Home Blog Page 1219

অৱশেষত মণিপুৰী পৰম্পৰাৰে বিয়াত বহিল বলীউডৰ অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰম

অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়াৰী লিন লাইশ্ৰমে দীৰ্ঘ দিনৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত বিবাহপাশত আবদ্ধ হ’ল।

মণিপুৰৰ ইম্ফলত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় এই যুটিয়ে। ২৮ নৱেম্বৰত তেওঁলোকৰ বিয়াৰ পূৰ্বৰ উৎসৱ অনুষ্ঠিত হৈছিল।

ৰনদীপ আৰু লিনে তেওঁলোকৰ বিশেষ দিনটোৰ বাবে পৰম্পৰাগত মণিপুৰী বিয়াৰ সাজ-পোছাক বাছি লয়।

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৰনদীপ আৰু লিনৰ সম্পূৰ্ণ বিবাহৰ ৰূপ চাবলৈ।

পৰিবেশ ৰক্ষাৰ বাবে নহয় ,পৰিবেশ ধ্বংসৰ বাবেহে গীনিজ অভিলেখ চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনঃ আপ

পৰিবেশ ৰক্ষাৰ বাবে নাইবা বনাঞ্চল বৃদ্ধিৰ বাবে নহয় ,কেৱল মাথোঁ গীনিজ ৰেকৰ্ড কৰাৰ বাবেহে আছিল চৰকাৰৰ ‘ অমৃত বৃক্ষ আন্দোলন ‘ – এই মন্তব্য আপ অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ। বুধবাৰে আম আদমি পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত চৰকাৰৰ ‘ অমৃত বৃক্ষ আন্দোলন ‘ ৰ প্ৰকৃত স্বৰূপ উদঙাই আপৰ উপ সভাপতি জিতুল ডেকাই কয় যে – বৃহৎ বৃক্ষৰোপন অভিযান পৰিবেশ আৰু বন বিভাগৰ উল্লেখনীয় সাফল্য বুলি প্ৰচাৰ চলাই আজি চৰকাৰে আনুষ্ঠানিক ভাবে ৯টা শাখাত বিশ্ব অভিলেখৰ প্ৰমাণ পত্ৰ গিনিজ কতৃপক্ষৰ পৰা গ্ৰহণ কৰা অনুষ্ঠান আয়োজন কৰিছে।

চৰকাৰে এই প্ৰমাণ পত্ৰ লব বিচৰা ৯ টা অভিলেখৰ অন্যতম এটা হল – যোৱা ১৫ ছেপ্তেম্বৰত ডিব্ৰুগড় বন সংমণ্ডলৰ অধীনত অভয়পুৰত এঘণ্টাত তিনি লাখ একত্ৰিশ হাজাৰ ন’শ উনত্ৰিশ টা গছপুলি ৰোপণ কৰি কৰা অভিলেখ। গছপুলি ৰোপণ কৰা দুমাহ উকলি যোৱাৰ পিছত চৰকাৰৰ এই অভিলেখ সন্দৰ্ভত আপ অসমৰ ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈ আৰু নাহৰকটিয়া সমষ্টি সমিতিৰ সম্পাদক সুব্ৰত ভূঞাৰ নেতৃত্বত এটি দলে সেই স্থান পৰিদৰ্শন কৰি যি তথ্য প্ৰদান কৰিলে সেয়া ছবিয়ে হতবাক কৰি তুলিব অসমৰ ৰাইজক।

সংবাদ মেলত আপ নেতা জিতুল ডেকাই চৰকাৰে ডিব্ৰুগড়ৰ অভয়পুৰত বৃক্ষৰোপন কৰা স্থানৰ বৰ্তমানৰ ছবি দাঙি দেখুৱাই কয় যে – সেই স্থানত ৰোপন কৰা ৯০ শতাংশ গছপুলিয়ে এতিয়া মৰি গৈছে। কেৱল শুকান গছপুলি আৰু বাঁহৰ কামিৰে ভৰি আছে অভিলেখ সৃষ্টি কৰা অঞ্চল।

এই কথাই প্ৰমাণ কৰিছে যে চৰকাৰৰ উদ্দেশ্য কেৱল গীনিজ ৰেকৰ্ড কৰা, পৰিবেশ ৰক্ষা কৰা নহয়। কাকতত বিজ্ঞাপন দি এনে অভিলেখৰ বাবে প্ৰমাণ পত্ৰ দিবলৈ লাজ পাব লাগে বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু চৰকাৰৰ বন বিভাগে। অমৃত বৃক্ষ আন্দোলনেৰে বিশ্ব অভিলেখ কৰা বুলি গৌৰৱ কৰা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যোৱা দুমাহৰ আগতে ৰোপন কৰা গছ পুলি সমূহ বৰ্তমান কি অৱস্থাত আছে বন বিভাগক সুধিছেনে? যিহেতু চৰকাৰক কেৱল গীনিজ ৰেকৰ্ড কৰা প্ৰমাণ পত্ৰ লাগে, সেয়ে লাখ লাখ গছপুলি ৰোপন কৰি গছপুলি সমূহ মাৰি পেলোৱা ৰেকৰ্ডৰ বাবেও গীনিজ কতৃপক্ষক আবেদন জনাব পাৰে।

তেতিয়া চৰকাৰৰ ৰেকৰ্ডৰ সংখ্যা আৰু এটা বৃদ্ধি হব। বন আৰু পৰিবেশ ৰক্ষাৰ নামত চৰকাৰৰ এনে আন্তৰিকতাহীন কাৰ্যক ধিক্কাৰ দিছে আপ , অসমে । সংবাদ মেলত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য আমিৰ হুছেইনও উপস্থিত থাকে।

মিচিং জাতীয় সংগঠনৰ যুৱ নেতা ৰমেন টায়েৰ অকাল বিয়োগত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য যুৱ নেতা তথা ব্যৱসায়ী ৰমেন টায়ে (৪৪) বুধবাৰে দিনৰ ১১.৪০ বজাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷

ডিমৌ সমীপৰ নিতাইপুখুৰী লাচনগাঁও নিবাসী ৰমেন টায়েক ২৭ নবেম্বৰত প্ৰেচাৰ ষ্টক হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে৷

বুধবাৰে তেওঁৰ অৱস্থা অধিক অৱনতি হোৱাত চিকিৎসাধীন অৱস্থাতে অকাল মৃত্যুক সাৱটি লয়৷ উল্লেখ্য যে মিচিং জাতীয় সংগঠন এমএমকে শিৱসাগৰ জিলাৰ কাৰ্যনিবাহক সদস্য হিচাপে কাৰ্যনিবাহ কৰা ৰমেন টায়ে অঞ্চলটোৰ সকলোৱে মাজত জনপ্ৰিয় আৰু অতি বিনয়ী আছিল৷

যুৱ নেতাগৰাকীৰ অকাল বিয়োগত এমএমকে শিৱসাগৰ জিলাৰ সভাপতি দীনেশ পাংগিং , দিহিংমুখ আঞ্চলিকৰ সভাপতি কমল টাইদ , সম্পাদক দেৱজিৎ টাই , টিএমপিকে দিহিংমুখ আঞ্চলিকৰ সভাপতি প্যাৰজ্যোতি টাৱ , দিহিংমুখ বাংকে আগম কৌবাঙৰ সভাপতি দণ্ডিনাথ মৰাং , সম্পাদক হৰেন দলে , টিএমএমকে দিহিংমুখ আঞ্চলিকৰ সভানেত্ৰী দীপাঞ্জলী বড়ীকে ধৰি দল-সংগঠন আৰু ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত মাতৃ , পত্নী , দুই পুত্ৰ-কন্যা , এজন ভ্ৰাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ যায়৷

কেন্দ্ৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত উত্তৰ পূৱ ভাৰতত ৰূপায়ন কৰা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে গুৱাহাটীত উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনত কেন্দ্ৰীয় চৰকাৰৰ বিভাগীয় আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা বৈঠকত বুধবাৰে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাও উপস্থিত থাকে। অসমৰ লগতে উত্তৰ পূৱ ভাৰতৰ আন কেইবাখনো ৰাজ্যৰ বিভাগীয় জ্যেষ্ঠ বিষয়াসকল আৰু কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ যুটীয়া সচিব তথা আন জ্যেষ্ঠ বিষয়া উপস্থিত থকা বৈঠকখনত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা কেন্দ্ৰীয় চৰকাৰৰ জনকল্যানমূলক আঁচনিসমূহৰ পৰ্যালোচনা কৰে।

অসমৰ হৈ বিভাগীয় বিষয়াই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক বিস্তৃত খতিয়ান আগবঢ়ায়। মন্ত্ৰী পীযুষ হাজৰীকাইও ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কামসমূহৰ বিষয়ে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীক অৱগত কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াই থকা অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা জলপানী লাভৰ ক্ষেত্ৰত National Scholarship Portal ৰ ব্যৱস্থা সৰলীকৃত কৰিবলৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীক মন্ত্ৰী হাজৰীকাই অনুৰোধ জনায়। তদুপৰি অনুসূচিত জাতিৰ বসতি প্ৰধান অঞ্চলত থকা প্ৰধানমন্ত্ৰীৰ আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত বৰ্তমাৰ ২০ লাখ টকাৰ পুঁজিৰ পৰিমাণ বৃদ্ধি কৰিবলৈও মন্ত্ৰী হাজৰীকাই অনুৰোধ জনায়।

আনহাতে মন্ত্ৰী হাজৰীকাই অনুসূচিত জাতি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ সংখ্যা অধিক থকা শৈক্ষিক প্ৰতিষ্ঠানত ছাত্ৰাবাস/ ছাত্ৰীবাস নিৰ্মাণৰ বাবে পুঁজি আবণ্টন দিবলৈ অনুৰোধ জনোৱাত সহাৰি জনাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে তাৎক্ষণিকভাৱে প্ৰস্তাৱ সাজু কৰি কেন্দ্ৰ চৰকাৰলৈ পঠাবলৈ আহ্বান জনায়।

এই বৈঠকতে মন্ত্ৰী পীযুষ হাজৰীকাই কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীক অসম চৰকাৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত নিজা উদ্যোগত গ্ৰহণ কৰি থকা আদৰ্শ অংগনবাদী কেন্দ্ৰ, মিনি ষ্টেডিয়াম নিৰ্মাণ আদি জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে।

পৰ্যালোচনা বৈঠকত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও তেওঁলোকৰ ৰাজ্যসমূহত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে খতিয়ান দাঙি ধৰে।

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা…

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত গুৱাহাটীত অষ্টম ই-নৰ্থ ইষ্ট এৱাৰ্ড ২০২৩ অনুষ্ঠিত হয় । ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনী মূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ কৰি আহিছে

২০১৫ চনত আৰম্ভ হোৱাৰ পৰাই ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই অসমৰ নাৰীক উন্নীতকৰণৰ এক অভিযানত নামি আহিছে, আৰু ইয়াৰ প্ৰকল্প শাশাক্ত মহিলা (ShashaktMahila ) আৰু শাশাক্তবালিকা(ShashaktBalika)ই এই লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

অসম ডন বস্ক’বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ এপ্লিকেচন বিভাগৰ সহযোগী অধ্যাপক ড° জিপ্সী নন্দীৰ নেতৃত্বত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট এৱাৰ্ড বিজয়ী হিচাপে স্বীকৃতিয়ে সীমাবদ্ধতা ঠেলি দি ইতিবাচক পৰিৱৰ্তনৰ নতুন পথ অন্বেষণ কৰি যাবলৈ প্ৰেৰণা হিচাপে কাম কৰে বুলি জানিব দিয়ে।

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান…

তামুলপুৰত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীক আনন্দৰাম বঁটা প্ৰদান।

তামুলপুৰ আঞ্চলিক দূৰ্গা মন্দিৰ সভাগৃহত আজি অসম চৰকাৰৰ মেধাৱী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উত্তৰণৰ বাবে আনন্দৰাম বঁটা প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰে।

আজিৰ এই বঁটা প্ৰদান কাৰ্যসূচীত ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত তামুলপুৰ জিলাৰ ৩৫৮ গৰাকী ছাত্ৰ ছাত্ৰীক ১৫ হাজাৰ টকাৰ আনুষ্ঠানিক ভাবে চেক সমূহ প্ৰদান কৰা হয়।‌

চেক বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে বি টি আৰৰ কাৰ্যবাহী সদস্য নিলুুত স্বৰ্গীয়াৰী উপস্থিত থকাৰ লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, অতিৰিক্ত আয়ুক্ত কোকিলা গগৈ, ৰুনাভ ৰামচিয়াৰীৰ সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে

মাজ আকাশত স্বামী-স্ত্ৰীৰ কাজিয়া, বেংককৰ বিমান দিল্লীত অৱতৰণ কৰিবলৈ বাধ্য হ’ল চালক!

গন্তব্যস্থান আছিল বেংকক। কিন্তু পাইলটজনে বিমানখন মাজ বাটত অৱতৰণ কৰিবলৈ বাধ্য হয়। পটভূমিত এহাল দম্পতী। আকাশৰ মাজত ইমানেই যুঁজিবলৈ ধৰিলে যে পাইলটৰ হাতত জৰুৰীকালীন অৱতৰণ কৰাৰ বাহিৰে আন উপায় নাছিল। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এজন লোকক নমাই দিয়াৰ পিছত বিমানখনে গন্তব্যস্থানলৈ ৰাওনা হয়।

বেংককলৈ যোৱা বিমানত আছিল এজন জাৰ্মান মানুহ আৰু তেওঁৰ পত্নী। মহিলাগৰাকী অৱশ্যে জাৰ্মান নাগৰিক নহয়। তেওঁ থাইলেণ্ডৰ বাসিন্দা। দুয়োজনে বিমানখনত কিবা এটা কথাত গুণগুণাই আছিল। লাহে লাহে পৰিস্থিতি উত্তপ্ত হৈ পৰিল। স্বামীৰ আচৰণত আতংকিত হৈ মহিলাগৰাকীয়ে এয়াৰমেন আৰু পাইলটৰ সহায় বিচাৰে। বিমান পৰিচাৰিকাসকলে দম্পতীহালক চম্ভালিবলৈ যথেষ্ট কষ্ট কৰিছিল।

এনে পৰিস্থিতিত পাইলটজনে দিল্লীৰ ওপৰেৰে উৰা মাৰি বিমানবন্দৰ কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰে। যাত্ৰীসকলৰ আচৰণৰ বাবে বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

প্ৰথমে বিমানখন পাকিস্তানৰ এটা বিমানবন্দৰত অৱতৰণ কৰিব বিচাৰিছিল পাইলটে। কিন্তু পাক বিমানবন্দৰৰ পৰা অনুমতি নাপালে। ইয়াৰ পিছতে চালকজন দিল্লী বিমানবন্দৰৰ কাষ চাপিল। দিল্লী পোৱাৰ লগে লগে ব্যক্তিজনক বলপূৰ্বকভাৱে বিমানৰ পৰা আঁতৰাই দিয়া হয়। তেওঁক বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে।

অভিযুক্তই নিজৰ আচৰণৰ বাবে নিৰাপত্তাৰক্ষীৰ ওচৰত ক্ষমা বিচাৰিলে। জাৰ্মান দূতাবাসৰ সৈতে তেওঁৰ আলোচনা চলি আছে। তেওঁক জাৰ্মানীলৈ প্ৰেৰণ কৰা হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

ৰাজ পথত মৃতদেহ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী !উত্তপ্ত মায়ঙৰ ঝাৰগাওঁ বজাৰ…

যোৱা কালি আবেলি মায়ঙৰ ঝাৰগাওঁ বজাৰত সংগঠিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা।কেই গৰাকী উদ্বণ্ড যুৱকৰ প্ৰহাৰত মৃত্যু হৈছিল সূৰ্য্য লাল দাস নামৰ এজন দোকানীৰ।

তাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলত বিৰাজ কৰিছিল এক চেপা উত্তেজনাৰ। আৰু আজি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কৰি অনাৰ পিছত মৃতদেহ লৈ ঝাৰগাওঁ বজাৰত ৰাইজে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী লোৱা দেখা যায়।

ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে ঘটনাত জড়িত দুজন লোকক আটক কৰিছে যদিওঁ আটকাধীন লোক কেইজনক উচিত শাস্তি দিবলৈ অনুৰোধ কৰিছে স্হানীয় ৰাইজে ৷

আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য…

‘আলফা (স্বাঃ)ৰ সদস্যই আত্মসমৰ্পণ কৰা কথাত মই বেছি গুৰুত্ব নিদিও।

মই বিচাৰো পৰেশ বৰুৱা সোনকালে আমাৰ মাজলৈ আহক’।

আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ…

মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ 

জৱকাৰ্ডৰ ধন আবণ্টনত বিয়াগোম দুৰ্নীতিঃ পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ হিতাধিকাৰীৰ।

ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনত থকা মুক্তিয়াৰ গাওঁ পঞ্চায়ত পিএমএৱাই গৃহৰ হিতাধিকাৰীৰ ধন আবন্টৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে পঞ্চায়তখনৰ একাংশ হিতাধিকাৰী সকলে। সিহতীয়াকৈ অসম চৰকাৰে ৰাজ্যৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰিছে যদিও মাজত হেঙাৰ হৈ পৰিছে পঞ্চায়ত খনৰ একাংশ লোভীয়া কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধি সকল। হিতাধিকাৰী সকলে অনা অভিযোগ অনুসৰি মুক্তিয়াৰ গাওঁ পঞ্চায়তৰ ১ নং ভৈৰৱপুৰ, ২ নং ভৈৰৱপুৰ, খেৰবাৰী বাঙালী, দক্ষিণ ভৈৰৱপুৰ, কদমতলা, মানিকপুৰ, বালিকুৰ, বোকাবিল, আৰ্নেচাপৰি, মুক্তিয়াৰ বিভিন্ন অঞ্চলৰ পৰা অহা হিতাধিকাৰী সকলৰ পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন মুঠ ২১৭০০ টকা একাউণ্টত ভৰাবলৈ পঞ্চায়ত কৰ্মীক দিব লাগে ২০০ শ ৰ পৰা ৫০০ শ টকা লৈকে উৎকোচ।

উৎকোচ নিদিলে দৰিদ্ৰ হিতাধিকাৰীৰ বেংক একাউণ্টত নোমায় পিএমএৱাই-জি গৃহৰ জবকাৰ্ডৰ ধন। পিএমএৱাই গৃহ প্ৰদানতো পঞ্চায়ত খনৰ একাংশ ৱাৰ্ড সদস্য ই হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ আছে বহুত। উল্লেখ্য যে এই সমূগ্ৰ ধনৰ অংশ পঞ্চায়তখনৰ সভাপতি-সচিবৰ পকেটত যায়। যাৰ বাবে ৰাইজে পঞ্চায়ত খনৰ সচিব গৰাকীক অভিযোগ দিলেও কেৱল ৰসাল মন্তব্য দি নিজৰ দায়িত্ব সামৰে। ইফালে দুখন পঞ্চায়তৰ সচিবৰ দায়িত্বত থকা সচিব গৰাকীক পঞ্চায়ত খনত ৰূপায়িত উন্নয়ন মুলক কামৰ তথ্য বিচাৰি আৰ টি আই  তথ্য যোগানত বিৰত থাকে তেওঁ তাৰ পৰিবৰ্তে আৰ টি আই কৰ্মীক ধন দি মেনেজ কৰাৰ চেষ্টা চলাই ।

দুৰ্নীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ থকা ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত চিলাপথাৰৰ মুক্তিয়াৰ গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ ধন আবন্টনত বিয়াগোম দুৰ্নীতি ৰ আশ্ৰয় লোৱা ঘোচখোৰ জনপ্ৰতিনিধিৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিবলৈ দাবী জনাইছে হিতাধিকাৰীৰ লগতে স্হানীয় দল সংগঠনৰ কৰ্মীয়ে ।

শম্ভু দাস চিলাপথাৰ

ধেমাজি