Home Blog Page 1183

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে সুমিত ছাত্তাৱানৰ যোগদান

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে বুধবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে ২০১৫ বেটছৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া সুমিত ছাত্তাৱানে৷

ৰাজ্য চৰকাৰৰ শেহতীয়া এক নিৰ্দেশযোগে কৰ আয়ুক্ত হিচাপে বদলি হোৱা পল্লৱ গোপাল ঝাৰ স্থলাভিষিক্ত হৈছে সুমিত ছাত্তাৱান৷

তেওঁ পল্লৱ গোপাল ঝাৰ পৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে সুমিত ছাত্তাৱানে লখিমপুৰ জিলা আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বিয়লি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীসকলে পল্লৱ গোপাল ঝাক বিদায় সম্বৰ্ধনা জনাই৷ একেখন সভাতে সুমিত ছাত্তাৱানক আনুষ্ঠানিক ভাৱে আদৰণি জনোৱা হয়৷

ডিমৌত অবৈধ ভূমি খননৰ বিৰুদ্ধে ডিমৌ ৰাজহ চক্রৰ কাৰ্য্যালয়ৰ সন্মুখত আদিবাসী ছাত্র সন্থাৰ অৱস্থান ধৰ্মঘট

শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমুহত একাংশ ব্যক্তিয়ে ব্যাপক হাৰত কৃষি ভূমি খনন কৰি সন্ত্রাস সৃষ্টি কৰি অহাৰ পিছতো স্থানীয় প্ৰশাসনে কোনো যাৱতীয় ব্যৱস্থা হাতত নোলোৱাত অতিষ্ঠ হৈছে সচেতন মহল। ইয়াৰ মাজতে বুধবাৰে সদৌ আদিবাসী ছাত্র সন্থাৰ ডিমৌ আঞ্চলিক সমিতিৰ সভাপতি ললিত তাঁতি আৰু কমল ভূমিজৰ নেতৃত্বত অবৈধ ভূমি খনন কাৰী সকলৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্রহণ কৰাৰ দাবীত ডিমৌ ৰাজহ চক্র বিষয়া কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

উক্ত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে চৰকাৰক ৰাজহ ফাকি দি অবৈধ ভাৱে কৃষি ভূমি নষ্ট কৰি সহজে ধন ঘটা ব্যক্তি সকলৰ বিৰুদ্ধে যথা সময়ত ব্যবস্থা গ্রহণ নকৰিলে ইয়াতকৈয়ো বৃহৎ গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি সকীয়াই দিয়ে। উক্ত কাৰ্যসূচী জড়িয়তে আদিবাসী ছাত্র সন্থাৰ তৰফৰ পৰা এখন স্মাৰক পত্রও শিৱসাগৰ জিলা আয়ুক্তলৈ ডিমৌ ৰাজহ চক্র বিষয়া যোগেদি প্ৰেৰণ কৰে।

সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰিছে যে ডিমৌ, নিতাই আৰু বকতা আৰক্ষী থানাৰ অন্তৰ্গত কাষৰীয়া ৰাজমাই,ৰজাবাৰী,খৰাহাট,আঠাবাৰী, কৃষ্ণবিহাৰী , মাছৈ,নেমুগুৰি, মহখুটি,ৰাইচাই, কেন্দুগুৰী,কচুমাৰি, কঠালবাৰী,নিতাই, পানীদিহিং,আদি ঠাইৰ বিস্তীৰ্ণ ভূমিত প্ৰতি বছৰে খৰালি আগমণৰ লগে লগে একাংশ ভূ মাফিয়াই ডাম্পাৰ,জেচিবি লৈ অবৈধ মাটি খনন কাৰ্য চলাই আহিছে।

এই বছৰো খৰালিৰ লগে লগে উক্ত ভূ মাফিয়া চক্ৰটোৱে বৃহত্তৰ ডিমৌ অঞ্চলত কৃষি ভূমিকে ধৰি আৱাসিক এলেকা আদিত বহুসংখ্যক জেচিবিৰে মাটি খনন কাৰ্য আৰম্ভ কৰিছে। এনেদৰে মাটি খনন কৰাৰ ফলত উক্ত ভূমিভাগত বৃহৎ দ’ পুখুৰীৰ সৃষ্টি হৈছে।যাৰ ফলত বিভিন্ন স্হানত গাঁৱৰ পশুধনৰ চৰণীয়া পথাৰ ধ্বংস হোৱাৰ উপৰি কৃষিভূমিৰ ভৱিষ্যতৰ প্ৰতিও ভাবুকি সৃষ্টি হৈছে।

প্ৰতি বছৰে বানপানীয়ে তাণ্ডৱ চলোৱা নৈ কেইখনৰ কাষৰ মাটি খনন কাৰ্য চলোৱাত নৈ-সমূহৰ স্বাভাৱিক গতিত বিৰূপ প্ৰভাৱ পৰাৰ লগতে ব্যাপক খহনীয়া আদি বৃদ্ধি হোৱাত অৰিহণা যোগোৱাৰ লগতে ভৱিষ্যতৰ প্ৰতিও অশনি সংকেত কঢ়িয়াই আনিছে। নৈ-পৰীয়া ভূমি আৰু গ্ৰামাঞ্চলৰ ভূমিয়ে প্ৰাকৃতিক পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা ধৰি ৰখাত সহায়ক হোৱাৰ সম্ভাৱনাও এনে অবৈধ মাটি খননৰ যোগেদি নষ্ট কৰা হৈছে।আনহাতে উক্ত মাটি খননত জড়িত চক্ৰটোৱে ব্যৱহাৰ কৰা বাহনসমূহৰ লগতে একাংশ চালকৰ পৰিবহন বিভাগৰ অনুমোদিত অনুজ্ঞাপত্ৰ নথকাৰ কথাও স্মাৰক পত্ৰত উল্লেখ কৰিছে সংগঠনটোৱে।

তদুপৰি মাটি খনন কাৰ্যত জড়িত কিমান জন ব্যক্তিৰ খননৰ বাবে সংশ্লিষ্ট বিভাগীয় অনুমতি আছে সেয়া এক বৃহৎ প্ৰশ্ন বৰ্তমান ডিমৌ অঞ্চলত।এনেকুৱা অবৈধ খননৰ বাবে চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱাৰ উপৰি পৰিবেশ- পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই অনাটো সকলোৰে বোধগম্য যদিও আদিবাসী ছাত্র সন্থাই অবৈধ মাটি খনন কাৰ্যৰ অন্তৰালত কিছু কিছু ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ, স্থানীয় বিভিন্ন কাৰ্যালয়ৰ একাংশ চৰকাৰী বিষয়া কৰ্মচাৰী,আৰক্ষীৰ নেতিবাচক ভূমিকা থকাৰ কথাও উল্লেখ কৰিছে স্মাৰক পত্ৰত।

বিশেষভাৱে স্থানীয় চক্ৰ বিষয়া কাৰ্যালয়, বন বিভাগৰ শিৱসাগৰ সংমণ্ডলৰ সম্পূৰ্ণ জ্ঞাতসাৰেই আৰু ভূ মাফিয়াই অবৈধ মাটি খননৰ এক অঘোষিত প্ৰতিযোগিতা চলোৱা বুলি স্থানীয় সচেতন নাগৰিক আৰু ৰাইজৰ অভিযোগ উঠাত উদ্বেগ প্রকাশ কৰিছে। সেয়েহে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা‌(আছা) ডিমৌ আঞ্চলিক সমিতিয়ে এই গোটেই বিষয়টোত জিলা আয়ুক্তই নিজাকৈ হস্তক্ষেপ কৰি বৃহত্তৰ ডিমৌ অঞ্চলৰ বিভিন্ন ঠাইত হৈ থকা মাটি খনন কাৰ্যৰ বৈধতাৰ ওপৰত এক অনুসন্ধান আৰু তদন্ত কৰি এই অঞ্চল সমূহত হৈ থকা অবৈধ মাটি খনন কাৰ্য শীঘ্ৰে বন্ধ কৰি এই কাৰ্যৰ লগত জৰিত লোকসকলৰ বিৰুদ্ধে বিভাগীয় আৰু আইনগত কঠোৰ ব্যবস্থা গ্ৰহণ কৰাৰ দাবীৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে।

টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ

ওদালগুৰি জিলাৰ টংলা পৌৰ সভাৰ ২ নং খণ্ডৰ টংলা ইলেক্ট্ৰিকেল চাৱ-ডিভিজন অফিচৰ নিকটৱৰ্তী এলেকাৰ ৰাইজে প্ৰতিটো বাৰিষাৰ সময়তে উপযুক্ত নলা-নৰ্দমা নথকা আৰু পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগি আহিছে ৷

নগৰখনৰ মাজেৰে যোৱা মঙলদৈ-ভূটিয়াচাং লোকনিৰ্মাণ বিভাগৰ মূল পথৰ সৈতে টংলা বৈদ্যুতিক উপ সংমণ্ডলৰ সৈতে সংযোগী পথচোৱা পকীকৰণৰ কাম আধৰুৱা কৰি থোৱাৰ উপৰি উপ পথটোৰ দুয়োকাষে কোনো উপযুক্ত নলাৰ ব্যৱস্থা নথকাত প্ৰতিটো বানপানীৰ সময়ত উপকণ্ঠ অঞ্চলটোৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মূখীন হৈ আহিছে ৷

টংলা পৌৰসভাই নগৰখনৰ নতুনকৈ বসতি স্থাপন কৰা বহু ঠাইত বাট-পথৰ উন্নয়নৰ কাম হাতত লৈছে যদিও এই বিজুলীনগৰ পুৰণি অঞ্চলটো আজিকোপতি উন্নয়নৰ কাম স্তব্ধ হৈ থকাত অঞ্চলটোৰ বাসিন্দাসকলে বুধবাৰে টংলা পৌৰসভাৰ কাৰ্যালয়ত সমবেত হৈ ৰাজহুৱাকৈ আবেদন জনাই বিজুলীনগৰবাসীৰ সমস্যা সমাধানৰ বাবে দাবী জনায় ৷

নাইজেৰিয়াত আৱদ্ধ টংলাৰ যুৱক মেঘজ্যোতি চহৰীয়াক উদ্ধাৰ

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জঙ্ঘলপাৰা গাঁৱৰ যুৱক তথা মেকানিকেল ইঞ্জনিয়াৰ মেঘজ্যোতি চহৰীয়াই কৰ্মৰ সন্ধানত গৈ সুদূৰ নাইজেৰিয়াত আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত পৰিয়াল , আত্মীয় স্বজন বিনিন্দ্ৰ ৰজনী কটাবলগীয়া হৈছিল। অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী, ওদালগুৰি জিলা, ভেৰগাঁও মহকুমা প্ৰশাসন , সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৎপৰতাত প্ৰতিভাবান যুৱকজন উদ্ধাৰ হোৱা ঘটনাই পৰিয়াল, ওদালগুৰি জিলাত আনন্দৰ বন্যা বৈছে।

প্ৰাপ্ত তথ্য অনুসৰি ওদালগুৰি জিলাৰ টংলাৰ উত্তৰ জঙ্ঘলপাৰা নিবাসী বিপিন চহৰীয়া আৰু মৌচুমী চহৰীয়াৰ কণিষ্ঠ পুত্ৰ মেঘজ্যোতি চহৰীয়া এমাহ ধৰি সুদূৰ নাইজেৰিয়াত কৰ্ম সূত্ৰে গৈ দালালৰ পাকচক্ৰত পৰি আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। মেকানিকেল ইঞ্জিনিয়াৰ ডিগ্ৰীধাৰী ২৫ বছৰীয়া যুৱক মেঘজ্যোতিক কাম দিম বুলি পশ্চিম বংগৰ সন্দীপ আগৰৱালা নামৰ এজন দালালে ECOVISTA PVT LTD ত কৰ্ম সংস্থাপন দিম বুলি নাইজেৰিয়ালৈ লৈ গৈছিল।

কিন্তু দিন যোৱাৰ লগে লগে যোগ্যতা অনুযায়ী কৰ্ম সংস্থাপন নিদি কষ্টকৰ অন্য কামহে কৰিবলৈ দিয়াত বিমোৰত পৰে যুৱক মেঘজ্যোতি । তথাপিতো মালিক তথা দালালৰূপী সন্দীপ আগৰৱালাৰ কথাত ভোল গৈ কাম কৰে। মেঘজ্যোতিৰ দেহত বেমাৰে বাহ লোৱাত চিকিৎসাৰ সুবিধা ভালদৰে নোপোৱাৰ লগতে দালালজনে মৰি যা, আত্মহত্যা কৰা ইত্যাদি কৈ ভাবুকি দিয়ে ।মেঘজ্যোতিয়ে নগুৰ নাগতি হোৱাৰ কথা উপায়হীন হৈ নিজৰ পিতৃ- মাতৃক ফোন, হোৱাটছ এপযোগে জনোৱাত পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হয়।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত বৰা কোচৰ জৰিয়তে জিলা আয়ুক্ত ,আৰক্ষী অধীক্ষক, ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া দুৰ্গা কিংকৰ শৰ্মা , মহকুমাধিপতি পল্লৱী কছাৰী, সাংসদ দিলীপ শইকীয়া ,স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰী অৱগত হৈ যুৱকজনক উদ্ধাৰ কৰিবলৈ দায়িত্ব মূৰ পাতি লয়। ভাৰত চৰকাৰৰ নাইজেৰিয়াত থকা উচ্চ আয়ুক্তৰ জৰিয়তে তৎপৰতাৰে নাইজেৰিয়াৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা লগতে অহা -যোৱাৰ খৰছ বহন কৰি সুন্দৰ নিদৰ্শন দাঙি ধৰা বাবে পৰিয়াল তথা মাতৃ মৌচুমী চহৰীয়াই বিশ্বজিৎ দৈমাৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰে আৰু এনেকুৱা সমাজপ্ৰিয়, বিপদৰ বন্ধুহে জনপ্ৰতিনিধি হব লাগে বুলি কয়।

বুধবাৰে পৰিয়ালটোৰ কাষত উপস্থিত হৈ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ প্ৰতিনিধি জৌশ্ৰাং বড়ো, যুৱ নেতা অৰ্জুন দৈমাৰী, সমৰেশ দাস, ৰাহুল বড়ো পীতাম্বৰ ডেকা, আক্ৰাছু’ ৰ কেন্দ্ৰীয় নেতা হেমন্ত বৰা কোচ, হেমন্ত ডেকাই শান্তনা দিয়াৰ লগতে কাইলৈ যুৱকজন ঘৰলৈ আহি পাৱ বুলি জানিবলৈ দিয়ে।

‘ঘৰত বহি আয় কৰক’ বিজ্ঞাপনত প্ৰতাৰণা; ১০০ত কৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰিলে কেন্দ্ৰই

‘ঘৰত উপাৰ্জন কৰক’৷ এনে বিজ্ঞাপন প্ৰায়ে বাতৰি কাকতত আৰু ৰাস্তাই পদূলিয়ে দেখা যায়। ইণ্টাৰনেটৰ সহায়ত বিভিন্ন সামাজিক মাধ্যমত এনে বিজ্ঞাপনৰ বহুল বৃদ্ধি পাইছে। ইয়াৰ লগে লগে বিত্তীয় প্ৰৱঞ্চনাৰ সংখ্যা বৃদ্ধি পাইছে। ঘৰত উপাৰ্জন কৰিবলৈ গৈ সকলো সঞ্চয় হেৰুৱাই আৰক্ষীৰ ওচৰলৈ যোৱা লোকৰ সংখ্যা কম নহয়। ‘পাৰ্ট টাইম জৱ’ৰ প্ৰতিশ্ৰুতি দি বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগ থকা 100 ৰো অধিক ৱেবছাইট কেন্দ্ৰই বন্ধ কৰিছে।

বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইকথা কয়। একে সময়তে, অমিত শ্বাহৰ মন্ত্ৰালয়েও জনসাধাৰণক এনে বিজ্ঞাপনত গুৰুত্ব নিদিবলৈ সতৰ্ক কৰি দিছে। কেন্দ্ৰই বুধবাৰে কয় যে বিভিন্ন বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত বৃহৎ সংখ্যক ৱেবছাইট চিনাক্ত কৰিছে। কেন্দ্ৰই বিভিন্ন ছ’চিয়েল মিডিয়া, মেচেঞ্জাৰ, হোৱাটছএপ, টেলিগ্ৰাম আদিৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ অভিযোগ তৰা সকলো ৱেবছাইটৰ সন্ধান আৰম্ভ কৰিছে। এনে ধৰণৰ ১০০ তকৈও অধিক ৱেবছাইট ইতিমধ্যে নিষিদ্ধ কৰা হৈছে।

এক বিবৃতিত কেন্দ্ৰই লগতে কয় যে এনে ধৰণৰ অনলাইন-আধাৰিত বিত্তীয় প্ৰৱঞ্চনাৰ বহুতো ডাঙৰ প্ৰৱঞ্চনা আছে। তেওঁলোক দেশত ক্ৰিপ্টোকাৰেন্সী, এটিএমৰ জৰিয়তে বিত্তীয় প্ৰৱঞ্চনাত জড়িত। ‘কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত আমাৰ মন্ত্ৰালয়ে সদায় নাগৰিকসকলক ছাইবাৰ জালিয়াতি আৰু ছাইবাৰ অপৰাধৰ পৰা সুৰক্ষিত কৰিবলৈ সৰ্বোত চেষ্টা কৰি আহিছে।’ কেন্দ্ৰই মানুহক ‘ঘৰতে বহি উপাৰ্জন’ বিজ্ঞাপনৰ সঁহাৰি দিয়াৰ আগতে ভালদৰে পৰীক্ষা কৰিবলৈ কৈছে।

শ্বাহৰ মন্ত্ৰালয়ৰ মতে, যেতিয়া কোনোবাই গুগল, মেটা আদিত সেই বিজ্ঞাপনবোৰৰ সৈতে যোগাযোগ কৰে, এজন প্ৰৱঞ্চকে প্ৰথমে গোটেই বিষয়টো দেখে। প্ৰথমে, তেওঁ ফোন বা টেক্সটৰ জৰিয়তে কথা পাতি আত্মবিশ্বাস অৰ্জন কৰাবলৈ চেষ্টা কৰে। তাৰ পিছত, তেওঁ কয়, আপুনি ঘৰত সকলো সৰল কাম কৰি কেনেকৈ বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰে। কাৰোবাক এটা নিৰ্দিষ্ট ভিডিঅ’ বা ছবি ‘লাইক’ কৰিবলৈ কোৱা হয়। এপ্পৰ ৰেটিং প্ৰবিষ্ট কৰিবই লাগিব।

ইয়াৰ বিষয়ে একো নজনাকৈ, আপুনি প্ৰশংসাৰ কেইটামান শাৰী লিখিব লাগিব। ই এপটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। আৰু যিজনে ‘ঘৰত বহি’ উপাৰ্জন কৰি আছে, তেওঁ আৰম্ভণিতে যথেষ্ট উপাৰ্জন কৰে। কিন্তু তেতিয়া সমস্যাবোৰ আৰম্ভ হয়। এইবাৰ, এটা অজুহাতত বৃহৎ পৰিমাণৰ ধন লয় বা, একাউণ্টটো বেংকৰ তথ্যৰ সৈতে খালী কৰা হয়। কেন্দ্ৰৰ মতে, প্ৰৱঞ্চকসকলে মুখ্যতঃ গৃহিনী, নিবনুৱা যুৱক আৰু বৃদ্ধ লোকসকলক লক্ষ্য কৰে যিসকলে সদ্যে স্মাৰ্টফোন লৈছে। সেয়েহে, চৰকাৰে এনে কাম কৰাৰ আগতে ভালদৰে জানিবলৈ পৰামৰ্শ দিছে।

কোৱা হয় যে যদি কোনো লোকে অনলাইনত অজ্ঞাত কাৰোবালৈ ধন প্ৰেৰণ কৰিব বিচাৰে, তেওঁৰ বিষয়ে ভালদৰে জনা উচিত। কিয়নো, এনে বিজ্ঞাপনৰ সঁহাৰি দি ঘৰৰ পৰা কাম কৰা বা অজ্ঞাতভাৱে সন্ত্ৰাসবাদী সংগঠন এটাৰ সৈতে জড়িত হোৱাটো আচৰিত নহ’ব।

ভাৰত চৰকাৰৰ ‘সকলোৰে বাবে আবাস গৃহ’ আঁচনি; বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে ৬০,৭০৬ টা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনাৰ গৃহৰ অনুমোদন

বঙাইগাঁও জিলাত বিগত ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা (পি এম এ ৱাই জি) আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে মুঠ ৬০,৭০৬ টা আবাস গৃহ অনুমোদন দিছিল আৰু ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাসগৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। এই তথ্য সদৰি কৰিছে বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই ৷

বুধবাৰে বঙাইগাঁও জিলা পৰিষদ কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদ মেলত মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীয়ে বঙাইগাঁও জিলাৰ পাঁচটাকৈ উন্নয়ন খণ্ডক সামৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বঙাইগাঁও জিলাত ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী গ্ৰামীণ আবাস যোজনা আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত কয় যে প্রধান মন্ত্রী গ্ৰামীণ আবাস যোজনা (পি এম এ বাই জি) ,”সকলোৰে বাবে আবাস গৃহ” ভাৰত চৰকাৰৰ এই ধ্বজাবাহী আঁচনিখনৰ অধীনত গ্রামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক আৱাস গৃহ প্ৰদানৰ কাম বঙাইগাঁও জিলাৰ গ্রামাঞ্চলতো চলি আছে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ‘সকলোৰে বাবে আৱাস গৃহ’ সুনিশ্চিত কৰাৰ লক্ষ্য পূৰণৰ পথত দৃঢ়তাৰে আগবাঢ়িছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ গ্রামাঞ্চলৰ উপযুক্ত আৱাস গৃহ নথকা দুখীয়া পৰিয়ালৰ বাবে এই আঁচনিখনৰ অধীনত ৰাজ্য চৰকাৰে বঙাইগাঁও জিলাৰ বাবে বিগত ২০১৬-১৭ বিত্তীয় বর্ষত ৩,২৭৫ টা, ২০১৭-১৮ বিত্তীয় বর্ষত ৪৫৪ টা, ২০১৯-২০ বিত্তীয় বর্ষত ২,৮১৫ টা, ২০২০-২১ বিত্তীয় বর্ষত ৮,৩৮৩ টা, ২০২১-২২ বিত্তীয় বর্ষত ৪৫,০৭২ টা আৰু ২০২৩-২৪ বিত্তীয় বর্ষত ৭০৭ টাকে ধৰি মুঠ ৬০,৭০৬ টা আৱাস গৃহ অনুমোদন দিছিল ৷

ইয়াৰ ভিতৰত ৫৬,৬১২ টা আৱাস গৃহৰ কাম ইতিমধ্যে সম্পূর্ণ হৈছে ৷ আঁচনিখনৰ অগ্ৰগতিৰ হাৰ হৈছে ৯৩.৩ শতাংশ ৷ সংবাদমেলত জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অনুপম ডেকাই উল্লেখ কৰা মতে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত অৰ্থাৎ বিগত ৩০ মাহত বঙাইগাঁও জিলাত ৫ টা উন্নয়ন খণ্ডৰ অধীনত দুখীয়া পৰিয়ালক এটি আবাস গৃহ নির্মাণ কৰি দিয়াৰ লক্ষ্যৰে এই আঁচনিৰ অধীনত মুঠ ৫৪,৩৯৪ টা গৃহ নিৰ্মাণৰ পৰিকল্পনা লোৱা হৈছিল। এতিয়ালৈ ইয়াৰ ভিতৰত ৫০,৩০০ টা গৃহ নিৰ্মাণৰ কাম সম্পূর্ণ হৈছে আৰু ৪,০৯৪ টা আবাস গৃহৰ নিৰ্মাণৰ কাম চলি আছে।

সংবাদ মেলত জিলা পৰিষদৰ উপ মুখ্য কাৰ্য্যবাহী বিষয়া কিশোৰ কলিতা, প্ৰধান মন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ সহকাৰী জিলা প্ৰকল্প পৰিচালক ছাইফল ইছলাম আৰু সহকাৰী পৰিসংখ্যা বিষয়া পিনাকপানী নাথ আদি উপস্থিত থাকে ৷

অৰণ্যমানৱ-পদ্মশ্ৰী যাদৱ পায়েং আৰু বিধায়ক পদ্ম হাজৰিকাক লগত লৈ মৰঙিত হাতী-মানুহৰ সংঘাতৰ সমাধান সূত্ৰৰ সন্ধান খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ

বৃহত্তৰ মৰঙিৰ লগতে গোলাঘাট জিলাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠা হাতী-মানুহৰ সংঘাতৰ এক সমাধান-সূত্ৰৰ সন্ধানত বুধবাৰে খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই এখন বৃহৎ জনসভাৰ আয়োজন কৰে৷ সৰুপথাৰ সমষ্টিৰ পৰা নতুনকৈ খুমটাই সমষ্টিত চামিল হোৱাৰ পাছত মৰঙিত অনুষ্ঠিত উক্ত সভাত অংশ লয় অৰণ্যমানৱ পদ্মশ্ৰী যাদৱ পায়েং, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, গোলাঘাট জিলাৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়া, গোলাঘাট জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস আৰু অতিৰিক্ত উপায়ুক্ত অমিত প্ৰভা দাসে৷

সভাত উপস্থিত থকা কেবা সহস্ৰাধিক লোকক সম্বোধি দিয়া বক্তব্যত বিধায়ক শইকীয়াই কয় যে হাতী আৰু মানুহৰ সহাৱস্থান সময়ৰ দাবী৷ অসমত জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ বাবে প্ৰকৃততে মানুহেই বেছি দায়ী৷ মানুহৰ অত্যাচাৰৰ বাবেই মূলতঃ বনৰীয়া হাতীৰ শান্ত স্বভাৱলৈও পৰিৱৰ্তন আহিছে৷ আমি পাহৰি গ’লে নহ’ব যে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষাৰ স্বাৰ্থতে হাতীক জীয়াই ৰখাৰ গত্যন্তৰ নাই৷ হাতী আৰু মানুহৰ সহাৱস্থানৰ জড়িয়তে কৃষকেও কিদৰে নিজা কৃষিকৰ্ম অব্যাহত ৰাখিব পাৰি, তাৰ এক বৈজ্ঞানিক সমাধানসূত্ৰৰ সন্ধান উলিওৱাৰ বিকল্প নাই৷ ডিএফঅ’ ঠাকুৰীয়াই নিজা বক্তব্যত কয় যে গোলাঘাট জিলাৰ অৰণ্যৰ এক বৃহৎ অংশ জনাঞ্চললৈ ৰূপান্তৰিত হোৱাটোৱেই গোলাঘাটত হাতী-মানুহৰ সংঘাত বৃদ্ধিৰ মূল কাৰণ৷ গোলাঘাটৰ টেঙানি আৰু দেওপাহাৰ আছিল বন্য হস্তীৰ খাদ্য আৰু বসবাসৰ স্থান৷ উক্ত অঞ্চল মানুহৰ দখললৈ যোৱাৰ পৰাই হাতী-মানুহৰ সংঘাত ক্ৰমশঃ ভয়ংকৰ হৈ উঠিল৷

অন্যহাতেদি বহুতো উদণ্ড ল’ৰাই জিৰণি লৈ থকা হাতীক অত্যাচাৰ কৰাটো এক চিন্তনীয় বিষয় বুলি কয় ডিএফঅ’ ঠাকুৰীয়াই৷ তেওঁ কয় যে গোলাঘাট জিলাৰ কিছুমান নিৰ্দিষ্ট ঠাইত মুঠ প্ৰায় ছয় কিলোমিটাৰ হেঙিং ছ’লাৰ ফেঞ্চিং দিলেও ৰাইজে সাময়িক সকাহ লাভ কৰিব৷ কিন্তু সমান্তৰালভাবে সেউজভূমি বৃদ্ধি আৰু হাতীৰ বাবে পানী আৰু হাতীৰ খাদ্য হ’ব পৰা ঘাঁহ আৰু ফলমূলৰ গছ-গছনিও বৃদ্ধি কৰি যাব লাগিব৷

অৰণ্যমানৱ যাদৱ পায়েঙে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিবোৰত হাতীৰ খাদ্যৰ উপযোগী গছ-গছনি ৰোপন কৰিও হাতী-মানুহৰ সংঘাত ৰোধ কৰিব পৰা যাব৷ পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ আৰু অনিষ্টকাৰী মানুহ বুলি কৈ পায়েঙে কয় যে মানুহেই পৃথিৱীৰ অস্থিৰতাৰ মূল৷ মানুহৰ বাবেই পৰিৱেশৰ ভাৰসাম্য হেৰাব ধৰিছে৷ তেওঁ আৰু কয় যে প্ৰতি বছৰে অন্ততঃ এসপ্তাহ সময়কৈ লক্‌ডাউন দিয়াটো আইন কৰি ল’লেও পৰিৱেশৰ ভাৰসাম্য বহু পৰিমাণে ৰক্ষা পৰিব৷ পৰিৱেশৰ ভাৰসাম্যৰ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ২০৫০ চনৰ ভিতৰত পানীৰ অভাৱে ভয়ংকৰ ৰূপ ল’ব৷ পৃথিৱীৰ ৮০০ কোটি মানুহে নিজে উশাহ ল’বলৈকে এজোপাকৈ গছ ৰোপন কৰিলেও পৃথিৱী সলনি হৈ পৰিব বুলি কয় পায়েঙে৷ তেওঁ লগতে কয় যে অৰণ্যৰ সকলো জন্তুৱেই গছ ৰোব জানে, মহাবাহু ব্ৰহ্মপুত্ৰ-নদ-নদী-বতাহে গছ ৰোব জানে, কিন্তু নিজকে জীৱশ্ৰেষ্ঠ বুলি কোৱা মানুহে কেৱল গছ কাটিবহে জানে বুলি আক্ষেপ কৰে অৰণ্যমানৱ পায়েঙে৷

মানুহে জীয়াই থাকিবলৈ হ’লে পৃথিৱীৰ সকলো জীৱজন্তুকে নিজৰ সন্তান জ্ঞান কৰি সিঁহতৰ বাবেও চিন্তা কৰিলেই সকলো সমস্যাৰ অন্ত পৰিব বুলি তেওঁ কয়৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই কয় যে ৰাইজ আৰু চৰকাৰ যুটীয়া প্ৰচেষ্টাইহে হাতী-মানুহৰ সংঘাতৰ এক সমাধানসূত্ৰ উলিয়াব৷ অসমত অপৰাধ কমি যোৱাৰ তথ্য দি চৰকাৰে প্ৰেছ মীট পাতিছে যদিও এই কথা কেতিয়াও কোৱা নাই যে প্ৰতি বছৰে ৭০-ৰো অধিক হাতী মানুহৰ হাতত আৰু ৮০-ৰো অধিক মানুহে হাতীৰ হাতত প্ৰাণ হেৰুৱাইছে৷ পূৰ্বৰ চৰকাৰে বনাঞ্চলসমুহ ৰক্ষাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও কয় বিধায়ক হাজৰিকাই৷ মানুহ বাঢ়িছে কিন্তু মানুহৰ পৃথিৱীৰ ভাৰসাম্যৰ ক্ষেত্ৰত অতীব প্ৰয়োজনীয় হাতীৰ সংখ্যা দিনে দিনে কমি আহিছে৷ অসমৰ সকলো ঠাইতে হাতীৰ খাদ্য হ’ব পৰা গছ-লতা-তৰু-তৃণ ৰোপন কৰিলেই হাতী-মানুহৰ সংঘাত ওৰ পৰিব বুলি তেওঁ কয়৷ ইয়াত চৰকাৰৰো কৰণীয় আছে৷

বিধায়ক হাজৰিকাই কয় যে মানুহে ব্যক্তিগতভাবে বৈদ্যুতিক ফেঞ্চিঙৰ ব্যৱস্থা নকৰি বন বিভাগে জৰীপৰ যোগেদি চিহ্নিত কৰা ঠাইত বৈদ্যুতিক ফেঞ্চিং দিয়াত ৰাইজে সহযোগিতা কৰা উচিত৷ হাতী-মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰথম পদক্ষেপ মানুহৰ সচেতনতা বৃদ্ধি বুলি কয় বিধায়কজনে৷ তেওঁ লগতে কয় যে মাটিৰ মানৱ বিধায়ক মৃণাল শইকীয়াই হাতী-মানুহৰ সংঘাতৰ এই সমাধানসূত্ৰৰ সন্ধানত নামি পৰিছে যেতিয়া ৰাইজে তাৰ ইতিবাচক ফল পাব৷ মৰঙিক খুমটাই সমষ্টিৰে চামিলকৰণৰ পাছত মৰঙি মৌজাত অনুষ্ঠিত প্ৰথমখন বৃহৎ ৰাজহুৱা সভাৰ শেষত বিধায়ক মৃণাল শইকীয়াই মৰঙিৰ ৰাইজৰ বাবে আটাইতকৈ জ্বলন্ত সমস্যা হৈ পৰা হাতী-মানুহৰ সংঘাতৰ এক সমাধানৰ উলিওৱাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহযোগিতা আশা কৰিছে৷

পাটাছাৰকুছি ৰাস মহোৎসৱৰ স্মৃতিগ্ৰন্থ ‘মধুবন’ উন্মোচন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

৩০ সংখ্যক পাটাছাৰকুছি আঞ্চলিক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “মধুবন” মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাবে উন্মোচন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য একাডেমি বঁটা প্ৰাপক উৰ্খাও গৌৰা ব্ৰহ্মই।

সাংবাদিক আমিনুল হক আৰু যোগান বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক নিতুল শৰ্মাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ “মধুবন” খন আনুষ্ঠানিকভাৱে উন্মোচন কৰি মন্ত্ৰী ব্ৰহ্মই এক সাৰুৱা ভাষণ ৰাখে।

এই উপলক্ষে উদযাপন সমিতিৰ সভাপতি কুশল ডেকাৰ সভাপতিত্বত ৰাসস্থলীৰ মঞ্চত অনুষ্ঠিত উন্মোচনী সভাত ভৱানীপুৰ অঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মা আৰু বজালীৰ আৰক্ষী অধীক্ষক অজাগৰণ বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে।

সভাত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি গৌতম গোস্বামী, উদযাপন সমিতিৰ সম্পাদক ৰাজীৱ শৰ্মায়ো বক্তব্য ৰাখে। সভাত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰফিকুল হক, বি টি এ ডিৰ শালবাৰী সমষ্টিৰ টি টি এল চি চিৰ অধ্যক্ষ বিনোদ মুছাহাৰী, দক্ষিণ বিজনী কলেজৰ সহযোগী অধ্যাপক সত্যজিৎ বড়ো, সাংবাদিক ৰাজীৱ তালুকদাৰ, বি জে পিৰ অসম প্ৰদেশ যুৱ মৰ্চাৰ কোষাধ্যক্ষ বিদ্যুৎ বিকাশ বৈশ্য আদিয়ে উপস্থিত থাকি মঞ্চ শুৱনি কৰা তথা যথেষ্ঠ লোক উপস্থিত থকা সভাখনত স্মৃতিগ্ৰন্থৰ সম্পাদক আমিনুল হকে সভাৰ উদ্দেশ্য বাখ্যা তথা সম্বৰ্দ্ধনা অনুষ্ঠান আৰু সম্পাদনা সমিতিৰ হকে দুআষাৰ আৰু স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সদস্য দ্বীপেন দাসে শলাগৰ শৰাই আগবঢ়ায়।

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণ ! ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস…

বাবৰি মছজিদ ধ্বংসৰ ৩১ বছৰ সম্পূৰ্ণঃ ১৮৫৩ চনৰ পৰা আৰম্ভ হোৱা বিবাদৰ ইতিহাস

দিনটো আছিল ১৯৯২ চনৰ ৬ ডিচেম্বৰ । ৩১ বছৰ পূৰ্বে এই দিনটোতে অযোধ্যাৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল। বাবৰি মছজিদ ধ্বংসৰ পিছতে দেশত জ্বলি উঠিছিল সাম্প্ৰদায়িক সংঘৰ্ষৰ জুই। নিদহত হৈছিল বহু লোক। বাবৰি মছজিদৰ বিতৰ্ক ১৯৯০ ৰ দশকতে আৰম্ভ হোৱা নাছিল। এই বিবাদ তাৰো বহু আগতে আৰম্ভ হৈছিল। চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে বাবৰি মছজিদক লৈ হোৱা প্ৰথম বিবাদ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ আছে। বাবৰি মছজিদ ধ্বংস হোৱাৰ ৩১ সংখ্যক বৰ্ষত এই বিবাদৰ ইতিহাসৰ বিষয়ে কিছু কথা জানো আহক-

১. উত্তৰ প্ৰদেশৰ অযোধ্যাত প্ৰথম মোগল সম্ৰাট বাবৰৰ নিৰ্দেশত ১৫২৭ খ্ৰীষ্টাব্দত বাবৰি মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি বহুতে দাবী কৰে। মছজিদটো তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছে। যদিও হিন্দুসকলে দাবী কৰি আহিছে যে এয়া ৰাম জন্মভূমি আছিল আৰু ইয়াত ভগৱান ৰামৰ এটা মন্দিৰ আছিল।

২) ১৮৫৩ চনত চিপাহী বিদ্ৰোহৰ চাৰি বছৰ পূৰ্বে এই মছজিদকলৈ প্ৰথম ধৰ্মীয় বিবাদ আৰম্ভ হৈছিল।

৩) ছবছৰৰ পিছত ধৰ্মীয় বিবাদ নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে বিতৰ্কিত মছজিদটো ঘেৰি পেলাইছিল। সেই সময়তে মুছলিম সম্প্ৰদায়ক ভিতৰৰ অংশত আৰু হিন্দু সম্প্ৰদায়ক বাহিৰৰ অংশত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছিল। প্ৰায় নব্বৈ বছৰ ধৰি সকলো কথা তেনেদৰেই চলি আছিল।

৪. স্বাধীনতাৰ তিনি বছৰ পিছত ১৯৪৯ চনত সেই মছজিদৰ ভিতৰত ৰামৰ এটা মূৰ্তি পোৱা গৈছিল বুলি বহুতে দাবী কৰে। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ঘটনাটোৱে সম্প্ৰীতি বিনষ্ট কৰিব বুলি আশংকা কৰিছিল। দুয়োটা সম্প্ৰদায়ে বিষয়টোক লৈ আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈছিল। কেন্দ্ৰীয় চৰকাৰে স্মাৰকটো চিৰদিনৰ বাবে বন্ধ কৰি দিছিল। ইয়াক এক বিতৰ্কিত স্থান বুলি লেবেল লগাই দিয়া হৈছিল।

৫. ১৯৮৪ চনত বাবৰি মছজিদৰ ইতিহাসত এক নতুন অধ্যায় যোগ হয়। সেয়া হৈছে ভাৰতীয় জনতা পাৰ্টি। হিন্দুত্ববাদী সংগঠন বিশ্ব হিন্দু পৰিষদৰ নেতৃত্বত ৰাম মন্দিৰ সমিতি গঠন কৰা হৈছিল। এই সমিতিয়ে ভগৱান ৰামৰ জন্মস্থানক মুক্ত কৰাৰ আহ্বান জনাইছিল। বিজেপি নেতা এল কে আদৱানীয়ে এই আন্দোলনক অধিক গতি দিছিল।

৬. ঠিক দুবছৰৰ পিছত জিলা আদালতৰ ন্যায়াধীশে হিন্দুসকলৰ উপাসনাৰ বাবে বিতৰ্কিত স্থানৰ দুৱাৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্দেশৰ এঘণ্টাৰ ভিতৰতে গেট খোলা হ’ল। ঘটনাটোত ক্ষুব্ধ হৈ মুছলমান সম্প্ৰদায়ৰ সদস্যসকলে বাবৰি মছজিদ কাৰ্য সমিতি গঠন কৰে।

৭.তিনি বছৰৰ পিছত ১৯৮৯ চনত বিশ্ব হিন্দু পৰিষদে এটা অভিযান আৰম্ভ কৰে। ৰাম মন্দিৰৰ আধাৰশিলা বিতৰ্কিত গাঁথনিৰ কাষৰ ভূমিত স্থাপন কৰা হয়।

৮. পৰৱৰ্তী বছৰত বিশ্ব হিন্দু পৰিষদৰ সদস্য আৰু সমৰ্থকসকলে বিতৰ্কিত গাঁথনিৰ ওপৰত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়ত গম্বুজটো আংশিকভাৱে ক্ষতিগ্ৰস্ত হয়। ইয়াৰ মাজতে উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱে কৰ সেৱকসকলৰ ওপৰত গুলীচালনাৰ নিৰ্দেশ দিয়ে।

৯.এবছৰৰ পিছত উত্তৰ প্ৰদেশত বিজেপি ক্ষমতালৈ আহে। কেন্দ্ৰত তেতিয়া আছিল কংগ্ৰেছ।

১০) ডিচেম্বৰ ৬, ১৯৯২। ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ দিন। ভিএইচপি, বিজেপি আৰু শিৱসেনাৰ সমৰ্থকসকলে বাবৰি মছজিদৰ বিতৰ্কিত গাঁথনি ধ্বংস কৰে। ফলত ৰক্তক্ষয়ী সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

১১. ১৯৯৮ চনত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহে। অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈছিল।

১২.চাৰি বছৰৰ পিছত বাজপেয়ীয়ে তেওঁৰ কাৰ্যালয়ত এটা অযোধ্যা কোষ স্থাপন কৰে।

১৩. ভিএইচপিয়ে একে বছৰৰ মাৰ্চৰ ভিতৰত মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰাৰ ওচৰত সবৰমতী এক্সপ্ৰেছত জুই লগাত ৫৮ জন কাৰ সেৱক নিহত হয়। তিনি দিনৰ ভিতৰতে গোধৰাক লৈ দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সংঘৰ্ষত বহু লোকৰ মৃত্যু হৈছিল।

১৪. এলাহাবাদ উচ্চ ন্যায়ালয়ে বিতৰ্কিত গাঁথনিটো সন্দৰ্ভত এটা গোচৰৰ শুনানি আৰম্ভ কৰিছিল।

১৫. পৰৱৰ্তী বছৰৰ জানুৱাৰী মাহত আদালতে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগক বিতৰ্কিত গাঁথনিটোৰ ভিতৰত ৰাম মন্দিৰৰ অস্তিত্ব আছে নে নাই জানিবলৈ এটা জৰীপ চলোৱাৰ নিৰ্দেশ দিছিল।

১৬. ২০০৩ চনৰ আগষ্ট মাহত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জনাইছিল যে মছজিদৰ তলত এটা ৰাম মন্দিৰ আছে। প্ৰতিবেদনখনক মুছলিম আইন পৰিষদে প্ৰত্যাহ্বান জনাইছিল।

১৭. দুবছৰৰ পিছত কেইবাজনো ইছলামিক সন্ত্ৰাসবাদীয়ে নিৰ্মাণাধীন ৰাম মন্দিৰৰ স্থানত জীপ ভৰ্তি বিস্ফোৰক সামগ্ৰীৰে আক্ৰমণ চলাইছিল। সেনাই সকলো সন্ত্ৰাসবাদীকে হত্যা কৰিছিল।

১৮) ছেপ্টেম্বৰ ২০১০। অযোধ্যাৰ ইতিহাসত আন এটা অধ্যায় যোগ হৈছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান কৰিছিল। আদালতে আদেশ দিছিল যে বিতৰ্কিত গাঁথনিটো তিনিটা ভাগত বিভক্ত কৰা হ’ব। এটা অংশ উত্তৰ প্ৰদেশৰ চুন্নী কেন্দ্ৰীয় ৱাকফ বোৰ্ডক আৰু বাকী দুটা নিৰ্মোহী আখাৰা আৰু ৰাম লাল্লা সমিতিক দিয়া হ’ব। ফলত গাঁথনিটোৰ কৰ্তৃত্ব হিন্দুসকলৰ ওচৰলৈ যায়। মুছলমানসকলক প্ৰতিনিধিত্ব কৰা এজন অধিবক্তাই এই ৰায়ক প্ৰত্যাহ্বান জনাইছিল। সেই বছৰৰ ডিচেম্বৰত অখিল ভাৰতীয় হিন্দু মহাসভা আৰু চুন্নী ৱাকফ বোৰ্ডে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়লৈ গৈছিল।
১৯. পৰৱৰ্তী বছৰৰ মে’ মাহত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায় প্ৰত্যাখ্যান কৰে।

২০. এক দীঘলীয়া পৰিক্ৰমাৰ পিছত, উচ্চতম ন্যায়ালয়ে ৯ নৱেম্বৰ ২০১৯ত চূড়ান্ত ৰায় দিয়ে। ৰায়ত কোৱা হয় যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ২.৭৭ একৰ বিতৰ্কিত ভূমি দিয়া হ’ব। উত্তৰ প্ৰদেশ চুন্নী ৱাকফ বোৰ্ডে এটা মছজিদ নিৰ্মাণৰ বাবে ৫ একৰ ভূমি লাভ কৰিব। ফলত সেই স্থানত এতিয়া ৰাম মন্দিৰ নিৰ্মাণ হৈ উঠিছে। সেই মন্দিৰ অহা বছৰৰ ২২ জানুৱাৰীত মুকলি কৰা হ’ব।

মনত পৰে ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ডবোৰলৈ

মনত পৰিছে এটি আপুৰুগীয়া নান্দনিকতালৈ, ধৰাধামত ডিচেম্বৰ মাহে প্ৰবেশ কৰাৰ লগে লগেই ইজনে সিজনক আপোন জনক অতিকৈ প্ৰিয় জনক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাবলৈ স্থানীয় দোকানত শাৰী পাতে লানি লানিকৈ ওলমাই ৰখা ৰং-বিৰঙী গ্ৰেটিংছ কাৰ্ড কিনিব লৈ……! তাতে হৃদয়ৰ ভাষাৰে সজোৱা অনুভৱবোৰ লিপিবদ্ধ কৰি ডাক যোগে বা অন্য মাধ্যমেৰে প্ৰেৰণ কৰে এজনে আনজনলৈ।

তাত আছিল গভীৰ আবেগ ভৰা অনুভূতিৰ মধুৰ গুঞ্জন। এতিয়া প্ৰযুক্তিৰ উত্তৰণে সমাধি দিলে সেই মিঠা সুবাসবোৰ! ( অৱশ্যে এপাচি শাকত এটা জালুকৰ দৰে অ’ত ত’ত বৰ্তি আছে) ম’বাইলত একছেকেণ্ড বা তাতোধিক অলপ সময় আৰু ওঁঠৰ কঁপনি তুলি দুটি বা এটি বাক্যই কাঢ়ি ললে সেই সোণসেৰীয়া অপেক্ষাৰ অনুৰণিত ক্ষণবোৰ। এতিয়া যে ডাকোৱাল জনলৈ কোনেও বাট চায় নাথাকে আৰু সেই বিশেষ বেগটো চাইকেলত লৈ ডাকোৱাল জনো নাযায় পদূলিয়ে পদূলিয়ে , বন্ধ খামৰ ভিতৰত থকা খমখমিয়া ৰঙীন গ্ৰেটিংছ কাৰ্ড বিলাবলৈ ।

আজি লুপ্ত প্ৰায় সেই ৰং বিৰঙী গ্ৰেটিংছ কাৰ্ডৰ শাৰীবোৰ , ত্ৰেতাৰ সেই খোজবোৰ ! সময়ৰ সোঁতত হেৰাই গ’ল সেই মাদকতাপূৰ্ণ আমেজবোৰ , (এতিয়া খুউব কম পৰিমাণে হয়তো প্ৰচলিত) ডিচেম্বৰ মাহ আহিলেই মনত পৰে সেই মিঠা স্মৃতি বোৰলৈ । বন্ধু বান্ধৱী, আত্মীয় সকললৈ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাই লিখা সেই নিভাজ মৰমৰ সৰু সৰু আখৰৰ শাৰীবোৰলৈ।

অসমীয়া সমাজত বহাগ মাহটো হে নতুন বছৰৰ প্ৰথম মাহ আৰু নৱবৰ্ষৰ উদযাপনৰ দিন ধাৰ্য্য হ’লেও পৰম্পৰাগত ভাবে প্ৰতি অসমীয়াই ইংৰাজী নৱবৰ্ষৰ উদযাপনৰ ক্ষেত্ৰতো সদায়ে সমানে আগ্ৰহ দেখুৱায় আহিছে। এতিয়া মাথোঁ সময়ৰ সোঁতত প্ৰযুক্তিৰ উত্তৰণে সলনি কৰিছে কিছু পুৰণি সুবাস।

সেই কুসুম বুলীয়া সুবাসবোৰে কেতিয়াবা সঁচাকৈয়ে হৃদয়ত তোলপাৰ নকৰে নে বাৰু ? আজুৰি আনিবলৈ মন নাযায় নে বাৰু ৰঙীন মধুৰ অতীত বোৰ!? য’ত বয়সৰ সীমাবদ্ধতা নাছিল, আছিল মাথোঁ মান্যনুসৰি সন্মান আৰু মৰম সনা এমুঠি মিঠা অভিবাদন অভিনন্দন। পুৰণিক তেজি নতুনক আদৰি লোৱাৰ প্ৰস্তূতিৰ এক শুভ বাৰ্তা।

-দিপ্তী মনি গোস্বামী