এক সূত্ৰ মতে, এই বদলি সম্পূৰ্ণৰূপে নগদ ধনেৰে কৰা হ’ব । ইয়াৰ বাবে মুম্বাই ইণ্ডিয়ানছ দলে একালৰ চেম্পিয়ন গুজৰাট টাইটানছক ১৫ কোটি টকা দিব । যদিহে এই চুক্তি সফল হয়, তেন্তে ই সম্ভৱতঃ আই পি এলৰ ইতিহাসত আটাইতকৈ ডাঙৰ ‘প্লেয়াৰ ট্ৰেডিং’ হ’ব ।
অৱশ্যে দুয়োটা ফ্ৰেঞ্চাইজিয়ে এই সন্দৰ্ভত এতিয়াও কোনো ৰাজহুৱা বিবৃতি প্ৰকাশ কৰা নাই । আই পি এল ২০২৩ ৰ নিলামৰ পিছত মুম্বাই ইণ্ডিয়ানছৰ হাতত মাত্ৰ ০.০৫ কোটি টকাহে বাকী আছিল । অনাগত নিলামৰ বাবে অতিৰিক্ত ৫ কোটি টকা লাভ কৰিব ফ্ৰেঞ্চাইজিয়ে । অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছে হয়তো হাৰ্দিক পাণ্ডিয়াক দলত অন্তৰ্ভুক্ত কৰিবলৈ কিছুমান খেলুৱৈক এৰি দিব পাৰে । খেলুৱৈ পঞ্জীয়নৰ অন্তিম সময় ২৬ নবেম্বৰৰ সন্ধিয়া ৪ বজালৈ।
লোকেল ইউনাইটেড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্বন চমুকৈ লুড’ৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজ্যিক ভিত্তিত শনিবাৰৰ পৰা আৰম্ভ হৈছে লুড’ কাপ ফুটবল প্ৰতিযোগিতা ৷
প্ৰতিযোগিতাখনৰ আজিৰ এখন খেলত গোগামুখ স্পৰ্ট একাডেমীয়ে ডিব্ৰুগড়ৰ শক্তিশালী ফুটবল দল চাবুৱা এফ চিক ১-০ গ’লৰ ব্যৱধানত পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছে ৷
আক্ৰমণ -প্ৰত্যাক্ৰমণেৰে পূৰ্ণ খেলখনত গোগামুখ স্পৰ্ট একাডেমীৰ হৈ নিৰ্ভৰযোগ্য লেফ্ট উইংগাৰ নৱজ্যোতি টাৱে একমাত্ৰ গ’লটো দিবলৈ সক্ষম হয় ৷
খেলখন পৰিচালনা কৰে কৰে লাকীৰঞ্জন বৰুৱাই ৷ তেওঁক লাইনত সহায় কৰে বিদ্যুত বিকাশ মিলি, মনোৰঞ্জন বৰগোঁহায়ে ৷ চতুৰ্থ পৰিচালক হিচাপে থাকে আব্দুল মজিদে ৷ মেছ কমিছনাৰ হিচাপে থাকে মনোজ পেগুৱে ৷