Home Blog Page 1217

মাৰ্চিয়েল আৰ্টচ বগীনামা বিশ্ব ছেম্পিয়নশ্বিপৰ স্থানপ্ৰাপকক তামুলপুৰত বিপুল সম্বৰ্ধনা

অলপতে ভিয়েটনামত অনুষ্ঠিত মাৰ্চিয়েল আৰ্টচ বগীনামা বিশ্ব ছেম্পিয়নশ্বিপত তৃতীয় স্থানপ্ৰাপ্ত তামুলপুৰৰ জামুগুৰিৰ সন্তান জিণ্টি কোছ ৰাভাক তামুলপুৰৰ জামুগুৰিত বিপুল ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

তামুলপুৰ জিলা ৰাভা ছাত্ৰ সন্থা আৰু জামুগুৰিৰ স্থানীয় ৰাইজৰ সহযোগত জি্ণ্টি কোছ ৰাভাক বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়৷

ৰঙা ঘৰৰ বন্দী হৈয়ো…

পোনপ্ৰথমেই মই আপোনালোকক অবগত কৰিব বিচাৰিছোঁ যে,কিবা অনৈতিক কাৰ্য,কলাপৰ জৰিয়তে আইনৰ উলঙ্ঘন কৰি ৰঙা ঘৰৰ আলহী হ’বলৈ যোৱাটো কোনো সন্মানিত হোৱাৰ বিষয়,বস্তু নহয়। ইয়াৰ ফলত নিজৰ আত্ম মৰ্যদাৰ আৰু ব্যক্তিগত চৰিত্ৰৰ ওপৰত এক নকাৰাত্মক প্ৰভাৱ পৰে নহয়নে? সেয়েহে পৰাপক্ষত আইন বিৰোধী কৰ্মৰ পৰা নিজকে সদায় দূৰত ৰাখি ৰঙা ঘৰৰ আলহী হোৱাৰ পৰা সদায় বঞ্চিত হোৱাটো উচিত। কিন্তু কিবা কাৰণ বসত নাইবা নিজৰ ভুল পদক্ষেপৰ জৰিয়তে যদি আইনৰ মতে দণ্ডনীয় হৈ ৰঙা ঘৰৰ আলহী হৈ পৰো ঠিক তেতিয়া ৰঙা ঘৰৰ বন্দী হৈয়ো আমি কিদৰে নিজৰ মনক মুক্ত কৰি তাৰ পৰবৰ্তী সময়ছোৱাত এক সাধাৰণ মানুহৰ দৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব পাৰোঁ সেই বিষয়ে মোৰ একেবাৰে সামান্যতম জীৱন অভিজ্ঞতাৰ পৰা সমান্য ৰূপত চিন্তা-চৰ্চা কৰাৰ প্ৰতি আত্মপ্ৰকাশ কৰিছোঁ ।

আচলতে আমি যিবোৰ মানুহক প্ৰত্যক্ষ ৰূপত হাতে-লুটে কিবা আইনী বিৰোধী কাৰ্যত ধৰা পেলাওঁ তেওঁলোকক আইনৰ জৰিয়তে দোষী সাব্যস্ত কৰি তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। কিন্তু ধৰিললো আপুনি যিবোৰ কাৰণ লৈ আইনী মতে দণ্ডনীয় বুলি আইনৰ জৰিয়তে ঘোষণা কৰিছে। হয়তো আপোনাতকৈ বহুতো ডাঙৰ ডাঙৰ অপৰাধ কৰি কিছুমান মানুহে মুক্ত আকাশৰ তলত নিৰ্ভিকতাৰ সৈতে জীৱন নিৰ্বাহ কৰি আহিছে। গতিকে আমাৰ সংবিধান গৃহীত হোৱা আইনী বা ন্যায়িক ব্যৱস্থা এশ শতাংশয়ে শুদ্ধ বুলি ক’ব নোৱাৰি। যদি শুদ্ধ বুলি দাবী কৰে তেন্তে শতকৰা এশ শতাংশ শুদ্ধ ভাবে দোষী মানুহবোৰক দোষী সাব্যস্ত কৰিবলৈ অসমৰ্থ কিয় ? আমি মানু্হৰ জীৱন প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ মানুহৰ জৰিয়তে কিছুমান সীমা-পৰিসীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। আৰু এই সীমাবোৰ অতিক্ৰম কৰি লগেই আমি আইনী ৰূপত দণ্ডনীয় হৈ পৰো। এতিয়া কথা হ’ল মই ইয়াতে আপোনালোকৰ আগত ন্যায়িক ব্যৱস্থাৰ বিৰোধিতা কৰি ভুল বাখ্যা প্ৰদান কৰিব বিচৰা নাই। অৰ্থাৎ মই উপৰোক্ত ভাগত উল্লেখ কৰা কথাবোৰৰ তাৎপৰ্য এইয়াই যে, পুঁজিবাদ আৰু ক্ষমতা সম্পন্ন ব্যক্তিবোৰৰ আগত আমাৰ ন্যায়িক ব্যৱস্থাসমূহ এক অৰ্থহীন আৰু মুল্যহীন হৈ পৰে নহয়নে ?

আমি সচৰাচৰ শুনিবলৈ বেয়া লাগিলেও এই কথাটো এশ শতাংশয়ে সচা যে, আমি প্ৰায় প্ৰতিজন মানুহে আইনী ৰূপত দণ্ডনীয় নহওঁ যদিওঁ আন্তৰিক ৰূপত বহুতো দণ্ডনীয় কামত লিপ্ত হৈ আহিছোঁ। গতিকে আইনী ৰূপত দণ্ডনীয় মানুহক ন্যায়ালয় , ন্যায়াধীশৰ জৰিয়তে ন্যায় প্ৰদানৰ ব্যৱস্থা আছে। কিন্তু আমি আন্তৰিক ৰূপত কৰা কু-কাৰ্য ,কু-কৰ্মৰো কোনোবা নহয় কোনোবা ন্যায় প্ৰদানৰ বাবে ন্যায়াধীশ অদৃশ্য ৰূপত বিৰাজমান হ’ব পাৰে এই কথাবোৰৰ প্ৰতি আমি কিয় সতৰ্কতা অবলম্ব নকৰোঁ।

গতিকে আপুনি যদি কিবা কাৰণ বসত আইনী মতে দোষী সাব্যস্ত হৈ ৰঙা ঘৰৰ আলহী ৰূপত বন্দী হ’বলগীয়া হয় তেন্তে একেবাৰে হীনমান্যাতাত ভুগি থাকিবলৈ দৰকাৰ নাই । কাৰণ প্ৰথমতে কলো আপোনাতকৈ বহুতো ডাঙৰ ডাঙৰ অপৰাধ সমূহ কৰি বহুতো মানুহে এতিয়াও মুক্ত আকাশৰ তলত এক সাধাৰণ জীৱন নিৰ্বাহ কৰি আহিছে। আনহাতে আপোনি কৰা অপৰাধ সমূহ মানুহৰ চকুত পৰি ন্যায়িক ৰূপত দণ্ডনীয় হৈ পৰিছে।

কিন্তু আপুনি সংগঠিত কৰা সেই এটা অপৰাধৰ বাহিৰে যদি আপুনি আন্তৰিক ৰূপত সচাকৈ গুণ সম্পন্ন ব্যক্তি তেন্তে ৰঙা ঘৰত বন্দী হোৱাটো আপোনাৰ সুন্দৰ জীৱনৰ এক অন্ত হোৱাটো কেতিয়াও নুবুজাই । বৰঞ্চ এয়া আপোনাৰ জীৱনৰ এক নতুন ৰূপত নতুন আৰম্ভণি। ইয়াৰ পৰবৰ্তী পৰ্যায়ত আপুনি কেনেকৈ জীৱন ব্যতীত কৰিবলৈ আগ্ৰহী এই সকলোবোৰ কথা নিৰ্ভৰ কৰে আপোনাৰ আত্মশক্তি আৰু আত্ম শুদ্ধতাৰ ওপৰত।

-চন্দ্ৰ শেখৰ পৰাজুলী

চামগুৰিৰ ভেলেউগুৰিৰ দুটি সন্তানৰ মাতৃ জটিল ৰোগত আক্ৰান্ত ! উন্নত চিকিৎসাৰ বাবে বহু লাখ টকাৰ প্ৰয়োজন…

চামগুৰিৰ ভেলেউগুৰিৰ দুটি সন্তানৰ মাতৃ জটিল ৰোগত আক্ৰান্ত।।
উন্নত চিকিৎসাৰ বাবে বহু লাখ টকাৰ প্ৰয়োজন ।।
আৰ্থিক সহায়ৰ বাবে ৰাইজ আৰু চৰকাৰক কাতৰ আনুৰোধ।।

নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ ভেলেউগুৰি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলা এক জটিল ৰোগত আক্ৰান্ত হৈ আজি দুমাহ ধৰি গুৱাহাটীত চিকিৎসা অৱস্থাত আছে যদিও বৰ্তমান আৰ্থিক অভাৱৰ ভাবে দিশহাৰা হৈ পৰিছে ৷ জানিব পৰা মতে ভেলেউগুৰি অঞ্চলৰ অতি দৰিদ্ৰ পৰিয়ালৰ তিলোত্তমা হাজৰিকা ভূঞা নামৰ মহিলা গৰাকীয়ে স্বামীৰ মৃত্যুৰ পিছত নিজৰ দুই সন্তানৰ সহ জীৱন নিৰ্বাহ কৰি আহিছিল ৷ উল্লেখ্য যে তিলোত্তমা হাজৰিকা ভূঞাৰ স্বামী দিলিপ ভূঞা ২০২১ চনৰ ২৯ মাৰ্চ তাৰিখে কলং নদীত গা ধুবলৈ গৈ পিছল খাই পৰি মৃত্যু হৈছিল ৷ তাৰ পিছৰ পৰাই তিলোত্তমা হাজৰিকা ভূঞাই কাম-বন কৰি দুটি সন্তানক পোহপাল দি আহিছিল যদিও আজি দুমাহ পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হয় ৷ বৰ্তমান গুৱাহাটী বি বৰুৱা কেঞ্চাৰ হাস্পতালৰ তত্বাবধানত চিকিৎসাধীন অৱস্থাত আছে যদিও অতি দৰিদ্ৰ পৰিয়ালটোৱে আৰ্থিক দুৰবস্থাৰ কাৰণে দিশহাৰা হৈ পৰিছে ৷

অতি দৰিদ্ৰ পৰিয়ালৰ এক মাত্ৰ উপাৰ্জনকাৰী তিলোত্তমা হাজৰিকা ভূঞা জটিল ৰোগত আক্ৰান্ত হোৱাত তেওঁৰ ১৫ বছৰীয়া কন্যা আৰু ১০ বছৰীয়া পুত্ৰই তেওঁলোকৰ মাতৃৰ চিকিৎসাৰ বাবে ৰাইজৰ পৰা সহায় বিচাৰিছে ৷ অতি দৰিদ্ৰ পৰিয়ালটোৱে সাচতীয়া পইছাৰ লগতে একাংশ স্থানীয় লোকৰ সহায়ত গুৱাহাটীত চিকিৎসা প্ৰদান কৰি আছে যদিও বৰ্তমান টকাৰ অভাব হোৱাত দিশহাৰা হৈ পৰিছে ৷ দিনহাজিৰা কৰি পৰিয়াল তথা দুটি সন্তানক পোহপাল দিয়া তিলোত্তমা হাজৰিকা ভূঞাক উন্নত চিকিৎসাৰ বাবে বৰ্তমান বহু লাখ টকাৰ প্ৰয়োজন ৷ এইক্ষেত্ৰত অতি দৰিদ্ৰ পৰিয়াল তথা দুই সন্তানে মাতৃক উন্নত চিকিৎসা কৰাবৰ বাবে সুহৃদবান লোকৰ পৰা সহায় বিচাৰিছে ৷

লগতে চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন আৰু বঢ়মপুৰ সমষ্টিৰ বিধায়ক জীতু গোস্বামীৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অতি দৰিদ্ৰ পৰিয়ালটোৰ কথা চিন্তা কৰি জটিল ৰোগত আক্ৰান্ত হোৱা তিলোত্তমা হাজৰিকা ভূঞাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ পৰিয়াল তথা দুই সন্তানে কাতৰ অনুৰোধ জনাইছে ৷ অসম চৰকাৰৰ লগতে কোনো সুহৃদবান লোকে যদি তিলোত্তমা হাজৰিকা ভূঞাৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক ভাবে সহায় কৰিলে lFSC SBlN 0002119 একাউণ্ট নম্বৰ 32823074118 আৰু বৰ্তমান চিকিৎসা অৱস্থাত থকা তিলোত্তমা হাজৰিকা ভূঞাৰ বিষয়ে জানিবলৈ হ’লেও 9678456838 ফোন নম্বৰটোত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

ৰেডিঅ’ জকীৰ পৰা বিধায়িকা হ’ল সুন্দৰী বেৰিল ভান্নেইছাংগী…

ৰেডিঅ’ জকীৰ পৰা বিধায়িকা হ’ল বেৰিল,

মিজোৰামৰ সুন্দৰী বিধায়িকাক লৈ তুমুল চৰ্চা,

বিধায়িকাগৰাকীৰ নাম বেৰিল ভান্নেইছাংগী

জেড পি এমৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হৈ এম এন এফৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে বেৰিল। আইজল ছাউথ-৩ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে বেৰিলে।

২০১৪ চনতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল যুৱতীগৰাকীয়ে। সুন্দৰী বেৰিলৰ মিজো আৰু ইংৰাজী ভাষাত আছে ভাল দখল ।বেৰিল ভান্নেইছাংগীয়ে পাব পাৰে মন্ত্ৰীপদ

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হ’ব সুদক্ষ প্ৰাক্তন IPS লালদুহোমা…

মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হ’ব সুদক্ষ প্ৰাক্তন IPS লালদুহোমা।

ছাৰ্শ্বিপ সমষ্টিৰ পৰা ZPMৰ প্ৰাৰ্থী হিচাপে জয়লাভ লালদুহোমাৰ।

চৰকাৰ গঠনৰ ক্ষেত্ৰত জনাদেশ লাভ কৰিলে লালদুহোমাই। বৰ্তমানৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাক পৰাস্ত কৰে লালদুহোমাই।

১৫ হাজাৰৰো অধিক আই – মাতৃ, বাপ – বান্ধবৰ উপস্থিতিত পশ্চিম গুৱাহাটীত বিশ্ব অভিলেখৰ দিহানামৰ কৰ্মশালা সম্পন্ন…

সদৌ অসম শংকৰ-মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ উদ্যোগত শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ গুৰুদুজনাৰ সৃষ্টি দিহানাম অসমৰ ৬০ হাজাৰ আই-মাতৃ আৰু দিহানামৰ শিল্পীয়ে একেলগে ‘আজি ৰাতি শিলা বৰশিলে নুশুনি প্ৰজাৰে মাত, পালি পহৰীয়া সবে নিদ্রা গৈলে উপজিলে জগন্নাথ’ এই দিহানামটি গাই বিশ্ব অভিলেখ সৃষ্টি কৰিব পশ্চিম গুৱাহাটীৰ আজাৰা থানা এলেকাৰ মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত। তাৰেই অংশস্বৰূপে অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে আজি প্রায় ৪-৫ মাহ আগৰ পৰাই কৰ্মশালাৰ জৰিয়তে আখৰা চলি আছে।

ইয়াৰ অংশ হিচাপে আজি ১৭ ডিচেম্বৰত বিশ্ব অভিলেখ সৃষ্টিৰ বাবে অনুষ্ঠিত হবলগীয়া মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ অন্তৰ্গত চৰপাবৰী পথাৰত গুৱাহাটী মহানগৰী আৰু দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা অহা ১৫ হাজাৰৰো অধিক আই-মাতৃ, বাপ-বান্ধৱৰ মাজত নির্বাচিত উক্ত দিহা নামটোৰ এক কর্মশালা অনুষ্ঠিত হয়। এগছি বন্তি প্ৰজ্বলনৰে দিহা নামৰ আখৰা উদ্ধোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰাযণ কলিতাই। এই উপলক্ষে কৰ্মশালাৰ দিহানাম সমিতিৰ গুৱাহাটী মহানগৰ জিলাৰ সম্পাদিকা সুচিত্রা কলিতাই আঁত ধৰা সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চমু ভাষণত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বিশ্ব অভিলেখৰ দিহা নামৰ অনুষ্ঠানটোৱে আশা কৰা ধৰণে গ্রিনীজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হব বুলি আশা প্ৰকাশ কৰে। সভাত ৰাণী আঞ্চলিক পঞ্চায়তৰ সভাপতি পৰমেশ্বৰ বৰ্মন, অগপৰ নেতাদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাণী খণ্ডৰ খণ্ড প্ৰকল্প প্ৰবন্ধক গুনজিৎ ঠাকুৰীয়া,

দিহানাম সমিতিৰ কেন্দ্ৰীয় সভাপতি গণেশ দাস, সম্পাদিকা প্রতিভা খনিকৰ, কোষাধ্যক্ষ ৰীমা বড়ো, কাৰ্যকৰী সদস্যা অলকামণি ৰায়, চৰপাবৰী পথাৰ দিহানাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক পৱিত্ৰ কটকী আদিৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সভাত কেন্দ্রীয় সমিতিৰ সভাপতি গণেশ দাসে আই-মাতৃ আৰু দিহানামৰ শিল্পীসকলক সেইদিনা কিদৰে নাম পৰিৱেশন কৰিব লাগে আৰু কি পোছাক পৰিধান কৰিব লাগিব ইত্যাদি সকলো দিশ সামৰি আই-মাতৃসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়। তেনেদৰে দুপৰীয়া বাৰ বজাৰ পৰা বিয়লি তিনি বজালৈ উপস্থিত ১৫ হাজাৰৰো আই – মাতৃ অাৰু শিল্পীসকলে দিহানামৰ আখৰা সম্পন্ন কৰে। এক কথাত কবলৈ হলে মাজতে বাৰ দিন বাকী থকা অৱস্থাত দিহানামৰ ধ্বনিৰে মুখৰিত হৈ পৰে মাজিৰগাঁৱ গাওঁ পঞ্চায়তৰ আকাশ – বতাহ।

মহানগৰীত কেতিয়া হ’ব লাভলিনা বৰগোহাঁই পথ…

অসমৰ প্ৰথম হিচাপে অলিম্পিকত পদক জিকি অহাৰ পিচত ২০২১ চনৰ ১২ আগষ্টত কলাক্ষেত্ৰত হোৱা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, ‘বক্সাৰ লাভলিনা বৰগোহাঁইৰ নামেৰে মহানগৰীত এটা পথ নামকৰণ কৰা হ’ব’ ।

লগতে মুখ্যমন্ত্ৰী শৰ্মাই খেলুৱৈগৰাকীক চৰকাৰৰ নীতি অনুসাৰে এক কোটী টকা প্ৰদানৰ উপৰি অসম পুলিচত ডি-এছ-পি পদমৰ্যাদাৰে নিযুক্তি দিয়াৰ কথাও ঘোষণা কৰিছিল।

পিচৰ দুটা ইতিমধ্যে বাস্তবায়িত হৈছে । পথ নামকৰণৰ কামটোহে হৈ উঠা নাই ।

ইংৰাজী নৱবৰ্ষৰ সময়তেই মুখ্যমন্ত্ৰীয়ে এই কাম কৰাৰ সম্ভাৱনা আছে।

২৯ ডিচেম্বৰ – ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’…

পুনৰ আহিল গ্ৰন্থমেলাৰ পৰিৱেশ!

২৯ ডিচেম্বৰ – ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব ‘অসম গ্ৰন্থমেলা’।

চানমাৰি খেলপথাৰত ১২ দিনীয়াকৈ অনুষ্ঠিত হ’ব গ্ৰন্থমেলা।

তৃতীয় মৰাণ গ্ৰন্থমেলাত মৰাণ কুইজ ফ’ৰামৰ পৰিচালনাৰে অসমভিত্তিত দুখনকৈ কুইজ প্ৰতিযোগিতা সম্পন্ন…

মৰাণ নাগৰিক সমাজৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত আয়োজিত তৃতীয় মৰাণ গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ইংৰাজী ৩ ডিচেম্বৰ তাৰিখে দুখনকৈ মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এখন দ্বাদশ শ্ৰেণীলৈকে মুকলি আন্তঃ বিদ্যালয় প্ৰাইজমণি কুইজ প্ৰতিযোগিতা আৰু আনখন সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা। আন্তঃবিদ্যালয় কুইজখনৰ মুখ্য পৃষ্ঠপোষকতা আগবঢ়াই আমেৰিকান ইণ্ডিয়া ফাউনডেশ্বনে।দ্বাদশ শ্ৰেণীলৈকে মুকলি কুইজ প্ৰতিযোগিতাখনত চেম্পিয়ন হয় ধেমাজিৰ শান্তনু চাংমাই আৰু ধৃষ্ণিময় তামুলী, দ্বিতীয় শ্ৰেষ্ঠ দল বকতা পাৰিজাত মধ্য ইংৰাজী বিদ্যালয়ৰ আই কিউ খাম ফুকন আৰু চেপন জাতীয় বিদ্যালয়ৰ জাগৰণ গগৈয়ে। তৃতীয় স্থান অধিকাৰ কৰে সোণাৰি জাতীয় বিদ্যালয়ৰ বৰ্ণিল গগৈ আৰু সৌৰনীল গগৈয়ে, চতুর্থ স্থানত মৰাণৰ বন্দিতা শৰ্মা আৰু প্ৰদ্যুত কলিতা, পঞ্চম স্থানত সোণাৰি জাতীয় বিদ্যালয়ৰ যুগজ্যোতি উৰাং আৰু শিৱমজ্যোতি উৰাং তথা ষষ্ঠ স্থানত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰান্তিক দত্ত আৰু অৰিন্দম গগৈয়ে। কুইজখন মৰাণ কুইজ ফ’ৰামৰ ৰাজ্জাক আলী, পল্লৱী বৰপাত্ৰ গোহাঁই, প্ৰীতম ভট্টাচার্য আৰু মানস ফুকনে পৰিচালনা কৰে।


আনহাতে অসমৰ বিভিন্ন প্ৰান্তৰ কুইজ প্ৰতিযোগীৰ অংশগ্রহণেৰে অসম ভিত্তিত মুকলি প্ৰাইজমণি কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়। ডাউন টাউন গুৰুকুল, মৰাণে মুখ্য পৃষ্ঠপোষকতা কৰা কুইজ প্ৰতিযোগিতাখনত গুৱাহাটী মেডিকেল কলেজ হস্পিটালৰ চয়ন মজুমদাৰ আৰু যোৰহাটৰ জ্যোতিস্মান গগৈয়ে চেম্পিয়ন হবলৈ সক্ষম হয়, দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে বিবেচিত হয় যোৰহাটৰ স্পন্দন প্ৰীয়ম আৰু বিক্ৰম বৰা, তৃতীয় শ্ৰেষ্ঠ দল অসম চিকিৎসা মহাবিদ্যালয়ৰ পাৰ্থ প্ৰতীম কাশ্যপ আৰু সত্য ৰঞ্জন বিশ্বাল। চতুর্থ স্থান অধিকাৰ কৰে মৰাণ আৰু শিৱসাগৰৰ যুটী ব্ৰনচন শৰ্মা আৰু নবনীতা ভূঞা, পঞ্চম স্থানত শিৱসাগৰ আৰু ঢকুৱাখনাৰ যুটী সাগৰ শৰ্মা আৰু বিজিত লাহন তথা ষষ্ঠ স্থান অধিকাৰ কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ কৌশিক ৰঞ্জন চেতিয়া আৰু পাৰঙ্গম শৰ্মাই। শ্ৰেষ্ঠ দৰ্শকৰ সন্মান লাভ কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বন্দিতা শৰ্মাই। কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে পাৰ্থ প্ৰতীম ফুকনে, সহযোগিতা আগবঢ়াই ৰাজ্জাক আলী, প্ৰীতম ভট্টাচার্য, পল্লৱী বৰপাত্ৰ গোহাঁই, মানস ফুকনে। সমগ্ৰ কুইজৰ অনুষ্ঠানটি আঁত ধৰে মৰাণ কুইজ ফ’ৰামৰ সভাপতি মাধুৰ্য পৱন দিহিঙ্গীয়াই। গ্ৰন্থমেলা আয়োজক সমিতি, দুয়োখন কুইজৰ মুখ্য পৃষ্ঠপোষক তথা উপস্থিত ৰাইজে দুয়োখন কুইজৰ অনুষ্ঠান সুন্দৰকৈ পৰিচালনা কৰাৰ বাবে মৰাণ কুইজ ফ’ৰামক প্ৰশংসাৰে উপচায় পেলায়।

তামিলনাডুৰ বহু চহৰ বানপানীৰ কবলত…

ঘূৰ্ণীবতাহৰ ধুমুহাই তামিলনাডুত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। তামিলনাডুত ঘূৰ্ণীবতাহ মিচাউঙে বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন পথ পানীৰ তলত ডুব যোৱাৰ লগতে, চেন্নাই বিমানবন্দৰৰ ৰাণৱেও পানীত বুৰ গৈছে। এই ঘূৰ্ণীবতাহৰ ধুমুহাই অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, পুডুচেৰীকে ধৰি বহু অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে।

বৰ্তমান চেন্নাইৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড বতাহ বলি থকাৰ লগতে প্ৰচণ্ড বৰষুণো হৈ আছে, যাৰ বাবে বহু বিমান সেৱাও ক্ষতিগ্ৰস্ত হৈছে।