Home Blog Page 1224

চৰকাৰী অনুষ্ঠানত বাদ পৰিল সুস্বাদু খাদ্য, চাহ বিস্কুট পানীৰে অতিথিক অপ্যায়নৰ নিৰ্দেশ…

এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠানত দেখা পোৱা নাযাব সুস্বাদু বিৰিয়ানী, মাংস পোলাও। ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা এক নিৰ্দেশ মৰ্মে চৰকাৰী অনুষ্ঠানত নিমন্ত্ৰিত অতিথিক খোৱা পানী, চাহ আৰু বিস্কুটেৰে অধ্যায়ন কৰিব লাগিব। উল্লেখ্য যে ইতিপূৰ্বে চৰকাৰী অনুষ্ঠানত বিভিন্ন জুতিলগা খাদ্যৰ পয়োভৰ হোৱাৰ সমান্তৰালকৈ লোকচানো কৰিছিল।

ইয়াৰ বাবদ চৰকাৰী ধনৰো যথেষ্ট অপব্যয় হৈছিল। শেহতীয়াকৈ চৰকাৰে ব্যয় সংকোচনৰ বাবে এলানী নীতি নিৰ্দেশনা জাৰি কৰাৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ চৰকাৰী অতিথিশালাত এনিশা কটাই নিজেই নিজৰ ব্যয় বহন কৰিছিল। শেহতীয়াকৈ সাধাৰণ প্ৰশাসন বিভাগে চৰকাৰী ব্যয় সংকুচিত কৰাৰ উদ্দেশ্যে নিমন্ত্ৰিত অতিথিক চাহ বিস্কুটেৰেই অপ্যায়ন কৰিবলৈ নিৰ্দেশ দিয়া বুলি চৰ্চা লাভ কৰিছে।

প্ৰথম দিনাই ‘এনিমেল’ৰ উপাৰ্জন কোটি টকা, পাথান-গদৰক পিছ পেলাব নেকি…

ৰণবীৰ কাপুৰ আৰু ৰশ্মিকা মাণ্ডন্নাই অভিনীত ছবি এনিমেলে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। খবৰ অনুসৰি ছবিখনে সকলো ভাষাতে ঘৰুৱা বক্স অফিচত ৬৩ কোটিতকৈ অধিক টকাৰ ব্যৱসায় কৰিছে। সন্দীপ ৰেড্ডা ভাংগাই পৰিচালনা কৰা ছবি এনিমেল ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে। ৰণবীৰ কাপুৰৰ অভিনয়ক চৌদিশে প্ৰশংসা কৰিছে। সমালোচক আৰু দৰ্শকৰ পৰা যথেষ্ট মৰম পোৱাৰ পিছত এতিয়া প্ৰথম দিনা ছবিখনৰ উপাৰ্জনকাৰী সংখ্যা ওলাইছে। প্ৰথম দিনাই ঘৰুৱা বক্স অফিচত সকলো ভাষাতে ৬৩ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে এনিমলে।


এনিমেলৰ বাবে সকলো ফালৰ পৰা প্ৰশংসা লাভ কৰিছে ৰণবীৰ কাপুৰে। ৰণবীৰৰ বাহিৰেও একচনেৰে ভৰা ছবিখনত ববি দেউলৰো আছে অভিনয়। ৰণবীৰ আৰু ববীৰ উপৰিও এনিমেল ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰশ্মিকা মণ্ডন্না, অনিল কাপুৰ আৰু ত্ৰুপতি ডিমৰীয়ে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০-এদিনীয়া খেলত নেখেলে বিৰাট আৰু ৰোহিতে…

বিৰাট কোহলী অভিলেখঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাত খেলিব নোৱাৰিব। ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভাৰতীয় ক্ৰিকেট দল দক্ষিণ আফ্ৰিকা ভ্ৰমণলৈ যাব। ইয়াত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব এদিনীয়া, টি-২০ আৰু টেষ্ট শৃংখলা। বিৰাট কোহলীক টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এদিনীয়া আৰু টি-২০ শৃংখলাৰ অংশ নহয়। এই দুয়োটা ফৰ্মেটৰ পৰা বিৰতি লৈছে কোহলী আৰু ৰোহিত শৰ্মাই। এইবাৰ কোহলীয়ে হয়তো টি-২০ শৃংখলাত খেলিব নোৱাৰিব, কিন্তু তেওঁৰ এটা অভিলেখ আছে যিটো কোনো বেটছমেনৰ বাবে ভংগ কৰাটো সহজ নহ’ব।

কোহলী হৈছে টিম ইণ্ডিয়াৰ হৈ যিকোনো টুৰ্ণামেণ্ট বা টি-২০ ফৰ্মেটৰ ছিৰিজত সৰ্বাধিক ২০০ ৰান সংগ্ৰহ কৰা খেলুৱৈ। কোহলী আৰু আন খেলুৱৈৰ মাজত যথেষ্ট পাৰ্থক্য আছে। কোহলীয়ে এই কৃতিত্ব ৫ বাৰ কৰিছে। আনহাতে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা, কে এল ৰাহুল, সুৰেশ ৰাইনা, সূৰ্য্যকুমাৰ যাদৱ আৰু ঋতুৰাজ গাইকৱাদে মাত্ৰ এবাৰকৈহে এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ৰাজস্থানৰ পিছত তামিলনাডুঃ ২০ লাখ টকাৰ উৎকোচ লৈ ধৰা পৰিল ইডিৰ বিষয়া

ৰাজস্থানৰ পিছত তামিলনাডু।দেশৰ বিভিন্ন প্ৰান্ত এনফোৰ্চটমেণ্ট সঞ্চালকালয়ে (ইডি) অভিযান চলাই বহু লোকক গ্ৰেপ্তাৰ কৰিছে। দুৰ্নীতিৰ বিৰুদ্ধে সক্ৰিয় সংস্থাটোতেই পিছে আছে বহু দুৰ্নীতিগ্ৰস্ত বিষয়া। কিছুদিন পূৰ্বে ৰাজস্থানত তেনে এগৰাকী ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ একে ঘটনাই ঘটিছে তামিলনাডুত। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোটৰ মাদুৰাই শাখাই শেহতীয়াকৈ ডিণ্ডিগুল-মাদুৰাই ঘাইপথত ইডি বিষয়া অংকিত তিৱাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ইডিৰ জ্যেষ্ঠ বিষয়াজনে ২০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰিছে। ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী গোচটৰ মাদুৰাই শাখাই ইডিৰ বিষয়াজনক ধৰিবলৈ জাল পেলাইছিল।

অংকিত তিৱাৰীয়ে পূৰ্বে গুজৰাট আৰু মধ্য প্ৰদেশত কাৰ্যনিৰ্বাহ কৰিছিল। তিৱাৰীক উৎকোচ দিয়া ব্যক্তিজনে ভিজিলেন্স বিষয়াসকলক এই বিষয়ে সতৰ্ক কৰাৰ পিছতে ভিজিলেন্সে বিষয়া জনক হাতেলোটে ধৰিবলৈ পৰিকল্পনা কৰে। উল্লেখ্য ইডিয়ে তামিলনাডুৰ বহু মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া একাংশৰ বিৰুদ্ধে সক্ৰিয়ভাৱে গোচৰৰ তদন্ত কৰি আছে।এনে সময়তে ইডিৰ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ কথাই আলোড়ণৰ সৃষ্টি কৰিছে।

যদি আপোনাৰ শৰীৰত এই সমূহ সমস্যা আছে তেন্তে ভুলতেও নাখাব গাখীৰ…

গাখীৰত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ই শৰীৰত সকলো ধৰণৰ পুষ্টিকৰ উপাদান প্ৰদান কৰে যাৰ বাবে গুৰুতৰ ৰোগৰ আশংকা থাকে। গাখীৰ খালে শৰীৰৰ বহুতো ভয়াৱহ ৰোগ নিৰাময় হয়। গাখীৰত থকা মেগনেছিয়াম আৰু কেলচিয়ামে হাড় শক্তিশালী কৰাৰ কাম কৰে। গাখীৰ খোৱাৰ ফলত হাড় আৰু দাঁত অতি শক্তিশালী হৈ উঠে। স্বাস্থ্য বিশেষজ্ঞৰ মতে শিশুসকলক দৈনিক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়া হৈছে। পেশীবোৰ মজবুত কৰি ৰাখিবলৈ দৈনিক গাখীৰ খোৱাটো অতি প্ৰয়োজনীয়-

যদি কোনো ব্যক্তি শৰীৰ ফুলা ৰোগত ভুগি আছে তেন্তে গাখীৰ খোৱা উচিত নহয় কাৰণ ইয়াৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।


যিসকল লোকৰ যকৃতৰ সমস্যা আছে বা চৰ্বিযুক্ত যকৃত বা ফুলি উঠা লোকে গাখীৰ খোৱা বা খোৱা বিৰত থাকিব লাগে।


পিচিঅ’এছ আৰু হৰম’নৰ ভাৰসাম্যহীনতা থকা লোকে গাখীৰ খোৱা উচিত নহয়। অত্যধিক গাখীৰ খালে শৰীৰত এণ্ড্ৰজেন আৰু ইনচুলিনৰ মাত্ৰা বৃদ্ধি পায়। পিচিঅ’এছ ৰোগত আক্ৰান্ত মহিলাসকলে দুগ্ধজাত সামগ্ৰী খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াত ইনচুলিন আৰু হৰম’নৰ মাত্ৰা বৃদ্ধি পায়।


শৰীৰত এলাৰ্জীত ভুগি থকা লোকসকলে গাখীৰ খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ গাখীৰত লেক্ট’জ অসহিষ্ণুতা থাকে আৰু ই আপোনাৰ এলাৰ্জী বৃদ্ধি কৰিব পাৰে।

জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে সংঘবদ্ধ যুঁজৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ…

গাজাত যুদ্ধৰ মাজতে ডুবাইত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ গণৰাজ্যত অনুষ্ঠিত হোৱা ২৮ সংখ্যক জলবায়ু সন্মিলনত কাৰ্বন নিৰ্গমনৰ বিৰুদ্ধে যুঁজিবলৈ এক ‘সৰ্বগ্ৰহণযোগ্য , সক্ৰিয় আৰু ইতিবাচক পদক্ষেপ’ৰ বাবে আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ নেতাসকলক কাৰ্বন হ্ৰাসৰ উদ্যোগটোত যোগদান কৰিবলৈ আৰু সেউজ ভৱিষ্যতৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু ন্যায়, জলবায়ু বিত্ত আৰু সেউজ ঋণৰ দৰে বিষয়কে ধৰি ভাৰতে আৰম্ভ কৰা পদক্ষেপসমূহৰ প্ৰতি বিশ্বৰ নেতাসকলৰ নিৰন্তৰ সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। “আজি এই মঞ্চৰ জৰিয়তে মই আন এক গ্ৰহ-পন্থী, সক্ৰিয় আৰু ইতিবাচক পদক্ষেপক আমন্ত্ৰণ জনাইছো, যিহৈছে গ্ৰীণ ক্ৰেডিট ইনিশিয়েটিভ। এইটো সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে কাৰ্বন ক্ৰেডিটৰ বাণিজ্যিক মানসিকতাৰ বাহিৰত কাৰ্বন চিংক সৃষ্টি কৰাৰ এক অভিযান। মই আশা কৰোঁ যে আপোনালোক সকলোৱে সঁচাকৈয়ে এই প্ৰচেষ্টাত যোগদান কৰিব,” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

গাজা জ্বলিয়েই আছে। যুদ্ধবিৰতিৰ সমাপ্তিৰ পিছত ইজৰাইল আৰু হামাছে পুনৰ যুঁজত লিপ্ত হৈছে। গাজাত যুদ্ধ চলি থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰজ’গক সাক্ষাৎ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত চিঅ’পি ২৮ বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাইত ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সৈতে এক বৈঠকত মিলিত হয়। আলোচনাকালত মোদীয়ে ইজৰাইল-পেলেষ্টাইনী সংঘাতৰ এক স্থায়ী আৰু দীৰ্ঘম্যাদী সমাধানৰ বাবে আহ্বান জনায় । দুয়োগৰাকী নেতাই গাজা ষ্ট্ৰিপত ইজৰাইলী সেনাৰ অভিযান আৰু হামাছৰ সংহাৰৰ বিষয়ে আলোচনা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭ অক্টোবৰৰ সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে। একে সময়তে তেওঁ হামাছৰ দ্বাৰা বন্দী কৰি ৰখা বন্দীসকলৰ মুক্তিকো আদৰণি জনায়। উল্লেখ্য ৭ অক্টোবৰত হামাছে ইজৰাইলক লক্ষ্য কৰি প্ৰায় পাঁচ হাজাৰ ৰকেট নিক্ষেপ কৰিছিল। ইয়াৰ পিছতে ইজৰাইলৰ সেনাই গাজা ষ্ট্ৰিপত হামাছক উৎখাত কৰাৰ বাবে অভিযান আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে কৈছে যে মধ্যপ্ৰাচ্যৰ এই ভয়ংকৰ যুদ্ধত ভাৰত ইহুদী দেশখনৰ সৈতে আছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৰ পৰা ফোন পোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে পুনৰ এই কথা দোহাৰে। কেইদিনমান আগতে মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিৰ সৈতেও টেলিফোনত বাৰ্তালাপ কৰিছিল। দুয়োখন দেশৰ ৰাষ্ট্ৰপ্ৰধান দুগৰাকীয়ে ইজৰাইল আৰু হামাছৰ মাজত হোৱা ৰক্তক্ষয়ী যুদ্ধৰ বিষয়ে আলোচনা কৰিছিল। ৰাইচিৰ সৈতে হোৱা বৈঠকত মোদীয়ে সন্ত্ৰাসবাদ, হিংসা আৰু যুদ্ধত নিৰীহ লোকৰ মৃত্যুৰ বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে, প্ৰধানমন্ত্ৰীয়ে ইজৰাইল-পেলেষ্টাইন সন্দৰ্ভত ভাৰতৰ দীৰ্ঘম্যাদী স্থিতিৰ কথাও দোহাৰিছিল।

উল্লেখ্য স্বাধীন পেলেষ্টাইনৰ সপক্ষে ভাৰতৰ স্থিতি দীৰ্ঘদিন ধৰি একে আছে। অৱশ্যে, হামাছ বনাম ইজৰাইল যুদ্ধৰ মাজতে ইহুদী দেশখনৰ প্ৰতি ভাৰতৰ সমৰ্থনক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। সংঘৰ্ষৰ মাজতে ভাৰে এখন স্বাধীন পেলেষ্টাইনী ৰাষ্ট্ৰ গঠনৰ কিয় পক্ষপাতী সেই কথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত একাধিকবাৰ ব্যাখ্যা কৰিছে। যোৱা মাহত ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে কৈছিল “আমি বিচাৰো যে পেলেষ্টাইন এখন স্বাধীন আৰু সাৰ্বভৌম ৰাষ্ট্ৰ হওক।’

ৰাজস্থানত হেৰাল ই ভি এম ! নিলম্বিত নিৰ্বাচনী বিষয়া…

ৰাজস্থানত হেৰাল ই ভি এম ! নিলম্বিত নিৰ্বাচনী বিষয়া। ৰাজস্থানত মূৰ দাঙি উঠিছে ই ভি এম বিতৰ্কই। ভোটগ্ৰহণৰ পিছতে ভোটিং মেচিন গণনা কেন্দ্ৰৰ পৰা নাইকিয়া হোৱাৰ অভিযোগ উঠিছে। এনে অভিযোগৰ পিছতে নিৰ্বাচন আয়োগে সংশ্লিষ্ট নিৰ্বাচনী বিষয়াজনক নিলম্বন কৰিছে। ৰাজস্থানৰ ১৯৯ খন আসনৰ বাবে ২৫ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। পিছদিনা, ২৬ নৱেম্বৰত, এটা ইভিএম নোহোৱা হৈ পৰে। ইভিএমটো জিলা নিৰ্বাচন বিষয়া পংকজ জাখৰৰ গাড়ীত থোৱা হৈছিল। ইভিএম নিৰুদ্দেশ হোৱাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰা হৈছিল। আৰক্ষীয়ে অনুসন্ধান কৰিছিল যদিও ইভিএমটো উদ্ধাৰ কৰিব পৰা নাছিল। নিৰ্বাচন আয়োগে অৱশ্যে স্পষ্ট কৰি দিছে যে হেৰুওৱা ই ভি এম নিৰ্বাচনী কামৰ বাবে ব্যৱহাৰ কৰা হোৱা নাছিল।

ভোটদানৰ বাবে ব্যৱহৃত ই ভি এমবোৰ সুৰক্ষিত হৈ আছে। এই ই ভি এমবোৰৰ নিৰাপত্তাও শক্তিশালী কৰা হৈছে। নিৰ্বাচনী বিষয়াৰ জিম্মাৰ পৰা ই ভি এম হেৰুওৱাৰ কথা প্ৰমাণ হোৱাৰ পিছত তেওঁকো নিলম্বিত কৰা হৈছে। অৱশ্যে কংগ্ৰেছে সন্দেহ কৰিছে যে ই ভি এম নিৰুদ্দেশ হোৱাৰ আঁৰত ষড়যন্ত্ৰ থাকিব পাৰে। লক্ষণীয় যে বিভিন্ন এক্সিট প’লে ২০০ আসনৰ ৰাজস্থান বিধানসভাত এক কঠিন যুঁজৰ ইংগিত দিছে।

মিজোৰামৰ ভোট গণনাৰ দিন ৩ ডিচেম্বৰৰ সলনি ৪ ডিচেম্বৰলৈ…

মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন সলনি কৰা হৈছে। পূৰ্বে ৩ ডিচেম্বৰত ৰাজ্য খনত ভোটগণনা হোৱাৰ কথা আছিল যদিও এতিয়া ৪ ডিচেম্বৰতহে ভোটগণনা কৰা হ’ব। ভাৰতৰ নিৰ্বাচন আয়োগে মিজোৰাম বিধানসভা নিৰ্বাচনত ভোট গণনাৰ তাৰিখ সংশোধন ককৰাৰ কথা ঘোষণা কৰিছে। মিজোৰাম এনজিঅ’ সমন্বয় সমিতিয়ে (এনজিঅচিচি) কৰা প্ৰতিবাদৰ পিছতে ভোট গণনাৰ তাৰিখ সংশোধনৰ সিদ্ধান্ত লোৱা হয়।

সংঘঠনটোৱে ৩ ডিচেম্বৰত দেওবাৰ হোৱা বাবে ভোটগণনাৰ বিৰোধিতা কৰিছিল। কিয়নো দেওবাৰৰ দিনটো মিজোৰামৰ সংখ্যগৰিষ্ঠ খ্ৰীষ্টানলোকসকলৰ বাবে এক বিশেষ দিন। সেই দিনটোতে খ্ৰীষ্টানলোকসকলে গীৰ্জালৈ গৈ প্ৰাৰ্থনা কৰে। সেয়ে সংগঠনটোৱে ভোটগণনাৰ দিন পিছুৱাবলৈ আহ্বান জনাইছিল।

স্বয়ম্ভূ বাবা নিত্যানন্দৰ কৈলাশৰ সৈতে চুক্তি স্বাক্ষৰ কৰি শাস্তিৰ সন্মুখীন পাৰাগুৱেৰ বিষয়া…

পলাতক বাবা নিত্যানন্দই নিজাকৈ এখন ৰাষ্ট্ৰ গঠন কৰাৰ কথা ঘোষণা কৰি আহিছে। তেওঁৰ দেশ খনৰ নাম কৈলাশ। কৈলাশৰ সৈতে পাৰাগুৱেৰ এজন বিষয়াই চুক্তি স্বাক্ষৰ কৰাৰ পিছতে বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতীয় বাবা জনে এখন কাল্পনিক ৰাজ্য গঠন কৰি নানা ধৰণৰ প্ৰচাৰ চলাই আহিছে। বাবাৰ ফান্দত পৰিয়েই পাৰাগুৱেৰ বিষয়াগৰাকীয়ে তেওঁৰ সৈতে বুজা-বুজিৰ চুক্তি কৰিছিল। দক্ষিণ আমেৰিকাৰ দেশখনৰ কেইবাজনো স্থানীয় বিষয়াক প্ৰতাৰণা কৰা পলাতক ভাৰতীয় গুৰুজনৰ কাল্পনিক দেশৰ প্ৰতিনিধিৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা বাতৰি প্ৰকাশ পোৱাৰ পিছতে পাৰাগুৱেৰ চৰকাৰী বিষয়াজনক নিলম্বিত কৰা হৈছে।
উল্লেখ্য এই বছৰৰ আৰম্ভণিতে ভাৰতীয় বাবাজনৰ প্ৰতিনিধিয়ে জেনেভাত ৰাষ্ট্ৰসংঘৰ সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ স্থানীয় নেতাসকলৰ সৈতে চুক্তিস্বাক্ষৰ কৰিছিল।

বুধবাৰে পাৰাগুৱেৰ কৃষি মন্ত্ৰালয়ৰ বিষয়া আৰ্নাল্ডো চামোৰোক কাল্পনিক কৈলাশৰ সৈতে চুক্তি কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। অন্যান্য বিষয়ৰ উপৰিও, ১৬ অক্টোবৰৰ ‘ঘোষণা’ত পাৰাগুৱে চৰকাৰে কৈলাচা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কূটনৈতিক সম্পৰ্ক স্থাপনৰ বিষয়ে বিবেচনা, অন্বেষণ আৰু সক্ৰিয়ভাৱে বিচাৰিবলৈ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংগঠনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৈলাচাক এক সাৰ্বভৌম আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকাৰ কৰাত সমৰ্থন কৰাৰ বাবে এক ‘আন্তৰিক ইচ্ছা আৰু পৰামৰ্শ’ প্ৰকাশ কৰিছিল। আনবোৰৰ ভিতৰত, ৰাষ্ট্ৰসংঘ’। কাল্পনিক দেশৰ প্ৰতিনিধিসকলে চামোৰো আৰু কৃষি মন্ত্ৰী কাৰ্লোছ গিমেনেজৰ সৈতে সাক্ষাৎ কৰিছিল, চামোৰোৱে এক ৰেডিঅ’ সাক্ষাৎকাৰত কৈছিল। সাক্ষাৎকাৰৰ সময়ত, চামোৰোৱে চিনাক্ত কৰিছিল যে তেওঁ নাজানে যে কৈলাচা ক’ত আছে আৰু কৈছিল যে তেওঁ ‘বুজাবুজিৰ চুক্তি’ হিচাপে চিহ্নিত কৰা বিষয়টোত স্বাক্ষৰ কৰিছিল কিয়নো তেওঁলোকে পাৰাগুৱেক জলসিঞ্চনকে ধৰি বিভিন্ন বিষয়ত সহায় কৰাৰ প্ৰস্তাৱ দিছিল।

কৈলাছাৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰা ফটোবোৰত কাল্পনিক দেশৰ প্ৰতিনিধিসকলে María এণ্টোনিয়া আৰু কেৰ্পি পৌৰসভাৰ স্থানীয় নেতাসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়া একাউণ্টে এই প্ৰতিটো স্বাক্ষৰ উদযাপন কৰিছিল। কৈলাছাৰ ৱেবছাইটত, কাল্পনিক দেশখনক ‘প্ৰাচীন আলোকিত হিন্দু সভ্যতাৰাষ্ট্ৰৰ পুনৰুজ্জীৱিতকৰণ’ বুলি বৰ্ণনা কৰা হৈছে যাক সমগ্ৰ বিশ্বৰ পৰা স্থানচ্যুত হিন্দুসকলে পুনৰুজ্জীৱিত কৰি আছে’। ইয়াৰ নেতৃত্ব দিছে এজন স্বঘোষিত গুৰু নিত্যানন্দ, যাক যৌন নিৰ্যাতনকে ধৰি কেইবাটাও অভিযোগত ভাৰতত বিচৰা হৈছে। তেওঁৰ অৱস্থান অজ্ঞাত।

দেশৰ প্ৰায় ১৭ লাখ এইচআইভিত আক্ৰান্ত লোকৰ মাজৰে ৯৫%ই লাভ কৰিছে বিনামূলীয়া চিকিৎসা…

গুৱাহাটী ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত বিশ্ব এইডছ দিৱস। দেশৰ প্ৰায় ১৭ লাখ এইচআইভিত আক্ৰান্ত লোকৰ মাজৰে ৯৫%ই বিনামূলীয়া চিকিৎসা লাভ কৰিছে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰফেচৰ এছ. পি. সিং বাঘেলৰ লগতে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠান উদ্বোধন কৰে। এই অনুষ্ঠানত সমগ্ৰ ৰাজ্যসমূহৰ ১,৫০০ ৰোধিক এইচআইভিত আক্ৰান্ত লোক (PLHIV), এনজিঅ’, চিএছঅ’, উন্নয়ন অংশীদাৰ আৰু যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰে। লগতে এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, এনএচিঅ’ৰ সঞ্চালক শ্ৰীমতী নিধি কেছাৰৱানী; আইএএছ, ইউএনএইডছৰ কান্ট্ৰি সঞ্চালক শ্ৰী ডেভিদ ব্ৰীজাৰকে প্ৰমুখ্য কৰি এনএচিঅ’ৰ সকলো উপ-সঞ্চালক প্ৰধান।

বিশ্ব এইডছ দিৱস, ২০২৩ৰ বিষয়বস্তু ‘সমাজে লওক নেতৃত্ব’ (Let Communities Lead)ৰে সংগতি ৰাখি প্ৰফেচৰ বাঘেলে ইয়াৰ প্ৰভাৱ আৰু আন-আন পদক্ষেপৰাজিক বিশিষ্ট কাৰিকৰী আৰু বৈজ্ঞানিক পদ্ধতিৰে মূল্যায়নৰ বাবে প্ৰমাণ সৃষ্টিৰ ক্ষেত্ৰত কাৰ্য্যসূচীৰ নিৰৱচ্ছিন্নতা আৰু নিৰন্তৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপ কৰে। ভাৰত চৰকাৰে নিৰাপদ আচৰণক প্ৰোৎসাহন, সমাজ-ভিত্তিক পৰীক্ষণক প্ৰোৎসাহন, আয়-সৃষ্টিৰ সুযোগ আৰু আত্মীয়ক সামাজিক সুৰক্ষা আঁচনিৰে সংযুক্তকৰণৰ বাবে চিন্তা-চৰ্চা আৰু সেৱা প্ৰদান, সজাগতা সৃষ্টি আৰু পৰামৰ্শ প্ৰদানৰ ক্ষেত্ৰত সমাজসমূহক নিয়োজিত কৰিছে। আজি প্ৰকাশিত “এইচআইভি প্ৰাক্কলন, ২০২২ আৰু সংকলক প্ৰতিবেদন ভাৰতত এই ব্যাধিৰ বোজা অনুমানৰ ক্ষেত্ৰত এক পদক্ষেপ; যি সঠিক, সামঞ্জস্যপূৰ্ণ আৰু অৰ্থপূৰ্ণ স্বাস্থ্য নীতি আৰু কাৰ্য্যক্ৰমৰ ক্ষেত্ৰত সহায়ক হ’ব”, তেওঁ লগতে কয়। মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে সাধাৰণ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু ঘৃণাৰ ভাৱ আৰু বৈষম্য হ্ৰাসৰ বাবে এনএচিঅ’ আৰু এছএচিএছে নতুন যুগৰ যোগাযোগ কৌশল অভিযোজনাত সন্তোষ প্ৰকাশ কৰে।

সাধাৰণ দৰ্শকৰ বোধগম্য হোৱাকৈ এইচআইভি আৰু এছটিআই বিষয়বস্তু সন্দৰ্ভত তিনি ৰাজ্য যথাঃ ছত্তীশগড়, নাগালেণ্ড আৰু অসমৰ প্ৰতিনিধিসকলে সাংস্কৃতিক আৰু সংগীতানুষ্ঠান পৰিবেশন কৰে। অনুষ্ঠানথলীত কাৰ্য্যসূচীগত সাফল্য আৰু শেহতীয়া মধ্যবৰ্তিতাৰাজি প্ৰদৰ্শনমূলক কেইবাখনো ষ্টল স্থাপন কৰা হয়। দুগৰাকী বক্তাই এনএচিপিৰ অধীনত সেৱাসমূহে তেওঁলোকক কেনেদৰে উপকৃত কৰি আহিছে, সেই সম্পৰ্কে তেওঁলোকৰ অভিজ্ঞতাও ব্যক্ত কৰে।