দি উত্তীৰ্ণও হ’ল আৰু নিজৰ মুক্তিৰ বাবে আদালতত যুঁজ দিয়াৰ বাবে যোগ্য হৈ উঠিল। অৱশেষত ১২ বছৰৰ মূৰত তেওঁ নিজেই নিজৰ বাবে আদালতত যুক্তি দৰ্শাই মুক্তি লাভ কৰিবলৈ সক্ষম হ’ল।


অমিত উত্তৰ প্ৰদেশৰ মিৰাটৰ বাসিন্দা। ২০১১ চনত কনিষ্টবল কৃষ্ণপাল আৰু অমিত কুমাৰক কোনোবাই হত্যা কৰিছিল। তেওঁলোকৰ পৰা ৰাইফলো চুৰি কৰি নিয়া হৈছিল। অভিযোগৰ আঙুলি উঠিছিল কাইল গেঙৰ বিৰুদ্ধে। ভুলক্ৰমে অমিত চৌধুৰীকো দলটোৰ সদস্য হিচাপে চিহ্নিত কৰা হৈছিল। উত্তৰ প্ৰদেশৰ তদান্তীন মুখ্যমন্ত্ৰী মায়াৱতীয়ে অপৰাধীসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিছিল।

অমিত হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ ভগ্নীৰ সৈতে চামলি জিলাত আছিল। কিন্তু আৰক্ষীয়ে সেই কথা শুনা নাছিল। আন ১৬ জনৰ সৈতে অমিতকো অপৰাধী হিচাবে অভিযুক্ত কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ কঠোৰ ধাৰা আৰোপ কৰা হৈছিল। বাগপতৰ কীৰ্থাল গাঁৱৰ এজন কৃষকৰ পুত্ৰ অমিতৰ ভৱিষ্যত মুজাফ্ফৰনগৰ কাৰাগাৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰিছিল।


অমিতে ২০১৩ চনত কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিছিল, কিন্তু অপৰাধৰ কলঙ্ক তেওঁৰ মূৰতে আছিল। ইয়াৰ মাজতে অমিতে বি.এ., এল.এল.বি., এল.এল.এম. উত্তীৰ্ণ হয়। তেওঁ বাৰ কাউন্সিলৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। নিজকে কলঙ্কৰ পৰা মুক্ত কৰাৰ বাবে তেওঁ আদালতত যুঁজ আৰম্ভ কৰিলে। তেওঁক অভিযুক্ত কৰা আৰক্ষী বিষয়াজনে তেওঁক চিনাক্ত কৰিব নোৱাৰিলে। আৰক্ষীয়ে আদালতত অমিতৰ লগতে আন ১২ জনৰ বিৰুদ্ধে কোনো প্ৰমাণেই দাখিল কৰিব নোৱাৰিলে। অৱশেষত বিচাৰকে অমিত আৰু আন ১২ জনক নিৰ্দোষী ঘোষণা কৰে।

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত…

বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত শলমাৰী গাঁওপঞ্চায়ত কাৰ্যলয়ৰ প্ৰেক্ষাগৃহ অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী।

শলমাৰী গাঁওপঞ্চায়তৰ সভাপতি আমিনুল হ’কৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই কয়‌ যে জিলাখনৰ সকলো চৰকাৰী বিভাগৰ জৰিয়তে ৰূপায়ন কৰা সকলো আঁচনিৰ বিষয়ে বিতং ভাৱে জনোৱাৰ উদ্দেশ্যেৰ অনুষ্ঠিত হয় এই কাৰ্যসূচী।

সোমবাৰে অনুষ্ঠিত এই কাৰ্যসূচীত অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ প্ৰধান সচিব জে ডি এক্কাই অংশগ্ৰহণ কৰি উপস্থিত ৰাইজ আৰু সংশ্লিষ্ট বিষয়া কৰ্মচাৰীক উৎসাহিত কৰে।